মুনিন বৰুৱা – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Fri, 30 May 2025 12:34:27 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 মুনিন বৰুৱা – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ভাইমন দা | চিনেচৰ্চা –উৎপল মেনা https://rupaliparda.com/archives/31947 https://rupaliparda.com/archives/31947#respond Fri, 30 May 2025 12:34:27 +0000 https://rupaliparda.com/?p=31947 ভাইমন দা | চিনেচৰ্চা --উৎপল মেনা 3

অসমীয়া biopic “ভাইমন দা”লৈ। চিনেমা খনৰ লেখক-পৰিচালক: শশাংক সমীৰ। চিনেমা খনৰ বিষয়-বস্তু মুনিন বৰুৱাৰ চিনেকৰ্ম (নাট্যকাৰ-নাট পৰিচালক মুনিন বৰুৱাক ৰূপালী গল্পটোত গুৰুত্ব দিয়া নাই), কাহিনী-ৰেখা মুনিন বৰুৱা কেন্দ্ৰিক। ৰূপালী গল্পটোৰ মূল বিন্দু স্বাভাৱিকতে মুনীন্দ্রনাথ বৰুৱা, মুনিন বৰুৱা বা ভাইমনদা। “কৈশোৰ ভাইমন”ৰ পৰা “ৰামধেনু”ৰ সফলতালৈ কাহিনী ৰেখা। “চৰিত্ৰ”টোৰ নিৰ্মাণ পৰ্ব, আয়োজনৰ বাবে পৰিচালক (আৰু অভিনেতা নিৰ্বাচক) প্ৰশংসাৰ পাত্ৰ। তেনেদৰে মূল বিন্দুৰ গতিত কাহিনীলৈ অহা “চৰিত্ৰ” নিৰ্মাণৰ আয়োজনো ইতিবাচক। (এনে আয়োজন সহজ নহয়।)
–প্ৰথমে মুনিন বৰুৱা নহয়, আন চাৰিটা চৰিত্ৰৰ কথাহে উল্লেখ কৰিম। শিৱ প্ৰসাদ ঠাকুৰ (সমূদ্ৰগুপ্ত দত্তকলৈ নিৰ্মাণ কৰিছে), পবিত্ৰ কুমাৰ ডেকা (অসীম কৃষ্ণ বৰুৱাকলৈ নিৰ্মাণ কৰিছে), জুবিন গাৰ্গ (পাৰ্থ প্ৰতীম হাজৰিকাকলৈ নিৰ্মাণ কৰিছে), মানস বৰুৱা (গীতাৰ্থ শৰ্মাকলৈ নিৰ্মাণ কৰিছে)। এই চৰিত্ৰ চাৰিটাৰ স্তৰ নাপালে বনদীপ শৰ্মাকলৈ নিৰ্মাণ কৰা মূল “চৰিত্ৰ”টো। “চৰিত্ৰ”টোৰ মাজত আমি ওচৰৰ পৰা পোৱা ভাইমনদাকক (মুনিন বৰুৱাক) অনুভৱ কৰাত দিগদাৰ পাইছোঁ। চিনেমা, কেৱল (দেশ-বিদেশৰ) চিনেমাৰ আড্ডা দি ভাল পোৱা, মানুহৰ মাজত থাকি ভালপোৱা ভাইমনদাক নাপালোঁ। আমি অনুভৱ কৰা “কোমল মন”ৰ ভাইমনদাক সংলাপ প্ৰক্ষেপণ, চেহেৰাৰ ভাষাত (“চৰিত্ৰ”টোৰ মাজত) অনুভৱ নকৰিলোঁ। নিৰ্মাণ কৰা “চৰিত্ৰ”টো আৰু আমি ওচৰৰ পৰা পোৱা ভাইমনদাৰ মাজত দূৰত্ব অনুভৱৰ বাট নাথাকিলে মুকলি মনেৰে চিনে-সুখ অনুভৱ কৰিলো হেঁতেন! (এই কথা ঠিক– এই ত্ৰুটিয়ে “ৰূপালী গল্প”টোৰ ক্ষতি কৰা নাই!)

ভাইমন দা | চিনেচৰ্চা --উৎপল মেনা 4
অতীত-চাৰণৰ অপৰিপাটি প্ৰয়োগৰ পাছতো ক’ব পাৰি– কাহিনীয়ে দৰ্শকক চুইছে। সাহিত্যৰ ভাষা (‘লাফাংগা’, ‘মাল’টো খুৱাব…ৰ দৰে কেইটামান সংলাপক বাদ দি। চিনেমা খনৰ “ইতিহাসে” মনত ৰাখি এনে সংলাপ প্ৰয়োগৰ প্ৰয়োজন নাছিল। প্ৰয়োজন নাছিল– মদ খোৱাৰ প্ৰয়োজনতকৈ বেছি ছিকুৱেন্সৰ।)-কেমেৰাৰ ভাষা প্ৰয়োগ ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ হৈ গতি নিৰ্মাণত সহায় কৰিছে।
কিশোৰ ভাইমনক মৌজাদাৰ দেউতাকে (চৰিত্ৰটোত কৰা গুণাকৰ দেৱগোস্বামীৰ অভিনয়ে মন চুই থাকিল। দেহ-চেহেৰাৰ ভাষা, সংলাপ প্ৰক্ষেপণত “অভিনয় ক্ষমতা” স্পষ্ট।) গোলাঘাটৰ পৰা দিল্লীৰ ৰামযশ কলেজলৈ পঠিওৱা, ফৰকাটিঙৰ পৰা দিল্লীমুখী ৰে’লত উঠিবলৈ লোৱা সুপৰিকল্পিত ছিকুৱেন্সটো, “মঞ্জুলা-মুনিনৰ প্ৰেম কাহিনী”টোৰ লগতে গীতৰ চিত্ৰায়ণ আৰু প্ৰয়োগ ৰূপালী গল্পটোৰ বিশেষ অলংকাৰ বুলি ক’ব পাৰি। বিশেষকৈ
“এৰা এৰি ক্ষনিকৰে
অচিৰে তুমি মই মিলিম
দুয়ো পাৰে পৃথিৱী থৈ
ভাল পোৱাৰ ডিঙা মেলিম…” (কথা: দীগন্ত ভাৰতী, সুৰ: জুবিন গাৰ্গ, কণ্ঠ: জুবিন গাৰ্গ, অমৃতপ্ৰভা মহন্ত)
গীতটো। গীতটো চিনেমেটিক সৌন্দৰ্যৰে ভৰপূৰ। এই গীতটোৰ লগতে কাহিনী-ৰেখাৰ গতিত ব্যৱহাৰ কৰা আন কেইটা গীতো অংগলৈ ৰূপান্তৰ কৰিছে, কাহিনীৰ গতি দ্ৰুত কৰাত ব্যৱহাৰ কৰিছে।
“…ৰং ধেমালিৰ মন কাহিনী
চৌপাশে বিয়পা সুৰ বাহিনী
মৌ বৰষা হাঁহি খিনি
জয়মতী আজিও ৰয় জিলিকি…
যুগমীয়া আমাৰ জ্যেতিৰ কাৰেং….” (কথা: শশাংক সমীৰ, সুৰ: পৰাণ বৰকটকী, কণ্ঠ: ৰূপম ভূঞা) টোৰ কথা-গয়কী চুই যোৱা। গীতৰ লগতে পৰিৱেশ নিৰ্মাণত সহায় কৰা সংগীতৰ ইতিবাচক কামৰ বাবে পৰিচালকৰ লগতে স্বাভাৱিকতে প্ৰশংসা কৰিম সংগীত পৰিচালকক। সংগীত জুবিন গাৰ্গ আৰু পৰাণ বৰকটকীৰ।
–গীত ব্যৱহাৰৰ আৰু এটা বাট আছিল। গীতেৰে ৰূপালী সৌন্দৰ্য বঢ়োৱাৰ সুযোগ আছিল।
পৰিচালকে সেই বাট কিয় নললে? –চিনেমা খনৰ দৰ্শক হোৱাৰ পাছত এই প্ৰশ্নই আমাক চুই গ’ল।
–হয়, মুনিন বৰুৱাৰ চিনেমাত ব্যৱহাৰ হোৱা গীতৰ (আৰু নাটকীয়) ছিকুৱেন্স ব্যৱহাৰেৰে ৰূপালী গল্পটোৰ সৌন্দৰ্য বঢ়োৱাৰ লগতে দৰ্শকক “মুনিন বৰুৱাৰ কাম” অনুভৱৰ সুযোগ দিব পাৰিলে হেতেন! চিনেমা খনৰ বিষয়-বস্তু, মজবুট হ’ল হেতেন! স্পষ্ট হ’ল হেঁতেন।
–হয়, “ভাইমন দা” চিনেমা খনৰ বিষয়-বস্তু স্পষ্ট কৰাত ব্যৰ্থ পৰিচালক, চিত্ৰনাট্যকাৰ (আৰু গৱেষণাৰ প্ৰয়োজন আছিল)। মুনিন বৰুৱা চিনেমাৰ মানুহ আছিল, সংগীতৰ মানুহ আছিল, ভিডিঅ’ চিনেমাৰ বাবে কিয় কাম কৰিছিল– পৰিচালকে পৰিপাটিকৈ চুই গৈছে; কিন্তু “ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যকাৰ-পৰিচালক মুনিন বৰুৱা”ক গুৰুত্ব নিদিলে। গুৰুত্ব নিদিলেও চুই যোৱাৰ প্ৰয়োজন নাছিলনে? (মুনিন বৰুৱাৰ সৰহ সংখ্যক চিনেমাৰে শিপা ভ্ৰাম্যমাণ থিয়েটাৰত মঞ্চস্থ নাটক।) বিপৰীতে চিনেমা খনত অপ্ৰয়োজনীয় ছিকুৱেন্স ৰাখিছে, (হয়তো বজাৰ চিন্তাৰে। এয়া পৰিচালকৰ ইতিবাচক চিন্তা।) জুবিন গাৰ্গৰ চৰিত্ৰটোক অধিক গুৰুত্ব দিছে। জুবিন চৰিত্ৰটোৰ “hero entry”য়ে মূল বিষয়-বস্তুক গতি অৱশ্যেই দিছে; কিন্তু ক্ষতি কৰিছে। “জুবিনে” নিস্প্ৰভ কৰিছে “ভাইমনদা চৰিত্ৰটো”। তেনেদৰে ৰূপালী গল্পটোৰ প্ৰথমৰ ফালে “শিৱ প্ৰসাদ বৰঠাকুৰৰ চৰিত্ৰটো”ই নিস্প্ৰভ কৰিছে “ভাইমনদা চৰিত্ৰটো”। –এয়া চিনেমা খনৰ ইতিবাচক দিশ নহয়।
কাহিনী-ৰেখাৰ মূল বিন্দুটো শেষ বিন্দু এটালৈ নি সুখকৰ সমাপ্তিৰ বাবে মানস বৰুৱা চৰিত্ৰটো (মূল বিন্দুটোৰ পুত্ৰ) নিৰ্মাণ, প্ৰয়োগ ৰূপালী গল্পটোৰ ইতিবাচক দিশ। অবাধ্য, খঙাল পুত্ৰৰ পিতৃৰ প্ৰতি থকা ভালপোৱা সুন্দৰকৈ, কম ছিকুৱেন্সতে স্পষ্ট কৰিছে। কিন্তু এই চৰিত্ৰটোৰ সুপৰিকল্পিত নিৰ্মাণে (বিশেষকৈ acting power-এ) নিস্প্ৰভ কৰিছে মূল চৰিত্ৰটো। কাহিনী-ৰেখাৰ শেষৰ ভাগ “ভাইমনদা”ৰ হৈ নাথাকিল, “মানস বৰুৱা”ক দখল কৰালে। “নায়ক”লৈ ৰূপান্তৰ কৰিলে। দুখ-হতাশাৰ মাজত থকা পিতৃক পুত্ৰই সুখ দিলে– (ভাইমনদাৰ) জন্মস্থানৰ বহুদিন বন্ধহৈ থকা চিত্ৰলেখা চিত্ৰগৃহত “ৰামধেনু” প্ৰদৰ্শন কৰোৱাই। কাহিনী-ৰেখাত (বাস্তৱতো) দেখা যায় মুনিন বৰুৱাক সন্তুষ্ট কৰে চিনেমাৰ “স্থানীয় বজাৰ” সফলতাই। “দীনবন্ধু”লৈ ৰাষ্ট্ৰীয় বঁটা অহাৰ পাছতো সুখ অনুভৱ কৰা নাছিল চিনেমা খন “স্থানীয় বজাৰ”ত সফল নোহোৱা বাবে। “ৰামধেনু”ৰ বাণিজ্যিক সফলতাৰ পাছতো কিন্তু সুখ অনুভৱ কৰা নাই মুনিন বৰুৱাই। পৰিচালক গৰাকীৰ নিজৰ জন্মস্থানত চিনেমা খন প্ৰদৰ্শন কৰিব নোৱাৰাৰ দুখ। একমাত্ৰ চিত্ৰগৃহটো বন্ধ হৈ আছে। কেনেকৈ প্ৰদৰ্শন কৰিব! বাদুলীয়ে বাহলোৱা, কেইবা মাহৰো বিদ্যুৎৰ বিল দিব থকা চিত্ৰগৃহটোত কম সময়ত চিনেমা প্ৰদৰ্শন কৰা কামটো সহজ নাছিল। অসম্ভৱ আছিল। অসম্ভৱ কামটো সম্ভৱ কৰিছিল মানসে, পিতৃক সুখ দিবলৈ (পিতা-পুত্ৰ কেন্দ্ৰিক এখন চুই যোৱা চিনেমা! পিতা-পুত্ৰ কেন্দ্ৰিক অংশত স্পষ্টহৈ আছে শশাংক সমীৰৰ “directors powers”। মুকলি মনেৰে ক’ব পাৰি– দক্ষিণ ভাৰতীয় বা বলিউডৰ চিনে-শৈলীৰ আঁতৰত থাকি সুপৰিকল্পিত, বজাৰ-চিন্তাৰে “মৌলিক চিনেমা” দিব পৰি পৰিচালক এজন “অসমীয়া চিনেমা”ই পালে। চিনেমা লেখক-পৰিচালক মুনিন বৰুৱাই চহকী কৰা “অসমীয়া চিনেমা”ৰ বাটটোত শশাংক সমীৰৰ সবল খোজ।)।
কাহিনী-ৰেখাৰ গতিত লেখক-পৰিচালকে “অসমীয়া চিনেমা”ক ক্ষতি কৰা পাইৰেচি, চিত্ৰগৃহ (চিত্ৰগৃহ বন্ধ হৈ যোৱা, অসমতে অসমীয়া চিনেমাক চিত্ৰগৃহৰ মালিকে গুৰুত্ব নিদিয়া) সমস্যা আদি প্ৰসংগ পৰিপাটিকৈ আনিছে। কিন্তু অসমীয়া চিনেমা বা অসমীয়া চিনেমাৰ সমস্যা ৰূপালী গল্পটোৰ বিষয়-বস্তু নহয়, অংগও নহয়, অংশহে। অংগ কৰাৰ বাট আছিল, লেখক-পৰিচালক গুৰুত্ব নিদিলে। (প্ৰচাৰত কোৱাৰ দৰে চিনেমা খনলৈ “অসমীয়া চিনেমা”ৰ উত্থান-পতন অনা নাই, মুনিন বৰুৱাৰ জড়িত থকা চিনেমাৰহে উত্থান-পতনৰ কথা আছে।)
চৰিত্ৰ নিৰ্মাণ (শব্দযন্ত্ৰী সতীশ চৌহান,মঞ্জুলা বৰুৱাকে ধৰি কেইটামাণ চৰিত্ৰ নিৰ্মাণত সাজসজ্জা-ৰূপসজ্জা ত্ৰুটি আছে যদিও), সংগীতৰ পাছতে প্ৰশংসা কৰিব পৰা, ইতিবাচক দিশ সাজ-সজ্জা। বিষয়-বস্তু, কাহিনীৰ ইতিহাস মনত ৰাখিছে সাজ-সজ্জাৰ দায়িত্বত থকা গৰীমা শইকীয়া গাৰ্গে। ইতিবাচক দিশ– অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাইৰ ছাউণ্ড ডিজাইনা, ভাঞ্চিনাথন মুৰুগেচনৰ চিনেমাট’গ্ৰাফী।

]]>
https://rupaliparda.com/archives/31947/feed 0 31947
স্বৰ্গৰথ /পূৰ্বালোকন –উৎপল মেনা https://rupaliparda.com/archives/30103 https://rupaliparda.com/archives/30103#respond Fri, 03 May 2024 09:35:37 +0000 https://rupaliparda.com/?p=30103 স্বৰ্গৰথ /পূৰ্বালোকন --উৎপল মেনা 8

বজাৰ মন্ত্ৰত সিদ্ধহস্ত ৰাজেশ ভূঞা। চিনে মন্ত্ৰতো। জ্যোতিপ্ৰসাদ আগৰৱালাই “ইন্দ্ৰ-মালতী” (১ আগষ্ট ১৯৩৯) -ৰে আৰম্ভ কৰা চিনেযাত্ৰাক ফণী শৰ্মা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, শিৱপ্ৰসাদ ঠাকুৰ, মুনিন বৰুৱাই দিয়া গতিক আগবঢ়াই নিয়া পৰিচালকৰ তালিকা খন তেনেই চুটি। চুটি তালিকা খনৰে অন্যতম– ৰাজেশ ভূঞা।
“দূৰদৰ্শন এটি যন্ত্ৰ” (২ ছেপ্টেম্বৰ, ২০১৬), “জানমণি” (১৫ এপ্ৰিল, ২০১১), “কোঁৱৰপুৰৰ কোঁৱৰ” (৬ জানুৱাৰী ২০১৭) আদি ৰাজেশ ভূঞাৰ “পৰিচালনা” বিশ্লেষণ কৰিলে এটা দিশ নিশ্চয় স্পষ্ট হ’ব– “অসমীয়া চিনেমাৰ পৰিচয়” বিসৰ্জন দি তামিল-তেলেগু বা বলিউডৰ বজাৰ মন্ত্ৰৰ সহায়ত বজাৰ সফলতাৰ বাট বিছৰা নাই। (ৰাজেশ ভূঞা আছিল “টিম মুনিন বৰুৱা”ৰ অংগ। যতীন বৰা, জুবিন গাৰ্গও আছিল “টিম মুনিন বৰুৱা”ৰ অংগ। ৰাজেশৰ বিপৰীতে যতীন-জুবিনে তামিল-তেলেগু বা বলিউডৰ বজাৰ মন্ত্ৰৰে বজাৰ সফলতা বিচাৰিছে। পৰিচালক জুবিনৰ পৰিচালনা “মিছন চাইনা”, “কাঞ্চনজংঘা ” আৰু যতীনৰ পৰিচালনা “ৰত্নাকৰ”, “ৰাঘৱ”ত এই দিশ স্পষ্ট।) আমাৰ ধাৰণাত “স্বৰ্গৰথ”ৰে ৰাজেশে নিশ্চয় “ইন্দ্ৰ-মালতী” ধাৰাটোক আগবঢ়াই নিব।

স্বৰ্গৰথ /পূৰ্বালোকন --উৎপল মেনা 9–হয়, “স্বৰ্গৰথ” ৰাজেশ ভূঞাৰ শেহতীয়া চিনেকৰ্ম। অহা ৭ জুনত চিত্ৰগৃহলৈ আহিব। এ এম টেলিভিশ্যন প্ৰাইভেট লিমিটেডৰ বেনাৰত ড০ সঞ্জীৱ নাৰায়ণ আৰু ডা: অক্ষতা নাৰায়ণে প্ৰযোজনা কৰা এই চিনেমা খনৰ কাহিনী, চিত্ৰনাট্য ৰাজেশ ভূঞা, শান্তনু ৰৌমূৰীয়াৰ। সংলাপ আৰু গীতৰ কথা শান্তনু ৰৌমূৰীয়াৰ। কথাৰ লগতে “সম্পূৰ্ণ গীত” (“মনৰ মাজত মনবন্ধু…” ইতিমদ্ধে চৰ্চালৈ আহিছে। গীতটোৰ চিত্ৰায়ণত নাগাৰা নাম (!) “পে পে পে” ৰ জৰিয়তে ভাইৰেল হোৱা কৰিশ্মা নাথক সংযোগ কৰিছে। –এয়া পৰিচালকৰ স্থানীয় বজাৰ চিন্তাৰ ইতিবাচক দিশ।) ইতিমধ্যে বিভিন্ন মাধ্যমত চৰ্চাৰ বিষয় হৈছে। গীতটোত কণ্ঠদান কৰিছে অৰূপজ্যোতি বৰুৱাই। সংগীত: অনুৰাগ শইকীয়াৰ। কৰিঅ’গ্ৰাফী: দীপক দেৰ।
–ৰাজেশ ভূঞাৰ চিনেমাত সকলো শ্ৰেণীৰ দৰ্শকক চুব পৰা নিটোল কাহিনী থাকে। পৰিচালক গৰাকীৰ কাহিনী কোৱাৰ শৈলী “অসমীয়া-অসমীয়া”, গতি– সৰল ৰৈখিক। আমাৰ ধাৰণাত শেহতীয়া এই চিনেকৰ্ম ব্যত্যিক্ৰম নহব।

স্বৰ্গৰথ /পূৰ্বালোকন --উৎপল মেনা 10আমি জানিব বিছৰাত পৰিচালক গৰাকীয়ে ৰূপালী গল্পটোৰ ধাৰণা দিছিল এনেদৰে– “এজন স্বৰ্গৰথৰ চালক, তিনিজন যুৱক আৰু দুজন আৰক্ষীৰ লোকৰ দৈনন্দিন জীৱনে এদিন হঠাৎ কি মোৰ লয় তাৰ ওপৰত নিৰ্মিত এক কাহিনী। লগতে তেওঁলোকৰ জীৱনত জড়িত হৈ থকা আন আন চৰিত্ৰসমূহে কি ধৰণেৰে সহায় কৰে বা বিধি পথালি দিয়ে আৰু সমাজৰ সমসাময়িক কিছু ঘটনাই সাধাৰণ মানুহৰ জীৱনৰ আশা-আকাংক্ষাক কিদৰে প্ৰভাৱিত কৰে তাৰ কাহিনী দেখিবলৈ পাব ‘স্বৰ্গৰথ’ত।” কাহিনীক গতি দিয়া চৰিত্ৰ কেইটা নিৰ্মাণ কৰিছে কেনী বসুমতাৰী, সিদ্ধাৰ্থ শৰ্মা, কমল লোচন, বনী দেউৰী, উদ্ভাৱন শইকীয়া, ৰিণ্টু বৰা, মাধুৰিমা চৌধুৰী, ৰিমঝিম ডেকা, হিমাংশু গগৈ আদিক লৈ। পৰিচালকক ৰূপালী গল্পটো নিৰ্মাণ আৰু গতি দিয়াত সহায় কৰিছে প্ৰদীপ দৈমাৰী (চিত্ৰগ্ৰহণ), প্ৰতীম খাউণ্ড (ৰাজা/ সম্পাদনা), জ্যোতি শংকৰ ভট্টাচাৰ্য (কলা নিৰ্দেশনা), অনুৰাগ শইকীয়া (আৱহ সংগীত), অকু বোথ্ৰা (ৰূপসজ্জা), দেৱজিত চাংমাই, অমৃত প্ৰীতম (শব্দ) আদিয়ে।
শেহতীয়া খবৰ: যোৱা ১মে’ বুধবাৰে মুক্তি পালে চিনেমা খনৰ শীৰ্ষ গীতটিৰ লগতে পোষ্টাৰ।

]]>
https://rupaliparda.com/archives/30103/feed 0 30103
২০২৪ ৰ অসমীয়া চিনেমা –উৎপল মেনা https://rupaliparda.com/archives/29800 https://rupaliparda.com/archives/29800#respond Sun, 24 Dec 2023 07:57:58 +0000 https://rupaliparda.com/?p=29800 ২০২৩ অসমীয়া চিনেমাৰ “আশাৰ বছৰ”ৰ আছিল। আশাৰ এই বুনিয়াদত ঠিয় হৈ ক’ব পাৰি, ২০২৪ বৰ্ষটোত আৰু অধিক গতি ল’ব অসমীয়া চিনেমাই। চিনেমাৰ ইতিবাচক গতি বা উত্তৰণ নিৰ্ভৰ কৰে স্থানীয় বজাৰৰ সফলতাৰ ওপৰত। ব্ৰজেন বৰুৱা, নিপ বৰুৱা, শিৱ প্ৰসাদ ঠাকুৰৰ পাছত অসমীয়া চিনেমাক গতি দিছিল মুনিন বৰুৱাই। সুখকৰ বিষয়– মুনিন বৰুৱাৰ কায়িক অৱৰ্তমানতো চলি আছে “মুনিন বৰুৱাৰ চিনেমা”ৰ কাম। জনপ্ৰিয় পৰিচালক গৰাকীৰ কাহিনী-চিত্ৰনাট্যৰে নিৰ্মাণ হৈ আছে দুখনকৈ চিনেমা–“বাৰুদ-২” আৰু “পথ-উপপথ”। মানস বৰুৱাৰ পৰিচালনাৰে নিৰ্মাণ হৈ থকা “পথ-উপপথ” চিত্ৰগৃহলৈ আহিব নতুন বছৰটোৰ ছেপ্টেম্বৰ মাহত। তাৰ পাছতে মানস বৰুৱাই ফ্ল’ৰলৈ নিব– “বাৰুদ-২” (-হয়, ১৪ এপ্ৰিল, ২০০৪ -ত চিত্ৰগৃহলৈ অহা “বাৰুদ”ৰ ছিকুৱেল।)। এই খিনিতে উল্লেখ কৰিব পাৰি, আৰু এখন অসমীয়া চিনেমা ২০২৪ বৰ্ষটোত ফ্ল’ৰলৈ যোৱাৰ আশা আছে, যি খন চিনেমাৰ বিষয়বস্তু “মুনিন বৰুৱা”। চিনেমা খনৰ নাম “ভাইমন”।
অসমীয়া চিনেমাৰ বাণিজ্যিক গতি দ্ৰুত কৰিছিল জুবিন গাৰ্গে। স্বাভাৱিকতে জুৱিনৰ চিনেমাৰ অপেক্ষাত থাকে একাংশ দৰ্শক। বিশেষকৈ এই প্ৰজন্মৰ দৰ্শক। পৰিচালনাৰ বাবে এখনো চিনেমা হাতত লোৱা নাই যদিও বছৰতোত দুখন চিনেমাত দেখা যাব জুবিনক, দেৱাংগ বুঢ়াগোহাঁইৰ পৰিচালনাৰে নিৰ্মণ হৈ থকা “চিকাৰ” আৰু জয়ন্ত নাথৰ পৰিচালনাৰে নিৰ্মিত “ৱাইড এংগোল”ত। জুবিন গাৰ্গৰ ঘৰুৱা প্ৰডাকচনৰ চিনেমা এখনো বছৰটোত চিত্ৰগৃহলৈ যাব– “ৰৈ ৰৈ বিনালে”। পৰিচালনা কৰিব ৰাজেশ ভূঞাই।
জুবিনে কটা অসমীয়া চিনেমাৰ বানিজ্যিক বাট পৰৱৰ্তী সময়ত বহল কৰিছিল ক্ৰমে যতীন বৰা (ৰত্নাকৰ), সুব্ৰত কাকতিয়ে (শ্ৰী ৰঘুপতি)। “শ্ৰী ৰঘুপতি” ৰ হাইলাইট আছিল চিনেমা খনৰ নায়ক ৰবি শৰ্মা। গতিকে স্বাভাৱিকতে দৰ্শকৰ আগ্ৰহ বাঢ়িছে ৰবিৰ চিনেমাৰ প্ৰতি। নতুন বছৰটোৰ শেষৰ ফালে অভিনেতা-লেখক গৰাকীয়ে নিজৰ চিনেচিন্তাৰে চিনেমা এখনৰ কাম আৰম্ভ কৰিব।ৰবিয়ে অভিনয় কৰিব লগীয়া আন এখন চিনেমা “ৰুদ্ৰ”(পৰিচালক: ৰূপক গগৈ) নতুন বছৰটোত চিত্ৰগৃহলৈ আহিব।
১৯৯৮ চন। –সেই সময়ত অসমীয়া চিনেমাৰ স্থানীয় বজাৰৰ দিন-কাল অতি বেয়া আছিল। কেইবা খনো অসমীয়া চিনেমাৰ ব্যৱসায়িক বিফলতাৰ পাছত “ছুপাৰহিট” হৈছিল সেই সময়ৰ এগৰাকী নৱাগত পৰিচালকৰ চিনেমা। চিনেমা খনৰ নাম– যৌৱনে আমনি কৰে”। সেই চিনেমা খনৰ পৰিচালক অশোক কুমাৰ বিষয়াই হাতত লৈছে “যৌৱনে আমনি কৰে-২”ৰ কাম। এই ছিকুৱেল খনো চিত্ৰগৃহলৈ আহিব নতুন বছৰটোত।

২০২৪ ৰ অসমীয়া চিনেমা --উৎপল মেনা 14
২০২৪ বৰ্ষটোত চিত্ৰগৃহলৈ আহিব লগীয়া অসমীয়া চিনেমাৰ তালিকাত আছ– “বীৰাংগনা সাধনী” (পৰিচালক: বিশ্বজিত বৰা), “দুৰ্গা- দি ৱাৰিয়ৰ” আৰু “প্ৰতিশ্ৰুতি” (পৰিচালক: কিশোৰ তহবিলদাৰ), “লোকেল কুংফু-৩” আৰু “জিয়া” (পৰিচালক: কেনী বসুমতাৰী), ‘মহাবাহু ব্ৰহ্মপুত্ৰ” (পৰিচালক: প্ৰাঞ্জল প্ৰতিম চেতিয়া), “ৰক্ষক” (পৰিচিলক: ৰুবুল দাস), আদি।

২০২৪ ৰ অসমীয়া চিনেমা --উৎপল মেনা 15অসমীয়া চিনেমাৰ “স্থানীয় বজাৰ”ক গতি দিয়াৰ ক্ষমতা থকা দুগৰাকী পৰিচিলক– হিমাংশু প্ৰসাদ দাস, অচিন্ত শংকৰ। বজাৰ চিন্তাৰ লগতে নতুন নতুন চিনেচিন্তাৰে চিনেকৰ্ম কৰি অহা হিমাংশু প্ৰসাদ দাসৰ “জয় হনুমেন” চিত্ৰগৃহলৈ আহিব নতুন বছৰটোত। আন গৰাকী পৰিচালক অচিন্তৰ পৰিচালনাৰে এখন শিশু চিনেমা “হোমৱ’ৰ্ক”ৰ নিৰ্মাণ কৰ্ম শেষ হৈছে। পৰিচালক গৰাকীয়ে আন এখন নতুন চিনেমা “অভিমন্যু” ফ্ল’ৰলৈ নিব নতুন বছৰটোৰ প্ৰথমটো মাহত।
গল্প চিত্ৰায়ণৰ শৈলী, সংলাপ প্ৰয়োগ, চৰিত্ৰ নিৰ্মাণ শৈলীৰে অসমীয়া চিনেমাৰ নতুন বাট কাটিছিল ড°ভৱেন্দ্ৰ নাথ শইকীয়াই। পৰৱৰ্তী সময়ত এই শৈলীৰে “কেলেণ্ডাৰ” নামেৰে ৰূপালী গল্প নিৰ্মাণ কৰিছিল হিমজ্যোতি তালুকদাৰে। এই গৰাকী পৰিচালকৰ শেহতীয়া চিনেমা “তাৰিখ”। চিত্ৰগৃহলৈ আহিব নতুন বছৰটোত। উল্লেখ্য যে হিমজ্যোতিয়ে নতুন বছৰটোত ড°ভৱেন্দ্ৰনাথ শইকীয়াৰ “মৰমৰ দেউতা”ক ৰূপালী গল্পলৈ ৰূপান্তৰ কৰিব।
অসম আন্দোলনক (১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলন।) কেন্দ্ৰ কৰি হেম চন্দ্ৰ বৰাই পৰিচালনা কৰিছিল এখন অসমীয়া চিনেমা “সংকল্প”। চিত্ৰগৃহত মুক্তি পাইছিল ১৯৮৬ চনত। প্ৰায় ৩৭ বছৰ পাছত পৰিচালক গৰাকীয়ে দ্বিতীয় খন পূৰ্ণদৈৰ্ঘৰ চিনেমাৰ কাম হাতত লৈছে, “ঝংকাৰ” নামেৰে। এই চিনেমা খনো নতুন বছৰটোত চিত্ৰগৃহলৈ আহিব।
বজাৰচিন্তাৰ আঁতৰত থাকি নতুন নতুন চিনেচিন্তাৰে চিনেকৰ্ম কৰি থকা “হান্দুক” খ্যাত জয়ছেং জয় দহোতীয়াৰ “বাঘজান” নতুন বৰ্ষটোত চিত্ৰগৃহলৈ আহিব লগীয়া আন এখন চিনেমা।

২০২৪ ৰ অসমীয়া চিনেমা --উৎপল মেনা 16বজাৰচিন্তাৰে, চিনেশিল্পৰ বাবে চিনেকৰ্ম কৰা পৰিচালক যদুমণি দত্তই প্ৰায় ৯ বছৰৰ পাছত এখন অসমীয়া চিনেমাৰ কাম শেষ কৰিলে প্ৰচাৰ মাধ্যমৰ পৰা আঁতৰত থাকি। নাম স্থিৰ নহোৱা এই চিনেমা খনো চিত্ৰগৃহলৈ আহিব নতুন বছৰটোত। উল্লেখ কৰা এই কেইখনৰ লগতে ভিন্ন পৰ্যায়ত আছে ৩০-৪০ খন অসমীয়া চিনেমা। ইয়াৰে ৫খনৰ সৈতে জৰিত হৈ আছে প্রতিভাবান চিনেকৰ্মী ঝুলন কৃষ্ণ মহন্ত– “গোসাঁইঘৰত আউল” (কাহিনী – চিত্ৰনাট্য, পৰিচালনা আৰু সম্পাদনা), “সন্ধ্যামালতি, এতিয়াও সাৰে আছে তাই” (কাহিনী, পৰিচালনা আৰু সম্পাদনা), সঞ্জীৱ হাজৰিকাৰ “বকুল ফুলৰ দৰে” (সম্পাদনা), উপাসনা মহন্তৰ “গেং অব ৰাজুমামা” (কাহিনী, চিত্ৰনাট্য আৰু সম্পাদনা), জুল্ফিকাৰ পাৰভেজৰ “তেজপাত” (সম্পাদনা)। –সন্দেহ নাই ভিন্ন পৰ্যায়ত থকা এই চিনেমাৰ মাজৰ কেইবা খনেও যে সফলতাৰ, নতুন চিনেচিন্তাৰ বাট কাটিব।

]]>
https://rupaliparda.com/archives/29800/feed 0 29800
অসমীয়া চিনেমা : ৰং https://rupaliparda.com/archives/28742 https://rupaliparda.com/archives/28742#respond Thu, 14 Oct 2021 07:49:58 +0000 https://rupaliparda.com/?p=28742

মুনিন বৰুৱাৰ অসমীয়া চিনেমা : ৰং

চিনেমাখনৰ বিষয়বস্তু মানুহৰ মনৰ ‘ৰং’৷ চিত্ৰনাট্যকাৰ, পৰিচালকে কেইটামান চৰিত্ৰ নিৰ্মাণ কৰিছে৷ দুটা প্ৰেমৰ কাহিনীৰ সহায়ত চিনেমাখনৰ কাহিনীভাগ আগবঢ়াই নিছে৷ চিনেমাখনৰ মূল চৰিত্ৰটোৰ নাম বসুন্ধৰা চলিহা, কেইবাখনো চাহ বাগিচা আৰু উদ্যোগৰ মালিক৷ চৰিত্ৰটোত অভিনয় কৰিছে মলয়া গোস্বামীয়ে৷ মলয়া গোস্বামীৰ ‘এক্সপ্ৰেছন’ত অতি সুন্দৰভাৱে স্পষ্ট হৈ পৰিছে অহংকাৰী বসুন্ধৰাৰ মনৰ মাজতে লুকাই আছে আন এটি ৰং৷ সহজ-সৰল মনৰ ৰং৷ সহজ-সৰল ৰংটো অহংকাৰেৰে ঢাকি ৰাখিবলৈ বহুখিনি কষ্ট কৰিব লগা হৈছে৷ পৰিচালক, চিত্ৰনাট্যকাৰ বৰুৱাই এই কথাখিনি দৰ্শকক বুজাবলৈ সংলাপ ব্যৱহাৰ কৰা নাই৷ নায়িকাগৰাকীৰ ‘এক্সপ্ৰেছন’তেই বুজি পোৱা গৈছে৷ বসুন্ধৰা চলিহাৰ দুই পুত্ৰ৷ চৰিত্ৰ দুটা নিৰ্মাণ কৰিছে যতীন বৰা, ঋষি কৌশিকক লৈ৷

ঋষিৰ চৰিত্ৰটো সহজ-সৰল, মৰম আকলুৱা মনৰ৷ ঋষিৰ বিপৰীতে অভিনয় কৰিছে নিশিতা গোস্বামীয়ে৷ গতানুগতিক প্ৰেম কাহিনী৷ বসুন্ধৰা চলিহাৰ ‘চৰিত্ৰ’টোৰ দৰেই পৰিচালকে নিৰ্মাণ কৰিছে যতীন বৰাৰ চৰিত্ৰটো৷ যতীনৰ বিপৰীতে অভিনয় কৰিছে প্ৰস্তুতি পৰাশৰে৷ স্বাভাৱিকতে ক’ব পৰা যায় যতীন-প্ৰস্তুতিৰ ‘ৰোমাণ্টিক কমেডী’য়ে চিনেমাখনৰ ৰং বঢ়াইছিল৷ এইখিনিতে উল্লেখ কৰিব পাৰি ‘বাৰুদ’ৰ পাছত ছবিঘৰলৈ অহা মুনিন বৰুৱাৰ চিনেমা হ’ল ‘ৰং’৷ চিনেমা দুখনৰ দৰ্শক হোৱাৰ পাছত আমি অনুভৱ কৰিছোঁ–‘বাৰুদ’ নতুনত্বৰ সন্ধান কৰা চিনেমা৷ ‘ৰং’ সফলতাৰ মন্ত্ৰ প্ৰয়োগ কৰা চিনেমা৷ মসৃণ গতিত এই চিনেমাখন (ৰং) দৰ্শকে যে আদৰি ল’ব সন্দেহ নাছিল৷

মুনিন বৰুৱাই সফলতাৰ মন্ত্ৰ বিচাৰি পাইছিল ‘হিয়া দিয়া নিয়া’ত আৰু সেই সফলতাৰ মন্ত্ৰটোৱেই প্ৰয়োগ কৰিছে ‘ৰং’ত৷ সংলাপ, অভিনয় আৰু সুপৰিকল্পিত ‘কেমেৰা মুভমেণ্ট’, ‘ছাবজেক্ট মুভমেণ্ট’ৰ বাবেই বিৰক্তিকৰ হৈ উঠা নাই কোনো এটা ‘ছিকুৱেন্সে’ই৷ সততে অসমীয়া চিনেমাৰ গীত ব্যৱহাৰৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা দেখা যায় পৰিচালকসকলক৷ এই ব্যৰ্থতা ‘বাৰুদ’তো স্পষ্ট আছিল৷ ‘ৰং’ত কিন্তু পৰিচালক বৰুৱা এই ব্যৰ্থতাৰ পৰা মুক্ত বুলি ক’ব পৰা যায়৷ গীত চিত্ৰায়নৰ ক্ষেত্ৰত অৱশ্যে সুপৰিকল্পনাৰ অভাৱ স্পষ্ট হৈ থাকিল৷ এইখিনিতে এটা কথা স্পষ্ট কৰি নিদিলে দোষে চুব৷ মুনিন বৰুৱাৰ চিনেমাৰ যি ত্ৰুটিৰ কথা আমি উল্লেখ কৰি আহিছো, সেয়া অসমীয়া চিনেমাৰ বাবে সমস্যা নহয়৷ সমস্যা এইবাবেই নহয়, পৰিচালকগৰাকীৰ চিনেমাৰ প্ৰতি দৰ্শকৰ দুৰ্বলতা স্পষ্ট৷

পৰিচালকগৰাকীৰ দৰ্শকক আকৰ্ষণ কৰিব পৰা ক্ষমতা স্পষ্ট৷ মুনিন বৰুৱাৰ চিনেমাৰ বিশেষত্ব–খাটি অসমীয়া চৰিত্ৰ, কাহিনী নিৰ্মাণত গুৰুত্ব৷ দৰ্শকক চুব পৰা কাহিনী প্ৰতিখন চিনেমাতে আছে৷ ‘নাটক’ৰ ওচৰত থাকি ‘চিনেমাকৰ্ম’ কৰে৷ মুনিন বৰুৱাৰ চিনেমা দৰ্শকে ভাল পোৱাৰ কাৰণ–কাহিনী৷ অসমীয়া সমাজৰ ‘কাহিনী’ পৰিচালকগৰাকীয়ে কয়, পৰিপাটিকৈ দৰ্শকক চুব পৰাকৈ৷ থোৰতে ক’ব পাৰি–মুনিন বৰুৱাৰ চিনেমাই টিকট ক্ৰয় কৰি চিত্ৰগৃহত চিনেমা চোৱা দৰ্শকক চুই যায়৷ (২০০৪)

]]>
https://rupaliparda.com/archives/28742/feed 0 28742
অসমীয়া চিনেমা : দাগ ||– উৎপল মেনা https://rupaliparda.com/archives/28732 https://rupaliparda.com/archives/28732#respond Wed, 13 Oct 2021 12:36:54 +0000 https://rupaliparda.com/?p=28732

চাহ বাগানৰ মালিকৰ সন্তান, এটি কিশোৰ৷ কিশোৰ কালতে পিতৃক হেৰুওৱা ‘কিশোৰ’ৰ গাত, মনত খুৰাকে দিয়া অত্যাচাৰৰ দাগ৷ হয়তো সেই দাগৰ বাবেই মনলৈ খং আহে, যি খঙে যন্ত্ৰণা দিয়ে; আৰু মনত ‘অশান্ত মানুহ এজন’ সাৰ পাই উঠে৷ ‘কিশোৰ’জন ডাঙৰ হয়, চাহ বাগানখনৰ ‘মালিক’ৰ দায়িত্ব নিজৰ হাতত লয়৷ তাৰ মাতৃ আছে, ভাতৃ আছে৷ অত্যন্ত মৰম আছে দুয়োৰে প্ৰতি৷ খুৰাকক কিন্তু সহ্য কৰিব নোৱাৰে৷ খুৰাকক দেখিলেই মনৰ মাজত থকা ‘অশান্ত মানুহজন’ সাৰ পাই উঠে৷ বুকুৰ মাজত ‘দাগ’ লৈও কিন্তু ভাতৃৰ সৈতে সি কৈশোৰৰ পৰা যৌৱনত ভৰি দিয়ে চাহ বাগানৰ সেউজীয়াৰ মাজত উমলি৷ পৰিচালকে দুই ভাতৃৰ মিলা-প্ৰীতি চিত্ৰায়িত কৰিছে এটা গীতৰ আশ্ৰয়ত–‘মনলৈ উভতি আহে ল’ৰালি…’৷ ভাতৃৰ বাবেই যেন তাৰ জীৱন৷ পৰিচালক, চিত্ৰনাট্যকাৰ মুনিন বৰুৱাই ‘চৰিত্ৰ’টো নিৰ্মাণ কৰিছে তপন দাসক লৈ৷ –হয়, চৰিত্ৰটো তপন দাসৰ অভিনয়শৈলীৰ বৃত্তৰ মাজতে বন্দী; কিন্তু চৰিত্ৰটো তপন দাস হোৱা নাই, তপন দাস চৰিত্ৰটো হৈছে৷ গতিকে দৰ্শকে স্বাভাৱিকতে চৰিত্ৰটো গ্ৰহণ কৰিছে৷ –পৰিচালকে এই চৰিত্ৰটোক কেন্দ্ৰ কৰিয়ে ‘কাহিনী’ আগবঢ়াই নিছে৷ চৰিত্ৰটো কিন্তু ‘হিৰো’ নহয় ‘এণ্টি হিৰো’৷ ‘হিৰো’ হিচাপে পৰিচালকে নিৰ্মাণ কৰিছে ‘চৰিত্ৰ’টোৰ ভায়েকৰ চৰিত্ৰটো, যিটো চৰিত্ৰত অভিনয় কৰিছে যতীন বৰাই৷–‘পৰ্দা’লৈ ‘নায়িকা’ আহে৷ নায়ক-নায়িকাৰ মৰম-ভালপোৱা আগবাঢ়ে৷ নায়কৰ ককায়েক, মানে মূল ‘চৰিত্ৰ’টোৱে ধাৰণা কৰি লয় ‘নায়িকা’ৰ মৰম-ভালপোৱা তাৰ বাবে৷ ‘নায়িকা’ৰ মৰম-ভালপোৱা তাৰ নহৈ ভায়েকৰ বাবেহে বুলি যেতিয়া ‘চৰিত্ৰ’টোৱে জানিব পাৰে, তাৰ মনৰ ‘অশান্ত মানুহজন’ সাৰ পাই উঠে; আৰু ভাতৃক হত্যা কৰে৷–এইখিনিতে পৰিচালকে ‘ছাছপেন্স ড্ৰামা’ লৈ ৰূপান্তৰ কৰে৷ চিনেমাখনৰ শেষৰফালে স্পষ্ট হয়- ভাতৃ বুলি ‘চৰিত্ৰ’টোৱে আন এজনকহে হত্যা কৰিছিল৷ শেষত ‘চৰিত্ৰ’টোৰ আত্মহত্যা৷ পৰিচালক বৰুৱাৰ পূৰ্বৰ চিনেমা কেইখনৰ দৰে এই চিনেমাখনতো দৰ্শকক চুব পৰা কাহিনী আছে৷ সহজ-সৰলভাৱে কাহিনীটো কৈছে৷ কাহিনীটো কিন্তু দুৰ্বল হৈ পৰিছে ‘ভুল’ নায়িকা নিৰ্বাচনৰ বাবে৷ অনুৰূপা পাঠক আৰু ইন্দ্ৰা ৰাওৰ অভিনয় অতি দুৰ্বল৷ দেহ-চেহেৰা ‘ভাষা শূন্য’৷ গীতেও ‘হিয়া দিয়া নিয়া’ক কৰাৰ দৰে সহায় কৰিব নোৱাৰিলে৷ তেনেদৰে চিনেমাখনত ‘কেমেৰাৰ ভাষা’ প্ৰয়োগৰ সুযোগ আছিল৷ সেই ‘সুযোগ’ পৰিচালকে ব্যৱহাৰ নকৰিলে৷ ইয়াৰ পাছতো কিন্তু ক’ব লাগিব অসমত ‘কথাছবি যুগ’ চলি থকা সময়ত এখন ‘ভাল চিনেমা’ৰ সংখ্যা বাঢ়িল৷ চিনেমাখনৰ নাম ‘দাগ’৷ (১০/২/২০০১)

পৰিচালক
মুনিন বৰুৱা
চিত্ৰনাট্য
মুনিন বৰুৱা
কাহিনী
মুনিন বৰুৱা
প্ৰযোজক
নীলোৎপল চৌধুৰী
অভিনয়ত
তপন দাস, যতীন বৰা, প্ৰাঞ্জল শইকীয়া,মৃদুলা বৰুৱা, অৰুন নাথ,পূৰ্ণিমা পাঠক শইকীয়া,বিষ্ণু খাৰঘৰীয়া,
অনুৰূপা পাঠক …

চিত্ৰগ্ৰহণকাৰী:
মৃণাল কান্তি দাস
সম্পাদনা:
এ শ্ৰীকৰ প্ৰসাদ
সংগীত:
জুবিন গাৰ্গ
চিত্ৰগৃহলৈ:
২ ফেব্ৰুৱাৰী ২০০১

]]>
https://rupaliparda.com/archives/28732/feed 0 28732
অসমীয়া চিনেমা : বাৰুদ ||– উৎপল মেনা https://rupaliparda.com/archives/28724 https://rupaliparda.com/archives/28724#respond Tue, 12 Oct 2021 15:18:12 +0000 https://rupaliparda.com/?p=28724

‘বাৰুদ’ৰ নায়ক কোন–যতীন বৰা নে তপন দাস?…আৰু নায়িকা–পূৰৱী শৰ্মা নে প্ৰস্তুতি পৰাশৰ? বিষ্ণু খাৰঘৰীয়াক নায়ক বুলি ক’লে ভুল হ’ব নেকি? প্ৰশ্নকেইটাৰ উত্তৰ আমি যেনেদৰেই নিদিওঁ কিয়, অশুদ্ধ বুলি ক’ব নোৱাৰিব৷ অৰ্থাৎ চিনেমাখনৰ প্ৰতিটো চৰিত্ৰক নায়ক সজাব পাৰো, নায়িকা সজাব পাৰো৷ অৱশ্যে বিজু ফুকন, ৰবি শৰ্মাৰ ক্ষেত্ৰত এটা শব্দ ব্যৱহাৰ কৰিব লাগিব–‘নিগেটিভ’৷ ‘বাৰুদ’ৰ বিষয়বস্তু বিশাল৷ চৰিত্ৰৰ সংখ্যাও কম নহয়৷ বিশাল বিষয়বস্তু লৈ বিষয়বস্তুৰ গভীৰতালৈ যোৱা; অধিক চৰিত্ৰক গুৰুত্ব দি হিচাপত ‘ফুটেজ’ খৰচ সম্ভৱ কেৱল মাধ্যমটোত সম্পূৰ্ণ দখল থকা পৰিচালকৰ পক্ষেহে৷ চিনেমাখনৰ প্ৰতিটো ‘ছিকুৱেন্স’ত ফুটি উঠিছে পৰিচালকগৰাকীৰ দক্ষতা৷ হিচাপত বেছি ‘ফুটেজ’ খৰচ কৰিছে যতীন বৰা আৰু তপন দাসৰ নামত; বিপৰীতে আন বহুকেইটা চৰিত্ৰৰ নামত কম ‘ফুটেজ’ খৰচ কৰিছে যদিও স্পষ্ট হৈ পৰিছে যতীন, তপনে অভিনয় কৰা চৰিত্ৰ দুটাতকৈ গুৰুত্ব কোনোগুণে কম নহয়৷ এইখিনিতে প্ৰখ্যাত চিনেমা আলোচক সবিতা গেহলটে লিখা এষাৰ কথা উল্লেখ কৰিব পৰা যায়৷ চিনেমা আলোচকগৰাকীয়ে প্ৰসংগক্ৰমে লিখিছিল–‘‘চিনেমাৰ ‘বিষয়বস্তু’ৱেই যেতিয়া চিনেমাৰ ‘মূল চৰিত্ৰ’ হৈ পৰে ‘ফুটেজ’ৰ দৈৰ্ঘ্য হিচাপ কৰি চৰিত্ৰৰ গুৰুত্ব বিচাৰ কৰা উচিত নহয়৷ আৰু সম্ভৱো নহয়৷ এনেধৰণৰ চিনেমা যেতিয়া দক্ষ পৰিচালকে ট্ৰিট কৰে, বিশ্লেষণ কৰিলে দেখিব–প্ৰতিজনেই নায়ক, নায়িকা আৰু প্ৰতিটো চৰিত্ৰই পার্শ্ব চৰিত্ৰ৷’’ হয়, ক’ব পাৰি ‘বাৰুদ’ৰ বিষয়বস্তুৱে মূল চৰিত্ৰ৷ বিষয়বস্তু পুলিচ৷ পুলিচক বিষয় হিচাবে লৈ হিন্দী ভাষাত কেইবাখনো চিনেমা নিৰ্মাণ হৈছে৷ নিৰ্মাণকাৰ্য চলি আছে৷ যিকেইখন মুক্তি পাইছে, যিকেইখনৰ কাহিনী আমি জানিব পাৰিছো- সেইকেইখনৰ সৈতে ‘বাৰুদ’ৰ কোনো মিল নাই৷ চিনেমা পৰিচালক, চিত্ৰনাট্যকাৰ মুনিন বৰুৱাই কাহিনীভাগ লৈছে ভ্ৰাম্যমাণ থিয়েটাৰত পূৰ্বে মঞ্চস্থ হোৱা নিজৰে এখন নাটকৰ পৰা৷ কাহিনীভাগত আছে পুলিচৰ কৰ্তব্য, পুলিচৰ ইম’চন, সমাজৰ আন দহগৰাকী মানুহৰ দৰেই পুলিচ৷ সমাজত ভাল মানুহ আছে, বেয়া মানুহ আছে৷ পুলিচৰ মাজতো ভাল-বেয়া আছে৷…আন দহজনৰ দৰে পুলিচো কাৰোবাৰ পিতৃ, কাৰোবাৰ স্বামী, কাৰোবাৰ প্ৰেমিক৷ পুলিচৰ দায়িত্বক গুৰুত্ব দিয়া হৈছে যদিও কম ছিকুৱেন্সৰ মাজত এই প্ৰতিটো দিশেই সুন্দৰভাৱে ধৰি ৰাখিছে৷ পুলিচৰ দায়িত্ব আৰু ব্যক্তিগত জীৱন মসৃণ গতিত আগবঢ়াই নিছে৷ উজুটি খোৱা নাইনে? মসৃণ গতিত আগুৱাই যোৱা ‘বাৰুদ’ চিনেমাখনে ক’তো উজুটি খোৱা নাইনে? খাইছে। প্ৰতিটো ছিকুৱেন্সৰ ‘কেমেৰা মুভমেণ্ট’, ‘ছাবজেক্ট মুভমেণ্ট’ৰ ফালৰ পৰা সুন্দৰ গতিত থকা চিনেমাখনে উজুটি খাইছে অযথা গীত প্ৰয়োগৰ বাবে৷ আমি অনুভৱ কৰিছো, চিনেমাখনৰ কোনো এটা ছিকুৱেন্সতেই গানৰ প্ৰয়োজন নাছিল৷ গীত ব্যৱহাৰ নকৰি পৰিচালক বৰুৱাই প্ৰমাণ কৰি দিয়াৰ অৱকাশ আছিল–গান নোহোৱাকৈয়ে যে চিনেমা ব্যাৱসায়িক দিশত সফল কৰিব পাৰি৷ সুন্দৰ সুযোগটো গ্ৰহণ নকৰিলে৷ হয়তো পৰিচালক গৰাকীয়ে ‘ট্ৰেণ্ড’ৰ বাহিৰলৈ গৈ চিনেমাখন ট্ৰিট কৰি ‘ৰিস্ক’ ল’বলৈ টান পালে৷ অসমীয়া চিনেমাৰ ক্ষেত্ৰখনত ব্যস্ত থকা কেইগৰাকী পৰিচালকে ‘চিনেমা’ৰ ভূগোল জানে? নাই, সৰহ সংখ্যকৰে নাই৷ যি দুগৰাকীমানৰ আছে, তাৰ মাজৰে এজন আছিল মুনিন বৰুৱা৷ পৰিচালকগৰাকীয়ে ‘ভূগোল’ জানে বাবেই আমি উল্লেখ কৰিলো- ৰৈ যোৱা এই ত্ৰুটিটো৷ পুলিচ থানাত প্ৰাঞ্জল শইকীয়া বহা আৰু যতীনহঁতে বহা কোঠা দুটাৰ দূৰত্ব, দিশ স্পষ্ট নহ’ল৷ ‘বাৰুদ’ৰ সফলতাৰ মূল সম্পদ–সংলাপ আৰু অভিনয়৷ ৰবি শৰ্মাৰ দৰে অভিনয়ত ‘কেঁচা অভিনেতা’ৰ পৰাও পৰিচালক বৰুৱাই সুন্দৰ অভিনয় উলিয়াই লৈছে৷ (১৮/৫/২০০৪)

পৰিচালক, চিত্ৰনাট্য, কাহিনী
মুনিন বৰুৱা
প্ৰযোজক
মেৰী লস্কৰ
অভিনয়ত:
বিজু ফুকন, তপন দাস,যতীন বৰা, বাহাৰুল ইছলাম, মৃদুলা বৰুৱা, বিষ্ণু খাৰঘৰীয়া, পূৰবী শৰ্মা, পৰিণীতা বৰঠাকুৰ, অৰুণ হাজৰিকা, ৰবি শৰ্মা,প্ৰস্তুতি পৰাশৰ …
চিত্ৰগ্ৰহণকাৰী:
সুমন দুৱৰা
সম্পাদনা:
এ শ্ৰীকৰ প্ৰসাদ
সংগীত:
জুবিন গাৰ্গ
চিত্ৰগৃহলৈ:
১৪ এপ্ৰিল, ২০০৪

]]>
https://rupaliparda.com/archives/28724/feed 0 28724
অসমীয়া চিনেমা : নায়ক ||– উৎপল মেনা https://rupaliparda.com/archives/28705 https://rupaliparda.com/archives/28705#respond Mon, 11 Oct 2021 05:19:08 +0000 https://rupaliparda.com/?p=28705

নায়ক’ প্ৰতিজন দৰ্শককে সন্তুষ্ট কৰিব পৰা চিনেমা অৱশ্যেই নহয়৷ কিন্তু সুপৰিকল্পিত যে সন্দেহ নাই; মুনিন বৰুৱাই ‘ট্ৰিট’ কৰা চিনেমা ‘নায়ক’৷ ‘নায়ক’ৰ কাহিনীভাগ দৰ্শকক চুই যাব পৰা, সংগীত হৃদয় স্পৰ্শ কৰিব পৰা, চিত্ৰায়নো যথাযথ৷ অসমীয়া চিনেমাৰ সৰহ সংখ্যক পৰিচালকেই শ্বট নিৰ্বাচন, শ্বট ব্যৱহাৰত ভুল কৰে; যাৰ বাবে চিনেমাই গতি নকৰে বা গতি কৰি থকা চিনেমা এখনেও উজুটি খায়৷ কেতিয়াবা চিনেমাখন চোৱাৰ পাছত চিনেমা যেন নালাগে, লাগে চেলুলয়ডৰ নাটক যেনহে৷ এইবোৰ হয় পৰিচালকৰ পৰিপক্কতাৰ অভাৱৰ বাবেই৷ মুনিন বৰুৱা পৰিপক্ক পৰিচালক যেতিয়া এনেবোৰ ভুলৰ পৰা মুক্ত হৈ থকাটোৱেই স্বাভাৱিক৷ অস্বাভাৱিক কথাটো হৈছে পৰিপক্ক পৰিচালক বৰুৱাই সংলাপৰ মোহ এৰিব নোৱাৰাটো৷ (নাটকৰ দৰে সকলো কথা সংলাপৰ মাজেৰেই কৈ দিয়ে, কেমেৰা খুব কম ব্যৱহাৰ কৰে৷ কেৱল শুনিয়েই অকণো অসুবিধা নোপোৱাকৈ বুজি ল’ব পাৰি৷) ‘নায়ক’ত এনে বহুকেইটা ছিকুৱেন্স আছিল, যিকেইটাত কেমেৰাত কথা কোৱাৰ সুযোগ দিব পাৰিলেহেঁতেন৷ পৰিচালক বৰুৱাই নিজেও জানে–চিনেমাত অভিনয় শিল্পীৰ ‘এক্সপ্ৰেচন’ কেমেৰাত ধৰি ৰাখিয়েই বহু কথা কৈ দিব পাৰি৷ এনে কৰিলে সংলাপৰ আতিশয্য কমে আৰু ছবিখনৰ সৌন্দৰ্য বাঢ়ে৷ সুপৰিকল্পিত এই ছবিখনৰ দৰ্শক হৈ থাকোঁতে মাজে মাজে অসুবিধা অনুভৱ কৰাৰ কাৰণ নিশ্চিতকৈ সংলাপৰ আতিশয্য৷ ‘নায়ক’ৰ গীতাংশৰ চিত্ৰায়ন প্ৰসংগত ক’ব পাৰি যে গীতকেইটা কম্প’জ কৰা ছিকুৱেন্সকেইটাৰ এটাতো গীতৰ আগে আগে পৰিৱেশ এটা সৃষ্টি কৰিব পৰা নাই৷ যাৰ ফলত কাহিনীৰ মাজলৈ গীতকেইটা হঠাতে আহি যোৱা যেন লাগিল৷ ‘মনতে আজি কিহৰে নাচোন….’ গীতটোৰ আগে আগে অৱশ্যে পৰিৱেশ এটা সৃষ্টি কৰিবলৈ চেষ্টা চলাইছিল৷ তথাপি প্ৰশংসা কৰিব লাগিব কৰিঅ’গ্ৰাফাৰ অসীম বৈশ্যক৷ চিনেমাখনৰ মাৰপিটৰ দৃশ্যসমূহো দৰ্শকে ভাল পাব৷ প্ৰশংসা কৰিব পৰা আৰু এটা দিশ হৈছে সাজ-সজ্জা৷ ‘নায়ক’ চিনেমাখন সুপৰিকল্পিত বুলি কোৱাৰ মূল কাৰণটো হ’ল চিত্ৰনাট্যকাৰ মুনিন বৰুৱাই প্ৰতিটো চৰিত্ৰ প্ৰতিষ্ঠা কৰিছে সুন্দৰভাৱে৷ কোনো এটা চৰিত্ৰকে এনেয়ে ৰখা নাই৷ কোনো এটা চৰিত্ৰ মিলাবৰ বাবে ক’ৰবাৰ পৰা টানিও অনা নাই৷ আনহাতে পৰিচালক বৰুৱাই প্ৰতিটো চৰিত্ৰত অভিনয় শিল্পীৰ পৰা সু-অভিনয় আদায় কৰি লৈছে৷ গতিকে ‘নায়ক’ যতীন বৰাকো প্ৰশংসা কৰিব লাগিব৷ অতিথি শিল্পী বাহাৰুল ইছলামকো প্ৰশংসা কৰিব লাগিব৷ প্ৰশংসা কৰাৰ পাছতো অৱশ্যে ‘কিন্তু’ এটা ৰৈ যায়৷–যতীন বৰাক আন এজন নায়ক ৰবি শৰ্মাই ছাপ’ৰ্ট দিব পৰা নাই কেইবাটাও গুৰুত্বপূৰ্ণ ‘ছিকুৱেন্স’ত৷ ফলত এই ‘ছিকুৱেন্স’কেইটা দুৰ্বল হৈ পৰিছে৷ এনেধৰণৰ কিছু ত্ৰুটি থাকিলেও ক’ব লাগিব বৰ্ষটোত এতিয়ালৈকে মুক্তি পোৱা অসমীয়া চিনেমাকেইখনৰ ভিতৰত ‘নায়ক’ নিঃসন্দেহে ‘নায়ক’, কিন্তু চিনেমা হিচাপে ‘নায়ক’ নহয়৷ ( ২০০১)

পৰিচালক, চিত্ৰনাট্য, কাহিনী: মুনিন বৰুৱা
প্ৰযোজক: মেৰী লস্কৰ
অভিনয়ত: যতীন বৰা, ৰবি শৰ্মা, জেৰিফা ৱাহিদ, জয়ন্ত দাস, ৰাজীৱ গোস্বামী, পূৰবী শৰ্মা,পৰিণীতা বৰঠাকুৰ, বিষ্ণু খাৰঘৰীয়া, প্ৰাঞ্জল শইকীয়া,অৰুণ হাজৰিকা…
চিত্ৰগ্ৰহণকাৰী: মৃণাল কান্তি দাস
সম্পাদনা: এ শ্ৰীকৰ প্ৰসাদ
সংগীত : জুবিন গাৰ্গ
চিত্ৰগৃহলৈ: ৩০ নৱেম্বৰ, ২০০১

]]>
https://rupaliparda.com/archives/28705/feed 0 28705
অসমীয়া চিনেমা : কন্যাদান ||–উৎপল মেনা https://rupaliparda.com/archives/28673 https://rupaliparda.com/archives/28673#respond Fri, 08 Oct 2021 02:00:50 +0000 https://rupaliparda.com/?p=28673

হিয়া দিয়া নিয়া’ৰ মাজত স্পষ্ট হৈছিল আন এগৰাকী ‘পৰিচালক মুনিন বৰুৱা’৷ ‘পিতা-পুত্ৰ’ (১৯৮৮), ‘পাহাৰী কন্যা’ (১৯৯১), ‘প্ৰভাতী পখীৰ গান’ (১৯৯২)ৰ পাছত পৰিচালনা কৰা এই চিনেমাখনক ‘মিউজিকেল ৰোমাণ্টিক’ বুলিও ক’ব পৰা যায়৷ এই চিনেমাখনৰ পাছত দেখা গৈছিল ‘মুনিন-যতীন-জুবিন’ মানেই যেন ‘সফলতা’৷ পৰিচালক মুনিন বৰুৱা, নায়ক যতীন বৰা, সংগীত পৰিচালক জুবিন গাৰ্গ যেন হৈ পৰিল অসমীয়া চিনেমাৰ ‘বক্স-অফিচ সফলতা’ৰ মন্ত্ৰ’৷ এই মন্ত্ৰৰ চিনেমা ‘দাগ’ (২০০১), ‘নায়ক’ (২০০১), ‘কন্যাদান’ (২০০২), ‘বিধাতা’ (২০০৩), ‘ৰং’ (২০০৪) আৰু ‘বাৰুদ’ (২০০৪)৷
‘কন্যাদান’ চিনেমা এখনৰ বিষয়ে লিখিবলৈ গৈ প্ৰখ্যাত সমালোচক দীপা গেহলটে লিখিছিল–“চিনেমা পাৰিবাৰিক, ৰোমাণ্টিক, হাস্যপ্ৰধান যিয়ে নহওক কিয়; সেইখন চিনেমাহে আজিৰ দৰ্শকে আদৰি লোৱা দেখা যায়, যিখন চিনেমাৰ দৰ্শক হৈ বেছিভাগ সময় উৎকণ্ঠাৰে কটাব লগা নহয়…৷’’ এনেধৰণৰ ‘দৰ্শকে আদৰি লোৱা’ কাহিনী, ট্ৰিট্‌মেণ্টৰে এখন চিনেমা ‘কন্যাদান’৷ চিনেমাখনৰ কাহিনীভাগ জটিল নহয়৷ যিকোনো পৰিয়াল এটাত ঘটিব পৰা বা ঘটি থকা এটা সাধাৰণ কাহিনী৷ চিত্ৰনাট্যকাৰ মুনিন বৰুৱাৰ অসাধাৰণ ট্ৰিট্‌মেণ্টৰ বাবেই সাধাৰণ কাহিনীটো সকলো শ্ৰেণীৰ দৰ্শকৰ বাবে হৈ উঠিছে উপভোগ্য৷ পৰিচালক-চিত্ৰনাট্যকাৰ বৰুৱাৰ পূৰ্বৰ চিনেমাৰ দৰে এই চিনেমাখনত সংলাপৰ ‘আতিশয্য’ একেবাৰেই নাই৷ যিমানখিনি সংলাপ ব্যৱহাৰ নকৰিলে নহয়, সিমানখিনি সংলাপহে ব্যৱহাৰ কৰিছে৷ সংলাপেই নহয় অযথা শ্বট এটাও ব্যৱহাৰ কৰা নাই৷ যাৰ বাবে ছবিখনৰ গতি হৈছে মসৃণ আৰু কোনো এটা ছিকুৱেন্সতেই দৰ্শকে বিৰক্তি অনুভৱ কৰা নাই৷ ‘কন্যাদান’ত চৰিত্ৰৰ সংখ্যা কম নহয়৷ চৰিত্ৰকেইটাত সু-অভিনয় কৰিছে অৰুণ নাথ, মৃদুল বৰুৱা, যতীন বৰা, তপন দাস, পূৰৱী শর্মা, মাধুৰিমা বৰুৱা, হিৰণ্য ডেকা আদি জনপ্ৰিয় শিল্পীসকলে৷ এই জনপ্ৰিয় শিল্পীসকলক গুৰুত্ব সহকাৰে উপস্থাপন কৰাতোৱেই হৈছে পৰিচালক-চিত্ৰনাট্যকাৰ বৰুৱাৰ কৃতিত্বৰ অন্যতম দিশ৷ চিনেমাখনত কোনো চৰিত্ৰ গুৰুত্বহীন যেন লগা নাই৷ সংলাপ, শ্বট, চৰিত্ৰত হিচাপী পৰিচালকে মনোযোগ দিয়া যেন নালাগিল৷ মনোযোগ দিয়া যেন নালাগিল আৱহ সংগীত আৰু নায়িকা নিৰ্বাচনৰ ক্ষেত্ৰতো৷ আৱহ সংগীতৰ আতিশয্যই মাজে মাজে সংলাপো ঢাকি ৰাখিছে৷ চিনেমাখনৰ চৰিত্ৰটোৰ সৈতে সকলো পিনৰ পৰাই খাপ খাই পৰিছিল নায়িকা ঋতুপৰ্ণা কটকী৷ কিন্তু নায়িকাগৰাকীৰ কণ্ঠস্বৰ আৰু সংলাপ প্ৰক্ষেপনে সকলো পণ্ড কৰি পেলালে৷ ( ২০ মাৰ্চ, ২০০২)

]]>
https://rupaliparda.com/archives/28673/feed 0 28673
অসমীয়া চিনেমা : পিতা পুত্ৰ ||– উৎপল মেনা https://rupaliparda.com/archives/28602 https://rupaliparda.com/archives/28602#respond Tue, 05 Oct 2021 15:11:51 +0000 https://rupaliparda.com/?p=28602

সন্দেহ নাই ‘দীনবন্ধু’ মুনিন বৰুৱাৰ সফল পৰিচালনা৷ সম্পূৰ্ণ ‘চিন্তা’ কিন্তু মুনিন বৰুৱাৰ নহয়৷ ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘চিন্তা’হে মুনিন বৰুৱাই ৰূপালী পৰ্দালৈ আনিছিল৷ পৰিচালনা শৈলীও ভবেন শইকীয়াৰ ‘চিনেকৰ্ম’ৰ পৰা মুক্ত নাছিল৷ আনহাতে ‘পিতা-পুত্ৰ’ৰ পৰিচালনা শৈলীও স্পষ্ট৷ ‘পিতা-পুত্ৰ’৷ পিতা আৰু পুত্ৰৰ সংঘাত, আদৰ্শৰ সংঘাত এই অসমীয়া চিনেমাখনৰ ‘কাহিনী’৷ এই চিনেমা আকৌ চালো ১২ এপ্ৰিল, ২০১৫ ত৷ প্ৰথমতে এটা কথা উল্লেখ কৰিব খুজিছোঁ– পিতা-পুত্ৰৰ সংঘাতক লৈ যিমান ভাৰতীয় চিনেমা নিৰ্মাণ হৈছে, সম্ভৱতঃ সিমান আৰু কোনো বিষয়কে লৈ হোৱা নাই৷ দ্বিতীয়তে ক’ব খুজিছোঁ, এই বিষয়ৰ চিনেমাসমূহ সংলাপ প্ৰধান; দৰ্শকক স্পৰ্শ কৰিছে সংলাপে৷ ব্যতিক্ৰম নহয় মুনিন বৰুৱাৰ ‘পিতা-পুত্ৰ’ও৷ –হয়, আমি যিখন পিতা-পুত্ৰ বিষয়ৰ চিনেমাৰ প্ৰসংগ আলোচনা কৰিব খুজিছোঁ, সেইখনৰ পৰিচালক মুনিন বৰুৱা৷ পৰিচালকগৰাকীৰ প্ৰথম স্বাধীন পৰিচালনা৷ চিনেমাখনৰ কাহিনীভাগ এনে ধৰণৰ–কিশোৰ পুত্ৰৰ দুৰাৰোগ্য ৰোগৰ বাবে নিজৰ আদৰ্শৰ ওচৰত হাৰ মানিছিল অভিনন্দন চলিহাই৷ দুৰ্নীতিৰ মাজত সোমাই পৰিছিল৷ কম দিনৰ ভিতৰতে ধনী-মানী হিচাবে সমাজত প্ৰতিষ্ঠিত হ’ল৷ কিন্তু অভিনন্দনৰ পুত্ৰ মানৱ; অতীতৰ অভিনন্দনক দেখা গ’ল মানৱৰ ৰূপত৷ দুৰ্নীতিৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ হ’ল মানৱৰ৷ দুৰ্নীতিৰ বিৰুদ্ধে এখন নিকা সমাজ গঢ়াৰ স্বাৰ্থত মানৱহঁতে প্ৰকাশ কৰিলে এখন কাকত–‘অংকুৰ’৷ পিতা-পুত্ৰৰ মাজত আৰম্ভ হোৱা সেই সংঘাতেই চিনেমাখনৰ চালিকা শক্তি৷ পৰিচালক মুনিন বৰুৱাই ‘পিতা-পুত্ৰ’ৰ চিত্ৰনাট্য ৰচনা কৰিছে অমূল্য কাকতিৰ ‘অংকুৰ’ নামৰ গল্প এটাৰ আধাৰত৷ গল্পটো পঢ়ি গ’লে, তাত ‘চিনেমা’ বিচাৰি পোৱা নাযায়৷ সম্ভৱ হৈছে চিত্ৰনাট্যকাৰৰ সুপৰিকল্পনাৰ বাবে৷ কেমেৰাৰ ভাষাৰ প্ৰয়োগ কম; কিন্তু সুন্দৰ৷ সংলাপৰ মাজেৰে পৰিচালকে ‘গল্প’ কৈছে, কিন্তু কোনো মুহূৰ্ততে দিগদাৰ পোৱা নাই৷ থকা নাই নাটকৰ পৰ্যায়তো৷ ইয়াৰ অন্যতম কাৰণ অভিনেতা-অভিনেত্ৰীৰ স্বাভাৱিক অভিনয়৷ মানৱৰ চৰিত্ৰত অভিনয় কৰা প্ৰাঞ্জল শইকীয়াৰ বাহিৰে কোনো এটা ‘চৰিত্ৰ’ৰে অভিনয়ত ‘নাটকীয়তা’ নাই৷ অভিনয় কৰিছে বিজু ফুকন, প্ৰাঞ্জল শইকীয়া, তপন দাস, ৰাজীৱ গোস্বামী, মিৰেল কুদ্দুছ, আদিল হুছেইন, মৃদুল বৰুৱা, পূৰৱী শৰ্মা, মঞ্জুলা বৰুৱা, ৰবীন ডেকা আদিয়ে৷ চিত্ৰগ্ৰহণ ইন্দুকল্প হাজৰিকাৰ৷ ১৯৮৮ত মুক্তি পোৱা এই চিনেমাখনৰ সংগীত ভূপেন উজীৰৰ৷ এইখিনিতে চিনেমাখনত ব্যৱহাৰ কৰা এটা ‘গীত’ৰ কথা উল্লেখ কৰিব খুজিছোঁ– ‘‘এখন নিকা সমাজ গঢ়িবলৈ ঘৃণাৰ জন্ম দিব লাগে, দুৰ্নীতিৰ বিৰুদ্ধে ঘৃণা’’–এটা সময়ত অভিনন্দন চলিহাই লিখিছিল৷ সেইজন অভিনন্দন চলিহাই তেওঁৰে বন্ধু এজনৰ দুৰ্নীতিৰ বিৰুদ্ধে লিখা পুত্ৰ মানৱৰ বাতৰিকাকত ‘অংকুৰ’ৰ প্ৰেছ বন্ধ কৰিব বুলি ভাবুকি দিয়ে৷ কাৰণ, পিতা অভিনন্দনৰ হাততেই প্ৰেছৰ চাবিকাঠী৷ ইয়াৰ প্ৰতিবাদতে সাতজন সংবাদকৰ্মী আলিবাটলৈ ওলাই আহে, আৰু গায়– “বন্ধ কৰিব মাত বন্ধ কৰিব হাত বন্ধ কৰিব ক্ষোভ প্ৰকাশৰ পথ নহ’লে নহ’লে কিদৰে চলিব বাৰু দেশ আৰু ৰাইজৰ প্ৰগতিৰ পথ….” সুন্দৰ চিত্ৰায়ণ৷ নিশা আলিবাটত৷ বুদ্ধিদীপ্ত শ্বটৰ সমাহাৰ৷ অসমীয়া চিনেমাৰ দৰ্শকে ‘নতুন’ সোৱাদ পাইছিল৷

]]>
https://rupaliparda.com/archives/28602/feed 0 28602
অসমীয়া চিনেমা : প্ৰিয়াৰ প্ৰিয় ||– উৎপল মেনা https://rupaliparda.com/archives/28595 https://rupaliparda.com/archives/28595#respond Tue, 05 Oct 2021 01:35:33 +0000 https://rupaliparda.com/?p=28595

মুনিন বৰুৱাৰ প্ৰথম স্বাধীন পৰিচালনা ‘পিতা-পুত্ৰ’৷ ‘চিনেমা কেৰিয়াৰ’ আৰম্ভ হৈছিল ‘মমতা’ৰে৷ নলীন দুৱৰাৰ পৰিচালনা৷ ৰেহনা আখতাৰ হান্নানে গোৱা ‘আঁউসীৰ পাছত…’ গীতটোত মেণ্ডোলিন বজাইছিল৷ চিনেমাখনৰ গীত ৰেকৰ্ডিং আউটড’ৰত হৈছিল; আৰু সংগীতৰ সেইবোৰ কামতো তেওঁ সহায় কৰিছিল৷ ১৯৭৬ চন৷ পৰিচালক শিৱ প্ৰসাদ ঠাকুৰে হাতত লৈছিল প্ৰথম পৰিচালনা৷ এই চিনেমাখনতে প্ৰথমবাৰৰ বাবে কেমেৰাৰ পিছফালে কাম কৰে মুনিন বৰুৱাই, সহকাৰী পৰিচালক হিচাবে৷ ১৯৭৮ চনত চিত্ৰগৃহলৈ অহা এই চিনেমাখন ব্যাৱসায়িক দিশত সফল নহ’ল৷ সেই সময়ত বহুতে দোষ দিলে ‘চিত্ৰনাট্য’ক৷ দুৰ্বল চিত্ৰনাট্য৷ কাহিনী, চিত্ৰনাট্য, সংলাপ লিখিছিল বসন্ত দাসে৷ পৰিচালক গৰাকীৰ দ্বিতীয় পৰিচালনা ‘বোৱাৰী’ৰ কাহিনী বসন্ত দাসৰে৷ চিত্ৰনাট্য-সংলাপ কিন্তু মুনিন বৰুৱা, বসন্ত দাসৰ৷ চিত্ৰনাট্য-সংলাপৰ লগতে মুখ্য সহকাৰী পৰিচালকৰো দায়িত্ব পালন কৰিছিল মুনিন বৰুৱাই৷ ১৯৮২ চনৰ ১৫ জানুৱাৰীত চিত্ৰগৃহলৈ অহা ‘বোৱাৰী’য়ে ‘অসমীয়া চিনেমাৰ বজাৰ’ত ঢৌৰ সৃষ্টি কৰিছিল৷ সফলতাৰ ঢৌ৷ সেইবাবেই হয়তো ‘শেৱালী’ (১৯৮৯), ‘ঘৰ সংসাৰ’ (১৯৮৩), ‘মন মন্দিৰ’ (১৯৮৫), ‘সোণ মইনা’ (১৯৮৪), ‘এই দেশ মোৰ দেশ’ (১৯৮৬) ৰো চিত্ৰনাট্য-সংলাপৰ দায়িত্ব লৈছিল৷ এই প্ৰতিটো ‘চিনে কৰ্ম’ই আছিল সফল৷ সফলতাৰ বাটত আৰু এখোজ আগবাঢ়ি নিপন গোস্বামীৰ সৈতে যুটীয়াভাৱে পৰিচালনা কৰে ‘প্ৰতিমা’৷ চিত্ৰগৃহলৈ আহে ১৯৮৭ চনত৷ ‘প্ৰতিমা’ দৰ্শকে পছন্দ কৰিলে৷ ইয়াৰ পাছতে হাতত ল’লে ‘পিতা-পুত্ৰ’৷ ‘পিতা-পুত্ৰ’ৰ শৈলীৰে পৰিচালকগৰাকীয়ে পৰৱৰ্তী সময়ত ‘চিনে কৰ্ম’ আগবঢ়াইছে ‘পাহাৰী কন্যা’, ‘প্ৰভাতী পখীৰ গান’, ‘দীনবন্ধু’, ‘ৰামধেনু’ নামেৰে৷ বিশ্লেষণ কৰিলে স্পষ্ট হৈ পৰে ‘হিয়া দিয়া নিয়া’, ‘দাগ’, ‘নায়ক’, ‘কন্যাদান’, ‘বিধাতা’, ‘বাৰুদ’, ‘ৰং’ পৰিচালকগৰাকীৰ আন এক শৈলীৰ ‘চিনে কৰ্ম’৷–এই দুয়োটা শৈলীৰে সু-পৰিকল্পিত প্ৰয়োগ স্পষ্ট ‘প্ৰিয়াৰ প্ৰিয়’ত৷ কাহিনী এটা আছে৷ কাহিনীভাগৰ কথা মনত ৰাখি ক’ব পৰা যায়– ‘ৰোমাণ্টিক কমেডি ড্ৰামা’ বুলি৷ ‘কাহিনী’ৰ কথা মনত ৰাখি এনেদৰেও ক’ব লাগিব–দৈৰ্ঘ্যৰ বাবে, অপ্ৰয়োজনীয় ছিকুৱেন্সৰ বাবে মাজে-মাজে আমনিদায়ক হৈছে৷ কেইটামান চৰিত্ৰক বাদ দিও চিনেমাখনক গতি দিব পাৰিলেহেঁতেন। এই চিনেমাখনত অৱশ্যে কাহিনীভাগ শৰীৰহে, আত্মা নহয়৷ আত্মা বিষয়বস্তু৷ প্ৰধান অলংকাৰ- সংলাপ আৰু অভিনয়৷ পৰিচালক, চিত্ৰনাট্যকাৰ মুনিন বৰুৱাই বিষয়বস্তু উপস্থাপনৰ বাবে চাৰিটা চৰিত্ৰক বিশেষভাৱে নিৰ্মাণ কৰিছে৷ বৃকোদৰ, প্ৰিয়ব্ৰত, প্ৰিয়নাথ আৰু প্ৰিয়ৰঞ্জন৷ [প্ৰিয়ব্ৰতৰ মুখত দিয়া সংলাপতে স্পষ্ট হৈ আছে প্ৰিয়ৰঞ্জন, প্ৰিয়নাথ৷ ‘…নিৰ্বাচনৰ নামত সৃষ্টি হোৱা উৎসৱৰ উপহাৰ হ’ল প্ৰিয়ৰঞ্জন, নৃপতিৰ দৰে ৰাজনীতিকৰ দল৷ স্বজন-তোষণৰ কুফল প্ৰিয়নাথৰ দৰে নতুন পুৰুষ’৷] মোৰ আজোককা অসমীয়া আছিল৷ ‘স্বীকাৰ কৰিছোঁ, তোমালোকৰ দৰে শিক্ষা- দীক্ষা মোৰ নাই বাবেই হয়তো মোৰ পদ্ধতিটো শুদ্ধ নহ’ল৷ কিন্তু তোমালোকে এৰি নিদিবাহে, নহ’লে হয়তো অহাটো শতিকাত যেতিয়া আমাৰেই কোনোবা বংশধৰক অন্য মানুহে সুধিব–তোমাৰ জাতি কি? তেতিয়া হয়তো সেই দুৰ্ভগীয়াই ক’ব লাগিব–মোৰ আজো ককা অসমীয়া আছিল…’ [ফ্ৰেমত সৰিয়হময় হালধীয়া-পথাৰ, বৃকোদৰ, প্ৰিয়ব্ৰত আৰু কেইটামান চৰিত্ৰ৷] হৃদয় চুই যোৱা, মগজু জোকাৰি যোৱা ছিকুৱেন্স৷ ছিকুৱেন্সটোৰ মূল সৌন্দৰ্য প্ৰাঞ্জল শইকীয়াৰ অভিনয়, সংলাপ প্ৰক্ষেপণ আৰু মুনিন বৰুৱাই ৰচনা কৰা সংলাপ৷ প্ৰায় শেষ অংশৰ এই ছিকুৱেন্সটোত পৰিচালকে স্পষ্ট কৰে চিনেমাখনৰ বিষয়বস্তু; মুনিন বৰুৱাৰ পৰিচালনা ‘প্ৰিয়াৰ প্ৰিয়’ৰ বিষয়বস্তু৷ দক্ষ অভিনেতা প্ৰাঞ্জল শইকীয়াই অভিনয় কৰা চৰিত্ৰটোৰ নাম–‘বৃকোদৰ’; চিনেমাখনৰ নায়িকা প্ৰিয়াৰ আদহীয়া মোমায়েক৷ নিজকে ‘খাটি অসমীয়া’ বুলি ভাবে৷ ‘অসমীয়া’ক লৈ সচেতন৷ অন্য ভাষা-সংস্কৃতিয়ে যেন অসমীয়া সমাজখন শেষ কৰিলে- প্ৰতিটো মুহূৰ্ততে বৃকোদৰৰ ‘অসমীয়া’ হৈ থকাৰ চেষ্টা৷ তেওঁ বিচাৰে প্ৰতিটো মুৰ্হূততে আমি অসমীয়া ভাষা, সাজ-পাৰ তথা মূলত: অসমীয়া সংস্কৃতিৰ মাজত থাকিব লাগে৷ বাহ্যিক দৃষ্টিত চিনেমাখনৰ নায়ক প্ৰিয়ব্ৰত তেনে নহয় বাবেই ‘সংঘাত’ হয়৷ নায়ক-নায়িকাৰ মিলনত বাধা হয়৷ পৰিচালক, চিত্ৰনাট্যকাৰে ‘বৃকোদৰ’ৰ বিপৰীতে প্ৰিয়ব্ৰতকহে ‘খাটি অসমীয়া’ হিচাপে ‘নিৰ্মাণ’ কৰিছে৷ বিদেশৰ পৰা উভতি আহি ‘নায়কে’ সৰু গাঁও এখনত ‘সোণালী পাম’ গঢ়িছে; দাপু পাল, দৈমাৰীহঁতক লগত লৈ৷ ‘নায়কে’ কৰ্ম-সংস্কৃতিৰে নতুন যুগৰ ভাল অসমীয়া গঢ়াৰ চেষ্টা কৰিছে৷ ‘নায়ক’ প্ৰিয়ব্ৰতে ‘খাটি অসমীয়া’ বৃকোদৰক কৈছে–“সময় সলনি হ’ল মামা৷ পৃথিৱীখন দিনক দিনে সৰু হৈ আহিছে৷ এই ভিতৰুৱা ঠাইখনৰ পৰাই মই পৃথিৱীৰ এটা মূৰৰ পৰা আনটো মূৰ চুব পৰা হ’লোঁ৷ এইটো সময়ত জাতীয় পোছাক, জাতীয় সংগীত, জাতীয় উৎসৱক লৈ বিতৰ্কৰ সৃষ্টি কৰি কিবা লাভ হ’বনে? কেৱল ডিঙিত গামোচা লৈ ‘জয়-আই-অসম’ শ্ল’গানেৰে এই অসমীয়াৰ উন্নতি হ’বনে?…আন ভাষাৰ ওপৰত ক’লা ৰং সানিলেই আমাৰ নিজৰ ভাষাৰ উন্নতি হ’বনে?” ‘নায়ক’ৰ মুখেৰে লেখক, পৰিচালক মুনিন বৰুৱাই কৈছে–“..ভাষা থাকিবলৈ প্ৰথমতে জাতিটোও থাকিব লাগিবতো। এতিয়াতো ‘অসমীয়া কোন?” বুলিও প্ৰশ্নৰ অৱতাৰণা হৈছে৷ বন্ধ, ধৰ্মঘট, প্ৰতিবাদ অৱৰোধৰ নামত বহু মূল্যৱান সময় নষ্ট হৈ গ’ল৷ পৃথিৱীৰ বাকীবোৰ বহুদূৰ আগুৱাই গ’ল৷ তাৰ মাজে মাজে সাহিত্যৰ মেলা আৰু সংস্কৃতিৰ বেহা। চিনেমাখনত ‘ভাল অসমীয়া’ৰ ব্যাখ্যাও দিয়া হৈছে, “ভাল অসমীয়া সেইজন, যিজনে ঘৰটোকে ভাগ ভাগ নকৰে৷ ভাল অসমীয়া সেইজন, যি বিশ্বৰ সকলো সংস্কৃতিৰ সোৱাদ ল’ব বিচাৰে; কিন্তু প্ৰথমতে নিজৰ সাহিত্য-সংস্কৃতিক হিয়াৰ থাপনাত প্ৰতিষ্ঠিত কৰাৰ পাছত৷” ইমানখিনি আৰু ভালেমান ‘গধুৰ সংলাপ’ ব্যৱহাৰ কৰাৰ পাছতো কিন্তু ‘প্ৰিয়াৰ প্ৰিয়’ কোনো শ্ৰেণীৰ দৰ্শকৰ বাবেই ‘গধুৰ’ হোৱা নাই৷ ইয়াৰ মূল কাৰণ পৰিচালনা শৈলী¸ শ্বট নিৰ্বাচন, সংগীতৰ ব্যৱহাৰ আৰু ‘চৰিত্ৰ নিৰ্মাণ’৷ ‘নায়ক’ৰ ‘ভিতৰৰ অসমীয়া’জনক পৰিচালকে স্পষ্ট কৰি দিছে কেইটামান সংলাপ আৰু ‘কেমেৰাৰ ভাষা’ৰে৷ দীপক পালৰ মুখেৰে ‘নায়ক’ প্ৰিয়ব্ৰত সম্পৰ্কত কোৱাইছে– “বাবা দাই [মানে ‘নায়কে’] সদায় কয় নিজৰ ৰীতি-নীতি, নিজৰ পৰম্পৰা কোনো কাৰণতে নেৰিবি… বাবাদাই কয় নিজকে পৃথিৱীৰ বাসিন্দা বুলি ভাবিবলৈ শিক৷ এই ভাবটো যদি বিয়পাই দিব পাৰ, দেখিবি গোটেই মানৱ জাতিয়েই তোৰ বন্ধু, তোৰ আপোন৷” আনহাতে কেমেৰা পেন কৰাইছে ‘নায়ক’ৰ কোঠাত বিভিন্ন ভাষাৰ কিতাপ, হেমকোষ, বিষ্ণু ৰাভাৰ ফটো, একেটা ফ্ৰেমতে থকা ভূপেন হাজৰিকা, পল ৰবচনৰ ফটোৰ ওপৰেৰে৷ সুপৰিকল্পিতভাৱে ব্যৱহাৰ কৰিছে “we are in the same boat brother… আমি একেখন নাৱৰে যাত্ৰী..” গীতটো৷ চিনেমাখনক এটা বিশেষ স্তৰলৈ লৈ গৈছে এই ‘কোৰাছ’ৰ ব্যৱহাৰে৷ ‘ঝক ঝক ঝক ৰে’লগাড়ী চলে উকিয়াই সকীয়াই ৰে’লগাড়ী চলে। বন্ধু উঠিবৰ হ’ল কিম্বা নামিবৰ হ’ল। পৃথিৱীৰ বাকীবোৰ বহুদূৰ গ’ল। প্ৰগতিৰ ধ্বজাবাহী অসমীয়াবোৰ সৰু সৰু ষ্টেচনত নামি নামি ৰ’ল। সৰু সৰু ষ্টেচনত নামি নামি ৰ’ল৷’ ‘সংলাপ’ৰ দৰেই চিনেমাখনত স্পষ্ট কেমেৰাৰ ভাষাৰ সু-পৰিকল্পিত প্ৰয়োগ৷ একেটা ফটোৰ ফ্ৰেমতে পল ৰবচন, ভূপেন হাজৰিকাক ৰাখি কেমেৰা পেন কৰা, বৃকোদৰে গ্ল’বটো ঘূৰাই আঁতৰি যোৱা ইত্যাদি৷ অভিনয় আৰু সংগীত ‘প্ৰিয়াৰ প্ৰিয়’ৰ আন দুটা যোগাত্মক দিশ৷ সংগীত জুবিন গাৰ্গৰ৷ ‘প্ৰিয়া, প্ৰিয়া…’ গীতটোৰ চিত্ৰায়ণ সু-পৰিকল্পিত৷ আনহাতে অভিনয়ত প্ৰথমেই প্ৰশংসা কৰিব লাগিব বৃকোদৰ চৰিত্ৰত অভিনয় কৰা প্ৰাঞ্জল শইকীয়াক৷ প্ৰিয়নাথ, প্ৰিয়ৰঞ্জন, প্ৰিয়ব্ৰতৰ চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে–গুঞ্জন, বিকি আৰু জুবিন গাৰ্গে৷ ‘কমেডি ইমেজ’ত বিকিৰ অভিনয় দৰ্শকক চুই যোৱা৷ কম ফুটেজত সৌৰভ হাজৰিকা, দুই নায়িকা সুনীতা কাশ্যপ-আৰাধনা আৰু ত্ৰিদিপ লাহনকো স্বাভাৱিকতে প্ৰশংসা কৰিব লাগিব৷ স্বাভাৱিকতে প্ৰশংসা কৰিব লাগিব চিত্ৰগ্ৰহণকাৰী প্ৰদীপ দৈমাৰীক৷ শেষত এটা কথাই ক’ম–‘প্ৰিয়াৰ প্ৰিয়’ কেৱল প্ৰেমৰ চিনেমা নহয়, ‘অসমীয়া’ৰ চিনেমা৷ আজিৰ তাৰিখত প্ৰতিগৰাকী অসমীয়াই চাবলগীয়া চিনেমা৷

]]>
https://rupaliparda.com/archives/28595/feed 0 28595