Rupaliparda.com
"নতুন নতুন চিন্তাৰে কবিতাক দাঙি ধৰিব মন আছে"- বেদান্ত হাজৰিকা 1

“নতুন নতুন চিন্তাৰে কবিতাক দাঙি ধৰিব মন আছে”- বেদান্ত হাজৰিকা

সৰুৰে পৰা আমি গাই অহা ‘অ’ মানে অমিতা’, ‘আ’ মানে আম’ কবিতাটোৰ পৰা আৰম্ভ কৰি জনপ্ৰিয় পৰিচালক, চিত্ৰনাট্যকাৰ আৰু এগৰাকী কবি হিমাংশু প্ৰসাদ দাসৰ ‘ঔ ছোৱালী এবাৰ ভালপাই চাবি’ শীৰ্ষক কবিতাটোলৈ আমাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু স্বৰূপ হৈছে সাহিত্য তথা মনোৰঞ্জন এই মাধ্যমটো। শেহতীয়াকৈ ‘হাজাৰবাৰ প্ৰেমত পৰিম’ নামে কবিতাটিয়ে চচিয়েল মিডিয়াত বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। নৱপ্ৰজন্মৰ প্ৰতিভাসম্পন্ন বেদান্ত হাজৰিকাৰ কথা আৰু আবৃত্তিৰে ইউটিউবত মুক্তিপ্ৰাপ্ত উক্ত কবিতাটিৰ প্ৰতিটো শব্দ আছিল একোজন প্ৰেমিকৰ বাবে আৱেগৰ মেটমৰা বোজা। আমি আপোনালোকৰ ওচৰলৈ প্ৰতিদিনেই কিছু নতুন আৰু এক্সক্লুচিভ খবৰ লৈ অনাৰ প্ৰয়াস কৰিছোঁ আৰু এই নিৰলস প্ৰয়াসৰ বশৱৰ্তী হৈয়ে আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ বেদান্ত হাজৰিকাক। তেওঁৰ সৈতে ৰূপালীপৰ্দাৰ তৰফৰ পৰা পাতিছিলোঁ কিছু কথা। বেদান্ত হাজৰিকাৰ ব্যক্তিগত ইউটিউবত চেনেলত যদিও বৰ্তমানলৈকে বহু বেছি কবিতাৰ সংযোজন নাই হোৱা তথাপিও তেওঁৰ শব্দসমূহৰ বাবে অনুৰাগী এতিয়া প্ৰতিজন শ্ৰোতা-দৰ্শক।


বেদান্ত হাজৰিকাৰ মতে ‘কবিতা’ ৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয় যে, “জীৱন, কবিতা আৰু প্ৰেম” এইকেইটাৰ সংজ্ঞা দিয়াটো মোৰ বাবে বৰ টান‌। সহজ ভাষাত কবিতা মোৰ বাবে ভাললগা, ভালপোৱা আৰু দুখৰ সময়টো হাঁহি এটা বিচাৰি পোৱাৰ কাৰণ।” কবিতা লিখিবলৈ কেতিয়াৰ পৰা আৰম্ভ কৰিছিল আৰু কেনেদৰে বুলি সোধাত তেওঁ কয় যে, “একেবাৰে সৰুৰ পৰাই কবিতাৰ সৈতে সম্পৰ্ক এটা গঢ়ি উঠিছিল। আবৃত্তি কৰি ভাল পাইছিলো কিন্তু লিখিবলৈ চেষ্টা কৰা নাছিলোঁ কেতিয়াও। গুৱাহাটী বিশ্ববিদ্যালয়লৈ গৈ জালুকবাৰীৰ বতাহ এটাক অনুভৱ কৰিবলৈ লৈছিলোঁ, লিখিবলৈ আৰম্ভ কৰিলোঁ। সঁচা অৰ্থত, মোক লিখাৰ ক্ষেত্ৰত লগৰবোৰে সাহস দিলে, প্ৰেৰণা দিলে আৰু তেতিয়াৰ পৰাই কবিতা লিখাটো মোৰ বাবে হৈ পৰিল নিচা।” সংগীত ক্ষেত্ৰখনলৈ অহাৰ কথা ভাবিছা নেকি বুলি প্ৰশ্ন কৰাত বেদান্তই কয় যে, “নাই, গানৰ ক্ষেত্ৰত একেবাৰে দক্ষতা মোৰ নাই। ৰেপ সংগীতৰ চৰ্চা মাজে মাজে কৰি থাকোঁ। কিন্তু, বেছিকৈ সপোন কবিতাক লৈয়ে দেখোঁ।”

"নতুন নতুন চিন্তাৰে কবিতাক দাঙি ধৰিব মন আছে"- বেদান্ত হাজৰিকা 2


বেদান্ত হাজৰিকাই নিজৰ ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে জনাই তেওঁ কয় যে, “নতুন নতুন চিন্তাৰে কবিতাক দাঙি ধৰিব মন আছে।কবিতাক “commercialize” কৰিবলৈ মন আছে। লগতে, বিশেষকৈ চিনেমাত অন্তৰ্ভূক্ত কৰিবলৈ মন আছে।” বেদান্ত হাজৰিকাৰ আগন্তুক পৰিকল্পনা সমূহৰ বাবে তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform