Rupaliparda.com
জানেনে? কিমান টকা ব্যয়ৰে নিৰ্মাণ হৈছিল “মিৰ্জাপুৰ ২”?- 1

জানেনে? কিমান টকা ব্যয়ৰে নিৰ্মাণ হৈছিল “মিৰ্জাপুৰ ২”?-

“লক-ডাউন” ৰ সময়ছোৱাত আটাইতকৈ অধিক চৰ্চা লাভ কৰা বিষয়টো হৈছে “ৱেব চিৰিজ” ৰ; OTT প্লেটফৰ্মৰ জনপ্ৰিয়তাৰ সমান্তৰালকৈ ৱেব চিৰিজসমূহেও জনসাধাৰণ সমূহৰ মাজত চৰ্চিত হৈ পৰিছে। ৱেব চিৰিজ সমূহৰ মাজৰ বহু প্ৰত্যাশিত আৰু দৰ্শকৰ মৰম বুটলা এখন ৱেব চিৰিজ হৈছে “মিৰ্জাপুৰ”। ৱেব চিৰিজখনৰ প্ৰথমটো সংস্কৰণৰ সমাপ্তিৰ পিছতেই দৰ্শক সকল বহুল ভাৱে অপেক্ষাৰত হৈ আছিল ইয়াৰ দ্বিতীয়টো সংস্কৰণক লৈ। নহওঁবনো কিয়? চিৰিজ খনৰ কাহিনীৰ লগতে প্ৰতিটো চৰিত্ৰৰ অভিনয়ো আছিল লেখত ল’বলগীয়া। এতিয়াও জনসাধাৰণৰ চচিয়েল মিডিয়া পোষ্টত দেখিবলৈ পোৱা যায় চিৰিজখনৰ ফটো অথবা ভিন্ন ভিডিঅ’। প্ৰমো’ মুক্তি লাভ কৰা পিছতেই এই চিৰিজখনক লৈ আকৌ এবাৰ উৎসাহিত হৈ ৰৈছিল জনসাধাৰণ; দৰ্শকৰ সাংঘাতিক ধনাত্মক প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে এই ৱেব চিৰিজখনক লৈ। আৰু আচলতে, চিৰিজখনক লৈ ৰৈ থকা প্ৰতিজন দৰ্শকৰ আশা মতেই নিজ কাম কৰি দেখুৱালে “মিৰ্জাপুৰ ২” য়ে।

জানেনে? কিমান টকা ব্যয়ৰে নিৰ্মাণ হৈছিল "মিৰ্জাপুৰ ২"?- 2
জানেনে? কিমান টকা ব্যয়ৰে নিৰ্মাণ হৈছিল "মিৰ্জাপুৰ ২"?- 3


যিসমূহ দৰ্শকৰ বাবে “মিৰ্জাপুৰ” ৰ প্ৰথমটো সংস্কৰণ আমোদ দায়ক আছিল; তাৰ পিছতেই শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ইয়াৰ দ্বিতীয়টো সংস্কৰণক এবাৰতেই চাই পেলাইছিল প্ৰতিজন দৰ্শকে। কিন্তু আপোনালোকে জানেনে, এই ৱেব চিৰিজ খনৰ নিৰ্মাণত কিমান টকা ব্যয় কৰা হৈছিল? ইয়াৰ প্ৰথমটো সংস্কৰণৰ নিৰ্মাণত য’ত ব্যয় হৈছিল ১২ কোটি টকা তাতেই আকৌ এইবাৰ “মিৰ্জাপুৰ ২” ৰ নিৰ্মাণত ব্যয় হৈছিল ৬০ কোটি টকা। প্ৰথমটো সংস্কৰণৰ পিছতেই আচলতে পৰিচালক গোষ্ঠীয়ে এই মোটা অংকৰ টকাৰে নিৰ্মাণ কৰি উলিয়াইছিল “মিৰ্জাপুৰ ২”। অলী ফেজল, পংকজ ত্ৰিপাঠী, বিক্ৰান্ত মেছি আদি অভিনেতাৰ লেখত ল’বলগীয়া অভিনয়ৰে ৱেব চিৰিজখনৰ প্ৰথম সংস্কৰণ মুক্তি দিয়া হৈছিল ২০১৮ চনত। এক্সেল এন্টাৰটেইনমেন্টৰ বেনাৰত নিৰ্মিত চিৰিজ খনৰ পৰিচালনা আছিল মিহিৰ দেসাইৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform