Rupaliparda.com

মুম্বাইলৈ “আমিষ”-

গতানুগতিক অথবা একঘেয়ামীতাৰ পৰা ফালৰি কাটি “কথানদী” ৰ পৰিচালক ভাস্কৰ হাজৰিকাই পৰিচালনা কৰিছে আন এখন ছবি “আমিষ”। দুই ন মুখৰ সৈতে অসমীয়া চলচিত্ৰ জগতত সন্নিৱিষ্ট হ’ব এটা ভয়ানক প্ৰেম কাহিনীৰ আধাৰত নিৰ্মিত “আমিষ”।

মুম্বাইলৈ "আমিষ"- 1
মুম্বাইলৈ "আমিষ"- 2


বিভিন্ন খাদ্যৰ প্ৰতি থকা দূৰ্বলতা তথা মাংসৰ প্ৰতি থকা আকৰ্ষণৰ ফলত কেনেদৰে এহাল যুৱক-যুৱতী পৰস্পৰে পৰস্পৰৰ কাষ চাপে তাকেই দেখুওৱা হ’ব উক্ত ছবিখনত। “আমিষ” ত অভিনয় কৰিছে নিতালী দাস, সাগৰ সৌৰভ আৰু মানস কুমাৰ দাসে।

মুম্বাইলৈ "আমিষ"- 3
মুম্বাইলৈ "আমিষ"- 4


কেইবাটাও আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত অনুষ্ঠিত ছবি সমাৰোহত অংশগ্ৰহণ কৰাৰ পিছত এইবাৰ পোনপ্ৰথমবাৰৰ বাবে ভাৰতত প্ৰদৰ্শিত কৰা হ’ব “আমিষ”। চলিত মাহৰ ২৬ আগষ্ট তাৰিখে মুম্বাইস্থিত জুহু PVR ত সন্ধিয়া ৭.৩০ বজাত প্ৰদৰ্শিত কৰা হ’ব ইয়াৰ প্ৰথমটো দৰ্শনী।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform