Television – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Fri, 24 Sep 2021 07:08:39 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Television – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ||ৰাফ cut : আজি আব্দুল মজিদৰ মৃত্যু তিথি||– উৎপল মেনা https://rupaliparda.com/archives/28474 https://rupaliparda.com/archives/28474#respond Fri, 24 Sep 2021 07:07:44 +0000 https://rupaliparda.com/?p=28474 আব্দুল মজিদ । প্ৰথম দৃষ্টিত অসমীয়া চিনেমাৰ — খলনায়ক । আমি যি সময়ত চিনেমা চাবলৈ আৰম্ভ কৰিছিলো , সেই সময়ত অভিনেতা গৰাকীক দেখিছিলো ‘ বেয়া মানুহ’ৰ চৰিত্ৰত । সংলাপ কোৱাৰ বিশেষ কৌশল , চেহেৰা – দেহৰ আচৰণৰে ( অভিনয় ) খলনায়কৰ বিশেষ ইমেজ নিৰ্মাণ কৰি লৈছিল । নিৰ্মাণ কৰি লোৱা বুলি কোৱাৰ কাৰণ — একে ইমেজতে ভিন্ন পৰিচালকৰ চিনেমাত , ভিন্ন চৰিতত্ৰত দেখা গৈছিল । এনেদৰেও কব পাৰি — কোনো পৰিচালকে নিৰ্মাণ কৰা এই বিশেষ ইমেজত একাংশ পৰিচালকে আব্দুল মজিদক পচন্দ কৰিছিল । আৰু যেতিয়া ‘ অসমীয়া চিনেমা ‘ জানিবলৈ চেষ্টা কৰিছিলো , তেতিয়া অনুভৱ কৰিছিলো আব্দুল মজিদ চিনেমাৰ নায়ক বা খলনায়ক নাছিল । ( ১৯৮৩ -৮৪ সময় চোৱাত আব্দুল মজিদৰ সৈতে প্ৰথমবাৰ মুখা – মুখী হৈছিলো। সোণাপুৰত । ‘ আজিৰ মানুহ ‘ নামৰ টিভি ধাৰাবাহিক এখনৰ লোকেশ্বনত । ধাৰাবাহিক খনৰ পৰিচালক অধৰ দাসৰ আমন্ত্ৰন জনোৱাত গৈছিলো।কথা প্ৰসংগত যেতিয়া ‘ অসমীয়া চিনেমাৰ শ্ৰেষ্ঠ খলনায়ক ‘ বুলি কৈছিলো অভিনেতা গৰাকী অসন্তুষ্ট হৈছিল । কৈছিল — ‘ মই অভিনেতা । পৰিচালকে চৰিত্ৰটো যেনেদৰে বুজায় , তেনেদৰে অভিনয় কৰিবলৈ চেষ্টা কৰো । তুমিনো মোক ক’ত খলনায়ক দেখিলা ! ‘ ) ভাল অভিনেতা আছিল । কেইবাখনো চিনেমাত খলনায়কৰ চৰিত্ৰত অভিনয় কৰাৰ দৰে আন কেইবাখনো চিনেমাত দৰ্শকক হহুৱাইছে , সহজ – সৰল মানুহৰ , দাম্ভিক মানুহৰ , অভিজাত ভদ্ৰলোকৰ চৰত্ৰতো অভিনয় কৰিছে । সফল অভিনয় ।’ ধৰিলোৱা মই পুলিচৰ চৰিত্ৰত অভিনয় কৰিছো । যদি মোক সচা পুলিচ যেন লাগিছে — সেয়াই সফল অভিনয় । আৰু আমি যে তুমি কোৱাৰ দৰে খলনায়কৰ চৰিত্ৰত অভিনয় কৰো , তেনে চৰিত্ৰৰ সফলতা – বিফলতা নিৰ্ভৰ কৰে দৰ্শকৰ ধাৰণাৰ ওপৰত । আমি যেনেদৰে অভিনয় কৰিছো , তেনে ধাৰণা যদি সৰহ সংখ্যক দৰ্শকে কৰে , তেনেহলে সফল।’ — কথা প্ৰসংগত আব্দুল মজিদে কৈছিল ।

— নাটকৰ মানুহ আব্দুল মজিদে অভিনয় কৰা প্ৰথম খন চিনেমা ‘ ৰঙা পুলিচ ‘ । ‘ৰঙা পুলিচ ‘ৰ শিপা একে নামৰ এখন নাটক । ৰমেশ শৰ্মাৰ নাটক । ‘ ১৯৫৩ চনৰ কথা । সেই সময়ত আমি নাটক কৰো । ইখনৰ পিছত সিখন । যোৰহাটত । সেই সময়তে এটা সাংস্কৃতিক অনুষ্ঠান গঢ়ি উঠে । নাম ৰাখো ‘মিলিত শিল্পী সমাজ’। নাট্যাচাৰ্য্য ইন্দ্ৰেশ্বৰ বৰঠাকুৰে গুৰি ধৰিছিল। সাধাৰণ সম্পাদক আছিল ভুবন ৰঞ্জন বৰঠাকুৰ আৰু সাংস্কৃতিক সম্পাদক আছিলো মই । ‘মিলিত শিল্পী সমাজে’ ৰে নাটক ‘ৰঙা পুলিচ’ । নাটক খন চাবলৈ নিপ বৰুৱা আৰু ব্ৰজেন বৰুৱা গৈছিল । নাটক শেষ হোৱাৰ পিছত আড্ডা । আমি ক’লো — আমিয়ো চিনেমা কৰিম। চৈয়দ আব্দুল মালিকৰ ‘মাটিৰ চাকি’ৰ কাহিনীৰে চিনেমা কৰিম । নিপ বৰুৱাই ক’লে — আপোনালোকে ‘ ৰঙা পুলিচ’ খনেই চিনেমা কৰক । নিপ বৰুৱাই কোৱাৰ দৰে আমি আগবাঢ়িলো । ১৯৫৭ চনত ‘মিলিত শিল্পী চিনে প্ৰডাক্‌চনচ্‌’ নামেৰে কোম্পানী এটা ৰেজিষ্ট্ৰেচন কৰো । আমি ‘মিলিত শিল্পী সমাজে’ সমজুৱা ভাবে কলো টকা সংগ্ৰহ আমি কৰিম । নিৰ্মাণৰ বাবে নিপ বৰুৱাক দায়িত্ব দিব লাগে । অভিনয়ৰ দায়িত্ব মই নিজে লোৱা নাছিলো । নিপ বৰুৱাই কৈছিল — ‘এই চৰিত্ৰটোত তুমি অভিনয় কৰিবা।’ কৰিলো । তেনেদৰেই চিনেমাৰ মাজত সোমালো।’ — আব্দুল মজিদে কৈছিল , সেই প্ৰথম সাক্ষাতত । অভিনেতা গৰাকীয়ে অভিনয় কৰা চিনেমাৰ তালিকাত আছে — সূৰুজ, সেন্দূৰ, উপপথ, এই দেশ মোৰ দেশ, পূজা , বোৱাৰী, সংকল্প, মমতাজ, ভাই ভাই, প্ৰতিদান, এণ্টনী মোৰ নাম, পিতা-পুত্ৰ, জুমন সুমন আদি ।

আব্দুল মজিদৰ দ্বিতীয় পৰিচয় — নাট্যকাৰ । আমাৰ ধাৰণাত ‘ পৰিচাল আব্দুল মজিদ’ৰ আঁৰতে থাকিল দ্বিতীয় পৰিচয় । নাটকৰ দক্ষ পৰিচালক গৰিকীয়ে ‘ মৰম তৃষ্ণা’ (১৯৬৮) ৰে চিনেমা পৰিচালনাত হাত দিছিল । চিনেমা খনত ব্যৱহাৰ কৰা , খগেন মহন্তই গোৱা ‘ দিগদাৰী দিগদাৰী মহা দিগদাৰী, গাড়ীত চাকৰি কৰা মহা দিগদাৰী … ‘ গীতটো বেচ জনপ্ৰিয় হৈছিল । চিনেমা খনৰ তিনিটা গীতত পাৰবীন চুলতানাই আৰু এটা গীতত শ্যামল মিত্ৰই কণ্ঠদান কৰাটো আছিল সেই সময়ৰ চৰ্চিত বিষয় । সংগীত পৰিচালনা কৰিছিল বিবেকানন্দ ভট্টাচাৰ্যই। কিন্তু সংগীতৰ দৰে চৰ্চালৈ নাহিল চিনেমা খনৰ কাহিনী , পৰিচালনা শৈলী ইত্যাদি । ‘ মোৰ প্ৰথম পৰিচালনা দৰ্শকে ভাল নাপালে । সেই সময়ত ভূপেনদাই মোক দেখিলেই মাতিছিল — ‘কিহে ফ্লপ মাষ্টাৰ?’ সেয়া আছিল মৰমৰ মাত । দ্বিতীয় চিনেমা খনৰ সংগীতৰ কাম ভূপেনদাই কৰিছিল । … ‘ — আব্দুল মজিদে কৈছিল । ( কেইমাহ মান ‘ আজিৰ অসম ‘ৰ সম্পাদনা বিভাগত কাম কৰিছিলো । কাকত খনত প্ৰকাশ পোৱা ‘ সাত নম্বৰৰ সন্ধানত ‘ কেন্দ্ৰীক খবৰ এটা পৰিচালক গৰাকীয়ে সহজ ভাবে লব পৰা নাছিল । আৰু মোক খং কৰিছিল । খং কৰাৰ পিছ দিনা পুণৰ পৰিচালক গৰাকীয়ে ফোন কৰি মোৰ সৈতে ৩০ মিনিট মান সময় কথা পাতিছিল । সেই দিন কথা প্ৰসংগত এনেদৰে কৈছিল।) দ্বিতীয় পৰিচালনাৰ নাম — ‘ চামেলী মেমচা’ব ‘ ( ১৯৭৫ ) । চিনেমা খন দৰ্শকে ভাল পাইছিল । শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল । ড° ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল । (২০১৩ চনত গোৱাত অনুষ্ঠিত ৪৪তম ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ “Focus: North East” শাখাতো চিনেমা খন প্ৰদৰ্শিত হৈছিল।) ‘ ভূপেনদাই চিনেমা খনৰ সফলতাৰ খবৰ শুনাৰ পিছত মোক কৈছিল , বিফলতাৰ পিছত সফলতা আহিবয়ে ! সফলতাৰ আশাৰে বিফলতা সদায় মনত ৰাখিব লাগে । সেই দিনা মই বুজিছিলো — ফ্লপ মাষ্টাৰ বুলি ভূপেনদাই মোক মোৰ বিফলতা মনত পেলাই দিছিল। ‘ — আব্দুল মজিদে কৈছিল।

আব্দুল মজিদে পৰিচালনা কৰা আন ৫ খন চিনেমা — বনহংস ( ১৯৭৭/ নিৰোদ চৌধুৰীৰ একে নামৰ উপন্যাসৰ আধাৰত ) , বনজুই (১৯৭৮ ) , পোনাকণ (১৯৮১ ) , উত্তৰ কাল (১৯৯০) আৰু সাত নম্বৰৰ সন্ধানত (২০১৬ / জেহিৰুল হুছেইনৰ একে নামৰ চুটি গল্পৰ আধাৰত ) ।

সংযোজন : আব্দুল মজিদৰ জন্ম ১৯৩১ চনৰ ১৬ নবেম্বৰত , যোৰহাটৰ পুৰণি বালিবাটত । শিক্ষা যোৰহাট মোক্তাৱ স্কুল , যোৰহাট বেজবৰুৱা হাইস্কুল , যোৰহাট গৱৰ্ণমেণ্ট হাইস্কুল আৰু যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত । কৰ্ম স্থান : বিদ্যুৎ পৰিষদ । কায়িক মৃত্যু ২৪ ছেপ্টেম্বৰ , ২০১৭ ত ।
পৰিচালনা কৰা ধাৰাবাহিক আৰু তথ্যচিত্ৰ :
“নামঘৰীয়া”, “অজাগা”, “জোৰ পুৰি হাত”, “দাপোণ” (২টা খণ্ড), “অগ্নিগৰ্ভ”, “হাতোৰা”, “শেগুন পুলি ৰুব কোনে”, “ৰাম-ৰহিম”, “ৰোমন্থন” ইত্যাদি ।

]]>
https://rupaliparda.com/archives/28474/feed 0 28474
|| ৰাফ cut : অদম্য , ববী শৰ্মা বৰুৱা … ||-উৎপল মেনা https://rupaliparda.com/archives/27747 https://rupaliparda.com/archives/27747#respond Sat, 31 Jul 2021 08:08:37 +0000 https://rupaliparda.com/?p=27747 অদম্য ‘ ৰ (২০১৪) ৰ কাহিনী আগবাঢ়ে জুৰি (প্ৰণামী বৰা)ক কেন্দ্ৰ কৰি । বিষয়বস্তু : এইড্‌ছ ৰোগ সমস্যা । কোনো দোষ নাছিল জুৰিৰ । সুন্দৰ সপোন লৈ বিয়াত বহিছিল । গাৱৰ জুৰি চহৰ পাইছিল এগৰাকী অভিযন্তাৰ সৈতে বিয়া হৈ। বিয়াৰ ৬ মাহ পাৰ হয় । জুৰিয়ে জানিব পাৰে — স্বামী এইড্‌ছ ৰোগত আক্ৰান্ত । স্বামীৰ মৃত্যু হয় । সেই সময়ত জুৰি গৰ্ভৱতী । পৰীক্ষা কৰি গৰ্ভৱতী জুৰিৰ দেহতো এইড্‌ছ ৰোগ ধৰা পেলালে চিকিৎসকে । অসহায় অনুভৱ কৰে জুৰিয়ে । স্বামীৰ ঘৰত , মাকৰ ঘৰত ‘ অস্পৃশ্য ‘ হোৱা জুৰিয়ে মাকৰ ঘৰৰ ওচৰতে জুপুৰি এটাত থাকে । আৰু জীৱন যুদ্ধত নামে । এটি কন্যা সন্তানো জন্ম দিয়ে । সন্তানটি এইড্‌ছ ৰোগ মুক্ত । কিন্ত সমাজৰ হীন ব্যৱহাৰৰপৰা সাৰি নাযায় । কন্যাসন্তানটোৰ নাম ৰাখে জোনাক ।জোনাক জুৰিৰ সপোন । ‘ জোনাকৰ পোহৰত ‘সংগ্ৰাম আৰম্ভ কৰে জুৰিয়ে । কাহিনীৰ শেষত দৰ্শকে অনুভৱ কৰে জুৰিৰ জয় । — এয়া স্পষ্ট , পৰিচালকৰ উদ্দেশ্য গল্প কোৱা নহয় ( গল্পটো অবশ্যেই পৰিপাটিকৈ কৈছে । জুৰিৰ মানসিক যন্ত্ৰণা , সংঘৰ্ষ কেমেৰাৰ ভাষাৰে – প্ৰণামি বৰাৰ চেহেৰাৰ ভাষাৰে ‘ গতি ‘ক গুৰুত্ব দি আঁকিছে । চৰিত্ৰটোক কোনো মূহুৰ্ততে অস্বাভাবিক বা ‘ নাটকীয় ‘ আছৰণ কৰিব দিয়া নাই । ) , এইড্‌ছ ৰোগৰ অশুদ্ধ ধাৰণাৰ বিৰুদ্ধে ‘ সমাজ ‘ক সজাগ কৰা । আমাৰ এই ধাৰণা নিশ্চয় শুদ্ধ । আৰু নিশ্চয় কম — পৰিচালক ববী শৰ্মা বৰুৱাৰ এয়া সফল চিনেকৰ্ম ‘অদম্য ‘ । চিনেমাৰ সার্থকতা যান্ত্রিক উপায়ে বাস্তবতাক পুনঃনির্মাণ কৰাৰ মাজত নিহিত। ” Cinemas are a form of visual entertainment . ” — কব পাৰি এই কথা পৰিচালকে , চিত্ৰনাট্যকাৰে ‘ অদম্য ‘ ৰচনাৰ সময়ত মনত ৰাখিছিল । ‘স্থানীয় বজাৰ’ত অসফল চিনেমা খনৰ ‘মহোৎসৱ যাত্ৰা ‘ সুখকৰ । ত্ৰয়োদশ ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চিনেমাৰ (Spiritual film শাখা) বঁটা প্ৰাপ্ত চিনেমা খন পঞ্চদশ ৰেইনবো ফিল্ম ফেষ্টিভেল – লণ্ডন (২০১৪ ) , প্ৰথম আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱ – বাংলাদেশ ( ২০১৪ ) , Cana ফিল্ম ফেষ্টিভেল – ছিংগাপুৰ ( ২০১৪ ) , দ্বাদশ Third Eye এছিয়ান ফিল্ম ফেষ্টিভেল ( ২০১৪ ) , Kala Godha Arts festival (২০১৪ ) , তৃতীয় দিল্লী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (২০১৪ ) , মুম্বাই আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱ ( ২০১৪ ) , চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ( ২০১৪ ) আৰু বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ( ২০১৪ ) ত দেশ – বিদেশৰ চিত্ৰৰসিকক সন্তুষ্ট কৰৰ খবৰ কাকত – আলোচনীত পঢ়িছো । কিন্তু পৰিচালকৰ কষ্ট অধিক সাৰ্থক হ’ল হেতেন , যদিহে অসমৰ বিভিন্ন প্ৰান্তত চিনেমা খন প্ৰদৰ্শন কৰা হ’ল হেতেন ! অসমীয়া চিনেমা খনৰ প্ৰদৰ্শন অসমৰ বিভিন্ন প্ৰান্তত জৰুৰী আছিল । সেই সময়ত , এই সময়তো ।

সংযোজন : পৰিচালক ববী শৰ্মা বৰুৱাই ‘ অদম্য ‘ৰ পূৰ্বে ২০০৬ চনত প্ৰথমটো চিনেকৰ্ম কৰিছিল ।বিষয় : অসমৰ চাহ জনগোষ্ঠী । পৰৱৰ্তী সময়ত “সোণতৰা”, “চহৰৰ গধূলি” আদি গীতৰ দৃশ্য এলবাম , কেইবা খনো তথ্যচিত্ৰ , টিভি ধাৰাভাহিক পৰিচালনা – নিৰ্মাণ কৰে। কোৱা হয় চুটি চিনেমা “ৱেটিং ফৰ এ ক’ল”, “দেউতা এণ্ড মিৰ’ৰ” আদি পৰিচালক গৰাকীৰ চিনেকৰ্মৰ বুনিয়াদ । এই বুনিয়াদত পোন হৈ ক্ৰমে — অদম্য (২০১৪ ), সোণাৰ বৰণ পাখি (২০১৬ ) আৰু য়েছে দৰজে ঠংচিৰ ‘মিচিং’ নামৰ উপন্যাসখনৰ আধাৰত পৰিচালনা কৰে “মিচিং – দ্য এপাৰেশ্যন “। চিনেমা খনে লাভ কৰে শ্ৰেষ্ঠ শ্বেৰদুকপেন ভাষাৰ চিনেমাৰ ” ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ২০১৯ ” । ‘ সোণাৰ বৰণ পাখি ‘য়ে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল লছ এঞ্জেলেচ, ২০১৭ – ত লাভ কৰে শ্ৰেষ্ঠ চিনেমাৰ গ্ৰেণ্ড জুৰী বঁটা । আৰু শ্ৰেষ্ঠ চিনেমাৰ দৰ্শক বঁটা লাভ কৰে ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ – ২০১৭ত । চিনেমা খনৰ বিষয় গোৱালপৰীয়া লোকগীতৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডে ।

]]>
https://rupaliparda.com/archives/27747/feed 0 27747
|| পতনৰ পিছত নক্ষত্ৰ চৰ্চা … || — উৎপল মেনা https://rupaliparda.com/archives/27595 https://rupaliparda.com/archives/27595#respond Fri, 23 Jul 2021 08:00:34 +0000 https://rupaliparda.com/?p=27595 বলিউডৰ ” তৰা ” নাছিল ! – কিন্তু ভালেমান ৰূপালী গল্পৰ পোহৰ তেও ! নক্ষত্ৰৰ দৰে অভিনয় চমক দেখিছো ” তমছ ” , ” মাম্মো ” ( ১৯৯৪ ত চিত্ৰগৃহলৈ অহা চিনেমা খনৰ ফায়াজী চৰিত্ৰটোই মনত সাঁচ বহুৱাই থৈছে । ) , ” ছৰদাৰী বেগম ” , ” জো বোলে চো নিহাল ” , ” মিষ্টাৰ এণ্ড মিচেছ আয়াৰ ” , ” বধাই হো ” আদি চিনেমাত । নাম — সুৰেখা চিক্ৰি । মঞ্চ অভিনেত্ৰী আছিল । অবিভক্ত ভাৰতৰ দিল্লিত ১৯৪৫ চনৰ ১৯ এপ্রিলত জন্ম সুৰখা চিক্ৰিৰ । আলিগড় মুছলিম বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়তে ঠিক কৰিছিল ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত ” অভিনয় ” পঢ়িব । ১৯৭১ চনত এন এছ ডি স্নাতক হোৱাৰ পিছত সুৰেখাই দিল্লীৰ পৰা মুম্বাইলৈ আহিছিল কেবল চিনেমাত অভিনয় কৰিবলৈ । ” নাটক মোৰ প্ৰিয় বিষয় । অভিনয়ৰ ভোক গুচাব পাৰি কেৱল মঞ্চত । কিন্তু এদিন মোক নাটকে আমুৱালে । আর্থিক সমস্যাত পৰিছিলো । আৰু সিদ্ধান্ত লৈছিলো চিনেমাত অভিনয় কৰি আৰ্থিক সমস্যাৰ পৰা মুক্ত হবলৈ চেষ্টা কৰিম ! কম দিনৰ ভিতৰতে চিনেমাত অভিনয়ৰ সুযোগ পাইছিলো । — নাই , নাটক এৰিব পৰা নাছিলো । আৰু মোৰ ভাগ্য ভাল আছিল চিনেমাটো অভিনয়ৰ ভোক গুচাব পৰা চৰিত্ৰত অভিনয়ৰ সুযোগ পাইছিলো । ” — কৈছিল , সুৰেখা চিক্ৰিয়ে । ( সেই দিনটো মোৰ ভালদৰে মনত আছে ! মুম্বাইৰ উপকণ্ঠ চহৰ ডম্বিভলিত ১৯৯৮ চনৰ ডিচেম্বৰৰ এটা শনিবাৰে ” জনমদিনম ” নামৰ মালায়ালাম চিনেমা এখন প্ৰদৰ্শন হৈছিল । — মন কৰিছিলো প্ৰতি শনিবাৰে নিৰ্দিষ্ট সেই চিত্ৰগৃহটোত দক্ষিণ ভাৰতীয় চিনেমা প্ৰদৰ্শন হয় । মাজে মাজে আমিয়ো দৰ্শকৰ আসনত বহো । সেই বিশেষ দিনটোতো বহিছিলো । নিৰ্দিষ্ট সময়ত চিনেমা শেষ হৈছিল । ৰূপালী গল্পটো বুজা নাছিলো । সুৰেখা চিক্ৰিৰ অভিনয় উপভোগ কৰিছিলো । সেইদিনা সুৰেখা চিক্ৰিও উপস্থিত আছিল । আৰু ” দৰ্শক”ৰ প্ৰশ্নৰ উত্তৰত তেনেদৰে কৈছিল । ) প্ৰথম খন চিনেমা — ” কিচ্ছা কুৰ্ছি কা ” । ” The film was a satire on the politics of Indira Gandhi and her son Sanjay Gandhi and was banned by the Indian Government during the Emergency period and all prints were confiscated. ‘ স্বাভাবিকতে চৰ্চাৰ বিষয় হৈছিল । অমৃত নাহতাৰ পৰিচালনা । শাবানা আজমি , ৰাজ কিৰণ , উৎপল দত্ত , ৰেহানা সুলতান আদিৰ লগতে সুৰেখা চিক্ৰিয়ে অভিনয় কৰিছিল । আৰু স্বাভাবিকতে সুৰেখা চিক্ৰিৰ অভিনয়ো চিত্ৰৰসিকৰ চকুত পৰিছিল । ১৯ ৭৮ত আৰম্ভ হোৱা এই চিনেযাত্ৰা ক’ৰ’না সমস্যাৰ বাবে দিবলৈ বাধ্য হোৱা ” লকডাউন “লৈ চলি আছিল । ” লকডাউন “ৰ বাবে চিনেযাত্ৰা স্থিৰ হৈছিল ! আৰ্তনাদ কৰিছিল অভিনেত্ৰী গৰাকীয়ে । আৰ্তনাদ অনুভৱ কৰিছিলো আন কেইবাখনো কাকত – আলোচনীৰ লগতে ” আনন্দ বাজাৰ পত্ৰিকা “ত — ” যদি প্রৌঢ় নেতাৰা কাজ কৰতে পাৰেন, তবে অভিনেতাদেৰ বেলায় নিষেধাজ্ঞা কেন । ” ( ৬৫ ঊর্ধ্বৰ অভিনেতা – অভিনেত্ৰীক কাম কৰাত নিষেধাজ্ঞা জাৰি কৰিছিল মহাৰাষ্ট্র চৰকাৰে। এই সিদ্ধান্ত মানি লব পৰা নাছিল সুৰেখা চিক্ৰিয়ে । ) — চিনেমাৰ কাম নাছিল , নাট্যমঞ্চ বন্ধ হৈছিল । অসহায় অনুভৱ কৰিছিল । আৰ্থিক সমস্যা বাঢ়িছিল । — শৰিৰ ভাল নাছিল , তথাপি কাম কৰি আৰ্থিক চেপাৰ পৰা মুক্ত হবলৈ ইচ্ছা কৰিছিল । — ২০১৯ ত মহাবালেশ্বৰত চিনেমা এখনৰ বাবে শ্বট দি থকা সময়ত সুৰেখা চিক্ৰিৰ ব্রেইন ষ্ট্ৰোক হৈছিল । অভিনয়ৰ পৰা বেছ কিছু দিন আতৰি থাকিবলৈ বাধ্য হৈছিল । সুষ্ট হৈ ব্যস্ত হৈছিল জোয়া আখতাৰৰ ” ঘোষ্ট ষ্টোৰিজ ” । যদি অভিনয়ৰ মাজত থকাৰ সুযোগ পালে হেতেন ! আজি ( ১৬ জুলাই, ২০২১ ) আভিনেত্ৰী গৰাকীৰ মৃত্যুৰ খবৰ চিত্ৰৰসিকে নাপালে হেতেন ! এন ধৰণৰ আৱেগীক চৰ্চাও হৈছে ।

” আনাদী অনন্ত ” , ” ছেলিম লাংডে পে মাদুৰ ৰো ” , ” পৰিণীতি ” , ” নজৰ ” ” ছোটা বুদ্ধ ” , ” জুবেইদা ” , ” দেহম ” আদি চিনেমাতো অভিনয় কৰা সুৰেখা চিক্ৰিয়ে তিনিবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে ( চিনেমা : মাম্মো , তমছ ,বধাই হো ) সন্মানিত হৈছিল । আৰু কেইবাটাও বঁটাৰ লগতে হিন্দী নট্যকৰ্মৰ বাবে সংগীত নাটক অকাডমীৰে সন্মানিত হৈছিল ১৯৮৯ত । সৰু পৰ্দাৰ বাবে কৰা অভিনয়ৰ বাবে ভাৰতীয় টেলিভিচন অকাডেমিৰ বঁটা লাভ কৰিছিল । এক থা ৰাজা এক থানি ৰানী , বালিকা বধু বিশেষ ভাবে চৰ্চিত টি ভি ধাৰাবাহিক । — ধাৰাবাহিক , চিনেমাৰ অভিনয়ৰ কথা মনত ৰাখি কব পাৰি চেহেৰা অভিনয়ৰ অসাধাৰণ প্ৰতিভাৰ আন এক নাম — সুৰেখা চিক্ৰি । কেতিয়াবা ঘৃণা কৰিব পৰা ক্ৰুৰতা , কেতিয়াব মৰমে চুই যাব পৰা মমতা , কেতিয়াবা বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হোৱা আভিজাত্য স্পষ্ট হয় সেই একে চেহেৰাত , সুৰেখা চিক্ৰিৰ সহজ – সৰল চেহেৰাত । ৰূপালী গল্পৰ এই প্ৰতিতো ৰূপেৰেই চিত্ৰৰসিকক চুই গৈছিল সুৰেখা চিক্ৰিয়ে ।

]]>
https://rupaliparda.com/archives/27595/feed 0 27595
“গতানুগতিক কাহিনীৰ অগতানুগতিক উপস্থাপন”- ধ্ৰুৱজ্যোতি কাশ্যপ (স্বাভিমান) https://rupaliparda.com/archives/23348 https://rupaliparda.com/archives/23348#respond Sat, 09 Jan 2021 08:30:38 +0000 https://rupaliparda.com/?p=23348 অসমীয়া ছবি, চুটি ছবি সমূহৰ সমান্তৰালকৈ অসমীয়া কেইবাখনো ধাৰাবাহিকে ইতিমধ্যে দৰ্শকক আমোদ প্ৰদানত সক্ষম হৈছে। ধাৰাবাহিক সমূহৰ কাহিনীৰ জনপ্ৰিয়তা অথবা ইয়াত অন্তৰ্ভূক্ত অভিনেতা-অভিনেত্ৰী সমূহৰ অভিনয়ে এই ধাৰাবাহিক সমূহক আৰু অধিক গ্ৰহণ যোগ্য কৰি তোলাত সক্ষম হৈছে। কেৱল মাত্ৰ ইমানে নহয়; মলয়া গোস্বামী, বৰ্ষাৰাণী বিষয়াকে আৰম্ভ কৰি ৮০- ৯০ দশকৰ পৰা বৰ্তমানলৈ অভিনয় ক্ষেত্ৰখনত ৰাজত্ব কৰা আন কেইবাগৰাকীও অভিনেত্ৰীও এই ধাৰাবাহিকসমূহত কৰা অভিনয়ৰ দ্বাৰা ইয়াক চৰ্চিত কৰি তুলিছে সচেতন মহলত। চলিত মাহৰ ৪ জানুৱাৰী পৰা ৰেঙণি চেনেল যোগে সম্প্ৰচাৰিত ধাৰাবাহিক “স্বাভিমান” য়ে শেহতীয়াকৈ দৰ্শকক বহুল হাৰত আকৰ্ষণ কৰাত সক্ষম হৈছে। ধ্ৰুৱজ্যোতি কাশ্যপৰ দ্বাৰা পৰিচালিত এই ধাৰাবাহিকখনে সম্প্ৰচাৰৰ পিছৰে পৰা জনসাধাৰণৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। নহওঁবনো কিয়? একাদিক্ৰমে দামিনী, নুপূৰ, কাঞ্চন, পৰিণীতা, তোমাৰ মৰমে মোক, দুটি মনৰ জোনাক লগতে বৰ্তমানেও সম্প্ৰচাৰ হৈ থকা ধাৰাবাহিক “নমামি” ৰ লিখক নয়ন সাউদৰ ৰচনাৰে নিৰ্মাণ কৰি উলিওৱা হৈছে এইবাৰৰ “স্বাভিমান”। ৰূপালীপৰ্দাৰ তৰফৰ পৰা ধাৰাবাহিকখনৰ পৰিচালক ধ্ৰুৱজ্যোতি কাশ্যপৰ সৈতে হোৱা এক্সক্লুচিভ কথা-বতৰা যোগে যেতিয়া তেওঁক ধাৰাবাহিকখনত কি নতুনৰ সোঁৱাদ এইবাৰ দৰ্শকে পাব বুলি প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কয় যে,

"গতানুগতিক কাহিনীৰ অগতানুগতিক উপস্থাপন"- ধ্ৰুৱজ্যোতি কাশ্যপ (স্বাভিমান) 12


“আজি আমি যিয়ে কাহিনীক উপস্থাপন নকৰো কিয় সেয়া ক’ৰবাত নহয় ক’ৰবাত গৈ এটা আনটোৰ সৈতে মিলি যায়। আমাৰ ধাৰাবাহিকখনৰ কাহিনীভাগো বৰ বিশেষ এটা কোনেও নেদেখা-নুশুনা কাহিনী বুলি ক’বলৈ মই নাই বিচৰা; ই হৈছে গতানুগতিক একাংশ পৰিয়ালত ঘটি থকা কাহিনীৰ মাজৰেই এটা। কিন্তু, “স্বাভিমান” ৰ ক্ষেত্ৰত লিখক নয়ন সাউদৰ উপস্থাপন শৈলীটো পূৰ্বতকৈ কিছু সুকীয়া হৈছে; তেওঁ মোক পৰিচালনাৰ দিশটো মজবুত কৰিবলৈ যথেষ্ট ঠাই দিবলৈ চেষ্টা কৰিছে। গতিকে, নতুনত্ব বুলি ক’বলৈ গ’লে আমাৰ উপস্থাপন শৈলীটোত এইবাৰ দৰ্শকে নতুনৰ সোঁৱাদ পাব বুলি মই ক’বলৈ বিচাৰিম।” সম্প্ৰতি ক্ৰমাৎ সলনি হৈ অহা প্ৰেম নিবেদনৰ সংজ্ঞা লগতে প্ৰকল্পসমূহৰ সমাপ্তিত থকা নতুনত্বৰ দিশটোলৈ মন কৰি “স্বাভিমান” ৰ কাহিনীয়ে তেনে কিবা গতি ল’ব বুলি কৰা প্ৰশ্নৰ উত্তৰত ধ্ৰুৱজ্যোতিয়ে কয় যে, “আমি প্ৰায়ে টি.আৰ.পি অথবা দৰ্শকৰ সোঁৱাদনুযায়ী কাম কৰিবলৈ চেষ্টা কৰো,আমি এতিয়া ধাৰাবাহিক খন এডাল সমান ৰেখাৰে অংকন কৰি লৈ গৈ আছো ধৰক; কিন্তু ইশ্বৰে নকৰক এই সমান ৰেখাডালৰ মতে যদি কাহিনীভাগে দৰ্শকক সংযোগ কৰিব নোৱাৰে তেতিয়াহ’লে আমি ইয়াক সলনি কৰিবলৈ বাধ্য হ’ম। গতিকে এয়া সময়ৰ সৈতে দেখা যাব পিছলৈ।”


বৰ্ষাৰাণী বিষয়াৰ সৈতে ধাৰাবাহিকখনৰ আন কেইটামান গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিছে ক্ৰমে সুকুমাৰ বৰ্মণ, বিনয় ডেকা, অৰ্ণৱ আয়ান, লিপিকা বৰা মেধি, চান্দনী কাকতিকে ধৰি আন বহুকেইজন ন-পূৰণি শিল্পীয়ে। সুকুমাৰ বৰ্মনৰ দ্বাৰা প্ৰযোজিত এই ধাৰাবাহিক খনৰ শীৰ্ষ গীতত কন্ঠদান কৰিছে দীক্ষু শৰ্মাই; আৱহ সংগীতৰ দায়িত্বত আছে পৰাগ প্ৰিয়ম নাথ। আনহাতে, ইয়াত দৃশ্যগ্ৰহণৰ দায়িত্বত আছে বিপুল দাস।

]]>
https://rupaliparda.com/archives/23348/feed 0 23348
“শিল্পীয়ে লাগিলে মনেৰে আকাশকেই নোচোৱক কিয় ভৰি সদায় মাটিত থকাটো উচিত”- শিল্পীশিখা দেৱী https://rupaliparda.com/archives/21006 https://rupaliparda.com/archives/21006#respond Sat, 10 Oct 2020 08:30:43 +0000 https://rupaliparda.com/?p=21006 অসমীয়া ধাৰাবাহিক সমূহৰ বৰ্তমানৰ জনপ্ৰিয়তা নুই কৰিব নোৱাৰি। “অস্ত আকাশৰ জোন” শীৰ্ষক ধাৰাবাহিকখনৰ বিষয়ে আপোনালোক নিশ্চয় জ্ঞাত। ধাৰাবাহিকখনৰ কাহিনীৰ পৰা আৰম্ভ কৰি ইয়াৰ প্ৰতিটো চৰিত্ৰক লৈ দৰ্শকৰ এক বিশেষ আকৰ্ষণ দেখিবলৈ পোৱা গৈছে। প্ৰণৱ বিবেকৰ পৰিচালনাৰে নিৰ্মিত এই ধাৰাবাহিক খনত দুই ভগ্নীৰ আৱেগ তথা দুই প্ৰেমাস্পদৰ মাজৰ অফুৰন্ত মৰম ভালপোৱাক উপস্থাপন কৰা হৈছে। ইয়াত “আস্থা” শীৰ্ষক চৰিত্ৰটো ৰূপায়ন কৰিছে অভিনেত্ৰী শিল্পীশিখা দেৱীয়ে। এগৰাকী নম্ৰ তথা শিক্ষিত নাৰীৰ চৰিত্ৰৰ মাজেৰে পৰিয়ালৰ সকলোৰে কথা ভাৱি চলা এই আস্থাৰ মাজেৰে কৰা শিল্পীশিখাৰ উপস্থাপন শৈলীয়ে ধাৰাবাহিকখন আৰু অধিক উপভোগ্য কৰি তুলিছে বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। ৰূপালীপৰ্দাৰ সৈতে হোৱা এক্সক্লুচিভ কথা-বতৰা যোগে যেতিয়া শিল্পীশিখাক তেওঁৰ অভিনয় ক্ষেত্ৰত কৰা আৰম্ভণিৰ বিষয় সোধাত তেওঁ কয় যে, “অভিনয় ক্ষেত্ৰখনৰ সৈতে মই প্ৰায় ২০১২-১৩ চন মানৰ পৰাই জড়িত যদিও মনত সদায়েই এনেকুৱা এটা ভাব থাকি যায় যে মই একেবাৰে নতুন। কেৱল এটা মাত্ৰ আশা ৰাখিছো যে, নিজৰ বুলি ভাবি লোৱা এই ক্ষেত্ৰখনত আহিবলগীয়া সময়ত যাতে মোৰ অস্তিত্ব আৰু বহুলভাৱে ৰাখিব পাৰো; কাৰণ মই ভাবোঁ, মানুহে কামেৰে নিজৰ পৰিচয় দিয়াৰ লগতে মনেৰেও দিয়াতো উচিত।” অভিনেত্ৰী গৰাকীৰ পৰা এজন “শিল্পী” ৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয় যে, “এদিন মোক এজন মানুহে মোৰ নামটো সোধাত যেতিয়া ক’লো শিল্পীশিখা বুলি ক’লো, তেতিয়া মানুহ জনে কৈছিল, “শিল্পী তুমি তিনিও কালৰ। অতীত, বৰ্তমান আৰু ভবিষ্যতৰ।”

"শিল্পীয়ে লাগিলে মনেৰে আকাশকেই নোচোৱক কিয় ভৰি সদায় মাটিত থকাটো উচিত"- শিল্পীশিখা দেৱী 13
"শিল্পীয়ে লাগিলে মনেৰে আকাশকেই নোচোৱক কিয় ভৰি সদায় মাটিত থকাটো উচিত"- শিল্পীশিখা দেৱী 14


আগলৈ তেওঁ কয় যে, “সেই কথাষাৰিয়ে মোৰ বুকুখনত খুব দ সাঁঁচ এটা দি গ’ল। লাহে লাহে এই জগত খনত সাঙুৰ খোৱাৰ পিছত বুজিলো সেই কথাষাৰৰ মহত্ব কি আচলতে যে “শিল্পী” হ’লেই নহ’ব; “শিল্পী”ৰ অস্তিত্ব মনত সদায় পুঁহি ৰাখিব লাগিব। নিজক শিল্পী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সকলো পৰিস্থিতিতে সকলোৰে লগত মিলিব পাৰিব লাগিব। সকলোতকৈ গুৰুত্বপূৰ্ণ কথা, “শিল্পী” মানেনো প্ৰকৃততে কি সেইটো বুজিব লাগিব। আৰু মই ভাবোঁ, শিল্পীয়ে লাগিলে মনেৰে আকাশকেই নোচোৱক কিয় ভৰি সদায় মাটিত থকাটো উচিত; মোৰ দৃষ্টিত সেয়াই এগৰাকী শিল্পীৰ ধৰ্ম।” শিল্পীশিখাৰ ধাৰাবাহিকখনত থকা চৰিত্ৰটো তেওঁৰ ব্যক্তিগত জীৱনৰ সৈতে কিমান মিল আছে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “অস্ত আকাশৰ জোন ধাৰাবাহিকত মই ৰূপায়ন কৰা “আস্থা” চৰিত্ৰটো এটা কাল্পনিক চৰিত্ৰ। মোৰ ব্যক্তিগত জীৱনত মই এটা বেলেগ ভূমিকা পালন কৰোঁ। তথাপিও, মই এইটো ক’ব নোৱাৰোঁ যে আস্থাৰ শিল্পীশিখাৰ লগত একেবাৰে মিল নাই; আছে, যথেষ্ট আছে। চৰিত্ৰ টোৰ জৰিয়তে দৰ্শকক এয়াই বুজাবলৈ বিচৰা হৈছে যে প্ৰেমৰ কোনো অন্ত নাই।

"শিল্পীয়ে লাগিলে মনেৰে আকাশকেই নোচোৱক কিয় ভৰি সদায় মাটিত থকাটো উচিত"- শিল্পীশিখা দেৱী 15


য’ত আমি আচলতে প্ৰেম শেষ হোৱা বুলি ভাবোঁ নাইবা শেষ কৰিব বিচাৰোঁ, তাতো আমি নজনাকৈয়ে হয়তো প্ৰেমৰ জন্ম হয়। যাৰ বাবে নিজৰ কাৰণে নাইবা আমাৰ আপোনজনৰ সুখৰ কাৰণে ত্যাগকেই একমাত্ৰ উপায় বুলি লওঁ। কিন্তু টেলিভিছন-স্ক্ৰিনত দেখুওৱাৰ দৰে মানুহৰ জীৱন নহয়। মই এগৰাকী সাধাৰণ নাৰীৰ জীৱন এটা বিচাৰোঁ; জীৱনটোও মোৰ তেনেকুৱাই সাধাৰণ। দুখ কষ্ট সকলোৰে জীৱনত থকাৰ দৰে মোৰো জীৱনত আছে। হেজাৰ কষ্ট, মানুহৰ অৱহেলা নেওঁচি আহিছো এই জীৱনটোত। হয়তো, এতিয়াও বাস্তবৰ লগত যুঁজি আছোঁ মই। মানুহে শুনোৱা নেতিবাচক সমালোচনাৰ পৰা নিজক আঁতৰাই ৰাখিব চেষ্টা কৰিছোঁ। প্ৰতিটো খোজ যেন জীৱনটোত ফুৱাই দিবলগীয়া হয় আঘাত নোপোৱাৰ আশাত। তৎস্বত্বেও হেলাৰঙে ওঁঠত হাঁহি ৰাখি সমস্যা বোৰ উজু কৰিবলৈ চেষ্টা কৰোঁ সদায়; জীৱনটো প্ৰতিদিনে নতুনকৈ আৰম্ভ কৰিবলৈ চাওঁ পৰাপক্ষত। গতিকে ক’ব পাৰি যে, কিছু কিছু ক্ষেত্ৰত ব্যক্তিগত জীৱনৰ শিল্পী জনীৰ সৈতে আস্থাৰ মিল নথকাও নহয়।”

]]>
https://rupaliparda.com/archives/21006/feed 0 21006
The Good Doctor Season 4 teases ‘A World Turned Upside Down’ in its poster https://rupaliparda.com/archives/20571 https://rupaliparda.com/archives/20571#respond Thu, 24 Sep 2020 09:30:59 +0000 https://rupaliparda.com/?p=20571 If you are a fan of the famous medical drama series, ‘The Good Doctor’ then one can say that the wait is over. The series is returning soon with Season 4 after wrapping up with its Season 3 in March this year.

Recently on September 19, the poster for ‘The Good Doctor’ Season 4 has dropped and the excitement of fans has doubled. It questioned, “How do you heal a world turned upside down?” imprinted on the face of series star Freddie Highmore, who plays the role of Dr. Shaun Murphy.

The Good Doctor Season 4 teases ‘A World Turned Upside Down’ in its poster 16

If you haven’t watched the any of the seasons yet, then have a quick read about what the series is all about:

The Good Doctor is an American medical drama television series which is based on the 2013 award-winning South Korean series of the same name. The series stars Freddie Highmore as Shaun Murphy, a young ‘autistic savant’ surgical resident at the fictional San Jose St. Bonaventure Hospital.

The series debuted on September 2017 and received mixed reviews from the critics, with particular praise given to Highmore’s performance, and strong television ratings but criticism for the storylines while the portrayal of autistic divided the critics. The last season, i.e. Season 3 was premiered on September 23, 2019. Later on February 2020, ABC renewed the series for a fourth season which is set to premiere on November 2, 2020.

As for for what has turned the world ‘upside down’ in the world of doctors and patients at St. Bonaventure Hospital, art will reflect real life at the beginning of Season 4. It’s kicking off with a two part premiere, ‘Frontline,’ about the COVID-19 pandemic.

Highmore, Executive Producer David Stone, and others will be participating in a panel as a part of the all-digital New York Comic Con Metaverse (on the New York Comic Con YouTube Channel) from October 8-11. They’ll break down the Season 3 finale, which saw them lose one of their own, Nicholas Gonzalez’s Dr, Neil Melendez, due to the injuries sustained in the earthquake, and give fans a sneak peek into what’s to come.

]]>
https://rupaliparda.com/archives/20571/feed 0 20571
‘The Big Bang Theory’: When Jim Parsons walked away from a whooping amount of $50 Million https://rupaliparda.com/archives/20284 https://rupaliparda.com/archives/20284#respond Wed, 16 Sep 2020 07:34:23 +0000 https://rupaliparda.com/?p=20284 The Big Bang Theory has made a separate fan base over the years and has been one of the most popular shows to ever be on television. With its star casts like Kaley Cuoco, Johnny Galecki and Jim Parson, every episode kept fans thoroughly entertained, and many can agree that the laughs just never stopped.

Revolving around two extremely smart physicists who had trouble with social skills and getting along with people in the outside world, the show ran for 12 long years from 2007-2019, and chances are, fans will be enjoying reruns for years to come. Created by Chuck Lorre and Bill Prady, The Big Bang Theory proved to be an immense hit among the audiences that it became the longest running multi-camera sitcom in the history of television.

Jim Parsons played one of the lead characters on the show, portrayed as Sheldon Cooper, a Ph.D who holds a position at The California Institute of Technoligy. The character was one of the most developed over the time that the show ran, and it is safe to say that he was definitely a fan favorite.

View this post on Instagram

Here we go… @colbertlateshow

A post shared by Jim Parsons (@therealjimparsons) on

But what is this story behind the $50 Million? Well, let’s check it out.

Parsons was born in 1973 and is best known for his work in The Big Bang Theory. The show helped him rise to fame, and he became one of the highest paid actors on television. According to IMDb, Parsons knew for quite some time that he wanted to pursue acting, and he is definitely a natural in front of the cameras, having been nominated for an impressive nine Emmy Awards. He took several small roles in different shows before getting the big break in The Big Bang Theory.

Sheldon, who was portrayed as a blunt, sweet and hilarious made the audience fall in love with him. Parsons had explicitly brought Sheldon into life that the real and reel life characters didn’t seems to have any difference. Sheldon, who was initially shown to be socially awkward with a limited friends, eventually finds his companion, Amy, portrayed by Mayim Bialik. The fans loved Sheldon’s weird and quirky habits, his strict schedules, and often his immature behavior.

Now, since the end of The Big Bang Theory, Parsons has been seen in different roles which are poles apart from his character of Sheldon. And to be honest, he aced in those characters too. According to Collider, he is starring in Netflix’s Broadway adaptation of The Boys in the Band, and we can’t imagine how excited his fans must be. He also starred in the miniseries Hollywood, where he played the role of a talent agent Henry Wilson.

Since the end of the hit sitcom, Parsons has proved what a talented actor he is since the roles he has taken are so different from what his fans are used to seeing in The Big Bang Theory. He can really transform into any character and his work is nothing less than amazing.

Since The Big Bang Theory, Sheldon Cooper has become a household name, but the fans might not know that he walked away from an unimaginable amount of money. Even though the show was set to run for a few more years, according to Vanity Fair, Parsons felt that the time was right to leave, and even the enormous amount of money he was offered couldn’t change his mind. As a result, the show’s cancellation was accelerated, and Parsons has expressed how thankful he is for his role as the very entertaining Sheldon Cooper.

]]>
https://rupaliparda.com/archives/20284/feed 0 20284
“Please bata do, Rasode mein kaun tha?”- Kartik Aaryan joins the bandwagon https://rupaliparda.com/archives/19594 https://rupaliparda.com/archives/19594#respond Wed, 26 Aug 2020 14:30:19 +0000 https://rupaliparda.com/?p=19594 Kartik Aaryan is spending a quality time with his family amid the lockdown and is quite active on social media sites. He tries to keep his fans entertained with his videos and often treats them with his fun pictures or videos on Instagram.

Today, he took to his Instagram handle and posted a throwback picture from one of his photo shoots. But his hilarious caption is something that is catching everyone’s attention here. Joining the bandwagon, even Kartik is asking, “Rasode mein kaun tha?”

Sharing the picture with his fans, Kartik wrote, “Please bata do Rasode mein kaun tha.” Soon after he posted the picture, his fans were quick to drop hilarious comments on the post. Have a look:

https://www.instagram.com/p/CEWGsvgJaeD/?utm_source=ig_web_copy_link

This post is based on a recent video that is trending in the social media site where a social media user posted a mashup video from the serial ‘Saath Nibhaana Sathiya’ where Kokilaben’s character can be seen questioning her daughter-in-law Gopi abput an empty cooker and who put it on the gas without chane. The major highlight of the video is “Rasode mein kaun tha?” the funny video has set the internet on fire as netizens are busy sharing the meme and asking everyone, ‘Rasode mein kaun tha?’

On the work front, Kartik will be next seen with Jahnvi Kapoor in ‘Dostana 2.’

]]>
https://rupaliparda.com/archives/19594/feed 0 19594
Sonakshi Sinha speaks on social media trolling: People are mistaking freedom of speech for freedom to abuse https://rupaliparda.com/archives/19386 https://rupaliparda.com/archives/19386#respond Thu, 20 Aug 2020 08:30:44 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=19386 The Dabanng actress has again spoken against social-media trolling where she hs highlighted how people are mistaking freedom of speech for freedom to abuse, and why democracy is being misused in this aspect.

Sonakshi Sinha speaks on social media trolling: People are mistaking freedom of speech for freedom to abuse 17
Sonakshi Sinha

Sonakshi Sinha has been quite vocal against the cyber bullying and online trolling, so much so that she even deactivated her Twitter account a couple of months ago, and since then, has been associated with various campaigns against the scourge on the internet.

The actress has now again spoken against the social-media trolling in an interview with Pinkvilla, where she has highlighted how the people are mkistaking free speech for the freedom to abuse, and why democracy is being misused in this aspect.

“People feel that by just hiding behind the screen they are anonymous and can say whatever they want to, and in whichever way they want. Definitely, democracy has been misused when it comes to social media and online harassment. People are really taking freedom of speech for granted and mistaking it for freedom to abuse- to which they don’t have a right. That’s why we are trying to create some awareness and what actions can be taken against those who perpetrate it,” said Sonakshi Sinha.

She added, “Yes, I was trolled and bullied even for taking a stand against bullying. People without thinking of anything just go out there and vent their frustration. Especially during the lockdown as people have less to do which is why a lot more negativity and hate are coming out online. Initial thoughts are that it is a battle but it’s definitely one that needs to begin and we need to fight back.”

Earlier, Sonakshi had quit Twitter, followed by a message on Instagram that read, “The first step to protecting your sanity is to stay away from negativity. And nowhere more of that than Twitter these days! Chalo, I’m off- deactivating my account. Bye guys, peace out.”

]]>
https://rupaliparda.com/archives/19386/feed 0 19386
Ankita Lokhande approaches Ekta Kapoor to make Pavitra Rishta 2: A tribute to Sushant Singh Rajput https://rupaliparda.com/archives/18223 https://rupaliparda.com/archives/18223#respond Sat, 18 Jul 2020 10:14:24 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=18223 According to the report of Mumbai Mirror, Ankita Lokhande reportedly approached Indian television producer Ekta Kapoor to make a second season of Pavitra Rishta as a tribute to late actor Sushant Singh Rajput. Pavitra Rishta starred Ankita and Sushant as the lead pair.

Ankita Lokhande approaches Ekta Kapoor to make Pavitra Rishta 2: A tribute to Sushant Singh Rajput 18

Quoting a source, the report said, “The show was close to Sushant’s heart as it gave him the platform to scale new heights and both Ekta and Ankita feel that a new season will be the best tribute to the deceased actor.”

The report also added that Ekta liked the idea and will brainstorm with her writers to see how to take forward with the story. “Ekta has spearheaded several sequels on TV, including Hum Paanch, Kasautii Zindagii Kay and Naagin. It was Ankita who approached Ekta with the idea and since Pavitra Rishta is a special show for her too, she immediately agreed. She will sit with her team of writers and explore how to take the daily soap forward.”

Sushant, who died on June 14th, 2020 has left all his fans and close ones in utter shock and despair. Ankita and Sushant had been in a relationship for 6 years after which they broke up in 2016. While Sushant went on to make his Bollywood debut with Abhishek Kapoor’s Kai Po Che, Ankita continued on television for many years. In 2019, she made her Bollywood debut in Kangkana Ranaut’s Manikarnika and later also starred in Baghi 3.

On July14th, just after a month of Sushant’s demise, Ankita had posted a picture from her prayer room with a lit diya and called Sushant, ‘child of God’.  

https://www.instagram.com/p/CCm2bflBzpN/?utm_source=ig_web_copy_link
]]>
https://rupaliparda.com/archives/18223/feed 0 18223