ককাদেউতা নাতি আৰু হাতী-২ – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Thu, 18 Jun 2026 07:27:29 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 ককাদেউতা নাতি আৰু হাতী-২ – Rupaliparda.com https://rupaliparda.com 32 32 163073109 | নাতি ককা হ’ল… | –উৎপল মেনা https://rupaliparda.com/archives/33224 https://rupaliparda.com/archives/33224#respond Thu, 18 Jun 2026 07:26:17 +0000 https://rupaliparda.com/?p=33224 | নাতি ককা হ'ল... | --উৎপল মেনা 6

“এক দুই তিনি চাৰি
যুতি দিলোঁ গৰু গাড়ী
অ’ দেখিছানে হাতীয়ে চলায়…”
এটা জনপ্ৰিয় গীত। চিনেমাটিক। চুই থকা।
(গীতটোৰ কথা: কেশৱ মহন্ত। কণ্ঠ: কোকিলা গোস্বামী। সুৰ-সংগীত: ৰমেন বৰুৱা।)
চাৰি দশকৰো অধিক সময় পাৰ হৈ গ’ল। কিন্তু গীতটোৰ প্ৰথম দুটামান শাৰী আজিও কাণত পৰিলেই মনটো অতীত সময়লৈ উভতি যায়।
–যেন ধূলিময় গাঁৱৰ পথ!
— যেন দূৰৰপৰা ভাঁহি অহা মাইকৰ শব্দ!
–যেন বাঁহৰ খুঁটিত টানি দিয়া টিৰ্পালৰ চিত্ৰগৃহ!
–যেন হাতীৰ পিঠিত বহি থকা এটা কিশোৰ!

| নাতি ককা হ'ল... | --উৎপল মেনা 7
আশীৰ দশকৰ বহু কিশোৰৰ দৰেই আমাৰ বাবেও চিনেমাখন আগতে অহা নাছিল; আগতে আহিছিল গীতবোৰ।
“ঐ কলিৰ কৃষ্ণ বুলি হাঁহিলি…”, “পোহনীয়া চৰাইটি উৰিলে…”, “এই ৰ’দালী…”
আৰু সেইবোৰৰ মাজত আটাইতকৈ বেছি ভাল লগা গীতটো আছিল—”এক দুই তিনি চাৰি…”।
১৯৮৩ চনৰ ১৮ নৱেম্বৰত মুক্তি পোৱা নিপ বৰুৱাৰ “ককাদেউতা নাতি আৰু হাতী” সেই সময়ৰ এখন অত্যন্ত জনপ্ৰিয় চিনেমা। বক্স-অফিচতো লাভ কৰিছিল উল্লেখযোগ্য সফলতা। কিন্তু আমাৰ দৰে বহুজনৰ বাবে চিনেমা খনৰ সম্পৰ্ক প্ৰথমে ৰূপালী পৰ্দাত নহয়, গীতৰ মাজেৰেহে হৈছিল।
সেই সময়ত অকলে গৈ চিত্ৰগৃহত চিনেমা চোৱাৰ অনুমতি নাছিল। “বয়স”– তাৰ কাৰণ। সেয়েহে চিনেমা খন আমি চাইছিলোঁ চাৰি বছৰ পাছত, ১৯৮৮ চনত, টিৰ্পালেৰে সজা এটা অস্থায়ী চিত্ৰগৃহত। আজিৰ বহুজনৰ বাবে কথাটো হয়তো কল্পনাৰ দৰে লাগিব। কিন্তু এসময়ত গাঁৱৰ মুকলি পথাৰত, মেলাৰ বাকৰিত, টিৰ্পালৰ তলত গঢ় লৈ উঠা সেই অস্থায়ী #চিত্ৰগৃহ বোৰেই আছিল আমাৰ “মাল্টিপ্লেক্স”।
আৰু সেই পৰ্দাৰ ওপৰত আমি দেখিছিলোঁ এটা হাতী– বৃকোদৰ।
দেখিছিলোঁ– এজন ককাদেউতা।

| নাতি ককা হ'ল... | --উৎপল মেনা 8
আৰু দেখিছিলোঁ এটি কিশোৰ—মাইনা।
আজিৰ শিশুসকলে হয়তো ডাইন’ছৰ, ছুপাৰহিৰো বা ডিজিটেল জগতৰ কল্পনাৰ চৰিত্ৰৰ সৈতে ডাঙৰ হয়। আমাৰ শৈশৱৰ নায়ক হ’ব পাৰিছিল এটা হাতীও। বৃকোদৰ আছিল– বন্ধু, সংগী, চিনেমাৰ পৰিয়ালটোৰ সদস্য। সেইবাবেই বৃকোদৰ আৰু মাইনাৰ বন্ধুত্বই আমাৰ মন চুই গৈছিল।
সেই সময়ত আমি জনা নাছিলোঁ– হাতীৰ পিঠিত বহি থকা কিশোৰটোৰ নাম “মাষ্টাৰ হিমন্ত”।
জনা নাছিলোঁ– বহু বছৰৰ পাছত সেই শিশুশিল্পী গৰাকী অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা হিচাপে পৰিচিত হ’ব!
আমি কেৱল মাইনাক চিনিছিলোঁ।

| নাতি ককা হ'ল... | --উৎপল মেনা 9
কাহিনী আগবাঢ়িছিল। মাইনা ডাঙৰ হৈছিল। ডাঙৰ মাইনাৰ চৰিত্ৰত অভিনয় কৰিছিল প্ৰাঞ্জল শইকীয়াই। ককাদেউতাৰ মৰম, মাকণৰ নীৰৱ ভালপোৱা, জীৱনৰ উত্থান-পতন আৰু হাতী বৃকোদৰৰ সঙ্গ—সকলো মিলি মাইনা দৰ্শকৰ নিজৰ মানুহ যেন হৈ পৰিছিল।
সেইবাবেই হয়তো “ককাদেউতা নাতি আৰু হাতী” এখন সফল চিনেমাৰ সীমা অতিক্ৰম কৰি এটা প্ৰজন্মৰ স্মৃতি হৈ উঠিছিল।
সময় ৰৈ নাথাকে।
এদিন ককাদেউতাও নাথাকে।
নাতিও ডাঙৰ হয়।
আৰু সেই নাতিয়েই ককা হৈ পৰে।
অহা ৩ জুলাইত মুক্তি পাব “ককাদেউতা নাতি আৰু হাতী-২” (পৰিচালক: বিশ্বজিৎ বৰা। চিত্ৰনাট্য: ভাস্কৰ হাজৰিকা। অভিনয়ত: যতীন বৰা, তপন দাস, উৎপল দাস, প্ৰীতি কংকনা আদি।
আৰু এইবাৰ একালৰ সেই নাতি ককাৰ ৰূপত উভতি আহিব।
প্ৰথমখন চিনেমাৰ ডাঙৰ মাইনাৰ চৰিত্ৰত অভিনয় কৰা প্ৰাঞ্জল শইকীয়াক এইবাৰ দেখা পাম ককাৰ চৰিত্ৰত। অৰ্থাৎ যিজনে একালত নাতিৰ ভূমিকাত অভিনয় কৰিছিল, সেইজনেই আজিৰ ককাদেউতা।
একালৰ নাতি আজিৰ ককা।
পৰ্দাত মাইনাৰ বয়স বাঢ়িল।
বয়স আমাৰো বাঢ়িছে।
সেই টিৰ্পালৰ চিত্ৰগৃহবোৰ নাই। বহু গীত কেছেটৰ সৈতে হেৰাই গ’ল। বহু মুখ আজিৰ স্মৃতিৰ এলবামতহে জীৱন্ত। বহু মানুহো আমাৰ মাজত নাই।
কিন্তু আশ্চৰ্যজনকভাৱে, কিছুমান চৰিত্ৰৰ বয়স নাবাঢ়ে।
কিছুমান গীত পুৰণি নহয়।
কিছুমান চিনেমা শেষ নহয়।

| নাতি ককা হ'ল... | --উৎপল মেনা 10
মোৰ বাবে “ককাদেউতা নাতি আৰু হাতী-২” কেৱল এখন নতুন চিনেমা নহয়। এটা প্ৰজন্মৰ বাবে স্মৃতিৰ দুৱাৰ পুনৰ খোলাৰ এক উপলক্ষ। সেই সময়লৈ উভতি যোৱাৰ সুযোগ, য’ত হাতীৰ পিঠিত বহি থকা এটা কিশোৰক চাই আমি আনন্দ পাইছিলোঁ।
হয়তো অহা ৩ জুলাইত বা ৩ জুলাইৰ পাছত আমি কেৱল এখন চিনেমা চাবলৈ নাযাওঁ!
আমি চাবলৈ যাম আমাৰ নিজৰ এচোৱা শৈশৱ!
আৰু হয়তো চিত্ৰগৃহৰ পৰা ওলাই অহাৰ সময়ত মনৰ গভীৰতাত পুনৰ এবাৰ বাজি উঠিব–
“এক দুই তিনি চাৰি
যুতি দিলোঁ গৰু গাড়ী…” (চিনেমা খনত গীতটো হয়তো আছে! হয়তো নাই!)
কাৰণ সময় পাৰ হয়।
মানুহ সলনি হয়।
নাতি ককা হয়।
কিন্তু স্মৃতিবোৰ–
স্মৃতিবোৰ আজিও সিমানেই সৰু হৈ থাকে।
স্মৃতিৰ পৃথিৱীত মাইনা আজিও হাতীৰ পিঠিত বহি আছে!
|| “ককাদেউতা নাতি আৰু হাতী”ৰ মনলৈ অহা চৰিত্ৰ… ||
১। মইনা / প্ৰশান্ত শইকীয়া
কাহিনীটোৰ নায়ক। সৰুতে দেউতাকক হেৰুৱাই ককাক সৰ্বেশ্বৰ শইকীয়া আৰু মাক লখিমীৰ তত্ত্বাৱধানত ডাঙৰ হয়। উচ্চশিক্ষিত, আধুনিক চিন্তাধাৰাৰ যুৱক। কান্তাৰ প্ৰেমত পৰে যদিও শেষত মাকণৰ লগতেই মিলন ঘটে।
২। মাকণ
কাহিনীটোৰ নায়িকা। সৰ্বেশ্বৰ শইকীয়াই নিজৰ ছোৱালীৰ দৰে ডাঙৰ-দীঘল কৰা অনাথ কিশোৰী। সৰুৰে পৰা মইনাক নিঃস্বাৰ্থভাৱে ভাল পায়। ধৈৰ্য, ত্যাগ আৰু সহনশীলতাৰ প্ৰতীক।
৩। সৰ্বেশ্বৰ শইকীয়া
মৌজাদাৰ। মইনাৰ ককাক। পৰম্পৰা, প্ৰতিশ্ৰুতি আৰু আত্মসম্মানৰ প্ৰতিনিধি। নাতিয়েকৰ প্ৰতি গভীৰ মৰম থাকিলেও নিজৰ সিদ্ধান্তত অটল।
৪। বৃকোদৰ
মৌজাদাৰৰ মৰমৰ হাতী। কাহিনীটোৰ এক বিশেষ চৰিত্ৰ। মানুহৰ দৰে অনুভূতিশীল আচৰণেৰে কাহিনীৰ আৱেগিক দিশ শক্তিশালী কৰে। বিশেষকৈ মাকণক ঘূৰাই অনা ঘটনাটোত গুৰুত্বপূৰ্ণ ভূমিকা লয়।
৫। লখিমী
মইনাৰ মাক। পুত্ৰ আৰু দেউতাকৰ সংঘাতত মানসিকভাৱে ভাঙি পৰে আৰু শেষত মৃত্যুবৰণ কৰে।
৬। কান্তা
মইনাৰ কলেজীয়া প্ৰেমিকা। প্ৰতিষ্ঠিত উদ্যোগপতিৰ জীয়েক। শেষত আন এজন ডাক্তৰৰ লগত বিবাহপাশত আবদ্ধ হয়।
৭। হৰগোবিন্দ ফুকন
কান্তাৰ দেউতাক। ধনী উদ্যোগপতি। মইনাক জীয়েকৰ বাবে যোগ্য পাত্ৰ বুলি ভাবি বিদেশত পঢ়াৰ খৰচ বহন কৰিবলৈও সাজু হয়।
৮। কান্তাৰ মাক
স্বামীৰ সৈতে মইনা-কান্তাৰ বিয়াৰ প্ৰস্তাৱ লৈ মৌজাদাৰৰ ওচৰলৈ যায়।
৯। ফিয়েট হাজৰিকা
মইনাৰ কলেজৰ অন্তৰংগ বন্ধু। হোষ্টেলৰ ‘গেৰেজ’ গোটৰ সদস্য।
১০। এম্বেচেডৰ চলিহা
মইনাৰ বন্ধু। ফিয়েট আৰু গেজেলৰ সৈতে মিলি কাহিনীত হাস্যৰসৰ পৰিৱেশ সৃষ্টি কৰে।
১১। গেজেল বৰা
মইনাৰ আন এজন ঘনিষ্ঠ বন্ধু। বন্ধুত্বৰ প্ৰতীকস্বৰূপ চৰিত্ৰ।
১২। শান্তি
সৰ্বেশ্বৰ শইকীয়াৰ ভগ্নী। কাহিনীৰ আংশিক নেতিবাচক চৰিত্ৰ। মাকণৰ জীৱনত দুখ-কষ্ট বৃদ্ধি কৰে।
১৩. শান্তিৰ জীয়েক
মাকৰ সৈতে আহি মৌজাদাৰৰ ঘৰত থাকে। কাহিনীত সীমিত ভূমিকা।
১৪। মাকণৰ ককাক
সৰ্বেশ্বৰ শইকীয়াৰ বন্ধু। কাহিনীৰ আৰম্ভণিতে উল্লেখিত। তেওঁৰ মৃত্যুৰ পাছতেই মাকণে মৌজাদাৰৰ ঘৰত আশ্ৰয় লাভ কৰে।
১৫। ডাক্তৰ
শেষত– কান্তাৰ বিয়া হয়। কাহিনীত প্ৰত্যক্ষ উপস্থিতি কম, কিন্তু ঘটনাপ্ৰবাহ সলনি কৰাত ভূমিকা আছে।

