Rupaliparda.com
Priyaar Priya | Rupaliparda.com

অসমীয়া চিনেমা : প্ৰিয়াৰ প্ৰিয় ||– উৎপল মেনা

মুনিন বৰুৱাৰ প্ৰথম স্বাধীন পৰিচালনা ‘পিতা-পুত্ৰ’৷ ‘চিনেমা কেৰিয়াৰ’ আৰম্ভ হৈছিল ‘মমতা’ৰে৷ নলীন দুৱৰাৰ পৰিচালনা৷ ৰেহনা আখতাৰ হান্নানে গোৱা ‘আঁউসীৰ পাছত…’ গীতটোত মেণ্ডোলিন বজাইছিল৷ চিনেমাখনৰ গীত ৰেকৰ্ডিং আউটড’ৰত হৈছিল; আৰু সংগীতৰ সেইবোৰ কামতো তেওঁ সহায় কৰিছিল৷ ১৯৭৬ চন৷ পৰিচালক শিৱ প্ৰসাদ ঠাকুৰে হাতত লৈছিল প্ৰথম পৰিচালনা৷ এই চিনেমাখনতে প্ৰথমবাৰৰ বাবে কেমেৰাৰ পিছফালে কাম কৰে মুনিন বৰুৱাই, সহকাৰী পৰিচালক হিচাবে৷ ১৯৭৮ চনত চিত্ৰগৃহলৈ অহা এই চিনেমাখন ব্যাৱসায়িক দিশত সফল নহ’ল৷ সেই সময়ত বহুতে দোষ দিলে ‘চিত্ৰনাট্য’ক৷ দুৰ্বল চিত্ৰনাট্য৷ কাহিনী, চিত্ৰনাট্য, সংলাপ লিখিছিল বসন্ত দাসে৷ পৰিচালক গৰাকীৰ দ্বিতীয় পৰিচালনা ‘বোৱাৰী’ৰ কাহিনী বসন্ত দাসৰে৷ চিত্ৰনাট্য-সংলাপ কিন্তু মুনিন বৰুৱা, বসন্ত দাসৰ৷ চিত্ৰনাট্য-সংলাপৰ লগতে মুখ্য সহকাৰী পৰিচালকৰো দায়িত্ব পালন কৰিছিল মুনিন বৰুৱাই৷ ১৯৮২ চনৰ ১৫ জানুৱাৰীত চিত্ৰগৃহলৈ অহা ‘বোৱাৰী’য়ে ‘অসমীয়া চিনেমাৰ বজাৰ’ত ঢৌৰ সৃষ্টি কৰিছিল৷ সফলতাৰ ঢৌ৷ সেইবাবেই হয়তো ‘শেৱালী’ (১৯৮৯), ‘ঘৰ সংসাৰ’ (১৯৮৩), ‘মন মন্দিৰ’ (১৯৮৫), ‘সোণ মইনা’ (১৯৮৪), ‘এই দেশ মোৰ দেশ’ (১৯৮৬) ৰো চিত্ৰনাট্য-সংলাপৰ দায়িত্ব লৈছিল৷ এই প্ৰতিটো ‘চিনে কৰ্ম’ই আছিল সফল৷ সফলতাৰ বাটত আৰু এখোজ আগবাঢ়ি নিপন গোস্বামীৰ সৈতে যুটীয়াভাৱে পৰিচালনা কৰে ‘প্ৰতিমা’৷ চিত্ৰগৃহলৈ আহে ১৯৮৭ চনত৷ ‘প্ৰতিমা’ দৰ্শকে পছন্দ কৰিলে৷ ইয়াৰ পাছতে হাতত ল’লে ‘পিতা-পুত্ৰ’৷ ‘পিতা-পুত্ৰ’ৰ শৈলীৰে পৰিচালকগৰাকীয়ে পৰৱৰ্তী সময়ত ‘চিনে কৰ্ম’ আগবঢ়াইছে ‘পাহাৰী কন্যা’, ‘প্ৰভাতী পখীৰ গান’, ‘দীনবন্ধু’, ‘ৰামধেনু’ নামেৰে৷ বিশ্লেষণ কৰিলে স্পষ্ট হৈ পৰে ‘হিয়া দিয়া নিয়া’, ‘দাগ’, ‘নায়ক’, ‘কন্যাদান’, ‘বিধাতা’, ‘বাৰুদ’, ‘ৰং’ পৰিচালকগৰাকীৰ আন এক শৈলীৰ ‘চিনে কৰ্ম’৷–এই দুয়োটা শৈলীৰে সু-পৰিকল্পিত প্ৰয়োগ স্পষ্ট ‘প্ৰিয়াৰ প্ৰিয়’ত৷ কাহিনী এটা আছে৷ কাহিনীভাগৰ কথা মনত ৰাখি ক’ব পৰা যায়– ‘ৰোমাণ্টিক কমেডি ড্ৰামা’ বুলি৷ ‘কাহিনী’ৰ কথা মনত ৰাখি এনেদৰেও ক’ব লাগিব–দৈৰ্ঘ্যৰ বাবে, অপ্ৰয়োজনীয় ছিকুৱেন্সৰ বাবে মাজে-মাজে আমনিদায়ক হৈছে৷ কেইটামান চৰিত্ৰক বাদ দিও চিনেমাখনক গতি দিব পাৰিলেহেঁতেন। এই চিনেমাখনত অৱশ্যে কাহিনীভাগ শৰীৰহে, আত্মা নহয়৷ আত্মা বিষয়বস্তু৷ প্ৰধান অলংকাৰ- সংলাপ আৰু অভিনয়৷ পৰিচালক, চিত্ৰনাট্যকাৰ মুনিন বৰুৱাই বিষয়বস্তু উপস্থাপনৰ বাবে চাৰিটা চৰিত্ৰক বিশেষভাৱে নিৰ্মাণ কৰিছে৷ বৃকোদৰ, প্ৰিয়ব্ৰত, প্ৰিয়নাথ আৰু প্ৰিয়ৰঞ্জন৷ [প্ৰিয়ব্ৰতৰ মুখত দিয়া সংলাপতে স্পষ্ট হৈ আছে প্ৰিয়ৰঞ্জন, প্ৰিয়নাথ৷ ‘…নিৰ্বাচনৰ নামত সৃষ্টি হোৱা উৎসৱৰ উপহাৰ হ’ল প্ৰিয়ৰঞ্জন, নৃপতিৰ দৰে ৰাজনীতিকৰ দল৷ স্বজন-তোষণৰ কুফল প্ৰিয়নাথৰ দৰে নতুন পুৰুষ’৷] মোৰ আজোককা অসমীয়া আছিল৷ ‘স্বীকাৰ কৰিছোঁ, তোমালোকৰ দৰে শিক্ষা- দীক্ষা মোৰ নাই বাবেই হয়তো মোৰ পদ্ধতিটো শুদ্ধ নহ’ল৷ কিন্তু তোমালোকে এৰি নিদিবাহে, নহ’লে হয়তো অহাটো শতিকাত যেতিয়া আমাৰেই কোনোবা বংশধৰক অন্য মানুহে সুধিব–তোমাৰ জাতি কি? তেতিয়া হয়তো সেই দুৰ্ভগীয়াই ক’ব লাগিব–মোৰ আজো ককা অসমীয়া আছিল…’ [ফ্ৰেমত সৰিয়হময় হালধীয়া-পথাৰ, বৃকোদৰ, প্ৰিয়ব্ৰত আৰু কেইটামান চৰিত্ৰ৷] হৃদয় চুই যোৱা, মগজু জোকাৰি যোৱা ছিকুৱেন্স৷ ছিকুৱেন্সটোৰ মূল সৌন্দৰ্য প্ৰাঞ্জল শইকীয়াৰ অভিনয়, সংলাপ প্ৰক্ষেপণ আৰু মুনিন বৰুৱাই ৰচনা কৰা সংলাপ৷ প্ৰায় শেষ অংশৰ এই ছিকুৱেন্সটোত পৰিচালকে স্পষ্ট কৰে চিনেমাখনৰ বিষয়বস্তু; মুনিন বৰুৱাৰ পৰিচালনা ‘প্ৰিয়াৰ প্ৰিয়’ৰ বিষয়বস্তু৷ দক্ষ অভিনেতা প্ৰাঞ্জল শইকীয়াই অভিনয় কৰা চৰিত্ৰটোৰ নাম–‘বৃকোদৰ’; চিনেমাখনৰ নায়িকা প্ৰিয়াৰ আদহীয়া মোমায়েক৷ নিজকে ‘খাটি অসমীয়া’ বুলি ভাবে৷ ‘অসমীয়া’ক লৈ সচেতন৷ অন্য ভাষা-সংস্কৃতিয়ে যেন অসমীয়া সমাজখন শেষ কৰিলে- প্ৰতিটো মুহূৰ্ততে বৃকোদৰৰ ‘অসমীয়া’ হৈ থকাৰ চেষ্টা৷ তেওঁ বিচাৰে প্ৰতিটো মুৰ্হূততে আমি অসমীয়া ভাষা, সাজ-পাৰ তথা মূলত: অসমীয়া সংস্কৃতিৰ মাজত থাকিব লাগে৷ বাহ্যিক দৃষ্টিত চিনেমাখনৰ নায়ক প্ৰিয়ব্ৰত তেনে নহয় বাবেই ‘সংঘাত’ হয়৷ নায়ক-নায়িকাৰ মিলনত বাধা হয়৷ পৰিচালক, চিত্ৰনাট্যকাৰে ‘বৃকোদৰ’ৰ বিপৰীতে প্ৰিয়ব্ৰতকহে ‘খাটি অসমীয়া’ হিচাপে ‘নিৰ্মাণ’ কৰিছে৷ বিদেশৰ পৰা উভতি আহি ‘নায়কে’ সৰু গাঁও এখনত ‘সোণালী পাম’ গঢ়িছে; দাপু পাল, দৈমাৰীহঁতক লগত লৈ৷ ‘নায়কে’ কৰ্ম-সংস্কৃতিৰে নতুন যুগৰ ভাল অসমীয়া গঢ়াৰ চেষ্টা কৰিছে৷ ‘নায়ক’ প্ৰিয়ব্ৰতে ‘খাটি অসমীয়া’ বৃকোদৰক কৈছে–“সময় সলনি হ’ল মামা৷ পৃথিৱীখন দিনক দিনে সৰু হৈ আহিছে৷ এই ভিতৰুৱা ঠাইখনৰ পৰাই মই পৃথিৱীৰ এটা মূৰৰ পৰা আনটো মূৰ চুব পৰা হ’লোঁ৷ এইটো সময়ত জাতীয় পোছাক, জাতীয় সংগীত, জাতীয় উৎসৱক লৈ বিতৰ্কৰ সৃষ্টি কৰি কিবা লাভ হ’বনে? কেৱল ডিঙিত গামোচা লৈ ‘জয়-আই-অসম’ শ্ল’গানেৰে এই অসমীয়াৰ উন্নতি হ’বনে?…আন ভাষাৰ ওপৰত ক’লা ৰং সানিলেই আমাৰ নিজৰ ভাষাৰ উন্নতি হ’বনে?” ‘নায়ক’ৰ মুখেৰে লেখক, পৰিচালক মুনিন বৰুৱাই কৈছে–“..ভাষা থাকিবলৈ প্ৰথমতে জাতিটোও থাকিব লাগিবতো। এতিয়াতো ‘অসমীয়া কোন?” বুলিও প্ৰশ্নৰ অৱতাৰণা হৈছে৷ বন্ধ, ধৰ্মঘট, প্ৰতিবাদ অৱৰোধৰ নামত বহু মূল্যৱান সময় নষ্ট হৈ গ’ল৷ পৃথিৱীৰ বাকীবোৰ বহুদূৰ আগুৱাই গ’ল৷ তাৰ মাজে মাজে সাহিত্যৰ মেলা আৰু সংস্কৃতিৰ বেহা। চিনেমাখনত ‘ভাল অসমীয়া’ৰ ব্যাখ্যাও দিয়া হৈছে, “ভাল অসমীয়া সেইজন, যিজনে ঘৰটোকে ভাগ ভাগ নকৰে৷ ভাল অসমীয়া সেইজন, যি বিশ্বৰ সকলো সংস্কৃতিৰ সোৱাদ ল’ব বিচাৰে; কিন্তু প্ৰথমতে নিজৰ সাহিত্য-সংস্কৃতিক হিয়াৰ থাপনাত প্ৰতিষ্ঠিত কৰাৰ পাছত৷” ইমানখিনি আৰু ভালেমান ‘গধুৰ সংলাপ’ ব্যৱহাৰ কৰাৰ পাছতো কিন্তু ‘প্ৰিয়াৰ প্ৰিয়’ কোনো শ্ৰেণীৰ দৰ্শকৰ বাবেই ‘গধুৰ’ হোৱা নাই৷ ইয়াৰ মূল কাৰণ পৰিচালনা শৈলী¸ শ্বট নিৰ্বাচন, সংগীতৰ ব্যৱহাৰ আৰু ‘চৰিত্ৰ নিৰ্মাণ’৷ ‘নায়ক’ৰ ‘ভিতৰৰ অসমীয়া’জনক পৰিচালকে স্পষ্ট কৰি দিছে কেইটামান সংলাপ আৰু ‘কেমেৰাৰ ভাষা’ৰে৷ দীপক পালৰ মুখেৰে ‘নায়ক’ প্ৰিয়ব্ৰত সম্পৰ্কত কোৱাইছে– “বাবা দাই [মানে ‘নায়কে’] সদায় কয় নিজৰ ৰীতি-নীতি, নিজৰ পৰম্পৰা কোনো কাৰণতে নেৰিবি… বাবাদাই কয় নিজকে পৃথিৱীৰ বাসিন্দা বুলি ভাবিবলৈ শিক৷ এই ভাবটো যদি বিয়পাই দিব পাৰ, দেখিবি গোটেই মানৱ জাতিয়েই তোৰ বন্ধু, তোৰ আপোন৷” আনহাতে কেমেৰা পেন কৰাইছে ‘নায়ক’ৰ কোঠাত বিভিন্ন ভাষাৰ কিতাপ, হেমকোষ, বিষ্ণু ৰাভাৰ ফটো, একেটা ফ্ৰেমতে থকা ভূপেন হাজৰিকা, পল ৰবচনৰ ফটোৰ ওপৰেৰে৷ সুপৰিকল্পিতভাৱে ব্যৱহাৰ কৰিছে “we are in the same boat brother… আমি একেখন নাৱৰে যাত্ৰী..” গীতটো৷ চিনেমাখনক এটা বিশেষ স্তৰলৈ লৈ গৈছে এই ‘কোৰাছ’ৰ ব্যৱহাৰে৷ ‘ঝক ঝক ঝক ৰে’লগাড়ী চলে উকিয়াই সকীয়াই ৰে’লগাড়ী চলে। বন্ধু উঠিবৰ হ’ল কিম্বা নামিবৰ হ’ল। পৃথিৱীৰ বাকীবোৰ বহুদূৰ গ’ল। প্ৰগতিৰ ধ্বজাবাহী অসমীয়াবোৰ সৰু সৰু ষ্টেচনত নামি নামি ৰ’ল। সৰু সৰু ষ্টেচনত নামি নামি ৰ’ল৷’ ‘সংলাপ’ৰ দৰেই চিনেমাখনত স্পষ্ট কেমেৰাৰ ভাষাৰ সু-পৰিকল্পিত প্ৰয়োগ৷ একেটা ফটোৰ ফ্ৰেমতে পল ৰবচন, ভূপেন হাজৰিকাক ৰাখি কেমেৰা পেন কৰা, বৃকোদৰে গ্ল’বটো ঘূৰাই আঁতৰি যোৱা ইত্যাদি৷ অভিনয় আৰু সংগীত ‘প্ৰিয়াৰ প্ৰিয়’ৰ আন দুটা যোগাত্মক দিশ৷ সংগীত জুবিন গাৰ্গৰ৷ ‘প্ৰিয়া, প্ৰিয়া…’ গীতটোৰ চিত্ৰায়ণ সু-পৰিকল্পিত৷ আনহাতে অভিনয়ত প্ৰথমেই প্ৰশংসা কৰিব লাগিব বৃকোদৰ চৰিত্ৰত অভিনয় কৰা প্ৰাঞ্জল শইকীয়াক৷ প্ৰিয়নাথ, প্ৰিয়ৰঞ্জন, প্ৰিয়ব্ৰতৰ চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে–গুঞ্জন, বিকি আৰু জুবিন গাৰ্গে৷ ‘কমেডি ইমেজ’ত বিকিৰ অভিনয় দৰ্শকক চুই যোৱা৷ কম ফুটেজত সৌৰভ হাজৰিকা, দুই নায়িকা সুনীতা কাশ্যপ-আৰাধনা আৰু ত্ৰিদিপ লাহনকো স্বাভাৱিকতে প্ৰশংসা কৰিব লাগিব৷ স্বাভাৱিকতে প্ৰশংসা কৰিব লাগিব চিত্ৰগ্ৰহণকাৰী প্ৰদীপ দৈমাৰীক৷ শেষত এটা কথাই ক’ম–‘প্ৰিয়াৰ প্ৰিয়’ কেৱল প্ৰেমৰ চিনেমা নহয়, ‘অসমীয়া’ৰ চিনেমা৷ আজিৰ তাৰিখত প্ৰতিগৰাকী অসমীয়াই চাবলগীয়া চিনেমা৷

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform