অধিৰাজ কাশ্যপ – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Tue, 12 Nov 2024 09:57:39 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 অধিৰাজ কাশ্যপ – Rupaliparda.com https://rupaliparda.com 32 32 163073109 জয় হনুমেন/ চিনেচৰ্চা –উৎপল মেনা https://rupaliparda.com/archives/31280 https://rupaliparda.com/archives/31280#respond Tue, 12 Nov 2024 09:57:39 +0000 https://rupaliparda.com/?p=31280 জয় হনুমেন

“জয় হনুমেন” চিনেমা খনৰ এটা সংলাপ– “ভুল দেখিও মনে মনে থকাটো এটা শব্দহীন পাপ।” চিনেমাৰ ভাষাৰ পৰিপাটি ব্যৱহাৰৰ মাজত মগজু চুই যোৱা, মনত ৰৈ যোৱা সাহিত্যৰ ভাষা (শব্দ)। এনে ধৰণৰ আৰু কেইবাটাও মেডহীন, ভাল লগা, ৰূপালী গল্পটোক গতি দিয়া সংলাপ ব্যৱহাৰ হৈছে। চিনেমা খনৰ চিত্ৰনাট্য আৰু সংলাপ হিমাংশু প্ৰসাদ দাস, শান্তনু ৰৌমৰীয়া, অধিৰাজ কাশ্যপৰ। হিমাংশু প্ৰসাদ দাসৰ পৰিচালনা। প্ৰথম কথা– হিমাংশু বিশেষ বৃত্তত বন্দী পৰিচালক নহয়। গল্প কোৱাৰ শৈলী, বিষয় বস্তু, কাহিনীত “নতুন চিনে-চিন্তা” স্পষ্ট।শেহতীয়া এই চিনে-চিন্তাৰ নায়ক বিশ্ববিদ্যালয়য এজন ছাত্ৰ। ছাত্ৰ জনৰ স্বাভাৱিকতে এটা নাম আছে; বিশ্ববিদ্যালয়ত “বিখ্যাত” হনুমান (চৰিত্ৰটো নিৰ্মাণ কৰিছে সিদ্ধাৰ্থ বড়োক লৈ) নামেৰে। ভাওনাত কেইবাবাৰো হনুমানৰ ভাও লোৱা বাবে এই নাম। বিশ্ববিদ্যালয়ৰ আন এগৰাকী ছাত্ৰ– জে কে। জে কেৰ চলনাত পৰি হনুমান ৰূপান্তৰ হয় হনুমেনলৈ। হনুমানৰ পৰা হনুমেনলৈ ৰূপান্তৰৰ “নাটক” প্ৰথম অৱস্থাত বাস্তৱ যেন লগা নাছিল, কাহিনীৰ গতিত “নাটকীয় ছিকুৱেন্স”টো বাস্তৱলৈ ৰূপান্তৰ কৰিবলৈ পাহৰা নাই চিত্ৰনাট্যকাৰ, পৰিচালকে। পৰিচালকে “সমাজৰ ছবি” পৰ্দালৈ আনিছে মূল বিন্দুৰ গতিত নিৰ্মাণ হোৱা কাহিনীৰ মাজেৰে।
–কাহিনীৰ গতিত স্পষ্ট হয় “জয় হনুমেন”ক বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা লৈ যোৱা হয় ৰাজনৈতিক চিনেমালৈ।
–হয়, political drama cinema “জয় হনুমেন”। ৰাজনৈতিক “বিশেষ চকী”ৰ বাবে নেতা এগৰাকী যি কোনো পৰ্যায়লৈ যাব পাৰে! “সন্ত্ৰাসবাদী”ৰ জন্ম দিব পাৰে, “সন্ত্ৰাসবাদী”ক হত্যা কৰাব পাৰে, ৰাজনৈতিক উত্তৰণৰ বাবে “সন্ত্ৰাসবাদী”ক ব্যৱহাৰ কৰিব পাৰে! ৰাজনৈতিক কেৰিয়াৰৰ বাবে ধৰ্ষণকাৰীক সুৰক্ষা দিব পাৰে, এনকাউন্টাৰ কৰাব পাৰে, নিৰিহক ধৰ্ষণকাৰী সজোৱাব পাৰে! শব্দহীন পাপ কৰিব নোৱাৰে “হনুমান”, জে কে (চৰিত্ৰটো নিৰ্মাণ কৰিছে জয় কাশ্যপক লৈ।), ৰিয়াই (চৰিত্ৰটো নিৰ্মাণ কৰিছে অমৃতা গগৈক লৈ)। দেখা ভুলৰ বিৰূদ্ধে বিদ্ৰোহ কৰে, সফল হয়। কাহিনীৰ শেষ বিন্দুত দেখা যায়– বিপদত পৰে (ৰাৱনৰ হাতত!) হনুমেন। হনুমেনক সহায় কৰিবলৈ ৰাম নাহিল। আহিল সাধাৰণ জনতা। কেমেৰাৰ ভাষা, সাহিত্যৰ ভাষাৰে আগবঢ়াই নিয়া চিনেমা খনৰ গতি, শব্দ, চৰিত্ৰ নিৰ্মাণ পৰিপাটি। –চৰিত্ৰ কম ফুটেজত বিন্যাস কৰিছে, কাহিনীৰ অংগ কৰিছে; কিন্তু কেইবাটাও “চৰিত্ৰ”ই দৰ্শকক চুব পৰা নাই জড় অভিনয় (inert acting) -ৰ বাবে। মূল চৰিত্ৰত সিদ্ধাৰ্থ বড়োক নিৰ্বাচন পৰিচালকৰ শুদ্ধ সিদ্ধান্ত আছিল বুলি পৰিচালকে আমাক পতিয়ন নিয়াব পৰা নাই। এই “ভুল সিদ্ধান্ত” চিনেমা খনৰ নেতিবাচক দিশ। “অভিনয় শক্তি”ৰে ৰূপালী গল্পটোৰ “নায়ক”হৈ থাকিল জয় কাশ্যপ।
–হয়, সাহিত্যৰ ভাষাৰে, কেমেৰাৰ পৰিচালকে স্পষ্ট কৰিছে “নায়ক”ৰ মনৰ শক্তি; কিন্তু তেনে “ইমেজে”ৰে “নায়ক”ক বান্ধিব পৰা নাই। আমাৰ ধাৰণাত পৰিচালকে “নায়ক” নিৰ্বাচনৰ লগতে ভুল কৰিলে চিনেমা খনৰ নাম নিৰ্বাচনত। (প্ৰচাৰ ধৰ্মী চৰ্চা– superman, spider-man -তকৈ শক্তিশালী হনুমেন! এই “প্ৰচাৰ” মনত ৰাখি ক’ব লাগিব– চৰিত্ৰটো নিৰ্মাণত ব্যৰ্থ পৰিচালক। এই প্ৰচাৰে “দৰ্শক”ক চিনেমা খন চোৱাৰ পূৰ্বে এটা ইমেজ নিৰ্মাণৰ বাট দিছিল। দৰ্শকে “ইমেজ”ৰ হনুমেনক নাপালে। আৰু কাহিনী? “…-man image”ৰ পালে জানো, দৰ্শক, কাল্পনিক কমিক চৰিত্ৰ দুটাৰ দৰে! “প্ৰচাৰ” দিয়া “ইমেজ”ৰ বিপৰীতে “জয় হনুমেন” এখন (realistic political cinema) বাস্তৱিক ৰাজনৈতিক চিনেমা, ভাল চিনেমা।)

]]>
https://rupaliparda.com/archives/31280/feed 0 31280
জয় হনুমেন: চিনেচৰ্চা –উৎপল মেনা https://rupaliparda.com/archives/30063 https://rupaliparda.com/archives/30063#respond Tue, 23 Apr 2024 06:48:03 +0000 https://rupaliparda.com/?p=30063 জয় হনুমেন: চিনেচৰ্চা --উৎপল মেনা 4

” জয় হনুমেন” –এখন অসমীয়া চিনেমা। হিমাংশু প্ৰসাদ দাসৰ পৰিচালনা।
হিমাংশুৰ চিনেকৰ্মৰ এটা ভাললগা বা ইতিবাচক দিশ– বিষয়বস্তু নিৰ্বচানত যিমান মন দিয়ে, সিমান মন দিয়ে বজাৰ চিন্তা বা “বজাৰ সূত্ৰ”টো। “ভাল চিনেমা” নচলে বুলি কৈ ভাল পোৱা চিনেকৰ্মী সকলৰ পৰা বহু আঁতৰৰ — হিমাাংশু প্ৰসাদ দাস। আমি অনুভৱ কৰিছোঁ নিজৰ “চিনেমা”ৰ বাবে নিজে “বজাৰ” নিৰ্মাণ কৰি লয়, চিনেচিন্তাৰে, প্ৰচাৰ পৰিকল্পনাৰে। বিশেষকৈ “গৰু”ৰ বাণিজ্যিক সফলতা অসমীয়া চিনেমাৰ “স্থানীয় বজাৰ”ৰ ইতিবাচক দিশ।

জয় হনুমেন: চিনেচৰ্চা --উৎপল মেনা 5
নিৰ্মাণ কাৰ্য প্ৰায় শেষ হৈছে, প্ৰচাৰ চলিছে “জয় হনুমেন”ৰো।
–চিনেমা খনৰ কাহিনী হিমাংশু প্ৰসাদ দাসৰ, চিত্ৰনাট্য হিমাংশু প্ৰসাদ দাস, শান্তনু ৰৌমৰিয়া, অধিৰাজ কাশ্যপৰ।
–হিমাংশু প্ৰসাদ দাসে কাহিনীৰ ধাৰণা দিছে এনেদৰে, এটা এনকাউণ্টাৰ, ভুৱা। কাহিনীৰ গতিত এনকাউণ্টাৰৰ লগত হঠাৎ জড়িত হয় বিশ্ববিদ্যালয়ৰ এগৰিকী ছাত্ৰ। আমাৰ ধাৰণাত এই ছাত্ৰ গৰিকী ৰূপালী গল্পটোৰ মূল বিন্দু। নাম এটা আছে; কিন্তু বিশ্ববিদ্যালয়ৰ চৌহদত “মূল বিন্দু” (চিনেমা খনৰ নায়ক) জনপ্ৰিয় হনুমান নামেৰে। কাহিনীৰ শেষ বিন্দু– হনুমানৰ দ্বাৰা এটা ভয়ংকৰ ৰাজনৈতিক ষড়যন্ত্র উন্মোচন হয়।
আমাৰ ধাৰণাত “হনুমান” নিৰ্মাণ, “হনুমান”ক লৈ গতি কৰা গল্প হ’ব চিনেমা খনৰ সৌন্দৰ্য। গল্পৰ গতিত গীতকো গুৰুত্ব দিব। তিনিটা গীত থাকিব।

জয় হনুমেন: চিনেচৰ্চা --উৎপল মেনা 6

গীতৰ কথা:
দিগন্ত ভাৰতী, ৰাহুল গৌতম শৰ্মা, মিনিমী। সুৰ: দিগন্ত ভাৰতী, পৰাণ বৰকটকী, মিনিমি। আৱহ সংগীত: বেছহল। পৰিচালকে চিনেমা খনৰ চৰিত্ৰ কেইটা নিৰ্মাণ কৰিছে অমৃতা গগৈ, জ়য় কাশ্যপ,গীতাৱলী ৰাজকুমাৰী , ভাস্কৰ তামূলী, প্ৰদীপ নিশিথ, প্ৰনামী বৰা,ৰাজীৱ গোস্বামী,বিভূতি ভূষণ হাজৰিকা, অনন্যা কাশ্যপ, চাজু,সিদ্ধাৰ্থ বড়োক লৈ। চিত্ৰ গ্ৰহণ: চন্দ্ৰ কুমাৰ দাস। সম্পাদনা: উদ্দিপ্ত কুমাৰ ভটাচাৰ্য।

(শেষত: কিয় জানো মনলৈ আহিল– Spider-Man, Superman -ৰ হনুমেন!)

]]>
https://rupaliparda.com/archives/30063/feed 0 30063