Interviews – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Thu, 12 Feb 2026 16:30:00 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Interviews – Rupaliparda.com https://rupaliparda.com 32 32 163073109 এটি সাক্ষাৎকাৰত, চলচ্চিত্ৰ নিৰ্মাতা ড° শংকৰ বৰুৱাই তেওঁৰ শেহতীয়া ছবি BLUE OCEAN’ৰ বিষয়ে আলোকপাত কৰে https://rupaliparda.com/archives/32838 https://rupaliparda.com/archives/32838#comments Thu, 12 Feb 2026 16:30:00 +0000 https://rupaliparda.com/?p=32838 Blue Ocean

ড° শংকৰ বৰুৱা’ৰ  BLUE OCEAN হৈছে হিমালয়ৰ পাদদেশত অৱস্থিত ভাৰতৰ ডেৰাডুন নগৰীক পটভূমি কৰি গঢ় লৈ উঠা  হিমালয়ৰ এক সজীৱ কাহিনী। উজনি অসমৰ দুলীয়াজান (ডিব্ৰুগড় জিলা) ত ডাঙৰ দীঘল হোৱা ড° বৰুৱাৰ এইখন প্ৰথম পূৰ্ণ দৈৰ্ঘ্যৰ হিন্দী চলচ্চিত্ৰ।  এই ৰহস্য ধৰ্মী কাহিনীত অপৰাধ, লোভ, মিথ্যাচাৰ আৰু প্ৰৱঞ্চনা—এই সকলো বোৰ উপাদান একেলগে জড়িত হৈ পৰস্পৰেৰে আন্তঃসংলগ্ন হৈ আছে, শক্তিশালী হিমালয়ৰ ছাঁত। অহা ২০ ফেব্ৰুৱাৰী ২০২৬ ত BLUE OCEAN’ৰ DOON PUBLIC LIBRARY & RESEARCH CENTRE, (DEHRADUN, UTTARAKHAND) ত আনুষ্ঠানিকভাৱে MUSIC LAUNCH সম্পন্ন কৰা হ’ব। এই চেগতে আমি বৰুৱাৰ লগত হিমালয় আৰু BLUE OCEAN নিৰ্মাণৰ ভিন্ন দিশ অন্বেষণ কৰিবলৈ সুযোগ পালো।

Blue Ocean

প্ৰশ্নোত্তৰ

চলচ্চিত্ৰ পৰিচালক শংকৰ বৰুৱাৰ (SB) সৈতে সাক্ষাৎকাৰ গ্ৰহণ কৰিছে প্ৰান্তিক ডেকাই (PD)।

PD:

অতীতত আপুনি অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সমাজ সমূহে সন্মুখীন হোৱা বিভিন্ন সমস্যাক কেন্দ্ৰকৰি শক্তিশালী সামাজিক কাহিনীৰ চলচ্চিত্ৰ নিৰ্মাণ কৰিছে। সেই চলচ্চিত্ৰ সমূহে বহু সময়ত অন্যায়, অসমতা অথবা সামাজিক ৰূপান্তৰৰ প্ৰয়োজনীয়তাক উন্মোচিত কৰিছে।

এই নতুন প্ৰকল্প ‘Blue Ocean’ আৰম্ভ কৰাৰ মূল প্ৰেৰণা কিআছিল? মই ধৰি লৈছোঁ, এইটো আপোনাৰ হিন্দী চলচ্চিত্ৰ জগতত প্ৰথম প্ৰৱেশ।

Blue Ocean

SB:

মই দিহিং পাটকাই’ৰ পৰা, যাক AMAZON OF THE EAST বুলিও কোৱা হয়, ১৫ মাইল নিলগত তৈল নগৰী দুলীয়াজানত জন্মগ্ৰহন কৰি তাতেই ডাঙৰ দীঘল হোৱা। সাধাৰণতে আমাৰ এই অঞ্চলক  EASTERN HIMALAYAS বুলি কোৱা হয়, পাটকাই পৱৰ্তমালাৰ পাদভূমি। এই অঞ্চলৰ পৰা আৰম্ভ কৰি উজনি ব্ৰহ্মদেশ (UPPER BURMA) লৈকে তাৰ বিস্তাৰ।  মন কৰিবলগীয়া যে এই অঞ্চলটো পৃথিৱীৰ বাছি থকা  TROPICAL RAINFOREST’ৰ অন্যতম উদাহৰণ।  পাহাৰ-পৰ্ৱতে সদায়েই মোক মাতি আহিছে, সাৱটি ধৰিছে—আৰু কেতিয়াও মোক হতাশ কৰা নাই। ২০২৪ চনৰ বসন্তত ডেৰাডুনলৈ অহা  প্ৰায় দুমাহ মান পাছত মই প্ৰথম বাৰৰ বাবে BLUE OCEAN ৰ বিষয়ে ভাবিবলৈ আৰম্ভ কৰোঁ। তাৰ আগতে মোৰ জীৱনত দুটা যথেষ্ট অস্বস্তিকৰ বছৰ পাৰ হৈছিল, বিশেষকৈ ২০২৪ চনৰ জানুৱাৰীত মোৰ দেউতাৰ দেহাৱসান হোৱাৰ সময়ছোৱা।

Blue Ocean

ডেৰাডুনৰ ‘Blue Ocean’ নামৰ জিমখন—য’ত মই প্ৰতিদিনে প্ৰায় একঘণ্টা ব্যায়াম কৰিবলৈ নামভৰ্তি কৰিছিলোঁ—সেই ঠাইতেই মোৰ মনত এটা বিস্তৃত কাহিনীৰ সূত্ৰপাত হয়। ডেৰাডুনৰ এখন বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কৰ্মৰত এগৰাকী বন্ধুয়ে মই কোৱা ধাৰণাটো পচন্দ কৰিলে, আৰু তাতে মই অধিক গভীৰভাৱে অনুসন্ধান কৰিবলৈ উৎসাহ পাইছিলোঁ। মই BLUE OCEAN ক এটা কাল্পনিক যদিও বাস্তৱধৰ্মী কাহিনী হিচাপে কল্পনা কৰিছিলোঁ, য’ত জিমখন কাহিনীৰ কেন্দ্ৰ বিন্দু হৈ থাকে আৰু বিভিন্ন উপাদান আৰু চৰিত্ৰ তাৰ চাৰিওফালে ভাঁহি থাকিলেও শেষত পুনৰ তাৰ দিশেই আকৃষ্ট হয়।

Blue Ocean

বান্ধি থোৱা চিত্ৰনাট্য (BOUND SCRIPT) নোহোৱাকৈ এখন চলচ্চিত্ৰ শ্বুট কৰাটো মোৰ বাবে প্ৰথমবাৰৰ অভিজ্ঞতা আছিল আৰু নিঃসন্দেহেই এক বৃহৎ প্ৰত্যাহ্বানো আছিল। তথাপি, এই মুক্ত ধাৰাৰ কাহিনী কোৱাটো একে সময়তে মুক্তিদায়ক আৰু যথেষ্ট ৰোমাঞ্চকৰ আছিল। আমি অভিনয় শিল্পী সকলক আৰু কলাকুশলী সকলকো প্ৰবাহৰ সৈতে আগবাঢ়িবলৈ উৎসাহ দিছিলোঁ—যিটো বহুসময়ত অভিনেতা আৰু টীম দুয়োটাৰে বাবে আচৰিত অভিজ্ঞতা আছিল।

Blue Ocean

আমি সমগ্ৰ চলচ্চিত্ৰখন ডেৰাডুনৰ ৰাজেন্দ্ৰ নগৰত থকা মোৰ চুবুৰীত মাত্ৰ ন দিনমানৰ ভিতৰত শ্বুট কৰিছিলোঁ। ইয়াৰ উপৰিও এদিন চণ্ডীগড়ত আৰু হিমাচল প্ৰদেশৰ PAONTA SAHIB  GURUDWARA ত শ্বুট কৰা হৈছিল—য’ত দশম শিখ গুৰু, গুৰু গোবিন্দ সিংহ-এ যমুনা নদীৰ পাৰত পৱিত্ৰ গ্ৰন্থ ‘গুৰু গ্ৰন্থ চাহিব’ৰ দশম অধ্যায় ৰচনা কৰিছিল।

হয়, এইটো মোৰ হিন্দী চলচ্চিত্ৰ জগতত প্ৰথম প্ৰৱেশ—যি খনজগত পৰম্পৰাগত ভাৱে তাৰকাব্যৱস্থা আৰু সূত্ৰধৰ্মী চলচ্চিত্ৰই আধিপত্য কৰি আহিছে। তথাপি এইটোও ক’ব লাগিব যে  হিন্দী চলচ্চিত্ৰ বহু ধৰণৰ আৰু বহু মাত্ৰিক।  মোৰ মতে BLUE OCEAN এ বহু ধৰণৰ বিষয় আৰু চিন্তাক স্পৰ্শ কৰে; সেয়ে হিমালয়ৰ পাদদেশৰ পৰা অহা এই ব্যতিক্ৰমী চলচ্চিত্ৰ খনক কোনো সৰু বাকচত ভৰাই কোনোবা চেল্ফত থৈ দিব নোৱাৰি—সেয়া কোনো ভাবেই সম্ভৱ নহয়।

Blue Ocean

PD:

‘Blue Ocean’ৰ কাহিনী গঢ়াত হিমালয় পৰ্বত শ্ৰেণীয়ে এক গুৰুত্বপূৰ্ণ আৰু প্ৰভাৱশালী ভূমিকা পালন কৰে। কাহিনীৰ ধাৰণা গঢ়ি তোলাত হিমালয়ৰ উপস্থিতিয়ে কিমান খিনি প্ৰভাৱ পেলাইছে?

SB:

BLUE OCEAN হৈছে ভাৰতৰ ডেৰাডুনত অৱস্থিত প্ৰাচীন হিমালয়ৰ পাদদেশত গঢ় লৈ উঠা এটা কাহিনী—য’ত মই এতিয়া প্ৰায় দুবছৰ সময় ধৰি বাস কৰি আহিছোঁ। এই চলচ্চিত্ৰ খনৰ গভীৰ তলত দুটা গুৰুত্বপূৰ্ণ উপ-পাঠ নিহিত আছে—এফালে হিমালয়ৰ পৰিচয়, আৰু আন ফালে হিমালয়ৰ সংকট।

আমি সকলোৱে জানো যে এই অঞ্চলটো পৃথিৱীৰ আটাইতকৈ পৰিবেশগতভাৱে সংবেদনশীল পৰ্বত অঞ্চল সমূহৰ ভিতৰত এটা। বহু দশক ধৰি পৰ্যটন আৰু উন্নয়নৰ নামত কৰা ভয়াবহ মানৱ হস্তক্ষেপে, লগতে জলবায়ু পৰিৱর্তনৰ ধ্বংসাত্মক প্ৰভাৱে, এই অঞ্চলটোত নিৰন্তৰ চাপ পেলাইছে। স্বাভাৱিকতেই, এজন বনৰীয়া প্ৰকৃতিৰ অনুৰাগী হিচাপে মোৰ নিজৰ যাত্ৰাও এই কাহিনীত প্ৰতিফলিত হৈছে।

এই সুযোগতে উল্লেখ কৰিব বিচাৰোঁ যে BLUE OCEAN’ৰ ষ্ট্ৰীমিংৰ জৰিয়তে উপাৰ্জিত আয়ৰ এটা অংশ হিমালয়ৰ পৰিবেশত বিপন্ন হৈ পৰা এক সৌন্দৰ্য্যশালী কিন্তু লুকাই থকা প্ৰজাতি — ALPINE/HIMALAYAN MUSK DEER’ৰ সংৰক্ষণৰ বাবে ব্যয় কৰা হ’ব। তাৰ উপৰিও, আমাৰ বিস্ময়কৰ মহাসাগৰ সমূহত থকা সামুদ্ৰিক পৰিবেশ সংৰক্ষণৰ বাবেও আয়ৰ এটা অংশ দান কৰা হ’ব, কোৱা বাহুল্য যে এই মহাসাগৰ সমূহে পৃথিৱীত মানুহে উৎপন্ন কৰা কাৰ্বন ডাই অক্সাইডৰ প্ৰায় ৭০%  শোষণ কৰে। এই সুন্দৰ ‘PALE BLUE DOT’—এই পৃথিৱীখনেই আমাৰ একমাত্ৰ ঘৰ।

সেয়ে, হয়, শক্তিশালী হিমালয় BLUE OCEAN ৰ এক অবিচ্ছেদ্য অংশ, আৰু কাহিনীৰ প্ৰতিটো স্তৰতে ইয়াৰ উপস্থিতি স্পষ্টভাৱে অনুভৱ কৰিব পৰা যায়। অৱশ্যে দৰ্শকে এই চলচ্চিত্ৰখনত বৰফেৰে আৱৃত নন্দাদেৱী বাত্ৰিশূলৰ দৰে মনোমোহা শিখৰ দেখা নাপাব—যি সমূহে যুগে যুগে পৰ্বতাৰোহী, আলোকচিত্ৰ শিল্পী আৰু চলচ্চিত্ৰ নিৰ্মাতাক অনুপ্ৰাণিত কৰি আহিছে। কিন্তু যিটো স্পষ্টকৈ অনুভৱ কৰিব, সেয়া হৈছে হিমালয় অঞ্চলৰ গভীৰ সংকট আৰু মানুহে সেইসংকট উপলব্ধি কৰিবলৈ অলপ পলমকৈ হলেও জাগি উঠা বাস্তৱতা।

এইখিনিতে উল্লেখ কৰিব পাৰি যে হিমালয় পৰ্বত শ্ৰেণী পীৰপাঞ্জাল (যাক Lesser Himalayas বুলিও কোৱা হয়) ৰ পৰা আৰম্ভ কৰি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল আৰু উপৰ ব্ৰহ্মদেশলৈকে বিস্তৃত। এই মহিমান্বিত পৰ্বতসমূহে হাজাৰ হাজাৰ বছৰ ধৰি নদী, সভ্যতা, সমাজ আৰু সংস্কৃতিক জন্মদি, লালন-পালন কৰি আহিছে।

সেয়ে আপুনি সহজেই কল্পনা কৰিব পাৰে— হিমালয় মোৰ বাবে ব্যক্তিগত ভাৱে কিমান ‘গুৰুত্বপূৰ্ণ আৰু প্ৰভাৱশালী’, আৰু সেই একে কাৰণেই BLUE OCEAN ৰ কাহিনীৰ বাবেও। চলচ্চিত্ৰখনৰ বাবে মোৰ পুৰণি বন্ধু, হিন্দী চলচিত্ৰ জগতৰ স্বীকৃতি প্ৰাপ্ত গীতিকাৰ-সুৰকাৰ Shellee-এ লিখা এটা অসাধাৰণ, বেদনাদায়ক আৰু হৃদয়স্পৰ্শী গীতে হিমালয়ৰ এই দুৰ্ভাগ্যক উজ্জ্বল কৰি তুলিছে—“Ek Chiraiyya Purvai Se Nir Pata Hai Puche” — এটা অসহায় চৰায়ে পূবৰ বতাহক সোধে তাৰ বাসৰ ঠিকনাক’ত; কিন্তু সি নাজানে যে তাৰ বাস থকা গছডাল মানুহে কাটি পেলাইছে। এইয়াই হিমালয়ৰ দুৰ্ভাগ্যৰ কাহিনী।

PD:

আপোনাৰ কাহিনী কোৱাত আপুনি কঠোৰ বাস্তৱবাদৰ পৰা থ্ৰিলাৰ ধাৰালৈ আগবাঢ়োঁতে কোনবোৰ বিশেষ উপাদান বিবেচনা কৰিছিল? এই সৃষ্টিশীল প্ৰক্ৰিয়াটো আপুনি কেনেদৰে navigate কৰিলে?

SB:

BLUE OCEAN মোৰ আগৰ সকলো চলচ্চিত্ৰৰ পৰা পৃথক—এইটো সত্য। ই যথেষ্ট পৰিমাণে বাস্তৱধৰ্মী, যদিও ১৯৫০ দশকৰ ব্ৰিটিছ ক্লাছিক ‘Night and the City’ৰ দৰে ‘gritty realism’ নহয়। তথাপি চলচ্চিত্ৰখন সদায়েই কল্পনা আৰু বাস্তৱৰ মাজৰ, সত্য আৰু মিছাৰ মাজৰ এক সন্ধিক্ষণত বিচৰণ কৰে। আচৰিতভাৱে, দৰ্শকে কোনে কি কৰিছে আৰু কি ঘটিছে সেয়া বুজি পায়, কিন্তু কাহিনীৰ চৰিত্ৰসমূহে সেইটো নাজানে! মই BLUE OCEAN ত এক প্ৰকাৰ ‘ওলোটা whodunit’ হিচাপে প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছিলোঁ। এই প্ৰয়োগ সফল হ’ব নে নহ’ব সেয়া আমি নিশ্চিত নাছিলোঁ, কিন্তু নতুন কিবা এটা চেষ্টা কৰি চাবলৈ আমি আগবাঢ়িলোঁ।

‘Blue Ocean’ Gym খনক নিজেই—তাৰ অসংখ্য আয়নাৰ সৈতে—এটা সুকীয়া ‘স্থান’ হিচাপে আৰু এক প্ৰকাৰ ‘প্ৰ’ছেনিয়াম থিয়েটাৰ’ (PROSCENIUM THEATRE) হিচাপে উপস্থাপন কৰা হৈছে য’ত নাটক আৰু ছলনা উন্মোচিত হয়। ইয়াত দৃষ্টি (GAZE) ‘অন্যজন’ৰ ওপৰত নহয়; দৃষ্টি নিজৰ ওপৰতে, আয়নাত প্ৰতিফলিত নিজস্ব চেহেৰাত। Selfies আৰু Reels-এৰে ভৰা এই ডিজিটেল যুগত ই এক প্ৰকাৰ আত্মমোহনৰ অনুশীলন (DIGITAL NARCISSISM)- কিন্তু Gym ৰ পৰা ওলাই বাস্তৱ জগতত ভৰি দিয়াৰ লগে লগে—যেতিয়া মোবাইল ফোনত নিজৰ মুখলৈ চাই নাথাকে—তেতিয়া পুনৰ যুৱক বা যুৱতীয়ে সেই কঠোৰ বাস্তৱবাদলৈ ঘূৰি আহে।

আপোনাৰ প্ৰশ্নৰ উত্তৰত ক’বলে গ’লে, প্ৰতিখন চলচ্চিত্ৰ আৰু প্ৰতিটো কাহিনীক নিজৰ চৰ্ত অনুসাৰে সৃষ্টিশীলভাৱে ‘navigate’ কৰিব লাগিবই। কাহিনীটোৰ সৈতে আধা-বাটত মুখা-মুখি লাগিব। যদি আপুনি অত্যধিক জোৰ বেগেৰে আগবাঢ়ে, তেন্তে কাহিনীটোৱে নিয়ন্ত্ৰণ হেৰুৱাব পাৰে, আৰু তাৰ ফলত আধা-পথতেই দৰ্শক হেৰুৱাবলগীয়া হ’ব পাৰে। এইটো নিঃসন্দেহে এটা জটিল ক্ষেত্ৰ, কিন্তু এজন পৰিচালক হিচাপে আমি ঠিক এইটোয়েইতো ‘navigate’ কৰিব লাগিব, নহয় জানো? আপোনাৰ ‘navigate’ শব্দটো মোৰ খুব পচন্দ হৈছে—শেষত এইটো জীৱনৰ দৰে, সকলোয়ে কেৱল নেভিগেট কৰিয়েই আগবাঢ়িব লাগে।

PD:

ডেৰাডুনৰ পটভূমিত নিৰ্মাণ কৰা  হিমালয় কেন্দ্ৰীক  চলচ্চিত্ৰ ‘Blue Ocean’ৰ ক্ষেত্ৰত কেনেধৰণৰ গৱেষণা আৰু ডিজাইনমূলক প্ৰচেষ্টা কৰা হৈছিল? এই প্ৰকল্পত জড়িত শিল্পী আৰু প্ৰযুক্তিবিদসকলৰ বিষয়ে অলপ বিৱৰণ দিব পাৰিবনে?

SB:

BLUE OCEANৰ গৱেষণা আৰু ডিজাইনৰ মূল উদ্দেশ্য আছিল—বাস্তৱত যি আছে, তাকেই অবিকৃতভাৱে ধৰি ৰখা। কোনো সালসলনি নহয়, কোনো সংযোজন নহয়,  কোনো অবাস্তৱ অলংকৰণ নহয়, আৰু যিখিনি প্ৰকৃত স্থানত ২০২৪ চনৰ ডিচেম্বৰত সমগ্ৰ চলচ্চিত্ৰখন শ্বুট কৰা হৈছিল, সেইঠাইবোৰৰ সৈতে কোনো ধৰণৰ TAMPERING  হোৱা নাছিল। পৰ্দাত যিখিনি দেখা যায়, সেয়া আজিও ডেৰাডুনৰ ৰাজেন্দ্ৰ নগৰত থকা মোৰ চুবুৰীত খোজ কাঢ়িলেই দেখা পোৱা বাস্তৱ চিত্ৰ।

এই খিনিতে উল্লেখ কৰিব খুজিছো যে দিনৰ বেলা তেওঁলোকৰ ব্যৱসায়ত বিঘ্ন নঘটাবলৈ আমি ‘Blue Ocean’ Gym ত ৰাতি ৰাতিয়েই অভিনেতাসকলৰ সৈতে শ্বুট কৰিছিলোঁ। ইয়াৰ বাহিৰেও, আমি যিবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু দোকানত ব্যাপকভাৱে শ্বুট কৰিছিলোঁ, তেওঁবিলাকৰ পৰা পোৱা সহযোগিতা আৰু আন্তৰিকতা শব্দৰে বৰ্ণনা কৰাই কঠিন—New Kamal Dairy, MBA Chaiwala, Costa Coffee, Sheesha Lounge & Restaurant, Horilal Vegetable & Fruit Juice Corner, Bollywood Bar & Lounge, Heaven’s Rooftop & Skylounge, Banjara, Mind & Body আদি বহুতো। এই মানুহখিনিৰ উদাৰতা আৰু সদ্ভাৱ অবিহনে BLUE OCEAN সম্ভৱ নহ’লেহেঁতেন। মই সদায়েই সিহঁতৰ প্ৰতি কৃতজ্ঞ হৈ থাকিম।

টীমৰ কথা ক’বলৈ গ’লে, পুনপ্ৰথমেই মোৰ প্ৰতিভাশালী MBA শিক্ষাৰ্থীসকল- BLUE OCEANৰ দুজন Executive Producer আৰু দুজন Director of Photography হিচাপে ইহঁতক পোৱাটো এক প্ৰকাৰৰ অলৌকিক ঘটনাই আছিল। এইখনেই আছিল তেওঁলোকৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰত ইণ্টাৰ্নশ্বিপ (INTERNSHIP)—এটা অভিজ্ঞতা, যিটো তেওঁলোকে বহুদিনলৈ মনত ৰাখিব বুলি মই নিশ্চিত। সমগ্ৰ চলচ্চিত্ৰখন দুটা Apple 15 Pro ফোনত Filmic Pro ব্যৱহাৰ কৰি শ্বুট কৰা হৈছিল। লোকেচনত শব্দগ্ৰহণ আৰু মিক্সিংৰ কাম বম্বেৰ পৰা অহা এটা পেছাদাৰী সাউণ্ড টীমে সম্পন্ন কৰিছিল, কিয়নো সকলো দৃশ্যই sync sound-ত শ্বুট কৰা হৈছিল—ডাবিংৰ বাবে ষ্টুডিঅ’লৈ যোৱাৰ কোনো প্ৰশ্নই উঠা নাছিল। একেবাৰে no-budget পৰিস্থিতিত এইটোৱে এটা ব্যৱহাৰিক সমাধান।

Gym’ৰ ভিতৰত থকা বহু দৃশ্যৰ ‘অভিনেতা’ সকল আচলতে ‘Blue Ocean’ৰ নিয়মীয়া সদস্য। বিশেষভাৱে ক’ব বিচাৰোঁ—Kajal Thapa, Mohin Khan আৰু Gulfam Khan-ৰ কথা—তেওঁলোকৰ উৎকৃষ্ট অভিনয় আৰু সম্পূৰ্ণ সহযোগিতাৰ বাবে। চণ্ডীগড়ৰ পৰা চাৰি গৰাকী পেছাদাৰী অভিনেতা আমাৰ সৈতে ডেৰাডুনত যোগদান কৰিছিল, আৰু আমাৰ এই সৰু চলচ্চিত্ৰ খনত তেওঁলোকক পোৱাটো এক আশীৰ্বাদস্বৰূপ আছিল—Abhitej Singh, Suraksha Gaire, Shelly Taneja আৰু Tajinder Kaur-লৈ মোৰ আন্তৰিক কৃতজ্ঞতা। ইয়াৰ উপৰিও, অভিনেতা হিচাপে আগবাঢ়ি অহা মোৰ সকলো বন্ধু-বান্ধৱ আৰু সহকৰ্মীৰ প্ৰতি মই চিৰকৃতজ্ঞ। বিশেষভাৱে উল্লেখ কৰিব বিচাৰোঁ আমাৰ বিশেষ সক্ষম অভিনেত্ৰী Ambica Chatamba আৰু শিশু অভিনেতা Gaurang Chauhan-ৰ কথা।

প্ৰায় ছয় বছৰৰ ব্যৱধানৰ পাছত চলচ্চিত্ৰ সম্পাদক জিতেন বৰায়ে BLUE OCEAN’ত পুনৰ মোৰ সৈতে কাম কৰিলে। তেওঁৰ উপস্থিতিয়ে মোক নিৰাপদ আৰু নিশ্চিন্ত অনুভৱ কৰাইছিল। এই বছৰটোত আমাৰ সহযোগিতাই এটা দশক পাৰ কৰিলে, আৰু আমাৰ দীঘলীয়া সৃষ্টিশীল সম্পৰ্ক আৰু সংযোগ লৈ মই গৌৰৱ অনুভৱ কৰোঁ।

PD:

Dev D’ আৰু ‘Udta Punjab’ৰ দৰে সমালোচনাত্মকভাৱে স্বীকৃত চলচ্চিত্ৰত কাম কৰা খ্যাতনামা গীতিকাৰ Shellee-ৰ সৈতে আপোনাৰ সহযোগিতাৰ বিষয়ে কিছু অন্তৰ্দৃষ্টি দিব পাৰিবনে?

SB:

মই Shellee-ক দুটা দশকৰো অধিক সময় ধৰি চিনি পাওঁ—যেতিয়া আমি দুয়ো ‘struggler’ আছিলোঁ, বম্বেত যিদৰে কোৱা হয়! এইটো একেবাৰে ব্যতিক্ৰমী আৰু বিশেষ বন্ধুত্ব, যিটোৱে এতিয়াহে পেছাদাৰী ক্ষেত্ৰত পূৰ্ণতা লাভ কৰিছে। আমি মাত্ৰ বন্ধু—যদিও আমাৰ স্বভাৱ আৰু মানসিক গঠন সম্পূৰ্ণ ভিন্ন। মই সৰ্বদাই এক বিদ্ৰোহী স্বভাৱৰ মানুহ, আৰু মোৰ এতিয়ালৈকে কৰা যাত্ৰা বহু বৃহৎ ব্যৰ্থতাৰে ভৰপূৰ। কিন্তু জীৱনত কেতিয়াবা আপুনি Shelleeৰ দৰে এজনক লগ পায়—এজন গভীৰভাৱে সংবেদনশীল কবি, যিয়ে মানুহৰ মনোবৃত্তি বুজে, আৰু আপোনাকো বুজে। আমি প্ৰথমে বন্ধু—  সেয়ে Shellee-ৰ সৈতে মোৰ সহযোগিতা কোনো পেছাদাৰী এজেণ্ডা বা বিশেষ প্ৰস্তুতিৰ ফল নহয়।

মই অতি বাচাল—যিটো কেতিয়াবা লাভজনক, কেতিয়াবা ক্ষতিকাৰকো হ’ব পাৰে। এজন চলচ্চিত্ৰ পৰিচালকৰ প্ৰথম মূল সম্পদ হ’ল চিন্তা আৰু প্ৰকাশৰ স্পষ্টতা। টীমৰ পৰা সৰ্বশ্ৰেষ্ঠখিনি উলিয়াই অনাটোৱেই মোৰ দায়িত্ব। বৃহৎ দৃষ্টিভংগী আৰু সামগ্ৰিক ছবিখনৰ বিষয়ে যদি তেওঁলোক স্পষ্ট নহয়, তেন্তে চলচ্চিত্ৰখন বিপদত পৰিব পাৰে। মই কোনো গম্ভীৰ, মৌন শিল্পী নহয়; মই প্ৰথমে আৰু সৰ্বাগ্ৰে এজন কাৰিগৰ—আৰু Shellee-এ এই কথা ভালদৰে জানে।  তেওঁ কেতিয়াবা মোৰ কামক লৈ যথেষ্ট সমালোচনামুখৰ হয়, যিটো মোৰ বাবে এক আশীৰ্বাদস্বৰূপ।  BLUE OCEANৰ গীতৰ বিষয়বস্তু  প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াৰ কথা কবলৈ গ’লে-Shellee এ প্ৰথমে মোক তেওঁৰ প্ৰাথমিক লেখা শুনুৱায়—যদিও মই সদায়েই ধৈৰ্য্যৱান নহয় বুলি স্বীকাৰ কৰিব লাগিব! তাৰ পাছত খচৰা ৰূপ প্ৰস্তুত হ’লে মই টুকুৰা টুকুৰাকৈ শুনো, যেতিয়ালৈকে গানটোৱে সম্পূৰ্ণ ৰূপ লয় নুঠে।

আচলতে BLUE OCEAN’ত Shellee-ৰ সৈতে কাম কৰাটো মোৰ বাবে এক অপূৰ্ব আনন্দ আৰু শিক্ষণীয় অভিজ্ঞতা আছিল। এই সৃষ্টিশীল আদান-প্ৰদানৰ ফলস্বৰূপে জন্ম ল’লে পাঞ্জাবী গীত ‘Kih Dassan Main Kaun Hai Thagda’ (এই পৃথিৱীৱে মোক ঠগিছে নে মই নিজেই পৃথিৱীক ঠগিছোঁ?), ‘Sach Hai Chupp Tey Jhuth Peya Nachda’ (চাৰিওফালে চাওক—সত্য নীৰৱতাত কাতৰ হৈ আছে, আৰু মিছাই উল্লাসত নাচি আছে)। এই গীতটো Pugal, Bikaner-ৰ Mir Basu Barkat Khan-এ আত্মাৰ গভীৰতাৰ পৰা গাইছে। এই শিল্পীগৰাকীক মই প্ৰথম শুনিছিলো ২০২৪ চনৰ গ্ৰীষ্মকালত- ডেৰাডুনত অনুষ্ঠিত কবিৰ যাত্ৰা অনুষ্ঠানত।

মই Shellee-ক কৈছিলোঁ যে BLUE OCEANৰ বাবে মোক এনে এটা গীত লাগে, যিটোৱে এই বাস্তৱতাক প্ৰতিফলিত কৰে—সৰ্ববৃহৎ প্ৰৱঞ্চনা হ’ল আমি নিজেই নিজৰ সৈতে কৰা প্ৰৱঞ্চনা। গীতটো ইমানেই গভীৰ, শক্তিশালী আৰু অভিভূত কৰা যে প্ৰথমবাৰৰ বাবে শুনি মই প্ৰায় ধ্যানস্থ অৱস্থালৈ গৈছিলোঁ। এই গীতটোৱে হিমালয়ৰ পাদদেশত এজন PONZISCHEME ত লিপ্ত প্ৰৱঞ্চকক ধৰাৰ দায়িত্ব পোৱা গোপন আৰক্ষী বিষয়া Prakash Negi-ৰ মানসিক অৱস্থাক অপূৰ্বভাৱে ধৰি ৰাখিছে।  হিমালয়ত দশকৰ পাছত দশক ধৰি মানুহে কৰা বন ধ্বংস হ’ল আটাইতকৈ ডাঙৰ প্ৰৱঞ্চনা আৰু অপৰাধমূলক কাৰ্যকলাপ- ইয়াৰ পৰিণাম সৰ্ববিদিত, BLUE OCEAN ৰ গীতত এই প্ৰৱঞ্চনাৰ প্ৰতিফলন ৰাইজে হৃদয়ংগম কৰিব।

PD:

BLUE OCEAN চলচ্চিত্ৰখন হিন্দী চলচ্চিত্ৰ জগতত এক যুগান্তকাৰী সংযোজন হ’ব নেকি—যিয়ে পৰম্পৰাগত সীমাৰেখা অতিক্ৰম কৰি প্ৰচলিত ধাৰণাক প্ৰত্যাহ্বান জনাব?

SB:

মোৰ বিশ্বাস, সময়ৰ সৈতে এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাই এটা স্বকীয় স্বাক্ষৰ আৰু স্পষ্ট দৃষ্টিভংগী গঢ়ি তোলে। কেমেৰাৰ চলন, স্থান (LOCATION) আৰু লেন্স (LENS) ৰ বাছনি, পেছাদাৰী অভিনেতা আৰু অপেছাদাৰী মানুহৰ নিৰ্বাচন, কোনো এটা সময়কালত ক’বলৈ বাছনি কৰা কাহিনী—এই সকলোবোৰেই সেই দৃষ্টিভংগীক প্ৰতিফলিত কৰে আৰু শেষ ফলাফলত গভীৰভাৱে প্ৰভাৱ পেলায়। BLUE OCEAN এ নতুন কিবা যুগান্তকাৰী সৃষ্টি কৰিব বা আপোনাৰ ভাষাত ক’বলৈ গ’লে, ‘পৰম্পৰাগত সীমাৰেখা অতিক্ৰম’ কৰিব—এনে কোনো ডাঙৰ দাবী মই কৰিব নোৱাৰোঁ।

প্ৰতিবাৰ মই এখন চলচ্চিত্ৰ বনাওঁতে, একেবাৰে মৌলিক স্তৰত, মই চলচ্চিত্ৰৰ ‘গঠন’ (STRUCTURE) ৰ সৈতে সংলাপ স্থাপন কৰোঁ—সময় (TIME) আৰু স্থান (SPACE) এই দুটা মূখ্য অক্ষক (COORDINATES) কেন্দ্ৰ কৰি। শব্দ আৰু চিত্ৰৰ সম্পদসমূহ সংগঠিত কৰি, সোজা বা অসোজা (LINEAR OR NON-LINEAR) ধাৰাতেই হওক, এটা আকৰ্ষণীয় কাহিনী ক’বলৈ চেষ্টা কৰোঁ। চলচ্চিত্ৰ মাধ্যমৰ সীমাবদ্ধতাৰ বিষয়ে সচেতন হৈয়েই, সেই গঠনটোৰ সৈতে মোৰ নিজস্ব সংঘাত আৰু তাৰ পৰা পোৱা সৃষ্টিশীল স্বাধীনতাই এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা আৰু কাহিনীকাৰ হিচাপে মোৰ কামক সংজ্ঞায়িত কৰে।

হিন্দী চলচ্চিত্ৰ জগতখন  এক পৃথক জগত, আৰু মই তাৰ ভিতৰুৱা মানুহ নহয়। I am an outsider from the margins-  কিন্তু এজন চলচ্চিত্ৰ উদ্যোগপতি (Film Entrepreneur) হিচাপে মোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল—মানুহ, সামগ্ৰী আৰু সম্পদ একেলগ  কৰি কামটো সম্পন্ন কৰা। মই ইৰ্ফান’ৰ দৰে কোনো তাৰকা আহি মোৰ চলচ্চিত্ৰত অভিনয় কৰিব বুলি অপেক্ষা কৰি বহি নাথাকোঁ। মোৰ কাম হ’ল- মোৰ কাহিনীটো দৰ্শকৰ আগলৈ লৈ যাব লাগিব—তাৰকা থাকক বা নাথাকক মই একেবাৰেই চিন্তা নকৰোঁ। ইতিহাসৰ ধাৰা সলনি কৰি পেলাব পৰা কোনো বিস্ফোৰক সৃষ্টি কৰিম বুলি মোৰ কোনো ভ্ৰম নাই – মই এজন সাধাৰণ চলচ্চিত্ৰ নিৰ্মাতা মাত্ৰ – মই খুবেই সন্তুষ্ট যে মই মহত্বাভিমানৰ ৰোগত ভুগি নাথাকোঁ!

]]>
https://rupaliparda.com/archives/32838/feed 1 32838
নৈ কথা | চিনেচৰ্চা–উৎপল মেনা https://rupaliparda.com/archives/32759 https://rupaliparda.com/archives/32759#respond Tue, 27 Jan 2026 17:04:30 +0000 https://rupaliparda.com/?p=32759 নৈ কথা | চিনেচৰ্চা

–উৎপল মেনা

চিনেচৰ্চা

নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম– তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা– নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।
[বিপৰীতে গ্ৰাহকৰ– চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ “দোকান” তিনিখন ৰাখিছে। দেখুৱাইছে– চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ– বাস্তৱিক। পৰিপাটি– কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।] তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত “বাকী” বাঢ়ি গৈ আছে।

চিনেচৰ্চা
তিলো হ’তৰ সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতিত।] আৰু বাঢ়িল দুটা কাৰণত– মৌজাদাৰৰ পুতেকে(বেপাৰী ঠিকাদাৰ) লীজত ল’লে বছৰৰ পাছত বছৰ ধৰি মাছমাৰি অহা নৈ-অংশ। আনহাতে মাছৰ পোনা জগা সময় চোৱাত মাছ ধৰাত বাধা আহে। –“বেপাৰী ঠিকাদাৰৰ” সৈতে সেই সময় চোৱাতে সংঘাত হয় তিলোৰ।সংঘাতৰ বাবে ক্ষমা বিছাৰি “বেপাৰী ঠিকাদাৰ” গৰাকীৰ সহায়তে তিলোৱে ৰিক্সা চলাবলৈ লয়।
[পৰিচালকে সাহিতৰ ভাষাৰে স্পষ্ট কৰিছে– ৰিক্সা খন দৰাচলতে তিলো হ’তৰ দৰে লোকৰ বাবে অহা “চৰকাৰী আঁচনী”ৰ। চৰকাৰী বিষয়া-বেপাৰী ঠিকাদাৰৰ দৰে মধ্যভোগীৰ বাবে তিলো হ’তক চুব নোৱাৰে।] কিছু ভাললৈ আহিছিল তিলোৰ জীৱন! কিন্তু তেনেতে উদণ্ড বাইক আৰোহীৰ সৈতে হোৱা সংঘাতৰ ফলত তাৰ মৃত্যু হয়।
[ডাক্তৰে চিটি স্কেনৰ কথা কৈছিল। কিন্তু চহৰৰ চিকিৎসালয়লৈ গৈ চিকিৎসা কৰা সম্ভৱ নহয়। গ্ৰাম্য অঞ্চলৰ চৰকাৰী চিকিৎসা; আৰু কাহিনীৰ গতিত গ্ৰাম্য অঞ্চলৰ শিক্ষা ব্যৱস্থাৰ ছবি খন স্পষ্ট কৰিছে কেমেৰা, সাহিত্যৰ ভাষাৰে।] মৃত্যুৰ পাছত তিলোৱে ব্যৱহাৰ কৰা নাৱৰ বোঠা বাসন্তীয়ে হাতত তুলি লয়। তিলোৱে এৰি যোৱা সংসাৰ খনৰ গুৰি-বঠা বাসনন্তীয়ে নিয়ন্ত্ৰণ কৰে। চিনেমেটিক সৌন্দৰ্যৰে ভৰপূৰ শেষ ছিকুৱেন্সটো চুই যোৱা, বুদ্ধিদীপ্ত।
[এই খিনিতে উল্লেখ কৰাৰ প্ৰয়োজন আছে– তিলোৰ মৃত্যুৰ পাছতে ৰূপালী গল্পটোৱে ছন্দ হেৰুৱাইছে। আমাৰ ধাৰণাত– “বাসন্তী”ক প্ৰয়োজনাধিক ফুটেজ দিয়াৰ ফলত “নৈ”ৰ পৰা কাহিনী-ৰেখা অন্য ফালে গৈছে। এই গতি ইতিবাচক হৈ থকা নাই। সম্পদনাৰ সময়ত পৰিচালক, সম্পাদকৰ পৰিশ্ৰমৰ প্ৰয়োজন আছিল।]

