Rupaliparda.com
আকৌ এবাৰ অসম সন্তানে কঢ়িয়ালে গৌৰৱঃ "Yash Raj Films" ৰ বেনাৰত কন্ঠদান কৰিলে ঋতৃষাই- 1

আকৌ এবাৰ অসম সন্তানে কঢ়িয়ালে গৌৰৱঃ “Yash Raj Films” ৰ বেনাৰত কন্ঠদান কৰিলে ঋতৃষাই-

ৰাষ্ট্ৰীয় ক্ষেত্ৰৰ কেইটামান জনপ্ৰিয় প্ৰডাকছন হাউচৰ ভিতৰতেই এটা উল্লেখযোগ্য প্ৰডাকচন হাউচ হৈছে “Yash Raj Films” ৰ। এই প্ৰডাকচন হাউচটোৰ পৰা অসমৰ সংগীত শিল্পী এগৰাকীৰ গীতে মুক্তি লাভ কৰাটো সমগ্ৰ অসমৰ বাবেই এক গৌৰৱৰ কথা আৰু এই গৌৰৱ কঢ়িয়াই আনিলে অসমৰে এগৰাকী সন্তানে। কেৰিয়াৰৰ আৰম্ভণিতে কন্ঠশিল্পী ঋতৃষাই লাভ কৰিলে “Yash Raj Films” ৰ বেনাৰত কন্ঠদান কৰাৰ সুবিধা।

আকৌ এবাৰ অসম সন্তানে কঢ়িয়ালে গৌৰৱঃ "Yash Raj Films" ৰ বেনাৰত কন্ঠদান কৰিলে ঋতৃষাই- 2


বৰ্তমানলৈ লাখ লাখ জনতাক নিজ কন্ঠৰ যাদুৰে অনুৰাগী কৰা ঋতৃষা শৰ্মাৰ কন্ঠৰেই মুক্তি পালে এটি হিন্দী গীত। বলীউডৰ জনপ্ৰিয় ছবি “ব্লেক” ত সংযোজিত “হা মেইনে চুকৰ দেখা হে” শীৰ্ষক গীতটিৰ “ৰিপ্ৰাইজ” সংস্কৰণটোত নিজ কন্ঠদান কৰিছে কন্ঠশিল্পী ঋতৃষাই।

আকৌ এবাৰ অসম সন্তানে কঢ়িয়ালে গৌৰৱঃ "Yash Raj Films" ৰ বেনাৰত কন্ঠদান কৰিলে ঋতৃষাই- 3


“ব্লেক” ছবিখনৰ বেকগ্ৰাউণ্ড মিউজিক কম্পোজাৰ মন্টি শৰ্মাৰ সৈতে লগ লাগি কন্ঠশিল্পী গৰাকীয়ে মুম্বাইত এই গীতটিৰ ৰেকৰ্ডিং কৰে। এই গীতটিৰ বাবেই মন্টি শৰ্মাই পূৰ্বতে আইফা তথা ফিল্মফেয়াৰ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল। অসমীয়া গীতৰ সমান্তৰালকৈ হিন্দী গীতৰ সৈতেও শ্ৰোতাক নিজ কন্ঠৰ অনুৰাগী কৰাত ব্যস্ত হৈ পৰিছে ঋতৃষা শৰ্মা। তেওঁ উক্ত হিন্দী গীতটোক সৰুৰ পৰাই গাবলৈ চেষ্টা কৰি থকা বুলিও ফেচবুক যোগে দৰ্শকক জানিবলৈ দিয়ে।

আকৌ এবাৰ অসম সন্তানে কঢ়িয়ালে গৌৰৱঃ "Yash Raj Films" ৰ বেনাৰত কন্ঠদান কৰিলে ঋতৃষাই- 4
আকৌ এবাৰ অসম সন্তানে কঢ়িয়ালে গৌৰৱঃ "Yash Raj Films" ৰ বেনাৰত কন্ঠদান কৰিলে ঋতৃষাই- 5


“হা মেইনে চুকৰ দেখা হে” শীৰ্ষক গীতটোৰ “ৰিপ্ৰাইজ” সংস্কৰণটোত শ্ৰোতাৰ অধিক সঁহাৰি দেখিবলৈ পোৱা গৈছে। গীতটি “জিঅ’ মিউজিক”, ” স্পটিফাই”ৰ লগতে “গানা”টো বৰ্তমান উপলদ্ধ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform