বিভাষ চক্ৰৱৰ্তী – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Tue, 12 Nov 2024 10:08:17 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 বিভাষ চক্ৰৱৰ্তী – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ৰবি শৰ্মাৰ “মোক্ষ” /চিনে সংবাদ –উৎপল মেনা https://rupaliparda.com/archives/31278 https://rupaliparda.com/archives/31278#respond Tue, 12 Nov 2024 10:08:17 +0000 https://rupaliparda.com/?p=31278 মোক্ষ

আৰু এখন চিনেমা ৰবি শৰ্মাৰ। অভিনেতা ৰবি শৰ্মাৰ আৰু এক চিনেচিন্তা, চিনে-ৰচনা “মোক্ষ”। “শ্ৰী ৰঘুপতি”ৰ পাছত দ্বিতীয় চিনেচিন্তা। চিনেমা খনৰ পোষ্টাৰ মুকলিৰ লগতে মহুৰৎ অনুষ্ঠান সম্পন্ন হয় গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতিচিত্ৰবনত। মহুৰৎ শ্বটটোত অংশ লয় ৰবি শৰ্মা আৰু বিভাষ চক্ৰৱৰ্তীয়ে। চিনেমা খনৰ মূল চৰিত্ৰটো নিৰ্মাণ কৰিব ৰবি শৰ্মাক লৈ। “হিয়া দিয়া নিয়া”ৰে অসমীয়া চিনেমাৰ নায়কৰ ট্ৰেকত খোজ পেলোৱা ৰবি শৰ্মাৰ চিনে-অভিনয়ৰ উত্তৰণ হয় (আমাৰ ধাৰণাত) “বাৰুদ”ত। –কোন নাছিল মুনিন বৰুৱাৰ “বাৰুদ”ত? বিজু ফুকন, তপন দাস, যতীন বৰা, প্ৰাঞ্জল শইকীয়া, বাহাৰুল ইছলাম, প্ৰস্তুতি পৰাশৰ…। এক বিশেষ ইমেজেৰে (বলিউদৰ চিনেমাত যি ইমেজক কোৱা হয়– ৰাফ এণ্ড টাফ), অভিনয় ক্ষমতাৰে জিলিকি উঠিছিল ৰবি শৰ্মা।
মোক্ষ
–“মোক্ষ”ৰ প্ৰথমটো অনুষ্ঠানত উপস্থিত থাকি অনুভৱ কৰিছো “বাৰুদ”ত নিৰ্মাণ হোৱা ইমেজটো হয়তো আৰু পুৰঠ ৰূপত ব্যৱহাৰ হ’ব। অন্য এক দৰ্শকক চুব পৰা চৰিত্ৰ নিৰ্মাণ কৰিব পৰিচালক মিৰ্জা আৰিফ হাজৰিকাই। –হয়, চিনেমা খনৰ পৰিচালক মিৰ্জা আৰিফ হাজৰিকা। পৰিচালক আৰিফে ২০১৯ বৰ্ষত চিত্ৰগৃহলৈ অহা “অস্তিত্ব“ৰ লগতে কেইবা খনো চুটি চিনেমাৰে পৰিচালনা শক্তি দেখুৱাইছে। আমাৰ ধাৰণাত ভিন্ন শৈলীৰ চিনেকৰ্ম কৰিব পৰা ক্ষমতা আছে পৰিচালক গৰাকীৰ।
মোক্ষ
–চিনেমা খনৰ আন কেইটামান চৰিত্ৰ নিৰ্মাণ হ’ব শৰৎ ছাক্সেনা, বিভাষ চক্ৰৱৰ্তী, অৰ্চিতা আগৰৱাল, মৃদুল চুতীয়া, সঞ্জীৱ হাজৰিকা, প্ৰিয়ম পল্লৱী, সিদ্ধাৰ্থ মুখাৰ্জীক লৈ। বলিউডৰ অভিনেতা (চিনেমা: মিষ্টাৰ ইণ্ডিয়া, ত্রিদেৱ, খিলাড়ি, গোলাম, গুপ্ত: দ্য হিডেন ট্রুথ, ডুপ্লিকেট, ছোলজাৰ, বাগবান, ফানা, ক্রিশ, বজৰঙ্গি ভাইজান আদি) শৰৎ ছাক্সেনাই তেলুগু, মালয়ালম আৰু তামিল চিনেমাতো অভিনয় কৰিছে। ১৯৭০ চনত অভিনয় কেৰিয়াৰ আৰম্ভ কৰা অভিনেতা গৰাকীৰ এই খনেই উত্তৰ-পূব ভাৰতৰ প্ৰথম চিনেমা। অভিনেতা গৰাকীক লৈ নিৰ্মাণ কৰিব এগৰাকী মূখ্যসেনা বিষয়াৰ চৰিত্ৰ। সেনা বিষয়াৰ আন এটা চৰিত্ৰ নিৰ্মাণ কৰিব নাটক-চিনেমাৰ অভিনেতা মৃদুল চুতীয়াক লৈ।
এছ.এইচ. প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই চিনেমা খনৰ চিত্ৰগ্ৰহণ কৰিব গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন স্থানৰ লগতে মেঘালয়, অৰুণাচল প্ৰদেশ তথা উত্তৰ বংগৰ বিভিন্ন স্থানত। চিত্ৰগ্ৰহণ কৰিব বিতুল দাসে। কাৰিকৰী পৰিচালক ঝুলন কৃষ্ণ মহন্ত। শব্দ দেবোজিত চাংমাই, সংগীত প্ৰ’নয় দত্তৰ।

]]>
https://rupaliparda.com/archives/31278/feed 0 31278