Interviews – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Tue, 05 Mar 2024 07:56:10 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Interviews – Rupaliparda.com https://rupaliparda.com 32 32 163073109 দ্য লাষ্ট অ’নাৰ – এক অন্য জীৱনৰ উপস্থাপন https://rupaliparda.com/archives/30001 https://rupaliparda.com/archives/30001#respond Tue, 05 Mar 2024 07:28:26 +0000 https://rupaliparda.com/?p=30001 “দীর্ঘদিন ধৰি কেতিয়াবা কষ্টিউম ডিজাইনাৰ হিচাপে, কেতিয়াবা মুখ্য সহকাৰী পৰিচালক হিচাপে আৰু কেতিয়াবা প্ৰযোজক হিচাপে অসমীয়া চলচিত্ৰৰ সৈতে জড়িত হৈ আছিলোঁ। প্রথমবাৰৰ বাবে নিজাকৈ এখন চলচিত্ৰ পৰিচালনা কৰাৰ পাছত সেইখন চলচ্চিত্রই ঢাকাৰ দৰে সন্মানীয় এক মহোৎসৱত বিশ্ব চলচিত্র শিতানত প্রদর্শিত হোৱাৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰটোৱে আছিল মোৰ বাবে অতি প্ৰেৰণাদায়ক।” ‘দ্য লাষ্ট অ’নাৰ’ চিনেমাখনৰ পৰিচালক ৰ’জি বৰাই এই প্ৰতিবেদকৰ সৈতে হোৱা বাৰ্তালাপত কয়।

দ্য লাষ্ট অ’নাৰ - এক অন্য জীৱনৰ উপস্থাপন 3

এগৰাকী চণ্ডালৰ জীৱন সংগ্ৰাম, সমাজ ব্যৱস্থাত চণ্ডালৰ অৱস্থান, ক’ভিড অতিমাৰীৰ সময়ত সন্মূখীন হোৱা সমস্যাক উপস্থাপন কৰা হৈছে দ্য লাষ্ট অ’নাৰ চিনেমাখনত। সম্পূৰ্ণ কাহিনীটোত মানৱীয় মূল্যবোধৰ ভিন্ন স্বৰূপসমূহ দেখুৱাবলৈ চেষ্টা কৰা হৈছে। চিনেমাখনৰ কাহিনী জিতুমণি বৰাৰ আৰু চিত্ৰনাট্য কুশল কুমাৰ গগৈ। প্ৰযোজনা মৃণাল বিন কুটুবৰ, সংগীত ০ সৌৰভ মহন্তৰ, শব্দ সংমিশ্ৰণ আৰু ডিজাইন দেবজিৎ চাংমাই আৰু অমৃত প্ৰীতমৰ।

জিতুমণি বৰাই কয়, “ক’ভিডৰ সময়ত চিকিৎসক, অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত সকলে যথেষ্ট সাহসিকতাৰে ৰাইজৰ সেৱা কৰিছিল। অৱশ্যে সেইসময়ত চণ্ডালসকলেও যথেষ্ট ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছিল আৰু আমি সেই দিশটোও এই চিনেমাখনৰ জৰিয়তে উপস্থাপন কৰিবলৈ বিচাৰিছোঁ।

দ্য লাষ্ট অ’নাৰ চিনেমাখন ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ লগতে চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে। লেকচিটী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ চিনেমাখনত কৰা অভিনয়ৰ বাবে প্ৰয়াস ফুকনে শ্ৰেষ্ঠ অভিনেতা, ৰতন শীল শৰ্মাই শ্ৰেষ্ঠ সম্পাদনা আৰু চিনেমাখনে শ্ৰেষ্ঠ চলচিত্ৰৰ সন্মান লাভ কৰিছে।

ৰ’জি বৰাই কয়, “চিনেমাখনৰ বাবে আমি চণ্ডালসকলে জীৱন সংগ্ৰামক ওচৰৰ পৰা দেখা পাইছিলোঁ আৰু তেওঁলোকৰ জীৱন সংগ্ৰামখনক চিনেমাখনত শুদ্ধ ৰূপত দেখুৱাবলৈ যত্ন কৰিছোঁ। মই অনুভৱ কৰোঁ যে তেওঁলোকৰ সৈতে কথা পাতিলে বৰ্তমানৰ সমাজ জীৱন তথা মানৱ জীৱনৰ বিভিন্ন নেদেখা দিশ উন্মোচন হয়। তেনে কিছুমান সৰু সৰু দিশ চিনেমাখনত অন্তৰ্ভুক্ত কৰা হৈছে। দৰ্শকে চিনেমাখন চাই ভাল পাব বুলি আশা কৰিলোঁ।”

এই বছৰৰ শেষৰ ফাললৈ চিনেমাখনে মুক্তি লাভ কৰিব।

দ্য লাষ্ট অ’নাৰ - এক অন্য জীৱনৰ উপস্থাপন 4

 

]]>
https://rupaliparda.com/archives/30001/feed 0 30001
ৰাফ cut : কৃপাল কলিতা ||– উৎপল মেনা https://rupaliparda.com/archives/28750 https://rupaliparda.com/archives/28750#respond Sun, 17 Oct 2021 11:28:42 +0000 https://rupaliparda.com/?p=28750

আমাৰ প্ৰশ্ন : প্ৰথমে জানিব বিছাৰিম আপোনাৰ ‘সফলতা’ক আপুনি কেনেদৰে বিশ্লেষণ কৰিব? – হয় ,’ব্ৰীজ’ৰ কথা কৈছো।

কৃপাল কলিতা : আমাৰ মনৰ কথা খিনি জানিব বিচৰা বাবে প্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম প্ৰশ্নটোৰ উত্তৰত ক’ব বিছাৰিম, মোৰ দৃষ্টিত প্ৰতি টো সৃষ্টি কৰ্মৰ স্বীকৃতি হ’ল কৰ্মটোৱে পোৱা এক বিশেষ মাত্ৰা,যি মাত্ৰাই অনাগত দিনত কোনো এজন সৃষ্টি শিল ব্যক্তিক কৰ্মক্ষম হৈ থাকিব অধিক প্ৰেৰণা যোগাই।১৯৯৩/৯৪ চনৰ পৰাই কেৱল মাত্ৰ নাটক চিনেমা ৰ লগতেই লাগি আছোঁ। অন্য চিন্তা কোনো দিনেই কৰা নাই।এই যাত্ৰাত বহু ভাল কাম কৰাৰ সুযোগ পাইছোঁ, কিন্তু স্বীকৃতি ?? হয় যি কোনো কাম এটা মানুহৰ ওচৰলৈ লৈ যোৱা টো একে বাৰে ই সহজ কাম নহয়।দীৰ্ঘ সময় ৰ সংঘৰ্ষ ৰ অন্তত ব্ৰীজ চিনেমা খনে ঈশ্বৰৰ আশীৰ্বাদ ত মানুহৰ অন্তৰ চুব সক্ষম হ’ল।দেশে -বিদেশে ব্ৰীজ ক আদৰি ল’লে।এই আদৰণিৰেই অহিবলগা দিন বোৰত কাম কৰি যাবলৈ অধিক কৰ্ম প্ৰেৰণা পাম। কিন্তু এয়া মোৰ প্ৰথমটো খোজ ,সন্মুখত অনন্ত পথ এতিয়াও বাকী।

আমাৰ প্ৰশ্ন : প্ৰসংগক্ৰমে আপুনিয়ে কৈছিল — ‘ব্ৰীজ’ক ‘পথেৰ পাঁচালী’ৰ সৈতে তুলনা কৰিছিল কোনো মহোৎসৱৰ সৈতে জড়িত চিত্ৰৰসিকে। বিতংকৈ ক’লে আামাৰ ভাল লাগিব !
কৃপাল কলিতা : এইটো মোৰ বাবে এক অমূল্য পুৰাস্কাৰ।যিখন চিনেমা ৰ নাম ল’লেই শ্ৰদ্ধাত মুৰ দোষ খাই যায় তেনে এখন মহান চিনেমা ৰ লগত ব্ৰীজ ৰ তুলনা নিশ্চয় এক অনন্য স্বীকৃতি। প্ৰতিজন ব্যক্তিৰে এক নিজস্ব দৃষ্টি ভংগী আছে হয়টো তেনে দৃষ্টি ভংগীৰেই চাগে South Asian Film festival of Montreal ৰ ফেষ্টিভেল ডিৰেক্টৰ Dushyant Yajnik ক মহোডয়ে ২০২০ চনৰ ২০ নবেম্বৰ ত হোৱা zoom meeting এই তুলনা কৰিছিল। উল্লেখযোগ্য যে চলচিত্ৰ মহোৎসৱখনৰ লগত সংগতি ৰাখি হোৱা সিদিনাৰ আলোচনা চক্ৰ খনৰ মূল বিষয় আছিল Courageous ordinary Lives in flood prone Assam.আমাৰ চিনেমা ব্ৰীজ ৰ জড়িয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনে এক গুৰুত্বপূৰ্ণ বিষয় এটাই স্হান পোৱা টো নিশ্চয় এক ভাল লগা কথা। গোৱা ত অনুষ্ঠিত 51 International film festival of India (IFFI-2020) ত আমাৰ চিনেমা প্ৰদৰ্শন হোৱাৰ পিছত press information bureau (PIB)ৰ প্ৰেছ মিতটোত অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা হ’ব লাগে বুলি মই সযোৰে দাবি কৰিছিলোঁ। Google বা YouTube ত বিছাৰিলে (IFFI 2020 PIB Bridge ) প্ৰেছ মিতটোত চাব পাৰিব।

আমাৰ প্ৰশ্ন : পূৰ্বে অসমীয়া চিনেমাই দেশ – বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত ইমান গুৰুত্ব পোৱা নাছিল।২০১৯ -২১ সময় চোৱাত যিমান পাইছে! — এই ধাৰণা শুদ্ধ নে ? শেহতীয়া ভাবে একাংশ ‘প্ৰচাৰ মাধ্যম’ত এনে ধাৰণা নিৰ্মাণ কৰা হৈছে — অসমীয়া চিনেমাৰ মান বহু বাঢ়িছে। সেয়েহে অসমীয়া চিনেমাৰ গুৰুত্ব দেশ – বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত বাঢ়িছে বুলি কোৱা হৈছে। আপোনাৰ ধাৰণাত এই ধাৰণা কিমান শুদ্ধ ?
কৃপাল কলিতা : এই কথাটোৰ সত্যতা একেবাৰেই নুই কৰিব নোৱাৰি। কোনো এটা আঞ্চলিক ভাষাৰ চিনেমা ৰ মান বঢ়াই সেই অঞ্চলৰ নিৰ্মাতা সকলে। যাৰ ফলত সেই অঞ্চলৰ চিনেমা ই বিশেষ গুৰুত্ব পাই। আমাৰ মনতএক সহজাত ধাৰণা গঢ় লৈ উঠিছে যে দক্ষিণ ভাৰতত ভাল চিনেমা নিৰ্মাণ হয় বা বেংগলি চিনেমা ৰ এক বিশেষ মৰ্য্যদা আছে।এই ধৰণা প্ৰতিষ্ঠিত হৈছে সেই অঞ্চলৰ অগ্ৰজ মহান চলচ্চিত্ৰ নিৰ্মাতা কেইজনমান ৰ কিছুমান বিশেষ কাম ৰ বাবে। আমাৰ অসম টো শ্ৰদ্ধাৰ ভবেন্দ্ৰ নাথ শইকীয়া, জাহ্নু বৰুৱা,মঞ্জু বৰা, সান্ত্বনা বৰদলৈ, ৰীমা দাস আদি মহান চলচ্চিত্ৰ নিৰ্মাতাই অসমীয়া চিনেমা ক এক সন্মানজনক স্হানত ঠিয় কৰাইছে। যাৰ বাবে দেশ-বিদেশত অসমীয়া চিনেমা ই গুৰুত্ব পাব লৈছে। অসমীয়া চিনেমা ৰ মান সম্পৰ্কে এইটো ক’ব পাৰি যে অসমত বহু মান সম্পন্ন চিনেমা পূৰ্বৰ পৰাই নিৰ্মাণ হৈ আহিছে। অগ্নিস্নান ,সাগৰলৈ বহু দুৰ ,গঙা চিলনীৰ পাখি, অদাহ্য আদি নিসন্দেহে বৰ উন্নত মানৰ চিনেমা।সম্ৰতি কাৰিকৰী দিশত অসমীয়া চিনেমা ই আনভাষাৰ চিনেমা ৰ লগত ফেৰ মাৰিব গৈ থকা পৰিলক্ষিত হৈছে।আন এটা কথা ক’ব পাৰি যে ইন্টাৰনেটৰ সহজ ব্যৱহাৰৰ বাবে দেশী- বিদেশী চলচ্চিত্ৰ মহোৎসৱবোৰ ঢুকি পোৱা টো এতিয়া সম্ভৱ যিটো আগতে বৰ কঠিন কাম আছিল।সেই বাবে হয়টো পূৰ্বৰ তুলনাত এতিয়া দেশ-বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত অসমীয়া চিনেমা ই অংশগ্ৰহণ কৰাৰ অধিক সুযোগ পাইছে। অন্যহাতে এখন চলচ্চিত্ৰ মহোৎসৱত যেতিয়া যিকোনো চিনেমা এখনে স্হান পাব নিশ্চয় সেই চিনেমা খন ভাল চিনেমা ই হ’ব লাগিব। কিয়নো বৰ্তমান সময়ত চলচ্চিত্ৰ মহোৎসৱ বোৰত সমগ্ৰ বিশ্বৰ হাজাৰ ৰ হিচাপত অংশ গ্ৰহণ কৰে কিন্তু মহোৎসৱখনত ৬০/৭০ খন চিনেমা হে নিৰ্বাচিত কৰা হয়।ইমান বোৰ চিনেমা ৰ মাজৰ পৰা স্থান লাভ কৰাটো সহজ কথা নহয়।

আমাৰ প্ৰশ্ন : আপুনি মুকলি মনেৰে কব পাৰিব নে — আজিৰ তাৰিখত অসমীয়া চিনেমাৰ মান আন ভাষাৰ চিনেমাতকৈ কোনো গুণে কম নহয়।

কৃপাল কলিতা : কোনো গুণে কম নহয় বুলি নকৈ আমাৰ চিনেমাৰো মান আছে বুলি কোৱা ভাল হ’ব।সেই বাবেই অসমীয়া চিনেমাই আন ভাষাৰ চিনেমা ৰ লগত সমানে গুৰুত্ব পাব লৈছে। বাজেটৰ সিমাবদ্ধতাৰ বাবে কিছু ক্ষেত্ৰত আমাৰ হাত ভৰি বন্ধা থাকে।অসমৰ বাহিৰলৈ গ’লে যেতিয়া আমাৰ চিনেমা ৰ প্ৰশংসা ওলাই তেতিয়া তেওঁ লোকে সন্মান সহকাৰে আমাৰ চিনেমা ৰ কথা কয়। তেতিয়া অনুভব হয় আমাৰ চিনেমা ৰ মান ভাৰতৰ আন চিনেমাৰ তুলনাত কম নহয়। কিন্তু এই পৰ্য্যয়ৰ পৰা আমি আৰু উন্নতি কৰিব লাগিব।

আমাৰ প্ৰশ্ন : আজিৰ তাৰিখত অসমীয়া চিনেমাৰ ‘বিকল্প বজাৰ’ কেনেদৰে চিন্তা কৰিব পাৰি ?
কৃপাল কলিতা : ৰাজ্যত ১০০ টা যি মিনি চিত্ৰ গৃহৰ কথা দশক দশক ধৰি কৈ অহা হৈছে সেয়া বজাৰৰ ক্ষেত্ৰত বাস্তৱ সন্মত প্ৰস্তাৱ। চিনেমা ৰ মৰ্য্যদা ছবি গৃহতহে মোবাইল ফোন ত নিশ্চয় নহয় । আনহাতে বহু উন্নত মানৰ চিনেমা কৰিলে বজাৰ খন নিজৰ ৰাজ্য খনতে সিমিত হৈ নাথাকে, বিশ্বব্যাপী হ’ব পাৰে।এই ক্ষেত্ৰত আমি চৰকাৰৰ মুখলৈ চাই থকাৰ বাহিৰে গত্যন্তৰ নাই।

আমাৰ প্ৰশ্ন : আপোনাৰ ধাৰণাত চিনেমা দৰ্শকৰ বাবে নে বঁটাৰ বাবে ?
কৃপাল কলিতা : চিনেমা নিশ্চয় দৰ্শকৰ বাবেই।যি কোনো মাধ্যমেৰে ই দৰ্শকৰ ওচৰ চাপেই। চলচ্চিত্ৰ মহোৎসৱবোৰটো দৰ্শকে চিনেমা চাই। আমাৰ ব্ৰীজ এতিয়া লৈ ৩৫ টা চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে। প্ৰতিটো মহোৎসৱত অতি কমেও ২০০০ কৈ দৰ্শক হ’লেও পৃথিৱীৰ প্ৰায় ৭০ হাজাৰ দৰ্শকে চিনেমা খন চালে। কম বাজেটৰ চিনেমা ৰ ক্ষেত্ৰত বঁটাই চিনেমা এখনক আৰু অধিক দৰ্শকৰ মনোযোগ আকৰ্ষণৰ সহায়ক হয় আৰু এক মৰ্য্যদা প্ৰদান কৰে।
আমাৰ প্ৰশ্ন : আপোনাৰ পৰিচালনা শৈলীক আপুনি কেনেদৰে বিশ্লেষন কৰিব ?
কৃপাল কলিতা : মোৰ পৰিচালনা শৈলী দৰ্শকে বিশ্লেষণ কৰিব , মই মোৰ বিচাৰকৰ কেনেদৰে হ’ম?
নিজৰ নিৰ্মাণ শৈলী ৰ ক্ষেত্ৰত এটা কথাই ক’ব বিছাৰিম যিহেতু মই কোনো পঢ়াশালি ৰ পৰা চিনেমা নিৰ্মাণ কৌশল আয়ত্ব কৰা নাই গতিকে যি কৰো আনক দেখি শুনি পঢ়ি নিজৰ অনুভবেৰে কৰোঁ।প্ৰতিটো কামৰ নিৰ্মাণ শৈলী চিত্ৰনাট্য খনৰ ওপৰত নিৰ্ভৰ কৰে।Red to Black নামৰ চুটি চিনেমা খনত এটাও সংলাপ ব্যৱহাৰ কৰা নাছিলোঁ।আন কাম বোৰত সংলাপ ৰ ব্যৱহাৰ বা কেমেৰাৰ ব্যৱহাৰ আদি বেলেগ হয় বা হৈছে। মই বিশ্বাস কৰো সৃষ্টিশীল ব্যক্তি কোনো এটা বদ্ধমূল ধাৰণা ত বন্দী হৈ থকাটো উচিত নহয়।
আমাৰ প্ৰশ্ন : আমাৰ ধাৰণাত অসমত আজিৰ তাৰিখতো ‘চিনেমা’ৰ শুদ্ধ ধাৰণাৰে চিনেমাৰ বিশুদ্ধ চৰ্চা হয় বুলি কব নোৱাৰি। ফলত ‘অসমীয়া চিনেমা’ৰ ক্ষতি হোৱা নাই নে?
কৃপাল কলিতা : মোৰ দৃষ্টিৰে সৃষ্টিশিল কৰ্ম কোনো ফৰমুলাত বন্দী নহয় । চিনেমা এনেকুৱাই হ’ব লাগিব বুলি কোনো নিৰ্দিষ্ট সূত্ৰ মই ভাবো নাই ।কিয়নো বিশ্বৰ বাৰণ্য নিৰ্মাতা সকলে এই কথাটো প্ৰতিয়মান কৰি গৈছে। কোনোবাই এটা শ্বটেৰেই চিনেমা ৰ সৰ্বাধিক দৈৰ্ঘ্যৰ ফুটেজ ব্যৱহাৰ কৰিছে।গদফাদাৰৰ দৰে চিনেমাত অনৰ্গল সংলাপ ব্যৱহাৰ কৰিও ক্লাচিক হৈ পৰিছে এনেকুৱা উদাহৰণ অলেখ ওলাব। মূল কথাটো হ’ল বিশ্বাস যোগ্যতা।যিটো কামে মানুহৰ মনত বিশ্বাস জন্মাব পাৰিছে সেইটোৱেই সফল কাম । চিনেমা ত মানুহৰ মুখৰ ভাষাত কৈ কেমেৰাৰ ভাষাৰ গুৰুত্ব বহুত বেছি।
আমি আনক দেখি শিকোঁ বা ভুল কৰি কৰি শিকোঁ । আমাৰ শিকনি নিশ্চয় এদিন পুৰঠ হ’ব তেতিয়া আমাৰ অসমীয়া চিনেমা ও বিশুদ্ধ চৰ্চা হোৱা বুলি চৰ্চিত হ’ব।

]]>
https://rupaliparda.com/archives/28750/feed 0 28750
“এই ভোকটো মৃত্যুৰ আগমুহূৰ্তলৈ প্ৰয়োজনবোধ কৰোঁ”- টীম OLaCrazy https://rupaliparda.com/archives/28585 https://rupaliparda.com/archives/28585#respond Tue, 05 Oct 2021 05:30:00 +0000 https://rupaliparda.com/?p=28585 বিজ্ঞানভিত্তিক এই সময়ছোৱাত জনসাধাৰণক কিছু বিনোদনৰ অৱকাশ দিয়াটো বৰ জৰুৰী হৈ পৰিছে। সম্প্ৰতি সময়ছোৱাৰ যান্ত্ৰিকতাৰ মাজত জীৱনপ্ৰণালী অব্যাহত ৰখা একোজন ব্যক্তিবিশেষক হহুঁৱাটো বৰ কষ্টকৰ হৈ পৰিছে। তাৰ মাজতো একাংশই নিজ প্ৰচেষ্টাৰে জনসাধাৰণক হহুঁৱাবলৈ অথবা ব্যংগাত্মক ৰসেৰে জীৱনটো আগবঢ়াই নিবলৈ দিয়া অকণমান সঁহাৰিয়ে আচলতে বৰ সকাহ দিছে সকলোকে। কমেডী; যি এনে এক বিষয় যিটোক জোৰ কৰি কৰিবও নোৱাৰি আৰু জোৰ কৰি সেইটোৰ দ্বাৰা কোনো জন লোকক হহুঁৱাবও নোৱাৰি। কমেডী কৰিবলৈ এটা নিৰ্দ্দিষ্ট সময়, উপস্থিত বুদ্ধি আৰু প্ৰত্যুৎপন্নমতি হোৱাৰ খুবেই প্ৰয়োজন হয়। হিন্দী ক্ষেত্ৰখনত এনে কমেডিয়ান আমি বহু দেখিছো; ৰাজু শ্ৰীবাস্তৱ অথবা কপিল শৰ্মা ইয়াৰ এক জ্বলন্ত উদাহৰণ। এই দুগৰাকীৰ কমেডীয়ে প্ৰত্যেকগৰাকীকে আমোদ দিছে। ঠিক তেনেধৰণে, অসমীয়া ক্ষেত্ৰখনতো OLaCrazy নামে এক কমেডি গ্ৰুপ আছে; যাৰ অধিকাংশ কমেডী ভিডিঅ’ বৰ্তমান সৰ্বত্ৰে চৰ্চিত। আজি আমি আপোনালোকৰ মাজলৈ কোনো জনপ্ৰিয় কন্ঠশিল্পী, অভিনেতা-অভিনেত্ৰীক লৈ অনা নাই; আজিৰ আমাৰ সাক্ষাৎকাৰ বিশেষত আপোনালোকলৈ লৈ আনিছো OLaCrazy ক। চাওঁচোন আহকঃ

"এই ভোকটো মৃত্যুৰ আগমুহূৰ্তলৈ প্ৰয়োজনবোধ কৰোঁ"- টীম OLaCrazy 2

প্ৰশ্নঃ OLaCrazy গ্ৰুপটোৰ আৰম্ভণি কেতিয়া আৰু কেনেকৈ?

OLaCrazyঃ OLaCrazy জন্ম হোৱাৰ আগত আমাৰ মনত জন্ম লৈছিল কিবা এটা কৰাৰ দূৰ্বাৰ হেঁপাহ; যাৰ দ্বাৰা আমি এটা পৰিচয় গঢ় লৈ তুলিব পাৰোঁ । আৰু, তাৰপিছতেই আমাৰ সৰু সৰু পাগলামিয়ে জন্ম দিছিল “OLaCrazy” নামৰ এই গ্ৰুপটো; আজি প্ৰায় তিনিটা বছৰৰ বেছি হ’ল OLaCrazyৰ। আমাৰ গ্ৰুপটো জন্ম লাভ কৰাৰ প্ৰথমচোৱাৰ পৰা আজিলৈ আমি এটা হাঁহিৰ হকে কাম কৰি আহিছোঁ আৰু আপোনালোকৰ আশীৰ্বাদৰ লগত আগলৈও এনেদৰে চেষ্টা কৰি যাম।

"এই ভোকটো মৃত্যুৰ আগমুহূৰ্তলৈ প্ৰয়োজনবোধ কৰোঁ"- টীম OLaCrazy 3

প্ৰশ্নঃ জনসাধাৰণক আমোদ প্ৰদান কৰাৰ উপৰিও আপোনালোকৰ কোনো অইন উদ্দেশ্য??

OLaCrazyঃ আমাৰ অসমত এনেকুৱা এচাম মানুহ আছে যাৰ হাতত মোবাইলটো আছে কিন্তু শিক্ষা বা জ্ঞানৰ যথেষ্ট অভাৱ ! সেইবাবে, আমি সকলো “Creator” য়ে এইটো চোৱা উচিত যে জনসাধাৰণে যাতে আমি প্ৰস্তুত কৰি উলিওৱা ভিডিঅ’ সমূহৰ পৰা আমোদৰ জৰিয়তে অলপ কিবা ভাল বস্তু শিকে; সমান্তৰালকৈ, “OLaCrazy” ৰ জৰিয়তে কোনোবা অসুস্থ লোকক অকণমান সঁহাৰি নাইবা যিকোনো সহায় কৰিবলৈ আমি চেষ্টা কৰি আহিছোঁ। আমাৰ এই চেষ্টা অব্যাহত আছে মাথোঁ আমাৰ অসমখন আৰু বেছি ভাল কৰা স্বাৰ্থত !

"এই ভোকটো মৃত্যুৰ আগমুহূৰ্তলৈ প্ৰয়োজনবোধ কৰোঁ"- টীম OLaCrazy 4

প্ৰশ্নঃ “শিল্পী” শব্দটোৰ যদি সৰুকৈ সংজ্ঞা বিচৰা হয়; তেতিয়াহ’লে আপোনালোকৰ মতে কি হ’ব?

OLaCrazyঃ “শিল্পী” শব্দটো আচলতে এটা বহুত ডাঙৰ শব্দ; কিন্তু আজিকালি প্ৰায়ভাগে নিজকে নিজাববীয়াকৈ এই শব্দটোৰ অধিকাৰী বুলি ভাৱে। আচলতে, অসমত “শিল্পী”ৰ এটা বাস্তৱ উদাহৰণ বুলি ক’লে অতি কম সংখ্যকহে জনা যায়। গতিকে,এই বিষয়ত সম্প্ৰতি সময়ৰ “শিল্পী” ৰ সংজ্ঞা দিবলৈ আমি অপাৰগ।

প্ৰশ্নঃ গ্ৰুপটোক লৈ আপোনালোকৰ আগন্তুক পৰিকল্পনা কেনেধৰণৰ??

OLaCrazyঃ পৰিকল্পনা বুলি ক’বলৈ গ’লে এটা বেলেগ ধৰণে অসমৰ সাংস্কৃতিক জগত খনক আগবঢ়াই নিব চেষ্টা কৰিম; নতুন বহুত কাম কৰি আছো আৰু ভাল ভাল কাম কৰি যাব চেষ্টা কৰিম। এইখিনিতে এটা কথা আমি ক’বই লাগিব যে আমাৰ কোনোধৰণৰ স্থিৰ লক্ষ্য নাই কাৰণ আমি ভাবোঁ সেই লক্ষ্যটোত উপনীত হোৱাৰ পিছত জীৱনটো শেষ যেন অনুভৱ হয় ! ইংৰাজীত ক’ব গ’লে মানুহৰ “Comfort zone” থাকিব নালাগে কাৰণ তেতিয়া কিবা এটা পাবলৈ বা কিবা এটা কৰিবলৈ “ভোক” থাকে আৰু এই ভোকটো মৃত্যুৰ আগমুহূৰ্তলৈ প্ৰয়োজনবোধ কৰোঁ !

"এই ভোকটো মৃত্যুৰ আগমুহূৰ্তলৈ প্ৰয়োজনবোধ কৰোঁ"- টীম OLaCrazy 5

প্ৰশ্নঃ সমাজৰ প্ৰতি আপোনালোকৰ কি দায়বদ্ধতা আছে বুলি আপোনালোকে ভাবে?

OLaCrazyঃ সমাজখনৰ কথা কিনো ক’ম! আজি এটা কিবা এটা; কাইলৈ বেলেগ এটা। আমি সমাজখনক এটা সুস্থিৰ দিশত আগবঢ়াই নিব খোজোঁ কাৰণ আমি বিচাৰোঁ আমাৰ অসমখনক আগবঢ়াই নিব ! এতিয়া দায়বদ্ধতা বুলি ক’লে, সমাজ বুলি কোৱাৰ আগত আজি অসমত ভিন্ন জাতি বা ভিন্ন ভাষাৰ বাবে সমাজ একোখন গঢ় লৈ উঠিছে; আৰু ইয়াৰ বাবদ আমাৰ অসম খন দূৰ্বল হৈ যায় আছে। সমাজ বুলি কোৱাৰ আগত আমি এজন এজন প্ৰকৃত মানুহ হোৱা উচিত তাৰ পিছত আমি সকলোৱে এখন ভাল সমাজ দেখিবলৈ পাম।

"এই ভোকটো মৃত্যুৰ আগমুহূৰ্তলৈ প্ৰয়োজনবোধ কৰোঁ"- টীম OLaCrazy 6

ৰূপালীপৰ্দাঃ ধন্যবাদ OLaCrazy; আপোনালোকৰ আগন্তুক প্ৰতিটো পৰিকল্পনা সফল হওঁক।

OLaCrazyঃ ধন্যবাদ ৰূপালীপৰ্দা।

]]>
https://rupaliparda.com/archives/28585/feed 0 28585
| ৰাফ cut : বিশ্বজিত বৰা…||– উৎপল মেনা https://rupaliparda.com/archives/28335 https://rupaliparda.com/archives/28335#respond Wed, 08 Sep 2021 07:20:48 +0000 https://rupaliparda.com/?p=28335 আমাৰ প্ৰশ্ন : আপোনাৰ পৰিচালনাত নিৰ্মিত ‘বেলকনিত ভগৱান’ৰ সফলতাৰ খবৰে আমাক আনন্দ দিছে।আপোনাক অভিনন্দন জনাইছো। কিন্তু আমি দোমোজাত আছো — সফলতাক লৈ। গতিকে প্ৰথমে সফলতাৰ ব্যাখ্যা বিচাৰিছো।
বিশ্বজিত : ধন্যবাদ। চিনেমা খনৰ সফলতা বিফলতাৰ মাপকাঠি নিৰ্নয় কৰিবলৈ কিছুদিনৰ প্ৰয়োজন হব বুলি ভাবো, যিহেতু এই ছবিখন নিৰ্মান কৰা হৈছিল এটা নিদিষ্ট পৰিকল্পনা আগত ৰাখি, সেই হিচাপত ইয়াৰ পৰিসমাপ্তি ঘটা নাই। নিৰ্মানৰ পিছতেই ছবি খন আগশাৰীৰ চলচ্চিত্ৰ মহোৎসৱত পঠিওৱাৰ বাবে ব্যবস্থা হৈছিল। সেইমতে আমি আশা কৰিছিলো ‘WORLD PREMIERE’ এটা ভাল মহোৎসৱত হওক, তেনেদৰেই ‘কলকাতা আন্ত:ৰাস্ত্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ যোগেদি আৰম্ভ হৈছিল আৰু আমাৰ পৰিকল্পনা মতেই ছবি খন পৃথিৱীৰ বিভিন্ন ঠাইত নিৰ্বাচিত হৈ না না সন্মান বুটলি আছে। যিহেতু বহু কেইখন ৰাষ্ট্ৰত আমি যোৱাৰ সুবিধা লাভ কৰিছিলো, কিন্তু ক’ৰোণা মহামাৰীৰ বাবে সেইয়া সম্ভৱ নহল, সেইয়া আমাৰ বাবে হৈ পৰিল অতিকৈ দুৰ্ভাগ্যজনক। কাৰন এখন আগশাৰীৰ মহোৎসৱত পৃথিৱীৰ না না DISTRIBUTION COMPANY লগ কৰাৰ এটা পৰিবেশ সৃষ্টি হয় আৰু ছবি খন বিভিন্ন দেশৰ TERITORY ত বিক্ৰীৰ এক সুবিধা হোৱাৰ সম্ভাবনা বোৰ আমি কিছু হলেও হেৰুৱালো কৰুনাৰ বাবে। তথাপিও আমি ‘বেলকনিৰ ভগৱান’ৰ overseas কথা চলিছে আৰু খুব সোনকালে জনাব পাৰিম। ছবি খন আন্ত:ৰাষ্ট্ৰিয় ভাবে সফল এইবাবেই হৈছে, যিহেতু কাহিনী ভাগত যি দেখুৱাব বিছাৰিছো, সেইয়া বৰ্তমান ক’ৰোণাৰ বাবে পৃথিৱীৰ বহু লোকে এনে পৰিষ্টিতিক হৃদয়ংগম কৰিব পাৰিব আৰু ইয়াৰ চৰিত্ৰ বোৰ RELATE কৰিব পাৰিব। সেই হিছাপত এজন কাহিনীকাৰ আৰু পৰিচালক হিচাপে আমি খুবেই সফলতা পাইছো। কিন্তু নিজে সম্পুৰ্ণ সফল হোৱা বুলি তেতিয়া ভাবিম ,যেতিয়া প্ৰযোজকে ছবিত লগোৱা পইচা খিনিৰ উপৰিও কিছু পইছা বেছিকৈ পায়। সেয়েহে ‘বেলকনিত ভগৱান’ ৰ এই যাত্ৰা শেষ হোৱা নাই, ছবি খন সৰ্বভাৰতীয় পৰ্য্যায়ত জনপ্ৰিয় হৈছে, সেইবাবে খুব ভাল এটা খবৰ আহিব বুলি আমি বিশ্বাস ৰাখিছো।

আমাৰ প্ৰশ্ন : পূৰ্বে অসমীয়া চিনেমাই দেশ – বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত ইমান গুৰুত্ব পোৱা নাছিল।২০১৯ -২১ সময় চোৱাত যিমান পাইছে! — এই ধাৰণা শুদ্ধ নে ? শেহতীয়া ভাবে একাংশ ‘প্ৰচাৰ মাধ্যম’ত এনে ধাৰণা নিৰ্মাণ কৰা হৈছে — অসমীয়া চিনেমাৰ মান বহু বাঢ়িছে। সেয়েহে অসমীয়া চিনেমাৰ গুৰুত্ব দেশ – বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত বাঢ়িছে বুলি কোৱা হৈছে। আপোনাৰ ধাৰণাত এই ধাৰণা কিমান শুদ্ধ ?

বিশ্বজিত : আগৰ সময় খিনিত পৰিবেশ বেলেগ আছিল, যোগাযোগৰ পৰিৱেশ নাছিল, ইণ্টাৰ নেট নাছিল। বহু কষ্টৰ বলত যি সকলে এই সফলতা লাভ কৰিছিল সেইয়া ধন্যবাদ আৰু সন্মানৰ যোগ্য। পিছে আজিৰ পৃথিৱীখন যিহেতু বিশ্বায়েনে কাষ চাপি আনিলে, সেইবাবে আৰম্ভ হ’ল সৰু ডাঙৰ বহু চলচ্চিত্ৰ মহোৎসৱৰ। সেই সমুহত আজিকালি কিছু পইচা খৰছ কৰিয়েই অংশগ্ৰহন কৰিব পাৰি, তাৰেই প্ৰায় ৫,০০০ ৰ অধিক এনে চলচ্চিত্ৰ মহোৎসৱ অনুষ্টান আছে যি বোৰ অনুষ্টিত কৰা হয় মাহে মাহে, এনে মহোৎসৱো আছে, যি বোৰত আজিয়েই অংশগ্ৰহন কৰি কাইলৈ এটা এৱাৰ্ড পাবলৈ সক্ষম হয়। কিছুমান এনে চলচ্চিত্ৰ মহোৎসৱ আছে, সেইবিলাকত কোনো ধৰনৰ চলচ্চিত্ৰ প্ৰদৰ্শনৰ সুবিধা নাই, মাত্ৰ তেওলোকে ‘Official Selection’ আৰু কিছুমান মাত্ৰ ‘Award’ দি তাতে সমাপ্ত কৰে, তাৰ বাবদ তেওঁলোকে এটা পইছা লয়। কিন্তু এই মহোৎসৱ বোৰত অংশগ্ৰহন কৰি আত্মসন্তুষ্টিৰ বাদে অন্য একো লাভ নহয় । কিন্তু আজিকালি ‘সামাজিক মাধ্যম’বোৰৰ যোগেদি সেইয়া প্ৰচাৰ কৰি ছবি খনৰ বিষয়ে ৰাইজক জনোৱা হয় ঠিকেই কিন্তু সেইয়া সামগ্ৰিক ভাবে ‘এখন চলচ্চিত্ৰ সমাজ অথবা উদ্যোগ’ ৰ মানদণ্ড বাঢ়িছে বুলি কলে ভুল হব। প্ৰচাৰ মাধ্যমত সেইয়া বাতৰি যুগুতোৱা সকলে আৰু বাতৰি পঢ়া সকলেও বুজি উঠিব লাগে যে কোনটো মহোৎসৱ কি বা কি মানদণ্ডৰ। এটা বাতৰি পৰিবেশন কৰাৰ আগতে আজিকালি এটা মিনিটৰ ভিতৰতে নিজৰ ‘স্মাৰ্ট’ ফোনৰ যোগেদি সেইয়া ভালকৈ খুছৰি চালেই ওলাই পৰে।
মোৰ ধাৰণাত দেশ বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত অসমীয়া চিনেমাৰ উন্নতি তেতিয়াহে দেখিম যেতিয়া কাৰিকৰী মানদণ্ড, কাহিনীৰ উপস্থাপন, সামগ্ৰিক পৰিকল্পনাৰে পৰিপুষ্ট এখন অসমীয়া ছবিয়ে বিদেশৰ ‘A CLASS’ ফেষ্টিভেলত অন্তৰ্ভুক্ত হয় । আৰু দৰ্শক ৰাইজৰ মন জয় কৰে।

আমাৰ প্ৰশ্ন : প্ৰসংগক্ৰমে এগৰাকী পৰিচালকে ক’লে — কোনো এটা মহোৎসৱৰ জুৰি এগৰাকীয়ে হেনো ক’লে , তেওঁৰ অসমীয়া চিনেমা খন ‘পথেৰ পাঁচালী’ৰ পৰ্যায়ৰ। আমাৰ প্ৰশ্ন : অসমীয়া চিনেমাই যদি ‘পথেৰ পাঁচালী’ৰ পৰ্যায় পাইছে , দেশ – বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে পকেটৰ ধন খৰচ কৰিবলৈ বাধ্য হৈছে কিয়?

বিশ্বজিত : মোৰ বাবে সেইয়া সপোন এক সপোন, আমি তেনে চিনেমা দেখা নাই আজিৰ তাৰিখত। সেই তুলনা অমুলক আৰু তাক লৈ শান্তি লভিলে আমি যে কিমান পিছলৈ গুছি গৈ আছো সেইয়াই প্ৰমান কৰে, এই একবিশং শতিকাত পৃথিৱীৰ বিভিন্ন চলচ্চিত্ৰ সমুহ চাই এটা কথায়ে বুজিছো — আমি কি পৰ্যায়ত আছো, আমি বেলেগ নেলাগে, কাষৰে বাংলাদেশৰ দুখন মান চলচ্চিত্ৰ চালেই গম পাম যে, সেই পৰ্যায় পাবলৈ আমি যে কঠোৰ পৰিশ্ৰম কৰিব লাগিব । সহজতে বাহ বাহ লোৱাৰ প্ৰবনতা আৰু মই বৰ এক মনোবৃতিৰ বাবেই আজি আমি বেছি আগবাঢ়িব পৰা নাই। — দেশ – বিদেশৰ চলচ্চিত্ৰ মহোৎসৱৰ প্ৰায় মহোৎসবতেই অন্তভুক্তিৰ বাবে এটা ‘FEES’ লোৱা হয়, কেতিয়াবা বিভিন্ন সমস্যা বা পইছাৰ অসুবিধাৰ কাৰন দৰ্শালে অথবা কাহিনী বা ছবিৰ এটা সম্ভাৱনা দেখিলে মহোৎসৱৰ ফালৰ পৰা কেতিয়াবা ‘Fees’ টো ‘Waived off’ কৰি দিয়ে নিৰ্মাতা জনক। আকৌ ছবি খনে যদি এটা বিশেষ চৰ্চা লাভ কৰে, তেতিয়া বিভিন্ন মহোৎসৱে নিজেই আমন্ত্ৰন দিয়ে। আমাৰ ‘বেলকনিত ভগৱানে”ও তেনেদৰে আমন্ত্ৰন পাইছে। কিন্তু আমি ভাবো – চলচ্চিত্ৰ মহোৎসৱত ছবি প্ৰদৰ্শন কৰিবলৈ ছবি নিৰ্মাতা জনৰ পৃথিৱীৰ বিভিন্ন SALES, MARKETING & DISTRIBUTION ৰ কোম্পানী বোৰৰ লগত সম্পৰ্ক স্থাপন হয়, ভাব বিনিময় হয় আৰু তাৰ ফলত ছবি খনৰ OVERSEAS বেছিবলৈ সুবিধা হয়। সেইয়া অসমীয়া ছবিৰ ক্ষেত্ৰত খুবেই কম হৈছে, সেইয়া সম্ভব হলে, প্ৰযোজকৰ হাতলৈ এটা ভাল অংশ আহিব।

আমাৰ প্ৰশ্ন : আজিৰ তাৰিখত অসমীয়া চিনেমাৰ ‘বিকল্প বজাৰ’ কেনেদৰে চিন্তা কৰিব পাৰি ?

বিশ্বজিত : আমি ভাবো চিনেমাৰ কাহিনী, অভিনয়ৰ লগতে কাৰিকৰী মানদণ্ড ভাল হব লাগিবই, সেইয়া কৰিবলৈ হলে – ছবি ভাল ধৰনে নিৰ্মান কৰিবলৈ জনা মানুহ হব লাগিব, আৰু সেই চলচ্চিত্ৰ খনত থকা ‘প্ৰডাক’ টোক বেছিবলৈ মাৰ্কেটিং জ্ঞান এজন প্ৰযোজকৰ থাকিব লাগিব। আজি কালি চিনেমা বেচা মেলাৰ বিভিন্ন উপাই আৰু পথ আছে, সেই বোৰ গ্ৰহন কৰিবলৈ নিজৰ সময়ৰ লগতে ‘MARKETING STRATEGIES’ বনাব লাগিব। টকা থাকিলেই অকল লোকৰ ওপৰত এৰি দি ‘টকা গলেও যাব, মোক সমাজত নামহে লাগে’ জাতীয় প্ৰযোজক আমাক নেলাগে আৰু সেইবোৰে গৈ ‘সমগ্ৰ চিনেমা জগত’ খনকে ক্ষতি কৰে। লগতে চৰকাৰৰ এটা ডাঙৰ ভুমিকা লাগিব । কিন্তু আমি আচৰিত হওঁ — প্ৰায় দলৰে চৰকাৰ নহওক কিয় , চিনেমা জনা মানুহৰ হাতত নিৰ্দিষ্ট বিভাগটো নাথাকে । আমাৰ ধাৰণাত অসমীয়া চিনেমাৰ উন্নতিৰ বাবে প্ৰয়োজন –
১) মিনি চিনেমা হল।
২) Marketing strategies
৩) চিনেমাৰ কাৰীকৰি দিশ উন্নীত কৰন।
৪) Visionary producers
৫) ভাল online platforms .

আমাৰ প্ৰশ্ন : আপোনাৰ পৰিচালনা শৈলীক আপুনি কেনেদৰে বিশ্লেষন কৰিব ?

বাশ্বজিত : আমি শিকি আছো। শেহতিয়াকৈ বাহিৰৰ চিনেমা বোৰ বেছিকৈ চাইছো। নিজৰ শৈলী যে ইমান পিছ পৰি আছে, সেইয়া কেনেকৈ পৰবৰ্তি সময়ত নাইকিয়া কৰিব পাৰো, তাৰে চেষ্টাত আছো ।

আমাৰ প্ৰশ্ন : দেশ – বিদেশৰ কেইবাখনো চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হোৱা , বঁটা পোৱা ৭ লাখ টকা বাজেটৰ ‘ হালধীয়া চৰায়ে বাঁও ধান খায় ‘ -এ ১ কোটি টকাৰো বেছি ব্যৱসায় কৰিছিল । ১৯ ৮৭ – ১৯৮৮ চনত । শেহতীয়া ভাবে ২৫ – ৫০ টা চলচ্চিত্ৰ মহোৎসৱ ‘ জয় ‘ কৰা অসমীয়া চিনেমা কেইখনে ১০ হাজাৰো টকাও ব্যৱসায় কৰিব পৰা নাই কিয় ?

বিশ্বজিত : এই প্ৰশ্নৰ উওৰ বহু খিনি আমি আগত দিছো। সেইসময়ৰ পৰিবেশ বেলেগ আছিল। আজিৰ তাৰিখত এটি ‘A’ লিষ্ট ফেস্তিভেলত প্ৰায় ১০,০০০ হাজাৰ সৰু বৰ চিনেমাৰ ‘এণ্টি’ হয়, আৰু তাৰ ভিতৰত মাত্ৰ ২০০/৩০০ খন চিনেমাৰ ‘অফিছিয়েল অন্তৰ্ভুক্তি’ হয়। সেইবোৰ মহোৎসৱলৈ পৃথিৱীৰ বিভিন্ন ঠাইৰ ‘SALES, MARKETING & DISTRIBUTION’ ৰ মানুহ আহে, সেইবোৰ মানুহক আকৰ্শিত কৰিবলৈস অথবা তেওঁলোকক সেই চিনেমা খনৰ কথা জনাবলৈ আগবাঢ়ি যাব লাগিব, কথা হব লাগিব আৰু সেইয়া কৰিবলৈ পইচাৰো কথা আহিব। ঠিক তেনেকৈ আজি কালি বহু ‘INDEPENDENT CINEMA’ ৰ কাহিনী, চিত্ৰনাট্যৰ সময়ৰ পৰাই বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত আয়োজন কৰা ‘ফিল্ম বজাৰ’ বোৰত অন্তৰ্ভুক্ত হবলৈ সুবিধা পায়, যাৰ ফলত সেইবোৰ ‘STEP BY STEP’ এই চলচ্চিত্ৰ মহোৎসৱ বোৰত অন্তৰ্ভুক্তি হবলৈ বাট বোৰ খোল খাই গৈ থাকে, লগতে ফেস্তিভেল বোৰৰ ‘প্ৰগেমাৰ’ বোৰৰ চকুত সেইবোৰ চিনেমাই আগস্থান পাই, তাৰ লগতে সেই সময়তেই ‘এজন INTERNATIONAL SALES AGENT’ ৰ যদি অন্তৰ্ভুক্তি হয়, তেতিয়া চিনেমা খন ‘SECURE’হৈ পৰে আৰু যথেষ্ট পইছা ঘটিবলৈও সমৰ্থ হয়। কৈছোঁ – প্ৰকৃত প্ৰদৰ্শনৰ ব্যবস্থা থকা ‘ভাল মহোৎসৱ’ বোৰৰ কথা। আৰু টকা সেইবাবে ঘটাৰ সম্ভৱনা নথকা নহয়। কিন্তু বাকী কিছুমান মহোৎসৱলৈ ২০/৩০ টা নেলাগে ১০০ টাত গ’লেও বিশেষ একো লাভ নহয় , মাত্ৰ সেইয়া লোকেল মিডিয়াত জনপ্ৰিয় কৰি নিজৰ ঠাইত এটা ভাল ‘ৰিলিজ’ দিয়াৰ বাদে।

আমাৰ প্ৰশ্ন : আমাৰ ধাৰণাত অসমত আজিৰ তাৰিখতো ‘চিনেমা’ৰ শুদ্ধ ধাৰণাৰে চিনেমাৰ বিশুদ্ধ চৰ্চা হয় বুলি কব নোৱাৰি। ফলত ‘অসমীয়া চিনেমা’ৰ ক্ষতি হোৱা নাই নে?

বিশ্বজিত : একেবাৰে সছাঁ । আৰু পোনপটিয়া কৈ কবলৈ গলে অসমত ‘লবি কেন্দ্ৰিক’ চিনেমাৰ ৰাজনীতি হয়। আমি এইটোও শুনো যে – লোকেল মাৰ্কেটত বিফল বহু ব্যক্তিয়ে ‘নেচনেল এৱাৰ্ড, ইণ্ডিয়ান পেনোৰামাত’ যথেষ্ট প্ৰভুত্ত খটুৱাই পট পৰিবৰ্তন কৰে। কিন্তু তেওঁলোকৰ প্ৰভাব অসমীয়া ৰাইজৰ মাজত নাই! আচলতে নিজে কৰিব নোৱাৰি আনৰ ‘কাম বোৰ’ সহ্য নহৈ মনৰ মাজত থকা সেই ‘FRUSTRATION’ টোৰ বাবেই কিছু মান চিনেমাৰ লগত জড়িত ব্যক্তিয়ে এইবোৰ কাম কৰে। মই ভাবো চিনেমা নিৰ্মাতা হবলৈ প্ৰথম এজন ভাল মানুহ আৰু অনুভৱি ব্যক্তি হব লাগিব । আমি তথাপি আশাবাদী, নতুন প্ৰযন্ম আজি অতিকৈ ‘সৃষ্টিশীল’, তেওঁলোকক ভালকৈ আগবঢ়াই নিলে আমাৰ ‘অসমীয়া চিনেমা’ ৰ বাট সোনালী হব।

আমাৰ প্ৰশ্ন : ভাৰতীয় চিনেমা ‘ মজবুট হোৱাৰ আঁৰত এক চিনেশক্তিয়ে পৰিশ্ৰম কৰিছিল । এক চিনেশক্তিৰ নাম — ‘ কলিকতা ফিল্ম ছোচাইটি ‘। ১৯৪৭ চনত সত্যজিৎ ৰায়ৰ নেতৃত্বত স্থাপিত হৈছিল । উদেশ্য নিৰ্মল চিনে চৰ্চাৰে চিনেশিল্পৰ উত্তৰণৰ পথ প্ৰসস্থ কৰা । সংবাদ মাধ্যমত বা আন কোনো মাধ্যমত হোৱা ‘ভুল চিনে চৰ্চা’ৰ বিৰুদ্ধেও ‘কলিকতা ফিল্ম ছোচাইটি’য়ে ঠিয় দিছিল। আজি অসমতো এনে ধৰণৰ ‘ফিল্ম ছোচাইটি’ৰ প্ৰয়োজন। — আপুনি কি কয় ?

বিশ্বজিত : অসমীয়া চিনেমাৰ চিন্তাৰ উওৰনৰ বাবে আমি কিবা কৰাৰ মানসেৰে যদি আমি এটা অনুষ্টান জন্ম দিও আৰু সেইয়া ব্যক্তিগত আক্ৰোশৰ এক আশ্ৰয় নহৈ এক সাৱলীল আৰু সকলোৰে গ্ৰহনযোগ্য অনুষ্টান হয়, যাৰ ফলত আমাৰ অসমীয় চিনেমাৰ প্ৰসাৰ আমি দেখিব পাৰো। অসমত আমি এনে এক সুষ্ঠিৰ চিনে চৰ্চা কৰা অনুষ্ঠান আশা কৰো যি ভাল চিনে চিন্তাৰে পৰিপুষ্ট হৈ নতুন প্ৰজন্মক আগুৱাই লৈ যাব পাৰে।

]]>
https://rupaliparda.com/archives/28335/feed 0 28335
“দেহা থকা লৈকে নিজৰ কৃষ্টি সংস্কৃতি এই বৰ্ণিল যাত্ৰা অব্যাহত থাকিব”- পূৰ্ণ প্ৰতিম বৰচুতিয়া https://rupaliparda.com/archives/28182 https://rupaliparda.com/archives/28182#respond Sun, 29 Aug 2021 06:30:00 +0000 https://rupaliparda.com/?p=28182 প্ৰতিদিনেই দেখা নতুনত্ববোৰে আমাক উৎসাহিত কৰি ৰাখে; আমি দৈনন্দিন জীৱনতো এই নতুনত্ববোৰ অনুভৱ কৰিবলৈ উৎসাহী হৈ থাকো। মনোৰঞ্জন ক্ষেত্ৰখনো ঠিক তেনেকুৱাই; আমি শেহতীয়াকৈ ইয়াত প্ৰতিদিনেই নতুনত্ববোৰ দেখিছো, অনুভৱ কৰিছো। নতুনত্ববোৰ অনাত অহৰহ প্ৰয়াস কৰিছে নৱপ্ৰজন্মইহে; তেওঁলোকৰ চেষ্টাই যাতে জনসাধাৰণক আকৰ্ষণ কৰিব পাৰে তাৰেই প্ৰয়াসত ব্যস্ত থাকে এওঁলোক। এই নতুনত্বই যদিও কিছুক্ষেত্ৰত পৰিৱৰ্তনৰ সৃষ্টি কৰিছে তৎস্বত্বেও এই পৰিৱৰ্তনে দৰ্শক-শ্ৰোতাৰ বাবে আমোদৰ বাটো মুকলি কৰিছে। সংগীতৰ ন-ন সংস্কৰণে বৰ্তমান আকৰ্ষণ কৰিছে জনসাধাৰণক। বৰগীতৰ পৰা আৰম্ভ কৰি আমাৰ থলুৱা প্ৰতিটো সংগীতৰ সংস্কৰণক লৈ অসমীয়া শ্ৰোতাৰ বিশেষ মৰম আমি দেখিবলৈ পাওঁ। সংগীতত কন্ঠদান কৰাৰ উপৰিও সংগীতটোৰ সৃষ্টি কৰাৰ আঁৰত বহুখিনি আন যাৱতীয় কথাও সন্নিৱিষ্ট হৈ থাকে। যেনে ধৰক ইয়াৰ কথা, ইয়াত দিয়া সংগীত, সুৰ তথা পৰিচালনা-প্ৰযোজনা ইত্যাদি; শ্ৰোতাকো নতুনে আকৰ্ষণ কৰে। পৰিৱৰ্তন যিহেটো প্ৰকৃতিৰ নিয়ম গতিকে এনে নিয়মৰে বশৱৰ্তী আমিবোৰ। আজিৰ দেওবৰীয়া বিশেষত আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ নৱপ্ৰজন্মৰ প্ৰতিভা পূৰ্ণ প্ৰতিম বৰচুতিয়াক। চাওঁ চোন আহকঃ

"দেহা থকা লৈকে নিজৰ কৃষ্টি সংস্কৃতি এই বৰ্ণিল যাত্ৰা অব্যাহত থাকিব"- পূৰ্ণ প্ৰতিম বৰচুতিয়া 15

প্ৰশ্নঃ মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে তুমি কেতিয়াৰ পৰা জড়িত?

পূৰ্ণ প্ৰতিম বৰচুতিয়াঃ এই ক্ষেত্ৰখনৰ লগত সৰুৰ পৰাই জড়িত বুলি ক’লেও ভুল নহ’ব। কিয়নো মোৰ ঘৰখনৰ দেউতা, মা, ভগ্নী একেবাৰে সাংস্কৃতিক প্ৰেমী। দেউতাই ঢোল, খোল সকলো বজাইছিল। আগতে অৰ্থাৎ ১০ বছৰ মান আগতে দেউতাহঁতৰ এটি বিহু হুঁচৰি দল আছিল যিটো দলে সমগ্ৰ অসমতেই দেউতা হঁতৰ নাম উজ্বলাই ৰাখিছিল। “দৈয়াং পৰীয়া বাৰঘৰীয়া বিহু হুঁচৰি দল” বুলি ক’লে বহু কেইখন বিহু মঞ্চত বেলেগ দলে প্ৰতিযোগিতাত যোগদান নকৰিছিল। ময়ো গৈছিলোঁ দেউতা হঁতৰ লগত অসমৰ বিভিন্ন মঞ্চলৈ। তেনেদৰেই এই সাংস্কৃতিক মনোৰঞ্জন ক্ষেত্ৰখনৰ লগত মনে প্ৰাণে সোমাই পৰিলোঁ। দেউতা আৰু গুৰু শ্ৰদ্ধাৰ ললিত বৰাক গুৰু জ্ঞান কৰি ঢোল, খোল তথা অসমীয়াৰ লোক সংস্কৃতিৰ লগত জড়িত বাদ্যযন্ত্ৰ সমূহ বজাবলৈ শিকিলোঁ। বিহু, ভাওনা মোৰ প্ৰাণ স্বৰূপ। অ’ বিশেষকৈ মই ছবি আঁকি ভাল পাওঁ, সৰুপথাৰ সংগীত আৰু কলাকেন্দ্ৰ(কলকাতা) ৰ অন্তৰ্গত গন্ধকৰৈ জাতীয় বিদ্যালয়ত ২০০৭ চনৰ পৰা ২০১২ চন মানলৈকে চিত্ৰাংকনৰ আনুষ্ঠানিকভাৱে শিক্ষা লৈছিলোঁ। অসমৰ লোকসংগীতৰ সাধক বৰবিহুৱা শ্ৰদ্ধাৰ খগেন গগৈৰ সান্নিধ্য পালোঁ ২০১২ চনত। তেওঁৰ পৰা লোকসংগীত টোকাৰী গীত, বিহুনাম, দিহানাম আদিৰ শিক্ষা গ্ৰহণ কৰি উজনি নামনিৰ বিভিন্ন ঠাই অয়াঙে দৈয়াঙে বিহু সময়ত ঘূৰি ফুৰোঁ। অসমৰ বাহিৰৰ কেইবাখনো ৰাজ্যত অসমীয়াৰ স্বাভিমান বুকুৰ আপোন বিহুটি পৰিৱেশন কৰিছোঁ। মোৰ বন্ধু কেইজনো সাংস্কৃতিক আৰু সমাজৰ প্ৰতিটো অনুষ্ঠানৰ লগত জড়িত, সেইবাবে বহু সাহস আৰু অনুপ্ৰেৰণা পাওঁ। এনেদৰেই এই মঞ্চখনত জড়িত হৈ পৰিলোঁ, নাজানো কিমান দূৰ আগুৱাই যাব পাৰোঁ দেহা থকা লৈকে নিজৰ কৃষ্টি সংস্কৃতি এই বৰ্ণিল যাত্ৰা অব্যাহত থাকিব।

"দেহা থকা লৈকে নিজৰ কৃষ্টি সংস্কৃতি এই বৰ্ণিল যাত্ৰা অব্যাহত থাকিব"- পূৰ্ণ প্ৰতিম বৰচুতিয়া 16

প্ৰশ্নঃ তোমাৰ মতে, এগৰাকী “শিল্পী” ৰ সংজ্ঞা কি?

পূৰ্ণ প্ৰতিম বৰচুতিয়াঃ বৰ ধুনীয়া প্ৰশ্ন উত্থাপন কৰিছে। বিহু বা গীত এটা গালেই শিল্পী নহয়। বহু অনুষ্ঠানৰ সমিতিৰ বিষয়ববীয়া বা কিছুমান সংবাদ মাধ্যমেও এই ক্ষেত্ৰত কিছুমান উদীয়মান গায়ক- গায়িকাক এটি গীত গোৱা বা বাণীবন্ধন কৰাৰ পিছতেই তেওঁলোকৰ নামৰ আগত শিল্পী শব্দটো ব্যৱহাৰ কৰে। মই ভাবোঁ যে, শিল্পীৰ যি সত্তা এই সত্তাতো ৯০ শতাংশৰেই নাই। অকল ঢোলটো বজালেই বা গান এটা গালেই কন্ঠশিল্পী হৈ নাযায়। প্ৰকৃত শিল্পী হ’বলৈ হ’লে শিল্পীত্বৰ বহু গুণৰ অধিকাৰী হ’ব লাগিব। একেষাৰে কবলৈ হ’লে “শিল পিহি পিহি খোৱাকে শিল্পী বোলে” আৰু সেই কঠিন শিল পিহি খোৱাটোও ঘপককৈ সম্ভৱ নহয়। সেয়েহে শিল্পীৰ সঠিক মৰ্য্যাদাক আমি সন্মান কৰা উচিত।

প্ৰশ্নঃ এগৰাকী নৱপ্ৰজন্ম হিচাবে, মনোৰঞ্জন ক্ষেত্ৰখনক লৈ তোমাৰ দায়বদ্ধতা কি বুলি ভাবা?

পূৰ্ণ প্ৰতিম বৰচুতিয়াঃ নৱপ্ৰজন্ম হিচাবে আহ্বান কৰিম যে, নিজৰ হৃদয়ত থকা বিশাল প্ৰতিভা সমূহ ৰাইজৰ মাজলৈ আগবঢ়াই দিয়ক নহ’লে নিজৰ প্ৰতিভা সমূহ যদি লাজৰ ভয়ত লুকুৱাই থৈ দিওঁ তেতিয়া আমাৰ নিজৰ মাজতেই এই প্ৰতিভাসমূহ হেৰাই যাব। সেয়েহে, মোতকৈ সৰু চামক আহ্বান কৰিছোঁ যে, তেওঁলোকৰ প্ৰতিভা বিকাশ কৰা সময় এইয়াই। সেইবাবে বিকাশ কৰি যাব লাগে। নিজৰ লগতে লোকসংস্কৃতিৰ এই বিশাল পথাৰ খনো পঢ়াৰ লগতে আগুৱাই নিব লাগে।

"দেহা থকা লৈকে নিজৰ কৃষ্টি সংস্কৃতি এই বৰ্ণিল যাত্ৰা অব্যাহত থাকিব"- পূৰ্ণ প্ৰতিম বৰচুতিয়া 17

প্ৰশ্নঃ আগন্তুক পৰিকল্পনা কেনেধৰণৰ?

পূৰ্ণ প্ৰতিম বৰচুতিয়াঃ পৰিকল্পনা বুলিবলৈ তেনেকুৱা একো নাই যদিও চিত্ৰকলা ভালপোৱা প্ৰেমিসকললৈ লগতে কণমানি ছাত্ৰ ছাত্রীসকললৈ মোৰ ছবি সমূহেৰে ছবিৰ জ্ঞান বিলাই দিয়াৰ প্ৰবল ইচ্ছা আছে। আগতেও ছাত্র ছাত্রী সকলৰ মাজত বিলাই আহিছোঁ যদিও আৰু শিকাব বিচাৰোঁ । লগতে, নিজৰ কৃষ্টি লোক সংস্কৃতি কেনেকৈ আগুৱাই নিব পাৰো তাৰ প্ৰতি সদায় লক্ষ্য কৰি যাম। দুটামান গান লিখি থৈছোঁ বাণীবন্ধনৰ প্ৰৱল হেপাঁহ। চাওঁ চোন কিমান দূৰ আগুৱাই নিব পাৰোঁ। মধ্যবিত্ত পৰিয়ালৰ আমি , ঘপককৈ এটি গীত বাণীবন্ধন কৰিবলৈ ভাবিবলগীয়া হয়। তথাপিও কৰি যাওঁ চোন কিমান দূৰ আগুৱাই যাব পাৰোঁ।

ৰূপালীপৰ্দাঃ ধন্যবাদ পূৰ্ণ প্ৰতীম বৰচুতিয়া। তোমাৰ সকলো পৰিকল্পনা সফল হওঁক।

পূৰ্ণ প্ৰতীম বৰচুতিয়াঃ ধন্যবাদ।

"দেহা থকা লৈকে নিজৰ কৃষ্টি সংস্কৃতি এই বৰ্ণিল যাত্ৰা অব্যাহত থাকিব"- পূৰ্ণ প্ৰতিম বৰচুতিয়া 18
]]>
https://rupaliparda.com/archives/28182/feed 0 28182
“কিন্তু, নিজৰ মূল সুঁতিটোক ধৰি ৰখাটো নৱপ্ৰজন্মৰ কৰ্তব্য”- জনম কাশ্যপ https://rupaliparda.com/archives/28083 https://rupaliparda.com/archives/28083#respond Sun, 22 Aug 2021 05:30:00 +0000 https://rupaliparda.com/?p=28083 “স্বাধীনতা” শীৰ্ষক এটি গীতে কিছুদিন পূৰ্বে আমাক প্ৰত্যেককে উদ্বুদ্ধ কৰিবলৈ সক্ষম হৈছিল, নহয়নে? গীতটিত কণ্ঠদান কৰিছিল নৱপ্ৰজন্মৰেই এগৰাকী প্ৰতিভা জনম কাশ্যপে, ভাইৰাছ অথবা মহামাৰীৰ ভিন্ন খবৰেও যে এই প্ৰতিভাসকলৰ সৃষ্টিক ৰুদ্ধ কৰিব পৰা নাই; সেয়াই আচলতে বৰ্তমানৰ একমাত্ৰ ভাললগা কথা। গীত সমূহে অকণমানকৈ হ’লেও অনুৰাগীক ধনাত্মক কৰি তুলিব বুলি বিশ্বাসী তেওঁলোক। সাংস্কৃতিক ক্ষেত্ৰখনত যেতিয়া একোজন নৱপ্ৰজন্মই নিজৰ সৰ্বস্ব দি আগবাঢ়ি যোৱাৰ চেষ্টা কৰে তেতিয়া তাতকৈ অধিক ভাল লগা বিষয় আৰু কি হ’ব পাৰে! আমি সকলোৱে বৰ্তমান প্ৰজন্মৰ কৰ্মত সেই কিবা এটা কৰাৰ অযুত ইচ্ছা দেখিবলৈ পাইছো। অইন পেছাৰ তুলনাত যেন সংগীত সাধনাই তেওঁলোকৰ জীৱনৰ একমাত্ৰ ধৰ্ম; ঠিক তেনে এক ভাৱনাৰে উঠি অহা বহু কন্ঠশিল্পীৰ গীত আমি ইতিমধ্যে শুনিছো। সংগীত বোলা এই শব্দটোৰ অৰ্থ বুজাৰ পূৰ্বেই এনে নৱপ্ৰজন্মই ইয়াৰ প্ৰতি নিজক উচৰ্গা কৰিবলৈ বিচাৰে, শ্ৰদ্ধা কৰে। আজিৰ দেওবৰীয়া বিশেষত এইগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাকে লৈ আনিছোঁ আপোনালোকৰ মাজলৈ, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিছিলোঁ কিছু কথা। চাওঁচোন আহকঃ

"কিন্তু, নিজৰ মূল সুঁতিটোক ধৰি ৰখাটো নৱপ্ৰজন্মৰ কৰ্তব্য"- জনম কাশ্যপ 19

প্ৰশ্নঃ মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে তুমি কেতিয়াৰ পৰা জড়িত?

জনম কাশ্যপঃ যিহেতু গীত গাই ভাল পাওঁ, সৰুতেই ওচৰৰ এখন বিদ্যালয়ত সংগীত শিকিবলৈ পাইছিলোঁ, আনুষ্ঠানিক ভাৱে নহয় কিন্তু যিমানখিনি পাৰোঁ জ্যোতি সংগীত, ৰাভা সংগীত আদি শিকিছিলোঁ আৰু তেনেকৈয়ে গীত গাবলৈ আৰম্ভ কৰিছিলোঁ। ঠিক তেনেদৰে ইয়াৰ প্ৰতি আকৰ্ষিত হৈ এই জগতখনৰ লগত জড়িত হৈ পৰিছিলোঁ।

প্ৰশ্নঃ তোমাৰ মতে, এগৰাকী “শিল্পী” ৰ সংজ্ঞা কি?

জনম কাশ্যপঃ এগৰাকী ‘শিল্পী’ তেতিয়াহে হ’ব পাৰিব, যেতিয়া তেওঁৰ কৰ্মত শিল্পকৰ্মৰ প্ৰকাশ পাব। ‘শিল্পী’ হ’বলৈ এজন ব্যক্তিৰ সৃজনীশীল সৃষ্টিও থাকিব লাগিব। মই সেই শাৰীত কেতিয়াও নিজকে ৰাখি পোৱা নাই কাৰণ মই গীত গাই ভাল পাওঁ কাৰণেই গাবলৈ চেষ্টাহে কৰি আছোঁ মাথোঁ। কিন্তু ‘শিল্পী’ শব্দটোৰ মূল্যবোধ বাৰুকৈয়ে বুজোঁ। উদাহৰণস্বৰূপে, ড° ভূপেন হাজৰিকাদেৱৰ ৰচনা আৰু আৰু তেখেতৰ সংগীত জগতৰ প্ৰতি আগবঢ়াই যোৱা বৰঙণিৰ বাবে যেনেদৰে সমাজত প্ৰত্যেকৰে ওপৰত প্ৰভাৱ পৰিছিল, সেই প্ৰভাৱ বিস্তাৰৰ সক্ষমতা থকা বাবেই তেখেত এগৰাকী ‘শিল্পী’। মোৰ মনত, এজন ‘শিল্পী’ হ’বলৈ এক সুস্থ মন, মগজুৰ অধিকাৰী হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। এয়া অৱশ্যে মোৰ সম্পূৰ্ণ ব্যক্তিগত মতামত।

"কিন্তু, নিজৰ মূল সুঁতিটোক ধৰি ৰখাটো নৱপ্ৰজন্মৰ কৰ্তব্য"- জনম কাশ্যপ 20

প্ৰশ্নঃ এগৰাকী নৱপ্ৰজন্ম হিচাবে, মনোৰঞ্জন ক্ষেত্ৰখনক লৈ তোমাৰ দায়বদ্ধতা কি বুলি ভাবা?

জনম কাশ্যপঃ যিহেতু এই ক্ষেত্ৰখনত মই একেবাৰেই নতুন, বহুতো বিজ্ঞ লোকৰ পৰা শিকিবলগীয়া মোৰ বহুখিনিয়েই আছে। জীৱনটোত শিকি শেষ নহয় সেয়ে নতুন কিবা এটা শিকিবলৈ আগ্ৰহ থকাটো প্ৰয়োজনীয়। কিন্তু, নিজৰ মূল সুঁতিটোক ধৰি ৰখাটো নৱপ্ৰজন্মৰ কৰ্তব্য। নতুনৰ লগতে পুৰণিক ধৰি ৰাখি নিজৰ সংস্কৃতিক আগবঢ়াই নিবলৈ চেষ্টা কৰা উচিত।

প্ৰশ্নঃ আগন্তুক পৰিকল্পনা কেনেধৰণৰ?

জনম কাশ্যপঃ পৰিকল্পনা বুলি ক’লে বহুখিনিয়েই আছে। নিজৰ কেইটিমান গীত কৰিবলৈ মন মেলি থৈছোঁ আৰু বৰ্তমান মোৰ কেইজনমান বন্ধুৰ সৈতে লগলাগি পদ্মশ্ৰী যাদৱ পায়েঙদেৱৰ বিষয়ক এটি প্ৰকল্প আৰম্ভ কৰিছোঁ। আশা কৰোঁ, আহিবলগীয়া বছৰটোত সম্পূৰ্ণ হৈ উঠিব।তাৰ বাবে সকলোৰে মৰম, আশীৰ্বাদ আৰু দিহা-পৰামৰ্শ কামনা কৰিলোঁ।

"কিন্তু, নিজৰ মূল সুঁতিটোক ধৰি ৰখাটো নৱপ্ৰজন্মৰ কৰ্তব্য"- জনম কাশ্যপ 21

ৰূপালীপৰ্দাঃ ধন্যবাদ জনম কাশ্যপ, অনাগত দিনৰ বাবে শুভকামনা জ্ঞাপন কৰিলোঁ।

জনম কাশ্যপঃ ধন্যবাদ ৰূপালীপৰ্দা।

]]>
https://rupaliparda.com/archives/28083/feed 0 28083
“বৰ্তমান আৰু ভবিষ্যতেও মই ব্ৰতী হৈ ৰ’ম লোকসংগীতৰ সাধনাৰ মাজেৰেই”- হীৰকজ্যোতি শৰ্মা https://rupaliparda.com/archives/27995 https://rupaliparda.com/archives/27995#respond Sun, 15 Aug 2021 06:40:00 +0000 https://rupaliparda.com/?p=27995 এখন সাংস্কৃতিক পৰিয়ালত জন্মলাভ কৰা একোটা শিশুৱে জন্মৰে পৰাই সাংস্কৃতিক দিশটোৰ প্ৰতি নিজক আগ্ৰহী কৰি লৈ গৈ থাকে। সপোনৰ দিশটোত প্ৰায়ে নিজ অভিভাৱকে সন্তানটিক হাত ধৰি আগবঢ়াই লৈ গৈ থাকে। মনোৰঞ্জন নথকালৈ জীৱনৰ প্ৰত্যেকটো ৰসেই আধৰুৱা। সেইবাবেই হয়টো জনসাধাৰণে হতাশাতো এটা গান শুনিয়ে মন পাতলাবলৈ চেষ্টা কৰে; আমনিদায়ক হৈ থকা সময়কণতো আচলতে বহুতেই বিচাৰে সংগীত। ফলত, মনোৰঞ্জন ক্ষেত্ৰখনত অন্তৰ্ভূক্ত সংগীত বিষয়টোৱে অধিক দৰ্শক আৰু শ্ৰোতাক নিজৰ পিনে টানি ৰখা বুলি ক’ব পাৰি। এই সংগীত ক্ষেত্ৰখনক লৈ আকৰ্ষিত বৰ্তমান বহু যুৱপ্ৰজন্ম; তথাকথিত “সংগীত” ৰ আখ্যা দিয়া কিছু গীতৰ তুলনাত একাংশ যুৱপ্ৰজন্মৰ বৰ্তমান সৃষ্টি সঁচাকৈয়ে মনকৰিবলগীয়া। বাধা-সংগ্ৰাম আদিবোৰ মানব জীৱনৰ একোটা এৰাব নোৱাৰা অংগ; এইসমূহক পিছত এৰি যদিও চাওঁ তেতিয়াহ’লে একাংশ যুৱপ্ৰজন্মৰ সৃষ্টি শলাগিবলগীয়া। আজিৰ দেওবৰীয়া সাক্ষাৎকাৰ বিশেষত আমি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ লোকসংগীতৰ সাধক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাংস্কৃতিক সম্পাদক হীৰকজ্যোতি শৰ্মাক। তেওঁৰ সৈতে পাতিছিলোঁ। চাওচোন আহকঃ

"বৰ্তমান আৰু ভবিষ্যতেও মই ব্ৰতী হৈ ৰ'ম লোকসংগীতৰ সাধনাৰ মাজেৰেই"- হীৰকজ্যোতি শৰ্মা 22

প্ৰশ্নঃ সংগীত ক্ষেত্ৰখনৰ সৈতে তুমি কেতিয়াৰ পৰা জড়িত?

হীৰকজ্যোতি শৰ্মাঃ আমাৰ ঘৰখনতেই সংগীত চৰ্চাৰ এটি পৰিৱেশ‌ আছিল। আমাৰ প্ৰকৃত ঘৰ নলবাৰী জিলাৰ বৰনৰ্দ্দী গাঁৱত কিন্তু বৰ্তমান আমি গুৱাহাটী পাঞ্জাবাৰীৰ স্থায়ী বাসিন্দা। মোৰ ককা মুক্তি যুঁজাৰু প্ৰয়াত চন্দ্ৰধৰ শৰ্মা এগৰাকী লোকসংগীতৰ শিল্পী আছিল , বিশেষকৈ সংকীৰ্তন আৰু নামত ককাৰ বিশেষ দখল। ঠিক একেদৰে, মোৰ দেউতা শ্ৰী সুভাষ শৰ্মা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ এগৰাকী কৰ্মচাৰী যদিও লোকসংগীতৰ বৰপথাৰ খনত দেউতাৰ দখল মনকৰিবলগীয়া। সংকীৰ্ত্তন আৰু নামৰ ক্ষেত্ৰত দেউতাৰ পৰা যথেষ্ট শিকিব পাৰিছোঁ। মোৰ খুৰা অসম ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ পৰা শাস্ত্ৰীয় সংগীতত ডিগ্ৰীধাৰী ব্যক্তি। গতিকে মাৰ গৰ্ভত থকাৰ পৰাই তাল-নাগাৰাৰ শব্দ শুনিবলৈ পাইছিলোঁ, শুনিছিলোঁ ককাই ৰাতিপুৱা মন্দিৰত গোৱা ভাগৱতৰ সুৰ, নামৰ দিহা। একেদৰে দেউতাৰ মুখত শুনিছিলোঁ সংকীৰ্তনৰ কলি। গতিকে, এয়াই আছিল মোৰ আৰাম্ভণি আৰু এই মহাবিদ্যালয়ৰ পৰাই পাৰ কৰিছিলোঁ মোৰ শৈশৱ।

প্ৰশ্নঃ সংগীতৰ কোনটো উপাদানে এটা সংগীতক পূৰ্ণতা দিয়ে বুলি তুমি ভাবা আৰু কিয়?

হীৰকজ্যোতি শৰ্মাঃ গীত নৃত্য আৰু বাদ্য এই তিনি কলাৰ সমাবেশেই হ’ল সংগীত।
এতিয়া যদি আমি এটা গীতলৈ মন কৰো, সেই নিৰ্দিষ্ট গীতটিত থকা এটি উপাদান হ’ল গীতটিৰ কথা আৰু সংগীত ব্যবস্থাপনা। মোৰ ব্যক্তিগত অনুভৱহে কিন্তু এইয়া। গীতটিত কি বিষয়বস্তু নিহিত হৈ আছে আৰু সেই বিষয়বস্তুৰ লগত গীতটিয়ে কি বিচাৰি আছে, সুৰৰ লগত সংগীতটোৱে খাপ খাইছেনে ইত্যাদি দিশ বোৰ সঁচাকৈয়ে মন কৰিবলগীয়া। মই তেনেকৈ কোৱাত অলপ জটিলতা অনুভৱ কৰিছোঁ কিয়নো প্ৰতিটো উপাদানেই প্ৰত্যক্ষভাৱে জড়িত থাকে সেই নিৰ্দিষ্ট গীতটিৰ সংগীতৰ লগত। গীতটিৰ কথা আৰু সুৰৰ লগত সংগীতটো সুমধুৰ হৈছেনে , গীতটিৰ সংগীত উন্নত মানদণ্ডৰ হ’ল কিন্তু গায়কজনে সুললিত কণ্ঠৰে সৰ্বাঙ্গসুন্দৰ ভাৱে গীতটি গাব পাৰিছেনে পৰা নাই ইত্যাদি দিশ বোৰ সঁচাকৈয়ে গুৰুত্বপূৰ্ণ। সেয়েহে মই ক’ব খোজোঁ সংগীতৰ প্ৰতিটো উপাদানেই এটা সংগীতক পূৰ্ণতা প্ৰদান কৰে। প্ৰতিটো উপাদানেই নিৰ্ভৰ হৈ থাকে এটা আনটোৰ ওপৰত।

"বৰ্তমান আৰু ভবিষ্যতেও মই ব্ৰতী হৈ ৰ'ম লোকসংগীতৰ সাধনাৰ মাজেৰেই"- হীৰকজ্যোতি শৰ্মা 23

প্ৰশ্নঃ তোমাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰিম।

হীৰকজ্যোতি শৰ্মাঃ শৈশৱ -কৈশোৰ পাৰ কৰিলোঁ লোকসংগীতৰ মাজেৰেই। বৰ্তমান আৰু ভবিষ্যতেও মই ব্ৰতী হৈ ৰ’ম লোকসংগীতৰ সাধনাৰ মাজেৰেই।
লোকসংগীতৰ এটি বিষয়ৰ ওপৰত গৱেষণা কৰি এক নতুন মাত্ৰা প্ৰদানৰ লগতে পৃথিৱীৰ কোন কেইখন ঠাইত সেই একেধৰণৰ সংস্কৃতি বিৰাজমান, তাৰ মৌলিকতা , জনপ্ৰিয়তা, সামাজিক দায়বদ্ধতা, দাৰ্শনিক তত্ব, বিকাশ ইত্যাদি বিভিন্ন দিশ উলিয়াই আনি বিশেষ স্থানলৈ লৈ যোৱাত যাতে কিঞ্চিৎ পৰিমাণে হ’লেও সহায়ক হয় তাৰ বাবে মই সদাই চেষ্টা অব্যাহত ৰাখিম।

প্ৰশ্নঃ তোমাৰ মতে এগৰাকী “শিল্পী” ৰ সংজ্ঞা কি?

হীৰকজ্যোতি শৰ্মাঃ “শিল্পী” শব্দৰ অৰ্থ সঁচাকৈয়ে মহত্বপূৰ্ণ।দূৰ দিগন্তৰ দৰে বিশাল আৰু সাগৰৰ দৰে গভীৰ শিল্পী সত্বাৰ বিশ্লেষণ কৰাৰ সামৰ্থ্য কাৰো নাই।মোৰ ক্ষুদ্ৰ অভিজ্ঞতাৰ পৰা মই কব পাৰো যে,শিল্পীৰ প্ৰত্যেকটো প্ৰহৰত থাকে ইতিহাস সংৰক্ষণৰ প্ৰচণ্ড ইচ্ছা আৰু থাকে সৃষ্টিৰ অজস্ৰ উদ্দীপনা । এগৰাকী শিল্পীৰ আশ্ৰয়ৰ স্থল মানুহ,মৰম আৰু উৎসাহ। শুভাকাংক্ষীৰ চিৰপ্লাৱন উশাহত জীয়াই থাকে এগৰাকী শিল্পীৰ প্ৰতিভা । জ্ঞান,অমায়িক আৰু সৰলতাই ‌হ’ল এগৰাকী শিল্পীৰ প্ৰকৃত সত্ত্বা। যি সত্বাই বৰ্তমানক জাতিষ্কাৰ কৰি তোলে,সমাজৰ অসূয়াৰ মাজৰ আশায়ে শিল্পী,অস্থিৰ নৌকাৰ ক্লান্তহীন নাবিক শিল্পী,শিল্পীৰ কোনো পৰিবেষ্টনী নাই,নাই কোনো সঠিক প্ৰতিদান,শিল্পক যিয়ে জয় কৰিব পাৰে তেওঁৱেই শিল্পী।

"বৰ্তমান আৰু ভবিষ্যতেও মই ব্ৰতী হৈ ৰ'ম লোকসংগীতৰ সাধনাৰ মাজেৰেই"- হীৰকজ্যোতি শৰ্মা 24

ৰূপালীপৰ্দাঃ ধন্যবাদ হীৰকজ্যোতি শৰ্মা, তোমাৰ আগন্তুক পৰিকল্পনা সফল হওঁক।

হীৰকজ্যোতি শৰ্মাঃ ধন্যবাদ ৰূপালীপৰ্দা।

]]>
https://rupaliparda.com/archives/27995/feed 0 27995
।।এখন গ্ৰন্থৰ খচৰা আৰু তৰালিৰ প্ৰথম প্ৰেম ।।– উৎপল মেনা https://rupaliparda.com/archives/27785 https://rupaliparda.com/archives/27785#respond Tue, 03 Aug 2021 14:41:20 +0000 https://rupaliparda.com/?p=27785 মূলতঃ শাস্ত্ৰীয় আৰু লোক-সংগীতৰ শিল্পী তৰালি শৰ্মা । চৰ্চালৈ আহে সুগম সংগীতৰে । আৰু বিশেষ চৰ্চালৈ আহে চিনেমাৰ গীতেৰে । “কিমতে ভকতি কৰিব…” শীৰ্ষক ঘোষাভাগত কৰা কণ্ঠদানৰ বাবে শ্ৰেষ্ঠ (মহিলা ) নেপথ্য গায়িকাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে , ২০০৩ চনত । চিনেমা খনৰ সংগীত পৰিচালনা কৰিছিল তৰালিয়ে । চিনেমা : মঞ্জু বৰাৰ পৰিচালনাৰে নিৰ্মিত ” আকাশীতৰাৰ কথাৰে…” । সুখকৰ চিনেযাত্ৰা তৰালিৰ । কম দিনৰ ভিতৰতে সুগম সংগীতৰ গায়িকা গৰাকীয়ে পালে আৰু এক পৰিচয় — সংগীত পৰিচালক । থিয়েটাৰৰ , চিনেমাৰ । — কম দিনৰ ভিতৰতে ‘ সংগীতৰ তৰা ‘ৰ পৰিচয় পোৱা তৰালিৰ কাইলৈ ( জন্ম:৪ আগষ্ট, ১৯৭৫ ) জন্মদিন । — আমি জনালো জন্মদিনৰ বহুত বহুত শুভেচ্ছা । আমি আশা কৰিম এই জন্মদিনত সংগীত ৰসিকৰ মাজত বিয়পি পৰক “মাতিলেই নামি অহা জোনাক … ” । ‘ডেউকা’ৰ গীত । তৰালিৰ ‘ডেউকা’ এলবামৰ গীত । ‘ মুকলি ‘(একক আধুনিক গীতৰ এলবাম, ২০০৮) , ‘হেঙুলীয়া ‘(একক আধুনিক গীতৰ এলবাম, ২০১২ ) ৰ পিছত ‘ ডেউকা ‘ ( তৰালিয়ে আৰু ভালেমান শ্ৰাব্য এলবামত গীত গাইছে — ‘ তোমাৰ মৰমৰ কোন’ , ‘ পাৰবীন চুলতানাৰ গীত ‘, ‘ অভিসাৰী প্ৰিয়া ‘ , ‘ তৰালি ‘ , ‘স্নেহ ‘ , ‘ পোহৰ ‘ আদি । ১২ বছৰৰ বয়সতে তৰালিয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাবে সংগীত পৰিচালনা কৰে । আৰু তাৰ পিছৰে পৰা সংগীত যাত্ৰা । ) স্বাধীন গীতিচিন্তাৰ তৃতীয়তো শ্ৰাব্য সফুৰা । — “মাতিলেই নামি অহা জোনাক … “ৰ গীতটোৰ চিত্ৰায়নো কৰিছে । পৰিপাটিকৈ গল্প এটা কৈছে , গীতটোৰে । গীতটোক কেন্দ্ৰ কৰি কেমেৰাত ধৰি ৰখা ছবি , ছবিক দিয়া সুপৰিকল্পিত গতিয়ে আমাক চুই গৈছে । চুই গৈছে তৰালি আৰু সহ – অভিনেতা গৰাকীৰ অভিনয়ে । ( পৰিচালনা মঞ্জুল বৰুৱাৰ । )

— তৰালি শৰ্মাৰ প্ৰথম সাক্ষাৎকাৰ লৈছিলো তেতিয়া , যেতিয়া মই ‘ গায়িকা তৰালিক ‘হে জানিছিলো । আৰু এদিন তৰালিৰ বাবেই লোক সংগীতৰ সাধক প্ৰভাত শৰ্মাক ‘ অধ্যয়ণ ‘ কৰাৰ সুযোগ পাইছিলো । আৰু প্ৰভাত শৰ্মাক ‘ অধ্যয়ণ’ কৰি গৈ থকা সময়ত কিছু কিছু ‘ সংগীতৰ তৰালি’কো জানিছিলো । আৰু ঠিক কৰিছিলো তৰালি কেন্দ্ৰীক গ্ৰন্থ এখন লিখিম । লিখিম মানে , খচৰা সাজু কৰিছো । খচৰাৰ সামান্য অংশ :

এখন গ্ৰন্থৰ খচৰা /৪ মোৰ প্ৰশ্ন : ময়ো গীত গাম — এই ধাৰণা কেতিয়া মনলৈ আহিছিল — মনত আছেনে?
তৰালি শৰ্মা : মনত সঠিককৈ নাই ! যেতিয়াৰ পৰা গীত ভাল পাইছিলো ইমান ভাল পাবলৈ লৈছিলো , তেতিয়া আৰু গীতৰ বাহিৰে আন চিন্তা কৰাৰ সময়ে নাপাইছিলো — ইমান খিনি মনত আছে । আচলতে মোৰ প্রথম প্রেম সংগীতৰ লগতে। সেই প্রেমে ভাললগাও আনে-অভিমানো আনে বা বিষাদো আনে মাজে মাজে। সংগীতে ইমান বেছি আৱেগিক কৰি তোলে বা ইমান বেছি গাত লাগি যোৱা হ’ল যে এটা সময়ত সেই কথাটো অনুভৱ কৰা যায়- যেতিয়া কাৰোবাৰ কাৰোবাৰ লগত সচাঁ প্রেম হয়, ইমান গভীৰলৈ গুচি যোৱা যায় যে এক ঐশ্বৰিক বা স্বর্গীয় অনুভূতি হৈ পৰে গোটেই কথাটো..। তাৰ পিছতে এনে লাগে যেন এই মানুহজনক বাদ দি মই জীৱনটো জীয়াই থাকিব নোৱাৰিম। মোৰ ক্ষেত্রত সংগীত থিক তেনেকুৱাই । এটা সময়ত গান গাই ইমান ভাল পাও, গান শুনি ইমান ভাল পাও- ক’ৰবাত ইমান বেছি প্রেম হ’ল যে মই গীত নোগোৱাকৈ থাকিব নোৱাৰা অনুভৱ এটা হ’ল। জীয়াই থাকিবলৈ হ’লে মই গান গাবই লাগিব। সংগীত আচলতে জীৱনৰ আহিলা- মই মোৰ লগত প্রেমত পৰাৰ আহিলা, জীৱনৰ প্রেমত পৰাৰ আহিলা। আৰু এই অনুভৱ সেই তেৰ-চৈধ্য বছৰীয়া মইজনী স্কুলত পঢ়াৰ পৰাই.. তেতিয়া এটাই উদ্দেশ্য-গান গাব লাগে, ৰেৱাজ কৰিব লাগে। সময়-অসময় পাহৰি ৰেৱাজ কৰো। হাৰমনিয়ামখন একান্ত সংগী হৈ পৰিছিল মোৰ। স্কুলৰ হওক বা ঘৰৰ ওচৰৰ-দূৰৰ বন্ধু-বর্গও যথেষ্ট আছিল। কিন্তু হাৰমনিয়ামখনৰ লগত সময় কটাই আটাইতকৈ বেছি ভাল পাইছিলো সেইসময়ত। আৰু তেতিয়াই মনত সেই কথাটো ভাবি লৈছিলো- যি হ’লেও মই গান গাবই লাগিব। জীয়াই থাকিবলৈ উশাহ যেনেকৈ লৈ থাকিব লাগিব, তেনেকৈয়ে মই গান গাব লাগিব-সংগীতৰ লগত থাকিব লাগিব- এই উপলব্ধি সেই সময়তে কৰিছিলো আৰু সেই উপলব্ধি আজিও আছে জীপাল হৈ..

]]>
https://rupaliparda.com/archives/27785/feed 0 27785
“অৱশ্যে, নিজৰ দায়বদ্ধতাৰ সীমাৰেখাডাল মই সামৰ্থনুযায়ী বান্ধি ৰাখিছোঁ”- সৌৰভ মহন্ত https://rupaliparda.com/archives/27731 https://rupaliparda.com/archives/27731#respond Sun, 01 Aug 2021 05:30:00 +0000 https://rupaliparda.com/?p=27731 আজিৰ নৱপ্ৰজন্মই দায়িত্ব ল’বলৈ পিছুৱাই নাযায়। প্ৰায় সময়ত দায়বদ্ধ হোৱাৰ উপৰিও যিকোনো বিষয়ত নিজ সাৱলীল মতামত ৰাখিবলৈ তেওঁলোক যোগ্য। আমি বৰ্তমানলৈ আপোনালোকক বহু নৱপ্ৰজন্মৰ কথা কৈছোঁ, নহয়নে? এই নৱপ্ৰজন্মৰ প্ৰতিভাসকলে সংগীত ক্ষেত্ৰখনলৈ অহাৰ সমান্তৰালকৈ তেওঁলোকে চিন্তা কৰিবলৈ আৰম্ভ কৰে সমাজ তথা উত্তৰ প্ৰজন্মৰ বিষয়ে। সমাজক কিবা এটা নতুন ব্যতিক্ৰমীতা প্ৰদান কৰাৰ লগতে উত্তৰ প্ৰজন্মৰ বাবে গ্ৰহণযোগ্য কিবা এটা সাঁচি ৰখাৰ ইচ্ছা ৰাখে তেওঁলোকে। আচলতে, নৱপ্ৰজন্মৰ এনেবোৰ কথাই আকৰ্ষণ কৰে জনসাধাৰণক। সমাজ সংস্কৃতিৰ বিষয়টোত নিজকে সাঙুৰ খোৱাই থলুৱা তথা পূৰণি গীত-মাতক জনসাধাৰণৰ মাজত উলিয়াই অনা নৱপ্ৰজন্মৰ যি দূৰ্বাৰ হেঁপাহ সেয়া সঁচাকৈ উল্লেখনীয়। আজিৰ দেওবৰীয়া সাক্ষাৎকাৰত আমি এনে এগৰাকী দায়বদ্ধ প্ৰতিভাৰ বিষয়ে ক’বলৈ ওলাইছো। তেওঁৰ নাম হৈছে সৌৰভ মহন্ত, বৰ্তমানলৈ তেওঁৰ যিসমূহ প্ৰকল্প উপভোগ কৰিবলৈ সক্ষম হৈছে তাতোকৈ অধিক গীত তথা প্ৰকল্পক অনাগত দিনত আপোনালোকে উপভোগ কৰিবলৈ সক্ষম হ’ব। তেওঁৰ সৈতে হোৱা সাক্ষাৎকাৰ যোগে তেওঁ কি ক’লে চাওচোন আহকঃ

"অৱশ্যে, নিজৰ দায়বদ্ধতাৰ সীমাৰেখাডাল মই সামৰ্থনুযায়ী বান্ধি ৰাখিছোঁ"- সৌৰভ মহন্ত 25

প্ৰশ্নঃ মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে তুমি কেতিয়াৰ পৰা জড়িত?

সৌৰভ মহন্তঃ আচলতে, জনা-বুজাৰ হোৱাৰ আগৰে পৰাই মোক পৰিয়ালৰ জ্যেষ্ঠ সকলে এই ক্ষেত্ৰখনৰ সৈতে জড়িত কৰোৱাই লৈ গৈ আছিল। তেওঁলোকে চিনাকী কৰোৱাই দিছিল এই বিশাল সংগীতৰ সুৰ তাল আৰু লয়ৰ জগতখনক। সৌভাগ্যক্ৰমে যিহেটো মই এটা সাংগীতিক পৰিয়ালত জন্ম হৈছিলো সৰুতেই মোক তেখেত সকলে লৈ গৈছিলে আকাশৱানী গুৱাহাটী কেন্দ্ৰ (AIR)’ ৰ অকণিৰ মেল, দূৰদৰ্শনৰ শিশু অনুষ্ঠান সমূহত ভাগ ল’বলৈ। মোৰ মা দুলাৰী মহন্ত, মাহী অঞ্জলি মহন্ত আৰু সকলোৰে পৰিচিত গণশিল্পী বিহুসম্ৰাট মোৰ মামা ককা খগেন মহন্ত দেৱে মোক সেই বিভিন্ন অনুষ্ঠান বোৰলৈ লৈ গৈছিলে অংশ ল’বলৈ । তাৰোপৰি মামা বিজয় মহন্ত, মাহী মনোজোৎস্না মহন্তকে আদি কৰি আন বহু কেইগৰাকী ব্যক্তি আৰু মোৰ শ্ৰদ্ধাৰ গুৰু সকলে মোক এই সংগীত ক্ষেত্ৰখনত আগুৱাই যোৱাৰ ক্ষেত্ৰত উৎসাহিত আৰু সহযোগিতা আগবঢ়াই আহিছে। ১৯৮৬-৮৮ চনত শিশু অনুষ্ঠান সমূহত অংশগ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত প্ৰায় ২০০০ চন মানৰ পৰাই মই এইক্ষেত্ৰত নিজ খোজ দিবলৈ চেষ্টা কৰিছিলোঁ আত্মনিৰ্ভৰ হৈ। ২০০৪ চনত মোৰ প্ৰথম একক এলবাম “স্মৃতি” ক মুকলি কৰি দিছিলোঁ, যিখনক উন্মোচন কৰিছিল “সুগন্ধি পখিলাৰ কবি” হীৰেন ভট্টাচাৰ্য বৰদেউতাই।

"অৱশ্যে, নিজৰ দায়বদ্ধতাৰ সীমাৰেখাডাল মই সামৰ্থনুযায়ী বান্ধি ৰাখিছোঁ"- সৌৰভ মহন্ত 26

প্ৰশ্নঃ তোমাৰ মতে, এগৰাকী “শিল্পী” ৰ সংজ্ঞা কি?

সৌৰভ মহন্তঃ মোৰ মতে “শিল্পী” শব্দটো বহুত বিশাল, আমি সকলোবোৰ “শিল্পী” হ’বলৈ ইমান সহজ নহয়। সাংস্কৃতিক কৰ্মী বা বাদক, গায়ক, লিখক, অভিনেতা আদি হ’লেই “শিল্পী” ৰ শাৰীত নপৰিবও পাৰে। কলা সমূহৰ জ্ঞান আৰু গুণৰ লগতে সুক্ষ্ম অনুভৱী, আৱেগিক, অস্বাৰ্থপৰ, সকলো কলাৰে ভক্ত আৰু অকৃত্ৰিম সংস্কৃতিক মৌন নিস্বাৰ্থ প্ৰেম, সৰ্বাংগীন সুন্দৰৰ এক পূজাৰীৰ মানসিকতা আৰু মহানুভৱতা লগত থাকিলেহে কোনো এগৰাকী সাংস্কৃতিক কৰ্মীক আমি “শিল্পী” বুলি কোৱা উচিত অথবা ভবা উচিত। এয়া মোৰহে ব্যক্তিগত অনুভৱ । “শিল্পী” সকলৰ যথেষ্ট সামাজিক দায়বদ্ধতা থাকে । ধেমালিতে কোৱা হয় “শিল্পী তেওঁয়েই যিয়ে শিলকো পি খাব জানে।” কথাষাৰৰ আঁৰত বহু কথা সমাহিত।

প্ৰশ্নঃ এগৰাকী নৱপ্ৰজন্ম হিচাবে, মনোৰঞ্জন ক্ষেত্ৰখনক লৈ তোমাৰ দায়বদ্ধতা কি বুলি ভাবা?

সৌৰভ মহন্তঃ দ্বিতীয় প্ৰশ্নটোৰ উত্তৰতেই আচলতে এই উত্তৰটো সাঙুৰ খাই আছে। এগৰাকী নৱপ্ৰজন্ম হিচাবে মোৰ যথেষ্ট দায়িত্ব আছে বুলি মই ভাবো। যদিহে মই সঁচাকৈ আমাৰ পূৰ্বজ সকলক সন্মান তথা শ্ৰদ্ধা কৰোঁ, তেওঁলোকৰ সমলখিনিকে লৈ মই নিজৰ নতুন সৃষ্টিৰে সমাজক অথবা সমাজৰ সকলো কলা-সংস্কৃতিক আমাৰ উত্তৰ প্ৰজন্মলৈ লৈ যাব পাৰোঁ তেতিয়াহে মই সামান্য সফল বুলি ধৰিব পাৰিম। সমাজৰ শান্তি-সম্প্ৰীতি আদি বজাই ৰখা ক্ষেত্ৰত যদি মই কোনো ব্যক্তিৰ চকু খোল খুৱাব পাৰোঁ অথবা মোৰ গীতৰ কথা-সুৰেৰে কোনো এগৰাকীকো যদি অনুভৱী কৰিব পাৰোঁ লগতে সমাজত জীয়াই থকা সকলক যদি মানসিক শান্তি দিব পাৰোঁ তেতিয়াহে মই সফল হ’ম বুলি আশাবাদী। অৱশ্যে, নিজৰ দায়বদ্ধতাৰ সীমাৰেখাডাল মই সামৰ্থনুযায়ী বান্ধি ৰাখিছোঁ। মোৰ কৰণীয় যথেষ্ট আছে বুলি মই ভাবোঁ, যিমান পাৰোঁ নিজক শুধৰাই আগবাঢ়িবলৈ চেষ্টা কৰোঁ।

"অৱশ্যে, নিজৰ দায়বদ্ধতাৰ সীমাৰেখাডাল মই সামৰ্থনুযায়ী বান্ধি ৰাখিছোঁ"- সৌৰভ মহন্ত 27

প্ৰশ্নঃ আগন্তুক পৰিকল্পনা কেনেধৰণৰ?

