প্ৰিয়াংশী কাশ্যপ – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Fri, 30 Aug 2024 10:27:25 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 প্ৰিয়াংশী কাশ্যপ – Rupaliparda.com https://rupaliparda.com 32 32 163073109 বৰলুইত প্ৰডাকচনৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘ডিফলু’ৰ শুভাৰম্ভণি https://rupaliparda.com/archives/30550 https://rupaliparda.com/archives/30550#respond Fri, 16 Aug 2024 10:15:41 +0000 https://rupaliparda.com/?p=30550 ডিফলু

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিভিন্ন বঁটাপ্ৰাপ্ত চুটি ছবি নিৰ্মাণৰ বাবে সুপৰিচিত বৰলুইত প্ৰডাকচনে এইবাৰ নিৰ্মাণ কৰিব এখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া বোলছবি। বুধবাৰে এক সংবাদমেল সম্বোধন কৰি প্ৰথমখন অসমীয়া কথাছবি ‘ডিফলু’ৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰে বৰলুইত প্ৰডাকচনে। পৰিস্থিতিগত হাস্যৰস আৰু আৱেগৰ ৰহণ সানি নিৰ্মাণ কৰিবলগীয়া এই নতুন অসমীয়া কথাছবিখন প্ৰডাকচন কোম্পানীটোৰ বিৱৰ্তনৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে, ছবিপ্ৰেমী আৰু সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত চুটি ছবি ‘আকাশ বিচাৰি- ইনটু দ্য স্কাই’ আৰু ‘ৰং- দ্য কালাৰ’ৰ অভূতপূৰ্ব সফলতাৰ পিছত ‘ডিফলু’ হৈছে বৰলুইত প্ৰডাকচনৰ দ্বাৰা নিৰ্মিত প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ বোলছবি। প্ৰডাকচন কোম্পানীটোৰ পূৰ্বৰ প্ৰকল্পসমূহৰ কলাত্মক দৃষ্টিভংগী আৰু কাহিনীৰ শক্তিশালী উপস্থাপন শৈলীৰ প্ৰবাহ অক্ষুণ্ণ ৰাখি এই নতুন ছবিখনে দৰ্শকৰ বাবে এক আকৰ্ষণীয় আৰু স্মৰণীয় চিনেমাৰ অভিজ্ঞতা প্ৰদানৰ নিশ্চয়তা প্ৰদান কৰিছে। ‘ডিফলু’ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অমৃতা গগৈ আৰু সুব্ৰত দেউৰীয়ে। ইয়াৰোপৰি অৰুণ নাথ, চেতনা দাস, মৃদুলা বৰুৱা, জয়ন্ত ভাগৱতী আৰু অৰুণ হাজৰিকাৰ দৰে অসমীয়া বোলছবিৰ প্ৰবীণ অভিনেতা-অভিনেত্ৰীৰ অভিনয়ে ছবিখনৰ কাহিনী অধিক মনোগ্ৰাহী কৰি তুলিছে। ছবিখনত অভিনয় কৰা আন আন প্ৰতিভাৱান অভিনেতা-অভিনেত্ৰীসকলৰ ভিতৰত আছে ড° হিতেশ বৰুৱা, সীমাশ্ৰী বৰা, ৰাজীব দুৱৰী, অনিৰ্বাণ কলিতা, অংকুৰ বৈদ্য, প্ৰিয়াংশী কাশ্যপ, দিব্য প্ৰতিম ভাগৱতী, কণিকা নাথ, প্ৰবাল বৰা, নিলোফাৰ নাজবিন, আৰু নাচিম বেগম। কুঁহি নামৰ চৰিত্ৰত অভিনয় কৰা অমৃতা গগৈক লৈয়েই আগবাঢ়ে ‘ডিফলু’ ছবিখনৰ কাহিনী। ছবিখনত চিকিৎসা প্ৰশিক্ষণৰ অংশ হিচাপে গুৱাহাটীৰ যুৱতী কুঁহিক ডিফলু নদীৰ পাৰৰ এখন দুৰ্গম গাঁৱত নিযুক্তি দিয়া হয়। গাঁৱৰ কঠিন পৰিস্থিতি আৰু জৰাজীৰ্ণ স্বাস্থ্য সুবিধাৰ সৈতে কুঁহিয়ে সংগ্ৰাম কৰি থকাৰ সময়তে তেওঁৰ পৰিচয় ঘটে নীল (সুব্ৰত দেউৰী) নামৰ এগৰাকী বিদ্যালয় শিক্ষকৰ সৈতে। দুয়োৰে প্ৰাৰম্ভিক সাক্ষাৎ লাহে লাহে ব্যক্তিগত বিকাশ আৰু সামুদায়িক প্ৰভাৱৰ এক হৃদয়স্পৰ্শী যাত্ৰালৈ বিকশিত হৈ পৰে। ছবিখনত হাস্যৰস আৰু আৱেগিক পৰিঘটনাৰ মাজেৰে কুঁহিয়ে নিজৰ বস্তুবাদী চহৰকেন্দ্ৰিক সপোনৰ পৰা ওলাই আহি এগৰাকী দয়ালু আৰু নিষ্ঠাবান যুৱতী হৈ পৰাৰ পৰিৱৰ্তনশীল যাত্ৰাক চিত্ৰিত কৰা হৈছে। ছবিখনৰ কাহিনী, পৰিচালনা আৰু সম্পাদনা কৰিছে নেকিবে, আনহাতে চিত্ৰনাট্য আৰু সংলাপ হৈছে দেৱজিৎ বৰাৰ। ছবিখনৰ চিনেমেট’গ্ৰাফীৰ দায়িত্বত আছে উত্তম কলিতা আৰু কলা পৰিচালনাৰ দায়িত্ব চম্ভালিছে নাৰায়ণ মেধিয়ে। ছবিখনৰ প্ৰযোজক জেকবে সংগীত আৰু আৱহ সংগীতো প্ৰদান কৰিছে। ‘ডিফলু’ৰ মুখ্য সহকাৰী পৰিচালক হিচাপে আছে জিতুল ৰাজবংশী আৰু তেওঁক সহায় কৰিছে দেৱাশীষ ডেকা আৰু আফিৰন নিচাই। ছবিখনৰ সাজ-সজ্জা জুৰি কলিতাৰ আৰু মেক-আপ পিজুমণি শৰ্মাৰ। আনহাতে প্ৰডাকচন মেনেজাৰ হিচাপে আছে উৎপল কলিতা। উল্লেখ্য যে, ছবিখনৰ জনসংযোগ আৰু ছ’চিয়েল মিডিয়া প্ৰচাৰ অভিযান পৰিচালনা কৰিব গুৱাহাটীস্থিত সুপৰিচিত জনসংযোগ আৰু ব্যৱস্থাপনা পৰামৰ্শদাতা প্ৰতিষ্ঠান লাইফছ পাৰ্পলে। নতুন কথাছবি ‘ডিফলু’ৰ উন্মোচনৰ সমান্তৰালভাৱে এই অনুষ্ঠানতে সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত বৰলুইত প্ৰডাকচনৰ চুটি ছবি ‘ৰং- দ্য কালাৰ’ৰ আনুষ্ঠিক মুক্তিৰ বিষয়েও ঘোষণা কৰা হয়। উল্লেখ্য যে, শক্তিশালী কাহিনী আৰু উপস্থাপন শৈলীৰ বাবে বহু-প্ৰশংসিত এই চুটি ছবিখনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ইতিমধ্যে অসংখ্য বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। লক্ষণীয় যে, বিশ্বজুৰি স্বীকৃতি লাভ কৰা ‘ৰং- দ্য কালাৰ’ চুটি ছবিখন এতিয়া বৰলুইত প্ৰডাকচনৰ ইউটিউব চেনেলতো দৰ্শকৰ বাবে উপলব্ধ।

]]>
https://rupaliparda.com/archives/30550/feed 0 30550