পদ্মৰাগ – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Mon, 17 Jun 2024 16:10:27 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 পদ্মৰাগ – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ৰূপালী পৰ্দাত ৰূপকোঁৱৰ –উৎপল মেনা https://rupaliparda.com/archives/30293 https://rupaliparda.com/archives/30293#respond Mon, 17 Jun 2024 16:05:38 +0000 https://rupaliparda.com/?p=30293 “সোণৰে পালেঙত অ’ মনেতৰা
সোণৰে পালেঙত অ’ মনেতৰা।
ধুনীয়া কোঁৱৰৰ ঘুমটি নাহিলে
বাৰিষাৰে ঘন
কপাহৰে তলিচা পৰা মনেতৰা…” জ্যোতিপ্ৰসাদৰ শব্দ, শব্দ সুৰ। কণ্ঠ–তৰালি শৰ্মাৰ। (চুই গ’ল আজি, আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিনটোত, জ্যোতি চিত্ৰবন চৌহদত।) সুৰ-শব্দই আমাৰ মন পৰ্দালৈ আনি দিলে জ্যোতি বিন্দু। জ্যোতি বিন্দুৰ সৰল ৰৈখিক গতি অভিনেতা বলোৰাম দাসক লৈ! গতিত যেন অভিনেতা গৰাকী ৰূপান্তৰ হ’ল ৰূপকোঁৱৰলৈ! –আমাৰ মন পৰ্দালে হয়তো জ্যোতি বিন্দুৰ এই চিনেমেটিক গতি নাহিল হেতেন, যদিহে “সোণৰে পালেঙত অ’ মনেতৰা…” শুনাৰ আগে আগে দক্ষ পৰিচালক মঞ্জু বৰাই জ্যোতিপ্ৰসাদ আগৰৱালা কেন্দ্ৰিক অসমীয়া চিনেমা “ৰূপতীৰ্থৰ যাত্রী” নিৰ্মাণৰ পৰিকল্পনা ঘোষণা নকৰিলে হেতেন!

ৰূপালী পৰ্দাত ৰূপকোঁৱৰ --উৎপল মেনা 3
–হয়, আজি মঞ্জু বৰাই ঘোষণা কৰিলে প্ৰায় কুৰি বছৰ মন-মগজুত লৈ ফুৰা এক চিনে পৰিকল্পনা, পৰিচালক গৰাকীৰ সপোন প্ৰকল্প (Dream project) “ৰূপতীৰ্থৰ যাত্রী”। চৈয়দ আব্দুল মালিকে লিখা একে নামৰ “জীৱন-ভিত্তিক-কাহিনীৰ উপন্যাস”ৰ আধাৰত চিত্ৰনাট্য লিখি চিত্ৰগ্ৰহনৰ বাবে সাজু কৰিছে পৰিচালক গৰাকীয়ে। আজি ঘোষণা পৰ্বত পৰিচালক গৰাকীয়ে স্পষ্ট কৰি দিয়ে ঔপন্যাসিক গৰাকীয়ে “জ্যোতিৰ্ময়”ক (জ্যোতিপ্ৰসাদ আগৰৱালাক মনত ৰাখি ঔপন্যাসিকে নিৰ্মাণ কৰা চৰিত্ৰটোৰ নাম) নিৰ্মাণত স্বাধীনতাৰ বাট দেখুৱাইছে। সেই বাটে চিত্ৰনাট্যকাৰ-পৰিচালক মঞ্জু বৰায়ো নিশ্চয় যাব, দুখোজ মান, চিনে সৌন্দৰ্যৰ স্বাৰ্থত। কাৰণ ছপা শব্দ আৰু গতি-শ্ৰব্য শব্দৰ মাজত বহু দূৰত্ব, মধ্যম ভিন্ন।
পৰিচালক গৰাকীৰ ভাষাত– “চৈয়দ আব্দুল মালিকে সংস্কৃতিৰ সাধক এই মহান শিল্পী গৰাকীৰ জীবন কাহিনীৰে উপন্যাসৰ ৰূপ দিছে ‘ৰূপতীৰ্থৰ যাত্রী’। তেখেতৰ ভাষাত ক’বলৈ গলে ‘জীবন-ভিত্তিক কাহিনীৰ উপন্যাস, চুটি গল্প বা নাটক আদি ৰূপ দিব লাগিলে মূল চৰিত্ৰ, কাহিনী আৰু সংঘর্ষ আদিৰ সত্যতা পৰাপক্ষত বক্ষা কৰি সাহিত্যিক ৰূপ দিব লাগে। আগৰকালত ৰজা-মহাৰজা আদিয়ে তেওঁলোকৰ জীৱন- কাহিনীৰ সাহিত্যিক ৰূপ দিয়াবৰ কাৰণে বিশিষ্ট লিখক-সাহিত্যিকক দায়িত্ব অর্পণ কৰিছিল। আমাৰ কাব্য-মহাকাব্যবোৰ এনে কাহিনীৰেই সাহিত্যিক ৰূপ। “ৰূপতীৰ্থৰ যাত্রী” তো জ্যোতিপ্রসাদ আগৰৱালাৰ জীৱন কাহিনী বিভিন্ন ঘটনাক্রমৰ মাজেদি ৰূপ দিয়াৰ চেষ্টা কৰা হৈছে। মোৰ একান্ত বিশ্বাস যে এই বিশিষ্ট ব্যক্তি গৰাকীৰ পৰিচয় এই উপন্যাসখনে দাঙি ধৰিছে।

ৰূপালী পৰ্দাত ৰূপকোঁৱৰ --উৎপল মেনা 4
চিনেমা আৰু সাহিত্য ওতঃপ্রোত ভাবে জড়িত যদিও দুয়োটা মাধ্যমৰে ভাষা পৃথক। ‘ৰূপতীৰ্থৰ যাত্রী’ক আমি শিল্পী জনাব সম্পূর্ণ জীবন ভিত্তিক চিনেমা (bippic) বুলি নকৈ bio- fiction বুলি কোৱাহে যথার্থ হ’ব। মূল লিখকে যিহেতু দায়িত্ব লৈছেই যে সাহিত্যৰ খাতিৰত কাহিনী কওঁতে কিছু কল্পনাৰ আশ্রয় লব লগা হয়– আমিও এই উপন্যাস খনৰ চিত্ৰনাট্য তৈয়াৰ কৰোঁতে কিছু স্বাধীনতা লৈছোঁ। অবশ্যে এই মহান শিল্পীজনাব জীবনত কতো আঁচোৰ পৰিবলৈ নিদি তেওঁৰ জীৱন পৰিক্ৰমাত সংঘটিত উল্লেখনীয় ঘটনা-পৰিঘটনা লগতে বিভিন্ন সময়ত সৃষ্টি হোৱা তেওঁৰ মানসিক অন্তর্দ্বন্দ আৰু অন্তর্দৃষ্টি (introspection)- এজন সংবেদনশীল সৃষ্টিশীল ব্যক্তি হিচাপে চিনেমাখনত যাতে প্রতিফলিত হয়- তাৰ চেষ্টা কৰিম।”
পৰিচালক-চিনেমা লেখক গৰাকীয়ে আৰু জনালে, ইমান দীৰ্ঘ সময় চিনেমা খন আগবঢ়াব পৰা নাছিল প্ৰযোজকৰ আৰু বিশেষ চৰিত্ৰৰ বাবে বিশেষ অভিনয় শিল্পীৰ অভাৱত। বিশেষকৈ মূল চৰিত্ৰটোত কোনে আভিনয় কৰিব–, সেয়া আছিল মূল চিন্তাৰ বিষয়। এতিয়া চিন্তা আঁতৰ হ’ল। প্ৰযোজনা কৰিবলৈ আগবাঢ়ি আহিল– ড° সঞ্জীৱ নাৰায়ণ। আৰু পৰিচালকে মূল চৰিত্ৰটো নিৰ্মাণৰ বাবে বিছাৰি পালে সুদক্ষ অভিনেতা বলোৰাম দাসক। পৰিচালকে আন কেইটা মান চৰিত্ৰ নিৰ্মাণ কৰিব কুলদা কুমাৰ ভট্টাচার্য, প্রাঞ্জল শইকীয়া, সিদ্ধার্থ গোস্বামী, অপর্ণা দত্তচৌধুৰী, প্রণামী বৰা, পদ্মৰাগ, জয়ন্তজিৎ, নিয়ৰ শইকীয়া, ইভলিনাক লৈ। আৰু বিশেষ চৰিত্ৰ দুটা নিৰ্মাণ কৰিব জনপ্ৰিয় শিল্পী হেলিনা আৰু ইউৰোপৰ এগৰাকী শিল্পী চফিয়াক লৈ। আন কেইবাটাও চৰিত্ৰৰ বাবে অভিনয় শিল্পী নিৰ্বাচন হোৱা নাই, সোনকালে হ’ব।
–এই চিনেমা খনত কেমাৰাৰ ভাষাৰ সমানেই যে সংগীত শব্দৰ গুৰুত্ব থাকিব সন্দেহ নাই। পৰিচালকে সংগীতৰ দায়িত্ব দিছে তৰালি শৰ্মাক। সাজ-সজ্জাৰ দায়িত্বত আছে ৰক্ষ্মী শইকীয়া আৰু জীৱন ডাউকা। কৰিঅ’গ্ৰাফী মনচুমৰ। সম্পাদনা কৰিব এ শ্ৰীকৰ প্ৰসাদে।
আজিৰ এই ঘোষণাৰ পাছত, পৰিকল্পনা জনাৰ পাছত আশা কৰিব পাৰোঁ, মঞ্জু বৰাই “অসমীয়া চিনেমা”ক এটা সাৰ্থক চিনেকৰ্ম দিবলৈ গৈ আছে।

|| অতীতচাৰণ ||

“শ্ৰী শ্ৰী মাধৱদেৱ” মঞ্জু বৰাৰ চিনেকৰ্ম (এনিমেচন)। যোৱা ২ ফেব্ৰুৱাৰীত দৰ্শক হৈছিলোঁ। শেষ হোৱাৰ পাছত প্ৰযোজক ড৹ সঞ্জীৱ নাৰায়ণে ঘোষণা কৰিছিল–, মঞ্জু বৰাৰ পৰিচালনাৰে জ্যোতিপ্ৰসাদ আগৰৱালা কেন্দ্ৰিক চিনেকৰ্ম প্ৰযোজনা কৰিব। আমি ইমানে বুজিছিলোঁ জ্যোতিপ্ৰসাদ আগৰৱালা কেন্দ্ৰিক এনিমেটেড চিনেমা এখন নিৰ্মাণ কৰিব!
–এখন চিনেমাৰ “খবৰ” লিখিছিলোঁ, ২০০৩ নে ২০০৪ চনৰ কোনো এটা শুকুৰ বাৰে প্ৰকাশ পাব পৰাকৈ। সেই সময়ত মই “আজি”ৰ সম্পাদনা বিভাগৰ সৈতে জড়িত। নিৰ্দিষ্ট পৃষ্ঠাত “লে-আউট” কৰা “খবৰ”টো কাকত খনৰ সম্পাদক অজিত কুমাৰ ভূঞাই উঠাই দিয়াৰ কথা কৈছিল; আৰু কৈছিল– “খবৰ”টোৰ গুৰুত্ব আছে, প্ৰথম পৃষ্ঠাৰ খবৰ! মই লিখা “খবৰ”টোত আৰু কিছূ কথা যোগ দিছিল লেখক-সাংবাদিক মোহন কাকতীয়ে, সম্পাদকৰ নিৰ্দেশত।
–মই লিখা খবৰটো আছিল, পৰিচালক মঞ্জু বৰাই চৈয়দ আব্দুল মালিকৰ উপন্যাস “ৰূপতীৰ্থৰ যাত্ৰী”ৰ আধাৰত চিনেমা নিৰ্মাণ কৰিব।
–সম্পাদকে মোহন ককতীৰ হতুৱাই লিখাই যোগ দিছিল উপন্যাস “ৰূপতীৰ্থৰ যাত্ৰী”ৰ বিষয়ে।
আৰু “আজি”ৰ প্ৰথম পৃষ্ঠাত খবৰ ছপা হৈছিল– “ৰূপালী পৰ্দাত ৰূপকোঁৱৰ”। (হয়, “ৰূপতীৰ্থৰ যাত্ৰী” উপন্যাসখনৰ বিষয়: জ্যোতিপ্ৰসাদ আগৰৱালাৰ আদি জীৱনভাগ। স্বাভাৱিকতে ৰূপকোঁৰৰ “জয়মতী” নিৰ্মাণ প্ৰসংগও আহিব মঞ্জু বৰাৰ চিনেমা খনলৈ– আমাৰ মনলৈ আহিছিল। আনন্দ অনুভৱ কৰিছিলোঁ।) কিন্তু “খবৰ”টো খবৰ হৈয়ে থাকিল। মঞ্জু বৰাই “জয়মতী”ৰ কাম হাতত ল’লে। সময়ত “জয়মতী” (২০০৬ চনত) চিত্ৰগৃহলৈ আহিল। “আই ক’ত নাই”ৰ পৰা “শ্ৰী শ্ৰী মাধৱদেৱ”লৈ কেইবাটাও চিনেকৰ্ম কৰিলে। “ৰূপতীৰ্থৰ যাত্ৰী” হেৰাই থাকিল।
–“শ্ৰী শ্ৰী মাধৱদেৱ” চোৱাৰ পাছত প্ৰযজক ড৹ সঞ্জীৱ নাৰায়ণে জ্যোতিপ্ৰসাদ আগৰৱালা কেন্দ্ৰিক”এনিমেচন” ঘোষণাৰ পাছতেই আকৌ চৰ্চা কৰিছিলোঁ “ৰূপতীৰ্থৰ যাত্ৰী” প্ৰসংগ। লিখিছিলোঁ– “এনিমেচন” নহয়, “ৰূপতীৰ্থৰ যাত্ৰী” ৰূপালী গল্পলৈ ৰূপান্তৰ হওক!
–“ৰূপতীৰ্থৰ যাত্ৰী” চৰ্চা কৰিছিলোঁ আৰু এবাৰ। “হৰিচন্দ্রচী ফেক্টৰি” চোৱাৰ পাছত। চিনেমা খনৰ বিষয়: প্ৰথম ভাৰতীয় পূৰ্ণদৈৰ্ঘৰ চিনেমা “ৰাজা হৰিচন্দ্ৰ” নিৰ্মাণ আৰু পৰিচিলক দাদাচাহেব ফাল্কে। “ৰূপতীৰ্থৰ যাত্ৰী” যথা সময়ত ফ্ল’ৰলৈ গ’লে প্ৰায় একে সময়তে আমি এখন “জয়মতীচী ফেক্টৰি” পালোঁ হেতেন!
–যি নহওক, এতিয়া পাম! ৰূপালী পৰ্দাত ৰূপকোঁৱক পাম। ইতিমধ্যে কাম আগ বঢ়িছে! আহা ১৭ জানুৱাৰীত চিনেমা খনৰ কিছু খবৰ হয়তো পাম!
–আশাৰে!
–ধেৰ শুভেচ্ছা মঞ্জু বৰা।
–ধেৰ শুভেচ্ছা ১০০ খন অসমীয়া চিনেমা নিৰ্মাণৰ পৰিকল্পনা থকা ড৹ সঞ্জীৱ নাৰায়ণ!

]]>
https://rupaliparda.com/archives/30293/feed 0 30293