Rupaliparda.com
আন এটি শ্ৰুতিমধুৰ 'তোমাতেই হেৰালোঁ' ৰ সৈতে অনুৰাগ শইকীয়া আৰু তন্ময় শইকীয়াঃ 1

আন এটি শ্ৰুতিমধুৰ ‘তোমাতেই হেৰালোঁ’ ৰ সৈতে অনুৰাগ শইকীয়া আৰু তন্ময় শইকীয়াঃ

এটি শ্ৰুতিমধুৰ গীতেৰে সমাজলৈ এক সুন্দৰ বাৰ্তা কঢ়িয়ালে অনুৰাগ শইকীয়া আৰু তন্ময় শইকীয়াৰ যুটীয়া কণ্ঠৰে নিৰ্মিত এটি নতুন গীত ‘তোমাতেই হেৰালোঁ’ য়ে। গীতটিৰ কণ্ঠৰে পৰা আদি তাত উপস্থাপিত ভিডিঅ’টোৱে শ্ৰোতা-দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব।গীতটি উপভোগৰ শেষত আপোনাৰ মুখলৈও যে হাঁহি বিয়পিব, সেয়া কথাত আমি নিশ্চিত। সম্প্ৰতি সময়ছোৱাত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে সৰব হৈছে অসম চৰকাৰ। তেনে পৰিপ্ৰেক্ষিতত, অসম আৰক্ষীয়েও সক্ৰিয় ভূমিকা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে বিগত কেইদিনত ঘটা কিছু অপ্ৰীতিকৰ ঘটনাই বাৰুকৈয়ে প্ৰভাৱ পেলাইছে জনসাধাৰণৰ মাজত। একাংশ সচেতন নাগৰিকে এই ড্ৰাগছ সৰবৰাহকাৰী সকলৰ দৌৰাত্ম্যক অতিশীঘ্ৰে সমাজৰ পৰা আঁতৰাই নিকা সমাজ ৰূপে গঢ় দিবলৈ প্ৰশাসন ব্যৱস্থাক আহ্বান জনাইছে। এতিয়া এই বিষয়টোক সামৰি আমি আহো মনোৰঞ্জনৰ বিষয়টোত; উক্ত গীতটিক এনে এক বিষয়বস্তুক সামৰিয়েই প্ৰস্তুত কৰি উলিওৱা হৈছে।

গীতটিৰ কথা আৰু সুৰ কৰিছে তন্ময় শইকীয়াই। সংগীত জিতৰাজৰ, শব্দ সংমিশ্ৰণ কৌস্তভ শইকীয়াই। নিজ অভিনয়ৰে গীতটিক দৰ্শকৰ আগত আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছে জনপ্ৰিয় অভিনেতা উৎপল দাস আৰু বৰ্তমানৰ এগৰাকী অভিনেত্ৰী ৰিচা চেত্ৰীয়ে। দুয়োগৰাকী অভিনেতা-অভিনেত্ৰীৰ যুটিটোক আঁকোৱালিও লৈছে জনসাধাৰণে। গীতটিৰ ভিডিঅ’ পৰিচালনা, দৃশ্যগ্ৰহণ আৰু সম্পাদনা কৰিছে অপুৰাজ গগৈয়ে। কম বয়সতে কিছুমান গুৰু-গম্ভীৰ দায়িত্ব লৈ আগবঢ়া বহু ব্যক্তি আমি দেখিছোঁ। কোনোৱে হয়টো তেনেকৈয়ে আগবাঢ়ি আজি নিজ পৰিয়ালটো পোহপাল দি আছে আৰু কোনোৱে সফলতাৰ শিখৰলৈ এখোজ দুখোজ আগবাঢ়ি যাবলৈ চেষ্টা চলাইছে। এনে বহু উদাহৰণ আছে আৰু আচলতে এনেকুৱা বোৰ উদাহৰণে প্ৰত্যেককে উৎসাহিত কৰাত সহায় কৰে। মনোৰঞ্জন এনে এক বস্তু; যি কেতিয়াও থমকি নৰয়। প্ৰতিটো বস্তুত বিৰাম লাগিলেও আচলতে এই ক্ষেত্ৰখনত কোনোদিন বিৰাম নালাগে; সেইবাবেই হয়টো এই ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিতও হৈ বিভিন্ন জন। …সৰুৰ পৰাই এটা গীত শিকি লৈ দৰ্শকৰ মাজত উপস্থাপন কৰি পোৱা হাত চাপৰিয়ে জনা নোহোৱাৰ পৰাই এই ক্ষেত্ৰখনৰ প্ৰতি শ্ৰদ্ধাৰ সৃষ্টি কৰি আহিছে। অনুৰাগ শইকীয়াইও এনে প্ৰতিভাৰ মাজৰেই এগৰাকী।

আন এটি শ্ৰুতিমধুৰ 'তোমাতেই হেৰালোঁ' ৰ সৈতে অনুৰাগ শইকীয়া আৰু তন্ময় শইকীয়াঃ 2


প্ৰতিভাগৰাকীৰ এই গীতটিৰ বাবে তেওঁক ৰূপালীপৰ্দাৰ ফালৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। লগতে, অনাগত দিনত তেওঁৰ আৰু অধিক সুন্দৰ গীতৰ আশা কৰিছোঁ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform