‘নায়ক’ আঁতৰি যাব খোজা নাছিল, কিন্তু বিধাতাই কপালত লিখি দিছিল– আঁতৰি যোৱা৷ বিধাতাই যেতিয়া নিবিচাৰে তেতিয়া কাৰোবাৰ থকাৰ অধিকাৰ আছে নে? –চিনেমাখনৰ শেষৰ ছিকুৱেন্সটো মন চুই যোৱা৷ ‘নায়ক’ৰ চেহেৰা হাতৰ ভাষাৰ সু-প্ৰয়োগ৷ –নিজে যন্ত্ৰণাত থকা ‘নায়ক’-এ বিচাৰে সকলোৱে যাতে সুখত থাকে৷ সেয়েহে ঘৰখনৰ এজনকো জানিব নিদিয়ে নিপুৰ দুৰাৰোগ্যৰ কথা৷ চিকিৎসকে যেতিয়া কৈছিল দুৰাৰোগ্যৰ কথা, তেতিয়া ‘নায়ক’ৰ মুখত অসহায়ৰ সংলাপ– ‘জীয়াই থকাৰ উপায় নাইনে?’ জীয়াই থকাৰ, জীৱন সুন্দৰ কৰাৰ হেঁপাহ– ‘নায়ক’ৰ৷ মাতৃৰ অবৰ্তমানত মোমায়েক-মামীয়েকৰ মাজতে ডাঙৰ হয় ‘নায়ক’৷ পিতৃৰ দ্বিতীয় বিবাহত নাৰাজ ‘নায়ক’৷ সেয়েহে পিতৃৰ ঘৰৰ পৰা আঁতৰত থাকে৷ নিপুৰ আয়ুস জনাৰ পাছত ‘নায়কে’ সকলোৰে জীৱন ‘সুন্দৰ’ কৰিব খোজে, জীয়াই থকা দিনকেইটাতে মোমায়েকৰ ঘৰখনৰ সকলোবোৰ খেলি-মেলি আঁতৰ কৰিব খোজে৷ সকলো হয়৷ আনকি ‘নায়কে’ প্ৰেয়সীকো সু-পাত্ৰৰ হাতত গতাই দিয়ে, বুকুত যন্ত্ৰণা লৈ৷ শেষবাৰৰ বাবে নিপু ঘৰলৈ গৈ ‘নায়কে’ অনুভৱ কৰে– সুন্দৰ পৰিয়াল৷ সেই সুখৰ মাজতো থাকিব খোজে, কিন্তু সময় যে নাই৷ বিধাতাই কাঢ়ি নিছে৷ –কি কৰিব৷ অসহায় ‘নায়ক’৷ –‘নায়ক’ক কেন্দ্ৰ কৰিয়ে চিনেমাখনৰ কাহিনী ভাগ আগবঢ়াই নিছে মুনিন বৰুৱাই– ‘বিধাতা’ নামৰ অসমীয়া চিনেমাখনত৷ ২৮ মাৰ্চ, ২০০৩ ত চিত্ৰগৃহলৈ অহা এই পাৰিবাৰিক চিনেমাখনত ‘নায়িকা’কে ধৰি কেইবাটাও চৰিত্ৰ নিৰ্মাণ কৰিছিল যদিও চিত্ৰনাট্যকাৰ, পৰিচালক যেন ব্যস্ত কেৱল ‘নায়ক’ৰ চৰিত্ৰটোক লৈহে৷ চৰিত্ৰটো নিৰ্মাণ কৰিছিল যতীন বৰাক লৈ৷ সন্দেহ নৰখাকৈ ক’ব পাৰি ‘চৰিত্ৰ’টোত যতীনৰ অভিনয় ক্ষমতা প্ৰদৰ্শনৰ পূৰ্ণ সুযোগ আছিল, আৰু সুযোগৰ সৎ ব্যৱহাৰো কৰিছিল৷ পৰিচালক বৰুৱাই প্ৰথমবাৰৰ বাবে এই চিনেমাখনত সাহিত্যৰ ভাষাৰ লগত কেমেৰাৰ ভাষা ব্যৱহাৰত গুৰুত্ব দিছিল৷ বহু কথা ‘কেমেৰাৰ ভাষা’ৰে কৈছিল, কাহিনী ‘কেমেৰাৰ ভাষাৰে’ আগুৱাই নিয়াত গুৰুত্ব দিছিল৷ স্বাভাৱিকতে ‘চিনে সৌন্দৰ্য’ও বাঢ়িছিল৷ ‘চিনে সৌন্দৰ্য’ বঢ়াইছিল সংগীতেও৷ বিশেষভাৱে উল্লেখ কৰিব পাৰোঁ আৱহ সংগীত আৰু ‘শ্যামকানু…’ গীতাংশৰ প্ৰয়োগৰ প্ৰসংগ৷ সুন্দৰ, অৰ্থপূৰ্ণ৷
You may also like
চামেলি মেমচা’ব আৰু দুই চামেলি –উৎপল মেনা
পঢ়িছিলোঁ– “চামেলি মেমচা’ব। নিৰোদ চৌধুৰীৰ গল্প। নিৰোদ চৌধুৰীৰ “শব্দ-চয়ন”, নিৰোদ চৌধুৰীৰ “কাহিনী”ৰ যিমান আকৰ্ষণ শক্তি, সিমানেই চিনে শক্তি একে নামৰ অসমীয়া চিনেমা খনৰ। “অসম...
|| ২৭ গাড়ী কঁপাহ আৰু কিছু কথা || –উৎপল মেনা
27 Wagons Full of Cotton –টেনেচি উইলিয়ামছৰ নাটক। অসমীয়া অনুবাদ: ২৭ গাড়ী কঁপাহ। মূল নাটক খন পঢ়া নাই, গতিকে নাজানিম– অনুবাদ কৰোতে, নাটক খনৰ অনুবাদক সুৰেশ কুমাৰে কিমান স্বাধীনতা লৈছে বা লোৱা নাই। অনুবাদ কৰা...
অৱনী ৰঞ্জন পাঠকৰ চিনেমা –উৎপল মেনা
অৱনী ৰঞ্জন পাঠক– সংগীতৰ মানুহ। শ্ৰব্য সংকলন– “মামন”, দুৰদৰ্শনৰ ধাৰাবাহিক– “জোৱাই”, “সংসাৰ” আদিৰ সংগীত পৰিচিলক অৱনী ৰঞ্জন পাঠকে সুৰ ৰচনা কৰা কেইটামাণ গীত– “বৰষা ৰাতি নিবিড় মায়া সানি…”...
অচিন্ত শংকৰৰ তৃতীয় –উৎপল মেনা
।। মহুৰৎ শ্বট।। জ্যোৎস্না : তুমি বেলি ডুবা চাই ভাল পোৱা? প্রভাত : ওঁম্… বহুত… জ্যোৎস্না : কিয়? প্রভাত : নাজানো… হয়তো কিবা শান্তি অনুভৱ কৰোঁ, যেন দিনটোৰ কাম-কাজৰ পৰা আজৰি হ’লো… খুব...
এটা নিৰ্জন দুপৰীয়া –উৎপল মেনা
চৰ্চাত এখন অসমীয়া চিনেমা– “এটা নিৰ্জন দুপৰীয়া”।খঞ্জন কিশোৰ নাথৰ পৰিচালনা। সেই সময়ত “দৈনিক অসম”ত “শিল্পকথা” লিখিছিলোঁ। ২০১৭ বৰ্ষৰ শেষত অসমীয়া চিনেমা কেন্দ্ৰীক (সেই বছৰটোৰ অসমীয়া...
|| ৱাইড এংগল ||–উৎপল মেনা
“ৱাইড এংগল” — চালোঁ। জয়ন্ত নাথৰ পৰিচালনা। ড৹ নগেন শইকীয়াৰ গল্প “ষ্টাফ ৰিপ’ৰ্টাৰৰ ছবি”ৰ আধাৰত পংকজজ্যোতি ভূঞাই ৰচনা কৰিছে চিনেমা খনৰ চিত্ৰনাট্য। ৰূপালী গল্পটোৰ কাহিনীৰ প্ৰথম বিন্দু...
Add comment