এখন ৰাজনৈতিক থ্ৰীলাৰ – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Mon, 05 Jan 2026 12:09:44 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 এখন ৰাজনৈতিক থ্ৰীলাৰ – Rupaliparda.com https://rupaliparda.com 32 32 163073109 খাকী | পোষ্টাৰ মুকলি –উৎপল মেনা https://rupaliparda.com/archives/32721 Mon, 05 Jan 2026 11:58:54 +0000 https://rupaliparda.com/?p=32721 এখন ৰাজনৈতিক থ্ৰীলাৰ– “খাকী”। সাংবাদিকৰ পৰিচালনা। সাংবাদিক অতনু ভূঞাৰ ৰূপালী গল্প। সাংবাদিক অতনু ভূঞাই দীৰ্ঘ সময় অসমৰ ৰাজনীতি দেখিছে। ৰাজনীতিক আৰু পুলিছৰ “কৰ্ম”ৰ বাস্তৱ ছবি খনো অনুভৱ কৰিছে! নিশ্চয় দেখা, বাস্তৱত অনুভৱ কৰা “ঘটনা-উপঘটনা” ৰূপালী গল্পটোৰ কাহিনী-ৰেখালৈ আহিব।

খাকী
আজি মোক পৰিচালক অতনুদা ভূঞা আৰু চিনেমা খনৰ প্ৰচাৰ ডিজাইনাৰ শিৱাণু বৰাই “পোষ্টাৰ” মুকলি কৰাৰ দায়িত্ব দিলে। পৰিচালকৰ সৈতে “পোষ্টাৰ” খন মুকলি কৰাৰ পাছত মোৰ পৰা “পোষ্টাৰ” কেন্দ্ৰিক চৰ্চা বিছাৰিলে।
ক’লো– পোষ্টাৰ খনত স্পষ্ট হৈ আছে চিনেমা খনৰ বিষয়-বস্তু।

–সেই সময়ত পোষ্টাৰ খন ভালদৰে চাব পৰা নাছিলোঁ। পাছত, ভালদৰে চোৱাৰ পাছত অনুভৱ কৰিলোঁ পোষ্টাৰ ডিজাইনাৰৰ (আৰু যি গৰাকীৰ চিন্তাৰে পোষ্টাৰ খন ডিজাইন কৰা হৈছে) পৰিপাটি কৰ্ম, পোষ্টাৰ খনেৰে “দৰ্শক”ৰ ওচৰলৈ “চিনেমা” খন লৈ যাব “শিল্প-শক্তি”।
পোষ্টাৰ খনত “হাইলাইট” হৈছে– দুখন স্থিৰচিত্ৰ। এগৰাকী ৰাজপাটত বহি থকা ৰাজনৈতিক নেতা, আনগৰাকী পুলিছ বিষয়া (আৰক্ষীৰ দল), যিয়ে নেতাৰ আসনখন বাগৰি নপৰিবলৈ ধৰি আছে। আৰু পোষ্টাৰ খনত দেখা গৈছে– দুটা ৰাজনৈতিক দলৰ মাজত পতাকা লৈ কৰা প্ৰতিবাদ।
ক’ব পাৰি– পোষ্টাৰ খনে চিনেমা খনৰ বিষয়-বস্তু, কাহিনী অনুভৱৰ বাট দিছে।

প্ৰেছ বিজ্ঞপ্তিৰ পৰা সংযোজন:
চিনেমা খনৰ প্ৰযোজনা গোষ্ঠী ABCDৰ ফালৰ পৰা জনোৱা হয় ‘খাকী’ মুক্তি দিয়া হ’ব অহা ২৭ ফেব্ৰুৱাৰীত। ৰাজনৈতিক চিনেমাখন নিৰ্বাচনৰ আগে আগে মু্ক্তি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। ‘খাকী’ৰ অন্তিম পৰ্যায়ৰ কাম বৰ্তমান মুম্বাইত চলি আছে। পৰিচালক অতনু ভূঞাই প্ৰায় ১৫ দিন ধৰি মুম্বাইত বাহৰ পাতি চিনেমাখনৰ কাৰিকৰী দিশৰ সৈতে জড়িত বিভিন্নজনৰ সৈতে আলোচনা কৰিছিল।

বৰ্তমান ছবিৰ DI অৰ্থাৎ ডিজিটেল ইণ্টাৰমিডিয়েটত কাম চলি আছে মুম্বাইৰ বিখ্যাত প্ৰসাদ লেবৰেটৰীত। পৰিচালকৰ মতে, প্ৰথমবাৰৰ বাবে অসমীয়া চিনেমাৰ কালাৰ কাৰেকচনত অতি উচ্চমানৰ টেকন’লজি ব্যৱহাৰ কৰা হৈছে। মুম্বাইৰ প্ৰসাদ লেবৰেটৰীত ডিআইৰ কাম কৰিছে বিখ্যাত পৰিচালক কিৰণ কোটাই। ‘ৱেডনেচ ডে’, ‘দ্য মাদ্ৰাছ কাফে’ আদি চিনেমাৰ ডিআইৰ সৈতে জড়িত আছিল কিৰণ কোটা। ইয়াৰ উপৰি বলীডউৰ বহু ছবিৰ কাম কৰিছে ‘খাকী’ৰ সৈতে জড়িত কিৰণ কোটাই।

খাকী
–আৱহ সংগীত আৰু অন্যান্য আনুষংগিক কামো চলি আছে মুম্বাইত। আৱহ সংগীতৰ দায়িত্ব দিয়া হৈছে বলীউডৰ জনপ্ৰিয় ডেনিয়েল বি জৰ্জক। ডেনিয়েলে ইয়াৰ পূৰ্বে বলীউডৰ জনপ্ৰিয় চিনেমা ‘আন্ধা ধূন’, ‘মেৰী খ্ৰীষ্টমাছ’, ‘জনী গাড্ডাৰ’ আদি ছবিৰ আৱহ সংগীতৰ কাম কৰিছিল। ‘আন্ধা ধূন’ৰ বাবে ডেনিয়েলে ফিল্ম ফেয়াৰৰ শ্ৰেষ্ঠ আৱহ সংগীতৰ বঁটাও পাইছিল। উল্লেখযোগ্য যে ২০২৫ বৰ্ষত এ আৰ ৰহমান আৰু ৰাম চম্পটৰ সৈতে ডেনিয়েল বি জৰ্জ শ্ৰেষ্ঠ আৱহ সংগীতৰ বাবে ফিল্ম ফেয়াৰ বঁটাৰ মনোনয়ন পাইছিল। অৱশ্যে শেষ মুহূৰ্তত এ আৰ ৰহমান আৰু ডেনিয়েল বি জৰ্জৰ পৰিৱৰ্তে আমীৰ খানৰ প্ৰযোজনাৰ ছবি ‘লাপাটা লেডীজ’ৰ পৰিচালক ৰাম চম্পটে এই বঁটা লাভ কৰিবলৈ সক্ষম হয়।

বৰ্তমান মুম্বাইত ডেনিয়েলৰ তত্বাৱধানত পূৰ্ণগতিত চলি আছে ‘খাকী’ৰ আৱহ সংগীতৰ কাম। আৱহ সংগীতৰ উপৰিও ছবিৰ সংগীত পৰিচালনা কৰিছে ডেনিয়েলে নিজে। কণ্ঠদান কৰিছে অনুজা ভূঞা, ৰূপম ভূঞা আৰু জয় বৰুৱাই। পৰিচালকে জানিবলৈ দিয়া মতে সমান্তৰালভাৱে মুম্বাইত ‘খাকী’ৰ শব্দৰ কাম চলি আছে। দেৱজিৎ চাংমা আৰু অমৃত প্ৰীতমৰ তত্বাৱধানত এই কাম চলি আছে। ‘খাকী’ত শব্দৰ ব্যাপক পয়োভৰ আছে। দেৱজিৎ চাংমা আৰু অমৃত প্ৰতীমে ছবিখনৰ বাবে যথেষ্ট পৰিশ্ৰম কৰিবলগীয়া হৈছে।

]]>
32721