|| চিনেমা খনৰ প্ৰসংগত পৰিচালক বিশ্বজিৎ বৰা ||

“মোৰ এফালে যেনেকৈ অত্যন্ত ভাল লাগিছে, আনফালে তেনেকৈ কিছু ভয়ো লাগিছে। এক দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত ছবিখনৰ সকলো কাম সম্পূৰ্ণ হৈছে। এই ছবিখনত কাম কৰাৰ সুযোগ লাভ কৰি মই নিজকে ধন্য মানিছোঁ। সেই সময়ত নিপ বৰুৱাই যিদৰে ছবিখন সুন্দৰভাৱে পৰিচালনা কৰি সফলতা অৰ্জন কৰিছিল, মই সেই সফলতাৰ ধাৰাবাহিকতা কিমান দূৰলৈ আগবঢ়াব পাৰিছোঁ বা কিমানখিনি সফল হৈছোঁ, সেয়া সময়েহে ক’ব। তথাপি মোৰ দৃঢ় বিশ্বাস, ৰাইজে ছবিখন আন্তৰিকতাৰে আদৰি ল’ব।
এই নতুন সংস্কৰণ নিৰ্মাণৰ ক্ষেত্ৰত দুটা গুৰুত্বপূৰ্ণ দিশক বিশেষভাৱে অগ্ৰাধিকাৰ দিয়া হৈছে। প্ৰথমতে, ১৯৮৩ চনত মুক্তি লাভ কৰা মূল ছবিখন যিসকল দৰ্শকে উপভোগ কৰিছিল, তেওঁলোকে যাতে নতুন ছবিখনতো সেই একেই আৱেগ, ঐতিহ্য আৰু সোঁৱৰণিৰ স্পৰ্শ অনুভৱ কৰিব পাৰে, তাৰ প্ৰতি সজাগ দৃষ্টি ৰখা হৈছে। দ্বিতীয়তে, মূল কাহিনীৰ গাঁথনি, চৰিত্ৰ আৰু ভাবধাৰাত কোনো ধৰণৰ অযথা হস্তক্ষেপ নকৰি, তাৰ স্বকীয়তা আৰু মৰ্যাদা অক্ষুণ্ণ ৰাখি কাহিনীটোক নতুন প্ৰজন্মৰ দৰ্শকৰ ওচৰলৈ লৈ যোৱাৰ এক আন্তৰিক প্ৰয়াস কৰা হৈছে। নতুন খনত আগৰ জনপ্ৰিয় গীত — “ঐ কলিৰ কৃষ্ণ বুলি হাঁহিলি…” টো নতুনকৈ চিত্ৰায়ণ কৰাই ব্যৱহাৰ কৰা হৈছে।”

]]>
https://rupaliparda.com/archives/33224/feed 0 33224
ছিকুৱেল | আৰু এখন… | –উৎপল মেনা https://rupaliparda.com/archives/32977 https://rupaliparda.com/archives/32977#respond Tue, 07 Apr 2026 01:51:19 +0000 https://rupaliparda.com/?p=32977 ছিকুৱেল | আৰু এখন... | --উৎপল মেনা 16

ছিকুৱেল নচলে! “যৌৱনে আমনি কৰে-২” বাণিজ্যিক বিফলতাৰ পাছত হোৱা চৰ্চা। “যৌৱনে আমনি কৰে” চিত্ৰগৃহত মুক্তি পাইছিল ১২ জুন ১৯৯৮ -ত। সেই সময় আছিল, অসমীয়া চিনেমা “একেবাৰে নচলা” সময়। অসমীয়া চিনেমা নিৰ্মাণৰ গতি মন্থৰ হৈছিল। তেনে “বেয়া সময়”তে চিত্ৰগৃহলৈ হিল-দল ভাঙি দৰ্শক আহিছিল চিনেমা খন চাবলৈ। তুলনা মুলকভাবে সেইসময়তকৈ আজিৰ তাৰিখত অসমীয়া চিনেমাৰ “স্থানীয় বজাৰ”ৰ অৱস্থা ভাল। কিন্তু নচলিল।
“ধুৰন্ধৰ”ৰ বাণিজ্যিক সফলতাৰ ধাৰাবাহিকতাত আগবঢ়া “ধূৰন্ধৰ ২: দ্য ৰিভেঞ্জ” মুক্তিৰ সময়ছোৱাতেই, এখন বাণিজ্যিকভাৱে সফল অসমীয়া চিনেমাৰ ছিকুৱেল ‘যৌৱনে আমনি কৰে-২’ চিত্ৰগৃহত আশানুৰূপ সঁহাৰি সংগ্ৰহত ব্যৰ্থ হয়।
কাৰণ?

ছিকুৱেল | আৰু এখন... | --উৎপল মেনা 17
ইয়াৰ অন্তৰ্নিহিত কাৰণ স্পষ্ট—সময়ৰ কৌশলগত ব্যৱস্থাপনা। “ধুৰন্ধৰ”ৰ সফলতাৰ ঢৌত এৰি দিছিল “ধূৰন্ধৰ ২: দ্য ৰিভেঞ্জ”।
বিপৰীতে “যৌৱনে আমনি কৰে-২” (২০২৬) -ৰ বৃহৎ অংশৰ দৰ্শকৰ বাবে পূৰ্বসূৰী “যৌৱনে আমনি কৰে” অপৰিচিত— যাৰ সৈতে তেওঁলোকৰ কোনো অনুভৱগত বা স্মৃতিগত সংযোগ গঢ়ি উঠাৰ বাট নাছিল।

ছিকুৱেল | আৰু এখন... | --উৎপল মেনা 18
আন এখন অসমীয়া ছিকুৱেল– “ডক্তৰ বেজবৰুৱা-২”। ১৯৬৯ (৭ নৱেম্বৰ)-ৰ বাণিজ্যিক সফল চিনেমা “ডক্তৰ বেজবৰুৱা”ৰ ছিকুৱেল। এই খন “স্থানীয় বজাৰ”ত কিছু সফল হৈছিল। সফলতাৰ কাৰণ কিন্তু প্ৰথম খনৰ “ইমেজ” (কাহিনী, চৰিত্ৰ) নাছিল। প্ৰথম খনৰ “আৱেগ” লৈ খুউব কম সংখ্যক দৰ্শকহে চিত্ৰগৃহলৈ গৈছিল।
সফলতাৰ আঁৰত মুখ্য ভূমিকা লৈছিল কৌশলগত কাষ্টিং আৰু সুপৰিকল্পিত প্ৰচাৰ-ডিজাইনে। প্ৰচাৰৰ কেন্দ্ৰবিন্দু হিচাপে ব্যৱহাৰ কৰা হৈছিল প্ৰথম খনৰ চিৰসেউজ গীতৰ আধুনিক পুনৰনির্মাণ—য’ত সংগীত আৰু চিত্ৰায়ণৰ নৱ ব্যাখ্যাই নষ্টালজিয়াক বাণিজ্যিক শক্তিলৈ ৰূপান্তৰিত কৰিছিল।
[ছিকুৱেলনো কি?
১। ঐতিহ্য-ভিত্তিক ছিকুৱেল #LegacySequel
২। পুনঃব্যাখ্যামূলক ছিকুৱেল #ReinterpretativeSequel
৩। আংশিকভাৱে আত্মিক ছিকুৱেল #SpiritualSequel]

ছিকুৱেল | আৰু এখন... | --উৎপল মেনা 19
“ডক্তৰ বেজবৰুৱা” পুনঃব্যাখ্যামূলক ছিকুৱেল। মূল চিনেমাখনৰ ঐতিহ্য (legacy) অক্ষুণ্ণ ৰাখি, নতুন সময়ৰ নান্দনিকতা—বিশেষকৈ ডাৰ্ক টোন আৰু থ্ৰিলাৰধর্মী চিনে-ব্যাকৰণ—সংযোজন কৰা হৈছে। একে সময়তে, কেন্দ্ৰীয় চৰিত্ৰটো এক পৌৰাণিক (mythic) মাত্ৰাৰ প্ৰতীকী ব্যক্তিত্ব হিচাপে পুনৰ্নিৰ্মাণ কৰা হৈছে। দৰ্শকে “Self-contained” চিনেমাৰ দৰে উপভোগ পাৰিছে। এয়া সফলতাৰ আন এটা কাৰণ।
গতিকে এনেদৰে নিশ্চয় ক’ব পাৰো— দীৰ্ঘ সময়ান্তৰত গঢ়ি উঠা ছিকুৱেলসমূহত, পূৰ্বৰ স্মৃতিৰ ওপৰত নিৰ্ভৰ নকৰি, এক স্বতন্ত্ৰ আৰু self-contained narrative গঢ়াত মন দিব লাগে।

ছিকুৱেল | আৰু এখন... | --উৎপল মেনা 20
চৰ্চাত অসমীয়া ভাষাৰ আন এখন ছিকুৱেল– “ককাদেউতা নাতি আৰু হাতী ২”।
১৯৮৩ চনৰ ১৮ নৱেম্বৰত চিত্ৰগৃহত মুক্তি পোৱা “ককাদেউতা নাতি আৰু হাতী”ৰ ছিকুৱেল। নিপ বৰুৱাৰ পৰিচালনা (কাহিনী-চিত্ৰনাট্য: নিপ বৰুৱা, মহেন্দ্ৰ বৰঠাকুৰ) -এৰে নিৰ্মিত চিনেমা খনৰ বক্স অ’ফিচ ৰিপ’ৰ্ট: ছুপাৰ হিট। এই সফল চিনেমা খনৰে ছিকুৱেল “ককাদেউতা নাতি আৰু হাতী ২”। পৰিচালনা বিশ্বজিৎ বৰা। চিত্ৰনাট্য ভাস্কৰ হাজৰিকাৰ। চৰিত্ৰ নিৰ্মাণ কৰিছে– যতীন বৰা, প্ৰাঞ্জল শইকীয়া, পংকজ মহন্ত, প্ৰীতি কংকণা, প্ৰস্তুতি পৰাশৰ, তপন দাস, উৎপল দাস, আদিল হুছেইন আদিক লৈ। চিত্ৰগ্ৰহণ কৰিছে প্ৰদীপ দৈমাৰীয়ে। চৰ্চা: এই চিনেমা খনত “এক দুই তিনি চাৰি…” গীতটো ব্যৱহাৰ কৰিছে। (প্ৰথম খনত এই গীতটো চিত্ৰায়ন কৰিছিল হাতীৰ ওপৰত কিশোৰ হিমন্ত বিশ্ব শৰ্মাকলৈ। –হয়, বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…) গতিকে মনলৈ অহা স্বাভাৱিক প্ৰশ্ন: পুনৰ একেটা কাহিনীয়ে দৰ্শকে নতুন ৰূপত দেখিব নেকি! ৰিমেক (একে গল্প, নতুন ৰূপ) নেকি! নহয়, পৰিচালক বৰাৰ ভাষাত– “আগৰ কাহিনীৰ লগত সংযোগ আছে। পুৰণি চৰিত্ৰ বা তেওঁলোকৰ পৰৱৰ্তী প্ৰজন্মও আছে। আগৰ ঘটনাৰ পাছৰ ভাগ কাহিনী।সেইবাবে Legacy Sequel বুলি ক’ব পাৰো!” কথা প্ৰসংগত পৰিচালক গৰাকীয়ে কোৱা কথাৰ পৰা অনুভৱ কৰিলোঁ– প্ৰথম খনৰ দৰে এই খনতো স্বকীয় অসমীয়া ফ্লেভাৰ অটুট ৰাখি, সময়ৰ সৈতে খাপ খুৱাই নান্দনিক আৰু কাৰিকৰী দিশত আধুনিক সংযোজন কৰা হৈছে। কাহিনীটো সৰল আৰু সাৱলীল বৰ্ণনাশৈলীৰে উপস্থাপন কৰা হৈছে, যিয়ে দৰ্শকৰ সৈতে স্বাভাৱিক সংযোগ স্থাপনত সহায় কৰিব। ক’ব পাৰি– এই খনতো পৰিচালক-লেখকে self-contained narrative গঢ়াত মন দিছে।
[বিশ্বজিৎ বৰাৰ অসমীয়া চিনেমা: বহ্নিমান, ফেঁহুজালি: দা ডন, ৰক্তবীজ, বেলকনিত ভগৱান, লখিমী, বুম্বা ৰাইড, বীৰাংগনা সাধনী। পৰিচালক গৰাকীৰ চিনেমা শৈলীৰ বিশেষত্ব: এটা বৃত্তত বন্দি নহয়। বিষয়বস্তু, পৰিচালনা শৈলী ভিন্ন।] ]]> https://rupaliparda.com/archives/32977/feed 0 32977 || যতীন বৰাৰ বাবে এটা চৰিত্ৰ… || –উৎপল মেনা https://rupaliparda.com/archives/30226 https://rupaliparda.com/archives/30226#respond Fri, 31 May 2024 10:24:38 +0000 https://rupaliparda.com/?p=30226 || যতীন বৰাৰ বাবে এটা চৰিত্ৰ... || --উৎপল মেনা 24

যতীন বৰাই “অভিনয় শক্তি” দেখুৱাব পৰা চৰিত্ৰত আভিনয় নকৰা নহয়, কৰিছে–, মাত্ৰ এটা ইমেজত। পৰিচালক মুনিন বৰুৱাই নিৰ্মাণ কৰা ইমেজত। “বিধাতা”কে ধৰি কেইখন মান চিনেমাত। সন্দেহ নাই, বিতৰ্কৰ অৱকাশ নাই– নিপন গোস্বামী, বিজু ফুকনৰ পাছত অসমীয়া চিনেমাৰ “নায়কৰ স্থান” দখল কৰিছে যতীন বৰাই। তেনেদৰে সন্দেহ নাই– যতীন বৰা নামৰ সম্পূৰ্ণ অভিনেতা গৰাকীৰ “অভিনয় শক্তি” আজিৰ তাৰিখতো অসমীয়া চিনেমাত দৰ্শকে দেখা নাই, চিনেমা লেখকে, চিনেমা পৰিচালকে অভিনেতা গৰাকীক লৈ নতুন বা অন্য ধৰণৰ “চৰিত্ৰ চিন্তা” নকৰা বাবে।

|| যতীন বৰাৰ বাবে এটা চৰিত্ৰ... || --উৎপল মেনা 25

আমাৰ ধাৰণাত শেহতীয়া ভাবে (“ৰত্নাকৰ”ৰ স্থানীয় বজাৰ সফলতাৰ বাবে হয়তো!) একশ্বনৰ মোহত পৰি চিনে যাত্ৰাৰ ভুল বাটত আগবাঢ়িছে যতীন বৰাই। ভুল বাটত আগবাঢ়ি থকা সময়তে খবৰ পালোঁ– “ককাদেউতা নাতি আৰু হাতী-২”ৰ খবৰ। খবৰ পালোঁ– “ককাদেউতা নাতি আৰু হাতী”ত নিপন গোস্বামীক লৈ কৰা “জনপ্ৰিয় ককাদেউতা”ৰ চৰিত্ৰটোৰ দৰে এটা চৰিত্ৰত অভিনয় কৰিব যতীন বৰাই। আভিনয় কৰিব চিনেমা খনৰ আন এটা চৰিত্ৰটো। আমি আশাৰ বাট দেখিছোঁ “ককাদেউতা যতীন”ৰ মাজত যতীন বৰাৰ “অভিনয় শক্তি” অনুভৱৰ সুযোগ পাম!
“ককাদেউতা নিপন গোস্বামী” (মৌজাদাৰ সৰ্বেশ্বৰ শইকীয়া) চৰিত্ৰটো নিপ বৰুৱা, মহেন্দ্ৰ বৰঠাকুৰৰ ৰচনা (পৰিচালক: নিপ বৰুৱা/ কাহিনী: নিপ বৰুৱা, মহেন্দ্ৰ বৰঠাকুৰ/ চিত্ৰনাট্য: নিপ বৰুৱা, মহেন্দ্ৰ বৰঠাকুৰ)। জানিব পৰা নাই “ককাদেউতা যতীন”ৰ চিন্তা নতুনকৈ কৰিছে, নে পূৰ্বৰ ইমেজতে নিৰ্মাণ হ’ব!

|| যতীন বৰাৰ বাবে এটা চৰিত্ৰ... || --উৎপল মেনা 26–“ককাদেউতা নাতি আৰু হাতী-২”ৰ পৰিচালক: অচিন্ত শংকৰ, চিত্ৰনাট্য: ৰাজদ্বীপৰ।
–এই খিনিতে মনলৈ আমিতাভ বচ্চন প্ৰসংগ। ভুল ৰাজনৈতিক সিদ্ধান্তৰ (চন: ১৯৮৪-১৯৮৭) পাছত, জনপ্ৰিয়তা হৃাস হোৱাৰ (চন: ১৯৮৮-১৯৯২) পাছত “লাল বাদশ্বাহ” (১৯৯৯), “হিন্দুস্তান কি কছম” (১৯৯৯) আদি চিনেমাৰে “বলিউডৰ ভুল বাট”ত খোজ দি পিছল খোৱাৰ পাছত “নতুন ইমেজ” দি আকৌ সফলতাৰ বাট দেখুৱাইছিল আদিত্য চোপ্ৰা(কভি খুছি কভি গম), ৰবি চোপ্ৰা (বাঘবান) আদিৰ দৰে তৰুণ পৰিচালক সকলে। আৰু পাছৰ পৰ্যায়ত ঋতুপর্ণ ঘোষৰ’দ্য লাষ্ট লিয়াৰ”, সুজিত সৰকাৰৰ “পিকু”, সঞ্জয় লীলা ভাঞ্চালীৰ “ব্লেক”, ৰাম গোপাল বার্মাৰ “চৰকাৰ”, মীৰা নায়াৰৰ “শান্তৰাম”, শ্বুজিত ছিৰকাৰ “গুলাবো সীতাবো” আদিৰে নতুন বাট লৈছে; এই বাটত কোনো “ইমেজ” নাই, আছে কেৱল অমিতাভ বচ্চনৰ “আভিনয় শক্তি”। (আমিতাভ বচ্চনৰ এই প্ৰসংগৰ যতীন বৰা কেন্দ্ৰিক ব্যাখ্যা আমি নিশ্চয় কৰিব পাৰোঁ! –আচিন্ত তৰুণ পৰিচালক।)
–আকৌ আহিছোঁ “ককাদেউতা নাতি আৰু হাতী-২”লৈ। প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টছ প্ৰাইভেট লিমিটেডৰ বেনাৰত ৰিণিকি ভূঞা শৰ্মাই প্ৰযোজনাৰ দায়িত্ব লোৱা এই চিনেমা খনত যতীন বৰাৰ লগতে অভিনয় কৰিব প্ৰাঞ্জল শইকীয়া, উৎপল দাস, প্ৰীতি কংকণা, য়শস্বী ভূঞা আদিয়ে।

]]>
https://rupaliparda.com/archives/30226/feed 0 30226