চিনেচৰ্চা
এই খিনিতে উল্লেখ কৰিব পাৰি তিলো মাত্ৰ কাহিনী-ৰেখাৰ বিন্দুহে। ৰূপালী গল্পটোৰ “সংগ্ৰাম, সমস্যা” নৈ পৰীয়া মাছুৱৈ সকলৰ, যি সকলৰ পৰম্পৰাগত জীৱনধাৰা আৰু প্ৰকৃতিৰ সৈতে থকা নিবিড় সম্পৰ্কৰ দূৰত্ব বঢ়াইছে আধুনিকীকৰণ, চৰকাৰী নীতিয়ে।
[কামৰ অভাৱত গাঁওৰ ডেকাবোৰ কেৰেলা-বাংগালোৰলৈ যোৱা, নদী বান্ধে “নৈ” শুকুৱাই পেলোৱা আন দুটা “সমস্যা” চুই গৈছে।] পৰিচালকে ৰূপালী গল্পটোৰ গতিত ব্যৱহাৰ কৰা আৰু এটা বুদ্ধিদীপ্ত ছিকুৱেন্সৰ কথা মনলৈ আহিছে– মাজৰাতি তিলোই চালানী মাছৰ দোকান খন ভাঙি, জ্বলাই দিয়া ছিকুৱেন্সটো। তিলোৰ জীৱন-জীৱিকাৰ বাটত সমস্যা বঢ়োৱা দোকান খন জ্বলাই দি মনৰ খং প্ৰকাশ কৰোৱা ছিকুৱেন্সটো।
[এই ছিকুৱেন্সটোই জাহ্নু বৰুৱাৰ পোৱাল নাৱৰীয়াই (চিনেমা: সাগৰলৈ বহুদূৰ) নদীৰ ওপৰত সজা নতুন দলং খনক কৰা খং, ৰসেশ্বৰে প্ৰকাশ কৰা ক্ষোভৰ (চিনেমা: হালধীয়া চৰায়ে বাওধান খায়) ছিকুৱেন্স দুটা মনলৈ আনি দিয়ে। গতিকে স্বাভাৱিকতে মৌলিকতাৰ প্ৰশ্নটো উত্থাপন হোৱাৰ বাট আছে। এই খিনিতে আৰু উল্লেখ কৰিব পাৰি কেমেৰা ডিজাইন, কেইবাটাও শ্বট নিৰ্মাণে “জাহ্নু বৰুৱাৰ চিনেমা” মনলৈ আনি দিয়ে।]

চিনেচৰ্চা
–ছিকুৱেন্সটোৰ সৌন্দৰ্য বঢ়াইছে বা বঢ়োৱাত সহায় কৰিছে তিলো চৰিত্ৰটোত অভিনয় কৰা ৰাজু ৰয়ে।এনেদৰে উল্লেখ নকৰিলে ভুল হ’ব– ৰাজু ৰয়ৰ অভিনয় শক্তি প্ৰয়োগেৰ নিৰ্মাণ হৈছে ৰূপালী গল্পটোৰ এক সৌন্দৰ্য [প্ৰতিটো চৰিত্ৰৰে নিৰ্মাণ পৰিপাটি। তথাপি ৰাজু ৰয়ৰ লগতে উল্লেখ কৰিব লাগিব “বাসন্তী” মেঘালী কলিতাৰ। মেঘালীৰ অভিনয় চমক অস্বীকাৰ কৰিব নোৱাৰি]। কেমেৰৰ ভাষাৰে (পৰিপাটি শ্বট নিৰ্বাচন, শ্বটৰ শুদ্ধ গাণিতিক প্ৰয়োগেৰে), কেমেৰাৰ ফ্ৰেমত (বিশেষকৈ লং-শ্বটত) নৈ, নৈৰ বুকুত নাৱৰীয়া-মাছুৱৈ, বিস্তৃত সৰিয়হনি লৈ নিৰ্মাণ কৰা আন এক চিনেমেটিক সৌন্দৰ্য।
–সন্দেহ নাই “সৌন্দৰ্য” নিৰ্মাণত পৰিচালকৰ সোঁহাত স্বাভাৱিকতে চিত্ৰগ্ৰহণকাৰী (চিত্ৰগ্ৰহণ: চিদা বৰা)। চিত্ৰগ্ৰহণৰ লগতে শব্দ আৰু সংগীত ডিজাইন ৰূপালী গল্পটোৰ চিনেমেটিক সৌন্দৰ্যৰ আধাৰ বুলিব পাৰি। ড° সৌৰভ মহন্তই লোকবাদ্য (বাঁহী আৰু দোতোৰা) প্ৰয়োগেৰে, লোক সংগীতৰ সুৰ প্ৰয়োগেৰ আৱহ সংগীত ৰচনাত গুৰুত্ব দিছে।
(চিনেমা খন চালোঁ Guwahati Asian Film Festival 2026 -ত। Indian Showcase Competition শিতানত। চিনেমা খনে লাভ কৰিছে
North East India Spotlight বঁটা।)

চিনেচৰ্চা

]]>
https://rupaliparda.com/archives/32759/feed 0 32759
ড° সৌৰভ মহন্তৰ সৈতে | আলাপ | এক –উৎপল মেনা https://rupaliparda.com/archives/32738 https://rupaliparda.com/archives/32738#respond Fri, 16 Jan 2026 07:59:29 +0000 https://rupaliparda.com/?p=32738 ড° সৌৰভ মহন্ত

আমাৰ প্ৰশ্ন: আপোনাৰ ধাৰণাত সংগীত?
সৌৰভ: মোৰ ধাৰণাত সংগীতৰ পৰিভাষা মোৰ জীৱনত ভিন্ন সময়ত ভিন্ন ধৰণে বোধগম্য হৈ আহিছে। অনুভৱ প্রকাশো ভিন্ন হ’ব।
মোৰ ল’ৰালী, মোৰ কৈশোৰ আৰু মোৰ বর্তমানত সংগীতৰ প্ৰভাৱ ভিন্ন। যদিও বা এক কথাতে মই ক’ব পাৰো যে সংগীতেই মোৰ ধর্ম। সংগীত মোৰ জীয়াই থকাৰ বাবে উশাহ লোৱাৰ স্বাসনলীডালৰ নাম। সংগীতেই একমাএ সহজ আৰু সৰল পথ যাৰ দ্বাৰা মই লগ পাব পাৰো নিজেই নিজকে, কথা পাতিব পাৰো নিজৰ লগত। সংগীতেই একমাত্র মাধ্যম যাৰ সহায়ত পৰম ঈশ্বৰৰ লগত সংযোগ ঘটোৱাৰ সম্ভৱ হয়।
ফ্ৰান্সৰ প্রসিদ্ধ কবি- লেখক Alphones De Lamartine য়ে কোৱা এষাৰ কথা– “Music is the literature of heart ; it comes where speech ends .” অর্থাৎ কোনো কথা প্রকাশ কৰিবলৈ যেতিয়া সকলো ভাষা– শব্দ শেষ বা বিফল হয় তেতিয়া সংগীতেই একমাত্র আহিলা হৈ পৰে। মইও ঠিক তেনেকেই ভাৱো। সেইয়া গীতৰ মাজেৰেই হওক বা কোনো সংগীতৰ মধুৰ সুৰ সমলয়েই হওক। যিকোনো সাহিত্যৰ ভাষাৰ অবিহনেও সংগীতে কথা কয় আৰু মনৰ বতৰা এজনৰ পৰা আন জনলৈ কঢ়িয়াই নিয়ে।
ব্যক্তিগত ভাৱে সংগীতে মোৰ জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। মানুহৰ জীৱন পথত সকলোৰেই নিশ্চয় বিভিন্ন উত্থান পতন বা আনন্দ হতাশা আদি আহে আৰু যায়। আনৰ ক্ষেত্রত নাজানো, পিছে মোৰ জীৱনতো সেই সকলো ধৰণৰ সময়তে সহায় কৰিছিল একমাত্র মোৰ লগত থকা মোৰ নিঃস্বার্থপৰ একান্ত লগৰীয়া মোৰ সুন্দৰ বাদ্যযন্ত্র বোৰে আৰু মোৰ মা-দেউতাই দিয়া পৰম্পৰাগত সাংগীতিক সম্পত্তি খিনিয়ে। যি কোনো কথাতে মন ভাল লাগিলেও মোক আমোদ দিয়ে মোৰ Keyboard খনে, মন গধুৰ হলেও মোক উৎসাহ দিয়ে মোৰ Guitar খনে। পূৱা গধূলী মোক জীৱনৰ নতুন খোজ এটিত আগবাঢ়িবলৈ অনুপ্ৰেৰণা দি আহিছে মোৰ মাৰ ৫০ বছৰীয়া পূৰণী Harmonium টোয়ে। আৰু বেছিভাগ সময়ত অগ্রজ সকলৰ অসমীয়া সংগীতৰ ওপৰিও পৃথিৱীৰ বিভিন্ন সংগীত শুনিয়েই শিক্ষা লোৱাৰ আনন্দ লভো।

ড° সৌৰভ মহন্ত
সংগীত প্রথমে নিজৰ আত্মসন্তুষ্টিৰ বাবে, তাৰ পিছত আনৰ তৃপ্তি ৰসাস্বাদন কৰোৱাৰ বাবে, আৰু তাৰো পিছতহে ব্যৱসায়িক ধর্মী সংগীতৰ প্রকাশ বা পৰিবেশন, য’ত হয়তো সামুহিক ভাৱে দৰ্শকৰ বা শ্ৰোতাৰ প্রয়োজন খিনিত হে মান্যতা দিব লগিয়া হয়। অৱশ্যে সেই পেছাদাৰী ব্যৱসায়িক সংগীত প্রকাশ শৈলীৰ মাজতো নিজৰ এক স্বকীয়তা আৰু ৰসৰ মানদণ্ডৰ মৌলিক গুণাগুণ বজাই ৰাখিব পৰাতো গুৰুত্বপূৰ্ণ এটি বিষয় বুলি মই ভাৱো।
আমাৰ প্ৰশ্ন: আপোনাৰ সংগীত কৰ্ম, এতিয়ালৈকে।
সৌৰভ: মোৰ প্রথম ৰেকৰ্ডিং কৰা গীত বুলি শুধিলে কোনটো আৰম্ভনি বুলি ক’ব লাগিব নাজানো। ওপৰত কৈ অহাৰ দৰে দৰাচলতে মোৰ প্রথম বাণীবন্ধন হোৱা গীত চাগে অনাতাঁৰ কেন্দ্রতেই। ১৯৮৩-৮৪ মান ৰে কথা আছিল যদিও সেইয়া অকণীৰ মেলৰ প্ৰযোজনাৰ বাবে কিছু দলীয় গীত। তাৰ ঠিক পাছৰ টো ৰেকৰ্ডিং হৈছিল গুৱাহাটী দূৰদৰ্শনৰ বাবে। সেইয়াও এক সমবেত অকণীৰ গীত আছিল। ১৯৮৪ মানৰ কথা হ’ব। সদ্য প্রয়াত প্রসিদ্ধ বাঁহীবাদক দীপক শৰ্মা দা আৰু সন্তুৰ বাদক পঞ্চজ দত্ত দাদাৰ পৰিচালনাৰ এটি গীত আমাক গাবলৈ লৈ গৈছিল তেতিয়াৰ পাণবজাৰ স্থিত দূৰদৰ্শনকেন্দ্রলৈ। তেতিয়া তেখেত দুয়োজন দ্বাদশ শ্রেণীৰ কলেজীয়া ছাত্র আছিল। সেইয়াও আছিল মোৰ বাবে এক চিৰ স্মৰণীয় দিন। বর্তমানৰ কেইবাগৰাকী প্রতিস্থিত পৰিচিত গায়ক তেতিয়া সেই অকণী মেলত আছিল।

ড° সৌৰভ মহন্ত
একক কণ্ঠত মোৰ পোন প্রথম বাৰৰ বাবে বাণীবন্ধন হোৱা প্রথমটো গীত আছিল এটি শ্রী শ্রী মাধৱদেৱ বিৰচিত বৰগীত “বনে বন মালি”। চন ১৯৯৮ ত আমাৰ এটি বৰগীত সংকলন বাণীবন্ধন কৰা হৈছিল। প্রযোজনা মোৰ দেউতা গোপাল মহন্তই কৰিছিল আৰু ব্যৱস্থাপনা আছিল বিহুগীতৰ বিশেষজ্ঞ প্রবীণ শইকীয়া দাদাৰ। Analogue পদ্ধতিত Spool ত ৰেকৰ্ডিং হোৱা মোৰ প্রথম আৰু বিৰল অভিজ্ঞতা আছিল সেইয়া। গুৱাহাটীৰ পুৰণি ষ্টুডিঅ ‘Film Craft’ ত বাণীবন্ধন হোৱা সেই দিনটো আজিও মোৰ মনত সঁজীৱ। একে সময়তে আন দুই এটি বৰগীত আৰু থলুৱা গীত মাতৰ ৰেকৰ্ডিং হৈছিল মোৰ কণ্ঠত। তাৰ পিছত ২০০১-২০০২ ত প্রথম চিনেমাৰ আৱহ সংগীতৰ বাবে কণ্ঠ দিব লগিয়া হৈছিল। নিজৰ ব্যৱস্থাপনাতে কিছু অপ্রকাশিত গীত কৰা হৈছিল পৰীক্ষা মূলক ভাৱে জ্যোতি চিত্রবন ফিল্ম ষ্টুডিঅ’ত। আৰু ২০০৪ চনত মোৰ প্রথম একক এলবাম ‘স্মৃতি’ তৈয়াৰ কৰি মূকলি কৰা হৈছিল মোৰ বন্ধু অঞ্জন শৰ্মাৰ সহযোগিতাত। যাৰ এটি গীতৰ বাহিৰে আটাইকেইটা গীতৰ সংগীত ব্যৱস্থাপনা আছিল প্রখ্যাত শব্দযন্ত্রী আৰু গীতাৰ বাদক দীগন্ত শর্মা দাদা। এটি গীতৰ কথা-সুৰ আছিল দিগন্ত কলিতা (ভাৰতী) দাদাৰ। বাকী আটাইকেইটা গীতৰ কথা- সুৰ আছিল মোৰ নিজৰেই। সময় বাগৰিল। লাহে লাহে সংগীত ব্যৱস্থাপনা আৰু পৰিচালনাৰ দিশে মনোনিবেশ কৰিলো। বিভিন্ন জনৰ একক গীত বা সংকলনৰ গীতৰ সুৰ আৰু ব্যৱস্থাপনা কৰিবলৈ মোক দিয়া হ’ল। অনাতাঁৰ কেন্দ্রৰ বাণীবন্ধনৰ বাবেও মোৰ পৰা সুৰ বিছৰা হৈছিল কোনো কোনো শিল্পীয়ে। চেষ্টা কৰিছিলোঁ তেখেত সকলৰ ইচ্ছা পূৰ কৰিবলৈ। অৱশ্যে আঁকোৱালি লৈছিল মোৰ কাম | ২০০৯ চনত All India Radio, Guwahati ৰ কন্ঠ পৰিক্ষা দিওঁ আৰু এবাৰতেই উৰ্ত্তিন হলো। এক নতুন যাত্ৰাৰ নতুন সোৱাদ লাভ কৰিলোঁ। প্রত্যেক গৰাকী স্বনামধন্য জ্যেষ্ঠ দ্ধিগ্গজৰ পদধূলা পৰা এই সন্মানীয় প্রতিষ্ঠানটো মোৰ আজিও চিৰ নমনীয়। বর্তমান ‘A’ Grade ৰ এগৰাকী নিয়মীয়া শিল্পী হিচাপে গীত গাই আছোঁ। আমাৰ জ্যেষ্ঠ নমস্য গীতিকাৰ হীৰেন ভট্টাচার্য্য, কেশৱ মহন্ত, ড° অৰুণীমা ভৰালী, ডিম্বেশ্বৰ দাস, গীতা হাতিকাকতী আদি বিশেষ লোকসকলৰ গীত আৰু প্রসিদ্ধ সন্মানীয় সংগীত পৰিচালক ৰমেন চৌধুৰী, জে. পি. দাস, বিপুল বৰুৱা, ড° মোহনলাল ব্রহ্ম, অনুপম চৌধুৰী, উৎপল দাস, উৎপল বৰা, সুমন্ত বৰঠাকুৰ, ধিৰাজ দাস আদিৰ সুৰত কণ্ঠদান কৰাৰ সুযোগ পাইছিলোঁ।

ড° সৌৰভ মহন্ত
মাজেমধ্যে বিভিন্ন ভিডিআ’ চিনেমা, ব্যক্তিগত চেনেলৰৰ ধাৰাবাহিক, দূৰদৰ্শনৰ ধাৰাবাহিক, টেলিফিল্ম, তথ্যচিত্র, চুটি ছৱি আৰু মঞ্চ নাটকৰ সমান্তৰাল ভাৱে সংগীত সজ্জা ও পৰিচালনা কৰিছিলোঁ।
২০১২-১৩ চনত আৰম্ভনি হ’ল পূৰ্ণদৈৰ্ঘ্য চিনেমাৰ সংগীতৰ যাত্রা। আকৌ এক নতুন খোজ নতুন সোৱাদ নতুন দৃষ্টিভঙ্গীৰে সংগীত কৰাৰ। যিয়ে হয়তো ল’ৰালীৰ পৰাই মোক উদ্বিগ্ন কৰি আহিছিল। অর্থাৎ ছৱিৰ সংগীত কৰাৰ উৎকণ্ঠা। বিভিন্ন তথ্যচিত্র বা পাশ্চাত্য চিনেমা চোৱাৰ প্রতি বহুত আগৰে পৰাই আগ্রহী আছিলোঁ। ৰাষ্ট্ৰীয় দূৰদৰ্শনৰ যুগৰ পৰাই মই সুবিধা পালেই তেনেধৰণৰ চিনেমা বিছাৰি চাইছিলো, লক্ষ্য কৰিছিলো তাত ব্যৱহাৰ হোৱা সংগীত আৰু উপস্থাপন বোৰ। কিদৰে চিনেমা খনৰ সংগীতে আমোদ জনক ভাৱে আগুৱাই নিছিল ইত্যাদি। বহুতো শিকিব পৰা থল থাকে প্রতিটো কামৰ পৰাই। অৱশ্যে বহুত বেছি অভিজ্ঞতা হোৱাগৈ নাই বাবেই চাগে মোৰ প্রতিটো নতুন কাম মোৰ বাবে সদায় এক কৌতূহলৰ বিষয় হয় আৰু মোলৈ অহা প্রতি খন নতুন চিনেমাৰ বাবে মই ন-শিকাৰু হৈ পৰোঁ।
আমাৰ প্ৰশ্ন: এতিয়ালৈকে আপোনাৰ ধাৰণাত, আপোনাৰ শ্ৰেষ্ঠ সংগীত-কৰ্ম?
সৌৰভ:দাদা, আপোনাৰ প্রশ্ন কেইটাৰ ভিতৰত এই প্রশ্নটো মোৰ বাবে কঠিন!
আচলতে মই ভাৱো মোৰ সেই পূর্ণতা পোৱা সংগীত চাগে এতিয়াও ওলাই অহা নাই যিটোলৈ হয়তো মইও অপেক্ষাৰত। হয়, মই ক’ব পাৰো যে এতিয়ালৈ মই কৰা মোৰ কেইটামান বিশেষ কাম বা বিশেষ গীতৰ কথা।
২০১৩ চনত নির্মিত চিনেমা “নদী মাঁথো বয়” ৰ এটি বিশেষ গীত যিটো সুন্দৰ কৈ লিখিছিল মোৰ ভাতৃতুল্য ধর্মজ্যোতি বৰুৱাই, গীতটোৰ বিশেষত্ব আছিল এয়ে যে অসমৰ ভিন্ন জনজাতীয় থলুৱা ৰাভা বড়ো কাৰ্বী মিচিং ডেউৰী বাগনীয়া আদি সুৰৰ সংমিশ্রণত পাশ্চাত্য সংগীতৰ মিলন দেখুওৱা হৈছিল। কেৱল গীতটোৰ সুৰ সংগীতত নহয় নৃত্যাংশও তেনেকেই পৰিবেশিত হৈছিল। উক্ত গীতটোত কণ্ঠদান কৰিছিল আমাৰ সকলোৰে প্রিয় তৰালী শর্মা, ৰূপম ভূঞা, সুবাসনা দত্ত আৰু মই নিজেই। এইখন ছবিৰ বাবে অসম ৰাজ্যিক চলচিত্র বঁটাৰে মোক উৎসাহিত কৰা হৈছিল ২০১৮ চনত। ইয়াৰ বাহিৰেও কেইবাটাও আন আন ৰাজিক পৰ্য্যায়ৰ বঁটা প্রদান কৰিছিল এখন চিনেমাৰ বিভিন্ন শিতানলৈও। সেয়ে এইটো গীত মোৰ বাবে অলপ বিশেষ।
ইয়াৰ পাছত আন এটি গীত মোৰ বাবে বিশেষ ‘সুৰৰ আকাশত’। যিটো গীতত কঠদান কৰিছিল অসমৰ স্বনামধন্য কোকিলকণ্ঠী গায়িকা শ্ৰদ্ধাৰ ডলি ঘোষ (সাধ্য ) বাইদেউয়ে। তেখেতৰ প্রায় ১৩ বছৰ বিৰতিৰ মূৰত এই গীতটি গাইছিল। গীতৰ কথা-সুৰ আছিল মোৰেই বন্ধু সৰোজ সোনোৱালৰ আৰু সংগীতেৰে সজাবলৈ চেষ্টা কৰিছিলোঁ মই। ডলি বাইদেউয়ে গীত এটা মোৰ বাবে প্রথম গাইছিল সেইটো মোৰ বাবে অতি আনন্দৰ বিষয়। তাৰ বাহিৰেও আন এটা অতি আনন্দৰ কথা আছিল যে এইটো গীত লিখা হৈছিল আন এগৰাকী কিংবদন্তী শিল্পী দ্বিপালী বৰঠাকুৰ জেঠাই কেন্দ্ৰিক। আডিঅ’ৰ কাম শেষ হোৱাৰ পিছত যেতিয়া দৃশ্যায়ণ কৰা হ’ল সেই মূহুর্ততো মোৰ বাবে চিৰ স্মৰণীয় হৈ থাকিল। ভিডিঅ’টোৰ পৰিচালনা ভাইটি ঝুলনৰ আছিল আৰু সম্পূর্ণ চিন্তাধাৰা সংযোজন কৰিছিলোঁ মই। দুয়ো গৰাকী অতি বিখ্যাত আৰু প্রতিগৰাকী অসমীয়াৰ অতি আপোন শিল্পীয়ে পোন প্রথম বাৰৰ বাবে হেনো লগ পাইছিল সেইদিনা। দুয়োগৰাকীয়ে কথা পাতিছিল অন্তৰঙ্গ ভাৱে। এগৰাকীয়ে আনগৰাকীৰ প্ৰসংশাত মগ্ন আৰু সাবতা সাবতী কৈ যেন চকুপানী বোৱাইছিল। সেই দৃশ্য চাই আমাৰ শ্বুটিং ইউনিতৰ আটাইৰে চকুলৈ চকুলো আহিছিল। কিছু সময়ৰ কাৰণে আমাৰ শ্বুটিং স্তব্ধ হৈ পৰিছিল। আচৰিত যে এই গীত টি প্রথমে সৰোজে নিজেই গাবলে বুলি হে আনিছিল মোৰ ওচৰলৈ। মোৰ সংগীত কিছু আগবাঢ়াৰ পিছত মোকেই গোৱাৰ কথা ক’লে সৰোজে। মইহে শেষত কলো এইটো গীত ডলি বাইদেউয়ে গালে কেনেকুৱা হয় বুলি! যদি আমি কথা হ’ব পাৰো! শ্ৰদ্ধাৰ শিল্পী পুলক বেনাৰ্জী মামাৰ সহায়ত বাইদেউক লগ পালো কলিকতাত আৰু সকলো সম্ভৱ হ’ল। দ্বিপালী জেঠাইকো মই সৰুৰে পৰা লগ পাইছিলো। ভিডিঅ’টোত ভুমুকী মাৰিবলৈ কিবাকৈ সন্মতি প্রকাশ কৰাত আমি আনন্দত আত্মহাৰা হৈছিলোঁ। আৰু মোৰ বাবে সেয়ে এইটো গানো অতি চেনেহৰ।
এনেকুৱা অভিজ্ঞতা আৰ আচলতে বহুতো আছে।এজন সুৰকাৰ গীতিকাৰ বা যিকোনো কলাৰে কলাকাৰৰ সকলো সৃষ্টিয়েই অতি আপোন। কোনোটোয়েই গৌণ বা শ্রেষ্ঠ বুলি ক’ব পৰা নহয়।
সকলোৰে আশীর্বাদত এটিয়ালৈকে মোৰ দ্বাৰা সম্পন্ন হোৱা সংগীত পৰিচালনা বা ব্যৱস্থাপনা সর্বমুঠ অনুমানিক ১০০-১১০ খন মান চুটি ছবি আৰু তথ্যচিত্র, ৩০ খন পূৰ্ণদৈঘ্য চিনেমা আৰু টেলিফিল্ম, ১৩ দূৰদৰ্শন ধাৰাবাহিক, ১৫টা সম্পূর্ণ এলবাম, ১৫ খন মান অনাতাঁৰ আলখ্য, মঞ্চ নাটক আৰু অংকীয়া ভাওনাৰ সংগীত ব্যৱস্থাপনা, ১খন OTT web series আৰু প্রায় ৩৫০ ৰো অধিক ব্যক্তিগত ভাৱে ভিন্নজনে কৰা গীতৰ সংগীত পৰিচালনা কৰাৰ সৌভাগ্য হৈছে। অৱশ্যে বহু খিনি কৰি যোৱা কামৰ সঠিক হিচাব সময়ত সামৰিব পৰা নাযায় বহুবাৰ। আনুমানিক বুলি ক’ব লগিয়া হয়। ইয়াৰ কাৰণ এয়ে যে বহুবাৰ আমাৰ ফালৰ পৰা সংগীতৰ কাম সম্পূর্ণ হৈ উঠাৰ পিছত বা আমাৰ পৰা লৈ যোৱাৰ পিছত পিছৰ পৰ্য্যায়ৰ খৱৰ খিনি আমালৈ নাহে। সেয়ে আমাৰ অজ্ঞাতে থাকি যায় যে ছৱি খনৰ নামাকৰণ কি বা মুক্তি লভিলে নে নহ’ল নে আধৰুৱা হৈ ৰ’ল আদি কথাবোৰ। বিশেষ কৈ চুটি ছৱি আৰু তথ্যচিত্ৰৰ ক্ষেত্রত এনে হোৱা দেখা যায়। জনালে আমিও প্রকাশ কৰিবলে ভাল পাওঁ।

ড° সৌৰভ মহন্ত

আমাৰ প্ৰশ্ন: আপোনাৰ এক বিশেষ সংগীত কৰ্ম তিনি গৰাকী লেখক, তিনি গৰাকী সুৰকাৰ, তিনি গৰাকী
সৌৰভ: মোৰ বাবেও মোৰ সদ্য নির্মিত এটি বিশেষ গীত ‘দেখিছিলো এবাৰ বসন্তই…’ | হয়, এইটো সঁচাকৈয়ে মোৰ বাবে অতি বিশেষ এই কাৰণেই যে গীতটো ৰচা হৈছে আমাৰ মাজৰ পৰা অকালতে হেৰায় যোৱা সুকণ্ঠী গায়িকা মোৰ খুব মৰমৰ প্রিয় বান্ধৱী গায়ত্ৰী হাজৰিকাৰ সোঁৱৰণত। গায়ত্ৰী আছিল সকলোৰে বৰ আদৰৰ। তেওঁৰ হাঁহিমুখীয়া অকপত কথাবোৰ, তেওঁৰ সুৱলা ভাৱ গধুৰ কণ্ঠ, সংগীতৰ প্রতি থকা তেঁওৰ আপ্ৰাণ শ্রদ্ধা আৰু অধ্যয়ন, ৰুচি সম্পন্ন তেওঁৰ গীতৰ বাছনি আৰু নিভাজ পৰিবেশন.. এই বোৰেই তেওঁক সকলোৰে মৰমৰ কৰি তুলিছিল আৰু আন বহুতৰে পৰা পৃথক কৰিছিল। তেওঁৰ অন্তৰত থকা সংগীতৰ উচিত ৰুচিবোধ আৰু জ্ঞানৰ বাবেই বহুতো জ্যেষ্ঠ গীতিকাৰ সুৰকাৰে তেওঁৰ কণ্ঠত গীত গোৱাবলৈ আশা প্রকাশ কৰিছিল। সংখ্যাত হয়তো বহুতো জনপ্ৰিয় আন গায়িকাত কৈ কম গীত গাই গ’ল কিন্তু গায়ত্ৰীৰ আটাইখিনি গীতেই খুব অর্থপূর্ণ, গভীৰ আৰু মাদকতা ভৰা। নিয়তিৰ খেলা, আমি অতি কম সময়ৰ বাবেহে গায়ত্রীক পালো। বয়সত আমি একে লগৰ। গীত লিখাৰ বয়স হোৱা নাছিল তাইৰ যদিও এটি গীত কৰাৰ কথা মনলৈ আহিছিল মোৰ। কিয়নো বান্ধৱী হিচাপে গীতৰ বাহিৰে মইনো আৰু কি দিব পাৰো। গায়ত্রী জীয়াই থকা অৱস্থাত অনাতাঁৰ কেন্দ্ৰত একেলগে কতবাৰ যে গীত গালো, একেলগে ছবিৰ বাবে গীত কৰিলো! কেইটামান গীত একেলগ কৰিছিলো য’ত কণ্ঠ দিছিল তাই আৰু সুৰ সংগীত কৰিছিলো মই। দুই এটি গীতে কিছু সামাজিক বঁটাৰে স্বীকৃতিও পাইছিল। পিছে আধৰুৱা হৈ ৰ’ল আন কেইবাটাও গীত। তাৰে এটি আমি একেলগে ভৱা দ্বৈত কন্ঠৰ।শ্রদ্ধেয় জ্যেষ্ঠ গীতিকাৰ সুৰকাৰ হীৰেণ গোহাঁই খুৰা, মোৰ অতি শ্ৰদ্ধাৰ, গায়ত্রীয়েও বৰ শ্রদ্ধা কৰিছিল তেখেতক। এটি গীত কৰাৰ কথা হৈছিল গায়ত্রীয়ে তেখেতৰ কথা সুৰেৰে যিটোৰ সংগীত কৰাৰ কথা আকৌ ওলাইছিল মোৰ লগত। হয়তো হঠাতে গায়ত্ৰীৰ গা ক্রমাৎ বেয়া নোহোৱা হ’লে যোৱা বছৰতে সেইটো গীত মুকলিও হ’ল হয়! কিন্তু সময়ে সম্মতি নিদিলে! অন্য দুজন মোৰ প্রিয় আৰু শ্ৰদ্ধাৰ ব্যক্তি শিৱসাগৰৰ গীতিকাৰ প্রমোদ মহন্ত আৰু নগাঁৱৰ সুৰকাৰ চন্দন বেজবৰুৱা! দুয়ো গৰাকী ব্যক্তিৰে সৈতে আছিল গায়ত্ৰীৰো খুব ভাল সম্পর্ক! অন্য দুটি গীতৰ কথা বতৰাও ভাগে ভাগে হেনো গায়ত্রীয়ে পাতি আছিল। যিকেইটা গীতৰ সংগীত ব্যৱস্থাপনাও হেনো মোকে দিবলে বুলি তেখেত সকলৰ লগত তাই কথাও হৈছিল। মৃত্যুৰ আগে আগে যেতিয়ালৈকে গায়ত্রীয়ে অলপ গাব পৰা অবস্থাত আছিলে তাৰেই কোনোটো গাইও শুনাইছিল। পিছে নহ’ল গৈ একো!
গায়ত্ৰীৰ এগৰাকী কলেজীয়া সময়ৰে গুৰু তথা একান্ত ঘনিষ্ঠ, এগৰাকী জ্যেষ্ঠ শিল্পী ও শিক্ষয়িত্রী মোৰ মৰমৰ মাহী মনজ্যোৎস্না মহন্ত গোস্বামী, আন এগৰাকী সংগীতৰ গুৰু শ্ৰদ্ধাৰ মন্দিৰা লাহিড়ী বাইদেউ আৰু অন্যতম সংগীতৰ গুৰু সকলোৰে পৰিচিত শ্ৰদ্ধাৰ ডলি ঘোষ বাইদেউ। গায়ত্ৰীয়ে আটাইকেইগৰাকীৰে কথা ইমান সুঁৱৰিছিল আৰু প্রায় সঘনাই তেওঁলোকৰে গীত গুণগুনাইছিল যেতিয়া আমি মেহফিলত বহিছিলো। গায়ত্ৰীৰ অন্তৰত আচলতে তেওঁলোকৰ প্রতি আছিল গভীৰ আস্থা আৰু সীমাহীন শ্ৰদ্ধা। সমান্তৰাল ভাৱে তেওঁলোক প্ৰতিগৰাকীৰো মনত বাৰুকৈয়ে সাঁচ বহুৱাইছিল গায়ত্ৰীৰ গীতমাত আৰু সাধনাই।

ড° সৌৰভ মহন্ত
গায়ত্ৰীৰ অকাল বিয়োগত সকলো অমাত স্তব্ধ আজি। সেয়ে সোঁৱৰণৰ এটি গীত উপহাৰ হিচাপে তথা শ্রদ্ধাঞ্জলি নিবেদিবলৈ বুলি মোৰ মনলে আহিল এই সকল বিশেষ ব্যক্তিৰ নাম। “গায়ত্রী হাজৰিকা সোৱৰণী সাংস্কৃতিক মঞ্চ”ৰ জড়িত সকলক যেতিয়া মই ব্যক্ত কৰিলো মোৰ মনৰ কথাত সকলোৱে একেষাৰতে সন্মতি প্রদান কৰি ক’লে যে গীত এটি হ’লে ভাল হ’ব। এটি সুকীয়া চিন্তাৰে গীত এটি আগবঢ়োৱাৰ কথা ভাবিলো। গীত এটাই কিন্তু গীতিকাৰ তিনিজন হওক, সুৰকাৰ তিনিজন হওক আৰু কন্ঠও তিনি গৰাকীয়ে হওক। মই আটাইকেইগৰাকীকে কথাতো জনালোঁ। গীতটোত জড়িত সেই দৰে হোৱাতো সম্ভৱ হ’বনে নহয়! তাতো সকলোৱে মান্তি হোৱাত গীতৰ যাৱতীয় চিন্তা আগবঢ়ালো। প্রথমে গীতৰ এটা ভাৱ প্রকাশ কৰিলোঁ– হীৰেন গোহাঁই খুৰাক মোৰ মনৰ কথা ক’লো। খুৰাই অতি কম সময়ৰ ভিতৰতে খুব ধুনীয়া কৈ এটি কলি লিখি পঠিয়ালে মোলৈ। দেখিয়ে ভাল লাগি গ’ল যে ইমান সহজ ভাষাত কম কথাৰে যেন গায়ত্ৰীৰ সমস্ত ব্যক্তিত্ব আৰু চৰিএ তাত ফুটি উঠিছিল। এতিয়া আহিল প্রথম অন্তৰাৰ কথা। প্রমোদ মহন্ত মামালৈ প্রথম কণ কলি পঠিওৱাত কিছু সময় লৈ বৰ কষ্ট কৰি এফাঁকি লিখি দিলে, লগত আৰু দুশাৰী মান সঞ্চাৰী হিচাপে। তৃতীয় কলি মানে গীতৰ দ্বিতীয় অন্তৰা টোৰ দায়িত্ব মই লৈ চেষ্টা কৰিলো লিখিবলে আৰু তেনেকৈয়ে লিখি গীতটো সম্পূর্ণ কৰিলোঁ। এইবাৰ আহিল গীতৰ পৰা সুৰ বান্ধি গান কৰাৰ প্রয়াস। একেদৰেই প্রথম কলিটোৰ সুৰৰ কথা হীৰেণ খুৰাকেই ক’লো। তেখেতে মোক সুধিছিল ‘সৌৰভ গীতটোৰ সম্পূর্ণ সৃষ্টিৰ চিন্তা তোমাৰ মন মগজুত আঁকিছা, কি দৰে নিব বিচাৰিছা তুমি ?’ তেতিয়া মই ভাৱা ধৰণে অলপ ভাৱ গতি তাল আৰু লয় সংক্রান্তত তেখেতক জনালোঁ। সেই মতেই খুব সুন্দৰ ভাৱে তেখেতে স্থায়ী অংশৰ সুৰ সজাই মোক। তাৰ পাছত ১ম অন্তৰাতো মই সুৰেৰে সজাবলৈ চেষ্টা কৰিলো। আৰু ২য় অন্তৰা সুৰেৰে বান্ধিবলৈ ক’লো চন্দন দাক। তেখেতেও খুব কম সময়তেই সুন্দৰ কৈ সজাই মোক দিলে। আটাইকেইগৰাকীৰ সৈতে শেষত “ফোন” যোগে আলোচনা কৰি সকলো মিলাই লৈ সম্পূর্ণ গীতটোৰ সুৰ ঠিক কৰা হ’ল আৰু মই সংগীতেৰে সজাবলৈ আৰম্ভ কৰিলোঁ।
তাৰ পাছত আহিল কন্ঠদান। এতিয়া কোনখিনি অংশ কাৰ কণ্ঠত ভাল লাগিব সেইয়া চিন্তা কৰাও মোৰ বাবে অলপ কঠিন আছিল। তিনিও গৰাকীৰে এক সুকীয়া কন্ঠ গায়কী পৰিবেশনা শৈলী কিদৰে একেটা গীতত সন্নিবিষ্ট কৰা যায় এতিয়া। গায়ত্ৰীৰ তিনিও গৰাকী সন্মানীয় গুৰুৰ সন্মতি পোৱাত আনন্দিত হ’লো আৰু গীত বাণীবন্ধনৰ পিনে আগবাঢ়িলো। কলিকতাত ডলি বাইদেউৰ সৈতে মন্দিৰা বাইদেউ আৰু গুৱাহাটীত মনজ্যোৎস্না মাহীয়ে অতি সুন্দৰ ভাৱে পূৰ্ৱেই নিৰ্ধাৰিত কৰি দিয়া অংশ বিশেষে তেঁওলোকৰ নিজৰ নিজৰ কণ্ঠ ৰেকৰ্ডিং কৰা হ’ল। আচৰিত ভাৱে মোৰ প্রিয় আৰু শ্ৰদ্ধাৰ আটাইগৰাকী শিল্পীয়ে ইমান ধুনীয়াকৈ সুৰত সুৰ মিলাই গালে যে আমি সকলো অবাক হৈ পৰিছিলো। গীতৰ মাজৰে দুশাৰী আবৃত্তিত পূৰুষ কণ্ঠ দি আমাক উপকৃত কৰিলে অনাতাঁৰ কেন্দ্ৰ গুৱাহাটীৰ জ্যেষ্ঠ ঘোষক আবৃত্তিকাৰ অৱণী বৰা দাদাই। এইয়া আচলতে গায়ত্ৰীৰ প্রতি তেখেত সকলোৰে অন্তৰৰ মৰম ভালপোৱা আৰু আমালৈ এক আশীর্বাদ স্বৰূপ। অন্য এটা বৈশিষ্ট আদিল যে গীতটোত গায়ত্ৰীৰ আগৰে গাই যোৱা আংশিক আলাপ ব্যৱহাৰ কৰা হৈছে। যিখিনি শুনিলে শ্রোতাই হয়তো গায়ত্ৰীৰ কায়িক অনুপস্থিতিৰ মাজতো উপস্থিতিৰ আভাস অলপ হ’লেও পাব।
গীতটো মোৰ বাবে বিশেষ হোৱাৰ আন এটা প্রধান কাৰণ হ’ল এই সম্পূর্ণ গীতটোৰ সকলো বাদ্যযন্ত্র আৰু কণ্ঠ বাণীবন্ধন হৈছিল যেতিয়া মোৰ মায়ে জীৱন মৃত্যুৰ সৈতে যুঁজি আছিল। আৰু মই ব্যস্ত আছিলো মাৰ লগত। “ফোন” যোগেই সকলো বাদ্যযন্ত্রী, শব্দযন্ত্রী আৰু আমাৰ জ্যেষ্ঠ সকলে মোক সহায় সহযোগীতা আগবঢ়ালে এই কাম আগবঢ়োৱাত। যাৰ বাবে তেখেত সকলৰ প্ৰতিজনৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰম। গায়ত্ৰীৰ আত্মাৰ সদগতি হওক সেই কামনাৰেই এইগীতটো ৰাইজৰ মাজলে আগুৱাই নিবলৈ সহযোগীতা আগবঢ়োৱা ‘গায়ত্ৰী হাজৰিকা সোঁৱৰণী সাংস্কৃতিক মঞ্চ’ৰ আটাইকে মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ।
[ড° সৌৰভ মহন্ত মূলতঃ সংগীতৰ মানুহ। আমাৰ ধাৰণাত– শ্বেৰ চৌধুৰীৰ কায়িক মৃতুৰ (৬ নৱেম্বৰ, ২০১৩) পাছত অসমীয়া চিনমাৰ “আৱহ সংগীত-কৰ্মী”ৰ খালী ঠাই খিনি পুৰণ কৰিছে।] সৌৰভে।] ]]> https://rupaliparda.com/archives/32738/feed 0 32738 Filmmaker Dr. Shankar Borua talks about his new film BLUE OCEAN –Prantik Deka https://rupaliparda.com/archives/31952 https://rupaliparda.com/archives/31952#respond Sat, 31 May 2025 09:54:04 +0000 https://rupaliparda.com/?p=31952 Filmmaker Dr. Shankar Borua talks about his new film BLUE OCEAN --Prantik Deka 6

Dr. Shankar Borua is a distinguished scholar-practitioner, filmmaker, entrepreneur, and startup mentor with over two decades of multifaceted experience across academia, creative industries, and entrepreneurial ecosystems in both North America and South Asia. Born and raised in Assam, Dr. Borua holds a Ph.D. in Mass Communications from Texas Tech University, USA. His doctoral research, titled “American Political Documentaries: Structure, Agency, and Communication of Meaning”, reflects his deep academic engagement with media, culture, and storytelling.

Dr. Borua’s career seamlessly blends rigorous academic scholarship with hands-on industry practice. In a well-regarded body of work that defies easy categorization and has consistently wowed audiences everywhere, he has written, directed, produced, and starred in a number of independent films as a filmmaker. His filmography includes critically recognized titles such as Angst at Large, If God Be With Us, All Those Longings, Center Mass, Hope is a Good Thing, Beleaguered, Grief on a Sunday Morning, The Curiosity Shop, and Colorful.

Filmmaker Dr. Shankar Borua talks about his new film BLUE OCEAN --Prantik Deka 7

Shankar Borua’s newest film BLUE OCEAN, produced in Hindi, English, and Punjabi, is an intriguing blend of thriller, drama, and philosophy that guides viewers on a journey where the distinctions between truth and deception become indistinct. The upcoming film is poised to captivate audiences with its blend of mystery and psychological intrigue. In this exclusive interview, Dr Borua talks about BLUE OCEAN, a gripping Himalayan narrative woven with themes of crime, greed, deceit, and betrayal, all enmeshed and intertwined in Dehradun, India, nestled at the foothills of the majestic Himalayas.

Filmmaker Dr. Shankar Borua talks about his new film BLUE OCEAN --Prantik Deka 8

Q&A:

Prantik Deka: In the past, you have made films that delve into powerful social narratives, addressing various issues faced by communities in Assam and the Northeast region, frequently shedding light on injustice, inequality, or the need for social transformation.

What was the driving force behind the inception of this new project ‘Blue Ocean’? I believe this is your maiden venture into the world of Hindi cinema.

Shankar Borua: The mountains have always beckoned me and embraced me and they never let me down. I first thought of BLUE OCEAN a couple of months after my arrival in Dehradun in the Spring of 2024 after a rather uneasy and unhappy couple of years leading up to my Daddy’s passing in January 2024. ‘Blue Ocean’, the gym in Dehradun, where I signed up to spend about an hour each morning working out, is where a rather expansive narrative in my head first triggered. I mentioned the idea to a friend who is a Professor at a University here in Dehradun, she liked it and I felt encouraged to explore more! I conceived BLUE OCEAN as a fictitious yet realistic tale incorporating the gym at the center of the narrative and allowed elements and characters to float around it yet gravitate towards it.

Filmmaker Dr. Shankar Borua talks about his new film BLUE OCEAN --Prantik Deka 9

It was a challenge to shoot a movie without a bound script, the first time ever for me! Yet, it truly was liberating and quite exhilarating to indulge in this free-form storytelling, and to literally encourage the talent to go with the flow much to the surprise of our actors and also the crew! We shot the entire film over nine days in my neighborhood of Rajender Nagar in Dehradun; for a day we shot in Chandigarh and also at Paonta Sahib Gurudwara in Himachal Pradesh where Guru Gobind Singh, the 10th Guru of the Sikhs wrote the 10th Chapter of the Holy Book, the Guru Granth Sahib, on the banks of the river Yamuna.

Yes, this is my maiden venture into the world of Hindi cinema traditionally dominated of course by the star system and formulaic films. Having said that, it is pertinent to point out that there are all kinds of Hindi cinema today, like in the past as well, and it is imprudent to put a wide range of content into neat boxes of genres, that will definitely not be wise! BLUE OCEAN, I believe, touches upon many thematic considerations and so you just cannot put this little movie from the mountains into a little box on a shelf somewhere, no way!

Filmmaker Dr. Shankar Borua talks about his new film BLUE OCEAN --Prantik Deka 10

PD: The Himalayas function as a significant and influential element in shaping the narrative of ‘Blue Ocean’. To what extent does the presence of the Himalayas impact the conceptualization of the story?

SB: BLUE OCEAN is a Himalayan narrative set at the foothills of the hoary Himalayas in Dehradun, India where I have been living for a little over a year now. The movie is deeply embedded with the twin subtexts of the Himalayan identity on the one hand and the Himalayan crisis on the other. As we all know, this is one of the most ecologically sensitive mountain regions in the world under constant pressure for decades now from catastrophic human intervention in the name of tourism and development activities accompanied of course by the disastrous effects of climate change. Of course, my own journey as a wilderness enthusiast finds its way into the narrative. I am taking this opportunity to mention that a section of the proceeds that we generate by streaming BLUE OCEAN will go towards the conservation of the beautiful elusive Alpine Musk Deer, an endangered species in the Himalayan ecosystem. We will also donate a portion of the proceeds towards the protection of our marine ecosystems in our wondrous oceans; they take care of close to a third of the carbon dioxide that is generated by us on this planet, this beautiful ‘pale blue dot’ of ours is our only home! So, yes, the mighty Himalayas are an integral part of the film and its presence across the narrative is palpable. Folks, however, will not see a snowclad Nanda Devi or Trishul in BLUE OCEAN, beautiful Himalayan peaks that, I am sure, have inspired mountaineers, photographers and filmmakers across generations. What they will clearly sense though is the deep crisis in the Himalayan region and folks waking up to it albeit a little too late. May I mention that the Himalayas extend all the way from Pir Panjal (also known as the Lesser Himalayas) to Northeast India and Upper Burma, these magnanimous mountains have given birth to rivers and civilizations while nurturing communities and cultures for thousands of years. So, you can well imagine how ‘significant and influential’, to use your phrase, the Himalayas are to me personally as the filmmaker weaving BLUE OCEAN and hence, of course, to the narrative as well. A brilliant yet achingly beautiful and poignant song written for the movie by acclaimed Bollywood lyricist-composer Shellee, a buddy of mine from back in the day, highlights the tragedy of the Himalayas – “Ek Chiraiyya Purvai Se Nir Pata Hai Puche” – A bird asks the easterly winds about its nest that it can’t find – Little does it know that the tree holding its nest has been decapitated by humans! Such is the tragedy of the Himalayas!

PD: What specific elements did you consider when transitioning from gritty realism to the captivating genre of thriller in your storytelling? How did you navigate through this creative process?

SB: BLUE OCEAN is unlike any of my other films in terms of its treatment, that is true. It is fairly realistic (of course not the ‘gritty realism’ though in the tradition of the 1950s British classic Night and the City), yet always kind of operates in this twilight zone between fantasy and reality, between truth and falsehood. Interestingly, the audience knows who’s who and what’s going on while the characters don’t! I tried this treatment as a whodunit in reverse; we don’t know if it’s going to stick or not but we tried throwing something out there to see if it does.

The gym itself with all the mirrors, as a ‘space’ and as the ‘proscenium theatre’ where the drama and subterfuge unfolds in BLUE OCEAN, can be quite phantasmagoric. Here the ‘gaze’ is not at the ‘other’. The ‘gaze’ is on one’s own self in the mirror, quite an exercise in narcissism in this digital age of Selfies and Reels! Once you step out of the gym into the real world and no longer stare at yourself on your phone, you come back to ‘gritty realism’.

To answer your question though, you got to navigate creatively each film and story on its own terms, you got to meet the story somewhere in the middle. If you try to come on too hard, there is a distinct possibility that the story is going to fly off the handle, of course at the peril of losing your audience half way through! It’s tricky territory but isn’t that what you are supposed to be navigating as the director! I really like your use of the word ‘navigate’ – it is all about navigating at the end of the day, just like life!

PD:  What type of research and design efforts were involved in ‘Blue Ocean’, a Himalayan tale set in Dehradun? Could you provide details about the artistes and technicians involved in the project?

SB: The research and design for BLUE OCEAN had to ensure that we stick to everything the way it is – no alterations, no additions, no embellishments, no messing around with real locations where the entire film was shot in December 2024. What we portray on screen is exactly what you will see walking around my neighborhood of Rajender Nagar in Dehradun today.

We shot through the night with our actors at ‘Blue Ocean’, the gym, to make sure we do not disrupt their business during the day. Outside of that, I cannot even begin to tell you about the cooperation and warmth that the crew of BLUE OCEAN received from the businesses and stores where we shot extensively – New Kamal Dairy, MBA Chaiwala, Costa Coffee, Sheesha Lounge & Restaurant, Horilal Vegetable & Fruit Juice Corner, Bollywood Bar & Lounge, Heaven’s Rooftop & Skylounge, Banjara, Mind & Body, and many more. I remain forever grateful to all these folks for making BLUE OCEAN possible with their generosity and kindness.

As for the crew, it was a sheer miracle to have my talented MBA students as the two Executive Producers and the two Directors of Photography on BLUE OCCEAN. They were interning on a feature-length movie for the first time and it is one internship they are all going to remember, I am sure, for a long time! The entire movie was shot on two Apple 15 Pro Phones loaded with Filmic Pro. The location sound mix was done by a professional sound crew from Bombay as everything was shot sync sound with ‘real people’ if I can call them that, just no way we were going to head to the studios for dubbing! That’s pretty much what one can do on a no-budget scenario.

Most of the ‘actors’ in the sequences at the gym are folks who are the regulars at ‘Blue Ocean’. In particular, may I mention Kajal Thapa, Mohin Khan, and Gulfam Khan for their brilliant performance and cooperation all throughout up until now! Four professional actors from Chandigarh joined us in Dehradun and it was a blessing to have all of them on board our little bitty film BLUE OCEAN, my heartfelt gratitude to all of them – Abhitej Singh, Suraksha Gaire, Shelly Taneja, and Tajinder Kaur. In addition to all my friends and colleagues who stepped in to perform as actors to whom I am forever grateful, a special word of gratitude to our specially abled actor Ambica Chatamba and our child actor Gaurang Chauhan for generously giving us their time and shooting till the wee hours!

Film Editor Jiten Borah returned to collaborate on BLUE OCEAN after a gap of almost 6 years. I just felt good and safe with him around, this year marks our 10th year of collaboration and I am proud of our long-standing creative engagement and association.

PD:  Could you provide some insights regarding your collaboration with Shellee, a prominent lyricist known for his work on critically acclaimed films such as ‘Dev D’ and ‘Udta Punjab’, in the production of the movie?

SB: I have known Shellee for more than two decades now, back from the time when we were ‘strugglers’, like they say in Bombay! It has been a remarkable one-of-a-kind special friendship that has only now come to fruition on the professional front. We are just plain buddies, but don’t get me wrong, we could not be more dissimilar in our temperament and dispensation! I have been a maverick all my life and my journey so far is littered with colossal failures, but once in a lifetime, you run into somebody like Shellee, a deeply empathetic poet who truly understands the human condition and so do you as well!

So, for Shellee to collaborate with me, as I imagine, or vice versa, wasn’t some special preparation or setting an agenda with a professional collaborator, we are buddies first, you can’t take that reality away and put that in a box – he is a very good listener but knows very well when to ask me to shut up. I am loquacious to no end which can cut both ways actually. As a film director, your first asset is clarity of thought and expression; your job is to get the best out of your crew. If they are not clear about your larger vision and the big picture, it can land the film in trouble.

May I mention that I am not the brooding artist; I am first and foremost a craftsman and Shellee knows that all too well. So, he is quite critical of my craft at times which is a real blessing for me. Usually, people close to you shun from telling you that! When he is listening or taking notes about how I want the songs done in terms of content (as in BLUE OCEAN), Shellee, as the lyricist, first makes me listen to his initial writings although I am not always patient, I must say that! Thereafter, once a rough draft is ready, I listen to bits and pieces until the time its all put together.

Actually, it was a great pleasure and a learning experience collaborating with Shellee on BLUE OCEAN. The fertile exchange of ideas culminated in the Punjabi song ‘Kih Dassan Main Kaun Hai Thagda’ (Is the World Playing games with me, Or am I the one Playing Games with this World?), ‘Sach hai Chupp Tey Jhuth Peya Nachda’ (Look around, the Truth is Agonizing in Silence While  the  Lie Dances in  Ecstasy ). It was soulfully rendered by Mir Basu Barkat Khan from Pugal, Bikaner. I told Shellee that I need a song for BLUE OCEAN that reflects this reality – The biggest con job is what we do to ourselves! The song is just so deep, powerful and mind blowing that when I heard it first, I pretty much went into a trance! It truly encapsulates the psychological condition of Prakash Negi, the undercover cop entrusted with a job to nab a con artist at the foothills of the Himalayas.

PD: Will the upcoming movie be a groundbreaking addition to the world of Hindi cinema, challenging the usual norms and going beyond the conventional boundaries?

SB: I believe over a period of time, one develops a distinct signature and a clear point of view – camera movements, choice of locations and lenses, choice of actors and non-actors, choice of stories to tell at a particular point in time – all of this reflects that and plays critically into the final product. I cannot make any tall claims about BLUE OCEAN breaking new ground or like you mentioned ‘going beyond the conventional boundaries’. Each time I make a film, at a fundamental level, I interact with the ‘structure’ of film, with the twin coordinates of time and space, and organize my resources of sound and picture to tell a hopefully compelling story, linear or non-linear. My peculiar interaction with the ‘structure’ and the agency it provides me to wrestle with the medium of film while being cognizant of the limitations of the medium is what defines my work as a filmmaker and storyteller.

As for the world of Hindi cinema, it’s a world unto itself and I am not privy to it, not all pretty though as I understand. For me as a film entrepreneur though, putting men, women, and material together is what matters most to me. I ain’t waiting for someone like Irrfan to walk into my film to be a part of my storytelling, I got to get the job done, I got to get my story out there, star or no star, I couldn’t care less. Period. I have no illusions of making something earth-shattering that will alter the course of history, I am just a mere moviemaker at the end of the day. I am glad I don’t suffer from megalomania!

]]>
https://rupaliparda.com/archives/31952/feed 0 31952
Heartfelt Revelation: Selena Gomez Emotionally Opens Up About Her Struggles with Motherhood https://rupaliparda.com/archives/30684 https://rupaliparda.com/archives/30684#respond Fri, 13 Sep 2024 07:55:28 +0000 https://rupaliparda.com/?p=30684 “Selena Gomez Opens Up About Motherhood and Her Inability to Bear Children”

Selena Gomez

Selena Gomez has recently shared personal insights into her journey towards motherhood, revealing a heartfelt and sincere discussion about her inability to carry her own children. In various interviews and statements across major media outlets, including BBC, Times of India, Hindustan Times, and BuzzFeed, the actress and singer disclosed the emotional struggles she faced upon learning she would be unable to experience pregnancy.

 

Gomez expressed that discovering her condition was emotionally taxing, and she had to allow herself time to grieve and process the reality of her situation. Despite this, Selena maintains a positive outlook on her future as a mother and is thrilled with the various possibilities that surrogacy and adoption offer.

Addressing her fans and the public, Selena highlighted how embracing these alternative paths to parenthood has provided her with hope and excitement. She emphasized that although she may not carry her own children, she is committed to becoming a mother and is looking forward to the journey ahead with optimism.

Selena Gomez

The pop star and actress, known for her candidness, spoke openly about how her medical condition has influenced her broader perspective on life and motherhood. She encourages others facing similar challenges to explore all available options and to find solace in the fact that being a parent is not solely defined by pregnancy.

Selena Gomez’s honesty and vulnerability shine through as she navigates this deeply personal aspect of her life, offering inspiration to many who might find themselves in similar situations. Her story underscores the importance of resilience, hope, and the multitude of ways one can build and cherish a family.

 

]]>
https://rupaliparda.com/archives/30684/feed 0 30684
সুন্দৰপুৰ কেয়ছ, ঝুলন কৃষ্ণ মহন্তৰ চিনেকৰ্ম / ৰাফ-কাট –উৎপল মেনা https://rupaliparda.com/archives/30079 https://rupaliparda.com/archives/30079#respond Tue, 30 Apr 2024 10:06:10 +0000 https://rupaliparda.com/?p=30079 Arun Nath as Satradhikar in Sundarpur Chasosএখন অসমীয়া চিনেমাৰ চৰ্চা, সামাজিক মাধ্যমত। পৰিপাটি চৰ্চা। প্ৰতিটো “চৰ্চা” যেন একোটা গল্প। সন্দেহ নাই– প্ৰতটো “চৰ্চা”ই চুই গৈছে সামাজিক মাধ্যমৰ সৈতে সম্পৰ্ক ৰখা চিত্ৰ ৰসিকক। চিনেমা খনৰ নাম– “সুন্দৰপুৰ কেয়ছ”। পৰিচালক: ঝুলন কৃষ্ণ মহন্ত। পৰিপাটি পৰিচালক, “পৰিচালনা”ৰ প্ৰতিটো দিশতে দখল থকা পৰিচালক। স্পষ্ট এই কেইটা দিশত– চিনেমা খনৰ কাহিনী, চিত্ৰনাট্য আৰু সম্পাদনাও ঝুলন কৃষ্ণ মহন্তৰ। (নিজৰ চিনেমায়ে নহয়, আন পৰিচালকৰো চিনেকৰ্ম পৰিপাটিকৈ সম্পাদনা কৰা দেখিছোঁ, ঝুলনে আন পৰিচালকৰ বাবে কাহিনী, চিত্ৰনাট্য লিখাৰ কথাও আমি জানো। জানো, আমাৰ অনুভৱত ঝুলন সফল সম্পাদকো, চিনেমা লেখকো।) আমি চিনেকৰ্মী গৰাকীৰ পৰা জানিব বিছৰাত “সুন্দৰপুৰ কেয়ছ”ৰ বিষয়ে ক’লে, হাতত থকা চিনেমাৰ কথা ক’লে– “নতুন চিনেমা কেইখনৰ বিষয়ে ক’বলৈ গলে মই সম্পাদনা কৰা আৰু লিখি উলিওৱা আহিবলগীয়া চিনেমা সমূহৰ ভিতৰত ‘গেং অফ ৰাজু মামা’ৰ কিছু কাম আছে।

Rajeev Goswami, Jolly Laskar and Parta Pratim Hazarika‘সন্ধ্যামালতি, এতিয়াও সাৰে আছে’ৰ কাম আৰম্ভ হ’বলৈ বাকী আছে কিন্তু প্ৰায় প্ৰস্তুত হৈ উঠিছে ‘সুন্দৰপুৰ কেয়ছ’ বুলি চিমেমাখন। অসমৰ এক সমস্যা ভূমি বেদখলৰ সমস্যা । চুবুৰীয়া ৰাজ্যৰ ক্ষেত্ৰতো এনে অভিযোগ ওলায় যদিও বাংলাদেশী অনুপ্ৰৱেশ আৰু সত্ৰৰ মাটিত তেওঁলোকৰ অৱস্থানৰ খবৰ আমাৰ বাবে নতুন নহয়।

Sundarpur Chaos_ Arunachal Pradeshঅসমৰ এক অনন্য সম্পদ অসমৰ সত্ৰ সমূহ। অসমীয়া বৃহত্তৰ জাতি গঠন হোৱাৰ প্ৰক্ৰিয়াটোত গুৰি ধৰা, আধ্যাত্মিক জ্ঞান আৰু বৈষ্ণৱ সাহিত্য সংস্কৃতিৰ চৰ্চাৰ প্ৰচাৰ তথা প্ৰসাৰৰ বাবে শংকৰদেৱ গুৰুজনাই জন্ম দিয়া সত্ৰ সমূহত যেতিয়া বিদেশী আহি বহি লয়হি কোনোবা এজন অসমীয়া ল’ৰাৰ যদি খং উঠে কি কৰিব পাৰে? সত্ৰৰ পৰিৱেশত ডাঙৰ হৈও খঙাল অথচ যুক্তিবাদী এজন লৰা কিংকৰে সমাজ আৰু সত্ৰাধিকাৰক কি প্ৰশ্ন কৰিব পাৰে? সত্ৰাধিকাৰে কি উত্তৰ দিব পাৰে, এইবোৰৰ কথাৰ কল্পনা কৰিয়েই মই লিখি উলিয়াইছিলো ‘সুন্দৰপুৰ কেয়ছ’ৰ কাহিনী ।

সুন্দৰপুৰ কেয়ছ, ঝুলন কৃষ্ণ মহন্তৰ চিনেকৰ্ম / ৰাফ-কাট --উৎপল মেনা 12অসমত বহু কেইটি মিউজিক ভিডিঅ’ ৰ প্ৰযোজনা কৰা আৰ চি প্ৰডাকচনৰ প্ৰযোজকসকলে কাহিনীটো ভাল পাই আগবাঢ়ি আহিল চিনেমাখন প্ৰযোজনা কৰিবলৈ। এই বছৰ নবেম্বৰৰ ২৯ তাৰিখে অসমৰ চিনেমা হল সমূহত মুক্তি পাব চিনেমাখনে।চিত্ৰনাট্যৰ ওপৰিও সম্পাদনা আৰু পৰিচালনাৰ দায়িত্ব লোৱা এই অসমীয়া চিনেমাখনৰ বাবে মই যথেষ্ট আশাবাদী। মই অসমৰ মানুহৰ আশীৰ্বাদ বিচাৰিম যাতে এনে কিছু কথা ৰাইজৰ সন্মুখলৈ আনিব পৰাকৈ শক্তি পাওঁ। শংকৰদেৱে অসমৰ জাতি জনজাতিক একেডাল দোলেৰে বান্ধিবলৈ চেষ্টা কৰাৰ পাছতো মই ভাবোঁ আমি ভাবি চাব লাগে আমি কিমান সফল হৈছোঁ। যিবোৰ প্ৰয়োজনীয় কথাৰ পৰা আমি প্ৰায়েই গা এৰাই চলোঁ তেনে বহু কথাৰ প্ৰশ্ন উঠিব ‘সুন্দৰপুৰ কেয়ছ’ত। মই অসমৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিম কথাবোৰ যাতে চৰ্চালৈ আহে। চিনেমা এখন হৈ উঠা আৰু হললৈ অহাৰ মাজতো তাৰ এক দীঘলীয়া যাত্ৰা আৰু বহু পৰিশ্ৰম থাকে। মই আশা কৰোঁ ৰাইজৰ সহায় পাম। চিনেমাখন বিভিন্ন মহোৎসৱলৈও পঠোৱাৰ যোজা কৰা হৈছে। আশা কৰোঁ সকলো শিল্পী কলা কুশলীৰ কষ্টই সফলতাৰ মুখ দেখিব।”

Sundarpur Chaos–প্ৰায় সম্পূৰ্ণ হোৱা “সুন্দৰপুৰ কেয়ছ” গায়ত্ৰী হাজৰিকা, আৰ চমুৱা আৰু দিগন্ত ঠাকুৰীয়াৰ প্ৰযোজনা। চিত্ৰগ্ৰহণ: চন্দ্ৰ কুমাৰ দাস, সংগীত: সৌৰভ মহন্ত, শব্দ- দেৱজিত গায়ন, সাজ সজ্জা ৰাণী দত্ত বৰুৱা আৰু গৰিমা শইকীয়া গাৰ্গৰ। “চৰিত্ৰ” নিৰ্মাণ কৰিছে অৰুণ নাথ, ৰাজীৱ গোস্বামী, জ্বলি লস্কৰ, গাৰ্গী দত্ত, পাৰ্থ প্ৰতিম হাজৰিকা, বনি দেউৰী, শিল্পী দত্ত আদিক লৈ।
–আমাৰ ধাৰণাত এয়া স্পষ্ট, ঝুলনৰ চিনেচিন্তা কেৱল “স্থানীয় বজাৰ” কেন্দ্ৰিক নহয়। চিনে শিল্পৰ বাবে চিনেকৰ্ম কৰি, সমাজৰ ওচৰত থাকি “স্থানীয় বজাৰ”তো সফলতাৰ বাট বিছাৰে। “চিনেকৰ্মী ঝুলন”ক আৰু স্পষ্টকৈ জানিবলৈ সুধিছিলোঁ–

ৰূপালী পৰ্দা: তোমাৰ ধাৰণাত চিনেমা?

