জয় বৰুৱা – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Mon, 05 Jan 2026 12:09:44 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 জয় বৰুৱা – Rupaliparda.com https://rupaliparda.com 32 32 163073109 খাকী | পোষ্টাৰ মুকলি –উৎপল মেনা https://rupaliparda.com/archives/32721 Mon, 05 Jan 2026 11:58:54 +0000 https://rupaliparda.com/?p=32721 এখন ৰাজনৈতিক থ্ৰীলাৰ– “খাকী”। সাংবাদিকৰ পৰিচালনা। সাংবাদিক অতনু ভূঞাৰ ৰূপালী গল্প। সাংবাদিক অতনু ভূঞাই দীৰ্ঘ সময় অসমৰ ৰাজনীতি দেখিছে। ৰাজনীতিক আৰু পুলিছৰ “কৰ্ম”ৰ বাস্তৱ ছবি খনো অনুভৱ কৰিছে! নিশ্চয় দেখা, বাস্তৱত অনুভৱ কৰা “ঘটনা-উপঘটনা” ৰূপালী গল্পটোৰ কাহিনী-ৰেখালৈ আহিব।

খাকী
আজি মোক পৰিচালক অতনুদা ভূঞা আৰু চিনেমা খনৰ প্ৰচাৰ ডিজাইনাৰ শিৱাণু বৰাই “পোষ্টাৰ” মুকলি কৰাৰ দায়িত্ব দিলে। পৰিচালকৰ সৈতে “পোষ্টাৰ” খন মুকলি কৰাৰ পাছত মোৰ পৰা “পোষ্টাৰ” কেন্দ্ৰিক চৰ্চা বিছাৰিলে।
ক’লো– পোষ্টাৰ খনত স্পষ্ট হৈ আছে চিনেমা খনৰ বিষয়-বস্তু।

–সেই সময়ত পোষ্টাৰ খন ভালদৰে চাব পৰা নাছিলোঁ। পাছত, ভালদৰে চোৱাৰ পাছত অনুভৱ কৰিলোঁ পোষ্টাৰ ডিজাইনাৰৰ (আৰু যি গৰাকীৰ চিন্তাৰে পোষ্টাৰ খন ডিজাইন কৰা হৈছে) পৰিপাটি কৰ্ম, পোষ্টাৰ খনেৰে “দৰ্শক”ৰ ওচৰলৈ “চিনেমা” খন লৈ যাব “শিল্প-শক্তি”।
পোষ্টাৰ খনত “হাইলাইট” হৈছে– দুখন স্থিৰচিত্ৰ। এগৰাকী ৰাজপাটত বহি থকা ৰাজনৈতিক নেতা, আনগৰাকী পুলিছ বিষয়া (আৰক্ষীৰ দল), যিয়ে নেতাৰ আসনখন বাগৰি নপৰিবলৈ ধৰি আছে। আৰু পোষ্টাৰ খনত দেখা গৈছে– দুটা ৰাজনৈতিক দলৰ মাজত পতাকা লৈ কৰা প্ৰতিবাদ।
ক’ব পাৰি– পোষ্টাৰ খনে চিনেমা খনৰ বিষয়-বস্তু, কাহিনী অনুভৱৰ বাট দিছে।

প্ৰেছ বিজ্ঞপ্তিৰ পৰা সংযোজন:
চিনেমা খনৰ প্ৰযোজনা গোষ্ঠী ABCDৰ ফালৰ পৰা জনোৱা হয় ‘খাকী’ মুক্তি দিয়া হ’ব অহা ২৭ ফেব্ৰুৱাৰীত। ৰাজনৈতিক চিনেমাখন নিৰ্বাচনৰ আগে আগে মু্ক্তি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। ‘খাকী’ৰ অন্তিম পৰ্যায়ৰ কাম বৰ্তমান মুম্বাইত চলি আছে। পৰিচালক অতনু ভূঞাই প্ৰায় ১৫ দিন ধৰি মুম্বাইত বাহৰ পাতি চিনেমাখনৰ কাৰিকৰী দিশৰ সৈতে জড়িত বিভিন্নজনৰ সৈতে আলোচনা কৰিছিল।

বৰ্তমান ছবিৰ DI অৰ্থাৎ ডিজিটেল ইণ্টাৰমিডিয়েটত কাম চলি আছে মুম্বাইৰ বিখ্যাত প্ৰসাদ লেবৰেটৰীত। পৰিচালকৰ মতে, প্ৰথমবাৰৰ বাবে অসমীয়া চিনেমাৰ কালাৰ কাৰেকচনত অতি উচ্চমানৰ টেকন’লজি ব্যৱহাৰ কৰা হৈছে। মুম্বাইৰ প্ৰসাদ লেবৰেটৰীত ডিআইৰ কাম কৰিছে বিখ্যাত পৰিচালক কিৰণ কোটাই। ‘ৱেডনেচ ডে’, ‘দ্য মাদ্ৰাছ কাফে’ আদি চিনেমাৰ ডিআইৰ সৈতে জড়িত আছিল কিৰণ কোটা। ইয়াৰ উপৰি বলীডউৰ বহু ছবিৰ কাম কৰিছে ‘খাকী’ৰ সৈতে জড়িত কিৰণ কোটাই।

খাকী
–আৱহ সংগীত আৰু অন্যান্য আনুষংগিক কামো চলি আছে মুম্বাইত। আৱহ সংগীতৰ দায়িত্ব দিয়া হৈছে বলীউডৰ জনপ্ৰিয় ডেনিয়েল বি জৰ্জক। ডেনিয়েলে ইয়াৰ পূৰ্বে বলীউডৰ জনপ্ৰিয় চিনেমা ‘আন্ধা ধূন’, ‘মেৰী খ্ৰীষ্টমাছ’, ‘জনী গাড্ডাৰ’ আদি ছবিৰ আৱহ সংগীতৰ কাম কৰিছিল। ‘আন্ধা ধূন’ৰ বাবে ডেনিয়েলে ফিল্ম ফেয়াৰৰ শ্ৰেষ্ঠ আৱহ সংগীতৰ বঁটাও পাইছিল। উল্লেখযোগ্য যে ২০২৫ বৰ্ষত এ আৰ ৰহমান আৰু ৰাম চম্পটৰ সৈতে ডেনিয়েল বি জৰ্জ শ্ৰেষ্ঠ আৱহ সংগীতৰ বাবে ফিল্ম ফেয়াৰ বঁটাৰ মনোনয়ন পাইছিল। অৱশ্যে শেষ মুহূৰ্তত এ আৰ ৰহমান আৰু ডেনিয়েল বি জৰ্জৰ পৰিৱৰ্তে আমীৰ খানৰ প্ৰযোজনাৰ ছবি ‘লাপাটা লেডীজ’ৰ পৰিচালক ৰাম চম্পটে এই বঁটা লাভ কৰিবলৈ সক্ষম হয়।

বৰ্তমান মুম্বাইত ডেনিয়েলৰ তত্বাৱধানত পূৰ্ণগতিত চলি আছে ‘খাকী’ৰ আৱহ সংগীতৰ কাম। আৱহ সংগীতৰ উপৰিও ছবিৰ সংগীত পৰিচালনা কৰিছে ডেনিয়েলে নিজে। কণ্ঠদান কৰিছে অনুজা ভূঞা, ৰূপম ভূঞা আৰু জয় বৰুৱাই। পৰিচালকে জানিবলৈ দিয়া মতে সমান্তৰালভাৱে মুম্বাইত ‘খাকী’ৰ শব্দৰ কাম চলি আছে। দেৱজিৎ চাংমা আৰু অমৃত প্ৰীতমৰ তত্বাৱধানত এই কাম চলি আছে। ‘খাকী’ত শব্দৰ ব্যাপক পয়োভৰ আছে। দেৱজিৎ চাংমা আৰু অমৃত প্ৰতীমে ছবিখনৰ বাবে যথেষ্ট পৰিশ্ৰম কৰিবলগীয়া হৈছে।

]]>
32721
খাকী | ২৭ ফেব্ৰুৱাৰীৰ পৰা… –উৎপল মেনা https://rupaliparda.com/archives/32613 https://rupaliparda.com/archives/32613#respond Wed, 10 Dec 2025 02:10:38 +0000 https://rupaliparda.com/?p=32613 Khaki

“খাকী”। বহু চচিত “খাকী”। বলিউডৰ খন নহয়, জলিউডৰ। সংগীতৰ কাম নিৰীক্ষণ কৰিছে চিনেমা খনৰ লেখক-পৰিচালক অতনু ভূঞা। সংগীতৰ কামত ব্যস্ত সংগীত পৰিচালক ডেনিয়েল। কোন ডেনিয়েল?
–ডেনিয়েল বি জৰ্জৰ। বলিউডত চৰ্চিত, পৰিপাটি কামৰ বাবে। বলিউডৰ বাহিৰৰ কামো কৰিছে। “ইণ্টলিজেনণ্ট মিউজিক মেকাৰ”। চৰ্চিত চিনেমা– ‘ৱাৰ’, ‘থ্ৰী-ইডিয়টছ’, ‘ৰাম সেতু’ আদি। ডেনিয়েলৰ এই খনেই প্ৰথম অসমীয়া চিনেমা। “মই ভাবো চিনেমা এখনত সংলাপৰ সমানেই, বা কোনো ক্ষেত্ৰত তাতকৈ বেছি গুৰুত্ব সংগীতৰ। গীতৰ। আৱহ সংগীতৰ। আমি চিনেমা খনৰ শব্দৰ ডিজাইন অমৃত প্ৰীতমৰ সৈতে বহি চিত্ৰগ্ৰহণৰ আৰম্ভণী পৰ্বতে কৰিছোঁ। তেনেদৰে সংগীতৰ ডিজাইনো কৰি লৈছিলোঁ। সংগীতৰ কথা মনলৈ অহাৰ মূহুৰ্ততে ডেনিয়েলৰ কথা আমাৰ মনলৈ আহিছিল। আৰু আন কাৰোবাৰ কথা নাভাবিলোঁ। চিনেমা খনত তিনিটা গীত বা গীতাংশ ব্যৱহাৰ কৰিম। কণ্ঠ দিছে ৰূপম ভূঞা, জয় বৰুৱা আৰু অনুজা ভূঞাই।…”
ৰাজনৈতিক থ্ৰীলাৰ খনৰ সহযোগী পৰিচালক জয়ন্ত কুমাৰ ডেকাই কথা প্ৰসংগত ক’লে– চিনেমা খনৰ making result ভাল! দৰ্শকে ভাল পাব। আধুনিক কাৰিকৰী দিশত গুৰুত্ব দিছে। কাহিনী-ৰেখাই দৰ্শকক সন্তুষ্ট কৰিব। এগৰাকী আৰক্ষী বিষয়াক কেন্দ্ৰ কৰি কাহিনী-ৰেখা আগবাঢ়িব। বিভিন্ন চৰিত্ৰ আহিব, ৰাজনীতি আহিব। চৰিত্ৰৰ সংখ্যা কম নহয়, প্ৰায় ৫০০। কাহিনীৰ গতিত, কাহিনী নিৰ্মাণত প্ৰতিটো চৰিত্ৰৰে গুৰুত্ব আছে।
–কেইটামান চৰিত্ৰ নিৰ্মাণ কৰিছে অৰুণ নাথ, ডাঃ জাহনাৰা বেগমে, পদ্মৰাগ গোস্বামী, পৱন গায়ন, শ্ৰেয়া বৰঠাকুৰ, ঈশান হাজৰিকা, গীতাৰ্থ শৰ্মা, দ্বীপজ্যোতি ডেকা, হেমন্ত দেৱনাথ, পৰমেশ্বৰ বৰ্মণ, মণ্টু বৰা, মালামাল বয়জ খ্যাত নৱ নাথ, জয়ন্ত ডেকা, অনুপম হাজৰিকা, অৱয়ব ভূঞা, অতুল লহকৰ, কিশোৰ ভট্টাচাৰ্য, ভবেশ বৰুৱা, অসীম শৰ্মা, পুলক কুমাৰ ডেকা, অশ্বিনী বৰা শিৱাণু বৰাক লৈ। চিনেমা খনৰ কাহিনী-চিত্ৰনাট্য চিনেমা খনৰ পৰিচালক অতনু ভূঞাৰ। দৃশ্যগ্ৰহণ প্ৰদীপ দৈমাৰীৰ । ছাউণ্ড ডিজাইনা হিচাপে অমৃত প্ৰীতমৰ । সংগীত ডেনিয়েল বি জৰ্জৰ। ‘ৱাৰ’, ‘থ্ৰী-ইডিয়টছ’, ‘ৰাম সেতু’ আদিৰ দৰে বলিউডৰ বহু ছুপাৰহিট চিনেমাৰ সংগীত পৰিচালক ডেনিয়েলে ৰূপালী গল্পটোৰ বাবে তিনিটা গীত সংগীতেৰে নিৰ্মাণ কৰিছে। গীত তিনিটাত কণ্ঠদান কৰিছে– ৰূপম ভূঞা, জয় বৰুৱা আৰু অনুজা ভূঞাই। চিনেমা খনৰ বাজেট প্ৰায় ২ কোটি টকা।
“খাকী” চিত্ৰগৃহলৈ আহিব বৰ্ষটোৰ দ্বিতীয়টো মাহত– ২৭ ফেব্ৰুৱাৰীত।

]]>
https://rupaliparda.com/archives/32613/feed 0 32613
খাকী | অতনু ভূঞাৰ ৰাজনৈতিক থ্ৰীলাৰ –উৎপল মেনা https://rupaliparda.com/archives/32104 https://rupaliparda.com/archives/32104#respond Mon, 11 Aug 2025 10:16:59 +0000 https://rupaliparda.com/?p=32104 খাকী

খাকী –অতনু ভূঞাৰ চিনে-চিন্তা। ৰাজনৈতিক থ্ৰীলাৰ (political thriller)! পৰিচালকৰ কাহিনী-চিত্ৰনাট্য। প্ৰথম (পৰিচালনা) চিনেমা।
–চিনেমা খনৰ কেমেৰা চলি আছে ক্ষেত্ৰীৰ লোকেশ্বনত। কেমেৰা চলাইছে পৈনত চিন্তাৰে, হাতেৰে “কেমেৰা” নিয়ন্ত্ৰণত “নাম থকা” প্ৰদীপ দৈমাৰীয়ে। চিনেমা খনৰ লোকেশ্বনত আমি বুজিবলৈ চেষ্টা কৰিছিলোঁ বিষয়-বস্তু, পৰিচালকৰ চিন্তা, “চৰিত্ৰ” ইত্যাদি। আমাৰ মনত কিন্তু (বহুতে চৰ্চাৰ বিষয় হিচাবে লোৱা) এনে ধৰণৰ প্ৰশ্ন নাছিল– হঠাৎ “সংবাদৰ মানুহ অতনু ভূঞা” চিনে-চিন্তাৰে কেমেৰাৰ পাছত কিয়?
–ইমান বছৰে অতনু ভূঞাই চিনেমাৰ পৰিচালকৰ চকীত কিয় বহা নাছিল, সেয়াহে আমাৰ প্ৰশ্নৰ বিষয় আছিল। “নাটকৰ মানুহ (অভিনেতা, পৰিচালক আৰু “উন্মাদৰ দেশত”, “বেতাল কথা”, “ৰেলগাড়ী চলিছে”, “হঠাৎ এনিশা” ইত্যাদি নাটকৰ নাট্যকাৰ) অতনু ভূঞা”ই গীত লিখি, সুৰেৰে সজাই (কণ্ঠ: অনুজা ভূঞা) অডিঅ’ কেছেট “সেই ছোৱালীজনী” নিৰ্মাণ কৰিছিল। শ্ৰোতাই আদৰি লৈছিল। আন দুটা গানৰ এলবাম “মুখা”, “ষ্টপেজ”ও শ্ৰোতাই ভাল পাইছিল। মাজে-মাজে দৃশ্য মাধ্যমতো অতনু ভূঞাৰ সংগীত কৰ্ম দেখি থাকোঁ। প্ৰতিটো সংগীত কৰ্মত “বজাৰ-চিন্তা” স্পষ্ট। অৰ্থাৎ দৰ্শকৰ মন (“audience nerve”) বুজি সংগীত কৰ্ম কৰে। শ্ৰোতাৰ মন বুজি সংগীত কৰ্ম কৰা অতনু ভূঞাই “দৰ্শকৰ বাবে চিনেমা” নিৰ্মাণ নকৰে কিয়? –এয়াহে আছিল আমাৰ মনলৈ অহা প্ৰশ্ন।

খাকী
এতিয়া আমাৰ “প্ৰশ্ন” “আশা”লৈ ৰূপান্তৰ হৈছে। এখন ভাল চিনেমা আশা কৰিব পৰা বাট দেখিছোঁ নিৰ্মাণ পৰ্বত, পৰিচালকৰ সৈতে মত বিনিময় কৰি।
পৰিচালকৰ “জনপ্ৰিয় পৰিচয়”– সাংবাদিক, সম্পাদক, ৰাজনৈতিক বিশ্লেষক। চিনেমা– political thriller, (ৰাজনৈতিক থ্ৰীলাৰ)। গতিকে ব্যখ্যাৰ প্ৰয়োজন নাই– বিষয়-বস্তু চিনেমা খনৰ লেখক-পৰিচালকৰ বাবে জটিল, অধ্যয়ণ কৰিব লগা বিষয় নহয়। কাহিনী নিৰ্মাণো নিশ্চয় নিজৰ অভিজ্ঞতাৰে কৰিছে। (আমি জনাত– কহিনীৰ বিন্দুৱে গতি কৰিব কংগ্ৰেছ চৰাকাৰৰ শাসন কালৰ পৰা বৰ্তমানলৈ। স্বাভাৱিকতে কাহিনী-ৰেখা নিৰ্মাণ হ’ব এক “চৰিত্ৰ-বিন্দু”ক কেন্দ্ৰ কৰি। এগৰাকী পুলিচ বিষয়াৰ “চৰিত্ৰ”ক কেন্দ্ৰ কৰি। কাহিনীৰ গতিত ২০০ ৰো অধিক “চৰিত্ৰ” পৰ্দালৈ আহিব। “চৰিত্ৰ” নিৰ্মাণ কৰিব অৰুণ নাথে, জাহানাৰা বেগম, পৱন গায়ন, শ্রেয়া বৰঠাকুৰ, ঈশান হাজৰিকা, গীতাৰ্থ শৰ্মা, দ্বীপজ্যোতি ডেকা, নব নাথ, পদ্মৰাগ গোস্বামী আদিক লৈ।)

খাকী
–চিনেমা খনৰ লেখক-পৰিচালক আৰু চিনেমা খনৰ সহকাৰী পৰিচালক জয়ন্ত কুমাৰ ডেকাৰ (চিনেমা খনৰ আন তিনি গৰাকী সহকাৰী পৰিচালক: বিবেক বৰুৱা, উৎপল শর্মা আৰু পৰী ভূঞা।) “কথা”ৰ পৰা অনুভৱ কৰিলোঁ– ৰূপালী গল্পটো নিৰ্মাণৰ বাবে বুনিয়াদ খন সু-পৰিকল্পনাৰে মজবুট কৰি লৈছে। চিত্ৰনাট্যৰ কাম হোৱাৰ পাছতে পৰিচালকে কেমেৰা (প্ৰদীপ দৈমাৰী), শব্দ (অমৃত প্রীতম), সংগীত (ডেনিয়েল বি জর্জ। মুম্বাইৰ। চৰ্চাত আছে– “আন্ধাধুন”, “ৱাৰ”, “থ্ৰী-ইডিয়টছ”, “ৰাম সেতু” আদি চিনেমাত কৰা কামেৰে।), প্ৰচাৰ (শিৱাণু বৰা) -ৰ মানুহক গুৰুত্ব দি আগবাঢ়িছে। পৰিচালকে শ্বট নিৰ্মাণৰ সময়ত সাহিত্যৰ ভাষা, কেমেৰাৰ ভাষা প্ৰয়োগৰ লগতে সংগীত আৰু শব্দৰ বাবেও “space” নিৰ্মাণ কৰি গৈছে। অনুভৱ কৰিলোঁ কেমেৰাৰ ভাষাৰ লগতে শব্দ-সৌন্দৰ্য, সংগীত-সৌন্দৰ্য নিৰ্মাণত, প্ৰয়োগত গুৰুত্ব দিছে পৰিচালকে। (ফলাফললৈ নিশ্চয় আমি অপেক্ষা কৰিম অহা বৰ্ষলৈ। অহা বৰ্ষৰ প্ৰথম ভাগতেই চিত্ৰগৃহলৈ আহিব চিনেমা খন।) পৰিচালকে কথা প্ৰসংগত আৰু জনালে– শব্দ, কেমেৰাৰ কামত দৰ্শকে নতুন কিবা-কিছু অনুভৱ কৰিব। ওৱান-টেক শ্বট লোৱা হৈছে কেবাটাও, যি কেইটা ছিকুন্সলৈ ৰূপান্তৰ হ’ব। দৰ্শকে ভাল পাব! চিনেমা জনা মানুহৰ মনলৈ হয়তো প্ৰশ্ন আহিব– এটি শ্বটেৰে “ছিকুৱেন্স”টো কেনেকৈ নিৰ্মাণ কৰিলে!
চিনেমা খনত তিনিটা গীত ব্যৱহাৰ কৰিব। গীত তিনিটাত কণ্ঠদান কৰিব– জুবিন গাৰ্গ, জয় বৰুৱা আৰু অনুজা ভূঞাই।

]]>
https://rupaliparda.com/archives/32104/feed 0 32104