Web Stream – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Tue, 24 Feb 2026 13:05:26 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Web Stream – Rupaliparda.com https://rupaliparda.com 32 32 163073109 জীত বৰুৱা | ষ্টাৰ হাইলাইট | — উৎপল মেনা https://rupaliparda.com/archives/32889 https://rupaliparda.com/archives/32889#respond Tue, 24 Feb 2026 13:05:26 +0000 https://rupaliparda.com/?p=32889 জীত বৰুৱা | ষ্টাৰ হাইলাইট | -- উৎপল মেনা 3

জীত বৰুৱা– অভিনেতা গৰাকীৰ অভিনয় আগতেও চাইছিলোঁ। অভিনেতা গৰাকীৰ কেইবাটাও “চৰিত্ৰ”ৰ সৈতে পৰিচিত।
অভিনেতা গৰাকীৰ “নাম” আৰু “চৰিত্ৰ”ৰ সৈতে সৰল ৰেখা এডাল টানি দিলে এঞ্জেল হʼপে। এঞ্জেল হʼপ– অভিনেতা গৰাকীৰ পত্নী।
অভিনেতা গৰাকীৰ ঘৰ– হাজোৰ গণেশতোলাত।
অভিনেতা গৰাকীৰ নাম– জীত বৰুৱা।
অভিনয়ৰ পাঠ লৈছে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, চিক্কিম চেণ্টাৰত।
মঞ্চৰ অভিনেতা গৰাকীয়ে অসমীয়া, হিন্দী, বঙালী, ইংৰাজী, নেপালী ভাষাৰ চিনেকৰ্মতো অভিনয় কৰি আহিছে ২০১০ চনৰ পৰা।
চিগাল আৰু গুৱেৰ্নিকা নাট্য-গোষ্ঠীত দীৰ্ঘ সময়ৰ অভিনয়ৰ অভিজ্ঞতা থকা জীতে অভিনয় কৰিছে– অসমীয়া চিনেমা “ৰʼদৰ চিঠি” (পৰিচালক: বাহাৰুল ইছলাম), “চাকনৈয়া” (পৰিচালক: নৱ নাথ), “চাকিৰা আহিব বকুলতলৰ বিহুলৈ” (পৰিচালক: হিমাংশু প্ৰসাদ দাস), “ধম ধমা ধম” (পৰিচালক: মনি সিংহা), “গৰু” (পৰিচালক: হিমাংশু প্ৰসাদ দাস), “শব্দ নিঃশব্দ কোলাহল” (পৰিচালক: ধনজিত দাস), “দ্য চেভেন্থ ষ্ট্ৰিং” (পৰিচালক: বাহাৰুল ইছলাম), “ৰাইনʼ এক্সপ্ৰেছ” (পৰিচালক: মনি সিংহা), “ব্লেক এন হোৱাইট (পৰিচালক: ধনজিত দাস), “গছ কটা মানুহ” (পৰিচালক: প্ৰকাশ ডেকা/ ইংৰাজী “The Woodcutter” -নামেৰেহে এই চিনেমা খন চৰ্চিত।), “নৰা” (পৰিচালক: প্ৰকাশ ডেকা), ৱেভ চিৰিজ আৰু চিনেমা “ৰোমিও ইন জেং”, “মাজৰাতি” আদিৰ লগতে কেইবাখো চুটি চিনেমাতো অভিনয় কৰিছে।
অভিনয় কৰিছে– “আকাশ”, “উচাঁই”, “অপেক্ষা”, “যাত্ৰা”, “জুলিয়াছ চিজাৰ”, “লভিতা”, “মাৰ্চেন্ট অৱ ভেনিচ”, “বীৰত্ব বনাম কাণ্ড জ্ঞান”, “কালভাৰী” আদি নাটকত।

জীত বৰুৱা | ষ্টাৰ হাইলাইট | -- উৎপল মেনা 4
অভিনয় কৰা “চৰিত্ৰ” আৰু জীত বৰুৱাৰ ৰেখাডাল টানি লৈছিলোঁ “নৰা” চোৱাৰ পাছত। সুন্দৰ, স্বাভাৱিক, চুই যোৱা অভিনয়। চিনেমা খন চোৱাৰ পাছত মনলৈ আহিছিল উল্লেখিত নাটক, চিনেমাত জীতে অভিনয় কৰা কেইবাটাও চৰিত্ৰ।
জীতৰ দৰে অভিনেতা সকল সততে আঁৰতে থাকি যায়, চৰ্চাৰ বাহিৰতে ৰৈ যায়। চৰ্চালৈ আহিবলৈয়ো সংঘৰ্ষ কৰিব লগীয়া, অপেক্ষা কৰিব লগীয়া হয়। কাৰণ এনে ধৰণৰ অভিনেতা তথাকথিত গ্লেমাৰৰ বহু দূৰত। অভিনয় শক্তিহে “চৰ্চা”লৈ অহাৰ একমাত্ৰ বাট।
জীতৰ অপেক্ষাৰ অন্ত পৰিল!
চৰ্চালৈ আহিল!
“শব্দ নিঃশব্দ কোলাহল” চিনেমা খনত প্ৰদৰ্শন কৰা অভিনয় শক্তিৰ বাবে লাভ কৰিলে ২০২১ বৰ্ষৰ অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ অভিনেতাৰ শিতানত।
অভিনন্দন জীত…!!

]]>
https://rupaliparda.com/archives/32889/feed 0 32889
The Wait is Over: Special Ops Season 2 Hits Jio Hotstar https://rupaliparda.com/archives/32034 https://rupaliparda.com/archives/32034#respond Sun, 20 Jul 2025 03:41:22 +0000 https://rupaliparda.com/?p=32034 Special Ops Season 2: Kay Kay Menon Returns as Himmat Singh

K.K. Menon
Get ready, action fans—Kay Kay Menon is back! He’s returning as the fearless RAW agent Himmat Singh in the much-awaited Special Ops Season 2. The release was first planned for July 11, but after a slight delay, it’s now all set to premiere on July 18 on Jio Hotstar.

Let’s take a quick look back. The first season, released during the COVID-19 pandemic, became a big hit. It followed Himmat Singh’s 19-year-long mission to catch Ikhlaq Khan, the missing sixth mastermind behind the 2001 Parliament attack. The story began with an investigation into Singh’s work, leading to a thrilling tale full of secrets, betrayal, and danger.

The show also introduced a strong team of agents spread across the globe—from Farooq in Dubai to Juhi in Jordan. Each character had their own backstory, adding depth to the plot. Karan Tacker’s stylish Farooq, Meher Vij’s undercover agent, and Vinay Pathak as the loyal Abbas Sheikh all brought something special to the screen. And who can forget Sajjad Delafrooz’s powerful performance as the villain, Ikhlaq Khan?

The Wait is Over: Special Ops Season 2 Hits Jio Hotstar 6Fans also enjoyed the prequel Special Ops 1.5: The Himmat Story, which gave us a closer look at Himmat Singh’s early life and career.

Now, in Season 2, Himmat and his team are back—but this time, the threat is more modern. They’ll be dealing with cybercrime and artificial intelligence, under the sharp direction of Neeraj Pandey and Shivam Nair.