ঝুলন কৃষ্ণ মহন্ত: চিনেমা মোৰ কাৰণে এক মাধ্যম যি মাধ্যমৰ জৰিয়তে মানুহে কলাত্মক অভিজ্ঞতা লাভ কৰিব পাৰে।
চিনেমা চোৱাটো যেনেকৈ এক অভিজ্ঞতা, নিৰ্মাণ কৰাটোও এক অভিজ্ঞতা।
মই ব্যক্তিগতভাবে চিনেমাক ওচৰৰ পৰা চাবলৈ আৰু পাবলৈ যত্ন কৰিছোঁ যদিও মোৰ ধাৰণাত মই ঢুকি পোৱাতকৈ বহু কাম কৰিব পৰা যায় চিনেমাৰ মাধ্যমটোৰে।

ৰূপালী পৰ্দা: চিনেমা নিৰ্মাণৰ উদ্দেশ্য?

ঝুলন কৃষ্ণ মহন্ত: বিভিন্নজনৰ বাবে চিনেমা নিৰ্মাণৰ উদ্দেশ্য ভিন ভিন, যেনকৈ কাৰোবাৰ বাবে ই এক শিল্প, কাৰোবাৰ বাবে বানিজ্য বা কাৰোবাৰ বাবে আন কিবা।
মই চিনেমা নিৰ্মাণ কৰি ভাল পোৱাৰ কাৰণটো হ’ল মই চিনেমা ভাল পাওঁ আৰু ইয়াৰ জৰিয়তে মই ভাল পোৱা আন কলা সমূহক সাধনা কৰিব পাৰোঁ। সংগীত, চিত্ৰকলা, অভিনয় আদিৰ লগত মোৰ সৰুকালতেই চিনাকী আছিল যদিও চিনেমাৰ মাধ্যমৰে মই এই সমূহ কলাক আন কিছু বেলেগ ধৰনেও চাবলৈ সুবিধা পাইছোঁ। আটাইতকৈ ডাঙৰ কথা চিনেমাৰ জৰিয়তে মই “মানুহৰ” কথাবোৰ দেখুৱাব পাৰোঁ মানুহে চাব পৰাকৈ, মোৰ নিজৰ ধৰণে।

ৰূপালী পৰ্দা: চিনেমাৰে সমাজক কি দিব বিছাৰা?

ঝুলন কৃষ্ণ মহন্ত: মই চিনেমাৰে মোক আৰু মোৰ সমাজ খনক আঁ‌কি চাব বিচাৰোঁ। কি দিব বিচাৰোঁ বুলি সুধিলে ক’বলৈ কিছু অসুবিধা হ’ব কাৰণ মই মোৰ সীমিত চিন্তা বা শিল্প চৰ্চাৰে একো বিশেষ কৰিব পৰা নাই বুলিয়েই ভাবো । চিনেমাৰ বহু শক্তি আছে, মনোৰঞ্জনৰ মাধ্যমেৰে কাৰোবাক দুখ কষ্টৰ পৰা আঁ‌তৰাই সুখ দিয়া, কাহিনীৰ মাধ্যমেৰে সমাজক নতুন দিশৰ উমান দিয়া বা ইয়াৰ জৰিয়তে বহু মানুহৰ সংস্থাপনৰ ব্যৱস্থাও হৈ আহিছে। মই মোৰ চিনেমাৰে যিকোনো ভাল কামৰে অংশীদাৰ হ’বলৈ ভাল পাম। তাৰ মাজতে ক’ব খুজিলে মই মোৰ চিনেমাৰে জাতিগত ভাৱে নিজকে চোৱাৰ সুযোগ এটা ল’ব বিচাৰিছোঁ, চিনেমাৰ জৰিয়তে। সমাজত যদি শিল্পৰ দৰ থাকে অকল মোৰ বুলি নকও, প্ৰতিটো প্ৰজন্মতেই মানুহে শিল্প কলা প্ৰদৰ্শন আৰু অনুশীলনৰ জৰিয়তে সমাজ আৰু মানুহক নতুন কৈ জন্ম হ’বলৈ শিকায়। ইয়েই যিকোনো শিল্পৰ শ্ৰেষ্ঠতম সাফল্য। চিনেমাও ব্যতিক্ৰম নহ’ব, অন্ততঃ ইয়াক শিল্প হিচাপে মৰ্যাদা দিয়া সকলৰ বাবে নিজকে চোৱাৰ বহুত সমল আছে চিনেমাৰ মাধ্যমটোত।

ৰূপালী পৰ্দা: তুমি পৰিচালনা কৰা, নিৰ্মাণ কৰা তথ্যচিত্ৰ, “মিউজিক ভিডিঅ’ ” ইত্যাদিৰ বিষয়ে কবা নেকি?

ঝুলন কৃষ্ণ মহন্ত: হয় মই নিৰ্মাণ কৰা তথ্যচিত্ৰ বা যি সমূহ মিউজিক ভিডিঅ’ আছে প্ৰায় বোৰেই সংখ্যা হিচাপত বৰ বেছি জনপ্ৰিয় নহয়।
বেছি ভাগ কামেই মই নতুন মুখ আৰু নতুন মানুহৰ সৈতে কৰোঁ কাৰণেও হয়তো মিলিয়ন মিলিয়ন ভিও বৰ বেছি নাই বা মই তাৰ পাছে পাছে দৌৰিও থকা নাই। মই যিমান সম্ভৱ মোৰ নিজা চিন্তা ধাৰণাক গুৰুত্ব দি প্ৰযোজকৰ সৈতে মিলি সিদ্ধান্ত লওঁ। তাৰ মাজত তৰালি বা, পাপন দা, অনিন্দিতা বা, গায়ত্ৰী বা, শুভমিতা বেনাৰ্জী বাইদেউ আদি ভাল ভাল সংগীতজ্ঞৰ সৈতে কৰা কামবোৰৰ জনপ্ৰিয়তা আছে । হয়তো সামাজিক মাধ্যমত মিলিয়ন ভিও হৈছে। কিন্তু মই কেৱল সংখ্যাৰ জনপ্ৰিয়তাত গুৰুত্ব নিদি গুনগত মানদণ্ডও ৰক্ষা কৰিব বিচাৰোঁ। তথ্যচিত্ৰৰ ক্ষেত্ৰত বিভিন্ন মহোৎসৱ আৰু প্ৰতিযোগিতাত সমাদৰ বা বঁ‌টা পোৱাৰ বাবে উৎসাহ পাইছোঁ। সেইসমূহৰ জৰিয়তে মনোৰঞ্জনৰ ওপৰিও বৌদ্ধিক সমাজখনৰ ক্ষেত্ৰত মই কিবা অলপ বৰঙনি আগবঢ়াব পাৰিলে ভাল পাম।

]]>
https://rupaliparda.com/archives/30079/feed 0 30079
দ্য লাষ্ট অ’নাৰ – এক অন্য জীৱনৰ উপস্থাপন https://rupaliparda.com/archives/30001 https://rupaliparda.com/archives/30001#respond Tue, 05 Mar 2024 07:28:26 +0000 https://rupaliparda.com/?p=30001 “দীর্ঘদিন ধৰি কেতিয়াবা কষ্টিউম ডিজাইনাৰ হিচাপে, কেতিয়াবা মুখ্য সহকাৰী পৰিচালক হিচাপে আৰু কেতিয়াবা প্ৰযোজক হিচাপে অসমীয়া চলচিত্ৰৰ সৈতে জড়িত হৈ আছিলোঁ। প্রথমবাৰৰ বাবে নিজাকৈ এখন চলচিত্ৰ পৰিচালনা কৰাৰ পাছত সেইখন চলচ্চিত্রই ঢাকাৰ দৰে সন্মানীয় এক মহোৎসৱত বিশ্ব চলচিত্র শিতানত প্রদর্শিত হোৱাৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰটোৱে আছিল মোৰ বাবে অতি প্ৰেৰণাদায়ক।” ‘দ্য লাষ্ট অ’নাৰ’ চিনেমাখনৰ পৰিচালক ৰ’জি বৰাই এই প্ৰতিবেদকৰ সৈতে হোৱা বাৰ্তালাপত কয়।

দ্য লাষ্ট অ’নাৰ - এক অন্য জীৱনৰ উপস্থাপন 15

এগৰাকী চণ্ডালৰ জীৱন সংগ্ৰাম, সমাজ ব্যৱস্থাত চণ্ডালৰ অৱস্থান, ক’ভিড অতিমাৰীৰ সময়ত সন্মূখীন হোৱা সমস্যাক উপস্থাপন কৰা হৈছে দ্য লাষ্ট অ’নাৰ চিনেমাখনত। সম্পূৰ্ণ কাহিনীটোত মানৱীয় মূল্যবোধৰ ভিন্ন স্বৰূপসমূহ দেখুৱাবলৈ চেষ্টা কৰা হৈছে। চিনেমাখনৰ কাহিনী জিতুমণি বৰাৰ আৰু চিত্ৰনাট্য কুশল কুমাৰ গগৈ। প্ৰযোজনা মৃণাল বিন কুটুবৰ, সংগীত ০ সৌৰভ মহন্তৰ, শব্দ সংমিশ্ৰণ আৰু ডিজাইন দেবজিৎ চাংমাই আৰু অমৃত প্ৰীতমৰ।

জিতুমণি বৰাই কয়, “ক’ভিডৰ সময়ত চিকিৎসক, অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত সকলে যথেষ্ট সাহসিকতাৰে ৰাইজৰ সেৱা কৰিছিল। অৱশ্যে সেইসময়ত চণ্ডালসকলেও যথেষ্ট ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছিল আৰু আমি সেই দিশটোও এই চিনেমাখনৰ জৰিয়তে উপস্থাপন কৰিবলৈ বিচাৰিছোঁ।

দ্য লাষ্ট অ’নাৰ চিনেমাখন ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ লগতে চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে। লেকচিটী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ চিনেমাখনত কৰা অভিনয়ৰ বাবে প্ৰয়াস ফুকনে শ্ৰেষ্ঠ অভিনেতা, ৰতন শীল শৰ্মাই শ্ৰেষ্ঠ সম্পাদনা আৰু চিনেমাখনে শ্ৰেষ্ঠ চলচিত্ৰৰ সন্মান লাভ কৰিছে।

ৰ’জি বৰাই কয়, “চিনেমাখনৰ বাবে আমি চণ্ডালসকলে জীৱন সংগ্ৰামক ওচৰৰ পৰা দেখা পাইছিলোঁ আৰু তেওঁলোকৰ জীৱন সংগ্ৰামখনক চিনেমাখনত শুদ্ধ ৰূপত দেখুৱাবলৈ যত্ন কৰিছোঁ। মই অনুভৱ কৰোঁ যে তেওঁলোকৰ সৈতে কথা পাতিলে বৰ্তমানৰ সমাজ জীৱন তথা মানৱ জীৱনৰ বিভিন্ন নেদেখা দিশ উন্মোচন হয়। তেনে কিছুমান সৰু সৰু দিশ চিনেমাখনত অন্তৰ্ভুক্ত কৰা হৈছে। দৰ্শকে চিনেমাখন চাই ভাল পাব বুলি আশা কৰিলোঁ।”

এই বছৰৰ শেষৰ ফাললৈ চিনেমাখনে মুক্তি লাভ কৰিব।

দ্য লাষ্ট অ’নাৰ - এক অন্য জীৱনৰ উপস্থাপন 16

 

]]>
https://rupaliparda.com/archives/30001/feed 0 30001
ৰাফ cut : কৃপাল কলিতা ||– উৎপল মেনা https://rupaliparda.com/archives/28750 https://rupaliparda.com/archives/28750#respond Sun, 17 Oct 2021 11:28:42 +0000 https://rupaliparda.com/?p=28750

আমাৰ প্ৰশ্ন : প্ৰথমে জানিব বিছাৰিম আপোনাৰ ‘সফলতা’ক আপুনি কেনেদৰে বিশ্লেষণ কৰিব? – হয় ,’ব্ৰীজ’ৰ কথা কৈছো।

কৃপাল কলিতা : আমাৰ মনৰ কথা খিনি জানিব বিচৰা বাবে প্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম প্ৰশ্নটোৰ উত্তৰত ক’ব বিছাৰিম, মোৰ দৃষ্টিত প্ৰতি টো সৃষ্টি কৰ্মৰ স্বীকৃতি হ’ল কৰ্মটোৱে পোৱা এক বিশেষ মাত্ৰা,যি মাত্ৰাই অনাগত দিনত কোনো এজন সৃষ্টি শিল ব্যক্তিক কৰ্মক্ষম হৈ থাকিব অধিক প্ৰেৰণা যোগাই।১৯৯৩/৯৪ চনৰ পৰাই কেৱল মাত্ৰ নাটক চিনেমা ৰ লগতেই লাগি আছোঁ। অন্য চিন্তা কোনো দিনেই কৰা নাই।এই যাত্ৰাত বহু ভাল কাম কৰাৰ সুযোগ পাইছোঁ, কিন্তু স্বীকৃতি ?? হয় যি কোনো কাম এটা মানুহৰ ওচৰলৈ লৈ যোৱা টো একে বাৰে ই সহজ কাম নহয়।দীৰ্ঘ সময় ৰ সংঘৰ্ষ ৰ অন্তত ব্ৰীজ চিনেমা খনে ঈশ্বৰৰ আশীৰ্বাদ ত মানুহৰ অন্তৰ চুব সক্ষম হ’ল।দেশে -বিদেশে ব্ৰীজ ক আদৰি ল’লে।এই আদৰণিৰেই অহিবলগা দিন বোৰত কাম কৰি যাবলৈ অধিক কৰ্ম প্ৰেৰণা পাম। কিন্তু এয়া মোৰ প্ৰথমটো খোজ ,সন্মুখত অনন্ত পথ এতিয়াও বাকী।

আমাৰ প্ৰশ্ন : প্ৰসংগক্ৰমে আপুনিয়ে কৈছিল — ‘ব্ৰীজ’ক ‘পথেৰ পাঁচালী’ৰ সৈতে তুলনা কৰিছিল কোনো মহোৎসৱৰ সৈতে জড়িত চিত্ৰৰসিকে। বিতংকৈ ক’লে আামাৰ ভাল লাগিব !
কৃপাল কলিতা : এইটো মোৰ বাবে এক অমূল্য পুৰাস্কাৰ।যিখন চিনেমা ৰ নাম ল’লেই শ্ৰদ্ধাত মুৰ দোষ খাই যায় তেনে এখন মহান চিনেমা ৰ লগত ব্ৰীজ ৰ তুলনা নিশ্চয় এক অনন্য স্বীকৃতি। প্ৰতিজন ব্যক্তিৰে এক নিজস্ব দৃষ্টি ভংগী আছে হয়টো তেনে দৃষ্টি ভংগীৰেই চাগে South Asian Film festival of Montreal ৰ ফেষ্টিভেল ডিৰেক্টৰ Dushyant Yajnik ক মহোডয়ে ২০২০ চনৰ ২০ নবেম্বৰ ত হোৱা zoom meeting এই তুলনা কৰিছিল। উল্লেখযোগ্য যে চলচিত্ৰ মহোৎসৱখনৰ লগত সংগতি ৰাখি হোৱা সিদিনাৰ আলোচনা চক্ৰ খনৰ মূল বিষয় আছিল Courageous ordinary Lives in flood prone Assam.আমাৰ চিনেমা ব্ৰীজ ৰ জড়িয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনে এক গুৰুত্বপূৰ্ণ বিষয় এটাই স্হান পোৱা টো নিশ্চয় এক ভাল লগা কথা। গোৱা ত অনুষ্ঠিত 51 International film festival of India (IFFI-2020) ত আমাৰ চিনেমা প্ৰদৰ্শন হোৱাৰ পিছত press information bureau (PIB)ৰ প্ৰেছ মিতটোত অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা হ’ব লাগে বুলি মই সযোৰে দাবি কৰিছিলোঁ। Google বা YouTube ত বিছাৰিলে (IFFI 2020 PIB Bridge ) প্ৰেছ মিতটোত চাব পাৰিব।

আমাৰ প্ৰশ্ন : পূৰ্বে অসমীয়া চিনেমাই দেশ – বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত ইমান গুৰুত্ব পোৱা নাছিল।২০১৯ -২১ সময় চোৱাত যিমান পাইছে! — এই ধাৰণা শুদ্ধ নে ? শেহতীয়া ভাবে একাংশ ‘প্ৰচাৰ মাধ্যম’ত এনে ধাৰণা নিৰ্মাণ কৰা হৈছে — অসমীয়া চিনেমাৰ মান বহু বাঢ়িছে। সেয়েহে অসমীয়া চিনেমাৰ গুৰুত্ব দেশ – বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত বাঢ়িছে বুলি কোৱা হৈছে। আপোনাৰ ধাৰণাত এই ধাৰণা কিমান শুদ্ধ ?
কৃপাল কলিতা : এই কথাটোৰ সত্যতা একেবাৰেই নুই কৰিব নোৱাৰি। কোনো এটা আঞ্চলিক ভাষাৰ চিনেমা ৰ মান বঢ়াই সেই অঞ্চলৰ নিৰ্মাতা সকলে। যাৰ ফলত সেই অঞ্চলৰ চিনেমা ই বিশেষ গুৰুত্ব পাই। আমাৰ মনতএক সহজাত ধাৰণা গঢ় লৈ উঠিছে যে দক্ষিণ ভাৰতত ভাল চিনেমা নিৰ্মাণ হয় বা বেংগলি চিনেমা ৰ এক বিশেষ মৰ্য্যদা আছে।এই ধৰণা প্ৰতিষ্ঠিত হৈছে সেই অঞ্চলৰ অগ্ৰজ মহান চলচ্চিত্ৰ নিৰ্মাতা কেইজনমান ৰ কিছুমান বিশেষ কাম ৰ বাবে। আমাৰ অসম টো শ্ৰদ্ধাৰ ভবেন্দ্ৰ নাথ শইকীয়া, জাহ্নু বৰুৱা,মঞ্জু বৰা, সান্ত্বনা বৰদলৈ, ৰীমা দাস আদি মহান চলচ্চিত্ৰ নিৰ্মাতাই অসমীয়া চিনেমা ক এক সন্মানজনক স্হানত ঠিয় কৰাইছে। যাৰ বাবে দেশ-বিদেশত অসমীয়া চিনেমা ই গুৰুত্ব পাব লৈছে। অসমীয়া চিনেমা ৰ মান সম্পৰ্কে এইটো ক’ব পাৰি যে অসমত বহু মান সম্পন্ন চিনেমা পূৰ্বৰ পৰাই নিৰ্মাণ হৈ আহিছে। অগ্নিস্নান ,সাগৰলৈ বহু দুৰ ,গঙা চিলনীৰ পাখি, অদাহ্য আদি নিসন্দেহে বৰ উন্নত মানৰ চিনেমা।সম্ৰতি কাৰিকৰী দিশত অসমীয়া চিনেমা ই আনভাষাৰ চিনেমা ৰ লগত ফেৰ মাৰিব গৈ থকা পৰিলক্ষিত হৈছে।আন এটা কথা ক’ব পাৰি যে ইন্টাৰনেটৰ সহজ ব্যৱহাৰৰ বাবে দেশী- বিদেশী চলচ্চিত্ৰ মহোৎসৱবোৰ ঢুকি পোৱা টো এতিয়া সম্ভৱ যিটো আগতে বৰ কঠিন কাম আছিল।সেই বাবে হয়টো পূৰ্বৰ তুলনাত এতিয়া দেশ-বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত অসমীয়া চিনেমা ই অংশগ্ৰহণ কৰাৰ অধিক সুযোগ পাইছে। অন্যহাতে এখন চলচ্চিত্ৰ মহোৎসৱত যেতিয়া যিকোনো চিনেমা এখনে স্হান পাব নিশ্চয় সেই চিনেমা খন ভাল চিনেমা ই হ’ব লাগিব। কিয়নো বৰ্তমান সময়ত চলচ্চিত্ৰ মহোৎসৱ বোৰত সমগ্ৰ বিশ্বৰ হাজাৰ ৰ হিচাপত অংশ গ্ৰহণ কৰে কিন্তু মহোৎসৱখনত ৬০/৭০ খন চিনেমা হে নিৰ্বাচিত কৰা হয়।ইমান বোৰ চিনেমা ৰ মাজৰ পৰা স্থান লাভ কৰাটো সহজ কথা নহয়।

আমাৰ প্ৰশ্ন : আপুনি মুকলি মনেৰে কব পাৰিব নে — আজিৰ তাৰিখত অসমীয়া চিনেমাৰ মান আন ভাষাৰ চিনেমাতকৈ কোনো গুণে কম নহয়।

কৃপাল কলিতা : কোনো গুণে কম নহয় বুলি নকৈ আমাৰ চিনেমাৰো মান আছে বুলি কোৱা ভাল হ’ব।সেই বাবেই অসমীয়া চিনেমাই আন ভাষাৰ চিনেমা ৰ লগত সমানে গুৰুত্ব পাব লৈছে। বাজেটৰ সিমাবদ্ধতাৰ বাবে কিছু ক্ষেত্ৰত আমাৰ হাত ভৰি বন্ধা থাকে।অসমৰ বাহিৰলৈ গ’লে যেতিয়া আমাৰ চিনেমা ৰ প্ৰশংসা ওলাই তেতিয়া তেওঁ লোকে সন্মান সহকাৰে আমাৰ চিনেমা ৰ কথা কয়। তেতিয়া অনুভব হয় আমাৰ চিনেমা ৰ মান ভাৰতৰ আন চিনেমাৰ তুলনাত কম নহয়। কিন্তু এই পৰ্য্যয়ৰ পৰা আমি আৰু উন্নতি কৰিব লাগিব।

আমাৰ প্ৰশ্ন : আজিৰ তাৰিখত অসমীয়া চিনেমাৰ ‘বিকল্প বজাৰ’ কেনেদৰে চিন্তা কৰিব পাৰি ?
কৃপাল কলিতা : ৰাজ্যত ১০০ টা যি মিনি চিত্ৰ গৃহৰ কথা দশক দশক ধৰি কৈ অহা হৈছে সেয়া বজাৰৰ ক্ষেত্ৰত বাস্তৱ সন্মত প্ৰস্তাৱ। চিনেমা ৰ মৰ্য্যদা ছবি গৃহতহে মোবাইল ফোন ত নিশ্চয় নহয় । আনহাতে বহু উন্নত মানৰ চিনেমা কৰিলে বজাৰ খন নিজৰ ৰাজ্য খনতে সিমিত হৈ নাথাকে, বিশ্বব্যাপী হ’ব পাৰে।এই ক্ষেত্ৰত আমি চৰকাৰৰ মুখলৈ চাই থকাৰ বাহিৰে গত্যন্তৰ নাই।

আমাৰ প্ৰশ্ন : আপোনাৰ ধাৰণাত চিনেমা দৰ্শকৰ বাবে নে বঁটাৰ বাবে ?
কৃপাল কলিতা : চিনেমা নিশ্চয় দৰ্শকৰ বাবেই।যি কোনো মাধ্যমেৰে ই দৰ্শকৰ ওচৰ চাপেই। চলচ্চিত্ৰ মহোৎসৱবোৰটো দৰ্শকে চিনেমা চাই। আমাৰ ব্ৰীজ এতিয়া লৈ ৩৫ টা চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে। প্ৰতিটো মহোৎসৱত অতি কমেও ২০০০ কৈ দৰ্শক হ’লেও পৃথিৱীৰ প্ৰায় ৭০ হাজাৰ দৰ্শকে চিনেমা খন চালে। কম বাজেটৰ চিনেমা ৰ ক্ষেত্ৰত বঁটাই চিনেমা এখনক আৰু অধিক দৰ্শকৰ মনোযোগ আকৰ্ষণৰ সহায়ক হয় আৰু এক মৰ্য্যদা প্ৰদান কৰে।
আমাৰ প্ৰশ্ন : আপোনাৰ পৰিচালনা শৈলীক আপুনি কেনেদৰে বিশ্লেষন কৰিব ?
কৃপাল কলিতা : মোৰ পৰিচালনা শৈলী দৰ্শকে বিশ্লেষণ কৰিব , মই মোৰ বিচাৰকৰ কেনেদৰে হ’ম?
নিজৰ নিৰ্মাণ শৈলী ৰ ক্ষেত্ৰত এটা কথাই ক’ব বিছাৰিম যিহেতু মই কোনো পঢ়াশালি ৰ পৰা চিনেমা নিৰ্মাণ কৌশল আয়ত্ব কৰা নাই গতিকে যি কৰো আনক দেখি শুনি পঢ়ি নিজৰ অনুভবেৰে কৰোঁ।প্ৰতিটো কামৰ নিৰ্মাণ শৈলী চিত্ৰনাট্য খনৰ ওপৰত নিৰ্ভৰ কৰে।Red to Black নামৰ চুটি চিনেমা খনত এটাও সংলাপ ব্যৱহাৰ কৰা নাছিলোঁ।আন কাম বোৰত সংলাপ ৰ ব্যৱহাৰ বা কেমেৰাৰ ব্যৱহাৰ আদি বেলেগ হয় বা হৈছে। মই বিশ্বাস কৰো সৃষ্টিশীল ব্যক্তি কোনো এটা বদ্ধমূল ধাৰণা ত বন্দী হৈ থকাটো উচিত নহয়।
আমাৰ প্ৰশ্ন : আমাৰ ধাৰণাত অসমত আজিৰ তাৰিখতো ‘চিনেমা’ৰ শুদ্ধ ধাৰণাৰে চিনেমাৰ বিশুদ্ধ চৰ্চা হয় বুলি কব নোৱাৰি। ফলত ‘অসমীয়া চিনেমা’ৰ ক্ষতি হোৱা নাই নে?
কৃপাল কলিতা : মোৰ দৃষ্টিৰে সৃষ্টিশিল কৰ্ম কোনো ফৰমুলাত বন্দী নহয় । চিনেমা এনেকুৱাই হ’ব লাগিব বুলি কোনো নিৰ্দিষ্ট সূত্ৰ মই ভাবো নাই ।কিয়নো বিশ্বৰ বাৰণ্য নিৰ্মাতা সকলে এই কথাটো প্ৰতিয়মান কৰি গৈছে। কোনোবাই এটা শ্বটেৰেই চিনেমা ৰ সৰ্বাধিক দৈৰ্ঘ্যৰ ফুটেজ ব্যৱহাৰ কৰিছে।গদফাদাৰৰ দৰে চিনেমাত অনৰ্গল সংলাপ ব্যৱহাৰ কৰিও ক্লাচিক হৈ পৰিছে এনেকুৱা উদাহৰণ অলেখ ওলাব। মূল কথাটো হ’ল বিশ্বাস যোগ্যতা।যিটো কামে মানুহৰ মনত বিশ্বাস জন্মাব পাৰিছে সেইটোৱেই সফল কাম । চিনেমা ত মানুহৰ মুখৰ ভাষাত কৈ কেমেৰাৰ ভাষাৰ গুৰুত্ব বহুত বেছি।
আমি আনক দেখি শিকোঁ বা ভুল কৰি কৰি শিকোঁ । আমাৰ শিকনি নিশ্চয় এদিন পুৰঠ হ’ব তেতিয়া আমাৰ অসমীয়া চিনেমা ও বিশুদ্ধ চৰ্চা হোৱা বুলি চৰ্চিত হ’ব।

]]>
https://rupaliparda.com/archives/28750/feed 0 28750
“এই ভোকটো মৃত্যুৰ আগমুহূৰ্তলৈ প্ৰয়োজনবোধ কৰোঁ”- টীম OLaCrazy https://rupaliparda.com/archives/28585 https://rupaliparda.com/archives/28585#respond Tue, 05 Oct 2021 05:30:00 +0000 https://rupaliparda.com/?p=28585 বিজ্ঞানভিত্তিক এই সময়ছোৱাত জনসাধাৰণক কিছু বিনোদনৰ অৱকাশ দিয়াটো বৰ জৰুৰী হৈ পৰিছে। সম্প্ৰতি সময়ছোৱাৰ যান্ত্ৰিকতাৰ মাজত জীৱনপ্ৰণালী অব্যাহত ৰখা একোজন ব্যক্তিবিশেষক হহুঁৱাটো বৰ কষ্টকৰ হৈ পৰিছে। তাৰ মাজতো একাংশই নিজ প্ৰচেষ্টাৰে জনসাধাৰণক হহুঁৱাবলৈ অথবা ব্যংগাত্মক ৰসেৰে জীৱনটো আগবঢ়াই নিবলৈ দিয়া অকণমান সঁহাৰিয়ে আচলতে বৰ সকাহ দিছে সকলোকে। কমেডী; যি এনে এক বিষয় যিটোক জোৰ কৰি কৰিবও নোৱাৰি আৰু জোৰ কৰি সেইটোৰ দ্বাৰা কোনো জন লোকক হহুঁৱাবও নোৱাৰি। কমেডী কৰিবলৈ এটা নিৰ্দ্দিষ্ট সময়, উপস্থিত বুদ্ধি আৰু প্ৰত্যুৎপন্নমতি হোৱাৰ খুবেই প্ৰয়োজন হয়। হিন্দী ক্ষেত্ৰখনত এনে কমেডিয়ান আমি বহু দেখিছো; ৰাজু শ্ৰীবাস্তৱ অথবা কপিল শৰ্মা ইয়াৰ এক জ্বলন্ত উদাহৰণ। এই দুগৰাকীৰ কমেডীয়ে প্ৰত্যেকগৰাকীকে আমোদ দিছে। ঠিক তেনেধৰণে, অসমীয়া ক্ষেত্ৰখনতো OLaCrazy নামে এক কমেডি গ্ৰুপ আছে; যাৰ অধিকাংশ কমেডী ভিডিঅ’ বৰ্তমান সৰ্বত্ৰে চৰ্চিত। আজি আমি আপোনালোকৰ মাজলৈ কোনো জনপ্ৰিয় কন্ঠশিল্পী, অভিনেতা-অভিনেত্ৰীক লৈ অনা নাই; আজিৰ আমাৰ সাক্ষাৎকাৰ বিশেষত আপোনালোকলৈ লৈ আনিছো OLaCrazy ক। চাওঁচোন আহকঃ

"এই ভোকটো মৃত্যুৰ আগমুহূৰ্তলৈ প্ৰয়োজনবোধ কৰোঁ"- টীম OLaCrazy 2

প্ৰশ্নঃ OLaCrazy গ্ৰুপটোৰ আৰম্ভণি কেতিয়া আৰু কেনেকৈ?

OLaCrazyঃ OLaCrazy জন্ম হোৱাৰ আগত আমাৰ মনত জন্ম লৈছিল কিবা এটা কৰাৰ দূৰ্বাৰ হেঁপাহ; যাৰ দ্বাৰা আমি এটা পৰিচয় গঢ় লৈ তুলিব পাৰোঁ । আৰু, তাৰপিছতেই আমাৰ সৰু সৰু পাগলামিয়ে জন্ম দিছিল “OLaCrazy” নামৰ এই গ্ৰুপটো; আজি প্ৰায় তিনিটা বছৰৰ বেছি হ’ল OLaCrazyৰ। আমাৰ গ্ৰুপটো জন্ম লাভ কৰাৰ প্ৰথমচোৱাৰ পৰা আজিলৈ আমি এটা হাঁহিৰ হকে কাম কৰি আহিছোঁ আৰু আপোনালোকৰ আশীৰ্বাদৰ লগত আগলৈও এনেদৰে চেষ্টা কৰি যাম।

"এই ভোকটো মৃত্যুৰ আগমুহূৰ্তলৈ প্ৰয়োজনবোধ কৰোঁ"- টীম OLaCrazy 3

প্ৰশ্নঃ জনসাধাৰণক আমোদ প্ৰদান কৰাৰ উপৰিও আপোনালোকৰ কোনো অইন উদ্দেশ্য??

OLaCrazyঃ আমাৰ অসমত এনেকুৱা এচাম মানুহ আছে যাৰ হাতত মোবাইলটো আছে কিন্তু শিক্ষা বা জ্ঞানৰ যথেষ্ট অভাৱ ! সেইবাবে, আমি সকলো “Creator” য়ে এইটো চোৱা উচিত যে জনসাধাৰণে যাতে আমি প্ৰস্তুত কৰি উলিওৱা ভিডিঅ’ সমূহৰ পৰা আমোদৰ জৰিয়তে অলপ কিবা ভাল বস্তু শিকে; সমান্তৰালকৈ, “OLaCrazy” ৰ জৰিয়তে কোনোবা অসুস্থ লোকক অকণমান সঁহাৰি নাইবা যিকোনো সহায় কৰিবলৈ আমি চেষ্টা কৰি আহিছোঁ। আমাৰ এই চেষ্টা অব্যাহত আছে মাথোঁ আমাৰ অসমখন আৰু বেছি ভাল কৰা স্বাৰ্থত !

"এই ভোকটো মৃত্যুৰ আগমুহূৰ্তলৈ প্ৰয়োজনবোধ কৰোঁ"- টীম OLaCrazy 4

প্ৰশ্নঃ “শিল্পী” শব্দটোৰ যদি সৰুকৈ সংজ্ঞা বিচৰা হয়; তেতিয়াহ’লে আপোনালোকৰ মতে কি হ’ব?

OLaCrazyঃ “শিল্পী” শব্দটো আচলতে এটা বহুত ডাঙৰ শব্দ; কিন্তু আজিকালি প্ৰায়ভাগে নিজকে নিজাববীয়াকৈ এই শব্দটোৰ অধিকাৰী বুলি ভাৱে। আচলতে, অসমত “শিল্পী”ৰ এটা বাস্তৱ উদাহৰণ বুলি ক’লে অতি কম সংখ্যকহে জনা যায়। গতিকে,এই বিষয়ত সম্প্ৰতি সময়ৰ “শিল্পী” ৰ সংজ্ঞা দিবলৈ আমি অপাৰগ।

প্ৰশ্নঃ গ্ৰুপটোক লৈ আপোনালোকৰ আগন্তুক পৰিকল্পনা কেনেধৰণৰ??

OLaCrazyঃ পৰিকল্পনা বুলি ক’বলৈ গ’লে এটা বেলেগ ধৰণে অসমৰ সাংস্কৃতিক জগত খনক আগবঢ়াই নিব চেষ্টা কৰিম; নতুন বহুত কাম কৰি আছো আৰু ভাল ভাল কাম কৰি যাব চেষ্টা কৰিম। এইখিনিতে এটা কথা আমি ক’বই লাগিব যে আমাৰ কোনোধৰণৰ স্থিৰ লক্ষ্য নাই কাৰণ আমি ভাবোঁ সেই লক্ষ্যটোত উপনীত হোৱাৰ পিছত জীৱনটো শেষ যেন অনুভৱ হয় ! ইংৰাজীত ক’ব গ’লে মানুহৰ “Comfort zone” থাকিব নালাগে কাৰণ তেতিয়া কিবা এটা পাবলৈ বা কিবা এটা কৰিবলৈ “ভোক” থাকে আৰু এই ভোকটো মৃত্যুৰ আগমুহূৰ্তলৈ প্ৰয়োজনবোধ কৰোঁ !

"এই ভোকটো মৃত্যুৰ আগমুহূৰ্তলৈ প্ৰয়োজনবোধ কৰোঁ"- টীম OLaCrazy 5

প্ৰশ্নঃ সমাজৰ প্ৰতি আপোনালোকৰ কি দায়বদ্ধতা আছে বুলি আপোনালোকে ভাবে?

OLaCrazyঃ সমাজখনৰ কথা কিনো ক’ম! আজি এটা কিবা এটা; কাইলৈ বেলেগ এটা। আমি সমাজখনক এটা সুস্থিৰ দিশত আগবঢ়াই নিব খোজোঁ কাৰণ আমি বিচাৰোঁ আমাৰ অসমখনক আগবঢ়াই নিব ! এতিয়া দায়বদ্ধতা বুলি ক’লে, সমাজ বুলি কোৱাৰ আগত আজি অসমত ভিন্ন জাতি বা ভিন্ন ভাষাৰ বাবে সমাজ একোখন গঢ় লৈ উঠিছে; আৰু ইয়াৰ বাবদ আমাৰ অসম খন দূৰ্বল হৈ যায় আছে। সমাজ বুলি কোৱাৰ আগত আমি এজন এজন প্ৰকৃত মানুহ হোৱা উচিত তাৰ পিছত আমি সকলোৱে এখন ভাল সমাজ দেখিবলৈ পাম।

"এই ভোকটো মৃত্যুৰ আগমুহূৰ্তলৈ প্ৰয়োজনবোধ কৰোঁ"- টীম OLaCrazy 6

ৰূপালীপৰ্দাঃ ধন্যবাদ OLaCrazy; আপোনালোকৰ আগন্তুক প্ৰতিটো পৰিকল্পনা সফল হওঁক।

OLaCrazyঃ ধন্যবাদ ৰূপালীপৰ্দা।

]]>
https://rupaliparda.com/archives/28585/feed 0 28585
| ৰাফ cut : বিশ্বজিত বৰা…||– উৎপল মেনা https://rupaliparda.com/archives/28335 https://rupaliparda.com/archives/28335#respond Wed, 08 Sep 2021 07:20:48 +0000 https://rupaliparda.com/?p=28335 আমাৰ প্ৰশ্ন : আপোনাৰ পৰিচালনাত নিৰ্মিত ‘বেলকনিত ভগৱান’ৰ সফলতাৰ খবৰে আমাক আনন্দ দিছে।আপোনাক অভিনন্দন জনাইছো। কিন্তু আমি দোমোজাত আছো — সফলতাক লৈ। গতিকে প্ৰথমে সফলতাৰ ব্যাখ্যা বিচাৰিছো।
বিশ্বজিত : ধন্যবাদ। চিনেমা খনৰ সফলতা বিফলতাৰ মাপকাঠি নিৰ্নয় কৰিবলৈ কিছুদিনৰ প্ৰয়োজন হব বুলি ভাবো, যিহেতু এই ছবিখন নিৰ্মান কৰা হৈছিল এটা নিদিষ্ট পৰিকল্পনা আগত ৰাখি, সেই হিচাপত ইয়াৰ পৰিসমাপ্তি ঘটা নাই। নিৰ্মানৰ পিছতেই ছবি খন আগশাৰীৰ চলচ্চিত্ৰ মহোৎসৱত পঠিওৱাৰ বাবে ব্যবস্থা হৈছিল। সেইমতে আমি আশা কৰিছিলো ‘WORLD PREMIERE’ এটা ভাল মহোৎসৱত হওক, তেনেদৰেই ‘কলকাতা আন্ত:ৰাস্ত্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ যোগেদি আৰম্ভ হৈছিল আৰু আমাৰ পৰিকল্পনা মতেই ছবি খন পৃথিৱীৰ বিভিন্ন ঠাইত নিৰ্বাচিত হৈ না না সন্মান বুটলি আছে। যিহেতু বহু কেইখন ৰাষ্ট্ৰত আমি যোৱাৰ সুবিধা লাভ কৰিছিলো, কিন্তু ক’ৰোণা মহামাৰীৰ বাবে সেইয়া সম্ভৱ নহল, সেইয়া আমাৰ বাবে হৈ পৰিল অতিকৈ দুৰ্ভাগ্যজনক। কাৰন এখন আগশাৰীৰ মহোৎসৱত পৃথিৱীৰ না না DISTRIBUTION COMPANY লগ কৰাৰ এটা পৰিবেশ সৃষ্টি হয় আৰু ছবি খন বিভিন্ন দেশৰ TERITORY ত বিক্ৰীৰ এক সুবিধা হোৱাৰ সম্ভাবনা বোৰ আমি কিছু হলেও হেৰুৱালো কৰুনাৰ বাবে। তথাপিও আমি ‘বেলকনিৰ ভগৱান’ৰ overseas কথা চলিছে আৰু খুব সোনকালে জনাব পাৰিম। ছবি খন আন্ত:ৰাষ্ট্ৰিয় ভাবে সফল এইবাবেই হৈছে, যিহেতু কাহিনী ভাগত যি দেখুৱাব বিছাৰিছো, সেইয়া বৰ্তমান ক’ৰোণাৰ বাবে পৃথিৱীৰ বহু লোকে এনে পৰিষ্টিতিক হৃদয়ংগম কৰিব পাৰিব আৰু ইয়াৰ চৰিত্ৰ বোৰ RELATE কৰিব পাৰিব। সেই হিছাপত এজন কাহিনীকাৰ আৰু পৰিচালক হিচাপে আমি খুবেই সফলতা পাইছো। কিন্তু নিজে সম্পুৰ্ণ সফল হোৱা বুলি তেতিয়া ভাবিম ,যেতিয়া প্ৰযোজকে ছবিত লগোৱা পইচা খিনিৰ উপৰিও কিছু পইছা বেছিকৈ পায়। সেয়েহে ‘বেলকনিত ভগৱান’ ৰ এই যাত্ৰা শেষ হোৱা নাই, ছবি খন সৰ্বভাৰতীয় পৰ্য্যায়ত জনপ্ৰিয় হৈছে, সেইবাবে খুব ভাল এটা খবৰ আহিব বুলি আমি বিশ্বাস ৰাখিছো।

আমাৰ প্ৰশ্ন : পূৰ্বে অসমীয়া চিনেমাই দেশ – বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত ইমান গুৰুত্ব পোৱা নাছিল।২০১৯ -২১ সময় চোৱাত যিমান পাইছে! — এই ধাৰণা শুদ্ধ নে ? শেহতীয়া ভাবে একাংশ ‘প্ৰচাৰ মাধ্যম’ত এনে ধাৰণা নিৰ্মাণ কৰা হৈছে — অসমীয়া চিনেমাৰ মান বহু বাঢ়িছে। সেয়েহে অসমীয়া চিনেমাৰ গুৰুত্ব দেশ – বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত বাঢ়িছে বুলি কোৱা হৈছে। আপোনাৰ ধাৰণাত এই ধাৰণা কিমান শুদ্ধ ?

বিশ্বজিত : আগৰ সময় খিনিত পৰিবেশ বেলেগ আছিল, যোগাযোগৰ পৰিৱেশ নাছিল, ইণ্টাৰ নেট নাছিল। বহু কষ্টৰ বলত যি সকলে এই সফলতা লাভ কৰিছিল সেইয়া ধন্যবাদ আৰু সন্মানৰ যোগ্য। পিছে আজিৰ পৃথিৱীখন যিহেতু বিশ্বায়েনে কাষ চাপি আনিলে, সেইবাবে আৰম্ভ হ’ল সৰু ডাঙৰ বহু চলচ্চিত্ৰ মহোৎসৱৰ। সেই সমুহত আজিকালি কিছু পইচা খৰছ কৰিয়েই অংশগ্ৰহন কৰিব পাৰি, তাৰেই প্ৰায় ৫,০০০ ৰ অধিক এনে চলচ্চিত্ৰ মহোৎসৱ অনুষ্টান আছে যি বোৰ অনুষ্টিত কৰা হয় মাহে মাহে, এনে মহোৎসৱো আছে, যি বোৰত আজিয়েই অংশগ্ৰহন কৰি কাইলৈ এটা এৱাৰ্ড পাবলৈ সক্ষম হয়। কিছুমান এনে চলচ্চিত্ৰ মহোৎসৱ আছে, সেইবিলাকত কোনো ধৰনৰ চলচ্চিত্ৰ প্ৰদৰ্শনৰ সুবিধা নাই, মাত্ৰ তেওলোকে ‘Official Selection’ আৰু কিছুমান মাত্ৰ ‘Award’ দি তাতে সমাপ্ত কৰে, তাৰ বাবদ তেওঁলোকে এটা পইছা লয়। কিন্তু এই মহোৎসৱ বোৰত অংশগ্ৰহন কৰি আত্মসন্তুষ্টিৰ বাদে অন্য একো লাভ নহয় । কিন্তু আজিকালি ‘সামাজিক মাধ্যম’বোৰৰ যোগেদি সেইয়া প্ৰচাৰ কৰি ছবি খনৰ বিষয়ে ৰাইজক জনোৱা হয় ঠিকেই কিন্তু সেইয়া সামগ্ৰিক ভাবে ‘এখন চলচ্চিত্ৰ সমাজ অথবা উদ্যোগ’ ৰ মানদণ্ড বাঢ়িছে বুলি কলে ভুল হব। প্ৰচাৰ মাধ্যমত সেইয়া বাতৰি যুগুতোৱা সকলে আৰু বাতৰি পঢ়া সকলেও বুজি উঠিব লাগে যে কোনটো মহোৎসৱ কি বা কি মানদণ্ডৰ। এটা বাতৰি পৰিবেশন কৰাৰ আগতে আজিকালি এটা মিনিটৰ ভিতৰতে নিজৰ ‘স্মাৰ্ট’ ফোনৰ যোগেদি সেইয়া ভালকৈ খুছৰি চালেই ওলাই পৰে।
মোৰ ধাৰণাত দেশ বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত অসমীয়া চিনেমাৰ উন্নতি তেতিয়াহে দেখিম যেতিয়া কাৰিকৰী মানদণ্ড, কাহিনীৰ উপস্থাপন, সামগ্ৰিক পৰিকল্পনাৰে পৰিপুষ্ট এখন অসমীয়া ছবিয়ে বিদেশৰ ‘A CLASS’ ফেষ্টিভেলত অন্তৰ্ভুক্ত হয় । আৰু দৰ্শক ৰাইজৰ মন জয় কৰে।

আমাৰ প্ৰশ্ন : প্ৰসংগক্ৰমে এগৰাকী পৰিচালকে ক’লে — কোনো এটা মহোৎসৱৰ জুৰি এগৰাকীয়ে হেনো ক’লে , তেওঁৰ অসমীয়া চিনেমা খন ‘পথেৰ পাঁচালী’ৰ পৰ্যায়ৰ। আমাৰ প্ৰশ্ন : অসমীয়া চিনেমাই যদি ‘পথেৰ পাঁচালী’ৰ পৰ্যায় পাইছে , দেশ – বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে পকেটৰ ধন খৰচ কৰিবলৈ বাধ্য হৈছে কিয়?

বিশ্বজিত : মোৰ বাবে সেইয়া সপোন এক সপোন, আমি তেনে চিনেমা দেখা নাই আজিৰ তাৰিখত। সেই তুলনা অমুলক আৰু তাক লৈ শান্তি লভিলে আমি যে কিমান পিছলৈ গুছি গৈ আছো সেইয়াই প্ৰমান কৰে, এই একবিশং শতিকাত পৃথিৱীৰ বিভিন্ন চলচ্চিত্ৰ সমুহ চাই এটা কথায়ে বুজিছো — আমি কি পৰ্যায়ত আছো, আমি বেলেগ নেলাগে, কাষৰে বাংলাদেশৰ দুখন মান চলচ্চিত্ৰ চালেই গম পাম যে, সেই পৰ্যায় পাবলৈ আমি যে কঠোৰ পৰিশ্ৰম কৰিব লাগিব । সহজতে বাহ বাহ লোৱাৰ প্ৰবনতা আৰু মই বৰ এক মনোবৃতিৰ বাবেই আজি আমি বেছি আগবাঢ়িব পৰা নাই। — দেশ – বিদেশৰ চলচ্চিত্ৰ মহোৎসৱৰ প্ৰায় মহোৎসবতেই অন্তভুক্তিৰ বাবে এটা ‘FEES’ লোৱা হয়, কেতিয়াবা বিভিন্ন সমস্যা বা পইছাৰ অসুবিধাৰ কাৰন দৰ্শালে অথবা কাহিনী বা ছবিৰ এটা সম্ভাৱনা দেখিলে মহোৎসৱৰ ফালৰ পৰা কেতিয়াবা ‘Fees’ টো ‘Waived off’ কৰি দিয়ে নিৰ্মাতা জনক। আকৌ ছবি খনে যদি এটা বিশেষ চৰ্চা লাভ কৰে, তেতিয়া বিভিন্ন মহোৎসৱে নিজেই আমন্ত্ৰন দিয়ে। আমাৰ ‘বেলকনিত ভগৱানে”ও তেনেদৰে আমন্ত্ৰন পাইছে। কিন্তু আমি ভাবো – চলচ্চিত্ৰ মহোৎসৱত ছবি প্ৰদৰ্শন কৰিবলৈ ছবি নিৰ্মাতা জনৰ পৃথিৱীৰ বিভিন্ন SALES, MARKETING & DISTRIBUTION ৰ কোম্পানী বোৰৰ লগত সম্পৰ্ক স্থাপন হয়, ভাব বিনিময় হয় আৰু তাৰ ফলত ছবি খনৰ OVERSEAS বেছিবলৈ সুবিধা হয়। সেইয়া অসমীয়া ছবিৰ ক্ষেত্ৰত খুবেই কম হৈছে, সেইয়া সম্ভব হলে, প্ৰযোজকৰ হাতলৈ এটা ভাল অংশ আহিব।

আমাৰ প্ৰশ্ন : আজিৰ তাৰিখত অসমীয়া চিনেমাৰ ‘বিকল্প বজাৰ’ কেনেদৰে চিন্তা কৰিব পাৰি ?

বিশ্বজিত : আমি ভাবো চিনেমাৰ কাহিনী, অভিনয়ৰ লগতে কাৰিকৰী মানদণ্ড ভাল হব লাগিবই, সেইয়া কৰিবলৈ হলে – ছবি ভাল ধৰনে নিৰ্মান কৰিবলৈ জনা মানুহ হব লাগিব, আৰু সেই চলচ্চিত্ৰ খনত থকা ‘প্ৰডাক’ টোক বেছিবলৈ মাৰ্কেটিং জ্ঞান এজন প্ৰযোজকৰ থাকিব লাগিব। আজি কালি চিনেমা বেচা মেলাৰ বিভিন্ন উপাই আৰু পথ আছে, সেই বোৰ গ্ৰহন কৰিবলৈ নিজৰ সময়ৰ লগতে ‘MARKETING STRATEGIES’ বনাব লাগিব। টকা থাকিলেই অকল লোকৰ ওপৰত এৰি দি ‘টকা গলেও যাব, মোক সমাজত নামহে লাগে’ জাতীয় প্ৰযোজক আমাক নেলাগে আৰু সেইবোৰে গৈ ‘সমগ্ৰ চিনেমা জগত’ খনকে ক্ষতি কৰে। লগতে চৰকাৰৰ এটা ডাঙৰ ভুমিকা লাগিব । কিন্তু আমি আচৰিত হওঁ — প্ৰায় দলৰে চৰকাৰ নহওক কিয় , চিনেমা জনা মানুহৰ হাতত নিৰ্দিষ্ট বিভাগটো নাথাকে । আমাৰ ধাৰণাত অসমীয়া চিনেমাৰ উন্নতিৰ বাবে প্ৰয়োজন –
১) মিনি চিনেমা হল।
২) Marketing strategies
৩) চিনেমাৰ কাৰীকৰি দিশ উন্নীত কৰন।
৪) Visionary producers
৫) ভাল online platforms .

আমাৰ প্ৰশ্ন : আপোনাৰ পৰিচালনা শৈলীক আপুনি কেনেদৰে বিশ্লেষন কৰিব ?

বাশ্বজিত : আমি শিকি আছো। শেহতিয়াকৈ বাহিৰৰ চিনেমা বোৰ বেছিকৈ চাইছো। নিজৰ শৈলী যে ইমান পিছ পৰি আছে, সেইয়া কেনেকৈ পৰবৰ্তি সময়ত নাইকিয়া কৰিব পাৰো, তাৰে চেষ্টাত আছো ।

আমাৰ প্ৰশ্ন : দেশ – বিদেশৰ কেইবাখনো চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হোৱা , বঁটা পোৱা ৭ লাখ টকা বাজেটৰ ‘ হালধীয়া চৰায়ে বাঁও ধান খায় ‘ -এ ১ কোটি টকাৰো বেছি ব্যৱসায় কৰিছিল । ১৯ ৮৭ – ১৯৮৮ চনত । শেহতীয়া ভাবে ২৫ – ৫০ টা চলচ্চিত্ৰ মহোৎসৱ ‘ জয় ‘ কৰা অসমীয়া চিনেমা কেইখনে ১০ হাজাৰো টকাও ব্যৱসায় কৰিব পৰা নাই কিয় ?

বিশ্বজিত : এই প্ৰশ্নৰ উওৰ বহু খিনি আমি আগত দিছো। সেইসময়ৰ পৰিবেশ বেলেগ আছিল। আজিৰ তাৰিখত এটি ‘A’ লিষ্ট ফেস্তিভেলত প্ৰায় ১০,০০০ হাজাৰ সৰু বৰ চিনেমাৰ ‘এণ্টি’ হয়, আৰু তাৰ ভিতৰত মাত্ৰ ২০০/৩০০ খন চিনেমাৰ ‘অফিছিয়েল অন্তৰ্ভুক্তি’ হয়। সেইবোৰ মহোৎসৱলৈ পৃথিৱীৰ বিভিন্ন ঠাইৰ ‘SALES, MARKETING & DISTRIBUTION’ ৰ মানুহ আহে, সেইবোৰ মানুহক আকৰ্শিত কৰিবলৈস অথবা তেওঁলোকক সেই চিনেমা খনৰ কথা জনাবলৈ আগবাঢ়ি যাব লাগিব, কথা হব লাগিব আৰু সেইয়া কৰিবলৈ পইচাৰো কথা আহিব। ঠিক তেনেকৈ আজি কালি বহু ‘INDEPENDENT CINEMA’ ৰ কাহিনী, চিত্ৰনাট্যৰ সময়ৰ পৰাই বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত আয়োজন কৰা ‘ফিল্ম বজাৰ’ বোৰত অন্তৰ্ভুক্ত হবলৈ সুবিধা পায়, যাৰ ফলত সেইবোৰ ‘STEP BY STEP’ এই চলচ্চিত্ৰ মহোৎসৱ বোৰত অন্তৰ্ভুক্তি হবলৈ বাট বোৰ খোল খাই গৈ থাকে, লগতে ফেস্তিভেল বোৰৰ ‘প্ৰগেমাৰ’ বোৰৰ চকুত সেইবোৰ চিনেমাই আগস্থান পাই, তাৰ লগতে সেই সময়তেই ‘এজন INTERNATIONAL SALES AGENT’ ৰ যদি অন্তৰ্ভুক্তি হয়, তেতিয়া চিনেমা খন ‘SECURE’হৈ পৰে আৰু যথেষ্ট পইছা ঘটিবলৈও সমৰ্থ হয়। কৈছোঁ – প্ৰকৃত প্ৰদৰ্শনৰ ব্যবস্থা থকা ‘ভাল মহোৎসৱ’ বোৰৰ কথা। আৰু টকা সেইবাবে ঘটাৰ সম্ভৱনা নথকা নহয়। কিন্তু বাকী কিছুমান মহোৎসৱলৈ ২০/৩০ টা নেলাগে ১০০ টাত গ’লেও বিশেষ একো লাভ নহয় , মাত্ৰ সেইয়া লোকেল মিডিয়াত জনপ্ৰিয় কৰি নিজৰ ঠাইত এটা ভাল ‘ৰিলিজ’ দিয়াৰ বাদে।

আমাৰ প্ৰশ্ন : আমাৰ ধাৰণাত অসমত আজিৰ তাৰিখতো ‘চিনেমা’ৰ শুদ্ধ ধাৰণাৰে চিনেমাৰ বিশুদ্ধ চৰ্চা হয় বুলি কব নোৱাৰি। ফলত ‘অসমীয়া চিনেমা’ৰ ক্ষতি হোৱা নাই নে?

বিশ্বজিত : একেবাৰে সছাঁ । আৰু পোনপটিয়া কৈ কবলৈ গলে অসমত ‘লবি কেন্দ্ৰিক’ চিনেমাৰ ৰাজনীতি হয়। আমি এইটোও শুনো যে – লোকেল মাৰ্কেটত বিফল বহু ব্যক্তিয়ে ‘নেচনেল এৱাৰ্ড, ইণ্ডিয়ান পেনোৰামাত’ যথেষ্ট প্ৰভুত্ত খটুৱাই পট পৰিবৰ্তন কৰে। কিন্তু তেওঁলোকৰ প্ৰভাব অসমীয়া ৰাইজৰ মাজত নাই! আচলতে নিজে কৰিব নোৱাৰি আনৰ ‘কাম বোৰ’ সহ্য নহৈ মনৰ মাজত থকা সেই ‘FRUSTRATION’ টোৰ বাবেই কিছু মান চিনেমাৰ লগত জড়িত ব্যক্তিয়ে এইবোৰ কাম কৰে। মই ভাবো চিনেমা নিৰ্মাতা হবলৈ প্ৰথম এজন ভাল মানুহ আৰু অনুভৱি ব্যক্তি হব লাগিব । আমি তথাপি আশাবাদী, নতুন প্ৰযন্ম আজি অতিকৈ ‘সৃষ্টিশীল’, তেওঁলোকক ভালকৈ আগবঢ়াই নিলে আমাৰ ‘অসমীয়া চিনেমা’ ৰ বাট সোনালী হব।

আমাৰ প্ৰশ্ন : ভাৰতীয় চিনেমা ‘ মজবুট হোৱাৰ আঁৰত এক চিনেশক্তিয়ে পৰিশ্ৰম কৰিছিল । এক চিনেশক্তিৰ নাম — ‘ কলিকতা ফিল্ম ছোচাইটি ‘। ১৯৪৭ চনত সত্যজিৎ ৰায়ৰ নেতৃত্বত স্থাপিত হৈছিল । উদেশ্য নিৰ্মল চিনে চৰ্চাৰে চিনেশিল্পৰ উত্তৰণৰ পথ প্ৰসস্থ কৰা । সংবাদ মাধ্যমত বা আন কোনো মাধ্যমত হোৱা ‘ভুল চিনে চৰ্চা’ৰ বিৰুদ্ধেও ‘কলিকতা ফিল্ম ছোচাইটি’য়ে ঠিয় দিছিল। আজি অসমতো এনে ধৰণৰ ‘ফিল্ম ছোচাইটি’ৰ প্ৰয়োজন। — আপুনি কি কয় ?

বিশ্বজিত : অসমীয়া চিনেমাৰ চিন্তাৰ উওৰনৰ বাবে আমি কিবা কৰাৰ মানসেৰে যদি আমি এটা অনুষ্টান জন্ম দিও আৰু সেইয়া ব্যক্তিগত আক্ৰোশৰ এক আশ্ৰয় নহৈ এক সাৱলীল আৰু সকলোৰে গ্ৰহনযোগ্য অনুষ্টান হয়, যাৰ ফলত আমাৰ অসমীয় চিনেমাৰ প্ৰসাৰ আমি দেখিব পাৰো। অসমত আমি এনে এক সুষ্ঠিৰ চিনে চৰ্চা কৰা অনুষ্ঠান আশা কৰো যি ভাল চিনে চিন্তাৰে পৰিপুষ্ট হৈ নতুন প্ৰজন্মক আগুৱাই লৈ যাব পাৰে।

]]>
https://rupaliparda.com/archives/28335/feed 0 28335