Rupaliparda.com
“শ্বোলে” ৰ ক্লাইমেক্সত ঠাকুৰৰ ওলাই পৰিল হাতঃ ভাইৰেল দৃশ্য- 1

“শ্বোলে” ৰ ক্লাইমেক্সত ঠাকুৰৰ ওলাই পৰিল হাতঃ ভাইৰেল দৃশ্য-

১৯৭৫ চনৰ ১৫ আগষ্টত মুক্তি লাভ কৰা “শ্বোলে” দৰ্শকক প্ৰথম সপ্তাহত ছবিগৃহলৈ টানি নিব পৰা নাছিল। ৩ ঘণ্টা দৈৰ্ঘ্যৰ বোলছবি খনে পোৱা প্ৰায় মন্তব্যই আছিল ঋণাত্মক। কিন্তু পিছলৈ লাহে লাহে ছবিগৃহলৈ দৰ্শকৰ সোঁত ব’বলৈ আৰম্ভ কৰিলে। মানুহৰ মুখে মুখে কেৱল মাত্ৰ গানেই নহয়; উচ্চাৰিত হৈছিল বোলছবিখনৰ সংলাপো আৰু তেতিয়াৰ পৰাই “শ্বোলে” লাভ কৰিছিল সফলতাৰ সোঁৱাদ। প্ৰজন্মৰ পিছত প্ৰজন্মৰ মাজত জনপ্ৰিয় উক্ত বোলছবিখন। ইয়াৰ পিছত বোলছবিখনৰ পৰিচালক ৰমেশ চিপ্পিৰ আৰু কোনো ছবিয়ে “শ্বোলে” ৰ সমান বস্ক অফিচত জনপ্ৰিয় হোৱা নাই। কিন্তু এটা কথা এইখিনিতেই জনাই থওঁ যে, পৰিচালক ৰমেশ চিপ্পী নিজ পৰিচালনা কেৰিয়াৰৰ সফল ছবিৰ ভিতৰত আছিল “শ্বোলে”। বৰ্তমান ছবিখনৰ এটি দৃশ্য ভাইৰেল হৈছে চচিয়েল মিডিয়াত; ঠাকুৰে গব্বৰক নিজৰ পৰিয়ালক হত্যা কৰাৰ প্ৰতিশোধ যেতিয়া লৈ আছিল সেই সময়ত ছবিখনৰ ক্লাইমেক্সত ঠাকুৰৰ দুয়োখন কূৰ্তাৰ ভিতৰৰ পৰা বাহিৰ হাত ওলাই অহা দেখিবলৈ পোৱা গৈছিল।

https://youtube.com/watch?v=0b_MJrp2glE%3Ffeature%3Doembed
"শ্বোলে" ৰ ক্লাইমেক্সত ঠাকুৰৰ ওলাই পৰিল হাতঃ ভাইৰেল দৃশ্য- 2


হয়, আপোনালোকে ঠিকেই শুনিছে। আপোনালোকে ওপৰত দিয়া ভিডিঅ’টোত ভালদৰে প্ৰত্যক্ষ কৰিলেই বুজি উঠিব। ছবিখনৰ ক্লাইমেক্সৰ এই দৃশ্যটোৱে চচিয়েল মিডিয়াত বৰ্তমান খলকনিৰ সৃষ্টি কৰিছে। ছবিখনৰ আন অভিনেতা- অভিনেত্ৰীৰ যদি কথা ক’বলৈ যাওঁ তেতিয়াহ’লে ইয়াত অভিনয় কৰিছে অমিতাভ বচ্চন, ধৰ্মেন্দ্ৰ, হেমা মালিনী, জয়া বচ্চন, জগদীপ, অমজদ খান আৰু সঞ্জীৱ কাপুৰৰ লগতে আন কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform