আত্মলিপিৰ ১৬ খিলা আৰু… – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sun, 07 Jul 2024 16:15:57 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 আত্মলিপিৰ ১৬ খিলা আৰু… – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ।। ‘আত্মলিপিৰ ১৬ খিলা আৰু…’ উন্মোচন ।। https://rupaliparda.com/archives/30334 https://rupaliparda.com/archives/30334#respond Sun, 07 Jul 2024 16:15:57 +0000 https://rupaliparda.com/?p=30334 ।। 'আত্মলিপিৰ ১৬ খিলা আৰু...' উন্মোচন ।। 3

৭ জুলিই। বিশিষ্ট সংগীত শিল্পী প্ৰভাত শৰ্মাৰ ওপজা দিনটো আজি গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ নিগাজী পামত থকা তেওঁৰ বাসভৱনত গাম্ভীৰ্যপূৰ্ণভাৱে উদযাপন কৰা হয় । এই উপলক্ষে জ্যেষ্ঠ সাংবাদিক উৎপল মেনা ৰচিত আৰু প্ৰকাশন প্ৰতিষ্ঠান ‘শব্দ-শিল্প’ৰ দ্বাৰা প্ৰকাশিত শিল্পীগৰাকীৰ জীৱন আৰু কৰ্ম বিষয়ক গ্ৰন্থ ‘আত্মলিপিৰ ১৬ খিলা আৰু…’ উন্মোচন কৰা হয় । গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মঞ্জু বৰাই ।

।। 'আত্মলিপিৰ ১৬ খিলা আৰু...' উন্মোচন ।। 4
গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত তেওঁ কয় যে প্ৰভাত শৰ্মাক সকলোৱে ভালদৰেই জানে, আজি উন্মোচন কৰা এই গ্ৰন্থখনৰ জৰিয়তে পঢ়ুৱৈয়ে শিল্পীগৰাকীক নতুনকৈ আৱিষ্কাৰ কৰিব পাৰিব । ঘৰুৱাভাৱে অনুষ্টুপীয়াকৈ আয়োজিত এই অনুষ্ঠানটোত জ্যেষ্ঠ সাংবাদিক ক্ৰমে প্ৰাণজিৎ শইকীয়া, গৌতম শৰ্মা, দেৱজিৎ ভূঞাকে ধৰি অনেক গণ্যমান্য ব্যক্তিয়ে শিল্পীগৰাকীৰ স্মৃতিচাৰণ কৰে । অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক উৎপল মেনা, চন্দন ভাগৱতী, লোক সংগীতৰ শিল্পী হীৰক জ্যোতি শৰ্মা, চিনেমা পৰিচালক হেমন্ত কুমাৰ দাস আৰু সাধক শিল্পীগৰাকীৰ কন্যা সংগীত শিল্পী তৰালি শৰ্মাকে ধৰি পৰিয়ালবৰ্গৰ আন আন সদস্যসকলো উপস্থিত থাকে । এই অনুষ্ঠানতে সাধাৰণ পঢ়ুৱৈৰ উপৰি মুখ্যত: অসমৰ বিভিন্ন পুথিভঁৰালত প্ৰদান কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰ প্ৰকাশ কৰি উলিওৱা এই গ্ৰন্থখন অসমৰ এটি আগশাৰীৰ পুথিভঁৰাল ‘প্ৰেৰণা পুথিভঁৰাল’ৰ প্ৰতিনিধি বনজিত ডেকাৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰি গ্ৰন্থ প্ৰদান পৰ্বৰো আৰম্ভণি কৰা হয় । গ্ৰন্থখন প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই । উল্লেখযোগ্য যে প্ৰতিবছৰৰ দৰে এইবাৰো আজিৰ দিনটোতে ‘সংগীতশ্ৰী প্ৰভাত শৰ্মা উদগণি বঁটা’ মাজুলীৰ লোকশিল্পী অচ্যুত কুমাৰ নাথক আনুষ্ঠানিকভাৱে প্ৰদান কৰাৰ কথা আছিল যদিও ৰাজ্যখনৰ বান পৰিস্থিতিৰ বাবে এই কাৰ্যসূচী পিছুৱাই দিবলগীয়া হয় ।

]]>
https://rupaliparda.com/archives/30334/feed 0 30334