So mark your calendars and grab your snacks! Special Ops Season 2 is ready to take us on another exciting ride. Let’s support our hero, Himmat Singh, as he tackles the challenges of the digital world.

]]>
https://rupaliparda.com/archives/32034/feed 0 32034
Barun Sobti’s Triumphant Return: “Kohrra” Season 2 Unveiled with Mona Singh – A Powerful Tale of Real Emotions https://rupaliparda.com/archives/30536 https://rupaliparda.com/archives/30536#respond Wed, 28 Aug 2024 11:35:17 +0000 https://rupaliparda.com/?p=30536 Kohrra Set to Return: Season 2 Brings More Mystery and Star Power

Kohrra

The multiple award-winning crime drama series, “Kohrra,” is gearing up for a riveting second season. Set against the backdrop of Punjab, “Kohrra” delves deep into societal complexities. Season 1 received widespread acclaim for its unique mix of crime and emotion, touching the human psyche, and boasting exceptional performances. The gripping narrative captured global audiences, earning over 20 awards, including the Best Series Award in Melbourne and numerous accolades at home for Best Web Series, Best Actor, Best Ensemble, Best Editing, and Best Cinematography.

The upcoming season will see the return of Barun Sobti as the dedicated police officer Garundi. Joining the cast is the highly talented Mona Singh, known for her impactful roles in shows like “Kaala Paani.” Together, they will navigate a new murder mystery intertwined with intricate family dynamics and hidden secrets, set against the evocative, fog-filled landscape of Punjab.

Tanya Bami of Netflix expressed excitement, noting the show’s near-cult following and the eagerness of fans awaiting Season 2. She emphasized the addition of Mona Singh to the cast alongside Barun Sobti, enhancing the show’s appeal. Bami highlighted Sudip Sharma’s multifaceted role this season as showrunner, director, producer, and co-creator, promising an even more compelling continuation of the story.

Co-creator and showrunner Sudip Sharma shared a heartfelt message about the show’s significance to the team. He emphasized their commitment to real, raw, and authentic storytelling, which fans can expect to see in the upcoming season on Netflix.

Directed by Sudip Sharma, the season also sees contributions from Faisal Rahman and is produced by Act Three Productions and Film Squad Productions. This season marks Sudip Sharma’s debut as a producer and director under Act Three Productions.

Stay tuned with Bollywood Hungama for the latest updates on “Kohrra” and more entertainment news.

]]>
https://rupaliparda.com/archives/30536/feed 0 30536
বিচিত্ৰ মানৱ মননৰ প্ৰতিফলন উপস্থাপনেৰে আহি আছে ‘দ্য ক্লিনিক’- https://rupaliparda.com/archives/28628 https://rupaliparda.com/archives/28628#respond Thu, 07 Oct 2021 05:30:00 +0000 https://rupaliparda.com/?p=28628 অসমীয়া এখন নতুন ৱেব চিৰিজ মুক্তিৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে। বৰ্তমান ৱেব চিৰিজ সমূহৰ এক নতুন ঢৌক লৈ আমি উৎসাহিত হৈছো; হলীউড- বলীউডৰ এই ৱেব চিৰিজ সমূহৰ সৈতে ফেৰ মাৰিব পৰাকৈ এতিয়া একোখন অসমীয়া ৱেব চিৰিজৰো নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। সমান্তৰালকৈ, অসমীয়া ৱেব চিৰিজৰ এই দিশটোক পূৰ্বতকৈ আৰু অধিক মজবুত কৰি তুলিবলৈ আহিবলগীয়া সময়ত আন কেইবাখনো ৱেব চিৰিজৰ মুক্তিৰ খবৰ আমি ইতিমধ্যে লাভ কৰিছোঁ। শেহতীয়াকৈ মহুৰত সম্পন্ন হৈছে এখন নতুন ৱেব চিৰিজ ‘দ্য ক্লিনিক’ ৰ। এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিতকৈ ৱেব চিৰিজসমূহৰ গ্ৰহণযোগ্যতা আমি বাৰুকৈয়ে অনুভৱ কৰিছোঁ, বিশেষকৈ এই একোখন ৱেব চিৰিজত একোটা কাহিনীৰ অথবা একোটা নিৰ্দ্দিষ্ট বিষয়বস্তুৰ পুংখানুপুংখ বিৱৰণ থাকে যাৰ বাবে ই জনপ্ৰিয়তাৰ শিখৰত আছে। হিন্দী অথবা ইংৰাজীৰ লগতে এনে কিছুমান উল্লেখনীয় বিষয়বস্তুৰে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখন দৰ্শকৰ বাবে উৎকণ্ঠাৰ বিষয়ে হৈ পৰিছে। ‘দ্য ক্লিনিক’ ৱেব চিৰিজখনটো বহু বিচিত্ৰ মানৱ মননৰ প্ৰতিফলন ঘটোৱা হৈছে। আপোনালোকক আন এক উৎসাহিত হোৱা বিষয় জনাওঁ যে, ময়ূৰ ক্ৰিয়েচনৰ বেনাৰত নিৰ্মিত এই ৱেব চিৰিজখনত আপোনালোকে যুৱপ্ৰজন্মৰ বহুকেইগৰাকী প্ৰতিভাশালী অভিনেতা-অভিনেত্ৰীক উপভোগ কৰিবলৈ সক্ষম হ’ব।

বিচিত্ৰ মানৱ মননৰ প্ৰতিফলন উপস্থাপনেৰে আহি আছে 'দ্য ক্লিনিক'- 7


সমাজৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশৰ উপস্থাপন কৰাৰ লগতে ৱেব চিৰিজখনৰ সংযোজিত কাহিনীভাগৰ জৰিয়তে জনসজাগতা সৃষ্টি কৰিবলৈও চেষ্টা কৰা হৈছে। সমাজৰ একঘেয়ামী দিশটোৰ লগতে কু-সংস্কাৰৰ কিছু আভাস প্ৰদান কৰাৰ উপৰিও মহানগৰীৰ কৰ্পোৰেট কালচাৰ আৰু কাৰ্যালয়ৰ সহকৰ্মীসকলৰ ওপৰত পৰা চাপকো বৰ্ণনা কৰা হৈছে। ৱেব চিৰিজখনৰ খণ্ড অনুসৰি দৰ্শকসকল কাহিনীভাগৰ ভিতৰত আৰু অধিক সোমাই গৈ থাকিব বুলি একাষাৰে কৈ দিব পাৰি। ‘দ্য ক্লিনিক’ ৰ পৰিচালনাৰ দায়িত্বত আছে হিতাৰ্থ বৰাই। ইয়াত অভিনয় কৰিছে ক্ৰমে প্ৰসেনজিৎ বৰা, হিৰণ্য ডেকা, অপৰ্ণা দত্ত চৌধুৰী, উদয়ন দুৱৰা, অৰ্ঘ্যদ্বীপ বৰুৱা, বেদব্ৰত বৰা, বেদান্ত প্ৰকাশ বৰা আৰু হিতাৰ্থ বৰাই। অসমীয়া দুইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ কণ্ঠও এই ৱেব চিৰিজখনত সংযোজন কৰা হৈছে। গীত দুটিত কণ্ঠদান কৰিছে ক্ৰমে শংকুৰাজ কোঁৱৰ আৰু প্ৰবীণ বৰাই। মূলসুঁতিৰ বিষয়বস্তুৰ বহু আঁতৰৰ চিৰিজখন দৰ্শনীয় আৰু নতুন চিন্তাৰ বাহক হ’ব বুলি আশা কৰা হৈছে।

বিচিত্ৰ মানৱ মননৰ প্ৰতিফলন উপস্থাপনেৰে আহি আছে 'দ্য ক্লিনিক'- 8


ৱেব চিৰিজখনৰ বাবে অপেক্ষাৰত হৈ পৰিছে দৰ্শক সমাজ। লগতে, সফলতাৰ কামনা কৰি ৱেব চিৰিজখনৰ সৈতে জড়িত প্ৰতিগৰাকী কলা-কুশলীক জনাইছোঁ আন্তৰিক শুভকামনা।

]]>
https://rupaliparda.com/archives/28628/feed 0 28628
ReelDrama ৰ চিৰিজ ‘মৃত্যুঞ্জয়’ লৈ ৰাইজৰ ইতিবাচক মন্তব্যঃ https://rupaliparda.com/archives/28543 https://rupaliparda.com/archives/28543#respond Thu, 30 Sep 2021 08:30:00 +0000 https://rupaliparda.com/?p=28543 Reeldrama ৰ উল্লেখনীয় প্ৰকল্প ‘মৃত্যুঞ্জয়’ য়ে শেহতীয়াকৈ ইতিবাচক মন্তব্য লাভ কৰিবলৈ সক্ষম হৈছে। ReelDrama ত একোখন সুন্দৰ অসমীয়া ছবিৰ লগতে দৰ্শকে উপভোগ কৰিবলৈ পাব ৱেব চিৰিজ, সংগীত, কৌতুক, কবিতা, ৰন্ধন প্ৰণালী আৰু ভক্তিমূলক অনুষ্ঠান ইত্যাদি। আনহাতে, উক্ত OTT প্লেটফৰ্মটোত শিশুসকলৰ বাবে এক নিৰ্দ্দিষ্ট শাখাও অন্তৰ্ভূক্ত কৰা হৈছে; মুঠতে, সৰ্বাংগসুন্দৰ হৈ জনসাধাৰণৰ মাজলৈ ওলাই আহিছে এই প্লেটফৰ্মটো। ৰাইজৰ মাজতো নতুন কিবা এটা উপভোগ কৰাৰ এক সুন্দৰ ইচ্ছা পৰিলক্ষিত হৈছে। সঁচাকৈ ক’বলৈ গ’লে স্তব্ধতাৰ মাজতো স্তব্ধ নোহোৱাকৈ ৰোৱা মনোৰঞ্জন ক্ষেত্ৰখনত ReelDrama হৈছে আশাৰ ৰেঙণি; য’ত দৰ্শকে লাভ কৰিছে নতুনত্ব। ৯ টা ৰহস্যধৰ্মী হত্যাৰ আঁৰত থকা এটা হত্যাকাৰীক কেন্দ্ৰ কৰি নিৰ্মাণ হোৱা চিৰিজখনে আপ্লুত কৰিছে সকলোকে। ৱেব চিৰিজখনৰ কাহিনীভাগৰ লগতে ইয়াত অভিনীত প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰীৰ সুন্দৰ তথা যথোপযুক্ত অভিনয়ে চিৰিজখনক আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছে ৰাইজৰ মাজত। আমাৰ সমাজখনত ধনাত্মক আৰু ঋণাত্মক এই দুই শক্তিয়ে ক্ৰিয়া কৰি থাকে, আমাৰ মনৰ মাজটো এই দুই শক্তিয়ে বাহৰ পাতি থাকে কিন্তু এই দুই শক্তিৰ মাজৰ কোনবিধে আমাক আগ্ৰাসনত ল’ব পাৰে অথবা কোনবিধ শক্তিক আমি আমাৰ জীৱনত অধিক প্ৰাধান্য দিওঁ, সেই আটাইবোৰ নিৰ্ভৰ কৰে আমাৰ কৰ্মসমূহৰ ওপৰত। এই চিৰিজখনত এনে কিছু কথাক সাঙুৰিয়ে কাহিনীভাগৰ নিৰ্মাণ কৰি উলিওৱা হৈছে।

ReelDrama ৰ চিৰিজ 'মৃত্যুঞ্জয়' লৈ ৰাইজৰ ইতিবাচক মন্তব্যঃ 9


উক্ত চিৰিজখনত অভিনীত জয় কাশ্যপ, উদয়ন দুৱৰা, জ্যোতি নাৰায়ণ নাথ, ভাগৱত প্ৰীতম, ৰঞ্জীৱ লাল বৰুৱা, হিমাংশু গগৈ, ৰিচা ভৰদ্বাজ, ৰূপম শৰ্মা আৰু মধুস্মিতা দিহিঙীয়াই নিজ নিজ চৰিত্ৰসমূহক সুন্দৰভাৱে ৰাইজৰ আগত উপস্থাপনৰ চেষ্টা কৰিছে। বিশেষকৈ,এই ক্ষেত্ৰত আমি জয় কাশ্যপ আৰু উদয়ন দুৱৰাৰ নাম ল’ব লাগিব, এওঁলোক দুয়োগৰাকীৰ মাজত থকা অভিনয়ৰ দক্ষতা চিৰিজখনৰ জৰিয়তে সুন্দৰভাৱে ওলাই পৰিছে। চিৰিজখনৰ আন এক মনোগ্ৰাহী দিশ এয়াও যে ৯ টা হত্যাকাণ্ডৰ কাহিনীৰ ইটোৰ ওপৰত সিটো নিৰ্ভৰশীল। ৱেব চিৰিজ খনৰ সৃষ্টিকৰ্তা হৈছে ৰতনশীল শৰ্মা লগতে পৰিচালনাৰ দায়িত্বত আছে অসমীয়া ধাৰাবাহিক ক্ষেত্ৰখনৰ জনপ্ৰিয় পৰিচালক নানান পাঁচনি। কাহিনীভাগ লিখিছে নয়ন সাউদ আৰু জাহ্নৱী মজুমদাৰে। অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত নতুনৰ সংযোজনে কাকনো উৎসাহিত নকৰে! নহয়নে? অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ জনসাধাৰণৰ মাজত চিনাকী লাভ কৰাটো সঁচাকৈ সকলোৰে বাবে এক গৌৰৱৰ বিষয়। অসমীয়া সাংস্কৃতিক তথা মনোৰঞ্জন ক্ষেত্ৰখনত জনসাধাৰণৰ বাবে একাংশই কৰা প্ৰচেষ্টা তথা প্ৰয়াস নুই কৰিব পৰা নাযায়। বৰ্তমান সময়ছোৱাত মনোৰঞ্জন জৰুৰী হৈ পৰিছে জনসাধাৰণৰ বাবে; হতাশগ্ৰস্ততাই প্ৰভাৱ বিস্তাৰ কৰা একাংশৰ বাবে একমাত্ৰ মনোৰঞ্জনেই হৈছে যিয়ে এজন ব্যক্তিক নিজৰ চিন্তাৰ পৰা কিছু সময় বিৰত ৰাখি আমোদ প্ৰদান কৰিব পাৰে।

ReelDrama ৰ চিৰিজ 'মৃত্যুঞ্জয়' লৈ ৰাইজৰ ইতিবাচক মন্তব্যঃ 10


চিৰিজখনৰ সৈতে জড়িত প্ৰত্যেকগৰাকী কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।

]]>
https://rupaliparda.com/archives/28543/feed 0 28543
কিছু নতুন কাহিনী আৰু নতুন প্ৰকল্পৰে আহি আছে Nexster Studiosঃ https://rupaliparda.com/archives/28470 https://rupaliparda.com/archives/28470#respond Sat, 25 Sep 2021 08:30:00 +0000 https://rupaliparda.com/?p=28470
বৰ্তমান ডিজিটেল যুগ; ডিজিটেলী সক্ৰিয় হ’বলৈ আগবাঢ়িছে এতিয়া প্ৰত্যেকেই। কোনো এটা বিষয়ৰ ওপৰত জ্ঞান লাভ কৰাৰ পৰা আৰম্ভ কৰি টকা অৰ্জন কৰালৈ প্ৰতিটো সময়ত ডিজিটেল মাধ্যমে সহায় কৰি আহিছে। ঠিক তেনেদৰে, সম্প্ৰতি সময়ছোৱাত ডিজিটেল মাধ্যমে অধিক হাৰত জনসাধাৰণক মনোৰঞ্জন প্ৰদানতো সহায় কৰিছে। এতিয়া একোটা ফোনত এখন ছবি, চুটি ছবি অথবা একোখন ৱেব চিৰিজ উপভোগ কৰাৰ ইচ্ছা দৰ্শকৰ মাজত পৰিলক্ষিত হৈছে। ইয়াৰ বাবে শেহতীয়াকৈ বিভিন্ন OTT প্লেটফৰ্মৰ আৰম্ভণি অথবা মুক্তিৰ বিষয়ে আপোনালোকে শুনিছে লগতে ইয়াক গ্ৰহণ কৰি হয়টো বিভিন্ন প্ৰকল্পৰ সোঁৱাদো লৈছে। গতিকে, এনে পৰিপ্ৰেক্ষিততে আমি আপোনালোকলৈ আনিছো আন এক সু-খবৰ; অতিশীঘ্ৰে অসমত মুক্তি লাভ কৰিব Nexster Studios নামে আন এক OTT প্লেটফৰ্ম। এই এপটোত উপলদ্ধ হ’বলগীয়া ছবি, চুটি ছবি অথবা এই ৱেব চিৰিজ সমূহ যে কেৱল অসমবাসীৰ মাজতেই সীমাৱদ্ধ হ’ব আচলতে তেনে নহয়; Nexster Studios নামে এই এপটো বিশ্বৰ বিভিন্ন দিশৰ প্ৰতিভাৰ সৃষ্টিক ইয়াত সাঙুৰি অনাৰ চেষ্টা অব্যাহত ৰাখিছে। মনোৰঞ্জন ক্ষেত্ৰখনৰ উক্ত তিনিটা মাধ্যমৰ সমান্তৰালকৈ এপটোত থাকিব আন বহু মনোৰঞ্জনধৰ্মী প্ৰকল্প; যিটোক লৈ একোজন দৰ্শক ব্যস্ত হ’ব পাৰে।

This image has an empty alt attribute; its file name is WhatsApp-Image-2021-02-07-at-13.30.59-693x1024.jpeg


চলি থকা কাহিনীবোৰৰ পৰা অকণমান ফালৰি কাটি চাচপেন্স, চাইকো’লজি, থ্ৰীলাৰ, ক্ৰাইম, পলিটিকেল, প্লেইন আদি প্ৰতিটো দিশৰ সৈতে জড়িত প্ৰকল্পৰ সোঁৱাদ অসমীয়া মনোৰঞ্জনপ্ৰেমী দৰ্শকে লাভ কৰাৰ লগতে এটা কথা নিশ্চিত হৈ পৰিছে যে আহিবলগীয়া এপটোৰ যোগেৰে দৰ্শকক নিৰাশ কৰা নহ’ব। তেওঁলোকৰ প্ৰকল্প সমূহৰ মাজৰ যদি একাংশৰ আপোনালোকক আভাস দিবলগীয়া হয় তেতিয়াহ’লে ক’ব লাগিব যে তেওঁলোকৰ এখন ৱেব চিৰিজৰ নাম হৈছে “Memories Of an Ant”; যাৰ পৰিচালনা আৰু চিত্ৰনাট্যৰ দায়িত্বত আছে অজিত গিৰি; ইয়াৰ লগতে চন্দ্ৰ মুদৈৰ দ্বাৰা পৰিচালিত “Go Goi” নামে আন এখন ছবিকো অন্তৰ্ভূক্ত কৰা হৈছে এই এপটোত। “Go Goi” ছবিখনত প্ৰেৰণামূলক এটা কাহিনীক সন্নিৱিষ্ট কৰা হৈছে য’ত গগৈ নামে এজন লোকে ক’ৰোণা ভাইৰাছৰ কালছোৱাত নিজৰ পৰিয়ালক লগ দিবলৈ সূদুৰ দক্ষিণ ভাৰতৰ পৰা খোজ কাঢ়ি নিজ পৰিয়ালৰ কাষ পাইহি। এই দুয়োটা প্ৰকল্প ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আৰু অতি সোনকালে ৰাইজৰ মাজলৈ উলিয়াই দিয়া হ’ব প্ৰকল্প দুটাক। ইয়াৰ উপৰিও, Reflected man, শিপা, কলিৱেদ নামে আন কেইবাটাও প্ৰকল্প এপটোৰ যোগেৰে উপভোগ কৰিবলৈ পাব অসমবাসীয়ে।

This image has an empty alt attribute; its file name is WhatsApp-Image-2021-02-07-at-13.30.40-693x1024.jpeg


মনোৰঞ্জন ক্ষেত্ৰখনত শেহতীয়াকৈ দেখিবলৈ পোৱা সলনিটোৱে দৰ্শকক আৰু অধিক টানি নিছে ডিজিটেল মাধ্যমটোলৈ। গতিকে ইয়াত আহিবলগীয়া সময়ত মুক্তি পাবলগীয়া Nexster Studios য়েও যে জনসাধাৰণক আমোদ প্ৰদামত সক্ষম হ’ব তাক লৈ আশাবাদী সকলো।

]]>
https://rupaliparda.com/archives/28470/feed 0 28470
Nktv ত নতুন সংযোজন, সৌৰভ বৈশ্যৰ পৰিচালনাৰে “মামৰ”- https://rupaliparda.com/archives/28281 https://rupaliparda.com/archives/28281#respond Tue, 07 Sep 2021 05:30:00 +0000 https://rupaliparda.com/?p=28281 মনোৰঞ্জন ক্ষেত্ৰখনে অবিৰত ভাৱে দৰ্শকক আমোদ প্ৰদানৰ চেষ্টা অব্যাহত ৰাখিছে। প্ৰতিদিনেই বহু নতুন খবৰৰ সৈতে আগবাঢ়িছে তেওঁলোক, নতুন একোটা বিষয়বস্তুক লৈ নিৰ্মিত একোটা প্ৰকল্পই আমাক উৎসাহিত নকৰাকৈও অৱশ্যে নাই থকা। আমি প্ৰত্যেকগৰাকী ব্যক্তি অপেক্ষাৰত এই নতুন প্ৰকল্প সমূহ উপভোগৰ বাবে, যদিও চিত্ৰগৃহ সমূহত ক’ভিড দুৰ্যোগৰ ফলত স্তব্ধতাই বিৰাজ কৰিছে তথাপিও মনোৰঞ্জন প্ৰদানৰ বাবে অহোপুৰুষাৰ্থ কৰিছে একাংশই। এনেক্ষেত্ৰত নৱপ্ৰজন্মৰ সক্ৰিয়তা আমি একাষাৰে মানি ল’ব লাগিব, তেওঁলোকৰ কনচেপ্ট আৰু বৰ্তমান প্ৰেক্ষাপটৰ সৈতে সংযোজিত একাংশ ঘটনাক কাহিনী আকাৰে সঁজাই এওঁলোকে দৰ্শকৰ আগত উপস্থাপন কৰাটোৱে আচলতে আপ্লুত কৰে প্ৰতিগৰাকী দৰ্শকক। শেহতীয়াকৈ বহুলভাৱে চৰ্চিত ছবি “কাহিনীৰ আঁৰৰ কাহিনী” ৰ পৰিচালক সৌৰভ বৈশ্যৰ পৰিচালনাৰে আপোনালোকৰ মাজলৈ আহিবলৈ সাজু হৈছে এখন নতুন টিভি চিৰিজ “মামৰ”। Nktv ৰ প্ৰযোজনাৰে নিৰ্মিত এই চিৰিজখনৰ নামটোৱেই যথেষ্ট দৰ্শকক উৎকণ্ঠিত কৰিবলৈ সক্ষম হৈছে, চিনাকী মুখবোৰৰ অচিনাকী একোটা চৰিত্ৰৰে “মামৰ” চিৰিজখনৰ কাহিনীভাগক অগ্ৰগতি দিয়া হৈছে। চিৰিজখনৰ সদ্যমুক্তিপ্ৰাপ্ত ট্ৰেইলাৰে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে দৰ্শক সমাজক, আপোনালোক নিশ্চয় অৱগত যে এই গুৱাহাটী মহানগৰ খন বাহিৰৰ পৰা দেখিবলৈ যিমান সুন্দৰ তথা মনোৰম প্ৰাকৃতিক পৰিৱেশেৰে আবৃত, ইয়াৰ ভিতৰচোৱা সিমানেই কৰ্দয্যময়।

Nktv ত নতুন সংযোজন, সৌৰভ বৈশ্যৰ পৰিচালনাৰে "মামৰ"- 11


আকস্মিক ভাৱে হোৱা আপোনজনৰ মৃত্যু আৰু সেই মৃত্যুৰ আঁৰত লুকাই থকা ৰহস্যজনক হত্যাকাণ্ড, একাধিক লোকৰ হত্যা আৰু তাৰ পিছৰ তদন্ত। এই আটাইবোৰ ঘটনা-পৰিঘটনাক লৈ নিৰ্মাণ কৰি উলিওৱা হৈছে টিভি চিৰিজ “মামৰ”, যি অতিশীঘ্ৰে Nktv ত সম্প্ৰচাৰ লাভ কৰিব। পৰিচালনাৰ লগতে আন কেইবাটাও বিভাগ ক্ৰমে দৃশ্যগ্ৰহণ, সম্পাদনা, সহযোগী লিখক আৰু ভি এফ এক্সৰ দায়িত্বও বহন কৰিছে সৌৰভ বৈশ্যই নিজেই। চিৰিজখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ হিমাংশু শৰ্মাৰ। সংগীত কৰিছে হীৰক নাথে আৰু শব্দ পৰিচালনা বিকাশ জ্যোতি কলিতাৰ। ৰং শ্যামল দাসৰ। সহঃ দৃশ্যগ্ৰহণকাৰী মৃদুল কলিতাৰ লগতে ইয়াত সহঃ পৰিচালনাৰ দায়িত্বত আছে দীপজ্যোতি মালি। চিৰিজখনত চিবিআই বিষয়া হিচাবে গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছে জনপ্ৰিয় অভিনেতা প্ৰসেনজিৎ বৰাই। তেওঁৰ সৈতে অভিনয় কৰিছে ক্ৰমে অমিতাভ ৰাজখোৱা, ভ্ৰান্তি মেধি, আফতাব আহমেদ, সিদ্ধাৰ্থ মুখাৰ্জী, পৰাগ শৰ্মা, অপূৰ্ব ঠাকুৰীয়া, কৌশিক নাথ, প্ৰদ্যুত বিকাশ দাস, নয়ন জ্যোতি, স্বাগতা ভৰালী, স্বপন দাস, হেমন্ত দেৱনাথ, গৌতম ঠাকুৰীয়া, অখিল কলিতা, দীপজ্যোতি মালি, বলেন চৌধুৰী, কুমুদ তালুকদাৰ, গণেশ দাস, অশোক ৰাজ দাস, ৰাতুল দাস, স্বপ্না দাস, তছলিমা ৰহমান, দিৱস দৰ্শন,ডঃ ভাৰ্গৱ জ্যোতি চহৰীয়া,পংকজ কুমাৰ,জীৱন মালি, পুষ্পা শইকীয়া, দিলীপ শৰ্মা,কংকণা বৈশ্য, সীমান্ত দাস, নিতুল মালি, ধ্ৰুৱ জ্যােতি নাথ, ৰমেন মালি, ধ্ৰুবজ্যোতি দাস, নমিতা দাস বৈশ্য, কংকণ দাস, নিপেন শৰ্মা, বিজয়, ধীৰাজ নাথ, দীপজ্যোতি নাথ আৰু সৰোজিনী দাসে।

Nktv ত নতুন সংযোজন, সৌৰভ বৈশ্যৰ পৰিচালনাৰে "মামৰ"- 12


ক্ৰাইম থ্ৰীলাৰ সমৃদ্ধ এই চিৰিজখনে দৰ্শকৰ সঁহাৰি আৰু সমাদৰ লাভ কৰিবলৈ সক্ষম হওঁক তাৰেই আশা কৰিছোঁ। লগতে, ৰূপালীপৰ্দাৰ তৰফৰ পৰা “মামৰ” সৈতে জড়িত প্ৰতিগৰাকীকে আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।

]]>
https://rupaliparda.com/archives/28281/feed 0 28281
ৰাইজক হাঁহিৰ অৱকাশ দিবলৈ আহিছে এটি সুন্দৰ প্ৰকল্প; “Vocal with Locall” য়ে আনিব থলুৱা সোঁৱাদঃ https://rupaliparda.com/archives/26661 https://rupaliparda.com/archives/26661#comments Wed, 09 Jun 2021 05:30:00 +0000 https://rupaliparda.com/?p=26661 বৰ্তমানৰ ধূসৰ সময়ছোৱাত যেতিয়া আমি অকণমান হাঁহিৰ অৱকাশ পাওঁ; তেতিয়ানো কাৰ ভাল নালাগে! আমি প্ৰত্যেকেই হাঁহি ভাল পাওঁ; মনোৰঞ্জন ভাল পাওঁ। আচলতে, এই হাঁহিৰ অৱকাশ দিবলৈ প্ৰয়াস কৰাও দেখিবলৈ পোৱা গৈছে একোজন প্ৰতিভাসম্পন্ন ব্যক্তিক; নিজ নিজ প্ৰতিভাৰেই তেওঁলোকে এই প্ৰয়াস অব্যাহত ৰাখিছে। শেহতীয়াকৈ এনে একাংশ পেৰেডি কাহিনীৰ সৈতে ৰাইজৰ কাষ চাপিছে এটা উল্লেখনীয় প্ৰকল্প; Vocal with Local নামে আন এটা প্ৰকল্পৰ সৈতে ৰাইজক এক নতুন সোঁৱাদ দিবলৈ আগবাঢ়িছে নৱপ্ৰজন্মৰ এদল প্ৰতিভাই; য’ত আছে থলুৱা অসমীয়াৰ কিছুমান ব্যংগ কাহিনী। আপোনালোকে ইতিমধ্যে এই প্ৰকল্পটোৰ প্ৰথমটো খণ্ডক উপভোগ কৰিছে; যদিহে এতিয়ালৈ নাই কৰা তেতিয়াহ’লে আপোনালোকৰ বাবে তলত ইয়াৰ লিংক দি দিয়া হৈছে। Youthzkorner ৰ বেনাৰত নিৰ্মিত “Vocal with Local” নামে এই প্ৰকল্পটোৰ আটাইতকৈ ভাল লগা বিষয় এয়াই যে জাক-জমকতাহীন এখন ঠাইৰ পৰা ওলাই অহা একোজন প্ৰতিভাক লৈ একোটা কাহিনীৰ নিৰ্মাণ কৰা হৈছে এই প্ৰকল্পটোত। আমি প্ৰায়ে দেখি আচম্বিত হও একোগৰাকী ভিতৰুৱা অঞ্চলৰ পৰা একোজন ব্যক্তিৰ প্ৰতিভাক দেখি; তেওঁলোকে নিজ প্ৰতিভাৰে যেতিয়া আমাক মোহাচ্ছন্ন কৰে তেতিয়া আমি প্ৰত্যেকেই উৎসাহিত হওঁ। এই প্ৰকল্পটোৰো উদ্দেশ্য ঠিক এনেকুৱাই; য’ত এফালে ক’ৰোণা মহামাৰীয়ে বিভীষিকাৰ সৃষ্টি কৰিছে তাতেই আকৌ আনফালে একাংশ জনসাধাৰণৰ আৰ্থিক অনাটনে প্ৰত্যেককে হতাশাৰ মাজলৈ ঠেলি পঠিয়াইছে; হতাশাৰ ফলত বহু ব্যক্তিয়ে নল’বলগীয়া ৰাষ্টাকো গ্ৰহণ কৰা আমি সংবাদ মাধ্যমযোগে দেখিছো অথবা সংবাদ পত্ৰযোগে পঢ়িবলৈ পাইছো। গতিকে, এনে সময়ত যেতিয়া অকণমান হ’লেও মনোৰঞ্জন প্ৰদান কৰা হয় তেতিয়া দৰ্শকৰ মানসিক স্থিতি সমূহক ধনাত্মক দিশলৈ ধাৱমান কৰোৱাবলৈ সক্ষম হোৱা যায়।


শেহতীয়াকৈ মুক্তিলাভ কৰা এই প্ৰকল্পটোৰ প্ৰথমটো খণ্ডৰ নাম হৈছে “Red Label FOTa Lebel *Alcohol is injurious to health!” ইয়াৰ পৰিচালনা আৰু সম্পাদনাৰ দায়িত্বত আছে অনুপ্ৰাস দাস। ইতিমধ্যে এইগৰাকী পৰিচালক দ্বাৰা Youthzkorner ৰ বেনাৰত নিৰ্মিত এখন অসমীয়া ৱেব চিৰিজ “Jibon Unplugged” ৰ প্ৰতিটো খণ্ডই দৰ্শকৰ হৃদয়ত ঠাই বনাবলৈ সক্ষম হোৱাৰ লগতে প্ৰতিজন দৰ্শকৰ সমাদৰ লাভ কৰিবলৈও সক্ষম হৈছে। আনহাতে, Vocal with Local ৰ প্ৰথমটো খণ্ড “Red Label FOTa Lebel *Alcohol is injurious to health!” ৰ কাহিনীভাগ লিখিছে মনজিতে; সংলাপ চক্ৰধৰ বৰকাকতিৰ। দৃশ্যগ্ৰহণ কৰিছে জগদীশ দাসৰ লগতে প্ৰথমটো খণ্ডত অভিনয় কৰিছে মনোৰঞ্জন দাস, জিন্তু মণি কলিতা আৰু ভাস্কৰ ঠাকুৰীয়াই। আৱহ সংগীত অনুভৱ গগৈৰ আৰু এনিমেশ্বনৰ দায়িত্বত আছে সৌৰভ হাজৰিকা। ভইচ অভাৰ ৰূপম ভূঞাৰ তথা শীৰ্ষ গীতটি অনুভৱ গগৈৰ; সংগীত মিশ্ৰণ ত্ৰিহাংকু লহকৰৰ। গ্ৰাফিক্স সাগৰিকা বি ৰিকুৰ; প্ৰডাকচন ডিজাইন চক্ৰধৰ বৰকাকতিৰ, প্ৰডাকচন মেনেজমেন্ট চিত্ৰমণি দাসৰ। প্ৰডাকচন এচিচটেন্ট ৰুবুল সাউদৰ আৰু পি.আৰ ডানিশৰ। উল্লেখ্য যে, এই প্ৰকল্পটোৰ সৈতে জড়িত খণ্ডসমূহত উক্ত নৱপ্ৰজন্মৰ দলটোৱে গাওঁ অঞ্চলৰ ধুনীয়া তথা সুন্দৰ ঠাইসমূহক উপস্থাপনৰো চেষ্টা কৰা হৈছে যাতে দৰ্শকে চিৰিজখনৰ বাস্তৱ ঘটনাসমূহৰ দ্বাৰা নিজক সংযোগ কৰিবলৈ সক্ষম হয়।

ৰাইজক হাঁহিৰ অৱকাশ দিবলৈ আহিছে এটি সুন্দৰ প্ৰকল্প; "Vocal with Locall" য়ে আনিব থলুৱা সোঁৱাদঃ 13

বৰ্তমান সময়ৰ এটা বহুল প্ৰত্যাশিত প্ৰকল্পৰ ভিতৰৰ এটা হৈছে “Vocal With Local”। এই প্ৰকল্পটোৰ সৈতে জড়িত আন আন খণ্ডসমূহকলৈ অপেক্ষাৰতও হৈ পৰিছে ৰাইজ। এই প্ৰকল্পটোৰ প্ৰতিজন কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/26661/feed 1 26661
ৰীলড্ৰামাত মুক্তি দিয়া হ’ম অৰিন্দম বৰুৱা “শীতৰ সজাত”- https://rupaliparda.com/archives/26324 https://rupaliparda.com/archives/26324#respond Tue, 25 May 2021 08:30:00 +0000 https://rupaliparda.com/?p=26324 বৰ্তমান অসমীয়া ডিজিটেল প্লেটফৰ্ম সমূহে নৱপ্ৰজন্মৰ প্ৰতিভাক শেহতীয়াকৈ বহুল হাৰত সমাদৰ তথা সঁহাৰি জনোৱা দেখিবলৈ পোৱা গৈছে। ৰীলড্ৰামাইও ঠিক তেনে এক পদক্ষেপক লৈ নৱপ্ৰজন্মৰ ভালেখিনি প্ৰকল্পক তেওঁলোকে নিজ এপটোত অন্তৰ্ভূক্তি কৰিবলৈ আৰম্ভ কৰিছে। নৱপ্ৰজন্মৰ নতুন প্ৰতিভা তথা পৰিচালক অৰিন্দম বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত “শীতৰ সঁজাত” নামে চুটি ছবিখনকো এই এপটোত অন্তৰ্ভূক্ত কৰা হৈছে। বৰ্তমান পৰিস্থিতিয়ে আমাৰেই একাংশক আচলতে মানসিক ভাৱে ভাঙি পেলাইছে; এই পৰিস্থিতিটোৱে প্ৰত্যেককে হতাশগ্ৰস্ত কৰি তুলিছে। হতাশাই একোজন ব্যক্তিক কেতিয়াবা মানসিকভাৱে ভাঙি পেলায় নাইবা বেমাৰী কৰি তোলে। চিকিৎসাবিজ্ঞানত মানসিক ৰোগসমূহক কেইবাটাও ভাগত ভাগ কৰিছে; কোনোবা গৰাকী যদি এই বেমাৰৰ বাবে চিকিৎসাধীন নহ’লে আকৌ কোনোবা গৰাকী আন এটা বেমাৰৰ বাবে। প্ৰত্যেকৰে চিকিৎসাৰ ধৰণটোও আচলতে ভিন্ন; আজি আমি যিটো বেমাৰৰ নাম ক’ম সেইটো হৈছে “Dementia”। আমি প্ৰত্যেকেই প্ৰত্যেকক বিভিন্ন কাৰণত তাচ্ছিল্য নাইবা উপলুঙাসূচক মন্তব্য কৰি পেলাওঁ; কেতিয়াবা ধেমালিতে হয়টো আমাক কোনোজনে উপলুঙা বহুল হাৰত কৰি পেলায় নাইবা আমিও হয়টো কৰি পেলাওঁ। অৱশ্যে, সমুখৰ জনৰ কথা আমি নভবাকৈয়ে আমি তেনে কাম কৰি পেলাওঁ; এই Dementia বেমাৰত ভূক্তভোগী হৈছে তেনে একোজন ব্যক্তি যাক উপলুঙা কৰা ফলত তেওঁ মানসিক ভাৱে ভাঙি পৰে আৰু ক্ৰমশ তেওঁলোকে স্মৃতি শক্তি হেৰুৱাবলৈ লোৱাৰ সমান্তৰালকৈ কথাৰ মাজে মাজে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰে। এই বেমাৰটোক লৈ অৰিন্দম বৰুৱাই নিৰ্মাণ কৰি উলিয়াইছিল চুটি ছবি “শীতৰ সজাত”।

ৰীলড্ৰামাত মুক্তি দিয়া হ'ম অৰিন্দম বৰুৱা "শীতৰ সজাত"- 14


এই চুটি ছবিখনে দশম সংখ্যক দাদা চাহেব ফাল্কে বঁটাত মনোনয়ন লাভ কৰাৰ উপৰিও আন কেইবাখনো ছবি সমাৰোহত মনোনয়ন লাভ কৰি সমালোচক তথা দৰ্শকৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। এই চুটি ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য খিম্পী দত্তৰ। ৰিতা ভূঞা বৰুৱা আৰু খিম্পী দত্তৰ সংলাপেৰে ইয়াৰ দৃশ্যগ্ৰহণ আৰসাদ আহমেদৰ। সম্পাদনা অৰিন্দম আৰু আৰসাদৰ। বীণা পুৰকায়স্থ আৰু জান্হৱী গগৈৰ অভিনয়েৰে “শীতৰ সজাত” কালাৰ দিছে আৰসাদ আহমেদৰ। বেকগ্ৰাউণ্ড স্কৰ আয়ান বুঢ়াগোঁহাইৰ আৰু পোষ্টাত কুণাল বৰাৰ। ইতিমধ্যে পৰিচালক অৰিন্দম বৰুৱাৰ পৰিচালনাৰে বিভিন্ন খন চুটি ছবি জনসাধাৰণে উপভোগ কৰিবলৈ পাইছে। আনহাতে, উল্লেখ্য যে, ReelDrama ত একোখন সুন্দৰ অসমীয়া ছবিৰ লগতে দৰ্শকে উপভোগ কৰিবলৈ পাব ৱেব চিৰিজ, সংগীত, কৌতুক, কবিতা, ৰন্ধন প্ৰণালী আৰু ভক্তিমূলক অনুষ্ঠান ইত্যাদি। আনহাতে, উক্ত OTT প্লেটফৰ্মটোত শিশুসকলৰ বাবে এক নিৰ্দ্দিষ্ট শাখাও অন্তৰ্ভূক্ত কৰা হৈছে; মুঠতে, সৰ্বাংগসুন্দৰ হৈ জনসাধাৰণৰ মাজলৈ ওলাই আহিছে এই প্লেটফৰ্মটো। ৰাইজৰ মাজতো নতুন কিবা এটা উপভোগ কৰাৰ এক সুন্দৰ ইচ্ছা পৰিলক্ষিত হৈছে।

ৰীলড্ৰামাত মুক্তি দিয়া হ'ম অৰিন্দম বৰুৱা "শীতৰ সজাত"- 15


সঁচাকৈ ক’বলৈ গ’লে স্তব্ধতাৰ মাজতো স্তব্ধ নোহোৱাকৈ ৰোৱা মনোৰঞ্জন ক্ষেত্ৰখনত ReelDrama হৈছে আশাৰ ৰেঙণি; য’ত দৰ্শকে লাভ কৰিছে নতুনত্ব। চুটি ছবিখনৰ সফলতা কামনা কৰি ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো অৰিন্দম বৰুৱালৈ শুভকামনা।

]]>
https://rupaliparda.com/archives/26324/feed 0 26324
সংকল্পজিৎ হাজৰিকাৰ “ফিছা” ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ https://rupaliparda.com/archives/26203 https://rupaliparda.com/archives/26203#respond Thu, 20 May 2021 08:30:00 +0000 https://rupaliparda.com/?p=26203 এখন ৱেব চিৰিজ আৰু বহুল ভাৱে চৰ্চিত ইয়াৰ কাহিনী; অসমীয়া ৱেব চিৰিজ সমূহৰ ভিতৰত বৰ্তমানলৈ ইমান অধিক প্ৰশংসিত হয়টো ৱেব চিৰিজ আমি দেখাই নাছিলো। কিয়নো, আজি আমি আলোচনা কৰিবলৈ বিচৰা এই ৱেব চিৰিজখনে কেৱলমাত্ৰ সাধাৰণ ৰাইজকেই নহয় আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে অসমীয়া চিলেব্ৰেটী সকলকো। আপোনালোকে নিশ্চয় এই চিৰিজখনৰ নামটোৰ কিছু আভাস পাইছে; হয় এই চিৰিজখনৰ নাম হৈছে “ফিছা”। সংকল্পজিৎ হাজৰিকাৰ দ্বাৰা পৰিচালিত এই ৱেব চিৰিজখনক কৰা প্ৰশংসাৰ যদি আপুনি এক পৰ্যালোচনা চাবলৈ বিচাৰে তেতিয়াহ’লে এই পৰিচালক গৰাকীৰ ফেচবুক প্ৰফাইলতেই দেখিবলৈ পাব। পৰিচালক সংকল্পজিতে নিজেও কৈছে যে এই ৱেব চিৰিজখনৰ স্ক্ৰীপ্ট নিৰ্মাণত তেওঁলোক দীৰ্ঘদিন ব্যস্ত হৈছিল; বহুকেইটা দিনে-ৰাতিয়ে তেওঁ আৰু চিত্ৰনাট্য ৰচক প্ৰণৱ বৰুৱাই কৰা আলোচনাৰ দ্বাৰাহে “ফিছা” খনক এনে এক পৰ্যায়লৈ তুলি লৈ যাবলৈ সক্ষম হৈছিল। ডিজিটেল প্লেটফৰ্মত ৰীলড্ৰামাত মুক্তিপ্ৰাপ্ত এই ৱেব চিৰিজখন আছিল ৰোমাঞ্চ, ৰহস্য, ষড়যন্ত্ৰ তথা পুংখানুপুংখ কাহিনীৰ উপস্থাপনেৰে পৰিপূৰ্ণ। এগৰাকী প্ৰখ্যাত সমাজসেৱকৰ হত্যাৰ “অপেন এণ্ড শ্বাট” কেছক কেনেদৰে মাছৰ ফিছাৰ অস্তিত্বৰ সৈতে তুলনা কৰি দৰ্শকৰ মনস্তাত্বিক ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৈতে সংলগ্ন কৰা হৈছে, তাৰ সুন্দৰ উপস্থাপনত সফল সংকল্পজিৎ হাজৰিকাক প্ৰত্যেকে কৰা প্ৰশংসাৰ কিছু স্ক্ৰীণছট্ আমি আপোনালোকক দিয়াৰ চেষ্টা কৰিম। চাওঁচোন আহকঃ

সংকল্পজিৎ হাজৰিকাৰ "ফিছা" ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ 16
সংকল্পজিৎ হাজৰিকাৰ "ফিছা" ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ 17
সংকল্পজিৎ হাজৰিকাৰ "ফিছা" ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ 18
সংকল্পজিৎ হাজৰিকাৰ "ফিছা" ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ 19
সংকল্পজিৎ হাজৰিকাৰ "ফিছা" ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ 20
সংকল্পজিৎ হাজৰিকাৰ "ফিছা" ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ 21
সংকল্পজিৎ হাজৰিকাৰ "ফিছা" ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ 22
সংকল্পজিৎ হাজৰিকাৰ "ফিছা" ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ 23
সংকল্পজিৎ হাজৰিকাৰ "ফিছা" ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ 24
সংকল্পজিৎ হাজৰিকাৰ "ফিছা" ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ 25
সংকল্পজিৎ হাজৰিকাৰ "ফিছা" ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ 26
সংকল্পজিৎ হাজৰিকাৰ "ফিছা" ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ 27
সংকল্পজিৎ হাজৰিকাৰ "ফিছা" ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ 28
সংকল্পজিৎ হাজৰিকাৰ "ফিছা" ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ 29
সংকল্পজিৎ হাজৰিকাৰ "ফিছা" ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ 30


ৱেব চিৰিজখনত এগৰাকী প্ৰশিক্ষিত তথা অভিজ্ঞ অভিনেতা-অভিনেত্ৰীৰ সুন্দৰ অভিনয়ৰ সমান্তৰালকৈ ইয়াত একোগৰাকী নৱপ্ৰজন্মৰ অভিনেতা-অভিনেত্ৰীৰ অভিনয়ো আছিল খুবেই গ্ৰহণযোগ্য। বৰ্ষাৰাণী বিষয়া, প্ৰসেনজিৎ বৰা, ৰাজীৱ গোস্বামীৰ লগতে কমল লোচন, দেৱাশ্ৰী দাস, চিন্ময় কটকী, মহেশ বৰাৰ লগতে পৰাগ শৰ্মা আদি বিভিন্ন শিল্পীৰ অভিনয়ত মুগ্ধ হৈছে জনসাধাৰণো। সেইবাবেই হয়টো চচিয়েল মিডিয়াত একাংশ দৰ্শকে চচিয়েল মিডিয়াত এই ৱেব চিৰিজখনত অভিনীত অভিনেতা-অভিনেত্ৰী সকলৰ অভিনয়ক নিঁখুত বুলি দাবী কৰিছে। আনহাতে, এয়া সঁচাকৈ ভাল লগা কথা যে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত এগৰাকী পৰিচালকে আনগৰাকী পৰিচালকৰ প্ৰকল্পসমূহক গুৰুত্ব সহকাৰে উপভোগ কৰাৰ উপৰিও প্ৰকল্পটোক লৈ ধনাত্মক বাৰ্তা প্ৰেৰণ কৰাৰো চেষ্টা কৰে। সেইবাবেই হয়টো “ফিছা” ক লৈ প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছিল পৰিচালক হিমাংশু প্ৰসাদ দাসৰ লগতে অনুপম কৌশিক বৰুৱাকো। ৱেব চিৰিজখনৰ কাৰিকৰী দিশটো অৰ্থাৎ বেকগ্ৰাউণ্ড স্কৰ, সম্পাদনা আদিকো গ্ৰহণ কৰিছিল দৰ্শকে।

সংকল্পজিৎ হাজৰিকাৰ "ফিছা" ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ 31


এই ৱেব চিৰিজখনৰ উচ্চ মানদণ্ডৰ হোৱাৰ বাবেই হয়টো পৰিচালকগৰাকীৰ ওপৰত এতিয়া দৰ্শক সমাজে বহুল আশা প্ৰকাশ কৰিছে। তেওঁলৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/26203/feed 0 26203