অসিত সেন – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Wed, 23 Mar 2022 11:06:58 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 অসিত সেন – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ভূপেন হাজৰিকাৰ চিনেমা/২ ||– Utpal Mena https://rupaliparda.com/archives/28898 https://rupaliparda.com/archives/28898#respond Wed, 09 Mar 2022 04:07:33 +0000 https://rupaliparda.com/?p=28898 ‘জীৱন তৃষ্ণা’– অসিত সেনৰ পৰিচালনা। ২৫ ডিচেম্বৰ ১৯৫৭ত চিত্ৰগৃহলৈ অহা ১৪০ মিনিট দৈৰ্ঘৰ চিনেমা খন ব্যৱসায়িক দিশত সফল হৈছিল। সফলতাৰ এটা কাৰণ আছিল সংগীত।

“সাগৰ সঙ্গমত…”ৰ লগতে ব্যৱহাৰ কৰিছিল “আকৌ নতুন প্ৰভাত হব …” , “হে জয় ৰঘুৰ নন্দন…” গীতদুটাত ব্যৱহাৰ কৰা সুৰ। আৱহ সংগীততো সংগীততো “ভৃপেন্দ্ৰ সুৰ” স্পষ্ট।

–উত্তম কুমাৰে কৈছিল, “ভূপেন হাজৰিকাৰ অসাধাৰণ সংগীত কৰ্মই মোক মুগ্ধ কৰিছিল। “জীবন তৃষ্ণা”ৰ চিত্ৰগ্ৰহন আৰম্ভ হোৱাৰ দুদিনমান আগতে ভূপেন হাজৰিকাক ৰাতিৰ আহাৰৰ বাবে নিমন্ত্ৰন কৰিছিলো। সেইদিনা মোক শুনাইছিল এটা অসমীয়া গীত– ‘সাগৰ সংগমত কতনা সাঁতৰিলো/
তথাপিটো হোৱা নাই ক্লান্ত…’। মই তেতিয়ালৈকে জনা নাছিলো মোৰ ওঁঠত যে এই সুৰ ব্যৱহাৰ কৰিব। সেই সুৰ মোৰ মনৰ মাজত সোমাই আছিল বাবেই চিত্ৰায়নৰ সময়ত সহজতে ওঁঠ মিলাইছিলো। পৰৱৰ্তী সময়ত মই অভিনয় কৰা দুখন ছবিৰ বাবে ভূপেন হাজৰিকাৰ গীত বিচাৰিছিলো। নিদিলে। তেতিয়া মই বুজিছিলো–, ভূপেন হাজৰিকাই বজাৰ বিছাৰি কলিকতালৈ অহা নাই।…” (উৎস: Indian Movie News)

–ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা আন এখন বাংলা চিনেমা “জোনাকিৰ আলো”। এই চিনেমা খনৰ গীতত কণ্ঠদান কৰিছিল ভূপেন হাজৰিকা, লতা মংগেশকাৰে। চিনেমা খনত এটা বাউল গীত ব্যৱহাৰ কৰিছিল। কণ্ঠদান কৰিছিল পূৰ্ণদাসে।

–এই খিনিতে চৰ্চা কৰিব পাৰি “অসিত সেন” প্ৰসংগ। ভূপেন হাজৰীকাৰ বাংলা চিনেযাত্ৰাত অসিত সেনৰ সহায় অশ্বিকাৰ কৰিব নোৱাৰি। “সহায়”ৰ পৰিবৰ্তে আমি নিশ্চয় এনেদৰেও কব পাৰো–, ভূপেন হাজৰিকাৰ সংগীতেৰে নিজৰ চিনেমাৰ সৌন্দৰ্য বঢ়াইছিল।

“সীমানা পেৰিয়ে”– ভূপেন হজৰিকাই “সুৰ” ৰচনা কৰা আন এখন বাংলা চিনেমা। বাংলাদেশৰ চিনেমা। চিনেমা খনৰ সংগীত পৰিচাল কৰিছিল বুলি কোৱা হয়; কিন্তু “সুৰ”হে নয়ীম গহৰ, কবি ফজল চাহাবুদ্দিনে লিখা ( অনুবাদ!) গীতৰ। গীতত কণ্ঠদান কৰিছিল ভূপেন হাজৰিকা আৰু আবিদা চুলতানাই। আবিদাই কণ্ঠদান কৰা “বিমূর্ত এই ৰাত্রি আমাৰ…” চিনেমা খনৰ বিশেষ চৰ্চা বুলি হৈছিল। চিনেমা খনত ব্যৱহাৰ হোৱা আন দুটা গীত– “মেঘ থম থম কৰে…”, “আজ জোৎস্না ৰাতে…”। এই তিনিটা গীতৰ লগতে চিনেমা খনৰ কাহিনীৰ দাবিত আদিবাসী ভাষাৰ এটি গীতো ব্যৱহাৰ কৰিছিল।

–১৯৭৭ চনত চিত্ৰগৃহলৈ অহা “সীমানা পেৰিয়ে”ৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ১৯৭৫ চনৰ পৰা। বন্ধু এজনৰ সৈতে পৰিচলক আলমগীৰ কবিৰ আহিছিল ভূপেন হাজৰিকাক লগ কৰিবলৈ। ভূপেন হাজৰিকাই শুনাইছিল– (ৰচনা কাল : ১৯৭১)
“বিমূৰ্ত মোৰ নিশাতি যেন
মৌনতাৰ সূতাৰে বোৱা
এখনি নীলা চাদৰ ।
এখনি নীলা চাদৰ..
তাৰেই এটি মিঠা ভাঁজত
নিশ্বাসৰে উম
আৰু জীয়া জীয়া আদৰ্
এখনি নীলা চাদৰ …”

“এই গীতটো মোৰ চিনেমাত লাগিব! গীতটোৰ সুৰে মোক চুই গৈছে। এই গীতটোৱে নহয়, চিনেমা খনৰ সংগীত আপুনিয়ে কৰিব লাগিব।” বুলিছিল আলমগীৰ কবিৰে। কবিৰে চিনেমাৰ কাহিনী, বিষয়বস্তু শুনাইছিল সংগীতসূৰ্যক।
–আন এদিন আলমগীৰ কবিৰ আহি ভূপেন হাজৰিকাৰ ওচৰ পালে, গায়িকা এগৰাকীক লৈ। নাম– আবিদা সুলতানা। আবিদাৰ কণ্ঠত “বিমূৰ্ত…” ৰেকৰ্ডিং কৰাৰ মন পৰিচালক কবিৰৰ। পৰিচালক গৰাকীয়ে সংগীতসূৰ্যক ক’লে –, আবিদাই সংগীতসূৰ্যৰ সুৰত গীত গাবলৈ ভয় অনুভৱ কৰিছে! “দাদা, আপুনি মোক গীতৰ বিষয়বস্ত বুজাই দিয়ক। গাবলৈ চেষ্টা কৰিম। আপোনাৰ বেয়া লাগিলে মই গোৱা গীতটো ৰাখিব নালাগে।” –আবিদাই কৈছিল। সংগীতসূৰ্যই বুজাই দিছিল। আৰু সেই গীতটোই আবিদা চুলতানাক সংগীতৰ সুৰীয়া বাট কাটি দিছিল। পৰৱৰ্তী সময়ত গায়িকা গৰাকীয়ে ৪৫০ৰো (চিনেমাৰ) অধিক গীতত কণ্ঠদান কৰিছে। আবিদা চুলতানা বাংলাদেশত জনপ্ৰিয় চিনেমা-আধুনিক গীত, ৰবীন্দ্র সঙ্গীত আৰু নজৰুল সঙ্গীতৰ গায়কীৰ বাবে। “ভূপেন দাদাৰ ‘বিমূৰ্ত…’ই মোক শ্ৰোতাৰ ওচৰলৈ নিছিল। ভূপেন দাদাৰ সুৰ, শিকোৱা পদ্ধতিয়ে মোক বহুত শিকাইছিল। গীত গোৱাৰ আগতে কেনে ধৰণৰ কচৰৎ কৰিব লাগে, সেয়া ভূপেন দাদাৰ পৰা শিকিছিলো। দাদাই কৈছিল, গীত এটা গোৱাৰ আগতে গীতটোৰ মাজত সোমাই বুজি লব লাগে। চিনেমাৰ গীত হ’লে পৰিচালকে গীতটো কেনেদৰে ব্যৱহাৰ কৰে, গীতিকাৰ-সুৰকাৰ ভাৱ কেনেধৰণৰ বুজি লব লাগে।” –আবিদা চুলতানাই কৈছিল। (উৎস: দৈনিক জনকণ্ঠ, দৈনিক পূর্বকোণ)

]]>
https://rupaliparda.com/archives/28898/feed 0 28898