‘ৰামধেনু’৷ –আশাৰ ৰামধেনু৷ মানুহৰ মনৰ ৰং, জীৱনৰ ৰং চিনেমাখনৰ বিষয়বস্তু৷ ভিন্ন ৰঙৰ চৰিত্ৰ, ভিন্ন ‘গল্প’৷ বান্ধিছে এটা ‘চৰিত্ৰ’ৰে৷ চৰিত্ৰটোৰ নাম মন্দিৰা৷ চিনেমাখনৰ শেষৰফালে স্পষ্ট হয় মন্দিৰাৰ ‘অতীত ৰং’৷ সুখৰ অতীত নহয়৷ যাক ভৰসা কৰিছিল, সেই প্ৰেমিক চৰিত্ৰৰ দ্বাৰাও প্ৰতাৰিত৷ শেষত পৰিচালকে চৰিত্ৰবোৰক মন্দিৰাৰ ঘৰত থিয় কৰাইছিল৷ চৰিত্ৰবোৰত ‘সুখৰ ৰং’ সানি দিছিল৷ মন্দিৰাৰ ঘৰ এখন গাঁৱত৷ ৰেলগাড়ীত উঠি চহৰ পাইছিল৷ ‘নাৰ্ছ’ৰ চাকৰি কৰিছিল৷ বাস কৰিছিল ‘বৰদেউতা’ৰ ঘৰত, ভাৰাতীয়া হিচাপে৷ ‘বৰদেউতা’ৰ সেই ঘৰটোত ‘ভিন্ন ৰঙৰ’ অন্য কেইবাজনো ভাৰাতীয়াই বাস কৰে৷ সঞ্জীৱ, দুজন ঠগ, এজন কলেজত পঢ়া যুৱক, পত্নীৰ সৈতে দুৰ্নীতিক প্ৰশ্ৰয় দিয়া চৰকাৰী বিষয়া এজন৷ কাহিনীৰ মাজলৈ কলেজৰ ছাত্ৰ পলমকৈ আহে৷ কিছু পলমকৈ৷ ক’ব পাৰি কলেজৰ ছাত্ৰজনেই চিনেমাখনৰ ‘নায়ক’৷ সময়ত সেই ঘৰটোলৈ পৰিচালকে আনে ‘নায়ক’ৰ প্ৰেয়সীকো৷ এই চৰিত্ৰ দুটাৰে পৰিচালক, চিত্ৰনাট্যকাৰে সংযোগ কৰিছে মন্দিৰাৰ ‘হেৰোৱা অতীত’৷ মন্দিৰাৰ সেই প্ৰেমিক, যিয়ে নিৰ্লজভাৱে অস্বীকাৰ কৰিছিল ‘মৰম-ভালপোৱাৰ ৰং’, ঘোষণা কৰিছিল অৰ্থৰ ওচৰত ‘ভালপোৱাৰ ৰং’ অৰ্থহীন–সেইজনৰে জীয়াৰী ‘নায়ক’ৰ প্ৰেয়সী৷ মন্দিৰাৰ ‘মনৰ ৰং’ উন্মোচন হোৱাৰ পূৰ্বেই স্পষ্ট হয় আনকেইটা চৰিত্ৰৰো মনৰ ‘ৰং’৷ ‘দুই ঠগ’ (চৰিত্ৰ দুটাত অভিনয় কৰিছে যতীন বৰা আৰু জয়ন্ত দাসে)ক ভাল মানুহ বুলিয়ে বিশ্বাস কৰিছিল মন্দিৰাই৷ পুলিচৰ খেদাত দৌৰি যাওঁতে মন্দিৰাৰ সন্মুখতে পৰিল৷ চৰকাৰী বিষয়াজন-দুৰ্নীতিৰ আঁৰৰ পাৰিবাৰিক ‘গল্প’ উন্মোচন হ’ল৷ আৰু সঞ্জীৱ-‘বৰদেউতা’ৰ আকস্মিক হৃদৰোগত তাৰ ভিতৰত থকা ‘চিকিৎসকজন’ সাৰ পালে৷ ঘৰটোৰ মালিক ‘বৰদেউতা’ৰো বাহিৰৰ ‘ৰং’ ভিতৰৰ ‘ৰঙৰ’ দৰে নহয়৷ ‘বৰদেউতা’ৰ কথা–সেই বিশেষ ঘৰটো খালী কৰি দিব লাগিব৷ বিদেশৰ পৰা উভতি আহিলে তেওঁৰ পুত্ৰ থাকিব৷ কিন্তু বাস্তৱত পুত্ৰৰ মৃত্যুৰ হৈছে, দুৰ্ঘটনাত৷ আৰু এটা চৰিত্ৰ আছে৷ ‘চৰিত্ৰ’বোৰক ঘৰুৱা কামত সহায় কৰা গুণদা৷ গিৰীয়েক আছে৷ বহুদিন হ’ল অহা নাই৷ আহিব। মন্দিৰাৰ পৰামৰ্শ মতে গুণদা ওলাল গিৰীয়েকৰ সন্ধানত৷ আশা ভংগ হয় গুণদাৰো৷ ভিন্ন ‘ৰং’, ভিন্ন কাহিনী৷ দৰ্শকে কিন্তু চাইছে এটা কাহিনী চোৱাৰ দৰে৷ পৰিচালক, চিত্ৰনাট্যকাৰৰ দক্ষতাৰ বাবে ‘ভিন্ন ৰং’বোৰ মিলি হৈছে ‘ৰামধেনু’৷ আহিছো অভিনয় প্ৰসংগলৈ৷ সন্দেহ নৰখাকৈ ক’ব পাৰি প্ৰস্তুতি পৰাশৰক লৈ ‘মন্দিৰা’ নামেৰে অসমীয়া চিনেমাৰ ‘শ্ৰেষ্ঠ চৰিত্ৰ’ নিৰ্মাণ কৰিলে মুনিন বৰুৱাই৷ অসমীয়া চিনেমাৰ শ্ৰেষ্ঠ চৰিত্ৰ ‘মেনকা’ (চিনেমাঃ অগ্নিস্নান), ঋতু (চিনেমাঃ ফিৰিঙতি) আদিৰ পৰ্যায়ৰ ‘মন্দিৰা’৷ চৰিত্ৰটো ‘প্ৰস্তুতিৰ ইমেজ’ৰ বাহিৰৰ৷ তেনেদৰে প্ৰশংসা কৰিব পাৰি ‘বৰদেউতা’ চৰিত্ৰটোত কৰা অভিনয়ৰ বাবে বিষ্ণু খাৰঘৰীয়াক৷ যতীন বৰা, উৎপল দাস, তপন দাস, নিশিতা গোস্বামী, পাকিজা বেগম আদিয়ে অভিনয় কৰিছে অন্যান্য চৰিত্ৰত৷ ‘ৰামধেনু’ত পৰিচালনা শৈলীত যি চমক, সেয়া ‘কেমেৰা’ত নাই৷ ‘কেমেৰা’ যেন কোনো মুহূৰ্তৰ বাবেই পৰিচালকে চিত্ৰগ্ৰহণকাৰী সুমন দুৱৰাৰ হাতত এৰি দিয়া নাই। বিপৰীতে ‘সংগীত’ত ‘বিশেষ চমক’ অৱশ্যেই আছে৷ কাহিনীক গতি দিছে৷ ‘কাহিনী’, ‘চৰিত্ৰ’ত ‘ৰং’ সানিছে৷ ব্যৱহাৰ কৰা ‘আইটেম ছং’টোৱে ‘ব্যৱসায়’ত সহায় কৰিছে৷ কথাটো এনে ধৰণে ব্যাখ্যা কৰিব পাৰি–‘টুপী…টুপী…’ চিত্ৰায়ণ কৰা হৈছিল মুনমী ফুকনক লৈ৷ গীতটোৰ আকৰ্ষণ শক্তি আছিল৷ দৰ্শকৰ এটা অংশ ‘আইটেম ছং’টোৰ বাবেই চিত্ৰগৃহলৈ গৈছিল৷ কিন্তু চিনেমাখনৰ ‘দৰ্শক’ হোৱাৰ পাছত ‘আইটেম ছং’টো গুৰুত্বহীন হৈ পৰিছিল৷
You may also like
লৰ্ড দাসৰ নতুন চিনেমা–উৎপল মেনা
৪ এপ্ৰিল। কালি উপস্থিত আছিলোঁ এখন অসমীয়া চিনেমাৰ শুভ মহুৰৎ অনুষ্ঠানত। পৰিচালক লৰ্ড দাসে আমন্ত্ৰণ কৰিছিল কেমেৰাৰ ছুইচ অন কৰিবলৈ। চিনেমা খনৰ পৰিচিলক গৰাকীয়ে আঁতধৰা অনুষ্ঠানটিত নাৰিকল ভাঙি মংগল কামনা কৰে সংগীত শিল্পী...