সৌৰভ মহন্তঃ বিশেষ পৰিকল্পনা বুলি নকওঁ, কিন্তু কেইবাটাও গীতৰ কাম চলি আছে সন্মুখত। সামাজিক বিষয়ক লৈ অংগৰাগ পাপন মহন্তই গাবলগীয়া এটা গীত, পৰিৱেশ সচেতনতামূলক বিষয়ক লৈ জয় বৰুৱাই গাবলগীয়া এটা গীতত মই সংগীত পৰিচালকৰ দায়িত্বত আছোঁ। পৰিৱেশকৰ্মী যাদৱ পায়েং দেৱৰ বাবেও এটা গীতৰ কাম মই কৰি আছোঁ। আনহাতে, ডলী ঘোষ বাইদেউ, গায়ত্ৰী হাজৰিকা, সুবাসনা দত্তৰ বাবে গীতৰ কাম কৰি থকাৰ লগতে বিগত “লক-ডাউন” ৰ পিছৰ পৰাই দুই-এগৰাকী নৱপ্ৰজন্মৰ কণ্ঠশিল্পীৰ সৈতেও সংগীতৰ কাম কৰি আছোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে, “লক-ডাউন” ৰ মাজতেই বহুকেইখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি আৰু এখন তথ্যচিত্ৰ সংগীতৰ কাম কৰি সমাপ্ত হৈছে। সমান্তৰালকৈ, সময় সুবিধা লৈ নিজৰ গীতসমূহকো মই ৰাইজৰ মাজলৈ উলিয়াই দিম।

ৰূপালীপৰ্দাঃ ধন্যবাদ সৌৰভ মহন্ত, আপোনাৰ প্ৰকল্প সমূহ সফল হওঁক।

"অৱশ্যে, নিজৰ দায়বদ্ধতাৰ সীমাৰেখাডাল মই সামৰ্থনুযায়ী বান্ধি ৰাখিছোঁ"- সৌৰভ মহন্ত 28

সৌৰভ মহন্তঃ ধন্যবাদ ৰূপালীপৰ্দা।

]]>
https://rupaliparda.com/archives/27731/feed 0 27731
“জীৱন আৰু সংগীত মোৰ বাবে একেই, সংগীত নহ’লে জীৱন‌ নহয়, গতিকে জীৱনটোয়েই সংগীত”- মৃগাংক মৌচম https://rupaliparda.com/archives/27603 https://rupaliparda.com/archives/27603#comments Sun, 25 Jul 2021 06:30:00 +0000 https://rupaliparda.com/?p=27603 মনোৰঞ্জন নথকালৈ জীৱনৰ প্ৰত্যেকটো ৰসেই আধৰুৱা। সেইবাবেই হয়টো জনসাধাৰণে হতাশাতো এটা গান শুনিয়ে মন পাতলাবলৈ চেষ্টা কৰে; আমনিদায়ক হৈ থকা সময়কণতো আচলতে বহুতেই বিচাৰে সংগীত। ফলত, মনোৰঞ্জন ক্ষেত্ৰখনত অন্তৰ্ভূক্ত সংগীত বিষয়টোৱে অধিক দৰ্শক আৰু শ্ৰোতাক নিজৰ পিনে টানি ৰখা বুলি ক’ব পাৰি। এই সংগীত ক্ষেত্ৰখনক লৈ আকৰ্ষিত বৰ্তমান বহু যুৱপ্ৰজন্ম; তথাকথিত “সংগীত” ৰ আখ্যা দিয়া কিছু গীতৰ তুলনাত একাংশ যুৱপ্ৰজন্মৰ বৰ্তমান সৃষ্টি সঁচাকৈয়ে মনকৰিবলগীয়া। মৃগাংক মৌচম; নামটো বৰ্তমানলৈ যদিও জনসাধাৰণৰ মুখে মুখে প্ৰচলিত হোৱাগৈ নাই তথাপিও এই প্ৰতিভাগৰাকীয়ে নিজ প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ লিখা কেইবাটাও কবিতা চচিয়েল মিডিয়াত উপলব্ধ হোৱাৰ সমান্তৰালকৈ সেই কবিতাবোৰ গীত আকাৰেও মুক্তি লাভ কৰিছে। এইবাৰৰ দেওবৰীয়া সাক্ষাৎকাৰত আমি আপোনালোকৰ মাজলৈ লৈ আনিছিলোঁ এগৰাকী প্ৰতিভাক। চাওঁ চোন আহকঃ

প্ৰশ্নঃ মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে তুমি কেতিয়াৰ পৰা জড়িত?

মৃগাংক মৌচমঃ মনোৰঞ্জনৰ পৃথিৱীখনহে মোৰ বাবে আচল পৃথিৱী‌ | প্ৰথম/দ্বিতীয় শ্ৰেণীত পঢ়ি থকাৰ পৰা বিভিন্ন কবিতা আবৃত্তিৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। এবাৰ মনত আছে, তেতিয়া হয়তো মই তৃতীয় শ্ৰেণী মানত পঢ়ি আছিলোঁ, দেৱকান্ত বৰুৱা ছাৰৰ “সাগৰ দেখিছা” কবিতাটি আবৃত্তি কৰিছিলোঁ প্ৰতিযোগিতা এখনত। হঠাতে কবিতাটো পাহৰি থাকিলোঁ, তাৰ পিছত মঞ্চৰ ওপৰতে কান্দিছিলোঁ। সেই স্মৃতিবোৰ বৰ মিঠা, এতিয়াও লাগি আছে বুকুৰ কোনোবাখিনিত। তাৰ পিছত লাহে লাহে ঘৰৰ ওচৰৰ বন্ধুবোৰৰ লগত লগ হৈ এখন-দুখন নাটক কৰিবলৈ আৰম্ভ কৰিছিলোঁ। সময়ৰ সোঁতত লাহে লাহে নাটকৰ পৰাও আঁতৰি অহা হ’ল। গান গাইছিলো স্কুল-কলেজৰ বিভিন্ন অনুষ্ঠান সমূহত, সাংস্কৃতিক সন্ধিয়াবোৰত। তাৰ পিছত লাহে লাহে লিখা-মেলা কৰিবলৈ ল’লো বুকুৰ ভিতৰত গোজৰি-গোমৰি থকা অনুভৱবোৰক লৈ। কবিতা হয় নে নহয় নেজানো কিন্তু, কবিতাৰ দৰেই লিখিবলৈ চেষ্টা কৰিলোঁ, প্ৰথমে লাহে লাহে কবিতাবোৰ আবৃত্তি কৰি বিভিন্ন ৱেবচাইট সমূহত মুক্তি দিছিলোঁ। সেই সময়ত অসমত ইউটিউবৰ জনপ্ৰিয়তা বৰ নাছিলে, তাৰ পিছত লাহে লাহে ৱেবচাইটৰ সলনি ইউটিউবৰ জনপ্ৰিয়তা আহিল। তেতিয়াৰ পৰাই, সকলোৰে দৰে ইউটিউবৰ মাধ্যমেৰে কামবোৰ ৰাইজৰ মাজলৈ আগবঢ়াই আহিছোঁ। বিভিন্ন কন্ঠশিল্পীৰ বাবে গান লিখিবলৈ ল’লো, সুৰ কৰিবলৈ ল’লো। এনেদৰেই অব্যাহত আছে এই যাত্ৰা, কি দিব পাৰিছো নাজানোঁ, কিন্তু ভাল কাম কৰাৰ হেঁপাহটোৱে খেদি ফুৰে অনবৰতে, দৌৰি আছোঁ হেঁপাহবোৰৰ পিছে পিছে। ৰাইজৰ মৰম আৰু আশীৰ্বাদবোৰে নতুন সৃষ্টি কৰাত মনোবল বৃদ্ধি কৰে, কামবোৰ মানুহৰ বাবেই কৰা যায়, যেতিয়া আদৰি লয় সেই সুখৰ সমান পৃথিৱীত একোৱেই হ’ব নোৱাৰে মোৰ বাবে |

"জীৱন আৰু সংগীত মোৰ বাবে একেই, সংগীত নহ'লে জীৱন‌ নহয়, গতিকে জীৱনটোয়েই সংগীত"- মৃগাংক মৌচম 29

প্ৰশ্নঃ তোমাৰ মতে, গৰাকী “শিল্পী” ৰ সংজ্ঞা কি?

মৃগাংক মৌচমঃ শিল্পী হ’ব পৰাতো বৰ সহজ কথা নহয়। মই ভাবো প্ৰতিজন গান/নাটক/অভিনয় কৰা মানুহ শিল্পী নহয়। তথাপিও, প্ৰতিজন সাংস্কৃতিক কৰ্মীৰ মনত শিল্পী হোৱাৰ এটা আশা থাকে, শিল্পীৰ সমাজৰ প্ৰতি বহুতো দায়বদ্ধতা থাকে। শিল্পীবোৰ বৰ বেছি আৱেগিক হয়, আনৰ দুখবোৰে মনবোৰ গধূৰ কৰে। আচলতে, শিলৰ দৰে কঠোৰতকৈও কঠোৰ পৰিস্থিতিক যি পানীৰ দৰে পি খাব পাৰে তেওঁহে প্ৰকৃত শিল্পী। পকেটত দহ টকা এটা থাকিলেও কাৰোবাক তাৰে পাঁচ টকা দি সহায় কৰিবলৈ মন যোৱা জনেই “শিল্পী”। শিল্পীক মানুহে অনুসৰণ কৰে, গতিকে শিল্পীসকলে কৰা কামবোৰৰ দ্বাৰা যাতে সমাজলৈ কোনো ধৰণৰ বেয়া বাৰ্তা নাযায় তাৰ বাবে প্ৰতিজন শিল্পী সচেতন হ’ব লাগে। সমাজ আৰু ৰাইজৰ প্ৰতিটো বিপদত শিল্পীসকল আগবাঢ়ি আহিব লাগে। কাৰণ, প্ৰতিজন শিল্পীক দৰ্শক/শ্ৰোতাই জন্ম দিয়ে। শিল্পী ৰাইজৰ দ্বাৰা জন্ম হয়, ৰাইজৰ বাবে শিল্পী হয়। গতিকে শিল্পী সদায় গণশিল্পী।

"জীৱন আৰু সংগীত মোৰ বাবে একেই, সংগীত নহ'লে জীৱন‌ নহয়, গতিকে জীৱনটোয়েই সংগীত"- মৃগাংক মৌচম 30

প্ৰশ্নঃ এগৰাকী নৱপ্ৰজন্ম হিচাবে, মনোৰঞ্জন ক্ষেত্ৰখনক লৈ তোমাৰ দায়বদ্ধতা কি বুলি ভাবা?

মৃগাংক মৌচমঃ মনোৰঞ্জনৰ পৃথিৱীখনত মই একেবাৰেই নতুন। তথাপিও, সমাজৰ বাবে বহুত কিবাকিবি কৰাৰ সপোন আছে, ভাল কাম কৰাৰ হেঁপাহ আছে। মই ভাবো, সৃষ্টিবোৰ এনেকুৱা হ’ব লাগে যিয়ে মানুহক সুখত হঁহুৱাব আৰু দুখত কন্দুৱাব পাৰে। বিশেষকৈ, গান-কবিতাৰ ক্ষেত্ৰত গীতি সাহিত্যৰ ওপৰত প্ৰতিজন গীতিকাৰ, লিখকে গুৰুত্ব দিয়াটো উচিত বুলি ভাবো। মোৰ কলমেৰেও যাতে সদায় ভাল শব্দ ওলাই তাৰ বাবে যিমান পাৰি সদায় পঢ়া-শুনা আৰু চৰ্চা অব্যাহত ৰাখিছোঁ | বিভিন্ন সময়ত দেখা যায় যে, সস্তীয়া জনপ্ৰিয়তাৰ বাবেই হওঁক বা অপৰিপক্ক জ্ঞানৰ বাবেই হওঁক বিভিন্নজনে গীতি সাহিত্যৰ মাজত কিছুমান অবান্তৰ শব্দ ব্যৱহাৰ কৰে। যাৰ বাবে আমাৰ অসমীয়া গীতি সাহিত্যৰ মানদণ্ডত কিছু আঘাত সনা যেন মোৰ অনুভৱ হয় ।( নতুন হিচাবে মই কথাবোৰ ক’ব লাগে নে নাই নেজানো, তথাপি মনৰ অনুভৱবোৰ নিলিখি নোৱাৰিলো )। গতিকে, নৱপ্ৰজন্ম হিচাবে মনোৰঞ্জনৰ ক্ষেত্ৰখনলৈ ভাষাত আঘাত নসনাকৈ ৰাইজক কেনেদৰে আমোদ দিব পাৰি সেইটোহে মোৰ প্ৰধান লক্ষ্য। দায়বদ্ধতা বুলিলে বহুত কথা আহি পৰে, নতুন হিচাবে মই নতুন কথা আৰু নতুন সুৰ শ্ৰোতাক দিবলৈ সদায় প্ৰস্তুত |

"জীৱন আৰু সংগীত মোৰ বাবে একেই, সংগীত নহ'লে জীৱন‌ নহয়, গতিকে জীৱনটোয়েই সংগীত"- মৃগাংক মৌচম 31

প্ৰশ্নঃ আগন্তুক পৰিকল্পনা কেনেধৰণৰ?

মৃগাংক মৌচমঃ পৰিকল্পনা বহুতেই থাকে। তথাপি, বৰ্তমান তিনিটা গীতৰ কামত ব্যস্ত হৈ আছোঁ। ইয়াৰে দুটা গীত জীৱনমুখী আৰু এটি গীত প্ৰেমৰ। পৰিস্থিতি ভাললৈ আহিলে শাৰদীয় বতৰত তিনিওটি গীত ৰাইজৰ মাজলৈকে আগবঢ়ায় দিম | তেজপুৰৰ ষ্টুডিঅ’ Rudra Records ত সংগীত পৰিচালক শিৱানন্দ বৰুৱাই গীতকেইটাৰ সংগীতৰ কাম কৰি আছে। গীতকেইটাত কন্ঠদান কৰিব ক্ৰমে – এমুঠি ফাগুনত সুমন কাশ্যপে, আকাশতধীমান কাকটি , আনটো গীত ” অ’ জীৱন” ত শিৱা দা আৰু ইয়াত মোৰ নিজস্ব পৰিকল্পনা। এই গীতটিৰ বাবে অসমৰ সবাতোকৈ জনপ্ৰিয় শিল্পী/কণ্ঠশিল্পী জনৰ কথা ভাবি থকা হৈছে। তাৰোপৰি সৰু-সুৰাকৈ কেইবাটাও কবিতাৰ কাম শিৱা দা আৰু আন এজন‌ ককাইদেউ জোন বৰা (Studio Dynasty Concert) ৰ লগত কৰি আছো | এইখিনিতে, মোৰ ভাইটি/বন্ধু অভিজিত গগৈৰ কথা ক’বই লাগিব। মোৰ প্ৰতিটো কামত সিওঁ মোৰ আন এজন‌ সহযোগী। গান-কবিতাৰ মাজতেই আমাৰ জীৱন। জীৱন আৰু সংগীত মোৰ বাবে একেই, সংগীত নহ’লে জীৱন‌ নহয়, গতিকে জীৱনটোয়েই সংগীত।

"জীৱন আৰু সংগীত মোৰ বাবে একেই, সংগীত নহ'লে জীৱন‌ নহয়, গতিকে জীৱনটোয়েই সংগীত"- মৃগাংক মৌচম 32

ৰূপালীপৰ্দাঃ ধন্যবাদ মৃগাংক। তোমাৰ পৰিকল্পনা সমূহ প্ৰতিটো সফল হওক।

মৃগাংক মৌচমঃ ধন্যবাদ ৰূপালীপৰ্দা।

]]>
https://rupaliparda.com/archives/27603/feed 1 27603