উৎপল দাস – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Fri, 31 May 2024 12:10:49 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 উৎপল দাস – Rupaliparda.com https://rupaliparda.com 32 32 163073109 || যতীন বৰাৰ বাবে এটা চৰিত্ৰ… || –উৎপল মেনা https://rupaliparda.com/archives/30226 https://rupaliparda.com/archives/30226#respond Fri, 31 May 2024 10:24:38 +0000 https://rupaliparda.com/?p=30226 || যতীন বৰাৰ বাবে এটা চৰিত্ৰ... || --উৎপল মেনা 4

যতীন বৰাই “অভিনয় শক্তি” দেখুৱাব পৰা চৰিত্ৰত আভিনয় নকৰা নহয়, কৰিছে–, মাত্ৰ এটা ইমেজত। পৰিচালক মুনিন বৰুৱাই নিৰ্মাণ কৰা ইমেজত। “বিধাতা”কে ধৰি কেইখন মান চিনেমাত। সন্দেহ নাই, বিতৰ্কৰ অৱকাশ নাই– নিপন গোস্বামী, বিজু ফুকনৰ পাছত অসমীয়া চিনেমাৰ “নায়কৰ স্থান” দখল কৰিছে যতীন বৰাই। তেনেদৰে সন্দেহ নাই– যতীন বৰা নামৰ সম্পূৰ্ণ অভিনেতা গৰাকীৰ “অভিনয় শক্তি” আজিৰ তাৰিখতো অসমীয়া চিনেমাত দৰ্শকে দেখা নাই, চিনেমা লেখকে, চিনেমা পৰিচালকে অভিনেতা গৰাকীক লৈ নতুন বা অন্য ধৰণৰ “চৰিত্ৰ চিন্তা” নকৰা বাবে।

|| যতীন বৰাৰ বাবে এটা চৰিত্ৰ... || --উৎপল মেনা 5

আমাৰ ধাৰণাত শেহতীয়া ভাবে (“ৰত্নাকৰ”ৰ স্থানীয় বজাৰ সফলতাৰ বাবে হয়তো!) একশ্বনৰ মোহত পৰি চিনে যাত্ৰাৰ ভুল বাটত আগবাঢ়িছে যতীন বৰাই। ভুল বাটত আগবাঢ়ি থকা সময়তে খবৰ পালোঁ– “ককাদেউতা নাতি আৰু হাতী-২”ৰ খবৰ। খবৰ পালোঁ– “ককাদেউতা নাতি আৰু হাতী”ত নিপন গোস্বামীক লৈ কৰা “জনপ্ৰিয় ককাদেউতা”ৰ চৰিত্ৰটোৰ দৰে এটা চৰিত্ৰত অভিনয় কৰিব যতীন বৰাই। আভিনয় কৰিব চিনেমা খনৰ আন এটা চৰিত্ৰটো। আমি আশাৰ বাট দেখিছোঁ “ককাদেউতা যতীন”ৰ মাজত যতীন বৰাৰ “অভিনয় শক্তি” অনুভৱৰ সুযোগ পাম!
“ককাদেউতা নিপন গোস্বামী” (মৌজাদাৰ সৰ্বেশ্বৰ শইকীয়া) চৰিত্ৰটো নিপ বৰুৱা, মহেন্দ্ৰ বৰঠাকুৰৰ ৰচনা (পৰিচালক: নিপ বৰুৱা/ কাহিনী: নিপ বৰুৱা, মহেন্দ্ৰ বৰঠাকুৰ/ চিত্ৰনাট্য: নিপ বৰুৱা, মহেন্দ্ৰ বৰঠাকুৰ)। জানিব পৰা নাই “ককাদেউতা যতীন”ৰ চিন্তা নতুনকৈ কৰিছে, নে পূৰ্বৰ ইমেজতে নিৰ্মাণ হ’ব!

|| যতীন বৰাৰ বাবে এটা চৰিত্ৰ... || --উৎপল মেনা 6–“ককাদেউতা নাতি আৰু হাতী-২”ৰ পৰিচালক: অচিন্ত শংকৰ, চিত্ৰনাট্য: ৰাজদ্বীপৰ।
–এই খিনিতে মনলৈ আমিতাভ বচ্চন প্ৰসংগ। ভুল ৰাজনৈতিক সিদ্ধান্তৰ (চন: ১৯৮৪-১৯৮৭) পাছত, জনপ্ৰিয়তা হৃাস হোৱাৰ (চন: ১৯৮৮-১৯৯২) পাছত “লাল বাদশ্বাহ” (১৯৯৯), “হিন্দুস্তান কি কছম” (১৯৯৯) আদি চিনেমাৰে “বলিউডৰ ভুল বাট”ত খোজ দি পিছল খোৱাৰ পাছত “নতুন ইমেজ” দি আকৌ সফলতাৰ বাট দেখুৱাইছিল আদিত্য চোপ্ৰা(কভি খুছি কভি গম), ৰবি চোপ্ৰা (বাঘবান) আদিৰ দৰে তৰুণ পৰিচালক সকলে। আৰু পাছৰ পৰ্যায়ত ঋতুপর্ণ ঘোষৰ’দ্য লাষ্ট লিয়াৰ”, সুজিত সৰকাৰৰ “পিকু”, সঞ্জয় লীলা ভাঞ্চালীৰ “ব্লেক”, ৰাম গোপাল বার্মাৰ “চৰকাৰ”, মীৰা নায়াৰৰ “শান্তৰাম”, শ্বুজিত ছিৰকাৰ “গুলাবো সীতাবো” আদিৰে নতুন বাট লৈছে; এই বাটত কোনো “ইমেজ” নাই, আছে কেৱল অমিতাভ বচ্চনৰ “আভিনয় শক্তি”। (আমিতাভ বচ্চনৰ এই প্ৰসংগৰ যতীন বৰা কেন্দ্ৰিক ব্যাখ্যা আমি নিশ্চয় কৰিব পাৰোঁ! –আচিন্ত তৰুণ পৰিচালক।)
–আকৌ আহিছোঁ “ককাদেউতা নাতি আৰু হাতী-২”লৈ। প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টছ প্ৰাইভেট লিমিটেডৰ বেনাৰত ৰিণিকি ভূঞা শৰ্মাই প্ৰযোজনাৰ দায়িত্ব লোৱা এই চিনেমা খনত যতীন বৰাৰ লগতে অভিনয় কৰিব প্ৰাঞ্জল শইকীয়া, উৎপল দাস, প্ৰীতি কংকণা, য়শস্বী ভূঞা আদিয়ে।

]]>
https://rupaliparda.com/archives/30226/feed 0 30226
সত্য: চিত্ৰগৃহলৈ ২ ফেব্ৰুৱাৰীত –উৎপল মেনা https://rupaliparda.com/archives/29869 https://rupaliparda.com/archives/29869#respond Sun, 21 Jan 2024 02:52:04 +0000 https://rupaliparda.com/?p=29869 চৰ্চাত এখন অসমীয়া চিনেমা– ‘সত্য- দ্য ট্ৰুথ’। বিষয়বস্তু কেন্দ্ৰীক চিনচিন্তা। চৰ্চাৰ কাৰণ বিষয়বস্তু। পুৰুষৰ সৈতে পুৰুষৰ প্ৰেম কাহিনী। নহয়, কেৱল শৰীৰ প্ৰেম নহয়, প্ৰেমৰ মানসিক অনুভৱ। ‘পুৰুষ সত্য’ৰ আন এক পুৰুষৰ প্ৰতি প্ৰেমৰ যি আৱেগ সেয়া সত্য। ঘৰে, সমাজে মানি নললেও এগৰাকী পুৰুষে আন এগৰাকী পুৰুষৰ প্ৰতি অনুভৱ কৰা প্ৰেমৰ আৱেগ সত্য। ‘পুৰুষ সত্য’ই পুৰুষ প্ৰেমিকক এৰি থকাৰ বা আঁতৰি যোৱাৰ কথা ভাবিব নোৱাৰে। পৰিচালকে নৱাগত অভিনেতা ৰাকেশ বৰুৱাক লৈ সত্য আৰু সত্যৰ বিপৰীতে অমৰ বৰুৱা চৰিত্ৰটো নিৰ্মাণ কৰিছে, উৎপল দাসক লৈ।

সত্য: চিত্ৰগৃহলৈ ২ ফেব্ৰুৱাৰীত --উৎপল মেনা 9–‘নীল নির্জনে’, ‘আৰেকটি প্রমেৰ গল্প’, ‘চিত্রাঙ্গদা’ ‘ফায়াৰ’, ‘এক লড়কি কো দেখা তো এইছা লাগা’, ‘আলিগড়’, ‘চিত্রাঙ্গদা’কে ধৰি ভাৰতীয় ভাষাত সমকামিতা বিষয়ক (কেন্দ্ৰীক, চুই যোৱা) ভালেমান চিনেমা নিৰ্মাণ হৈছে। আৰু প্ৰতিবাৰে চৰ্চালৈ আহিছে। বক্স আ’ফিচ বৈতৰণী পাৰ হৈছে। দেশ-বিদেশৰ চলচ্চিত্ৰ মহোৎসৱতো চৰ্চালৈ আহিছে। ‘সত্য’ও চিকাগো ছাউথ এছিয়ান চলচ্চিত্ৰ মহোৎসৱ, জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচিত্র মহোৎসৱৰ লগতে কেইবাটাও চলচ্চিত্ৰ মহোৎসৱত চৰ্চাৰ বিষয় হৈছে। এতিয়া লক্ষনীয় বিষয়– এই চিনেমা খনে বক্স অ’ফিচ বৈতৰণী পাৰ হ’ব নে?
এই চিনেমা খনৰ পৰিকল্পনা চন্দন তালুকদাৰৰ, প্ৰযোজনা তিলোত্তমা তালুকদাৰ আৰু পৰিচালনা ৰূপজ্যোতি বৰঠাকুৰৰ। উৎপল দাস, উদয়ন দুৱৰা, ডৰথী ভৰদ্বাজ, মহেশ বৰা, সুমন দাস আদিয়ে অভিনয় কৰা চিনেমা খন চিত্ৰগৃহলৈ আহিব অহা ২ ফেব্ৰুৱাৰীত।

সত্য: চিত্ৰগৃহলৈ ২ ফেব্ৰুৱাৰীত --উৎপল মেনা 10চিনেমা খনৰ চিত্ৰগ্ৰহণ কৰিছে হিতেন ঠাকুৰীয়াই, সম্পাদনা কৰিছে সঞ্জীৱ বৰঠাকুৰে আৰু শব্দ সংযোজন আৰু সংমিশ্রণ কৰিছে অমৃত প্ৰীতমে। চিনেমা খনত গীতো ব্যৱহাৰ কৰিছে। সংগীত তৰালি শৰ্মা, দিগন্ত ভাৰতীৰ। আৱহ সংগীত তৰালি শৰ্মাৰ। গীতৰ কথা প্ৰশান্ত বৰদলৈ, তৰালী শৰ্মা আৰু ঝুনা কংকন ভূঞাৰ। গীত চিত্ৰায়ণ কৰিছে অভিজিৎ বৰাই। গীতকেইটাত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, অৰুন্ধতী ভানুপ্ৰিয়া আৰু অনুৰাগ বৰুৱাই।

]]>
https://rupaliparda.com/archives/29869/feed 0 29869