বীৰাংগনা সাধনী – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Fri, 19 Dec 2025 05:47:48 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 বীৰাংগনা সাধনী – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ২০২৬-ৰ অসমীয়া চিনেমা –উৎপল মেনা https://rupaliparda.com/archives/32635 https://rupaliparda.com/archives/32635#respond Fri, 19 Dec 2025 05:47:48 +0000 https://rupaliparda.com/?p=32635 ২০২৬-ৰ অসমীয়া চিনেমা --উৎপল মেনা 4

২০২৬ বৰ্ষৰ অসমীয়া চিনেমাৰ “যাত্ৰা” চিত্ৰৰসিকৰ বাবে নিশ্চয় সুখকৰ হ’ব! কাৰণ “চিনে-যাত্ৰা” আৰম্ভ হ’ব “চিনেমা”ক চহকী কৰা এগৰাকী চিনে-চিন্তকৰ চিনেমাৰে। জাহ্নু বৰুৱাৰ চিনেমাৰে। পৰিচালক গৰাকীৰ (অপৰূপা, পাপৰি, হালধীয়া চৰায়ে বাওধান খায়, বনানি, ফিৰিঙতি, সাগৰলৈ বহু দূৰ, কুশল, পখী, কণিকাৰ ৰামধেনু, তৰা, বান্ধোন, অজেয়, ভগা খিৰিকী -ৰ পাছত) আন এখন অসমীয়া চিনেমা “হেৰোৱা ছন্দ”। চিনেমা খনত অভিনয় কৰিছে অমৃতা গগৈ, জয় কাশ্যপ, অমৃতা গগৈ, অজু বৰুৱা, সুকন্যা ৰাজগুৰু, ড° অৰূপ বৰঠাকুৰ, উজ্জ্বল বাজখোৱা, ময়ুখ শৰ্মা, দীপচন লাল বৰুৱা, ড° নাৰায়ণ শর্মা আদিয়ে। সংগীত: ইবচন লাল বৰুৱা, নীলোৎপল বৰাৰ। চিত্ৰগ্ৰহণ সুমন দুৱৰাৰ। চৰ্চা মতে, চিনে-চিন্তাৰ লগতে জাহ্নু বৰুৱাই “বজাৰ-চিন্তা”তো গুৰুত্ব দিছে।
বৰ্ষটোত মুক্তিৰ বাবে সাজু হৈ থকা চিনেমাৰ সংখ্যা কম নহয়! কেইবা খনো বিগ-বাজেটৰ। বিশেষ ভাৱে উল্লেখ কৰিব পাৰি– “খাকী” আৰু “ককা দেউতা নাতি আৰু হাতী ২”।

২০২৬-ৰ অসমীয়া চিনেমা --উৎপল মেনা 5
“খাকী” অতনু ভূঞাৰ পৰিচালনা। চিত্ৰগৃহলৈ আহিব বৰ্ষটোৰ দ্বিতীয়টো মাহত– ২৭ ফেব্ৰুৱাৰীত। ৰাজনৈতিক থ্ৰীলাৰ খনৰ সহযোগী পৰিচালক জয়ন্ত কুমাৰ ডেকাই কথা প্ৰসংগত ক’লে– চিনেমা খনৰ making result ভাল! দৰ্শকে ভাল পাব। আধুনিক কাৰিকৰী দিশত গুৰুত্ব দিছে। কাহিনী-ৰেখাই দৰ্শকক সন্তুষ্ট কৰিব। এগৰাকী আৰক্ষী বিষয়াক কেন্দ্ৰ কৰি কাহিনী-ৰেখা আগবাঢ়িব। বিভিন্ন চৰিত্ৰ আহিব, ৰাজনীতি আহিব। চৰিত্ৰৰ সংখ্যা কম নহয়, প্ৰায় ৫০০। কাহিনীৰ গতিত, কাহিনী নিৰ্মাণত প্ৰতিটো চৰিত্ৰৰে গুৰুত্ব আছে।

২০২৬-ৰ অসমীয়া চিনেমা --উৎপল মেনা 6
–কেইটামান চৰিত্ৰ নিৰ্মাণ কৰিছে অৰুণ নাথ, ডাঃ জাহনাৰা বেগমে, পদ্মৰাগ গোস্বামী, পৱন গায়ন, শ্ৰেয়া বৰঠাকুৰ, ঈশান হাজৰিকা, গীতাৰ্থ শৰ্মা, দ্বীপজ্যোতি ডেকা, হেমন্ত দেৱনাথ, পৰমেশ্বৰ বৰ্মণ, মণ্টু বৰা, মালামাল বয়জ খ্যাত নৱ নাথ, জয়ন্ত ডেকা, অনুপম হাজৰিকা, অৱয়ব ভূঞা, অতুল লহকৰ, কিশোৰ ভট্টাচাৰ্য, ভবেশ বৰুৱা, অসীম শৰ্মা, পুলক কুমাৰ ডেকা, অশ্বিনী বৰা শিৱাণু বৰাক লৈ। চিনেমা খনৰ কাহিনী-চিত্ৰনাট্য চিনেমা খনৰ পৰিচালক অতনু ভূঞাৰ। দৃশ্যগ্ৰহণ প্ৰদীপ দৈমাৰীৰ । ছাউণ্ড ডিজাইনা হিচাপে অমৃত প্ৰীতমৰ । সংগীত ডেনিয়েল বি জৰ্জৰ। ‘ৱাৰ’, ‘থ্ৰী-ইডিয়টছ’, ‘ৰাম সেতু’ আদিৰ দৰে বলিউডৰ বহু ছুপাৰহিট চিনেমাৰ সংগীত পৰিচালক ডেনিয়েলে ৰূপালী গল্পটোৰ বাবে তিনিটা গীত সংগীতেৰে নিৰ্মাণ কৰিছে। গীত তিনিটাত কণ্ঠদান কৰিছে– ৰূপম ভূঞা, জয় বৰুৱা আৰু অনুজা ভূঞাই। চিনেমা খনৰ বাজেট প্ৰায় ২ কোটি টকা।
আন খন চিনেমা “ককা দেউতা নাতি আৰু হাতী ২”ৰ পৰিচালক বিশ্বজিত বৰা। “বহ্নিমান”, “ৰক্তবীজ”ৰে চেষ্টা কৰিছিল যদিও স্থানীয় বজাৰত সুবিধা কৰিব নোৱাৰিলে। এইবাৰ “ককা দেউতা নাতি আৰু হাতী ২”ৰে আশা কৰিছে! চিনেমা খনৰ নিৰ্মাতা প্রাইড ইষ্ট এন্টাৰটেইনমেন্টছে। অভিনয় কৰিছে যতীন বৰা, প্ৰাঞ্জল শইকীয়া, তপন দাস, আদিল হুছেইন, উৎপল দাস, প্ৰস্তুতি পৰাশৰ, প্ৰীতি কংগণা, পংকজ মহন্ত,দেৱজীত মজুমদাৰ, শ্ৰেয়া বৰঠাকুৰ আৰু সিদ্ধান্ত কলিতা আদিয়ে। চিত্ৰগ্ৰহণ প্ৰদীপ দৈমাৰীৰ।
কাহিনী-চিত্ৰনাট্য ভাস্কৰ হাজৰিকাৰ। চৰ্চাত স্পষ্ট কৰা হৈছে, শিৰোনামত স্পষ্ট– বজাৰ সফল, চিৰসেউজ অহমীয়া চিনেমা নিপ বৰুৱাৰ “ককাদেউতা নাতি আৰু হাতী”ৰ চিকুৱেল। ৮০ৰ দশকৰ এই জনপ্ৰিয় চিনেমা খনৰ কাহিনী-চিত্ৰনাট্য লিখিছিল মহেন্দ্ৰ বৰঠাকুৰ আৰু নিপ বৰুৱাই।
নতুন বৰ্ষটোত মুক্ত পোৱাৰ কথা– আচিন্ত শংকৰৰ “হোমৱ’ৰ্ক”, বিশ্বজিৎ বৰাৰ “বীৰাংগনা সাধনী”, মৃণ্ময় অৰুণ শইকীয়াৰ “অগ্নিবাণ”, মঞ্জু বৰাৰ “ৰূপতীৰ্থৰ যাত্ৰী”, সমুজ্জ্বল কাশ্যপৰ “অদৃশ্য”, অশোক কুমাৰ বিষয়াৰ “যৌৱনে আমনি কৰে-২”
চিনেমা কেইখনো। “অদৃশ্য” আৰু “অগ্নিবাণ”ৰ মূল চৰিত্ৰত অভিনয় কৰিছে যতীন বৰাই। আজিৰ তাৰিখতো যতীন বৰাৰ হাতত চিনেমাৰ সংখ্যা কম নহয়। নতুন বৰ্ষটোত মুক্তিৰ দিন ঠিক কৰা “চুপা চুপি”তো অভিনয় কৰিছে। অভিনয় কৰিব ৰাজেশ ভূঞাৰ পৰিচালনাৰে “আজলী নবৌ-২”, মানস বৰুৱাৰ পৰিচালনাৰে “বাৰুদ-২”ত। ইয়াৰ লগতে ঘৰুৱা প্ৰডাকচনৰ চিনেমাৰ কামো আৰম্ভ কৰিব।

]]>
https://rupaliparda.com/archives/32635/feed 0 32635
বীৰাংগনা সাধনী : ২৫ জুলাইৰ পৰা চিত্ৰগৃহত–উৎপল মেনা https://rupaliparda.com/archives/31569 https://rupaliparda.com/archives/31569#respond Sat, 21 Dec 2024 03:07:09 +0000 https://rupaliparda.com/?p=31569 Hadhani
পৰিচালক, চিনেমা খনৰ লেখক বিশ্বজিৎ বৰা ব্যস্ত “বীৰাংগনা সাধনী”ৰ শেষ পৰ্যায়ৰ কামত। কাৰণ হাতত আৰু ছয়টা মাহহে। চিত্ৰগৃহলৈ অহাৰ তাৰিখ ঠিক হৈছে। ২৫ জুলাই ২০২৫ -ত চিত্ৰগৃহলৈ আহিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। চিনেমা খনৰ এগৰাকী অভিনেতা প্ৰাঞ্জল শইকীয়াই “তাৰিখ ঘোষণা” অনুষ্ঠানত কোৱা মতে, বিষয় বস্তু অনুপাতে কম বাজেটত নিৰ্মাণ কৰিছে চিনেমা খন। আমি ইমানে বুজিছোঁ– “বাজেট সমস্যা”ৰ মাজত কাম কৰিছে পৰিচালকে। অৱশ্যে পৰিচালকে কৈছে– দৰ্শকক হতাশ হোৱাৰ সুযোগ নিদিয়ে!
–চুতীয়া উন্নয়ন পৰিষদৰ প্ৰযোজনাত তথা অসম চৰকাৰৰ সহযোগিতাত নিৰ্মাণ কৰা এই অসমীয়া চিনেমা খনৰ “কিছু কাম” আমি অনুভৱৰ সুযোগ পাইছোঁ। পৰিচালকে যিমান সম্ভৱ উন্নত কাৰিকৰী কৌশল প্ৰয়োগত মন দিছে। “colorful” ৰূপালী গল্প নিৰ্মাণত মন দিছে। পৰিচালকৰ মন (মনৰ লগতে ধনৰ কথা নিশয় আহিব)– দৰ্শকক “বাহুবলী”ৰ দৰে ৰূপালী গল্প দিয়াৰ। “চৰকাৰী চিনেমা” “চৰকাৰী কাম” বুলিয়ে শেষ কৰিব বিছাৰে বা শেষ কৰ– বহুতে! উদাহৰণ নথকা নহয়। এই প্ৰসংগ চৰ্চাৰ সময়ত পৰিচালক গৰাকীয়ে আমাক কৈছিল– “মই তেনে নকৰো! বিশ্বাস কৰিব পাৰে, এখন ভাল চিনেমা দিবলৈ চেষ্টা কৰিম। দৰ্শকে এখন ভাল চিনেমা পাব। মোৰ আৰু বহুত পৰিকল্পনা আছিল! বাজেটৰ বাবে কৰিব নোৱাৰিম!”
–সতী সাধনী বা সাধনী নাৰায়ণ চুতীয়া ৰাজ্যৰ শেষ গৰাকী ৰাণী আছিল। জন্ম ১৫ শতিকাৰ শেষ ভাগত হৈছিল বুলি অনুমান কৰা হয়। এই “চৰিত্ৰ”টোৱে “বীৰাংগনা সাধনী” ৰূপালী গল্পটোৰ মূল বিন্দু। চৰিত্ৰটো নিৰ্মাণ কৰিছে এগৰাকী “নতুন নায়িকা”ক লৈ। “নায়িকা” গৰাকীক এতিয়াও “প্ৰচাৰ”লৈ অনা নাই। চিত্ৰগ্ৰহণৰ সময়তো “নায়িকা” আঁৰতে থাকিল। থাকিল মানে, পৰিচালকেই ইচ্ছাকৃতভাবে আঁৰতে ৰাখিলে। আশা কৰা হৈছে এই চৰিত্ৰটো হ’ব ৰূপালী গল্পটোৰ বিশেষ সৌন্দৰ্য। আন অভিনয় সৌন্দৰ্য হ’ব– “নীতিপাল” লুকানন্দ, সুৰধ্বজ পাল” মৃদুল চুতীয়া, ‘কাঁচিতৰা” তপন দাস, “ৰজা ধীৰনাৰায়ণ” ভৱেশ বৰুৱা আদি। আন কেইটমান চৰিত্ৰ নিৰ্মাণ কৰিছে প্ৰাঞ্জল শইকীয়া, মলয়া গোস্বামী, লেম ছেঞ্চু, হিমাংশু প্ৰসাদ দাস, ৰাজীৱ ক্ৰ’, চন্দনা শৰ্মা, পলাশ মেচ, অৰুণ হাজৰিকা, ৰমেন তামুলীকে ধৰি প্ৰায় ৫০০ আভিনেতা-অভিনেত্ৰী লৈ।
–এক বিশাল ইউনিট লৈ কাম কৰিছে বিশ্বজিতে। অসমৰ, অসমৰ বাহিৰৰ। ডাইৰেক্টৰ অফ ফটোগ্ৰাফী এশৱাৰ ইয়েল্লুমাহান্থী। একচন ডাইৰেক্টৰ হিচাপে আছে দক্ষিণৰ এগৰাকী প্ৰখ্যাত একচন ডাইৰেক্টৰ এন জি বাবু। কলা নিৰ্দেশনা নুৰুদ্দিন আহমেদৰ। সংগীত অংগৰাগ পাপন মহন্তৰ। কষ্টিউম লুপামুদ্ৰা গগৈ বৰাৰ।প্ৰযোজনা নিয়ন্ত্ৰক অসীম শইকীয়া। চিত্ৰনাট্য বিশ্বজিত বৰা, লুপামুদ্ৰা গগৈ বৰা আৰু বিনীদ মেননৰ।

]]>
https://rupaliparda.com/archives/31569/feed 0 31569
২০২৪ ৰ অসমীয়া চিনেমা –উৎপল মেনা https://rupaliparda.com/archives/29800 https://rupaliparda.com/archives/29800#respond Sun, 24 Dec 2023 07:57:58 +0000 https://rupaliparda.com/?p=29800 ২০২৩ অসমীয়া চিনেমাৰ “আশাৰ বছৰ”ৰ আছিল। আশাৰ এই বুনিয়াদত ঠিয় হৈ ক’ব পাৰি, ২০২৪ বৰ্ষটোত আৰু অধিক গতি ল’ব অসমীয়া চিনেমাই। চিনেমাৰ ইতিবাচক গতি বা উত্তৰণ নিৰ্ভৰ কৰে স্থানীয় বজাৰৰ সফলতাৰ ওপৰত। ব্ৰজেন বৰুৱা, নিপ বৰুৱা, শিৱ প্ৰসাদ ঠাকুৰৰ পাছত অসমীয়া চিনেমাক গতি দিছিল মুনিন বৰুৱাই। সুখকৰ বিষয়– মুনিন বৰুৱাৰ কায়িক অৱৰ্তমানতো চলি আছে “মুনিন বৰুৱাৰ চিনেমা”ৰ কাম। জনপ্ৰিয় পৰিচালক গৰাকীৰ কাহিনী-চিত্ৰনাট্যৰে নিৰ্মাণ হৈ আছে দুখনকৈ চিনেমা–“বাৰুদ-২” আৰু “পথ-উপপথ”। মানস বৰুৱাৰ পৰিচালনাৰে নিৰ্মাণ হৈ থকা “পথ-উপপথ” চিত্ৰগৃহলৈ আহিব নতুন বছৰটোৰ ছেপ্টেম্বৰ মাহত। তাৰ পাছতে মানস বৰুৱাই ফ্ল’ৰলৈ নিব– “বাৰুদ-২” (-হয়, ১৪ এপ্ৰিল, ২০০৪ -ত চিত্ৰগৃহলৈ অহা “বাৰুদ”ৰ ছিকুৱেল।)। এই খিনিতে উল্লেখ কৰিব পাৰি, আৰু এখন অসমীয়া চিনেমা ২০২৪ বৰ্ষটোত ফ্ল’ৰলৈ যোৱাৰ আশা আছে, যি খন চিনেমাৰ বিষয়বস্তু “মুনিন বৰুৱা”। চিনেমা খনৰ নাম “ভাইমন”।
অসমীয়া চিনেমাৰ বাণিজ্যিক গতি দ্ৰুত কৰিছিল জুবিন গাৰ্গে। স্বাভাৱিকতে জুৱিনৰ চিনেমাৰ অপেক্ষাত থাকে একাংশ দৰ্শক। বিশেষকৈ এই প্ৰজন্মৰ দৰ্শক। পৰিচালনাৰ বাবে এখনো চিনেমা হাতত লোৱা নাই যদিও বছৰতোত দুখন চিনেমাত দেখা যাব জুবিনক, দেৱাংগ বুঢ়াগোহাঁইৰ পৰিচালনাৰে নিৰ্মণ হৈ থকা “চিকাৰ” আৰু জয়ন্ত নাথৰ পৰিচালনাৰে নিৰ্মিত “ৱাইড এংগোল”ত। জুবিন গাৰ্গৰ ঘৰুৱা প্ৰডাকচনৰ চিনেমা এখনো বছৰটোত চিত্ৰগৃহলৈ যাব– “ৰৈ ৰৈ বিনালে”। পৰিচালনা কৰিব ৰাজেশ ভূঞাই।
জুবিনে কটা অসমীয়া চিনেমাৰ বানিজ্যিক বাট পৰৱৰ্তী সময়ত বহল কৰিছিল ক্ৰমে যতীন বৰা (ৰত্নাকৰ), সুব্ৰত কাকতিয়ে (শ্ৰী ৰঘুপতি)। “শ্ৰী ৰঘুপতি” ৰ হাইলাইট আছিল চিনেমা খনৰ নায়ক ৰবি শৰ্মা। গতিকে স্বাভাৱিকতে দৰ্শকৰ আগ্ৰহ বাঢ়িছে ৰবিৰ চিনেমাৰ প্ৰতি। নতুন বছৰটোৰ শেষৰ ফালে অভিনেতা-লেখক গৰাকীয়ে নিজৰ চিনেচিন্তাৰে চিনেমা এখনৰ কাম আৰম্ভ কৰিব।ৰবিয়ে অভিনয় কৰিব লগীয়া আন এখন চিনেমা “ৰুদ্ৰ”(পৰিচালক: ৰূপক গগৈ) নতুন বছৰটোত চিত্ৰগৃহলৈ আহিব।
১৯৯৮ চন। –সেই সময়ত অসমীয়া চিনেমাৰ স্থানীয় বজাৰৰ দিন-কাল অতি বেয়া আছিল। কেইবা খনো অসমীয়া চিনেমাৰ ব্যৱসায়িক বিফলতাৰ পাছত “ছুপাৰহিট” হৈছিল সেই সময়ৰ এগৰাকী নৱাগত পৰিচালকৰ চিনেমা। চিনেমা খনৰ নাম– যৌৱনে আমনি কৰে”। সেই চিনেমা খনৰ পৰিচালক অশোক কুমাৰ বিষয়াই হাতত লৈছে “যৌৱনে আমনি কৰে-২”ৰ কাম। এই ছিকুৱেল খনো চিত্ৰগৃহলৈ আহিব নতুন বছৰটোত।