এটা নিৰ্জন দুপৰীয়া –উৎপল মেনা
চৰ্চাত এখন অসমীয়া চিনেমা– “এটা নিৰ্জন দুপৰীয়া”।খঞ্জন কিশোৰ নাথৰ পৰিচালনা। সেই সময়ত “দৈনিক অসম”ত “শিল্পকথা” লিখিছিলোঁ। ২০১৭ বৰ্ষৰ শেষত অসমীয়া চিনেমা কেন্দ্ৰীক (সেই বছৰটোৰ অসমীয়া...
বৰুৱাৰ সংসাৰ: উৎপল বৰপূজাৰীৰ “তথ্য-চিনেমা” –উৎপল মেনা
মন-মগজুত খোপনি পুটি থকা বা সাচি ৰখা কেইবা খনো অসমীয়া চিনেমাৰ টুকুৰা, সংলাপৰ টুকুৰা, চিৰসেউজ গীতৰ টুকুৰা পৰ্দালৈ আহিছিল। নষ্টালজিক হৈছিলোঁ, চিনে আনন্দ অনুভৱ কৰিছিলোঁ। কেমেৰা পেন কৰিছিল কংক্ৰিট মহানগৰীৰৰ সৰু-বৰ অট্টালিকাৰ...
|| ২৭ গাড়ী কঁপাহ আৰু কিছু কথা || –উৎপল মেনা
27 Wagons Full of Cotton –টেনেচি উইলিয়ামছৰ নাটক। অসমীয়া অনুবাদ: ২৭ গাড়ী কঁপাহ। মূল নাটক খন পঢ়া নাই, গতিকে নাজানিম– অনুবাদ কৰোতে, নাটক খনৰ অনুবাদক সুৰেশ কুমাৰে কিমান স্বাধীনতা লৈছে বা লোৱা নাই। অনুবাদ কৰা...
|| ইতি তোমাৰ: চিনে চৰ্চা || –উৎপল মেনা
“ইতি তোমাৰ” –এখন অসমীয়া চিনেমা। পাৰৱেজ আহমেদৰ প্ৰথম (পূৰ্ণদৈৰ্ঘ) পৰিচালনা। চিনেমা খন চোৱাৰ পাছতে (জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। ২৩ মাৰ্চ ২০২৪।) আমি দৃশ্য মাধ্যমৰ এগৰাকী সংংবাদকৰ্মীৰ প্ৰশ্নৰ...
অৱনী ৰঞ্জন পাঠকৰ চিনেমা –উৎপল মেনা
অৱনী ৰঞ্জন পাঠক– সংগীতৰ মানুহ। শ্ৰব্য সংকলন– “মামন”, দুৰদৰ্শনৰ ধাৰাবাহিক– “জোৱাই”, “সংসাৰ” আদিৰ সংগীত পৰিচিলক অৱনী ৰঞ্জন পাঠকে সুৰ ৰচনা কৰা কেইটামাণ গীত– “বৰষা ৰাতি নিবিড় মায়া সানি…”...
Add comment