Rupaliparda.com
সফল যদিও অনুতপ্তৰ কাহিনীৰে নৱপ্ৰজন্মৰ প্ৰচেষ্টা 'Remorse'- 1

সফল যদিও অনুতপ্তৰ কাহিনীৰে নৱপ্ৰজন্মৰ প্ৰচেষ্টা ‘Remorse’-

আমি কেতিয়াবা কিছুমান কথা এনেই কৈ পেলাওঁ। হয়টো, প্ৰসংগক্ৰমে মুখৰ পৰা হঠাৎ ওলাই যায় সেইখিনি কথা। শুনিবলৈ সাধাৰণ যদিও সেই কথাখিনিয়ে যে কেতিয়াবা কাষৰজনৰ মন বেয়া কৰিব পাৰে, সেয়া আমি ভাবি নাচাওঁ অথবা অনুভৱ নকৰোঁ। জীৱনত প্ৰতিটো বস্তু ঘূৰাই আনিবলৈ পাৰিলেওঁ হেনো সেই সময়কণ আৰু সময়কণত কোৱা কথাষাৰ ঘূৰাই আনিব পৰা নাযায়। যেতিয়ালৈ আমি এই কথাবোৰ অনুভৱ কৰিবলৈ লওঁ তেতিয়ালৈ বহু দেৰি হোৱাৰ লগতে আপোনজন ক্ৰমশঃ আঁতৰি গুচি যায় আমাৰ ওচৰৰ পৰা। মাত্ৰ তেতিয়ালৈ আমাৰ হাতত ৰৈ যায় অনুশোচনা। এইখিনি কথাকেই এখন চুটি ছবিৰ জৰিয়তে ৰাইজৰ মাজলৈ উলিয়াই আনিছে এখন চুটি ছবি ‘Remorse’ য়ে। মনোৰঞ্জন ক্ষেত্ৰখনত এই চুটি ছবিসমূহে শেহতীয়াকৈ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। প্ৰায় প্ৰত্যেকটো ধৰণৰ ঘটনা-পৰিঘটনাক কেন্দ্ৰ কৰি বৰ্তমান ইখনৰ পিছত সিখনকৈ চুটি ছবি মুক্তি লাভৰ লগতে সমাদৃত হৈছে দৰ্শক সমাজত। সদ্যমুক্তিপ্ৰাপ্ত উক্ত চুটি ছবিখনত এগৰাকী নৱপ্ৰজন্মৰ এজন যুৱকৰ পুৰণি তথা এতিয়াৰ সময়ৰ দুখন পৃথক ছবিক উপস্থাপনৰ চেষ্টা কৰা হৈছে, য’ত যুৱকগৰাকী সাম্প্ৰতিক সময়ছোৱাত যদিও সফল তথাপিও তেওঁ নিজৰ পুৰণি কথাসমূহক লৈ অনুতপ্ত।


The Filmy Jokers আৰু NJD films Production ৰ বেনাৰত নিৰ্মিত এই চুটি ছবিখনৰ কাহিনী, পৰিচালনা আৰু সম্পাদনা নিহাৰ জে দাসৰ লগতে ইয়াত অভিনয় কৰিছে জুবিন দাস, ৰজলিন ভাৰতী, দানৱিৰ ভৌমিক আৰু গুণজিৎ বড়োই। সুজাতা দাসৰ প্ৰযোজনাৰে নিৰ্মিত চুটি ছবিখনৰ দৃশ্যগ্ৰহণৰ দায়িত্বত আছে ৰিয়ান দ্বীপেন নাথ। চুটি ছবিখনৰ চাউণ্ড ডিজাইন অলকেশ শইকীয়াৰ। একাংশ নৱপ্ৰজন্মৰ প্ৰয়াসেৰে নিৰ্মিত এই চুটি ছবিখনৰ জি এফ এক্স প্ৰিয়াংশু মালিকৰ। সমগ্ৰ চুটি ছবিখন নিৰ্মাণৰ সৈতে ব্যস্ত উক্ত নৱপ্ৰজন্মৰ কলা-কুশলী সকলে তেওঁলোকৰ নিজ নিজ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰি আহিছে। তেওঁলোকৰ প্ৰচেষ্টাত মুগ্ধ হৈছে দৰ্শকো, চুটি ছবিখনৰ মুক্তিৰ পিছত ছবিখনক দিয়া ইতিবাচক কমেণ্ট সমূহেই হৈছে ইয়াৰ উদাহৰণ। অৱশ্যে, এনে ধনাত্মক কমেণ্টসমূহে প্ৰতিভাসম্পন্ন প্ৰত্যেককে আগবাঢ়ি যাবলৈও উদ্গনি যোগাব। বৰ্তমান নৱপ্ৰজন্মৰ দ্বাৰা প্ৰস্তুত হোৱা একাংশ প্ৰকল্পত জনসাধাৰণে যিটো হাৰত সঁহাৰি আগবঢ়োৱা পৰিলক্ষিত হৈছে তাতেই ধৰিব পৰা যায় যে এই ক্ষেত্ৰখনত নৱপ্ৰজন্মই কেনেধৰণে নিজ প্ৰতিভাৰ বীজ সিঁচিবলৈ সক্ষম হৈছে। সুন্দৰ বিষয়বস্তুৰ লগতে সমসাময়িক প্ৰেক্ষাপটৰ এখন বাস্তৱ প্ৰতিচ্ছবিক জনসাধাৰণৰ মাজলৈ উলিয়াই অনাত সফল কাম হৈছে এওঁলোক।

সফল যদিও অনুতপ্তৰ কাহিনীৰে নৱপ্ৰজন্মৰ প্ৰচেষ্টা 'Remorse'- 2


চুটি ছবিখনৰ সৈতে জড়িত প্ৰতিগৰাকী অভিনেতাৰ লগতে জড়িত প্ৰতিজন কলা-কুশলীক আমাৰ এই পেজ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform