Rupaliparda.com
ডেইজী দাস, কৰণ দাস তথা অমৰেন্দ্ৰ কলিতাৰ প্ৰচেষ্টাৰে 'আচুতীয়া মন'- 1

ডেইজী দাস, কৰণ দাস তথা অমৰেন্দ্ৰ কলিতাৰ প্ৰচেষ্টাৰে ‘আচুতীয়া মন’-

ডেইজী দাস, কৰণ দাস তথা অমৰেন্দ্ৰ কলিতাৰ প্ৰচেষ্টাৰে মুক্তিপ্ৰাপ্ত ‘আচুতীয়া মন’ য়ে শেহতীয়াকৈ লাভ কৰিছে চৰ্চা। সংগীত ক্ষেত্ৰখনত সংযোজিত উক্ত তিনিওগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাসম্পন্ন কণ্ঠশিল্পীৰ গীতসমূহ শ্ৰোতা-দৰ্শকৰ বাবে আকৰ্ষণৰ বিষয়। আমি সংগীত ভালপাঁও, আমি যেনেদৰে সুস্বাদু ব্যঞ্জন ভালপাঁও ঠিক তেনেদৰে আমাৰ মিঠা কণ্ঠৰে সুন্দৰ বিষয়বস্তুৰে ৰচিত এটি গীত আমাৰ প্ৰিয়। আমি আপোনালোকক আগতেও কেইবাবাৰো কৈছোঁ, কিছুমান গীতক লৈ আমি আঁকোৰ-গোঁজ। কেতিয়াবা আপোনালোকৰ লগত বাৰু এনে হৈছেনে যে ক’ৰবাত দূৰ ভ্ৰমণ কৰাৰ সময়ত প্ৰিয় গীতকেইটাৰে এখন তালিকা প্ৰস্তুত কৰি কেৱল সেই কেইটা গীতৰে নিজৰ দীঘলীয়া বাটছোৱা অতিক্ৰম কৰিবলৈ মন যোৱা। প্ৰায়ে সংগীতপ্ৰেমী একোগৰাকী শ্ৰোতাৰ এখন নিৰ্দ্দিষ্ট প্লে-লিষ্ট, য’ত সাঙুৰ খোৱাৰ ইচ্ছা থাকে প্ৰতিগৰাকী কণ্ঠশিল্পীৰ। নৱপ্ৰজন্মৰ কণ্ঠশিল্পী বুলিলেই আপোনালোকৰ মনলৈ অহা প্ৰথম শব্দ দুটা কি বাৰু? নতুনত্ব তথা ব্যতিক্ৰমীতা নহয়নে? হয় সঁচাকৈ সাম্প্ৰতিক সময়ছোৱাত একোগৰাকী নৱপ্ৰজন্মৰ নতুন চিন্তাধাৰাই সমাজত ইতিবাচক প্ৰভাৱ পেলোৱাৰ লগতে সাধাৰণ ৰাইজ তেওঁলোকৰ প্ৰতি আকৰ্ষিত হৈছে।


‘আচুতীয়া মন’ শীৰ্ষক সদ্যমুক্তিপ্ৰাপ্ত এই গীতটিত কণ্ঠদান কৰিছে ডেইজী দাসে। সংগীত কৰণ দাসৰ আৰু সুৰ কৰিছে অমৰেন্দ্ৰ কলিতাই। গীতটিত কথা পূজা শৰ্মাৰ, গীতাৰ সংগত কৰিছে হীৰক জ্যোতি শৰ্মাই আৰু শব্দ সংমিশ্ৰণ কৌস্তভ শইকীয়াৰ। আৰ্টৱৰ্ক ঋতুপৰ্ণ বৰাৰ, উক্ত তিনিওগৰাকী কণ্ঠশিল্পীয়ে সংগীত ক্ষেত্ৰখনত নিজৰ এক সুকীয়া চিনাকী দিবলৈ সক্ষম হৈছে। প্ৰত্যেকৰে নিজ গীতৰ ধৰণ আছে তথা তেওঁলোকৰ গীতসমূহৰ বাবে অনুৰাগী সকল অপেক্ষাৰত। সম্প্ৰতি সময়ত সংগীত ক্ষেত্ৰখনত বিভিন্ন গীতৰ সৃষ্টি আমি লক্ষ্য কৰিছো। য’ত একাংশ গীতৰ সৃষ্টিৰ আঁৰত আছে অভিজ্ঞ জন তাতেই আকৌ আনহাতে একাংশ নৱপ্ৰজন্মৰ সৃষ্টিয়েও আকৰ্ষণ কৰিছে সকলোকে। যদিও ইটোৰ পিছত সিটো গীতৰ সৃষ্টি হৈছে তথাপিও তাৰেই ভিতৰত একাংশ এনে গীত আছে যাক এবাৰ শুনাৰ পিছতেই আচলতে অসমীয়া সংগীতপ্ৰেমী শ্ৰোতা প্ৰেমত পৰে গীত সমূহৰ।

ডেইজী দাস, কৰণ দাস তথা অমৰেন্দ্ৰ কলিতাৰ প্ৰচেষ্টাৰে 'আচুতীয়া মন'- 2


‘আচুতীয়া মন’ শীৰ্ষক গীতটিয়ে সফলতা লাভ কৰিছে লগতে শ্ৰোতাৰ ইতিবাচক মতামত পাবলৈও সক্ষম হৈছে। গীতটিৰ সৈতৰ জড়িত প্ৰতিগৰাকী কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ জনাইছোঁ অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform