বিভূতি ভূষণ হাজৰিকা – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sat, 18 May 2024 10:19:19 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 বিভূতি ভূষণ হাজৰিকা – Rupaliparda.com https://rupaliparda.com 32 32 163073109 প্রতিশ্রুতি/ পূৰ্বালোকন –উৎপল মেনা https://rupaliparda.com/archives/30145 https://rupaliparda.com/archives/30145#respond Sat, 18 May 2024 10:18:05 +0000 https://rupaliparda.com/?p=30145 প্রতিশ্রুতি/ পূৰ্বালোকন --উৎপল মেনা 6

কিশোৰ তাহবিলদাৰ নাটকৰ মানুহ। serious drama worker– নাট্যকাৰ, নাটক পৰিচালক, অভিনেতা। এদিন আহিছিল আমাৰ গৃহলৈ, আহি নাটকৰ কথা পতা নাছিল, চিনেমাৰ কথা পাতিছিল। কৈছিল– “চিনেমা কৰাৰ মন। চিত্ৰনাট্য লিখি আছোঁ, লগতে ‘চিনেমা’ পঢ়ি আছোঁ।” কথাৰ পৰা আমি ধাৰণা কৰিছিলোঁ, “নাটক”ৰ আঁতৰত থাকি চিনেকৰ্ম কৰিব। আমাৰ ধাৰণা কিমান শুদ্ধ– সেয়া স্পষ্ট হোৱাৰ বাবে কিশোৰ তহবিলদাৰৰ চিনেমাৰ বাবে আমাৰ প্ৰথম আগ্ৰহ। পৰিচালক গৰাকীৰ প্ৰথম পৰিচালনা চিত্ৰগৃহলৈ অহা নাই, আহিব।

প্রতিশ্রুতি/ পূৰ্বালোকন --উৎপল মেনা 7

দ্বিতীয় পৰিচালনা– “প্ৰতিশ্ৰুতি”। চিত্ৰগৃহলৈ আহিব অহা ২৪ মে’ত। এই চিনেমা খনৰ প্ৰতি আমাৰ আগ্ৰহৰ দ্বিতীয় কাৰণ– চিনেমা খনৰ বিষয়বস্তু। বিষয়বস্তু: ড্ৰাগছৰ ভয়াৱহতা, ড্ৰাগছ সমস্যা।

প্রতিশ্রুতি/ পূৰ্বালোকন --উৎপল মেনা 8চিনেমা খনৰ লেখক-পৰিচালক তহবিলদাৰৰ সৈতে চিনেমা খনৰ কাহিনী, বিষয়বস্তু চৰ্চা কৰিছিলোঁ। “চৰ্চা”ৰ পাছত আমাৰ ধাৰণা– কাহিনীৰ বিন্দু দুটা। এটা বিন্দু পুলিছ বিষয়া (যিটো চৰিত্ৰ নিৰ্মাণ কৰিছে প্ৰস্তুতি পৰাশৰক লৈ), ড্ৰাগছৰ বিৰূদ্ধে পুলিছৰ অভিযান। দ্বিতীয়টো বিন্দু চহকী পৰিয়ালৰ এজন ড্ৰাগছ আসক্ত যুৱক। দ্বিতীয়টো বিন্দুৰ গতিত সম্ভৱতঃ সংগীত আহিব! ড্ৰাগছ আসক্ত যুৱক জনৰ মন-মগজু ভৰি আছে সংগীতেৰে, লোক সংগীতেৰে। লোক সংগীত অধ্যয়ণত ব্যস্ত থকা এক যুৱতীৰ সান্নিধ্যলৈ আহে যুবক জন; আৰু যুৱতী গৰিকীৰ তাগিদাত যুবক জন ড্ৰাগছৰ পৰা মুক্ত হয়, সুৰ-সংগীতৰ মাজত বন্দি হয়। ড্ৰাগছ হাৰে, সংগীত জিকে!

প্রতিশ্রুতি/ পূৰ্বালোকন --উৎপল মেনা 9কাহিনীৰ গতিত চৰকাৰ আৰু ভিন্ন পক্ষই ড্ৰাগছৰ বিৰূদ্ধে ঠিয় হোৱাৰ পাছতো কিয় বন্ধ কৰিব পৰা নাই ইত্যাদি বিষয়ো আহিব।
–চিনেমা খনৰ অন্যান্য চৰিত্ৰত অভিনয় কৰিছে সিদ্ধার্থ কাশ্যপ, প্লাবিতা বৰঠাকুৰ, বিভূতি ভূষণ হাজৰিকা, চিন্ময় চক্রবর্তী আৰু গীতাবলী ৰাজকুমাৰীয়ে। কাহিনী: চিনেমা খনৰ প্রযোজনাক ৰাতুল বৰবাৰ। চিত্রনাট্য-সংলাপ কিশোৰ তাহবিলদাৰ আৰু ৰাতুল বৰুৱাৰ। সহকাৰী পৰিচালক: সমৰ জ্যোতি। দৃশ্যগ্রহণ কৰিছে সূৰুয ডেকা আৰু সুমন দুৱৰা, হিমানীল কাশ্যপ আৰু ৰাজ দত্তই।

প্রতিশ্রুতি/ পূৰ্বালোকন --উৎপল মেনা 10আমাৰ ধাৰণাত কাহিনীৰ প্ৰথমটো বিন্দুৰ গতিত এক্‌ছনে গুৰুত্ব পাব। এই বিন্দুটোৰ গতিত হয়তো প্ৰস্তুতিক লৈ নিৰ্মাণ কৰা চৰিত্ৰটোৰ বিৰূদ্ধে ঠিয় কৰাব বিভূতি ভূষণ হাজৰিকাক লৈ নিৰ্মাণ কৰা “খলনায়ক”ৰ চৰিত্ৰ এটা। বিভূতি ভূষণ হাজৰিকা মোৰ পছন্দৰ অভিনেতা। স্বাভাৱিকতে “চুই যাব পৰা” চৰিত্ৰ এটাৰ অপেক্ষাত আমি।

]]>
https://rupaliparda.com/archives/30145/feed 0 30145
দ্যা শ্লেম বুক: ৩০ জুনত –উৎপল মেনা https://rupaliparda.com/archives/29491 https://rupaliparda.com/archives/29491#respond Sat, 17 Jun 2023 11:44:39 +0000 https://rupaliparda.com/?p=29491 এন. কে. প্ৰডাকচন –আমি জানিছিলোঁ, গীতৰ কেছেট নিৰ্মাতা। “সংগীতৰ বজাৰ”ৰ ভালদিনৰ সময়ত জুবিন গাৰ্গৰ গীত মানেই আছিল এন. কে. আৰু এন. কে. প্ৰডাকচনৰ গীত মানেই জুবিনৰ গীত। জুবিনৰ প্ৰথমটো শ্ৰব্য এলবাম “অনামিকা” (১৯৯২) ৰে আৰম্ভ হৈছিল সেই সেউজ সংগীত যাত্ৰা।

📌আৰু?
২৬০০ গীতৰ ৩৪০ টা শ্ৰব্য সংকলন প্ৰকাশ কৰা এন.কেৰ বেনাৰত দেৱ বৰকটকীয়ে নিৰ্মাণ কৰে ৮৪ খন ভিডিঅ’ চিনেমা। বিহু কেন্দ্ৰীক ভিডিঅ’ চিনেমাৰ জনপ্ৰিয় ধাৰা আৰম্ভ কৰিছিল, এক বিশেষ ইমেজ নিৰ্মাণ হৈছিল “জানমণি” নামেৰে। “জানমণি”ৰ লগতে জনপ্ৰিয় হৈছিল “অঞ্জনা” নামেৰে আন এটা চিৰিজ।

দ্যা শ্লেম বুক: ৩০ জুনত --উৎপল মেনা 11

📌আৰু?
সেই সময়ত জুবিন গাৰ্গৰ “গীত” কেন্দ্ৰীক চিন্তাৰে অসমীয়া চিনেমা নিৰ্মাণৰ কাম হাতত লৈছিল বহুজনে। উদ্দেশ্য –চিনেমাৰে নহয়, জুবিনৰ গীতেৰে ব্যৱসায় কৰা। সেই সময়ত শুনিছিলোঁ, কেৱল এন.কেৰ এলবামৰ বাবেহে গীত গায় জুবিনে! অৱশ্যে এন.কে.ৰ প্ৰযোজনাত নিৰ্মাণ নোহোৱা অসমীয়া চিনেমাৰ বাবে গীত গোৱাত আপত্তি বা বাধা নাই জুবিনৰ!

–এই যে “আপত্তি বা বাধা নাই”, সেই বাবেই জুবিনৰ “চিনেমাৰ গীতে”ৰে ব্যৱসায়ৰ অংক কৰিছিল একাংশ শ্ৰব্য সংকলন নিৰ্মাতাই! হয়তো এই একেটা “অংক”ৰেই এন.কেৰ বেনাৰত চিনেমাৰ কাম হাতত লৈছিল দেৱ বৰকটকীয়ে। চিনেমাৰ নাম: তুমি মোৰ মাথোঁ মোৰ (২৫ ফেব্ৰুৱাৰী ২০০০)। “মেগা প্ৰজেক্ট”। সংগীতৰ লগতে পৰিচালনাৰ দায়িত্ব দিলে জুবিন গাৰ্গক। স্থানীয় বজাৰত চিনেমা অসফল, চিনেমা খনৰ গীতৰ সংকলন বাণিজ্যিক দিশতো সফল।

📌আৰু তাৰ পাছত?
এন. কে. প্ৰডাকচনৰ বেনাৰত দেৱ বৰকটকীয়ে নিৰ্মাণ কৰিলে আৰু দুখন চিনেমা– পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাজেশ ভূঞাৰ পৰিচালনাৰে “মায়া” আৰু “ৰাজেশ ভূঞাৰ পৰিচালনাৰে “জানমণি”।

দ্যা শ্লেম বুক

📌আৰু শেহতীয়া প্ৰযোজন…
এন. কে. প্ৰডাকচনৰ শেহতীয়া প্ৰযোজনা– “দ্যা শ্লেম বুক” (The Slam Book)। কাহিনী, পৰিচালনা প্ৰাঞ্জল গৈয়াৰীৰ। চিত্ৰনাট্য-সংলাপ ৰচনা বিষ্ণুজ্যোতি সন্দিকৈৰ। অভিনয়ত: নিৰূপম শইকীয়া, বিভূতি ভূষণ হাজৰিকা, ৰূপম বৰুৱা, পুনম লহকৰ, শ্ৰেষ্ঠা চৌধুৰী, সিদ্ধাৰ্থ মূখাৰ্জী, কাকলি সন্দিকৈ, প্ৰিয়ংকা বৰুৱা, ৰাজ দত্ত আৰু চিন্ময় বৰগোঁহাই। চিত্ৰগ্ৰহণ জ্ঞান গৌতমৰ। গীত চিত্ৰায়ণ কৰিছে দীপক দে’ আৰু উদয় শংকৰে।
আৰু সংগীত ?

–স্বাভাৱিকতে জুবিন গাৰ্গ।
চিনেমা খনৰ নামটোত অনুভৱ কৰিব পাৰি, বিষয়বস্তু, কাহিনী এই প্ৰজন্ম কেন্দ্ৰীক। চিনেমা খন চিত্ৰগৃহলৈ আহিব অহা ৩০ জুনত।

]]>
https://rupaliparda.com/archives/29491/feed 0 29491