২০২৪ ৰ অসমীয়া চিনেমা --উৎপল মেনা 10
২০২৪ বৰ্ষটোত চিত্ৰগৃহলৈ আহিব লগীয়া অসমীয়া চিনেমাৰ তালিকাত আছ– “বীৰাংগনা সাধনী” (পৰিচালক: বিশ্বজিত বৰা), “দুৰ্গা- দি ৱাৰিয়ৰ” আৰু “প্ৰতিশ্ৰুতি” (পৰিচালক: কিশোৰ তহবিলদাৰ), “লোকেল কুংফু-৩” আৰু “জিয়া” (পৰিচালক: কেনী বসুমতাৰী), ‘মহাবাহু ব্ৰহ্মপুত্ৰ” (পৰিচালক: প্ৰাঞ্জল প্ৰতিম চেতিয়া), “ৰক্ষক” (পৰিচিলক: ৰুবুল দাস), আদি।

২০২৪ ৰ অসমীয়া চিনেমা --উৎপল মেনা 11অসমীয়া চিনেমাৰ “স্থানীয় বজাৰ”ক গতি দিয়াৰ ক্ষমতা থকা দুগৰাকী পৰিচিলক– হিমাংশু প্ৰসাদ দাস, অচিন্ত শংকৰ। বজাৰ চিন্তাৰ লগতে নতুন নতুন চিনেচিন্তাৰে চিনেকৰ্ম কৰি অহা হিমাংশু প্ৰসাদ দাসৰ “জয় হনুমেন” চিত্ৰগৃহলৈ আহিব নতুন বছৰটোত। আন গৰাকী পৰিচালক অচিন্তৰ পৰিচালনাৰে এখন শিশু চিনেমা “হোমৱ’ৰ্ক”ৰ নিৰ্মাণ কৰ্ম শেষ হৈছে। পৰিচালক গৰাকীয়ে আন এখন নতুন চিনেমা “অভিমন্যু” ফ্ল’ৰলৈ নিব নতুন বছৰটোৰ প্ৰথমটো মাহত।
গল্প চিত্ৰায়ণৰ শৈলী, সংলাপ প্ৰয়োগ, চৰিত্ৰ নিৰ্মাণ শৈলীৰে অসমীয়া চিনেমাৰ নতুন বাট কাটিছিল ড°ভৱেন্দ্ৰ নাথ শইকীয়াই। পৰৱৰ্তী সময়ত এই শৈলীৰে “কেলেণ্ডাৰ” নামেৰে ৰূপালী গল্প নিৰ্মাণ কৰিছিল হিমজ্যোতি তালুকদাৰে। এই গৰাকী পৰিচালকৰ শেহতীয়া চিনেমা “তাৰিখ”। চিত্ৰগৃহলৈ আহিব নতুন বছৰটোত। উল্লেখ্য যে হিমজ্যোতিয়ে নতুন বছৰটোত ড°ভৱেন্দ্ৰনাথ শইকীয়াৰ “মৰমৰ দেউতা”ক ৰূপালী গল্পলৈ ৰূপান্তৰ কৰিব।
অসম আন্দোলনক (১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলন।) কেন্দ্ৰ কৰি হেম চন্দ্ৰ বৰাই পৰিচালনা কৰিছিল এখন অসমীয়া চিনেমা “সংকল্প”। চিত্ৰগৃহত মুক্তি পাইছিল ১৯৮৬ চনত। প্ৰায় ৩৭ বছৰ পাছত পৰিচালক গৰাকীয়ে দ্বিতীয় খন পূৰ্ণদৈৰ্ঘৰ চিনেমাৰ কাম হাতত লৈছে, “ঝংকাৰ” নামেৰে। এই চিনেমা খনো নতুন বছৰটোত চিত্ৰগৃহলৈ আহিব।
বজাৰচিন্তাৰ আঁতৰত থাকি নতুন নতুন চিনেচিন্তাৰে চিনেকৰ্ম কৰি থকা “হান্দুক” খ্যাত জয়ছেং জয় দহোতীয়াৰ “বাঘজান” নতুন বৰ্ষটোত চিত্ৰগৃহলৈ আহিব লগীয়া আন এখন চিনেমা।

২০২৪ ৰ অসমীয়া চিনেমা --উৎপল মেনা 12বজাৰচিন্তাৰে, চিনেশিল্পৰ বাবে চিনেকৰ্ম কৰা পৰিচালক যদুমণি দত্তই প্ৰায় ৯ বছৰৰ পাছত এখন অসমীয়া চিনেমাৰ কাম শেষ কৰিলে প্ৰচাৰ মাধ্যমৰ পৰা আঁতৰত থাকি। নাম স্থিৰ নহোৱা এই চিনেমা খনো চিত্ৰগৃহলৈ আহিব নতুন বছৰটোত। উল্লেখ কৰা এই কেইখনৰ লগতে ভিন্ন পৰ্যায়ত আছে ৩০-৪০ খন অসমীয়া চিনেমা। ইয়াৰে ৫খনৰ সৈতে জৰিত হৈ আছে প্রতিভাবান চিনেকৰ্মী ঝুলন কৃষ্ণ মহন্ত– “গোসাঁইঘৰত আউল” (কাহিনী – চিত্ৰনাট্য, পৰিচালনা আৰু সম্পাদনা), “সন্ধ্যামালতি, এতিয়াও সাৰে আছে তাই” (কাহিনী, পৰিচালনা আৰু সম্পাদনা), সঞ্জীৱ হাজৰিকাৰ “বকুল ফুলৰ দৰে” (সম্পাদনা), উপাসনা মহন্তৰ “গেং অব ৰাজুমামা” (কাহিনী, চিত্ৰনাট্য আৰু সম্পাদনা), জুল্ফিকাৰ পাৰভেজৰ “তেজপাত” (সম্পাদনা)। –সন্দেহ নাই ভিন্ন পৰ্যায়ত থকা এই চিনেমাৰ মাজৰ কেইবা খনেও যে সফলতাৰ, নতুন চিনেচিন্তাৰ বাট কাটিব।

]]>
https://rupaliparda.com/archives/29800/feed 0 29800
“বীৰাংগনা সাধনী” তিনি যোদ্ধা–উৎপল মেনা https://rupaliparda.com/archives/29761 https://rupaliparda.com/archives/29761#respond Wed, 15 Nov 2023 12:37:19 +0000 https://rupaliparda.com/?p=29761 এখন অসমীয়া চিনেমা। প্ৰস্তুতি চলিছে। প্ৰচাৰ চলাইছে। জ্যোতি চিত্ৰবনত নুৰুদ্দিন আহমেদৰ নেতৃত্বত চে’ট নিৰ্মাণৰ কাম আৰম্ভ হৈছে। চিনেমা খনৰ বাজেট ১০ কোটি টকা। চিত্ৰনাট্যৰ বুনিয়াদ– চুতীয়া ৰাজ্যৰ শেষ গৰাকী ৰাণী সতী সাধনী বা সাধনী নাৰায়ণ। বিষয়বস্তুৰ গৱেষণাৰ লগতে চিত্ৰনাট্য ৰচনাত, চৰিত্ৰ নিৰ্মাণৰ বাবে অভিনেতা-অভিনেত্ৰী নিৰ্বাচনতো পৰিশ্ৰম কৰিছে চিনেমা খনৰ লেখক-পৰিচালক বিশ্বজিৎ বৰাই। আমাৰ বাবে ভাল লগা এটা দিশ হ’ল– মোৰ ভাল লগা তিনি গৰাকী অভিনেতাক নিৰ্বাচন কৰিছে চিনেমা খনৰ তিনিটা বিশেষ চৰিত্ৰৰ বাবে।
📌ভৱেশ বৰুৱা: আমাৰ শৈশৱৰে হিৰো ভৱেশ বৰুৱা। শৈশৱতে লগ পাইছিলোঁ ভৱেশ বৰুৱাক। নাটক বুজা-নুবুজা বয়সত। আমাৰ গাওঁ বেলশৰলৈ আৱাহন থিয়েটাৰ আহিছিল। ১৯৮০ চন। আৱাহন থিয়েটাৰৰ প্ৰথম নাট্যবৰ্ষ। কৃষ্ণ ৰয়ৰ আৱাহন থিয়েটাৰ। (১৯৭৬ চনত ৰতন লহকৰ আৰু কৃষ্ণ ৰয়ে আৰম্ভ কৰিছিল। কৃষ্ণ ৰয়ে কহিনুৰৰ পৰা আঁতৰি আহে আৰু ১৯৮০ আৱাহন আৰম্ভ কৰে।) সম্পৰ্কীয় এগৰাকীৰ সৈতে গৈ গেলাৰীৰ পৰা “নিগ্ৰো লগুৱা” (নাটক: স্নেহবন্ধন) ভৱেশ বৰুৱাক চাইছিলোঁ। মনত লৈ আহিছিলোঁ। নাটক চোৱাৰ পাছদিনা ওচৰৰ পৰা চাইছিলোঁ, আমাক ওচৰলৈ মাতি নি কথা পাতিছিল ভৱেশ বৰুৱাই। –সেই তেতিয়াৰে পৰা প্ৰতি বছৰে (শাৰদীয় পূজাৰ সময়ত) ভৱেশ বৰুৱাৰ নাটক চোৱা, পাছৰ দিনা লগ কৰা আমাৰ অলিখিত নিয়ম আছিল। ভৱেশ বৰুৱাই অভিনয় কৰা কিমান যে নাট্যাভিনয় চাইছোঁ, নাটক বুজা-নুবুজা বয়সৰ পৰা নাটক বুজা বয়সলৈ? এখন দীৰ্ঘ তালিকা।

"বীৰাংগনা সাধনী" তিনি যোদ্ধা--উৎপল মেনা 16
ভৱেশ বৰুৱা চিনেমাৰো অভিনেতা। চিনেমাৰ “নায়ক”ৰ চৰিত্ৰৰ (চিনেমা: মন প্ৰজাপতি/ ১৯৭৯) বাবে বিছাৰি উলিয়াইছিল ড° ভূপেন হাজৰিকাই। কিন্তু ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত “চিনেমাৰ গ্লেমাৰ” ব্যৱহাৰ হোৱা নাছিল। (মঞ্চত অভিনয় ক্ষমতাৰে নিৰ্মাণ হৈছিল “ভৱেশ বৰুৱা গ্লেমাৰ”, তাৰকা ভৱেশ বৰুৱা।) বৰঞ্চ এনেদৰে ক’ব পাৰি পৰৱৰ্তী সময়ত ভ্ৰাম্যমাণ থিয়েটাৰৰ “তাৰকা ভৱেশ বৰুৱা ইমেজ”হে চিনেমাত ব্যৱহাৰ হৈছিল। শেহতীয়া ভাৱে “বীৰাংগনা সাধনী”ৰ বাবেও নিৰ্বাচন কৰিছে অভিনেতা গৰাকী এই ইমেজৰ বাবই। এই অসমীয়া চিনেমা খনত ভৱেশ বৰুৱাক লৈ নিৰ্মাণ কৰিব চুতীয়া সাম্ৰাজ্যৰ নৃপতি ধীৰ নাৰায়ণ চৰিত্ৰটো। ধৰ্মধ্বজপাল বা ধীৰনাৰায়ণ সাধনীৰ পিতৃ।

📌তপন দাস: মোৰ প্ৰিয় অভিনেতা তপন দাস। তপন দাসক আজিৰ তাৰিখতো মনত ৰাখিছোঁ “ৰমু ইমেজ”ত (নাটক: অৰুণ শৰ্মাৰ “কুকুৰনেচীয়া মানুহ”)। অভিনয় ক্ষমতাৰে চৰিত্ৰটোক যে স্থায়ী আকাৰ দিছিল সন্দেহ নাই। ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত কেইবাটও নাট্যবৰ্ষত অভিনয় কৰা, “সেন্দুৰ” (১৯৮৪), “শকুন্তলা আৰু শংকৰ জোছেফ আলী”, “প্রভাতী পখীৰ গান”, “সূত্রপাত”, “ইতিহাস”, “আবর্তন”, “দীনবন্ধু” আদিৰে চিনেযাত্ৰা কৰা তপন দাসৰ বিশেষত্ব– ভিন্ন ইমেজৰ “চৰিত্ৰ”ৰে দৰ্শকক চুই আহিছে।

"বীৰাংগনা সাধনী" তিনি যোদ্ধা--উৎপল মেনা 17

এই গৰাকী অভিনেতাক লৈ পৰিচালক বিশ্বজিৎ বৰাই নিৰ্মাণ কৰিব “বীৰাংগনা সাধনী”ৰ মহামন্ত্ৰী কাঁচিতৰা চৰিত্ৰটো। চুতীয়া ৰজাৰ শিৰৰ মুকুটৰ গৰিমা অটুট ৰখা, মহান দেশপ্ৰেমিক, নিপুন ৰাজনীতিক মহামন্ত্ৰী কাঁচিতৰা।
📌মৃদুল চুতীয়া: অভিনয় শৈলী, পৰিচালনা শৈলী, নাটক ৰচনাৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত গতিনুগতিকতাৰ বিপৰীতে বিশেষ স্থান দখল কৰা মৃদুল চুতীয়াৰ চিনেযাত্ৰা দীঘল নহয়। “সূৰ্যাস্ত”কে ধৰি কেইখন মান চিনেমাতহে অভিনয় কৰিছে। এই গৰাকী অভিনেতাক লৈ “বীৰাংগনা সাধনী”ৰ মহাৰাজ ধীৰনাৰায়ণৰ ভ্ৰাতৃ যুৱৰাজ সুৰধ্বজ পাল চৰিত্ৰটো। চিনেমা খনৰ মূল নেতিবাচক চৰিত্ৰটো। –আমাৰ ধাৰণাত চিনেমাত প্ৰথম বাৰৰ বাবে মৃদুল চুতীয়াৰ অভিনয় ক্ষমতা অনুভৱ কৰিব দৰ্শকে।

"বীৰাংগনা সাধনী" তিনি যোদ্ধা--উৎপল মেনা 18
আমাক মৃদুল চুতীয়াৰ নাট্যকৰ্মৰ ওচৰ চপাই নিছিল কবি-কলাকাৰ ৰমেন্দ্ৰ নাৰায়ণ জোৱাদ্দাৰে। ৰমেনদাই টিকট ক্ৰয় কৰি হেঙুল থিয়েটাৰৰ “অস্তপথ” দেখুৱাইছিল। ( মূল চৰিত্ৰত অভিনয় কৰা মৃদুল চুতীয়াই নাটক খন ৰচনা-পৰিচালনা কৰিছিল।) গৌৰৱেৰে কৈছিল– “আমাৰ ‘জংগম’ৰ (তেজপুৰৰ) নাট্যকৰ্মী! হয় নে নহয় কোৱা– চমৎকাৰ!” আমি “হয়” বুলিছিলোঁ, আৰু তেতিয়াৰৈ পৰা “মৃদুল চৰ্চা” কৰি আহিছোঁ।

]]>
https://rupaliparda.com/archives/29761/feed 0 29761