Rupaliparda.com
চেঞ্চৰ বোৰ্ডৰ গ্ৰীণ চিগনেল, মুক্তিৰ বাবে সাজু তৰুণাভ দত্তৰ 'অৱতৰণ'- 1

চেঞ্চৰ বোৰ্ডৰ গ্ৰীণ চিগনেল, মুক্তিৰ বাবে সাজু তৰুণাভ দত্তৰ ‘অৱতৰণ’-

সাম্প্ৰতিক পৰিস্থিতি কিছু সহজ হৈ উঠাৰ লগে লগে মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত বহু ন-ন খবৰেও আমাক উৎসাহিত কৰিবলৈ সক্ষম হৈছে। স্তব্ধতাৰ অন্তত মুক্তিৰ বাবে সাজু হৈ পৰিছে ইখনৰ পিছত সিখনকৈ অসমীয়া ছবি, নতুন তথা ব্যতিক্ৰমী কিছু বিষয়বস্তুৰ হাত ধৰি বৰ্তমান সময়ত নিৰ্মিত একাংশ প্ৰকল্পই ইয়াৰ মুক্তিৰ পূৰ্বৰে পৰাই জনসাধাৰণক অপেক্ষাৰত কৰি ৰাখে। এইখিনিতে, আপোনালোকক জনাবলৈ ওলাইছোঁ এক নতুন খবৰ। অসমীয়া ছবিক্ষেত্ৰখন কাৰিকৰী দিশৰ ফালৰ পৰাও উন্নত হোৱা আমি লক্ষ্য কৰিছোঁ, কাহিনী-বিষয়বস্তুৰ লগতে এখন ছবিৰ পৰিচালক আৰু প্ৰযোজক গোষ্ঠীয়ে তেওঁলোকৰ ছবিখনৰ কাৰিকৰী দিশটোকো গুৰুত্ব প্ৰদান কৰি আহিছে। চলিত বৰ্ষত মুক্তিৰ বাবে প্ৰস্তুতি চলাই থকা ‘অৱতৰণ’ নামে এখন অসমীয়া ছবিত আপোনালোকে নতুন চিন্তাৰ কাহিনীৰ লগতে দেখিবলৈ পাব ভি.এফ.এক্স ভৰপূৰ ব্যৱহাৰ। এক কথাত ক’বলৈ গ’লে, ছবিখনৰ ৮০ শতাংশই হৈছে ভি.এফ.এক্সৰ দ্বাৰা নিৰ্মিত। আপোনালোকে নিশ্চয় আন এক জনপ্ৰিয় প্ৰযোজনা গোষ্ঠী টি.ডি ফিল্ম ষ্টুডিঅ’ৰ বিষয়ে শুনিছে। এওঁলোকৰ বেনাৰত নিৰ্মিত প্ৰায় প্ৰতিখন 3D চুটি ছবি ইউটিউব মাধ্যমত উপলব্ধ হোৱাৰ লগতে দৰ্শকৰ দ্বাৰা বহুলভাৱে সমাদৃত। স্বাধীন পৰিচালক তৰুণাভ দত্তৰ পৰিচালনাৰে নিৰ্মিত উক্ত চুটি ছবিসমূহৰ জনপ্ৰিয়তাৰ বাবে তেওঁৰ আহিবলগীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘অৱতৰণ’ ৰ বাবে অপেক্ষাৰত তেখেতৰ অনুৰাগী সকল।

চেঞ্চৰ বোৰ্ডৰ গ্ৰীণ চিগনেল, মুক্তিৰ বাবে সাজু তৰুণাভ দত্তৰ 'অৱতৰণ'- 2


চেঞ্চৰ বোৰ্ডৰ ফালৰ পৰা গ্ৰীণ চিগনেল লাভ কৰা ‘অৱতৰণ’ য়ে চলিত বৰ্ষৰ অক্টোবৰ মাহৰ শেষৰ ফালে অথবা নৱেম্বৰ মাহত লাভ কৰিব মুক্তি। এই ছবিখন তিনিটা যুগ অৰ্থাৎ ভূত, বৰ্তমান, ভৱিষ্যতৰ কাহিনীক একত্ৰিত কৰি নিৰ্মিত কৰা হৈছে। ২৫ হাজাৰ বৰ্ষৰ পূৰ্বৰ অৱস্থাৰ পৰা আদি কৰি ২০০ বছৰ পিছত পৃথিৱী কেনে এটা অৱস্থালৈ পৰিণত হ’ব তাৰ এক আভাষ দিয়া হ’ব এই ছবিখনত। “অৱতৰণ” ত পোন প্ৰথমবাৰৰ বাবে চলচিত্ৰ প্ৰেমীয়ে দেখিবলৈ পাব টেকন’লজিৰ ভৰপূৰ সমাৱেশ। বিগত ৯ টা বৰ্ষৰ পৰাই এই ছবিখনক পূংখানুপূংখভাৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে “অৱতৰণ” ৰ লিখক তথা পৰিচালক তৰুণাভ দত্তই। বহু লাখ টকীয়া বাজেটেৰে নিৰ্মিত এই ছবিখনৰ বাবে পৰিচালক গৰাকী যথেষ্ট আশাবাদী। কাৰণ এইবাৰ কোনো হলীউড-বলীউড নহয়, অসমীয়া ছবিয়েই দৰ্শকক টেকন’লজিৰ দ্বাৰা আমোদ দিবলৈ সক্ষম হ’ব। টি.ডি ফিল্ম ষ্টুডিঅ’ৰ দ্বাৰা প্ৰযোজিত এই ছবিখনত অভিনয় কৰিছে ৰীমা কাইফ, অনন্যা পৰাশৰ, দেৱ্যাম শ্বীল, গোৱিন্দ মালাকৰ, ৰিম্পী দাস, সৌৰভ হাজৰিকা, প্ৰাঞ্জল শইকীয়া, পূৰ্ণিমা শইকীয়া, সমীৰ ৰঞ্জন, অভিনাশ ৰয় আৰু নীলাক্ষী ডেকাই। ছবিখনত বহুকেইগৰাকী নৱাগত অভিনেতা-অভিনেত্ৰীক সংযোজনৰ দ্বাৰা পৰিচালক তৰুণাভ দত্তই তেওঁলোকৰ প্ৰতিভা ৰাইজৰ মাজলৈ লৈ অনাৰ এক সুন্দৰ প্ৰয়াস কৰিছে। পৰিচালক গৰাকীৰ এই প্ৰয়াস তথা প্ৰচেষ্টা সঁচাকৈ প্ৰশংসনীয়।

চেঞ্চৰ বোৰ্ডৰ গ্ৰীণ চিগনেল, মুক্তিৰ বাবে সাজু তৰুণাভ দত্তৰ 'অৱতৰণ'- 3
চেঞ্চৰ বোৰ্ডৰ গ্ৰীণ চিগনেল, মুক্তিৰ বাবে সাজু তৰুণাভ দত্তৰ 'অৱতৰণ'- 4


ক’ভিড মহামাৰীৰ দুৰ্যোগৰ ফলত স্তব্ধতা সনা অসমীয়া ছবিক্ষেত্ৰখনে নতুনৰ মুখ দেখিবলৈ পাব। ‘অৱতৰণ’ ৰ সৈতে জড়িত প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ আন্তৰিক শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform