ড৹ নগেন শইকীয়া – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Thu, 28 Mar 2024 09:50:01 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 ড৹ নগেন শইকীয়া – Rupaliparda.com https://rupaliparda.com 32 32 163073109 || ৱাইড এংগল ||–উৎপল মেনা https://rupaliparda.com/archives/30030 https://rupaliparda.com/archives/30030#respond Thu, 28 Mar 2024 09:50:01 +0000 https://rupaliparda.com/?p=30030  

|| ৱাইড এংগল ||--উৎপল মেনা 4
“ৱাইড এংগল” — চালোঁ। জয়ন্ত নাথৰ পৰিচালনা। ড৹ নগেন শইকীয়াৰ গল্প “ষ্টাফ ৰিপ’ৰ্টাৰৰ ছবি”ৰ আধাৰত পংকজজ্যোতি ভূঞাই ৰচনা কৰিছে চিনেমা খনৰ চিত্ৰনাট্য। ৰূপালী গল্পটোৰ কাহিনীৰ প্ৰথম বিন্দু এগৰাকী প্ৰেছ ফটোগ্ৰাফাৰ (যদি আমি গল্পটো মনত ৰাখো, চিনেমা খনৰ শিৰোণাম মনত ৰাখো)। চৰিত্ৰটো নিৰ্মাণ কৰিছে তপন দাসক লৈ। প্ৰথমটো বিন্দুৰ গতিত আমাৰ অনুভৱ– (সংলাপ, চেহেৰাৰ ভাষাত) হতাশা, সমস্যাৰ মাজত জীয়াই থকা দুৰ্বল মনৰ এগৰাকী প্ৰেছ ফটোগ্ৰাৰ ভাগৱতীয়ে মনৰ মানুহ গৰাকীকো সুখী কৰিব পৰা নাই। কাহিনী আগবাঢ়ে। শেষৰ ফালে ফটোগ্ৰাফাৰ গৰাকীৰ সংলাপত দৰ্শকে জানিব পাৰে– সংবেদনশীল ফটোগ্ৰাফাৰ গৰাকী দৃঢ় মনৰ। আৰ্থিক সমস্যাৰ হেচাত বাস কৰা ফটোগ্ৰাফাৰ গৰাকীয়ে উপায়ুক্তই পথোৱা আৰ্থিক সহায় দহ হেজাৰ টকা ওভতাই দিয়ে।

|| ৱাইড এংগল ||--উৎপল মেনা 5–কাহিনী ভাগ আৰু স্পষ্ট কৰি দিছোঁ। প্ৰেছ ফটোগ্ৰাফাৰ ভাগৱতীয়ে সম্পাদকক সন্তুষ্ট কৰিব পৰা নাই। দৈনিক কাকত খনৰ (ভাগৱতী যি খন দৈনিক কাকতৰ ষ্টাফ ফটোগ্ৰাফাৰ) সম্পাদকে বিছৰা ধৰণৰ ফটো দিব পৰা নাই। সম্পাদক গৰাকীয়ে বাৰে বাৰে ভাগৱতীক বুজাইছে– এখন ৱাইড এংগলৰ ফটো লাগে। আন্দোলনৰ গৰম বতাহ! যুদ্ধ সদৃশ পৰিবেশ! “এক্সন ফটো” লাগে। সম্পাদকে বিছৰা ধৰণৰ দুখনমান ফটো দিবলৈ সক্ষম হোৱা ভাগৱতী “আন্দোলনৰ এক্সন মূহুৰ্ত”ৰ মাজত সোমাই পৰে। আৰু পুলিচৰ লাঠিচার্জৰ মাজত ফটো লৈ থাকোতে হাতত আঘাত পায়। আঘাতপ্রাপ্ত ভাগৱতীৰ ওচৰলৈ চৰকাৰী সহায় লৈ উপায়ুক্তৰ প্ৰতিনিধি আহে। দহ হাজাৰ টকা আগবঢ়াই, প্ৰতিনিধি গৰাকীৰ এটা সংলাপত স্পষ্ট হয়– দহ হাজাৰ টকা আগবঢ়োৱা হৈছে আন্দোলনৰ ফটো নুঠাবলৈ। এই কথা ভাগৱতীৰ ক্ষোভ বাঢ়ে, আন্দোলনৰ “এক্সন ফটো” উঠাবলৈ, আন্দোলনৰ যুদ্ধ সদৃশ পৰিবেশৰ মাজত সোমাই পৰে। আৰু পুলিছৰ গুলিত ঢলি পৰে, মৃত্যু হয়। ফটো উঠাবলৈ “আন্দোলন”ৰ মাজত সোমাই পৰা ষ্টাফ ফটোগ্ৰাফাৰ ভাগৱতী ফটোৰ বিষয় হয়। ষ্টাফ ফটোগ্ৰাফাৰ ভাগৱতী “ৱাইড এংগল”ৰ ফটো হয়।
আমাৰ ধাৰণাত এইটো চিনেমা খনৰ মূল কাহিনী। এই মূল কাহিনীটোৰ সমান্তৰালকৈ আগবঢ়াইছে আন এটা কাহিনী। এই কাহিনীটোত আছে প্ৰেম, প্ৰতাৰণা– নায়ক-নায়িকাৰ, “আন্দোলন”ৰ।

|| ৱাইড এংগল ||--উৎপল মেনা 6দুটা কাহিনীক সমান্তৰাল গতি দিয়াত পৰিচালক সফল। এই সফলতাক চুই গৈছে এক বিফৰতাই। মূল কাহিনীটোক কিছু পৰিমানে নিস্প্ৰভ কৰিছে আন কাহিনীটোৱে। ফটোগ্ৰাফাৰ ভাগৱতীক তল পেলাই “নায়ক”ৰ ঠাই লৈছে আন্দোলনৰ নেতা অংকুৰে। অংকুৰৰ চৰিত্ৰটোত অভিনয় কৰা অভিনেতা গৰাকীৰ অভিনয় অৱশ্যেই ৰূপালী গল্পটোৰ সৌন্দৰ্য।
এই “দোষ”ৰ লগতে চিনেমা খনৰ কাহিনীৰ গতিত বাধা হোৱা আন এটা দিশ– ফ্লেছবেক প্ৰয়োগ। কাহিনী ফ্লেছবেকত কবলৈ গৈ চিনে সৌন্দৰ্য হ্ৰাস কৰিছে। চিনেমাৰ আৰম্ভণীতে “অসম আন্দোলনৰ ((১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলনৰ) ছবি”। পৰ্দাত স্পষ্ট কৰি দিয়া হৈছে কাহিনী ১৯৮৩ চনৰ। আৰম্ভনীতে “পটভূমি–সময়”ৰ সৈতে গতি কৰা কাহিনীক ফ্লেছবেকেৰে উজুটি খুৱাই চিনে সৌন্দৰ্য হৃাস কৰিছে। পৰিচালকে “পটভূমি” স্পষ্ট কৰাত আৰু পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছিল। তেনেদৰে কাহিনীৰ গতিত “চৰিত্ৰ নিৰ্মাণ”তো পৰিশ্ৰমৰ প্ৰয়োজন আছিল। উদাহৰণ– কাহিনীৰ শেষৰ ফালে হঠাতে পৰ্দালৈ অহা দুগৰাকী ফটোগ্ৰাফাৰ।
আৰু কিছু ত্ৰুটি আছে– শব্দ প্ৰয়োগ, অন্যান্য কাৰিকৰী। –এই ত্ৰুটিৰ কথা মনত ৰাখিয়ো ক’ব পাৰি কাহিনীৰ বাবে “অসমীয়া কথাছবি চোৱা” দৰ্শকে চিনেমা খন চাব পাৰে!
চিনেমা খনৰ ভাল লগা দিশ বা ইতিবাচক দিশ– অভিনয়। মন চুই যোৱা, চিনে সৌন্দৰ্যলৈ ৰূপান্তৰ হোৱা অভিনয়– জ্বলি লস্কৰ আৰু অৰ্পনা দত্ত চৌধুৰীৰ। পবিত্ৰ বৰুৱা, জেবতন বৰুৱা আদিক লৈ নিৰ্মাণ কৰা চৰিত্ৰ কেইটাও পৰিপাটি। এই খিনিতে ক’ব পাৰি ক্ষন্তেক সময় পৰ্দাত থকা জুবিন গাৰ্গক লৈ নিৰ্মাণ কৰা “চৰিত্ৰ”টো গুৰুত্ব দি “বজাৰ চিন্তা”ৰ বাট আছিল। অভিনয়ৰ লগতে গীতো চিনেমা খনৰ সৌন্দৰ্য।

]]>
https://rupaliparda.com/archives/30030/feed 0 30030