Rupaliparda.com
ব্যতিক্ৰমী প্ৰচাৰ পৰিকল্পনাৰে নিৰ্মিত এখন অসমীয়া ছবি 'লখিমী'- 1

ব্যতিক্ৰমী প্ৰচাৰ পৰিকল্পনাৰে নিৰ্মিত এখন অসমীয়া ছবি ‘লখিমী’-

বিগত বিভিন্ন বিভীষিকা, মহামাৰীৰ পৰা অকণমান ইতিবাচক দিশলৈ ফালৰি কাটি এখন অসমীয়া ছবি মুক্তিৰ বাবে সাজু হৈ উঠিছে। বিভিন্ন আপডেটে শেহতীয়াকৈ ছবিখনক লৈ অপেক্ষাৰত কৰি ৰাখিছে দৰ্শক সকলকো। বিশ্বজিৎ বৰাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ নাম আপোনালোকক হয়টো পুনৰ এবাৰ নতুনকৈ কৈ দিয়াৰ প্ৰয়োজন নাই। ‘লখিমী’ নামে এই ছবিখন চলিত মাহৰ ২৪ তাৰিখে লাভ কৰিব মুক্তি, আপোনালোক নিজেও হয়টো অৱগত যে এখন ছবিয়ে মুক্তিৰ পূৰ্বে প্ৰচাৰৰ বাবে বিভিন্ন পৰিকল্পনা হাতত লয়। প্ৰচাৰ সমূহ যিমানেই ব্যতিক্ৰমী আৰু নতুন হ’ব, সিমানেই ছবিখনক লৈ আকৰ্ষিত হৈ পৰিব ৰাইজ। কিন্তু সঁচাকৈ এইবাৰ ব্যতিক্ৰম ‘লখিমী’ ৰ, মুক্তিৰ পিছতে ইয়াৰ সৈতে জড়িত প্ৰযোজক আৰু পৰিচালক গোষ্ঠীয়ে ছবিখন উপভোগৰ বাবে দৰ্শক সমাজক কেন্দ্ৰ কৰি এক সুন্দৰ পন্থা হাতত লৈছে। তেওঁলোকে তিনিদিনীয়া কাৰ্যসূচীৰে সোণাপুৰস্থিত Wild Paradise Resort ত ছবিখন দৰ্শকক উপভোগ কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰাকৃতিক পৰিৱেশ, খাদ্য আৰু এখন সুন্দৰ অসমীয়া ছবি উপভোগৰ মাদকতা সঁচাকৈ উল্লেখনীয়। ২৪, ২৫ আৰু ২৬ ছেপ্তেম্বৰ তাৰিখে উক্ত ছবিখন প্ৰদৰ্শন কৰোৱা হ’ব দৰ্শকৰ আগত। উল্লেখ্য যে, এখন অসমীয়া ছবিৰ ক্ষেত্ৰত এনেধৰণৰ প্ৰচেষ্টা এয়াই প্ৰথম। গতিকে, আপোনালোকেও এনেধৰণৰ পৰিৱেশৰ মাজত থাকি যদি ছবি খন উপভোগ কৰিবলৈ বিচাৰিছে তেতিয়াহ’লে নিজ নিজ ঠাইসমূহ সংৰক্ষণৰ বাবে আগতীয়াকৈ যোগাযোগ কৰক 970600 1650, 700278 3577 অথবা 99542 00157 নম্বৰত।

ব্যতিক্ৰমী প্ৰচাৰ পৰিকল্পনাৰে নিৰ্মিত এখন অসমীয়া ছবি 'লখিমী'- 2


আনহাতে, ‘লখিমী’ ৰ কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত শীৰ্ষ গীতটিয়ে লাভ কৰিছে জনসাধাৰণৰ সঁহাৰি। গীতটিত কণ্ঠদান কৰিছে নৱাগতা তথা নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিভাসম্পন্ন কণ্ঠশিল্পী ৰশ্মি ৰেখা দেৱীয়ে, লগতে ইয়াত সংগীত কৰিছে নয়ন জ্যোতি বৰ্মণে। গীতটিৰ কথা মনজিৎ তালুকদাৰৰ, গীতটিৰ ভিডিঅ’ সংস্কৰণটিত ছবিখনৰ কিছু আভাষ দিয়াৰ চেষ্টা কৰা হৈছে। এখন সমাজত নাৰীৰ ভূমিকা আৰু সক্ৰিয়তাক কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখনৰ ট্ৰেইলাৰটিৰ দ্বাৰাই আপোনালোকে ছবিখনৰ কাহিনীভাগৰ গ্ৰহণযোগ্যতা অনুভৱ কৰিবলৈ সক্ষম হ’ব। প্ৰতিখন ছবিৰ মাজেৰে এক নতুন বিষয়বস্তু ৰাইজৰ মাজলৈ আনিবলৈ বিচৰা পৰিচালক বিশ্বজিৎ বৰাৰ এই ‘লখিমী’ ছবিখনক লৈ উৎসাহী তেওঁৰ সমূহ অনুৰাগী। ডিজিটেল প্লেটফৰ্ম Moviesaints.com ত মুক্তিপাবলগীয়া এই ছবিখনত মুখ্য ভূমিকা ৰূপায়ণ কৰিছে অসম জীয়ৰী আৰু বৰ্তমান মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিবাসী অভিনেত্ৰী লভা হাজৰিকা চিৰলাই। অৰুণ হাজৰিকা, ৰাজীৱ ক্ৰ, পৃথ্বীৰাজ ৰাভা, অৰুণ বৰা, বিনোদলাল দাস, দীনেশ গগৈ, জ্যোতিৰূপা বৰা, অজয় ভৰালী, প্ৰবীণ দাস, ৰাগিনী বৰাকে আদি কৰি কেইবাগৰাকীও ন-পূৰণি অভিনেতা-অভিনেত্ৰীৰ সমাৱেশ ঘটিছে এই ছবিখনত। প্ৰযোজনাৰ দায়িত্বত মহেশ চিৰলাৰ। দীৰ্ঘদিনৰ বিৰতিৰ অন্তত এখন অসমীয়া ছবি। য’ত আছে প্ৰেম, আৱেগ, অভিমান, অভিযোগ, ক্ৰোধ আৰু বিশেষকৈ ৰাজনৈতিক প্ৰেক্ষাপটৰ এখন বাস্তৱ ছবি।


‘লখিমী’ ৰ সৈতে জড়িত প্ৰত্যেকেই নিজ চচিয়েল মিডিয়াৰ জৰিয়তে ৰাইজলৈ ছবিখনৰ একোটা বাৰ্তা প্ৰেৰণৰ চেষ্টা অব্যাহত ৰাখিছে, যি সঁচাকৈ প্ৰশ্ৰংসনীয়। ৰূপালীপৰ্দাৰ তৰফৰ পৰা প্ৰত্যেককে জনাইছোঁ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform