Rupaliparda.com

ৰাষ্ট্ৰপতিৰ পদক প্ৰাপ্ত প্ৰথম অসমীয়া ছবিঃ

১৯৫৮ জানুৱাৰী মাহত মুক্তিপ্ৰাপ্ত “ৰঙা পুলিচ” প্ৰথমখন অসমীয়া ছবি যিয়ে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিছিল। যোৰহাটত গঢ় লৈ উঠা “মিলিত শিল্পী সমাজ” নামৰ এটা সাংস্কৃতিক অনুষ্ঠানে ৰমেশ শৰ্মাই ৰচনা কৰা “ৰঙা পুলিচ” নামে নাটখন নিবেদন কৰিছিল। নাটখন চাবলৈ তাত উপস্থিত হৈছিল নিপ বৰুৱা আৰু ব্ৰজেন বৰুৱা।

ৰাষ্ট্ৰপতিৰ পদক প্ৰাপ্ত প্ৰথম অসমীয়া ছবিঃ 1


পিছলৈ, নিপ বৰুৱাই এই নাটখনক চলচিত্ৰৰ ৰূপ দিয়ে। এগৰাকী পত্নীহাৰা পুৰুষৰ তিনিও গৰাকী সন্তানে ডাঙৰ মানুহ ; কিন্তু তেওঁৰ সৰু ল’ৰাটো অঘাইতং। এদিন এই সৰু ল’ৰাটোৱে ডকাইতি কৰি ধৰা পৰাত পুলিচ পুত্ৰজনে তাক গ্ৰেপ্তাৰ কৰিবলগীয়াত পৰে। এয়াই আছিল ছবিখনৰ মূল কাহিনীভাগ।

ৰাষ্ট্ৰপতিৰ পদক প্ৰাপ্ত প্ৰথম অসমীয়া ছবিঃ 2


ছবিখনত অভিনয় কৰে জ্ঞানদা কাকতি, নিপ বৰুৱা,ডা: মুনিন বৰুৱা, তিলমিজুৰ ৰহমান, চৈয়দ আব্দুল মালিক, আব্দুল মজিদ, ভোলা কাকতি, বীণা বৰুৱা, নন্দেশ্বৰ,অমৰ, ছাত্তৰা, চক্ৰেশ্বৰ, জুলকিৰণ,দীপ আৰু ৰীণাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform