Rupaliparda.com
Jayanta Hazarika | Rupaliparda.com

|| ৰাফ cut : জয়ন্ত হাজৰিকাৰ জন্মদিনত… ||- উৎপল মেনা

Jayanta Hazarika | Rupaliparda.com

জয়ন্ত হাজৰিকাক আমি লগ নাপালো। ১৫ অক্টোবৰ ১৯৭৭ ত কায়িক জয়ন্ত হাজৰিকা আমাৰ মাজৰ পৰা আতৰি গৈছিল । ২০০৩ চনৰ কোনো এটা দিনত মিঠু বৌৰ সৈতে , নিজৰাপাৰৰ ‘ জয়ন্তু হাজৰিকা’ৰ ঘৰত গীতৰ কথা পাতিছিলো , জয়ন্ত হাজৰিকাৰ গীতৰ । ‘কেনেকৈ যে কম সময়ৰ ভিতৰতে সুৰ একোটা সৃষ্টি কৰিছিল! আমি আছৰিত হও। কেতিয়াবা সুৰ সৃষ্টি কৰি গীতিকাৰক গীত লিখিব দিয়ে। ৰাণাৰ সুৰ ৰচনাৰ কৌশল দেখা জনেহে অনুভৱ কৰিব । ‘ গীতিকাৰ হেমন্ত দত্তইয়ো মিঠু বৌৱে ( মণিষা হাজৰিকা ) কোৱা কথা খিনিয়ে কৈছিল । — জয়ন্ত হাজৰিকাকহে লগ পোৱা নাছিলো , জয়ন্ত হাজৰিকাৰ গীত কিন্তু আমাৰ অতি ওচৰৰ। মাত্ৰ ৩৪ টা বছৰত মগজু চুই হৃদয়ত ৰৈ যোৱা ভালেমান গীত দি গৈছে। গীত বোৰ লোক-সংগীত বা অসমৰ থলুৱা সুৰৰ বুনিয়াদত নিৰ্মিত,যি সুৰত শাস্ত্ৰীয় – পশ্চিমীয়া সংগীতৰ প্ৰলেপ ঢালি দিয়ে । শ্ৰোতাই অনুভৱ কৰে নতুন ধ্বনি। — ব্যতিক্ৰম নহয় চিনেমাৰ গীতৰ বাবে ৰচনা কৰা সুৰো । জয়ন্ত হাজৰিকাই সংগীত পৰিচালনা কৰা চিনেমা কেইখন : বনৰীয়া ফুল (পৰিচালক: অতুল বৰদলৈ) , বৃষ্টি (পৰিচালক: দেউতী বৰুৱা),নিয়তি (পৰিচালক: ইন্দুকল্প হাজৰিকা) ,ধৰ্মকাই (পৰিচালক: ভবেন দাস) । ‘ নতুন আশা ‘ চিনেমা খনৰ কাম চলি থকা সময়তে হঠাৎ শিল্পী গৰাকীৰ মৃত্যু হৈছিল । আৰু কাম শেষ কৰিছিল মণীষা হাজৰিকাই । মণীষা হাজৰিকাই ‘ উপপথ’ৰ কামো শেষ কৰিছিল । ৰঙামেঘ (পৰিচালক: অতুল বৰদলৈ), এনাজৰী (পৰিচালক: গৌৰী বৰ্মন, ৫টা গান সম্পূৰ্ণ কৰি গৈছিল) আৰু পোহৰ (পৰিচালক: মাণিক বৰা, ২টা গান সম্পূৰ্ণ কৰি গৈছিল) কামো শিল্পী গৰাকীৰ মৃত্যুৰ সময়ত সম্পূৰ্ণ হোৱা নাছিল ।এই চিনেমা কেইখনৰ কাম কোন পৰ্যায়ত ৰৈ গ’ল জনা নাযায়।
‘সোণাৰ বৰণ পাখীৰে তোৰ ‘ — জয়ন্ত হাজৰিকাই চিনেমাৰ বাবে কণ্ঠদান কৰা প্ৰথমটো গীত । ভূপেন হাজৰিকাৰ পৰিচালনাত শ্যামল মিত্ৰৰ সৈতে কণ্ঠদান কৰিছিল । ‘ মণিৰাম দেৱান ‘ত ব্যৱহাৰ কৰিছিল গীতটো । কণ্ঠদান কৰিছিল ‘ চিকমিক বিজুলী’ , ‘ লটিঘটি ‘ , ‘বনৰীয়া ফুল’ , ‘ মণিৰাম দেৱান ‘ , ‘ ফাগুনী ‘ আদিৰ গীতত ।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform