অৰুণ হাজৰিকা – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Fri, 30 Aug 2024 10:27:25 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 অৰুণ হাজৰিকা – Rupaliparda.com https://rupaliparda.com 32 32 163073109 বৰলুইত প্ৰডাকচনৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘ডিফলু’ৰ শুভাৰম্ভণি https://rupaliparda.com/archives/30550 https://rupaliparda.com/archives/30550#respond Fri, 16 Aug 2024 10:15:41 +0000 https://rupaliparda.com/?p=30550 ডিফলু

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিভিন্ন বঁটাপ্ৰাপ্ত চুটি ছবি নিৰ্মাণৰ বাবে সুপৰিচিত বৰলুইত প্ৰডাকচনে এইবাৰ নিৰ্মাণ কৰিব এখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া বোলছবি। বুধবাৰে এক সংবাদমেল সম্বোধন কৰি প্ৰথমখন অসমীয়া কথাছবি ‘ডিফলু’ৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰে বৰলুইত প্ৰডাকচনে। পৰিস্থিতিগত হাস্যৰস আৰু আৱেগৰ ৰহণ সানি নিৰ্মাণ কৰিবলগীয়া এই নতুন অসমীয়া কথাছবিখন প্ৰডাকচন কোম্পানীটোৰ বিৱৰ্তনৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে, ছবিপ্ৰেমী আৰু সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত চুটি ছবি ‘আকাশ বিচাৰি- ইনটু দ্য স্কাই’ আৰু ‘ৰং- দ্য কালাৰ’ৰ অভূতপূৰ্ব সফলতাৰ পিছত ‘ডিফলু’ হৈছে বৰলুইত প্ৰডাকচনৰ দ্বাৰা নিৰ্মিত প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ বোলছবি। প্ৰডাকচন কোম্পানীটোৰ পূৰ্বৰ প্ৰকল্পসমূহৰ কলাত্মক দৃষ্টিভংগী আৰু কাহিনীৰ শক্তিশালী উপস্থাপন শৈলীৰ প্ৰবাহ অক্ষুণ্ণ ৰাখি এই নতুন ছবিখনে দৰ্শকৰ বাবে এক আকৰ্ষণীয় আৰু স্মৰণীয় চিনেমাৰ অভিজ্ঞতা প্ৰদানৰ নিশ্চয়তা প্ৰদান কৰিছে। ‘ডিফলু’ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অমৃতা গগৈ আৰু সুব্ৰত দেউৰীয়ে। ইয়াৰোপৰি অৰুণ নাথ, চেতনা দাস, মৃদুলা বৰুৱা, জয়ন্ত ভাগৱতী আৰু অৰুণ হাজৰিকাৰ দৰে অসমীয়া বোলছবিৰ প্ৰবীণ অভিনেতা-অভিনেত্ৰীৰ অভিনয়ে ছবিখনৰ কাহিনী অধিক মনোগ্ৰাহী কৰি তুলিছে। ছবিখনত অভিনয় কৰা আন আন প্ৰতিভাৱান অভিনেতা-অভিনেত্ৰীসকলৰ ভিতৰত আছে ড° হিতেশ বৰুৱা, সীমাশ্ৰী বৰা, ৰাজীব দুৱৰী, অনিৰ্বাণ কলিতা, অংকুৰ বৈদ্য, প্ৰিয়াংশী কাশ্যপ, দিব্য প্ৰতিম ভাগৱতী, কণিকা নাথ, প্ৰবাল বৰা, নিলোফাৰ নাজবিন, আৰু নাচিম বেগম। কুঁহি নামৰ চৰিত্ৰত অভিনয় কৰা অমৃতা গগৈক লৈয়েই আগবাঢ়ে ‘ডিফলু’ ছবিখনৰ কাহিনী। ছবিখনত চিকিৎসা প্ৰশিক্ষণৰ অংশ হিচাপে গুৱাহাটীৰ যুৱতী কুঁহিক ডিফলু নদীৰ পাৰৰ এখন দুৰ্গম গাঁৱত নিযুক্তি দিয়া হয়। গাঁৱৰ কঠিন পৰিস্থিতি আৰু জৰাজীৰ্ণ স্বাস্থ্য সুবিধাৰ সৈতে কুঁহিয়ে সংগ্ৰাম কৰি থকাৰ সময়তে তেওঁৰ পৰিচয় ঘটে নীল (সুব্ৰত দেউৰী) নামৰ এগৰাকী বিদ্যালয় শিক্ষকৰ সৈতে। দুয়োৰে প্ৰাৰম্ভিক সাক্ষাৎ লাহে লাহে ব্যক্তিগত বিকাশ আৰু সামুদায়িক প্ৰভাৱৰ এক হৃদয়স্পৰ্শী যাত্ৰালৈ বিকশিত হৈ পৰে। ছবিখনত হাস্যৰস আৰু আৱেগিক পৰিঘটনাৰ মাজেৰে কুঁহিয়ে নিজৰ বস্তুবাদী চহৰকেন্দ্ৰিক সপোনৰ পৰা ওলাই আহি এগৰাকী দয়ালু আৰু নিষ্ঠাবান যুৱতী হৈ পৰাৰ পৰিৱৰ্তনশীল যাত্ৰাক চিত্ৰিত কৰা হৈছে। ছবিখনৰ কাহিনী, পৰিচালনা আৰু সম্পাদনা কৰিছে নেকিবে, আনহাতে চিত্ৰনাট্য আৰু সংলাপ হৈছে দেৱজিৎ বৰাৰ। ছবিখনৰ চিনেমেট’গ্ৰাফীৰ দায়িত্বত আছে উত্তম কলিতা আৰু কলা পৰিচালনাৰ দায়িত্ব চম্ভালিছে নাৰায়ণ মেধিয়ে। ছবিখনৰ প্ৰযোজক জেকবে সংগীত আৰু আৱহ সংগীতো প্ৰদান কৰিছে। ‘ডিফলু’ৰ মুখ্য সহকাৰী পৰিচালক হিচাপে আছে জিতুল ৰাজবংশী আৰু তেওঁক সহায় কৰিছে দেৱাশীষ ডেকা আৰু আফিৰন নিচাই। ছবিখনৰ সাজ-সজ্জা জুৰি কলিতাৰ আৰু মেক-আপ পিজুমণি শৰ্মাৰ। আনহাতে প্ৰডাকচন মেনেজাৰ হিচাপে আছে উৎপল কলিতা। উল্লেখ্য যে, ছবিখনৰ জনসংযোগ আৰু ছ’চিয়েল মিডিয়া প্ৰচাৰ অভিযান পৰিচালনা কৰিব গুৱাহাটীস্থিত সুপৰিচিত জনসংযোগ আৰু ব্যৱস্থাপনা পৰামৰ্শদাতা প্ৰতিষ্ঠান লাইফছ পাৰ্পলে। নতুন কথাছবি ‘ডিফলু’ৰ উন্মোচনৰ সমান্তৰালভাৱে এই অনুষ্ঠানতে সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত বৰলুইত প্ৰডাকচনৰ চুটি ছবি ‘ৰং- দ্য কালাৰ’ৰ আনুষ্ঠিক মুক্তিৰ বিষয়েও ঘোষণা কৰা হয়। উল্লেখ্য যে, শক্তিশালী কাহিনী আৰু উপস্থাপন শৈলীৰ বাবে বহু-প্ৰশংসিত এই চুটি ছবিখনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ইতিমধ্যে অসংখ্য বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। লক্ষণীয় যে, বিশ্বজুৰি স্বীকৃতি লাভ কৰা ‘ৰং- দ্য কালাৰ’ চুটি ছবিখন এতিয়া বৰলুইত প্ৰডাকচনৰ ইউটিউব চেনেলতো দৰ্শকৰ বাবে উপলব্ধ।

]]>
https://rupaliparda.com/archives/30550/feed 0 30550
বীৰাংগনা সাধনী / চিনেচৰ্চা –উৎপল মেনা https://rupaliparda.com/archives/30325 https://rupaliparda.com/archives/30325#respond Tue, 02 Jul 2024 05:49:59 +0000 https://rupaliparda.com/?p=30325 কথা পাতিছিলোঁ, বিশ্বজিৎ বৰাৰ সৈতে।
সাজু কৰা দুটা ট্ৰেইলাৰত অনুভৱ কৰিছিলোঁ– বিশ্বজিতৰ শেহতীয়া চিনেকৰ্ম।
ট্ৰেইলাৰ দুটাত “ৰক্তবীজ”ৰ, ফেঁহুজালি”ৰ চিনেকৰ্মৰ ছাঁ নাই, মনলৈ আনি দিছে “বাহুবলী: দ্য বিগিনিং” ইত্যাদিৰ। colourful, পৰিপাটি চিনেকৰ্মৰ অনুভৱ দিছে। ঐতিহাসিক চিনেমা যেতিয়া চিনেমা খনৰ বুনিয়াদ “কাহিনী”, চৰিত্ৰ নিৰ্মাণ। “কাহিনী” নিৰ্মাণ কৰিছে চুতীয়া ৰাজ্যৰ শেষ গৰাকী ৰাণী সতী সাধনী বা সাধনী নাৰায়ণক কেন্দ্ৰ কৰি। সাধনী নাৰায়ণ জন্ম আনুমানিক ১৫ শতিকাৰ শেষ ভাগত হৈছিল বুলি কোৱা হয়। –চিনেমা খনৰ কাম আৰম্ভ হোৱাৰে পৰা চৰ্চাৰ বিষয় আছিল, কোনে অভিনয় কৰিব এই চৰিত্ৰটোত। অভিনেতা-অভিনেত্ৰী নিৰ্বাচন পৰ্ব আৰম্ভ হৈছিল। নিৰ্বচন পৰ্বত মই নিজেও এগৰাকী বিচাৰক আছিলোঁ। কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰী পৰিচালকৰ চকুত পৰিছিল (আন চৰিত্ৰৰ বাবে নিৰ্বাচন কৰিছিল।), চৰিত্ৰটোৰ বাবে কিন্তু অভিনেত্ৰী পোৱা নাছিল।

বীৰাংগনা সাধনী / চিনেচৰ্চা --উৎপল মেনা 3
অৱশেত এগৰাকী পাইছিল, বিশ্বজিতে খবৰটো দিছিল, বিতং তথ্য দিয়া নাছিল। চিত্ৰগ্ৰহণৰ সময়তো “নায়িকা” আঁৰতে থাকিল। থাকিল মানে, পৰিচালকেই ইচ্ছাকৃতভাবে আঁৰতে ৰাখিলে। নাম জনাৰ আগতে, চোৱা ট্ৰেইলাৰ দুটাত আশাৰে চাবলৈ ৰৈ থকা নায়িকাগৰাকীকো দেখিলোঁ, আন কেইবাটাও চৰিত্ৰৰ সৈতে। যুদ্ধৰ পৰিৱেশ নায়িকা, আন চৰিত্ৰৰ লগতে “নীতিপাল” লুকানন্দক। দেখিলোঁ সুৰধ্বজ পাল” মৃদুল চুতীয়াক, ‘কাঁচিতৰা” তপন দাসকে ধৰি বহুতকে। অনুমান কৰিব পাৰি– চিনেমা খনৰ নিৰ্মাণ পৰ্ব, বিশেষকৈ যুদ্ধৰ শিহৰণকাৰী দৃশ্য নিৰ্মাণৰ আয়োজন আছিল তামিল-তেলেগু বা বলিউডৰ বিগ বাজেটৰ চিনেমাৰ পৰ্যায়ৰ। খৰছ কিমান কৰিছে নাজানো, জানিবলৈ চেষ্টা কৰা নাই, “কাম” কিন্তু বলিউডৰ চিনেমাক ফেৰ মাৰিব পৰা হৈছে। যদি চিনেমা খনৰ সম্পূৰ্ণ নিৰ্মাণ পৰ্ব ট্ৰেইলাৰ দুটাৰ পৰ্যায়ৰ হৈছে, ক’ব পাৰিম অসমৰ পৰিচালকে “বাহুবলী”ৰ দৰে চিনেমা নিৰ্মাণ কৰিব নোৱাৰে বুলি কোনো কথা নাই, অসমৰ পৰিচালকে “লাচিত বৰফুকন” কেন্দ্ৰিক “ৰাষ্ট্ৰীয় পৰ্যায়”ৰ চিনেমা নিৰ্মাণ কৰিব নোৱাৰে বুলিয়ো কোনো কথা নাই!

বীৰাংগনা সাধনী / চিনেচৰ্চা --উৎপল মেনা 4
–শেষৰজন চুতীয়া ৰজা ধীৰনাৰায়ণ চিনেমা খনৰ কাহিনীৰ এটা বিন্দু। এই চৰিত্ৰটোত অভিনয় কৰিছে দক্ষ অভিনেতা অভিনেতা ভৱেশ বৰুৱাই। ড°ভূপেন হাজৰিকাৰ পৰিচালনাৰে নিৰ্মিত “মন প্ৰজাপতি”ৰ নায়ক গৰাকীৰ এয়া চিনেযাত্ৰাৰ নতুন বাট বুলিব পাৰি।
–চিনেমা খনত প্ৰাঞ্জল শইকীয়া,, মলয়া গোস্বামী, লেম ছেঞ্চু, হিমাংশু প্ৰসাদ দাস, ৰাজীৱ ক্ৰ’, চন্দনা শৰ্মা, পলাশ মেচ, অৰুণ হাজৰিকা, ৰমেন তামুলীকে ধৰি প্ৰায় ৫০০ আভিনেতা-অভিনেত্ৰী কেমেৰাৰ ফ্ৰেমলৈ আহিছে।
–এক বিশাল ইউনিট লৈ কাম কৰিছে বিশ্বজিতে। অসমৰ, অসমৰ বাহিৰৰ। ডাইৰেক্টৰ অফ ফটোগ্ৰাফী এশৱাৰ ইয়েল্লুমাহান্থী। একচন ডাইৰেক্টৰ হিচাপে আছে দক্ষিণৰ এগৰাকী প্ৰখ্যাত একচন ডাইৰেক্টৰ এন জি বাবু। কলা নিৰ্দেশনা নুৰুদ্দিন আহমেদৰ। সংগীত অংগৰাগ পাপন মহন্তৰ। কষ্টিউম লুপামুদ্ৰা গগৈ বৰাৰ।প্ৰযোজনা নিয়ন্ত্ৰক অসীম শইকীয়া। চিত্ৰনাট্য বিশ্বজিত বৰা, লুপামুদ্ৰা গগৈ বৰা আৰু বিনীদ মেননৰ।
প্ৰায় ৯৫ শতাংশ চিত্ৰ গ্ৰহণৰ কাম সম্পূৰ্ণ হোৱা এই চিনেমা খনৰ নাম– “বীৰাংগনা সাধনী”। চুতীয়া উন্নয়ন পৰিষদৰ বেনাৰত নিৰ্মিত। সম্ভৱতঃ চিত্ৰগৃহলৈ আহিব অহা বছৰৰ জুন-জুলাইত।

]]>
https://rupaliparda.com/archives/30325/feed 0 30325
গোবৰধন চৰিত /চিনেচৰ্চা –উৎপল মেনা https://rupaliparda.com/archives/30195 https://rupaliparda.com/archives/30195#respond Thu, 23 May 2024 08:23:16 +0000 https://rupaliparda.com/?p=30195 গোবৰধন চৰিত /চিনেচৰ্চা --উৎপল মেনা 6

তৰুণ শইকীয়াৰ অনাতাঁৰ নাটক “গোবৰধন চৰিত”। নাটক খনৰ গোবৰ আৰু মইনা চৰিত্ৰ দুটা আজিও মনৰ মাজত সেউজ হৈ আছে।
–ইন্দ্ৰ বনীয়াৰ কণ্ঠ আৰু সংলাপ প্ৰক্ষেপন শৈলীয়ে নিৰ্মাণ কৰা গোবৰ, আমাৰ মন-মগজু দখল কৰা “গবৰ ইমেজ”ৰ ওচৰেই নাপালে অৰুণ হাজৰিকাক লৈ নিৰ্মাণ কৰা (চিনেমা খনৰ গোবৰ) চৰিত্ৰটো। দৰ্শকৰ আসনৰ পৰা এয়া আমাৰ প্ৰথম আক্ষেপ। আমাৰ “ইমেজ”ৰ গবৰ আছিল সহজ-সৰল, অজলা। চিনেমাত দেখা গবৰ জনক “সাহিত্যৰ ভাষা”ৰে অজলা বুজাবলৈ চেষ্টা কৰা হৈছে। আৰু যদি এনেদৰে ভৱা হয়– অনাতাঁৰ নাটক খনৰ “গোবৰ”ৰ সৈতে চিনেমা খনৰ গোবৰৰ কোনো সম্পৰ্ক নাই বা থাকিব লাগে বুলি কোনো কথা নাই! তাৰ পাছতো আমি ক’ম– গোবৰ চৰিত্ৰটো নিৰ্মাণত পৰিচালক ব্যৰ্থ। চৰিত্ৰটো “অৰুণ হাজৰিকা” হৈ থাকিল। কেবল অৰুণ হাজৰিকায়ে নহয়, মইনাৰ চৰিত্ৰত অভিনয় কৰা স্বাগতা ভৰালীক বাদ দি কোনো এগৰাকী অভিনেতা-আভিনেত্ৰীয়ে “চৰিত্ৰ”ৰ সৈতে একাত্ম হোৱাত সফল বুলিব নোৱাৰি। ক’ব লাগে– সংলাপ কৈছে, কেমেৰাৰ সন্মূখত “চৰিত্ৰ”ক গতি দিছে। ইমানেই। (অন্যান্য চৰিত্ৰত আভিনয় কৰিছে প্ৰতিভা চৌধুৰী, চেতনা দাস, পূৰ্ণদা শইকীয়া, নমিতা গোস্বামী, মধুমিতা কটকী, মালা বৰঠাকুৰ, কমলেশ শইকীয়া, জয়ন্ত গোস্বামী আদিয়ে।)
–এটা চৰিত্ৰ নিৰ্মাণ কৰিছে সুজিত শৰ্মাক লৈ। মঞ্চ নাটক (ভ্ৰাম্যমাণ থিয়েটাৰ) অভিনয়ৰ পৰা মুক্ত নহয় যদিও, চৰিতটো নিৰ্মাণত পৰিচালক কিছু পৰিমানে সফল। এই চৰিত্ৰটোৰ ওচৰত নিস্প্ৰভ– মূল চৰিত্ৰ “গোবৰ”। অপ্ৰয়োজনীয় “চৰিত্ৰ”ৰ ভিৰ গোবৰ” নিস্প্ৰভ হৈ পৰাৰ আন এটা দিশ। আমাৰ ধাৰণাত পৰিচালকৰ চৰিত্ৰ নিৰ্মাণ ডিজাইন, গল্পক গতি দিয়াৰ কেমেৰা ডিজাইন নাছিল। কিন্তু কেমেৰা ডিজাইনত মন দিছিল! কেমেৰাৰ ভাষাৰে “পৰিবেশ নিৰ্মাণ”ত মন দিছিল।
–হয়, চিনেমা খনৰ কাহিনী নিৰ্মাণ কৰিছে গাঁৱত। বিশেষকৈ কেমেৰাৰ ভাষাৰে নিৰ্মাণ কৰা গ্ৰাম্যছবিয়ে আমাক চুই গৈছে। ক’ব পাৰি, কাহিনীৰ গতিত ব্যৱহাৰ কৰা গ্ৰাাম্যছবি চিনেমা খনৰ প্ৰধান অলংকাৰ, ৰূপালী সৌন্দৰ্য। এই ইতিবাচক দিশৰ বাবে স্বাভাৱিকতে প্ৰশংসা কৰিব লাগিব পৰিচালক জয়ন্ত গোস্বামীয়ৰ লগতে চিত্ৰগ্ৰহণকাৰী চন্দন সাগৰক। গাওঁৰ ছবি খন আৰু সুন্দৰ কৰিবলৈ পৰিচালকে (সংগীতো পৰিচালক গোস্বামীৰ।) লক্ষ্মীনাথ বেজবৰুৱাই লিখা
“ক’ত আছে এনে চাউল পানীত দিলে ভাত?
ক’ত এনে কুঁজীথেকেৰা টেঙাই যায় দাঁত ?
ক’ত পাবা পকাখৰিচা, ক’ত ঢেকীয়া শাক ?
এঠাদৈ ক’ত এনে নেৰায় ধুলে যাক।
হেৰা আমাৰ জন্মভূমি…” গীতটো ব্যৱহাৰ কৰিছে। (এই গীতটো ড° ভূপেন হাজৰিকা, দিলীপ শৰ্মা, সুদক্ষিণা শৰ্মাৰ কণ্ঠত বাণীবদ্ধ কৰিছিল। পূৰ্বে। চিনেমা খনত ব্যৱহাৰ হোৱা গীতটোত কণ্ঠদিন কৰিছে গায়ত্ৰী হাজৰিকাই।) গীতটোৰে অসমৰ এখন (চিনেমাৰ গল্পটোৰ) গাৱঁৰ ছবি আৰু সুন্দৰকৈ স্পষ্ট কৰিছে। গীতটোৰ চিত্ৰায়ণত কুঁহিয়াৰ পেৰা শাল আদি কেমেৰাৰ ফ্ৰেমলৈ আনিছে।

]]>
https://rupaliparda.com/archives/30195/feed 0 30195