Rupaliparda.com
প্ৰাপ্তি-অপ্ৰাপ্তিৰ কাহিনীৰে আচুৰ্য্য বৰপাত্ৰৰ 'বৰষুণ'- 1

প্ৰাপ্তি-অপ্ৰাপ্তিৰ কাহিনীৰে আচুৰ্য্য বৰপাত্ৰৰ ‘বৰষুণ’-

বৰষুণ জাকেও যে কিমান কথা কয় আমাক, ভাললগা তথা এজাক আৱেগপূৰ্ণ বৰষুণৰ সৈতে আমাৰ থাকে বহু আশা তথা প্ৰত্যাশা। বৰষুণ জাকৰ সৈতে মিলন ঘটে একাংশৰ, একাংশৰ আকৌ এই বৰষুণ জাকৰ সৈতেই সাম কাটে সম্পৰ্কৰ। মুঠতে, বহুতৰ জীৱনৰ বহু ঘটনা-পৰিঘটনাৰ সাক্ষী হৈছে এই বৰষুণজাক। ছিপ ছিপ কৈ অহা মায়াবী বৰষুণজাকক লৈ আৰম্ভ হোৱা বহু কাহিনীৰ মাজৰ এক কাহিনীক প্ৰতিফলিত কৰিছে আচুৰ্য্য বৰপাত্ৰই তেওঁৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত গীত ‘বৰষুণ’ ৰ মাজেৰে। সদ্যমুক্তিপ্ৰাপ্ত এই গীতটি বহুদিনীয়া পৰিকল্পনাৰ অন্তত মুক্তি লাভ কৰাত অপেক্ষাৰত বহুজন অনুৰাগী উৎসাহিত হৈ পৰাও পৰিলক্ষিত হৈছে। গীতটিত কণ্ঠদান কৰাৰ লগতে ইয়াত কথা আৰু সুৰৰ দায়িত্বত আছে আচুৰ্য্য বৰপাত্ৰ নিজেই। সংগীত প্ৰযোজনা প্ৰণয় দত্তৰ, শব্দ-সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে। আনহাতে, গীতটিৰ অডিঅ’টোৰ সৈতে ভিডিঅ’টোত উপস্থাপিত কাহিনীভাগ সমিল বাবেই গীতটিয়ে বহুল অংকৰ অনুৰাগীক চুবলৈ সক্ষম হৈছে। ভিডিঅ’ পৰিচালকৰ দায়িত্বত আছে সুব্ৰত কাকতি লগতে দৃশ্যগ্ৰহণ কৰিছে জ্ঞান গৌতমে। সহঃ দৃশ্যগ্ৰহণকাৰী উত্তম কলিতা। ৰূপসজ্জা বিজিয়েতা পাটগিৰিৰ।


গীতটিত আচুৰ্য্য বৰপাত্ৰৰ সৈতে অভিনয় কৰিছে অভিনয় ক্ষেত্ৰখনৰ জনপ্ৰিয় অভিনেত্ৰী সুনীতা কৌশিকে। যাৰ কন্ঠই হৃদয়খন খামোচ মাৰি ৰাখি সুৰবোৰ সিঁৰে সিঁৰে বিয়পাই দিব পাৰে তেওঁ হৈছে আচুৰ্য্য বৰপাত্ৰ। যিগৰাকীৰ কন্ঠই অনুৰাগীৰ মনলৈ এক প্ৰশান্তি আনি দিব পাৰে তেওঁৰ প্ৰতিটো গীতৰ বাবেই আচলতে ৰৈ যায় শ্ৰোতা-দৰ্শক। তাহানিৰ দিনৰ পৰা বৰ্তমানলৈ আচুৰ্য্য বৰপাত্ৰৰ কন্ঠত কি যাদু আছে বুলি সুধিলে তাৰ উত্তৰত এটাই কথা ক’ব পৰা যায় যে, তেওঁৰ কন্ঠত মৰম আছে, সৰু সৰু কথাৰে গুঁঠি লোৱা আৱেগ আছে আৰু শ্ৰোতাৰ হিয়া মন জুৰ পেলাব পৰাকৈ এসোপা মান আদৰ আছে। যিয়ে প্ৰেমক সুন্দৰৰ শাৰীৰ পৰা লৈ গৈ সৰ্বাংগ সুন্দৰ কৰি তোলে; তেওঁৰ কন্ঠৰে মুক্তি লাভ কৰা গীতসমূহৰ বাৰ্তা পালেই জনসাধাৰণ উৎসাহিত হোৱা এক বিশেষ কাৰণ হৈছে তেওঁৰ গীতৰ কথাবোৰ আনতকৈ কিছু সুকীয়া। কোনো এটা গীত সফল কৰি তুলিবলৈ ইয়াত থকা কন্ঠটোৰ বাহিৰেও ইয়াৰ “কথা” খিনিটো গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ পূৰ্বেও, বিভিন্ন জন শিল্পীক প্ৰশ্ন কৰা হৈছিল যে কোনো এটা গীতৰ কোনটো উপাদানৰ ওপৰত তেওঁলোকে অধিক গুৰুত্ব দিয়ে? এই প্ৰশ্নৰ উত্তৰত আটাইয়ে গীতটিৰ “কথা” ৰ বিষয়েই উল্লেখ কৰিছিল। মুঠতে, এক কথাত ক’বলৈ গ’লে সুৰ, সংগীত, কন্ঠ আদিৰ সমান্তৰালকৈ গীতটিৰ “কথা” ইও গীতটি সফল কৰি তোলাত সহায় কৰে।

প্ৰাপ্তি-অপ্ৰাপ্তিৰ কাহিনীৰে আচুৰ্য্য বৰপাত্ৰৰ 'বৰষুণ'- 2


আমি বিভিন্ন সময়ত দেখি আহিছো, এটা গীতত থকা কথাৰ বাবেই ই বিভিন্ন জন শ্ৰোতাৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে আনহাতে এনে কিছুমানো গীত আছে যাৰ “কথা” ৰ বাবে ইয়াক শ্ৰোতাই বাৰম্বাৰ শুনাৰো মন্তব্য কৰিছে। সদ্যমুক্তিপ্ৰাপ্ত গীত “বৰষুণ” য়ে এই কথাৰ বাবেই শ্ৰোতাৰ বহুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform