Rupaliparda.com

“বিহু সম্ৰাট” ৰ উপজা দিনতেই মুকলি কৰা হ’ব উদ্যানঃ

সৰুতে কেইটামান নিৰ্দ্দিষ্ট গীতৰ কলি গুণগুনাই নিজৰ সন্তানক ওমলায় পিতৃ-মাতৃয়ে। তেনে কিছু সংগীতৰ ভিতৰত উল্লেখযোগ্য গীতটি হৈছে “মা আমি শদিয়ালৈ যামেই”; গীতটি শুনাৰ লগে লগে হয়তো আপোনাৰো গুনগুনাবলৈ মন গৈছে। নহয়নে?? এই গীতটিক প্ৰত্যেকৰে মন-মগজুত সোমোৱাই দিয়া আঁৰৰ ব্যক্তিজন হৈছে অসমৰ বিহু সম্ৰাট খগেন মহন্ত।

"বিহু সম্ৰাট" ৰ উপজা দিনতেই মুকলি কৰা হ'ব উদ্যানঃ 1


তেওঁৰ জন্ম উৎসৱত আমি ৰূপালী পৰ্দাৰ সমূহ কৰ্মকতাই তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছো।

"বিহু সম্ৰাট" ৰ উপজা দিনতেই মুকলি কৰা হ'ব উদ্যানঃ 2


খগেন মহন্তই অসমৰ বিভিন্ন ঠাইৰ লগতে বিট্ৰেইনতো সংগীত পৰিৱেশন কৰিছে। এই গণশিল্পী গৰাকীৰ ওপজা দিনৰ মধুৰ ক্ষণতে গুৱাহাটীস্থিত শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুকলি কৰা হ’ব খগেন মহন্ত উদ্যান।

"বিহু সম্ৰাট" ৰ উপজা দিনতেই মুকলি কৰা হ'ব উদ্যানঃ 3


বিহু সম্ৰাট গৰাকীৰ সমাধি স্থলীতে নিৰ্মাণ কৰি
উলিওৱা হৈছে উক্ত উদ্যান খন। মূখ্যমন্ত্ৰী সোণোৱালে উদ্যান খন মুকলি কৰাৰ লগতে তাত অনুষ্ঠিত হ’ব সাংস্কৃতিক সন্ধিয়া; ইয়াৰ লগতে, “মা আমি শদিয়ালৈ যামেই” শীৰ্ষক গীতটিকে “থীম” হিচাপে লয় প্ৰস্তুত কৰা হৈছে উক্ত খগেন মহন্ত উদ্যান।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform