বিশাল ভৰদ্বাজ – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Wed, 21 Jun 2023 06:13:27 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 বিশাল ভৰদ্বাজ – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ।।বাহাৰুল ইছলাম: বিশাল ভৰদ্বাজৰ চিনেকৰ্মত।।– উৎপল মেনা https://rupaliparda.com/archives/29520 https://rupaliparda.com/archives/29520#respond Wed, 21 Jun 2023 06:10:21 +0000 https://rupaliparda.com/?p=29520 বাহাৰুল ইছলাম –চিনেমাৰ সাধাৰণ অভিনেতা! তেতিয়া, “সূৰুয” (১৯৮৫), “পিতাপুত্ৰ” (১৯৮৮) চিত্ৰগৃহলৈ অহা সময়ত।(তেতিয়াও কিন্তু অসাধাৰণ নাট্যকৰ্মী। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ছাত্ৰ, ১৯৮৭-১৯৯০ চনৰ সময় চোৱাত।)

বাহাৰুল ইছলাম

ইয়াৰ মাজতে চিনেমাৰ দৰ্শকৰ চকুত পৰে “সংকল্প” (১৯৮৬)-ত। কিন্তু অভিনয় শক্তি (cine acting power) চিনেমাত দেখুৱাবলৈ অপেক্ষা কৰিব লগা হ’ল ২০২১ (চিনেমা: গৰু) লৈ। পৰিচালক হিমাংশু প্ৰসাদ দাসে বাহাৰুল ইছলামক লৈ নিৰ্মাণ কৰা চৰিত্ৰটো “চিনেমা অভিনয়ৰ পাঠ” হ’ব পাৰে, চিনেমাৰ শিক্ষাৰ্থীৰ বাবে।

বাহাৰুল ইছলাম

সেই তাহানিতে জ্যোতি প্ৰসাদ আগৰৱালাই চিনেমাৰ (জ্যোতি প্ৰসাদ আগৰৱালাই বোলছবি, কথাছবি, ছাঁয়াছবি শব্দ তিনিটা ব্যৱহাৰ কৰিছিল।) বাস্তৱ অভিনয় (real acting) -ৰ কথা কৈছিল; আৰু বাস্তৱ অভিনয়কে cinematic acting বুলি কোৱা হৈছিল, আজিও কোৱা হয়। এতিয়া আমি এনেদৰে ক’ব পাৰো– অসমীয়া চিনেমাৰ cinematic acting -ৰ এটা উদাহৰণ– “গৰু”ত কৰা বাহাৰুল ইছলামৰ অভিনয়। ইয়াৰ মাজতে typical villain -ৰ চৰিত্ৰত (চিনেমা: ৰক্তবীজ/ ২০১৮) আৰু “কানীন” (২০১৯), “সমীৰণ বৰুৱা আহি আছে” (২০১২), “বাৰুদ” (২০০৪) আদি চিনেমাত অভিনয় কৰিছে “চৰিত্ৰ”ই বিচৰা ধৰণে। ইয়াৰ মাজতে নাট্যকৰ্মৰ লগতে চিনেমা পৰিচালনাও কৰিছে: আছেনে কোনোবা হিয়াত, ৰ’দৰ চিঠি, দ্য ছেভেন্থ ষ্ট্ৰীং।

।।বাহাৰুল ইছলাম: বিশাল ভৰদ্বাজৰ চিনেকৰ্মত।।-- উৎপল মেনা 1

–এইবোৰ নতুন খবৰ নহয়, নতুন খবৰ: বলীউডৰো কেইবাখনো চিনেমাত অভিনয় কৰা বাহাৰুল ইছলামে বিশাল ভৰদ্বাজৰ দৰে “বিশাল চিনে শক্তি”ৰ সৈতে কাম কৰি আছে। “হায়দৰ”, “ওমকাৰা”, “কমিনে”, “মকবুল”, “৭ খুন মাফ”, “ৰঙ্গুন”, “মাতৰু কি বিজলী কা মান্দোলা”ৰ পৰিচালক গৰাকীৰ শেহতীয়া চিনেকৰ্ম “চাৰ্লি চোপ্ৰা এণ্ড দ্য মিষ্ট্ৰী অৱ ছ’লাং ভেলী” (Charlie Chopra & The Mystery Of Solang Valley)-ত। আগাথা ক্ৰীষ্টিৰ উপন্যাস “The Sittaford Mystery”ৰ আধাৰত ৰচনা কৰিছে চিত্ৰনাট্য। উইলিয়াম শ্বেইকছপীয়েৰ নাটকৰ পাছত আগাথা ক্ৰীষ্টিৰ উপন্যাসৰ চিনেকৰ্ম! নিসন্দেহে হ’ব বিশাল ভৰদ্বাজৰ আন এক চমক।


–এই খন অৱশ্যে চিনেমা নহয়, OTT প্লেটফৰ্ম Sony LIV -ৰ বাবে নিৰ্মাণ কৰা ধাৰাবাহিকহে। ধাৰাবাহিকখনত ৱামিকা গাব্বি, প্ৰিয়ংশু পাইন্যুলি, নাছিৰুদ্দিন শ্বাহ , নীনা গুপ্তা, ৰত্না পাঠক শ্বাহ, গুলশ্বান গ্ৰভাৰ, লাৰা দত্ত, চন্দন ৰয় সানয়াল, পাওলি বান্ধ আদিৰ সৈতে বাহাৰুল ইছলামে অভিনয় কৰিছে।

বাহাৰুল ইছলাম

এই অভিনেতা-অভিনেত্ৰীৰ ভিৰৰ মাজত বাহাৰুল ইছলামে বা গুলশ্বান গ্ৰভাৰ আদিয়েও কিমান দৈৰ্ঘত অভিনয় কৰাৰ সুযোগ পায় সেয়া অন্য প্ৰসংগ। গুৰুত্ব পূৰ্ণ কথাটো হ’ল– বিশাল ভৰদ্বাজৰ পৰিচালনাত কাম কৰাৰ যে সুযোগ পাইছে, সেইটোহে। বিশালৰ পৰিচালনাত অভিনয় শিল্পীৰ অভিনয় ক্ষমতা প্ৰদৰ্শনৰ সুযোগ থাকে। বিশাল ভৰদ্বাজৰ শেহতীয়া চিনেমা: ফুৰসাত, খুফিয়া।

]]>
https://rupaliparda.com/archives/29520/feed 0 29520