Rupaliparda.com
জুবিন গাৰ্গ-জুবলীৰ যুগলবন্দীৰে 'তন মিডিয়া' ত মুক্তি 'মিলনৰ মুৰুলী' 1

জুবিন গাৰ্গ-জুবলীৰ যুগলবন্দীৰে ‘তন মিডিয়া’ ত মুক্তি ‘মিলনৰ মুৰুলী’

বহু অপেক্ষাৰ অন্তত মুক্তি লাভ কৰিলে ‘মিলনৰ মুৰুলী’ শীৰ্ষক নতুন আধুনিক গীতটি। যিটো গীতে বিগত দীৰ্ঘদিন ধৰি অপেক্ষাৰত কৰি ৰাখিছিল সকলো সংগীত প্ৰেমী শ্ৰোতাক, সেই গীতটিয়ে শেহতীয়াকৈ মুক্তি লাভ কৰিছে। আমাৰ পৰিয়ালৰ প্ৰতিজন সদস্যই যেতিয়া এক সুন্দৰ সু-সম্পৰ্ক বৰ্তাই ৰাখোঁ তেতিয়া আমি প্ৰত্যেকেই ইজনে সিজনৰ সৈতে ইমান গভীৰ ভাৱে জড়িত হৈ থাকোঁ যে ইয়াক হয়টো ভাষাৰে আমি বুজাব নোৱাৰিম। কিন্তু সদস্য সকলৰ মাজতেই যেতিয়া কোনো এগৰাকী নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত হৈ সৰ্বস্ব হেৰুৱাবলগীয়া হয়, সেই সময়তে এই আটাইবোৰ নেতিবাচক পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হয় পৰিয়ালৰ প্ৰতিগৰাকী সদস্য। ভিডিঅ’সহ মুক্তিপ্ৰাপ্ত ‘মিলনৰ মুৰুলী’ শীৰ্ষক গীতটিত এনে এক কাহিনীকেই উপস্থাপন কৰা হৈছে, ভিডিঅ’ পৰিচালক টিৰাপ সীমান্ত মেধিৰ প্ৰতিভাৰ এক সুন্দৰ স্বৰূপ দৰ্শকেও এই গীতটিৰ জৰিয়তে উপভোগ কৰিবলৈ পাইছে বুলি আমি একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব। হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱাৰ দ্বৈত কণ্ঠৰে নিৰ্মিত এই গীতটিত পুনৰ এবাৰ উক্ত যুগলবন্দীক আকৌ এবাৰ শুনিবলৈ সুবিধা লাভ কৰি অনুৰাগীসকল উৎকণ্ঠিত হোৱা পৰিলক্ষিত হৈছে।


নৱপ্ৰজন্মৰ প্ৰতিভাসম্পন্ন প্ৰায় কেইবাগৰাকীও যুৱক-যুৱতীয়ে গীতটিক সফলতাৰ উৰ্দ্ধগামী দিশত অধিষ্ঠিত কৰিছে। জীৱনৰ পাৰ্থিৱ বস্তুসমূহৰ পৰা আঁতৰি অথবা ব্যৱসায়িক যিটো মানসিকতা সেই আটাইবোৰৰ উৰ্দ্ধতো শেহতীয়াকৈ সংগীতক্ষেত্ৰখনত গীতৰ নিৰ্মাণ হৈছে। যিবোৰ গীতৰ যদিও ভিউৱাৰচৰ সংখ্যা কম তথাপিও গীতসমূহৰ অন্তৰ্নিহিত ভাৱধাৰা সমূহ উল্লেখনীয় তথা ল লেখত ল’বলগীয়া। সদ্যমুক্তিপ্ৰাপ্ত ‘মিলনৰ মুৰুলী’ শীৰ্ষক গীতটিত কথা ডানিশৰ আৰু গীতটিক সুন্দৰকৈ নিজ সুৰ তথা সংগীতেৰে সঁজাইছে দৰ্শনে। গীতটিৰ কাহিনীভাগক সুন্দৰকৈ উপস্থাপন কৰিছে ইয়াত অভিনীত প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰীয়ে। মধুস্মিতা দিহিঙীয়া, গুঞ্জন ভৰদ্বাজ, দীপজ্যোতি কলিতাৰ লগতে ইয়াত অভিনয় কৰিছে পাঞ্চী প্ৰিয়া আৰু শিশু অভিনেত্ৰী আমাইৰা ৱাহলাঙে। ‘তন মিডিয়া’ ৰ বেনাৰত নিৰ্মিত এই গীতটিৰ পিছতেই জনসাধাৰণ আৰু অধিক উৎসাহিত হৈ ৰৈছে তেওঁলোকৰ বেনাৰত নিৰ্মাণৰ বাব ৰৈ থকা আন গীতসমূহৰ বাবেও। আমি কেতিয়াবা সংগীতৰ ক্ষেত্ৰখনক লৈ বৰ আঁকোৰগোজ হৈ পৰো। নহয়নে? ব্যক্তিগত ভাৱে ভালপোৱা এটা গীতক আমি শুবলৈ যাওঁতে, খাওঁতে অথবা অতি ব্যস্ততাৰ সময়তো শুনিবলৈ বিচাৰো; যি গীতে আমাৰ মনত প্ৰশান্তি সানে সি হয় পৰে আপোনতকৈও যেন আপোন।

জুবিন গাৰ্গ-জুবলীৰ যুগলবন্দীৰে 'তন মিডিয়া' ত মুক্তি 'মিলনৰ মুৰুলী' 2


‘মিলনৰ মুৰুলী’ শীৰ্ষক এই নতুন গীতটিৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ অনাগত দিনৰ সফলতা কামনা কৰিছে ৰূপালীপৰ্দাই। সকলোকে জনাইছোঁ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform