ময়ুখ শৰ্মা – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Mon, 08 Dec 2025 10:39:15 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 ময়ুখ শৰ্মা – Rupaliparda.com https://rupaliparda.com 32 32 163073109 হেৰোৱা ছন্দ | ২ জানুৱাৰীৰ পৰা…–উৎপল মেনা https://rupaliparda.com/archives/32600 https://rupaliparda.com/archives/32600#respond Mon, 08 Dec 2025 10:39:15 +0000 https://rupaliparda.com/?p=32600 হেৰোৱা ছন্দ | ২ জানুৱাৰীৰ পৰা...--উৎপল মেনা 4

আৰু এখন চিনেমা– জাহ্নু বৰুৱাৰ।
আৰু এটা গীত– ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।
“দামি গহনা পিন্ধি হাঁহিছা
হাঁহিটিয়েই চোন এটি গহনা
গহনা বুলি ধাতু কিনিছা
কিনিব জানো হাঁহি পাৰিবা

পাৰা যদি সুৰ তুমি ঢালিবা
ঢালি গভীৰৰ সঁচা তৰঙ্গ
অঙ্গ ভেদি গান কঁপিব
কঁপি উঠিব হেৰোৱা ছন্দ…”
চিনেমাৰ গীত। চিনেমাৰ নাম: হেৰোৱা ছন্দ। জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) —
“বিষুৱ ৰেখা
নাপাওঁ দেখা
ভৰিৰ তলত
দুখন ধৰা
এখন আকাশ
আকাশ ফালি
মেঘৰ বিবাদ…
মোৰ ভগা খিৰিকী
পোহৰ দিয়া খিৰিকী
মোৰ ভগা খিৰিকী
দুৱাৰ খোলা খিৰিকী …” (চিনেমা : ভগা খিৰিকী)

হেৰোৱা ছন্দ | ২ জানুৱাৰীৰ পৰা...--উৎপল মেনা 5
পূৰ্বৰ গীতটোৰ দৰে “হেৰোৱা ছন্দ”ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ “কাহিনী” আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল “চৰিত্ৰ”টোৰ মনৰ যুঁজৰ (বা “চৰিত্ৰ”টোৰ মনৰ মাজত থকা দুটা ৰূপৰ কথোপকথন) “গীতি-চিত্ৰ”। সম্ভৱতঃ এই চৰিত্ৰটোৱে হ’ব চিনেমা খনৰ কাহিনী-ৰেখাৰ মূল বিন্দু!
(–সংগীত পৰিচালকে ৰূপালী-গল্পটো মনত ৰাখি কণ্ঠস্বৰৰ ভিন্নতা, “সুৰ-সংগীত” প্ৰয়োগত গুৰুত্ব দিছে। ঊষা উত্থুপৰ “বিশেষ কণ্ঠস্বৰ”ত পাশ্চাত্য সংগীতাৱলীৰ প্ৰভাৱত গঢ় লোৱা সুৰৰ বিপৰীতে অনিন্দিতাৰ কণ্ঠত “ভাৰতীয় সুৰ” প্ৰয়োগ কৰিছে। এনে ধৰণৰ সংগীত কেন্দ্ৰিক চিনে-চিন্তা কম দেখা যায়।

হেৰোৱা ছন্দ | ২ জানুৱাৰীৰ পৰা...--উৎপল মেনা 6
এই খিনিতে উল্লেখ কৰিব পাৰি “অপৰূপা”, “বনানি”, “পাপৰি”ৰ দৰে এই ৰূপালী গল্পটোতও জাহ্নু বৰুৱাই “নাৰী-মনৰ ছবি” পৰ্দালৈ আনিব!)
–মূল চৰিত্ৰটো নিৰ্মাণ কৰিছে অমৃতা গগৈক লৈ। (আন কেইটামান চৰিত্ৰ নিৰ্মাণ কৰিছে জয় কাশ্যপ, অমৃতা গগৈ, অজু বৰুৱা, সুকন্যা ৰাজগুৰু, ড° অৰূপ বৰঠাকুৰ, উজ্জ্বল বাজখোৱা, ময়ুখ শৰ্মা, দীপচন লাল বৰুৱা, ড° নাৰায়ণ শর্মা আদিক লৈ। –অজু জাহ্নু বৰুৱাৰ পুত্ৰ।)
–চিনেমা খনত দুটা গীত ব্যৱহাৰ কৰিছে। আনটো গীতৰ কথা ৰীতা বৰুৱা দাসৰ, সুৰ-সংগীত নীলোৎপল বৰাৰ, কণ্ঠ গীতালি দত্ত আৰু শিশুশিল্পী অস্মিতা।
–চিনেমা খনৰ চিত্রগ্রহণত সুমন দুৱৰাৰ, ছাউণ্ড ডিজাইন আৰু মিক্সিং অমৃত প্রীতম আৰু দেৱজিৎ চাংমাইৰ। কাহিনী, চিত্রনাট্য, সংলাপ আৰু সম্পাদনাত হিউ এন বৰুৱা। সহযোগী (সম্পাদনাত) মৃন্ময়। সহকাৰী (পৰিচালনাত) ৰোনাল্ড হুছেইন আৰু পৰিস্মিতা। প্রডাকশ্যন ডিজাইনত গায়ত্রী বৰুৱা। কার্যবাহী প্রযোজনাত মানস দাস। কষ্টিউম ডিজাইন মীনাক্ষি ঢেকিয়াল ফুকনৰ। ৰূপসজ্জাত অৰূপ দাস।
–চিনেমা খন চিত্ৰগৃহলৈ আহিব ২০২৬ বৰ্ষৰ প্ৰথম মাহত।

]]>
https://rupaliparda.com/archives/32600/feed 0 32600