Jollywood News – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Wed, 24 Apr 2024 10:24:31 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Jollywood News – Rupaliparda.com https://rupaliparda.com 32 32 163073109 অভিমন্যু/ চিনে চৰ্চা –উৎপল মেনা https://rupaliparda.com/archives/30069 https://rupaliparda.com/archives/30069#respond Wed, 24 Apr 2024 10:01:19 +0000 https://rupaliparda.com/?p=30069 অভিমন্যু/ চিনে চৰ্চা --উৎপল মেনা 7

“অভিমন্যু”– আচিন্ত শংকৰৰ চিনেমা। তৃতীয় (Feature) চিনেমা। চিত্ৰগৃহলৈ আহিব অহা ৮ নৱেম্বৰ (২০২৪) তাৰিখে। চিনেমা খনৰ প্ৰযোজনা শ্ববনমচ এন্টাৰটেইণ্টমেণ্টৰ বেনাৰত মতলেবুদ্দিন আহমেদৰ। কাৰ্যবাহী প্ৰযোজকঃ দেবজিৎ মজুমদাৰ। চিত্ৰনাট্য আৰু সংলাপঃ হিমাংশু নাথৰ। হিমাংশুই চিত্ৰনাট্য ৰচনা কৰিছে চিনেমা খনৰ পৰিচালক অচিন্ত শংকৰৰ কাহিনীৰে।

অভিমন্যু/ চিনে চৰ্চা --উৎপল মেনা 8
–কাহিনী এনেধৰণৰ (পৰিচালকৰ ভাষাত) “প্রভাত আৰু জ্যোৎস্নাৰ এখন সৰু মবমৰ সংসাৰ। শিক্ষয়িত্রী জ্যোৎস্না– আৰু ‘তুষ্টি’ নামেৰে এখন ‘খোৱাৰ হোটেল’ চলোৱা প্রভাতে বন্ধু ৰঞ্জিত, শ্ৰেয়া আৰু দেৱৰ সৈতে মিলি সমাজৰ আর্তসকলৰ হকে যিমানলৈ পাৰে কাম কৰি যায়। কিন্তু, সমগ্র বিশ্বতে আতংকৰ সৃষ্টি কৰা ক’ভিড মহামাৰীয়ে প্রভাত-জ্যোৎস্নার সুখৰ সংসাৰখনকো চুই যায়।

অভিমন্যু/ চিনে চৰ্চা --উৎপল মেনা 9
সমস্যা বাঢ়ে। সমস্যা আৰু বাঢ়ে তেতিয়া, যেতিয়া চৌদিশে চলি থকা ‘লকডাউন’ৰ সময়চোৱাৰ মাজতে ঘটা এক অপৰাধমূলক দুর্ঘটনাই সিহঁতৰ জীৱনলৈ ধুমুহা নমাই আনে। তচনচ হৈ পৰা জীৱনটো সামৰিবলৈ বিধস্ত প্রভাতে যুদ্ধত অৱতীৰ্ণ হয়। জ্যোৎস্নাৰ হৈ ন্যায় বিচাৰি, প্রভাত, ৰঞ্জিত, দেৱ, শ্রেয়া, ৰহমান কাকা, জিলমিল, নিৰূপম হতে অতিক্রম কৰ যাত্রাই হৈছে ‘অভিমন্যুৰ’ মূল কাহিনী।
কষ্ট আৰু সততাৰে জীবন নির্বাহ কৰা প্রভাতৰ দবে সাধাৰণ লোকসকল প্রায়ে বিত্তবান আৰু ক্ষমতাশালী লোকসকলৰ কোপদৃষ্টিত শোষিত হয়। সেই জুইত ঘিউ ঢালে আমাৰ শিথিল শাসনতন্ত্ৰৰ অনিয়ম আৰু দুর্নীতি পিষ্ট অমানুহ বোৰে। মহাভাৰতৰ অভিমন্যুৰ দৰেই আপুনি, মই। আমি এই চিৰন্তন বেহু খনত বন্দী। কিন্তু এইবাৰ মহাভাৰত আমি নতুনকৈ লিখিব লাগিব। অপৰাধীক শাস্তি দিবলৈ কুটিলতাৰ হাতোৰি উফৰাই বেহু ফালি ওলাই অহাৰ সক্ষমতা আজিৰ অভিমন্যুৰ আছি। …আৰু এই নতুন মহাভাৰতত ‘অভিমন্যু’ৰ জয় নিশ্চিত।”

অভিমন্যু/ চিনে চৰ্চা --উৎপল মেনা 10
–এটা সৰল গল্প। পৰিচালকে কথা প্ৰসংগত কৈছে, সৰলৰৈখিক গতি দিয়া হৈছে। চিনেমাৰ ভাষা, সাহিত্যৰ ভাষাৰ লগতে কাহিনীৰ গতিত গীত ব্যৱহাৰ কৰা হৈছে। (সংগীত: দিগন্ত ভাৰতী, অৰূপজ্যোতি বৰুৱা, ৰাজদ্বীপৰ। গীতিকাৰঃ দিগন্ত ভাৰতী, ৰাজদ্বীপ, অৰূপজ্যোতি বৰুৱা, ৰাহুল গৌতম শৰ্মা। শিল্পীঃ জুবিন গাৰ্গ, পাপন অংগৰাগ মহন্ত, অৰূপজ্যোতি বৰুৱা, ভাস্বতী ভাৰতী, প্ৰিয়ংকা ভৰালী, দীপলিনা ডেকা। কৰিঅ’গ্ৰাফিঃ দীপক দে, প্ৰণৱ ভৰালী।) পৰিচালকৰ সৈতে ইটো-সিটো কথা পতাৰ সময়ত অনুভৱ কৰিছোঁ, গীতৰ বাবে গীত ব্যৱহাৰ কৰা হোৱা নাই। গীতক কাহিনীৰ অংগ কৰা হৈছে, চিনে অলংকাৰলৈ ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰা হৈছে। সংলাপ, সংগীতৰ লগতে “শব্দ”ৰ প্ৰতিটো দিশতে গুৰুত্ব দিছে পৰিচালকে। শব্দ-সজ্জাঃ অমৃত প্ৰীতম আৰু দেবজিৎ চাংমাইৰ।

অভিমন্যু/ চিনে চৰ্চা --উৎপল মেনা 11
–ৰূপালী গল্পটোৰ গতিত মাৰপিটৰ (এক্সনঃ ৰাজেশ কান্নান) প্ৰয়োগো আছে। বজাৰ চিন্তাৰে এক্সন প্ৰয়োগ– আজি কালি অসমীয়া চিনেমাৰ আলিখিত নিয়ম। পৰিচালকৰ মতে, এই চিনেমা খনত এক্সনকো ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ কৰি কাহিনীৰ গতিত ব্যৱহাৰ কৰা হৈছে।

অভিমন্যু/ চিনে চৰ্চা --উৎপল মেনা 12
–চিনেমা পৰিচালকৰ সোঁ হাত চিত্ৰগ্ৰহণ কাৰী। এই চিনেমা খনৰ পৰিচালকৰ সোঁ হাত প্ৰদীপ দৈমাৰী। আৰু ভিন্ন দিশত পৰিচালকক সহায় কৰিছে প্ৰতীম খাওন্দ (সম্পাদনা), জ্যোতি শংকৰ ভট্টাচাৰ্য্য (কলা), ভাস্কৰজ্যোতি দত্ত (ৰূপসজ্জা), ধীৰাজ ডেকা (সাজসজ্জা), মনোজ মিশ্ৰ (প্ৰযোজনা নিয়ন্ত্ৰণ), হিমাংশু নাথ (মুখ্য সহকাৰী পৰিচালক), জিতুল ৰাজৱংশী, দেৱাশীষ কলিতা, হিৰক জ্যোতি কলিতা (সহকাৰী পৰিচালক)।
আহিছোঁ– “চৰিত্ৰ”লৈ। মূল চৰিত্ৰ প্রভাত আৰু জ্যোৎস্নাক নিৰ্মাণ কৰিছে কমল লোচন, দীপলিনা ডেকাক লৈ। আন এটা মূল চৰিত্ৰ নিৰ্মাণ কৰিছে দেৱজিৎ মজুমদাৰক লৈ। অন্যান্য চৰিত্ৰ নিৰ্মাণ কৰিছে ভগৱৎ প্ৰীতম, ৰাজীৱ গোস্বামী, হিৰন্য ডেকা, অমৃতা গগৈ,অসীম কৃষ্ণ বৰুৱা,জ্বলী লস্কৰ, কৌশিক নাথ, চাংকু নিৰঞ্জন নাথ, শংকৰ ৰাজখোৱা,শ্ৰেয়া বৰঠাকুৰ আদিক লৈ। বিশেষ ভূমিকাঃ জুবিন গাৰ্গ আৰু লিজা (ৰাছিয়ান বেলে ডাঞ্চাৰ)। চিনেমা খনৰ লোকেশনঃ বজালী, গুৱাহাটী, মেঘালয়।

]]>
https://rupaliparda.com/archives/30069/feed 0 30069
জয় হনুমেন: চিনেচৰ্চা –উৎপল মেনা https://rupaliparda.com/archives/30063 https://rupaliparda.com/archives/30063#respond Tue, 23 Apr 2024 06:48:03 +0000 https://rupaliparda.com/?p=30063 জয় হনুমেন: চিনেচৰ্চা --উৎপল মেনা 16

” জয় হনুমেন” –এখন অসমীয়া চিনেমা। হিমাংশু প্ৰসাদ দাসৰ পৰিচালনা।
হিমাংশুৰ চিনেকৰ্মৰ এটা ভাললগা বা ইতিবাচক দিশ– বিষয়বস্তু নিৰ্বচানত যিমান মন দিয়ে, সিমান মন দিয়ে বজাৰ চিন্তা বা “বজাৰ সূত্ৰ”টো। “ভাল চিনেমা” নচলে বুলি কৈ ভাল পোৱা চিনেকৰ্মী সকলৰ পৰা বহু আঁতৰৰ — হিমাাংশু প্ৰসাদ দাস। আমি অনুভৱ কৰিছোঁ নিজৰ “চিনেমা”ৰ বাবে নিজে “বজাৰ” নিৰ্মাণ কৰি লয়, চিনেচিন্তাৰে, প্ৰচাৰ পৰিকল্পনাৰে। বিশেষকৈ “গৰু”ৰ বাণিজ্যিক সফলতা অসমীয়া চিনেমাৰ “স্থানীয় বজাৰ”ৰ ইতিবাচক দিশ।

জয় হনুমেন: চিনেচৰ্চা --উৎপল মেনা 17
নিৰ্মাণ কাৰ্য প্ৰায় শেষ হৈছে, প্ৰচাৰ চলিছে “জয় হনুমেন”ৰো।
–চিনেমা খনৰ কাহিনী হিমাংশু প্ৰসাদ দাসৰ, চিত্ৰনাট্য হিমাংশু প্ৰসাদ দাস, শান্তনু ৰৌমৰিয়া, অধিৰাজ কাশ্যপৰ।
–হিমাংশু প্ৰসাদ দাসে কাহিনীৰ ধাৰণা দিছে এনেদৰে, এটা এনকাউণ্টাৰ, ভুৱা। কাহিনীৰ গতিত এনকাউণ্টাৰৰ লগত হঠাৎ জড়িত হয় বিশ্ববিদ্যালয়ৰ এগৰিকী ছাত্ৰ। আমাৰ ধাৰণাত এই ছাত্ৰ গৰিকী ৰূপালী গল্পটোৰ মূল বিন্দু। নাম এটা আছে; কিন্তু বিশ্ববিদ্যালয়ৰ চৌহদত “মূল বিন্দু” (চিনেমা খনৰ নায়ক) জনপ্ৰিয় হনুমান নামেৰে। কাহিনীৰ শেষ বিন্দু– হনুমানৰ দ্বাৰা এটা ভয়ংকৰ ৰাজনৈতিক ষড়যন্ত্র উন্মোচন হয়।
আমাৰ ধাৰণাত “হনুমান” নিৰ্মাণ, “হনুমান”ক লৈ গতি কৰা গল্প হ’ব চিনেমা খনৰ সৌন্দৰ্য। গল্পৰ গতিত গীতকো গুৰুত্ব দিব। তিনিটা গীত থাকিব।

জয় হনুমেন: চিনেচৰ্চা --উৎপল মেনা 18

গীতৰ কথা:
দিগন্ত ভাৰতী, ৰাহুল গৌতম শৰ্মা, মিনিমী। সুৰ: দিগন্ত ভাৰতী, পৰাণ বৰকটকী, মিনিমি। আৱহ সংগীত: বেছহল। পৰিচালকে চিনেমা খনৰ চৰিত্ৰ কেইটা নিৰ্মাণ কৰিছে অমৃতা গগৈ, জ়য় কাশ্যপ,গীতাৱলী ৰাজকুমাৰী , ভাস্কৰ তামূলী, প্ৰদীপ নিশিথ, প্ৰনামী বৰা,ৰাজীৱ গোস্বামী,বিভূতি ভূষণ হাজৰিকা, অনন্যা কাশ্যপ, চাজু,সিদ্ধাৰ্থ বড়োক লৈ। চিত্ৰ গ্ৰহণ: চন্দ্ৰ কুমাৰ দাস। সম্পাদনা: উদ্দিপ্ত কুমাৰ ভটাচাৰ্য।

(শেষত: কিয় জানো মনলৈ আহিল– Spider-Man, Superman -ৰ হনুমেন!)

]]>
https://rupaliparda.com/archives/30063/feed 0 30063
“কেলেণ্ডাৰ”ৰ পৰিচালকৰ “তাৰিখ” –উৎপল মেনা https://rupaliparda.com/archives/30059 https://rupaliparda.com/archives/30059#respond Mon, 22 Apr 2024 09:33:57 +0000 https://rupaliparda.com/?p=30059 "কেলেণ্ডাৰ"ৰ পৰিচালকৰ "তাৰিখ" --উৎপল মেনা 20

আৰু এখন অসমীয়া চিনেমা– হিমজ্যোতি তালুকদাৰৰ। “কেলেণ্ডাৰ”ৰ পৰিচালক গৰাকীৰ দ্বিতীয় খন চিনেমা, নাম– তাৰিখ”।
সামাজিক মাধ্যমত এখন দেখা এখন স্থিৰচিত্ৰ। বহু কথা কৈ যোৱা, চকু চুই যোৱা। ফ্ৰেমত– এক আদহীয়া ব্যক্তি, প্ৰকৃতি। “প্ৰকৃতি”ৰ ভাষায়ে যেন ব্যক্তি গৰাকীৰ মনৰ কথা। ফটো খনৰ ব্যাক্তি গৰাকী “কেলেণ্ডাৰ”ৰ হিতেশ কাকতি (অৰুণ নাথ) নহয়তো! হিতেশ কাকতি নহয়, ব্যক্তি গৰাকীৰ নাম– দুৰ্লভ দত্ত। ফটো খনে কয়– দুৰ্লভ দত্তৰ জীৱন বাটৰ অভিজ্ঞতা ৭০ বছৰৰ কম নহয়!
পৰিচালক হিমজ্যোতি তালুকদাৰে লিখিছে– “কোলাহলৰ পৃথিৱীখনত মৌনতাৰ এক বিশেষ ভাষা আছে – য’ত সোমাই থাকে আমাৰ ভিতৰখনত তোলপাৰ লগাই থকা আশাবোৰ, ঠিক যেন নিস্তব্ধ কিছুমান মুহূৰ্তত থকা সম্ভাৱনাৰ এটা আভাস! নৈঃশব্দৰ মাজতো লুকাই থাকে কিছুমান অকথিত কাহিনী – হৃদয়ৰ কথা কোৱা কাহিনী, ভালপোৱা আৰু হেৰুওৱাৰ কাহিনী, অতীতৰ গহ্বৰত লীন হৈ ভৱিষ্যতৰ সপোন দেখাৰ কাহিনী, আৱেগৰ ভাষাৰে সকলোকে সংযোগ কৰা কাহিনী – দুৰ্লভ দত্তৰ কাহিনী! …মৌনতাৰ মাজেৰে আপাহবোৰক খেপিয়াই ফুৰা দুৰ্লভ দত্তৰ পৃথিৱীখনলৈ আপোনাক স্বাগতম।”
থাকক, কাহিনী প্ৰসংগ ইমানত থাকক, আৰু বেছি অনুভৱৰ বাট নিবিচাৰোঁ! ৬ ডিচেম্বৰ (২০২৪) -লৈ অপেক্ষা কৰোঁ! এই দিনটোতে চিত্ৰগৃহলৈ আহিব চিনেমা খন।
“চিনেমা”ত আমি “চিনেমাৰ ভাষা” (cinematic language) -ৰ আনন্দ লোৱা দৰ্শক। ফটো খনে দিয়া “অনুভৱ”– আমাক হতাশ নকৰিব! আৰু সংগীত! সংগীত তৰালি শৰ্মাৰ যেতিয়া আশা কৰিব পাৰি– ৰূপালী গল্পটোৰ অলংকাৰ হ’ব! (চিনেমা খনৰ প্ৰসংগত তৰালি শৰ্মা: কেতিয়াবা কিছুমান কামে দকৈ মন-মগজু চুই যায়। শেহতীয়াকৈ হিমজ্যোতি তালুকদাৰৰ নতুন চিনেমা ‘তাৰিখ’ৰ আৱহ সংগীত কৰি থাকোতে তেনে ভাৱ হৈছিল। প্ৰত্যেক মানুহেই যে কিমান বেদনা কঢ়িয়াই লৈ ফুৰে…নীৰৱে…৷ শ্ৰদ্ধাৰ অৰুণ নাথ দা মানে দুৰ্লভ দত্তই একো সংলাপ নোকোৱাকৈও কিমান শক্তিশালী অথচ কিমান অসহায়– “তাৰিখবোৰ কাৰোবাৰ কাৰণে যদি হাঁহি কাৰোবাৰ কাৰণে অন্তহীন প্ৰতীক্ষা!”)
অৰুন্ধতী শৰ্মা বৰুৱা আৰু ড° মুক্তিস্মান হাজৰিকাৰ প্ৰযোজনাৰে নিৰ্মিত এই “তাৰিখ”ত আৰুণ নাথৰ লগতে অভিনয় কৰিছে– বলোৰাম দাস, স্বাগতা ভৰালী, কুল কুলদীপ, ডা: জয়ন্ত দাস, সঞ্জীৱ শৰ্মা আদিয়ে।
–চিনেমা খনৰ চিত্ৰনাট্য হিমজ্যোতি তালুকদাৰ, অংকুৰ ডেকা আৰু অধিৰাজ কাশ্যপৰ। চিত্ৰগ্ৰহণ: অনিৰুদ্ধ বৰুৱা, শব্দ গ্ৰহণত দেৱজিৎ গায়ন, সম্পাদনা : উদীপ্ত কুমাৰ ভট্টচাৰ্য, সাজ-সজ্জাৰ দায়িত্বত আছে ৰাণী দত্ত বৰুৱা, ৰূপ সজ্জাত আকাশ গগৈৰ।

]]>
https://rupaliparda.com/archives/30059/feed 0 30059
লৰ্ড দাসৰ নতুন চিনেমা–উৎপল মেনা https://rupaliparda.com/archives/30044 https://rupaliparda.com/archives/30044#respond Fri, 05 Apr 2024 11:12:08 +0000 https://rupaliparda.com/?p=30044 ৪ এপ্ৰিল। কালি উপস্থিত আছিলোঁ এখন অসমীয়া চিনেমাৰ শুভ মহুৰৎ অনুষ্ঠানত। পৰিচালক লৰ্ড দাসে আমন্ত্ৰণ কৰিছিল কেমেৰাৰ ছুইচ অন কৰিবলৈ। চিনেমা খনৰ পৰিচিলক গৰাকীয়ে আঁতধৰা অনুষ্ঠানটিত নাৰিকল ভাঙি মংগল কামনা কৰে সংগীত শিল্পী-চিনেমা পৰিচালক অৱনী ৰঞ্জন পাঠকে। কেমেৰাত মাল্যদান কৰে ড° নিখিলেশ বৰুৱাই।

লৰ্ড দাসৰ নতুন চিনেমা--উৎপল মেনা 24
–শুভ মহুৰতত লগ পালোঁ সংগীত পৰিচালক, বাঁহী বাদক দীপক শৰ্মাক। চিনেমা খনৰ আৱহ সংগীত ৰচনা-সংযোগ কৰিব। চিনেমা খনত দুটা গীত ব্যৱহাৰ কৰিব। এটা গীতৰ সুৰ দীপক শৰ্মাৰ, কথা: প্ৰনৱ কুমাৰ বৰ্মনৰ। সুৰ-কথা মন চুই যোৱা, মনত ৰৈ যোৱা। চিনেমা খনৰ আনটো গীত মুম্বাইৰ ৰটনাৰ। দীপক শৰ্মা-ৰটনা এই চিনেমা খনৰ সংগীত পৰিচালক।
চিনেমা খনৰ লেখক-পৰিচালক লৰ্ড দাসে জনালে, কাহিনী কেন্দ্ৰ বিন্দু-গতি এই প্ৰজন্ম। কাহিনীৰ ইংগিত আছে চিনেমা খনৰ নামত– “লাভ ডট কম”। চিনেমা খনত “হিংলিছ চিনেমা ষ্টাইল”ত হিন্দী আৰু অসমীয়া সংলাপ ব্যৱহাৰ কৰিব। অভিনয় কৰিব দিল্লীৰ ৰাহুল কামাণ্ডু, বিগবছ খ্যাত লাকী কেম্বোজ, মুম্বাইৰ তাহিৰ কামাল খান, ব্রজেশ দাস, কল্যাণজী, অসমৰ হিমজ্যোতি মেধি, ভার্গৱ কটকী, ডঃ নিখিলেশ বৰুৱা, অমিত চৌধুৰী, জিমলী তালুকদাৰ, সংগীতা কৈৰী আদিয়ে। দিল্লী, মুম্বাই আৰু অসমত দৃশ্যগ্রহণ হ’ব লগীয়া চিনেমা খনৰ চিত্ৰগ্ৰহণ কৰিব মুম্বাইৰ সৰবৰ – চয়ীদ আৰু অভি দাসে।

লৰ্ড দাসৰ নতুন চিনেমা--উৎপল মেনা 25

আহিছোঁ লৰ্ড দাস প্ৰসংগলৈ।
ভালেমান সংগীত ভিডিঅ’ পৰিচালনা কৰা লৰ্ড দাসক জানিছিলোঁ “কুঁহি”ৰ পৰা।
কুঁহি চিনেমা খনৰ নায়িকা। কেন্দ্ৰীয় চৰিত্ৰ। সৰল মনৰ কুঁহিয়ে নিজ, নিকা বাটে খোজ কাঢ়ি ভাল পায়। পৰিচালক-লেখকে কুঁহি কেন্দ্ৰিক এটা ত্ৰিকোণীয় প্ৰেমৰ গল্প নিৰ্মাণ কৰিছে। নায়িকাৰ বিপৰীতে দুই চৰিত্ৰ– এজন হিন্দু (নায়ক), আনজন মুছলমান (খলনায়ক!)। প্ৰেম কেন্দ্ৰিক সংঘাত। সংঘাত ‘ধৰ্ম’লৈ বিয়পাই। চহৰৰ দাঁতি কাষৰীয়া (এখন হিন্দু, আনখন মুছলমানৰ) দুখন গাঁৱৰ সম্প্ৰীতিত ফাট মেলে। দুখন গাঁৱৰ এখন বিহু দুখন হয়। খলনায়কৰ দুৰ্ঘটনা হয়। তেজৰ প্ৰয়োজন হয়। কুঁহিয়ে তেজ দিয়ে। শেষত মিলন।

লৰ্ড দাসৰ নতুন চিনেমা--উৎপল মেনা 26অভিনয় কৰিছে চেতনা দাস, ভার্গব কটকী, পার্থিব প্রিয়ানুজ, ৰূপম শৰ্মা, পীয়া বৰুৱা, মুন বৰা, আদিপ্রিয়া বনিয়া, চন্দ্রামিকা শর্মা, লিপিকা, উপাসনা ভৰদ্বাজ, নিপম কলিতা, আশুতোষ ৰাজ প্রীতম, আৰক্ষী বিষয়া গৰ্গেশ্বৰ দাস, ভবেন্দ্ৰ দেৱ গোস্বামী, মন ময়ুৰী শইকীয়া, মামণি দাস, ড° নিখিলেশ বৰুৱা, দীক্ষিতা আদিয়ে। চিনেমা খনৰ– সংগীত পৰিচালনা মানস (মিকু), আবহ সংগীত কবীন্দ্ৰ দাস সহযোগী উদ্দিপ্ত শর্মা, সম্পাদনা ৰিতুৰঞ্জন হাতিমুৰীয়াৰ, চিত্ৰগ্ৰহণ প্রসেনজিৎ আৰু অমৰৰ। ৰৃপালী গল্পটোত ব্যৱহাৰ হোৱা গীত কেইটাত কণ্ঠদান কৰিছে ৰক্তিম দত্ত, দীক্ষিতা দাস, গীতিকাৰ সুৰজিত শৰ্মাই। প্ৰযোজনা কৰিছে ড° নিখিলেশ বৰুৱাই। সহ-প্রযোজক গকুল বনিয়া। চিত্ৰগৃহলৈ আহিছিল ৮ মাৰ্চ ২০২৪ -ত।

]]>
https://rupaliparda.com/archives/30044/feed 0 30044
|| ইতি তোমাৰ: চিনে চৰ্চা || –উৎপল মেনা https://rupaliparda.com/archives/30037 https://rupaliparda.com/archives/30037#respond Sat, 30 Mar 2024 09:53:53 +0000 https://rupaliparda.com/?p=30037 || ইতি তোমাৰ: চিনে চৰ্চা || --উৎপল মেনা 30
“ইতি তোমাৰ” –এখন অসমীয়া চিনেমা। পাৰৱেজ আহমেদৰ প্ৰথম (পূৰ্ণদৈৰ্ঘ) পৰিচালনা। চিনেমা খন চোৱাৰ পাছতে (জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। ২৩ মাৰ্চ ২০২৪।) আমি দৃশ্য মাধ্যমৰ এগৰাকী সংংবাদকৰ্মীৰ প্ৰশ্নৰ উত্তৰত কৈছিলোঁ, পৰিচালকৰ গল্প কোৱাৰ শৈলীত নতুন চিনে চিন্তাৰ ছাঁ, ভাল লগা দিশ– কেমেৰা ডিজাইন, চৰিত্ৰ নিৰ্মাণ আৰু গীত। গীত চিনেমাৰ অংগ হৈছে, গীতে ৰূপালী গল্পটোক গতি দিছে। গীতৰ কথা, সুৰ, গায়কী আৰু চিত্ৰায়ণক চিনে অলংকাৰ বুলিব পাৰি, মুকলি মনেৰে। (সংগীত: হীৰকজ্যোতি নাথ। কথা আৰু সুৰ: যুতিমালা বুঢ়াগোঁহাই, মধু পাটোৱাৰী। কণ্ঠ: হীৰকজ্যোতি নাথ, যুতিমালা বুঢ়াগোহাঁই।)
ৰূপালী গল্পটোৰ গতিৰ পূৰ্বে চিনেমেটিক চমক, (পৰিচালকৰ লগতে আৱশ্যেই প্ৰশংসা কৰিব লাগিব চিনেমাটোগ্ৰাফাৰ ৰূপমজ্যোতি শইকীয়াক।) ইতিহাস স্পষ্ট। কাহিনীৰ গতিত ভূগোল স্পষ্ট। শ্বট নিৰ্বাচন, শ্বটৰ গাণিতিক প্ৰয়োগ আৰু “সময়”ৰ সৈতে খাপ খোৱাকৈ নিৰ্মাণ কৰা চৰিত্ৰই চুই যোৱাৰ পাছতো কিন্তু আমাক “চিনেমা” খনে হতাশ কৰিলে–, কাহিনীৰ গতি, কাহিনীৰ “ট্ৰিটমেণ্ট”-এ।
“ইতি তোমাৰ”– মনলৈ স্বাভাৱিকতে আহিব পাৰে মিঠা, ভাল লগা প্ৰেমৰ চিঠি। কিন্তু চিনেমা খনৰ কাহিনীৰ গতিত “প্ৰেমপত্ৰ” গৌণ, বিষয়বস্তুও “প্ৰেমপত্ৰ” নহয়। বিষয়: প্ৰেম। প্ৰথম বিন্দু কৈশোৰৰ প্ৰেম। শেষ বিন্দু জীৱনৰ প্ৰায় বিয়লি বেলাত প্ৰেমিক-প্ৰেমিকাৰ মিলন।

|| ইতি তোমাৰ: চিনে চৰ্চা || --উৎপল মেনা 31

চিনেমা খনৰ দৰ্শক হোৱাৰ পূৰ্বে জানিছিলোঁ– চিনেমা খনৰ মূল চৰিত্ৰ (নায়ক) -ৰ জন্ম দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ৰ। অভাৱৰ হেচাত কৈশোৰ, যৌৱন। জীৱন সংগ্ৰামৰ মাজেৰে আমেৰিকাত প্ৰতিস্থিত হোৱাৰ পাছত, পত্নী-দুই ছোৱালী-জোৱাই-নাতিনীৰ সৈতে জীৱনৰ বিয়লি বেলাৰ সুখৰ সময় কটোৱা “নায়ক”ৰ কাহিনীৰ গতি।

আদহীয়া “নায়কে” কৈশোৰ যৌৱনৰ প্ৰেম বিছাৰি অসমলৈ উৰা মাৰে। অসমৰ মাটিত ভৰি দি হাহাকাৰ অনুভৱ কৰে, ষাঠিৰ দশকত এৰিছিলগুৱাহাটী, সেই গুৱাহাটীখনৰ আজি বহু পৰিবৰ্তন হ’ল। অচিনাকী আচিনাকী অনুভৱ হ’ল। ক’ত বিছাৰি পাব, কৈশোৰ-যৌৱনৰ প্ৰেয়সীক!

অতীতচাৰণ– “নায়ক”ৰ মনলৈ আহে কৈশোৰ-যৌৱনৰ প্ৰেম আৰু বিচ্ছেদৰ বেদনা। “বৰ্তমান”, ‘অতীতে”ৰে কাহিনী আগবাঢ়ে। শেষত কৈশোৰ-যৌৱনৰ প্ৰেয়সীক লগ পাই, আৰু মনৰ দুৱাৰ খুলি দিয়ে। অতীতচাৰণত “নায়ক”ৰ জন্ম ৰহস্যও আহে।

|| ইতি তোমাৰ: চিনে চৰ্চা || --উৎপল মেনা 32

–নীলকণ্ঠৰ সৰলৰৈখিক কাহিনী। কিন্তু সৰলৰৈখিক হৈ নাথাকিল অৰিন্দম বৰকটকী আৰু পাৰৱেজ আহমেদৰ চিত্ৰনাট্য। আৰু স্বাভাৱিকতে কিছু হৃাস পালে চিনে সৌন্দৰ্য। “হৃাস পোৱা সৌন্দৰ্য” উদ্ধাৰৰ বাট আছিল। আমাৰ ধাৰণাত সম্পাদনাৰ সময়ত পৰিশ্ৰমৰ প্ৰয়োজন আছিল। (এই খিনিতে উল্লেখ কৰিব পাৰি– আমাৰ ধাৰণাত পৰিচালক, চিত্ৰনাট্যকাৰ চিনেচিন্তা “স্থানীয় বজাৰচিন্তা” শূন্য, “চিনে শিল্পৰ বাবে চিনেমা”ৰ ওচৰৰ।)

আহিছোঁ– চৰিত্ৰ নিৰ্মাণলৈ। চিনেমাত পৰিচালক গৰাকীৰ দক্ষতা (power of director) স্পষ্ট হয় চৰিত্ৰ নিৰ্মাণত। দক্ষতা স্পষ্ট হয় দুটা পৰ্যায়ত– চৰিত্ৰৰ বাবে আভিনেতা-অভিনেত্ৰী নিৰ্বাচনত, “চৰিত্ৰ” আকাৰ দিয়া সময়ত। পৰ্যায় দুটাত পৰিচালক পাৰৱেজ আহমেদ সফল। প্ৰতিটো চৰিত্ৰৰ নিৰ্মাণ কৰ্ম (শব্দ প্ৰয়োগ, সাজ-সজ্জা, খোজ-কাটল, subject-camera movement) পৰিপাটি, , বাস্তৱিক। বিশেষভৱে আমাক চুই গৈছে কিশোৰ অভিনেতা হৰ্ষদ ডি কাশ্যপ (নায়ক অমৰৰ কৈশোৰ কাল…), বৰেণ্যা বৰা (নায়িকা মানসীৰ কৈশোৰ কাল…) -ই। আৰু লিপিকা বৰা মেধি (নায়িকা মানসীৰ বয়স্ক কাল…), ডৰথী ভৰদ্বাজ (নায়িকা মানসীৰ যৌৱন কাল…), অৰুণ নাথে (নায়ক অমৰৰ বয়স্ক কাল…)। নায়ক অমৰৰ যৌৱন কালৰ ‘সময়’ চোৱাৰ চৰিত্ৰত আভিনয় কৰা ড° অনুপম কৌশিক বৰা আৰু ডৰথীৰ অভিনয়ে “৭০ দশকৰ ভাৰতীয় (বলিউড) চিনেমাৰ নায়ক-নায়িকাৰ ইমেজ” মনলৈ আনি দিয়ে। (এই “ইমেজ” ৰূপালী গল্পটোৰ ইতিবাচক দিশ।) “মৌকন” ডৰথীয়ে আমাক আৰু এবাৰ চুই গ’ল, অনুপমৰ সৈতে।

–চৰিত্ৰ নিৰ্মাণৰ ক্ৰম, কেমেৰাৰ ভাষা প্ৰয়োগ, শব্দ (সংলাপ, সংগীত…) -ৰ লগতে চিনেমা খনৰ আন এটা প্ৰশংসা কৰিব পৰা দিশ ৰ কলা নিৰ্দেশনা– পৰিবেশ আৰু “সময়” নিৰ্মাণত সহায় কৰিছে।

]]>
https://rupaliparda.com/archives/30037/feed 0 30037
|| ৱাইড এংগল ||–উৎপল মেনা https://rupaliparda.com/archives/30030 https://rupaliparda.com/archives/30030#respond Thu, 28 Mar 2024 09:50:01 +0000 https://rupaliparda.com/?p=30030  

|| ৱাইড এংগল ||--উৎপল মেনা 36
“ৱাইড এংগল” — চালোঁ। জয়ন্ত নাথৰ পৰিচালনা। ড৹ নগেন শইকীয়াৰ গল্প “ষ্টাফ ৰিপ’ৰ্টাৰৰ ছবি”ৰ আধাৰত পংকজজ্যোতি ভূঞাই ৰচনা কৰিছে চিনেমা খনৰ চিত্ৰনাট্য। ৰূপালী গল্পটোৰ কাহিনীৰ প্ৰথম বিন্দু এগৰাকী প্ৰেছ ফটোগ্ৰাফাৰ (যদি আমি গল্পটো মনত ৰাখো, চিনেমা খনৰ শিৰোণাম মনত ৰাখো)। চৰিত্ৰটো নিৰ্মাণ কৰিছে তপন দাসক লৈ। প্ৰথমটো বিন্দুৰ গতিত আমাৰ অনুভৱ– (সংলাপ, চেহেৰাৰ ভাষাত) হতাশা, সমস্যাৰ মাজত জীয়াই থকা দুৰ্বল মনৰ এগৰাকী প্ৰেছ ফটোগ্ৰাৰ ভাগৱতীয়ে মনৰ মানুহ গৰাকীকো সুখী কৰিব পৰা নাই। কাহিনী আগবাঢ়ে। শেষৰ ফালে ফটোগ্ৰাফাৰ গৰাকীৰ সংলাপত দৰ্শকে জানিব পাৰে– সংবেদনশীল ফটোগ্ৰাফাৰ গৰাকী দৃঢ় মনৰ। আৰ্থিক সমস্যাৰ হেচাত বাস কৰা ফটোগ্ৰাফাৰ গৰাকীয়ে উপায়ুক্তই পথোৱা আৰ্থিক সহায় দহ হেজাৰ টকা ওভতাই দিয়ে।

|| ৱাইড এংগল ||--উৎপল মেনা 37–কাহিনী ভাগ আৰু স্পষ্ট কৰি দিছোঁ। প্ৰেছ ফটোগ্ৰাফাৰ ভাগৱতীয়ে সম্পাদকক সন্তুষ্ট কৰিব পৰা নাই। দৈনিক কাকত খনৰ (ভাগৱতী যি খন দৈনিক কাকতৰ ষ্টাফ ফটোগ্ৰাফাৰ) সম্পাদকে বিছৰা ধৰণৰ ফটো দিব পৰা নাই। সম্পাদক গৰাকীয়ে বাৰে বাৰে ভাগৱতীক বুজাইছে– এখন ৱাইড এংগলৰ ফটো লাগে। আন্দোলনৰ গৰম বতাহ! যুদ্ধ সদৃশ পৰিবেশ! “এক্সন ফটো” লাগে। সম্পাদকে বিছৰা ধৰণৰ দুখনমান ফটো দিবলৈ সক্ষম হোৱা ভাগৱতী “আন্দোলনৰ এক্সন মূহুৰ্ত”ৰ মাজত সোমাই পৰে। আৰু পুলিচৰ লাঠিচার্জৰ মাজত ফটো লৈ থাকোতে হাতত আঘাত পায়। আঘাতপ্রাপ্ত ভাগৱতীৰ ওচৰলৈ চৰকাৰী সহায় লৈ উপায়ুক্তৰ প্ৰতিনিধি আহে। দহ হাজাৰ টকা আগবঢ়াই, প্ৰতিনিধি গৰাকীৰ এটা সংলাপত স্পষ্ট হয়– দহ হাজাৰ টকা আগবঢ়োৱা হৈছে আন্দোলনৰ ফটো নুঠাবলৈ। এই কথা ভাগৱতীৰ ক্ষোভ বাঢ়ে, আন্দোলনৰ “এক্সন ফটো” উঠাবলৈ, আন্দোলনৰ যুদ্ধ সদৃশ পৰিবেশৰ মাজত সোমাই পৰে। আৰু পুলিছৰ গুলিত ঢলি পৰে, মৃত্যু হয়। ফটো উঠাবলৈ “আন্দোলন”ৰ মাজত সোমাই পৰা ষ্টাফ ফটোগ্ৰাফাৰ ভাগৱতী ফটোৰ বিষয় হয়। ষ্টাফ ফটোগ্ৰাফাৰ ভাগৱতী “ৱাইড এংগল”ৰ ফটো হয়।
আমাৰ ধাৰণাত এইটো চিনেমা খনৰ মূল কাহিনী। এই মূল কাহিনীটোৰ সমান্তৰালকৈ আগবঢ়াইছে আন এটা কাহিনী। এই কাহিনীটোত আছে প্ৰেম, প্ৰতাৰণা– নায়ক-নায়িকাৰ, “আন্দোলন”ৰ।

|| ৱাইড এংগল ||--উৎপল মেনা 38দুটা কাহিনীক সমান্তৰাল গতি দিয়াত পৰিচালক সফল। এই সফলতাক চুই গৈছে এক বিফৰতাই। মূল কাহিনীটোক কিছু পৰিমানে নিস্প্ৰভ কৰিছে আন কাহিনীটোৱে। ফটোগ্ৰাফাৰ ভাগৱতীক তল পেলাই “নায়ক”ৰ ঠাই লৈছে আন্দোলনৰ নেতা অংকুৰে। অংকুৰৰ চৰিত্ৰটোত অভিনয় কৰা অভিনেতা গৰাকীৰ অভিনয় অৱশ্যেই ৰূপালী গল্পটোৰ সৌন্দৰ্য।
এই “দোষ”ৰ লগতে চিনেমা খনৰ কাহিনীৰ গতিত বাধা হোৱা আন এটা দিশ– ফ্লেছবেক প্ৰয়োগ। কাহিনী ফ্লেছবেকত কবলৈ গৈ চিনে সৌন্দৰ্য হ্ৰাস কৰিছে। চিনেমাৰ আৰম্ভণীতে “অসম আন্দোলনৰ ((১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলনৰ) ছবি”। পৰ্দাত স্পষ্ট কৰি দিয়া হৈছে কাহিনী ১৯৮৩ চনৰ। আৰম্ভনীতে “পটভূমি–সময়”ৰ সৈতে গতি কৰা কাহিনীক ফ্লেছবেকেৰে উজুটি খুৱাই চিনে সৌন্দৰ্য হৃাস কৰিছে। পৰিচালকে “পটভূমি” স্পষ্ট কৰাত আৰু পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছিল। তেনেদৰে কাহিনীৰ গতিত “চৰিত্ৰ নিৰ্মাণ”তো পৰিশ্ৰমৰ প্ৰয়োজন আছিল। উদাহৰণ– কাহিনীৰ শেষৰ ফালে হঠাতে পৰ্দালৈ অহা দুগৰাকী ফটোগ্ৰাফাৰ।
আৰু কিছু ত্ৰুটি আছে– শব্দ প্ৰয়োগ, অন্যান্য কাৰিকৰী। –এই ত্ৰুটিৰ কথা মনত ৰাখিয়ো ক’ব পাৰি কাহিনীৰ বাবে “অসমীয়া কথাছবি চোৱা” দৰ্শকে চিনেমা খন চাব পাৰে!
চিনেমা খনৰ ভাল লগা দিশ বা ইতিবাচক দিশ– অভিনয়। মন চুই যোৱা, চিনে সৌন্দৰ্যলৈ ৰূপান্তৰ হোৱা অভিনয়– জ্বলি লস্কৰ আৰু অৰ্পনা দত্ত চৌধুৰীৰ। পবিত্ৰ বৰুৱা, জেবতন বৰুৱা আদিক লৈ নিৰ্মাণ কৰা চৰিত্ৰ কেইটাও পৰিপাটি। এই খিনিতে ক’ব পাৰি ক্ষন্তেক সময় পৰ্দাত থকা জুবিন গাৰ্গক লৈ নিৰ্মাণ কৰা “চৰিত্ৰ”টো গুৰুত্ব দি “বজাৰ চিন্তা”ৰ বাট আছিল। অভিনয়ৰ লগতে গীতো চিনেমা খনৰ সৌন্দৰ্য।

]]>
https://rupaliparda.com/archives/30030/feed 0 30030
দ্য লাষ্ট অ’নাৰ – এক অন্য জীৱনৰ উপস্থাপন https://rupaliparda.com/archives/30001 https://rupaliparda.com/archives/30001#respond Tue, 05 Mar 2024 07:28:26 +0000 https://rupaliparda.com/?p=30001 “দীর্ঘদিন ধৰি কেতিয়াবা কষ্টিউম ডিজাইনাৰ হিচাপে, কেতিয়াবা মুখ্য সহকাৰী পৰিচালক হিচাপে আৰু কেতিয়াবা প্ৰযোজক হিচাপে অসমীয়া চলচিত্ৰৰ সৈতে জড়িত হৈ আছিলোঁ। প্রথমবাৰৰ বাবে নিজাকৈ এখন চলচিত্ৰ পৰিচালনা কৰাৰ পাছত সেইখন চলচ্চিত্রই ঢাকাৰ দৰে সন্মানীয় এক মহোৎসৱত বিশ্ব চলচিত্র শিতানত প্রদর্শিত হোৱাৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰটোৱে আছিল মোৰ বাবে অতি প্ৰেৰণাদায়ক।” ‘দ্য লাষ্ট অ’নাৰ’ চিনেমাখনৰ পৰিচালক ৰ’জি বৰাই এই প্ৰতিবেদকৰ সৈতে হোৱা বাৰ্তালাপত কয়।

দ্য লাষ্ট অ’নাৰ - এক অন্য জীৱনৰ উপস্থাপন 41

এগৰাকী চণ্ডালৰ জীৱন সংগ্ৰাম, সমাজ ব্যৱস্থাত চণ্ডালৰ অৱস্থান, ক’ভিড অতিমাৰীৰ সময়ত সন্মূখীন হোৱা সমস্যাক উপস্থাপন কৰা হৈছে দ্য লাষ্ট অ’নাৰ চিনেমাখনত। সম্পূৰ্ণ কাহিনীটোত মানৱীয় মূল্যবোধৰ ভিন্ন স্বৰূপসমূহ দেখুৱাবলৈ চেষ্টা কৰা হৈছে। চিনেমাখনৰ কাহিনী জিতুমণি বৰাৰ আৰু চিত্ৰনাট্য কুশল কুমাৰ গগৈ। প্ৰযোজনা মৃণাল বিন কুটুবৰ, সংগীত ০ সৌৰভ মহন্তৰ, শব্দ সংমিশ্ৰণ আৰু ডিজাইন দেবজিৎ চাংমাই আৰু অমৃত প্ৰীতমৰ।

জিতুমণি বৰাই কয়, “ক’ভিডৰ সময়ত চিকিৎসক, অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত সকলে যথেষ্ট সাহসিকতাৰে ৰাইজৰ সেৱা কৰিছিল। অৱশ্যে সেইসময়ত চণ্ডালসকলেও যথেষ্ট ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছিল আৰু আমি সেই দিশটোও এই চিনেমাখনৰ জৰিয়তে উপস্থাপন কৰিবলৈ বিচাৰিছোঁ।

দ্য লাষ্ট অ’নাৰ চিনেমাখন ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ লগতে চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে। লেকচিটী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ চিনেমাখনত কৰা অভিনয়ৰ বাবে প্ৰয়াস ফুকনে শ্ৰেষ্ঠ অভিনেতা, ৰতন শীল শৰ্মাই শ্ৰেষ্ঠ সম্পাদনা আৰু চিনেমাখনে শ্ৰেষ্ঠ চলচিত্ৰৰ সন্মান লাভ কৰিছে।

ৰ’জি বৰাই কয়, “চিনেমাখনৰ বাবে আমি চণ্ডালসকলে জীৱন সংগ্ৰামক ওচৰৰ পৰা দেখা পাইছিলোঁ আৰু তেওঁলোকৰ জীৱন সংগ্ৰামখনক চিনেমাখনত শুদ্ধ ৰূপত দেখুৱাবলৈ যত্ন কৰিছোঁ। মই অনুভৱ কৰোঁ যে তেওঁলোকৰ সৈতে কথা পাতিলে বৰ্তমানৰ সমাজ জীৱন তথা মানৱ জীৱনৰ বিভিন্ন নেদেখা দিশ উন্মোচন হয়। তেনে কিছুমান সৰু সৰু দিশ চিনেমাখনত অন্তৰ্ভুক্ত কৰা হৈছে। দৰ্শকে চিনেমাখন চাই ভাল পাব বুলি আশা কৰিলোঁ।”

এই বছৰৰ শেষৰ ফাললৈ চিনেমাখনে মুক্তি লাভ কৰিব।

দ্য লাষ্ট অ’নাৰ - এক অন্য জীৱনৰ উপস্থাপন 42

 

]]>
https://rupaliparda.com/archives/30001/feed 0 30001
সংগীত নাটক অকাদেমী বঁটা ঘোষণা https://rupaliparda.com/archives/29997 https://rupaliparda.com/archives/29997#respond Wed, 28 Feb 2024 10:37:56 +0000 https://rupaliparda.com/?p=29997 ঘোষণা কৰা হ’ল সংগীত নাটক অকাদেমী ২০২২- ২৩ বৰ্ষৰ বটা সমূহ। অসমৰ বহু কেইগৰাকী সাংস্কৃতিক সাধকে এই সন্মান লাভ কৰিছে।

বিশিষ্ট নাট্যকাৰ দুলাল ৰয়লৈ সংগীত নাটক অকাদেমী ফেল’ৰ সন্মান প্ৰদান কৰা হৈছে । ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা উত্তীৰ্ণ প্ৰথমগৰাকী অসমীয়া স্নাতক  দুলাল ৰয় হৈছে সংগীত নাটক অকাদেমী ফেল’ সন্মান লাভ কৰা চতুৰ্থগৰাকী অসমীয়া।

পৰিৱেশ্য কলাৰ ক্ষেত্ৰত অৱদানৰ বাবে লক্ষহীৰা দাসলৈ ২০২২ বৰ্ষৰ সংগীত নাটক অকাদেমী বঁটা আগবঢ়োৱা হৈছে।

সত্ৰীয়া নৃত্যত ভৱেন বৰবায়নলৈ ২০২৩ বৰ্ষৰ সংগীত নাটক অকাদেমী বঁটাৰ সন্মান প্ৰদান কৰা হৈছে। অংকীয়া ভাওনাৰ বাবে কৰুণা বৰালৈ ২০২২ বৰ্ষৰ সংগীত নাটক অকাদেমী বঁটা আৰু ২০২২বৰ্ষৰ বাবে সত্ৰীয়া নৃত্যত গোবিন্দ শইকীয়ালৈ এই বঁটা প্ৰদান কৰা হৈছে। পৰিচালনাৰ বাবে গুণাকৰ দেৱ গোস্বামীলৈ ২০২২ বৰ্ষৰ সংগীত নাটক অকাদেমী বঁটা ঘোষণা।২০২৩ বৰ্ষৰ বাবে লোকসংগীতত তৰাৱতী বড়িলৈ সংগীত নাটক অকাদেমী বঁটা ঘোষণা ।

 পুতলা থিয়েটাৰৰ শিল্পী বিনীতা দেৱীলৈ, সত্ৰীয়া নৃত্যত ডিম্পী বৈশ্যলৈ, সত্ৰীয়া নৃত্যত মুকুন্দ শ‌ইকীয়ালৈ, মুকাভিনয়ত মুকুন্দ নাথলৈ আৰু  কথক নৃত্যত মেঘৰঞ্জনী মেধিলৈ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে ।

উল্লেখযোগ্য যে, দেশৰ ৯২ গৰাকী শিল্পীলৈ আগবঢ়োৱা হৈছে ২০২২-২৩ চনৰ সংগীত নাটক অকাদেমী বঁটাসমূহ।

]]>
https://rupaliparda.com/archives/29997/feed 0 29997
বৰুৱাৰ সংসাৰ: উৎপল বৰপূজাৰীৰ “তথ্য-চিনেমা” –উৎপল মেনা https://rupaliparda.com/archives/29993 https://rupaliparda.com/archives/29993#respond Wed, 28 Feb 2024 09:39:34 +0000 https://rupaliparda.com/?p=29993 মন-মগজুত খোপনি পুটি থকা বা সাচি ৰখা কেইবা খনো অসমীয়া চিনেমাৰ টুকুৰা, সংলাপৰ টুকুৰা, চিৰসেউজ গীতৰ টুকুৰা পৰ্দালৈ আহিছিল। নষ্টালজিক হৈছিলোঁ, চিনে আনন্দ অনুভৱ কৰিছিলোঁ। কেমেৰা পেন কৰিছিল কংক্ৰিট মহানগৰীৰৰ সৰু-বৰ অট্টালিকাৰ ওপৰেৰে, আৰু ৰৈ গৈছিল এটা বিশেষ ঘৰত। মহানগৰীৰ লো-চিমেণ্টৰ ঘৰৰ মাজত “বিশেষ ভাৱে ঠিয়”হৈ থকা ইকৰা-মাটিৰে সজা “বিশেষ” ঘৰটোত। –আমি যে এই চৰ্চাৰ আৰম্ভনীতে চিনেমাৰ টুকুৰাৰ কথা উল্লেখ কৰিছোঁ, চিনেমাৰ টুকুৰা কেইটাৰ এই ঘৰটোৰ সৈতে সম্পৰ্ক আছে।
–কেনে ধৰণৰ সম্পৰ্ক?
–ঘৰটোতে চিনেচিন্তা কৰিছিল, নিৰ্মাণ কৰিছিল ৩০ খনকৈ অসমীয়া চিনেমা।
–কোনে?
–ঘৰটোৰেৈ বাসিন্দাই। চিত্ৰনাট্য লিখিছিল, পৰিচালনা কৰিছিল, সংগীত কৰিছিল, অভিনয় কৰিছিল, গীত গাইছিল।
–চিনেমা আৰু সংগীততে শেষ নাছিল। খেলৰ সৈতেও সম্পৰ্ক আছিল “ঘৰ”টোৰ। এগৰাকী বাসিন্দা আছিল ভাল ক্ৰিকেটাৰ। ৰঞ্জি ট্ৰফি খেলিছিল। আন এগৰাকী আছিল ভাল ফুটবল খেলুৱৈ। এই খেল-প্ৰীতি, খেল-সম্পৰ্কৰ বাবেই ঘৰটোলৈ আহিছিল দেশৰ আগ শাৰীৰ কেইবা গৰাকীও খেলুৱৈ। ঘৰটোৰ সম্মুখৰ বাৰান্দাত দুখন কাঠৰ বেঞ্চ আছে। সেই বেঞ্চত বহি ৰাতি দুপৰলৈ আড্ডা দিছিল।
–কেমেৰা ঘৰটোৰ ভিতৰলৈ সোমাইছিল। সুন্দৰ, পৰিপাটি। ডিজাইন কৰোটা জন যে চৌখিন আছিল সন্দেহ নাই। ডিজাইন কৰিছিল, লতাশিল খেল পথাৰৰ পৰা দেখা বলিউডৰ চিনেমাৰ চেট যেন লগা ঘৰটো সাজিছিল চন্দ্ৰধৰ বৰুৱাই। ঘৰটোৰ দুৱাৰ মুকলি কৰিছিল ১১ নৱেম্বৰ ১৯২৩ -ত। ১১ নৱেম্বৰ ২০২২-ত ১০০ বছৰ সম্পূৰ্ণ হ’ল ঘৰটোৰ।
–১০০ বছৰীয়া এই ঘৰটোক বিষয় বস্তু হিচাবে লৈয়ে নিৰ্মাণ কৰিছে “বৰুৱাৰ সংসাৰ” তথ্যচিত্ৰ খন। গোৱাত অনুষ্ঠিত ভাৰতৰ ৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ‘ইণ্ডিয়ান পেনোৰামা’ শাখাত ইতিমধ্যে প্ৰদৰ্শিত তথ্যচিত্ৰ খনৰ চিত্ৰনাট্য-পৰিচালনা উৎপল বৰপূজাৰীৰ। ১ঘণ্টা ১০ মিনিটত লেখক-পৰিচালক গৰাকীয়ে ঘৰটোৰ লগতে ঘৰটোত বা ঘৰটোৰ পৰা হোৱা চিনেকৰ্মৰ ইতিহাস আমাক দেখুৱাইছে আমনি নোপোৱাকৈ। কেৱল তথ্যৰ বাবে তথ্যচিত্ৰ পৰ্যায়ত ৰখা নাই, কেমেৰা ডিজাইন আৰু পৰিপাটি সম্পাদনাৰে “বৰুৱাৰ সংসাৰ” -ক উপভোগ্য “তথ্য-চিনেমা”লৈ ৰূপান্তৰ কৰিছে। এই খিনিত ক’বলৈ মন গ’ল পৰিচালক গৰাকীৰ প্ৰতিটো চিনেকৰ্মৰে প্ৰথম চমক– বিষয়বস্তু নিৰ্বাচন আৰু কেমেৰা ডিজাইন।
(পূৰ্বে চাইছিলোঁ উৎপল বৰপূজাৰীৰ তথ্যচিত্ৰ “মাস্ক আর্ট অব মাজুলী”। এই প্ৰজন্মক, উত্তৰ পুৰুষক গৱেষণাত সহায় কৰিব পৰা তথ্যচিত্ৰ। এই একে ধৰণৰ সহায় কৰিব “বৰুৱাৰ সংসাৰে”-ও। এই তথ্যচিত্ৰ খন অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশ-বিদেশত প্ৰদৰ্শনৰ প্রয়োজনীয়তা অনুভৱ কৰিছোঁ। ঠাউকতে পাব পৰাকৈ কোনো OTT প্লেটফর্মত দিলেও বিশেষকৈ চিনেমা চৰ্চা কৰা সকল উপকৃত হ’ব। আৰু এটা কথা– অসম চৰকাৰৰ নিৰ্দিষ্ট বিভাগে অসমৰ বিদ্যালয়, মহাবিদ্যালয়ত “বিশেষ” অসমীয়া চিনেমা দেখুৱাই বুলি শুনিছিলোঁ। আমাৰ ধাৰণাত “বৰুৱাৰ সংসাৰ”ও “বিশেষ”। অসমৰ প্ৰতিখন শিক্ষানুষ্ঠানত প্ৰদৰ্শন কৰিব পাৰে।)
–এতিয়া আহিছোঁ, ঘৰটোৰ বাসিন্দা কেইগৰাকীৰ প্ৰসংগলৈ। লতাশিল খেল পথাৰৰ পূব দিশত থকা চন্দ্ৰনাথ বৰুৱাই সজোৱা সুদৃশ্য অসম আৰ্হিৰ ঘৰটো সাংস্কৃতিক মন্দিৰলৈ ৰূপান্তৰ কৰিছিল পত্নী জোনপ্ৰভাই। সংগীত-চিনে চৰ্চা কৰিছিল তেওলোকৰ সন্তান– পদ্মাৱতী বৰুৱা (ছোৱালী), দ্বৈত্যেন বৰুৱা, দ্বিজেন বৰুৱা, ব্ৰজেন বৰুৱা, ৰম্ভা বৰুৱা ( ছোৱালী), নৃপেন(নীপ) বৰুৱা, দ্বিবন বৰুৱা, গিৰীণ বৰুৱা, প্ৰতিভা বৰুৱা (ছোৱালী), ৰমেন বৰুৱা, বিভা বৰুৱা (ছোৱালী), নীৰেন বৰুৱা, দ্বিপেন বৰুৱাই। সংগীত, অভিনয়ৰ সৈতে জড়িত আছিল প্ৰতি গৰাকী। পাছৰ সময় চোৱাত আন বাটেৰেও বাট বুলিছিল।বিষয়বস্তু “বিশেষ ঘৰ”টো যদিও ঘৰটোৰ বাসিন্দা, ঘৰটোত হোৱ সৃষ্টি কৰ্মক কম দৈৰ্ঘতে স্পষ্ট কৰি গৈছে পৰিচালকে।
তথ্যচিত্ৰ খন সাংস্কৃতিক অনুষ্ঠান সূৰ্য্য আৰু জেমিনী ফুকন প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰিছে নয়ন প্ৰসাদ, জেমিনী ফুকন আৰু দিব্যজ্যোতি চহৰীয়াই। মুখ্য সহ পৰিচালক ভাস্কৰজ্যোতি দাস, চিনেমাটোগ্ৰাফ ঋতুৰাজ শিৱমৰ, সম্পাদক কৰিছে ঝুলনকৃষ্ণ মহন্তই, চাউণ্ড ডিজাইনাৰ আৰু মিক্সিং ইঞ্জিনীয়াৰ দেৱজিৎ গায়ন আৰু গৱেষক তথা সহকাৰী পৰিচালক মনস্বিনী মহন্ত।

]]>
https://rupaliparda.com/archives/29993/feed 0 29993
ছায়া ছবি -৩, লাইভ মিউজিক আৰু অনন্য অনুভৱ https://rupaliparda.com/archives/29971 https://rupaliparda.com/archives/29971#respond Mon, 26 Feb 2024 06:32:35 +0000 https://rupaliparda.com/?p=29971 ৰূপম ভূঞাৰ ছবি প্ৰডাকশ্যনে যোৱা তিনিবছৰে ছায়া ছবি প্ৰকল্পৰ জৰিয়তে সংগীতৰ এক অনন্য অনুভৱ শ্ৰোতা-দৰ্শকক প্ৰদান কৰিবলৈ চেষ্টা কৰি আহিছে। কেইদিনমানৰ আগত মুক্তি লাভ কৰিছে ছায়া ছবি -৩য়ে।

ৰূপম ভূঞাই এই প্ৰতিৱেদকক জনায় যে মনশ্ৰী বৰুৱাৰ স্মৃতিত এই ছায়া ছবি প্ৰকল্প গ্ৰহণ কৰা হৈছিল। তেওঁ কয়, “আমি প্ৰতিবছৰে চাৰিটাকৈ গীত মুকলি কৰি আহিছোঁ। ইয়াৰে দুটা গান নতুন গায়ক-গায়িকাৰ কণ্ঠত থাকে আৰু দুটা গান চিনাকী শিল্পীয়ে কণ্ঠদান কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই প্ৰকল্পটোৰ ভিডিঅ’ আৰু অডিঅ’ লাইভ ৰেকৰ্ডিং কৰা হয়।” লাইভ ৰেকৰ্ডিং কিয় কৰা হয় বুলি সোধাৰ উত্তৰত ভূঞাই কয়, “পূৰ্বতে সংগীত লাইভ ৰেকৰ্ডিং কৰা হৈছিল, সেই অভিজ্ঞতাক নৱপ্ৰজন্মৰ বাবে জীৱন্ত কৰি ৰখাৰ এয়া এক প্ৰয়াস। পূৰ্বতে ৰেডিঅ’ত এনেধৰণেৰেই গীত বাণীবদ্ধ কৰা হৈছিল, কোনোবাই বজাব, কোনোবাই গাব আৰু মানুহে শুনিব। ছায়া ছবিও তেনে এক সৰল ব্যৱস্থা মাত্ৰ।” ৰূপম ভূঞাই কয় যে ছায়া ছবি প্ৰকল্প অতি কমেও ২০টা খণ্ড  মুক্তি দিয়াৰ লক্ষ্য গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে প্ৰকল্পটোৰ সৈতে জড়িতসকলৰ বেছিভাগেই কোনো আৰ্থিক মাননি অবিহনে প্ৰকল্পটোক সফল কৰি তোলাত অংশ লৈছে।ছায়া ছবি -৩, লাইভ মিউজিক আৰু অনন্য অনুভৱ 46

ছায়া ছবি -৩ৰ  চিত্ৰগ্ৰহণ আৰু লাইভ ৰেকৰ্ডিং কৰা হৈছে ৰাণীৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত।

প্ৰকল্পটোত সেন্দুৰ শীৰ্ষক গীতটিত কণ্ঠদান কৰা জনপ্ৰিয় শিল্পী পম্পী গগৈয়ে কয়, “ছায়া ছবিৰ সৈতে জড়িত হ’বলৈ পোৱাটো মোৰ সৌভাগ্য। এই প্ৰকল্পটোৱে মোক এক সুন্দৰ অভিজ্ঞতাৰে সমৃদ্ধ কৰিলে আৰু মোৰ গীতটোৰ কথাখিনিও যথেষ্ট হৃদয়স্পৰ্শী।” তেওঁ কয়, “ নতুন সকলক এখন মঞ্চ প্ৰদান কৰাৰ বাবে ছায়া ছবিৰ  প্ৰচেষ্টাত ৰূপম ভূঞা সফল হওক।”

ছায়া ছবি -৩, লাইভ মিউজিক আৰু অনন্য অনুভৱ 47

পম্পী গগৈৰ লগতে ছায়া ছবিত কণ্ঠদান কৰিছে মৈত্ৰেয়ী পাটৰ, জ্যোতিস্মিতা বৈশ্য আৰু প্ৰিয়ংকা চহৰীয়াই। গীতসমূহৰ কথা ক্ৰমে শৈলেন দাস, মৈত্ৰেয়ী পাটৰ, পাপলু চেতিয়া আৰু প্ৰিয়ংকা চহৰীয়াৰ। গীতসমূহৰ সুৰ ৰূপম ভূঞা, মৈত্ৰেয়ী পাটৰ, প্ৰিয়ংকা চহৰীয়া, জিম অংকন ডেকাৰ।ছায়া ছবি -৩, লাইভ মিউজিক আৰু অনন্য অনুভৱ 48

বাদ্যযন্ত্ৰ শিল্পীসকল হৈছে ৰাকেশ বড়ো, জিম অংকন ডেকা, ৰূপম কলিতা। লাইভ ছাউণ্ড কৌশিক শইকীয়াৰ। চিত্ৰগ্ৰহণ কৰিছে জিণ্টুমণি কলিতা, জ্যোতি প্ৰকাশ ৰাভা, নিলোৎপল হাজৰিকাই।

]]>
https://rupaliparda.com/archives/29971/feed 0 29971