প্ৰভাতী পখীৰ গান – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Mon, 18 Sep 2023 05:46:46 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 প্ৰভাতী পখীৰ গান – Rupaliparda.com https://rupaliparda.com 32 32 163073109 || দিলীপ কুমাৰ হাজৰিকা আৰু নাই: শ্ৰদ্ধাঞ্জলি ||–উৎপল মেনা https://rupaliparda.com/archives/29647 https://rupaliparda.com/archives/29647#respond Mon, 18 Sep 2023 05:42:28 +0000 https://rupaliparda.com/?p=29647 || দিলীপ কুমাৰ হাজৰিকা আৰু নাই: শ্ৰদ্ধাঞ্জলি ||--উৎপল মেনা 3১৪ ছেপ্টেম্বৰ। নিশা। “নিয়মীয়া বাৰ্তা” কাকতৰ সাংবাদিক হেমন্ত মজুমদাৰৰ “ফোন”– দিলীপ কুমাৰ হাজৰিকা আৰু নাই। স্বাভাৱিক খবৰ! মানি লব নোৱাৰা খবৰ! বুকু বিষোৱা খবৰ!
“বুকু হম হম কৰে…”ৰ কথা কৈছিল দিলীপ কুমাৰ হাজৰিকাই। চন: ২০০২। বাৰ, তাৰিখ মনত নাই। ৭-৮ বছৰ পাছত কৰ্মস্থান মুম্বাইৰ পৰা প্ৰত্যৱৰ্তন কৰি দৈনিক কাকত “আজি”ৰ সম্পাদনা বিভাগত জড়িত হৈছিলোঁ। মোক “আজি”ৰ সম্পাদক অজিত কুমাৰ ভূঞাৰ কক্ষলৈ মতাই আনি দিলীপ কুমাৰ হাজৰিকাই বলিউড কেন্দ্ৰীক ইটো-সিটো কথা সুধিছিল। সুধিছিল “দিল হুম হুম কৰে…” কেন্দ্ৰীক ইটো-সিটো কথা। আৰু কৈছিল “মণিৰাম দেৱান”ৰ কথা। “সেই সময়ত (“মণিৰাম দেৱান” চিত্ৰগৃহলৈ আহিছিল ১০ জানুৱাৰী, ১৯৬৪ -ত। চিনেমা খনৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ হৈছিল ১৯৬২ চনত। একে লেথাৰিয়ে চিত্ৰগ্ৰহণৰ কাম হোৱা নাছিল। কলিকতাৰ (কলকাতাৰ) ইন্দ্ৰপুৰী ষ্টুডিঅ’ত এৰা এৰিকৈ দীৰ্ঘ সময় চিত্ৰগ্ৰহণৰ কাম চলিছিল।) চিনেমা বুলিলেই মই পাগল আছিলোঁ। পৰিচালক সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে মোক কৈছিল– ‘তুমি পিয়লি বৰুৱাৰ চৰিত্ৰত অভিনয় কৰিবা! মোক পাই কোনে! আৰু কেইদিন পাছতে শুনিলোঁ মোৰ ওঁঠত গীত থাকিব। ভূপেন হাজৰিকাই গোৱা গীত– ‘বুকু হম হম কৰে…’। চিত্ৰায়ণৰ আগতে গীতটো মোক কেইবাবাৰো শুনোৱা হৈছিল। গীতৰ ৰিহাৰ্ছেলৰ সময়ত, ৰেকৰ্ডিঙৰ সময়তো শুনিছিলোঁ, কলিকতাৰ ‘হিন্দুস্থান ৰেকৰ্ডিং ষ্টুডিঅ’ত’। বুকু হম হমাই গৈছিল। আজিও বুকু হম হমাই, সেই সময়ৰ কথা মনলৈ আহিলে। চিনেমা খনৰ নামত ইমানেই পাগল হৈছিলো, আন সকলো কাম বাদ দি কলিকতাতে আছিলোঁ, চিনেমা খনৰ নিজৰ চৰিত্ৰটোৰ লগতে ইটো-সিটো কাম কৰি।”

|| দিলীপ কুমাৰ হাজৰিকা আৰু নাই: শ্ৰদ্ধাঞ্জলি ||--উৎপল মেনা 4

“মণিৰাম দেৱান”ৰ পাছৰ সময় চোৱাত দিলীপ কুমাৰ হাজৰিকাই অভিনয় কৰিছিল “ককাদেউতা নাতি আৰু হাতী”, “পিতাপুত্ৰ”, “ৰং”, “প্ৰভাতী পখীৰ গান”, “প্ৰতিমা”, “ভাই ভাই”, “বহাগৰ দুপৰীয়া”, “সপোন” আদিত। কম ফুটেজৰ চৰিত্ৰত। “অভিনয় আৰু লেখা মোৰ নিচা। মোৰ নিচাৰ কথা জানেই বাবে ভাইমন (মুনিন বৰুৱা) হতে মোৰ বাবে সৰুকৈ চৰিত্ৰ ৰচনা কৰে, অজিত (অজিত কুমাৰ ভূঞা) হতে লিখিবলৈ কাকতত ঠাই দিয়ে।”
কাকত-আলোচনীৰ columnist আছিল দিলীপ কুমাৰ হাজৰিকাৰ আন এক পৰিচয়। সমাজৰ, ৰাজনীতিৰ কথা লিখিছিল যদিও পৰিচয় পাইছিল চিত্ৰ সাংবাদিক হিচাবে। ৬০ দশকৰ আৰম্ভনীতে, সেই সময়ৰ “অসম বাণী” কাকতৰ সম্পাদক সতীশ চন্দ্ৰ কাকতিয়ে কাকত খনৰ চিনেমাৰ পৃষ্ঠাটো সজাবলৈ (সম্পাদনা কৰাৰ) দায়িত্ব দিছিল দিলীপ কুমাৰ হাজৰিকাক। “মই লেখা এটা লৈ সতীশ চন্দ্ৰ কাকতিৰ ওচৰলৈ গৈছিলোঁ। মোৰ বয়স ২২-২৩ বছৰ। (দিলীপ কুমাৰ হাজৰিকাৰ জন্ম: ১৫ জুন ১৯৩৩।) শিৱসাগৰ চৰকাৰী বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰি কটন কলেজত নাম লগাইছিলোঁ। তাৰ পাছত গৌহাটী বিশ্ববিদ্যায়, আইন কলেজ। কটন কলেজত পঢ়ি থকা সময়তে মোক বহুতে নাটক, চিনেমাৰ বিষয়ে লিখা মানুহ বুলি জানিছিল। শিৱসাগৰত থকা সময়ত “সেউজীয়া সমাজ”ৰ হৈ নাটক কৰিছিলো। সেই সময়ত অভিনয় কৰাৰ লগতে নাটকৰ বিষয়ে সাংবাদিকতা কৰিবলৈ প্ৰেৰণা পাইছিলো পৰাগধৰ চলিহাৰ। গুৱাহাটীলৈ অহাৰ পাছত প্ৰেৰণা দিছিল সত্য প্ৰসাদ বৰুৱা, লক্ষ্যধৰ চৌধুৰী, প্ৰবীণ ফুকন, মোৰ মামা তিলক দাস আদিয়ে। মঞ্চত, অনাটাৰ কেন্দ্ৰত নাটকৰ কাম কৰাৰ লগতে লিখা-মেলা কৰো বুলি সতীশ চন্দ্ৰ কাকতিয়ে জানিছিল বাবে মোক পৃষ্ঠা সজাবলৈ সুযোগ দিছিল।”

১৯৬২ চনত “মণিৰাম দেৱান” চিনকৰ্মৰ বাবে কলিকতাত এবছৰৰো বেছি সময় থাকিবলৈ বাধ্য হোৱাত “অসম বাণী”ৰ কাম এৰিবলগীয়া হৈছিল। চিনেমা খনৰ কাম শেষ হোৱাৰ পাছত, ১৯৬৩ চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাত প্ৰকাশ পোৱা “নৱযুগ”ৰ সম্পাদনা বিভাগৰ সৈতে জড়িত হয়। লগতে দিকুহা নামেৰে “অসম বাণী”ত আৰম্ভ কৰে এটা নতুন শিতান “এক মিনিট”। এই নাম আৰু শিতান কম সময়তে জনপ্ৰিয় হয়। পাছলৈ এই নামেৰে, এই শিতান লিখিছিল “পূৰ্বাঞ্চল” আৰু অন্যান্য কাকততো। দিকুহাৰ “এক মিনিট” গ্ৰন্থ আকাৰতো প্ৰকাশ পাইছে।

“এক মিনিট”ৰ লেখন শৈলীৰে আকৰ্ষণ কৰা দিকুহাক আমি ইমান ওচৰৰ পৰা নাপালো হেতেন, যদিহে “আজি” কাকতৰ সম্পাদনা বিভাগ মোৰ কৰ্মস্থলী নহ’ল হেতেন! “আজি”ৰ লগতে “নতুন সময়”ৰ নিৰ্দিষ্ট পৃষ্ঠা কেইটামান মোৰ দায়িত্বত আছিল। দায়িত্বত থকা পৃষ্ঠা কেইটাৰ ভিতৰত চিনেমাৰ পৃষ্ঠাও আছিল। প্ৰতি সপ্তাহত চিনেমাৰ পৃষ্ঠ কেইটাত চকু ফুৰাই এটা বাক্যয়ে কৈছিল– “keep it up”। চিনেমাৰ সমালোচনা লিখি প্ৰায়ে সমস্যাত পৰিছিলোঁ। “সমস্যা” পৰিলে মোৰ ওচৰত ঠিয় হৈছিল। সমালোচনাৰ নামত “সমালোচনা” লিখিবলৈ উৎসাহ দিছিল। মোৰ “অসমীয়া চিনেমা” গ্ৰন্থ খন দি কু হা, দিলীপ কুমাৰ হাজৰিকাৰ তাগিদাতে আৰম্ভ কৰিছিলোঁ। গ্ৰন্থ খনৰ বাবে তথ্যৰে সহায় কৰিছিল। এটা লেখা লিখি দিছিল। আমি যেতিয়া “অসমীয়া প্ৰতিদিন”, “নিয়মীয়া বাৰ্তা”ৰ সম্পাদনা বিভাগত কাম কৰিছিলোঁ, তেতিয়াও লেখাৰে, তথ্যৰে সহায় কৰিছিল।
এই গৰাকী ব্যক্তিৰ মৃত্যু! কেনেকৈ মানি লব পৰা খবৰ হব পাৰে! কেনেকৈ বুকু নিবিষোৱা খবৰ হব পাৰে!

]]>
https://rupaliparda.com/archives/29647/feed 0 29647
অসমীয়া চিনেমা : কন্যাদান ||–উৎপল মেনা https://rupaliparda.com/archives/28673 https://rupaliparda.com/archives/28673#respond Fri, 08 Oct 2021 02:00:50 +0000 https://rupaliparda.com/?p=28673

হিয়া দিয়া নিয়া’ৰ মাজত স্পষ্ট হৈছিল আন এগৰাকী ‘পৰিচালক মুনিন বৰুৱা’৷ ‘পিতা-পুত্ৰ’ (১৯৮৮), ‘পাহাৰী কন্যা’ (১৯৯১), ‘প্ৰভাতী পখীৰ গান’ (১৯৯২)ৰ পাছত পৰিচালনা কৰা এই চিনেমাখনক ‘মিউজিকেল ৰোমাণ্টিক’ বুলিও ক’ব পৰা যায়৷ এই চিনেমাখনৰ পাছত দেখা গৈছিল ‘মুনিন-যতীন-জুবিন’ মানেই যেন ‘সফলতা’৷ পৰিচালক মুনিন বৰুৱা, নায়ক যতীন বৰা, সংগীত পৰিচালক জুবিন গাৰ্গ যেন হৈ পৰিল অসমীয়া চিনেমাৰ ‘বক্স-অফিচ সফলতা’ৰ মন্ত্ৰ’৷ এই মন্ত্ৰৰ চিনেমা ‘দাগ’ (২০০১), ‘নায়ক’ (২০০১), ‘কন্যাদান’ (২০০২), ‘বিধাতা’ (২০০৩), ‘ৰং’ (২০০৪) আৰু ‘বাৰুদ’ (২০০৪)৷
‘কন্যাদান’ চিনেমা এখনৰ বিষয়ে লিখিবলৈ গৈ প্ৰখ্যাত সমালোচক দীপা গেহলটে লিখিছিল–“চিনেমা পাৰিবাৰিক, ৰোমাণ্টিক, হাস্যপ্ৰধান যিয়ে নহওক কিয়; সেইখন চিনেমাহে আজিৰ দৰ্শকে আদৰি লোৱা দেখা যায়, যিখন চিনেমাৰ দৰ্শক হৈ বেছিভাগ সময় উৎকণ্ঠাৰে কটাব লগা নহয়…৷’’ এনেধৰণৰ ‘দৰ্শকে আদৰি লোৱা’ কাহিনী, ট্ৰিট্‌মেণ্টৰে এখন চিনেমা ‘কন্যাদান’৷ চিনেমাখনৰ কাহিনীভাগ জটিল নহয়৷ যিকোনো পৰিয়াল এটাত ঘটিব পৰা বা ঘটি থকা এটা সাধাৰণ কাহিনী৷ চিত্ৰনাট্যকাৰ মুনিন বৰুৱাৰ অসাধাৰণ ট্ৰিট্‌মেণ্টৰ বাবেই সাধাৰণ কাহিনীটো সকলো শ্ৰেণীৰ দৰ্শকৰ বাবে হৈ উঠিছে উপভোগ্য৷ পৰিচালক-চিত্ৰনাট্যকাৰ বৰুৱাৰ পূৰ্বৰ চিনেমাৰ দৰে এই চিনেমাখনত সংলাপৰ ‘আতিশয্য’ একেবাৰেই নাই৷ যিমানখিনি সংলাপ ব্যৱহাৰ নকৰিলে নহয়, সিমানখিনি সংলাপহে ব্যৱহাৰ কৰিছে৷ সংলাপেই নহয় অযথা শ্বট এটাও ব্যৱহাৰ কৰা নাই৷ যাৰ বাবে ছবিখনৰ গতি হৈছে মসৃণ আৰু কোনো এটা ছিকুৱেন্সতেই দৰ্শকে বিৰক্তি অনুভৱ কৰা নাই৷ ‘কন্যাদান’ত চৰিত্ৰৰ সংখ্যা কম নহয়৷ চৰিত্ৰকেইটাত সু-অভিনয় কৰিছে অৰুণ নাথ, মৃদুল বৰুৱা, যতীন বৰা, তপন দাস, পূৰৱী শর্মা, মাধুৰিমা বৰুৱা, হিৰণ্য ডেকা আদি জনপ্ৰিয় শিল্পীসকলে৷ এই জনপ্ৰিয় শিল্পীসকলক গুৰুত্ব সহকাৰে উপস্থাপন কৰাতোৱেই হৈছে পৰিচালক-চিত্ৰনাট্যকাৰ বৰুৱাৰ কৃতিত্বৰ অন্যতম দিশ৷ চিনেমাখনত কোনো চৰিত্ৰ গুৰুত্বহীন যেন লগা নাই৷ সংলাপ, শ্বট, চৰিত্ৰত হিচাপী পৰিচালকে মনোযোগ দিয়া যেন নালাগিল৷ মনোযোগ দিয়া যেন নালাগিল আৱহ সংগীত আৰু নায়িকা নিৰ্বাচনৰ ক্ষেত্ৰতো৷ আৱহ সংগীতৰ আতিশয্যই মাজে মাজে সংলাপো ঢাকি ৰাখিছে৷ চিনেমাখনৰ চৰিত্ৰটোৰ সৈতে সকলো পিনৰ পৰাই খাপ খাই পৰিছিল নায়িকা ঋতুপৰ্ণা কটকী৷ কিন্তু নায়িকাগৰাকীৰ কণ্ঠস্বৰ আৰু সংলাপ প্ৰক্ষেপনে সকলো পণ্ড কৰি পেলালে৷ ( ২০ মাৰ্চ, ২০০২)

]]>
https://rupaliparda.com/archives/28673/feed 0 28673
অসমীয়া চিনেমা : প্ৰভাতী পখীৰ গান ||– উৎপল মেনা https://rupaliparda.com/archives/28547 https://rupaliparda.com/archives/28547#respond Fri, 01 Oct 2021 16:29:16 +0000 https://rupaliparda.com/?p=28547

চিনেমাখনৰ প্ৰতিটো মূল চৰিত্ৰই ‘নায়ক-নায়িকা’৷ পিতা-পুত্ৰ-পুত্ৰীক লৈ এটা পৰিয়াল৷ পিতাৰ চৰিত্ৰটোত অভিনয় কৰিছে কুলদা কুমাৰ ভট্টাচাৰ্য৷ দুই সন্তান– তপন দাস, মৃদুলা বৰুৱাক লৈ নিৰ্মাণ কৰিছে চৰিত্ৰ দুটা৷ সুখৰ নহয়, আৰ্থিক সমস্যাৰ মাজত কক্‌বকাই থকা পৰিয়াল৷ মাকৰ গহনা বন্ধকত থৈহে পিতৃৰ চিকিৎসা কৰে জীয়ৰীয়ে৷ পুত্ৰ হিচাবে তপন দাসে অভিনয় কৰা চৰিত্ৰটো শিক্ষিত কিন্তু নিবনুৱা৷ অন্যায় সহ্য কৰিব নোৱাৰে, সেইটোৱে তাৰ দোষ৷ –আন এটা পৰিয়ালৰ নিবনুৱা যুৱক এজন৷ সি কয়– ‘সংগীতৰ বাহিৰে মই আন কথা চিন্তা কৰিব নোৱাৰো৷’ গীত লিখে, সুৰ দিয়ে৷ পুৱা দেৰিলৈকে বিছনা নেৰে, বিছনাত পৰি পৰিয়ে বৌৱেকৰ গালি শুনি থাকে৷ চৰিত্ৰটো নিৰ্মাণ কৰিছে প্ৰাঞ্জল শইকীয়াক লৈ৷– নিবনুৱা হৈ নাথাকি ‘কাম’ৰ পিছে পিছে দৌৰা আন এটা চৰিত্ৰ নিৰ্মাণ কৰিছে সঞ্জীৱ হাজৰিকাক লৈ৷ তেনেদৰে বিদ্যুৎ চক্ৰৱৰ্তী, জয়ন্ত দাস, পূৰৱী শৰ্মা, মিৰেল কুদ্দুছক লৈ নিৰ্মাণ কৰিছে আন চাৰিটা চৰিত্ৰ৷ –এই চৰিত্ৰকেইটাক পৰিচালক মুনিন বৰুৱাই লৈ আহে এটা সংঘলৈ৷ সংঘটো হৈ পৰে দেশৰ প্ৰতীক৷ ‘চৰিত্ৰ’কেইটাই সংঘটো সুন্দৰভাৱে গঢ়িব খোজে, অৰ্থাৎ সুন্দৰ দেশ নিৰ্মাণ কৰিব খোজে৷ সংঘটো ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰে ৰাজনৈতিক নেতা, দালাল ইত্যাদিয়ে৷ নেতা, দালালসকলেই যেন দেশৰ ‘সমস্যা’৷ গঢ়িব নাজানে, ভাঙিব জানে৷ চিনেমাখনৰ শেষত সংঘটো ভঙাত ব্যৰ্থ হয় নেতা-দালাল…৷ চিনেমাখন শেষ কৰে অসমীয়াতে কোৱা ‘we shall Over come…’ গীতটোৰে, যিটো গীত জড়িত নাগৰিক অধিকাৰ আন্দোলনৰ সৈতে৷ এই গীতটোৰ ব্যৱহাৰ অৰ্থৱহ৷ ‘নিবনুৱা সমস্যা’ স্পষ্ট হৈ পৰা এই চিনেমাখনৰ নাম– ‘প্ৰভাতী পখীৰ গান’৷ চিত্ৰগৃহলৈ আহিছিল ২৭ মাৰ্চ, ১৯৯২ চনত৷ সন্দেহ নৰখাকৈ ক’ব পাৰি– ‘প্ৰভাতী পখীৰ গান’ পৰিচালক মুনিন বৰুৱাৰ শ্ৰেষ্ঠ ‘চিনেকৰ্ম’৷ আজিও চিনেমাখন দিগদাৰ ‘অনুভৱ’ নকৰাকৈ চাব পাৰি৷– চিনেমাখনৰ চুই যোৱা প্ৰথম দিশটো স্বাভাৱিকতে পৰিচালনা শৈলী আৰু বিষয়বস্তু৷ চমক ‘বিষয়বস্তু’ৰ বিন্যাস আৰু অভিনয়৷ প্ৰতিটো ‘চৰিত্ৰ’ৰে স্বাভাৱিক অভিনয়৷ ‘কম ফুটেজ’ত অৰুণ নাথক লৈ নিৰ্মাণ কৰা চৰিত্ৰটোৰ কথা বিশেষভাৱে উল্লেখ কৰিব পাৰি৷ চৰিত্ৰটোৰ মুখত দিয়া এটা সংলাপ আছিল– “সততে ৩০ টকা ফিজ লোৱা ডাক্তৰজনে অসময়ত চিকিৎসা কৰিবলৈ যদি ১০০ টকা লয়, সেই চিকিৎসকজন ব্লেকাৰ নে আগতে গৈ টিকট কাটি ‘সময়’ত চিনেমা চাবলৈ যোৱাজনৰ পৰা কেইটামান টকা বেছিকৈ লোৱা ‘চৰিত্ৰ’টো ব্লেকাৰ?” [হুবহু সংলাপটো মনলৈ আনিব পৰা নাই৷]– হয়, অৰুণ নাথে অভিনয় কৰা ‘চৰিত্ৰ’টো ব্লেকাৰৰ৷ নিশা মাতাল হৈ ক্ষোভ উজাৰে৷ –চিনেমাখনত পৰিচালকে দুটা প্ৰেমৰ ‘কাহিনী’ ৰচনা কৰিছে, তপন দাস-পূৰৱী শর্মা, মৃদুলা বৰুৱা-সঞ্জীৱ হাজৰিকাক লৈ৷ ৰচনা কৰিছে- অসমীয়া সংস্কৃতিৰ দুৰ্দশাৰ ছবিখনো৷ অসমীয়া সংস্কৃতি চৰ্চা কৰাজনৰ স্থান কাৰোবাৰ শ্ৰাদ্ধত৷ জীয়াই থকাজনৰ বাবে নহয়, মৃতজনৰ আত্মাৰ বাবেহে যেতিয়া অসমীয়া শিল্পীয়ে ‘গীত’ গোৱাৰ পৰিৱেশ হয়, তেতিয়া ক্ষোভ প্ৰকাশ নহ’ব নে? – ক্ষোভ প্ৰকাশ হয় বিদ্যুৎ চক্ৰৱৰ্তীক লৈ নিৰ্মাণ কৰা ‘চৰিত্ৰ’টোৰ মুখেৰে৷ ‘চৰিত্ৰ’টোৰ দেউতাকে গোটেই জীৱন ‘অসমীয়া সংস্কৃতি’ চৰ্চা কৰি কি পালে? শৰাই-গামোচা৷ ‘চৰিত্ৰ’টোৱে ক্ষোভেৰে কয়– ‘সেই গামোচা শিল্পীৰ পেটত বান্ধিবলৈহে৷ পৰিচালকে এটা বুদ্ধিদীপ্ত ছিকুৱেন্স ৰচনা কৰিছে–‘চৰিত্ৰ’টোৱে ঢোল বজাইছে, ‘চৰিত্ৰ’টোৰ শিল্পী দেউতাকে গামোচাৰে তৈয়াৰ কৰা দীঘল ‘সাঁকো’ এখনেৰে পাৰ হ’বলৈ চেষ্টা কৰিছে৷ ‘সাঁকো’ ভাঙি শিল্পীগৰাকী মাটিত পৰে, আৰু ভিতৰৰ পৰা ভাঁহি আহে কান্দোন– ‘শিল্পী’ৰ মৃত্যু৷ – সুন্দৰ ছিকুৱেন্স, সুন্দৰ চিনেমা৷

]]>
https://rupaliparda.com/archives/28547/feed 0 28547