Rupaliparda.com
ৰাজশ্ৰী শৰ্মাৰ শ্ৰুতিমধুৰ কণ্ঠৰে মুক্তিপ্ৰাপ্ত 'আকুলা শুকুলা ডাঁৱৰ'- 1

ৰাজশ্ৰী শৰ্মাৰ শ্ৰুতিমধুৰ কণ্ঠৰে মুক্তিপ্ৰাপ্ত ‘আকুলা শুকুলা ডাঁৱৰ’-

আমি বহুবাৰ কৈছোঁ যে একোটা সংগীতে আমাৰ মনলৈ প্ৰশান্তি আনে। অকণমান স্বস্তিৰ নিশ্বাস এৰি নিজৰ সৈতে সময় কটাবলৈ হ’লেও আমি একোটা সুন্দৰ গীতৰ সন্ধান কৰোঁ। এইক্ষেত্ৰত সংগীত জগতখনে অৱশ্যে আমাক কেতিয়াও হতাশ কৰা নাই, প্ৰতিদিনেই একোটা নতুন সুন্দৰ গীতৰ সন্ধান দি আমাক আপ্লুত কৰি ৰাখিছে। আমি প্ৰায় স্কুলত মনোৰঞ্জনধৰ্মী প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰি এইক্ষেত্ৰখনৰ প্ৰতি আৰু অধিক আগ্ৰহী হৈ পৰিছিলোঁ। প্ৰতিযোগিতাত লাভ কৰা পুৰষ্কাৰ সমূহে আমাক উৎসাহিত কৰে আৰু আগবাঢ়ি যোৱাত সহায় কৰে।অসমবাসীয়ে প্ৰতিটো সময়ত একোজন এনে প্ৰতিভাক উপভোগ কৰে; যিয়ে দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হোৱাৰ লগতে দৰ্শকে এই প্ৰতিভা সমূহ শ্বেয়াৰ কৰাটোও গ্ৰহণযোগ্য হৈ পৰে। আমি হয়টো এতিয়ালৈ এনে বহু প্ৰকল্পক উপভোগেই কৰা নাই যাক লৈ আমি গৌৰৱ অনুভৱ কৰিব পাৰো। মুঠতে, সেয়াই। আমাৰ এই ৰাজ্যখন বহুল হাৰত প্ৰতিভাৰে পৰিপূৰ্ণ। ছবিয়েই হওঁক, সংগীত অথবা নৃত্য তথা অভিনয় ইত্যাদি যিয়েই নহওঁক কিয়; চুকে-কোণে আপুনি এনে একোজন নৱপ্ৰজন্মক দেখিবলৈ পাব যিয়ে হয়টো পঢ়াৰ সমান্তৰালকৈ নিজ ইচ্ছাৰ তথা আগ্ৰহৰ বিষয়টোকো আগবঢ়াই লৈ গৈছে। ৰূপালীপৰ্দা পেজখনত যদি আপোনালোকে এবাৰ চকু ফুৰায়; তাতেই আচলতে আপোনালোকে দেখিবলৈ পাব প্ৰতিভা সমূহক। কেৱলমাত্ৰ একঘেয়ামী ধাৰণাৰে কন্ঠদান কৰি যোৱা অথবা কোনো এক বস্তু সৃষ্টিত নহয়; এই প্ৰতিভাসকল বিশ্বাসী নতুনত্বৰ প্ৰকাশত। প্ৰায় প্ৰত্যেকগৰাকী প্ৰতিভাক ইতিমধ্যে আগন্তুক পৰিকল্পনাৰ বিষয়ে কৰা প্ৰশ্নৰ উত্তৰত তেওঁলোকে জনসাধাৰণৰ মাজত নতুনত্ব সৃষ্টি কৰাৰ ওপৰতেই বিশ্বাসী বুলি উত্তৰত দিয়ে।


শেহতীয়াকৈ এগৰাকী প্ৰতিভাসম্পন্ন নৱপ্ৰজন্ম ৰাজশ্ৰী শৰ্মাৰ শ্ৰুতিমধুৰ কণ্ঠৰে মুক্তিপ্ৰাপ্ত ‘আকুলা শুকুলা ডাঁৱৰ’ য়ে মোহাচ্ছন্ন কৰিছে শ্ৰোতা সকলক। গীতটিত কথাৰ লগতে সুৰ আৰু সংগীত ৰণ্টু মহন্ত (হিৰণ্য)ৰ, বাঁহী নৱজিৎ শইকীয়াৰ আৰু গীতাৰ সংগত কৰিছে তপন ডেকাই। শব্দ-সংমিশ্ৰণ কৰিছে পিংকু দাসে। মনোৰঞ্জন ক্ষেত্ৰখনলৈ অহাৰ কাহানিও পৰিকল্পনা নকৰা ৰাজশ্ৰী শৰ্মা বৰ্তমান সময়ৰ এক চিনাকী নাম। সৰুৰে পৰা পঢ়া-শুনাৰ সৈতে জড়িত ৰাজশ্ৰীক নিজ মাতৃয়েহে জোৰকৈ নাম লগাই দিছিল নাটকৰ কৰ্মশালাত। সুন্দৰ অভিনয়ৰ সৈতে সুললিত কণ্ঠৰ গৰাকী ৰাজশ্ৰীৰ সদ্যমুক্তিপ্ৰাপ্ত গীতটিত তেওঁৰ কণ্ঠ আৰু গীতটিৰ কথাই উৎসাহিত কৰি তোলাত সক্ষম হৈছে তেওঁৰ অনুৰাগীকো। মনোৰঞ্জন ক্ষেত্ৰখনে অবিৰত ভাৱে দৰ্শকক আমোদ প্ৰদানৰ চেষ্টা অব্যাহত ৰাখিছে। প্ৰতিদিনেই বহু নতুন খবৰৰ সৈতে আগবাঢ়িছে তেওঁলোক, নতুন একোটা বিষয়বস্তুক লৈ নিৰ্মিত একোটা প্ৰকল্পই আমাক উৎসাহিত নকৰাকৈও অৱশ্যে নাই থকা।

ৰাজশ্ৰী শৰ্মাৰ শ্ৰুতিমধুৰ কণ্ঠৰে মুক্তিপ্ৰাপ্ত 'আকুলা শুকুলা ডাঁৱৰ'- 2


অনাগত দিনত, অভিনেত্ৰী হিচাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ সৈতে ৰাজশ্ৰী শৰ্মাক দৰ্শকে দেখিবলৈ পাব। এই আটাইবোৰ প্ৰকল্পৰ বাবে প্ৰতিভাগৰাকীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ আন্তৰিক শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform