শ্ৰেষ্ঠ গায়ক পুৰুষ – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Mon, 04 Nov 2024 11:00:46 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 শ্ৰেষ্ঠ গায়ক পুৰুষ – Rupaliparda.com https://rupaliparda.com 32 32 163073109 টেলিভিছন প্ৰিমিয়াৰৰ বাবে সাজু উচ্চ প্ৰশংসিত অসমীয়া ছবি ‘জিয়া’ https://rupaliparda.com/archives/31131 https://rupaliparda.com/archives/31131#respond Mon, 04 Nov 2024 12:50:29 +0000 https://rupaliparda.com/?p=31131 “অপূর্ব ‘জিয়া’: একক মাতৃৰ সংগ্রাম আৰু জয়ৰ হৃদয়স্পৰ্শী আখ্যান”

Jiya

কেনি বসুমতাৰীৰ পৰিচালনাত আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ প্ৰযোজনাত নিৰ্মিত, সৰ্বসাধাৰণৰ হৃদ​য় জ​য় কৰা অসমীয়া ছবি ‘জিয়া’ এতিয়া টেলিভিছন প্ৰিমিয়াৰৰ বাবে সাজু হৈছে। চিনেমাঘৰত সফল ভাৱে চলি থকাৰ পিছত, ছবিখনে এতিয়া প্ৰাগ নিউজত প্ৰিমিয়াৰৰ জৰিয়তে আন এক বিস্তৃত দৰ্শকবৰ্গৰ মন জয় কৰিবলৈ সাজু হৈছে।

‘জিয়া’ৰ সমাজিক প্ৰাসংগিকতা আৰু গভীৰ কাহিনীৰ বাবে ইয়াক বিশেষভাৱে শলাগা হৈছে। ছবিখনত এগৰাকী একক মাতৃৰ জীৱন আৰু সংগ্ৰামৰ গভীৰ চিত্ৰণৰ প্ৰসংগত জনপ্ৰিয় অভিনেত্ৰী ইলা অৰুণে শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ অভিনয়ৰ প্ৰশংসা কৰি, সকলোকে ছবিখন চাবলৈ আহ্বান জনাইছে। ছবিখন অহা ২৭ অক্টোবৰ, দুপৰীয়া ১২ বজাত প্ৰাগ নিউজত প্ৰিমিয়াৰ হ’ব। ইতিমধ্যে এই খবৰ
চিনেমাপ্ৰেমী আৰু দৰ্শকৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি কৰিছে।

এই বছৰৰ ১৭ মে’ত মুক্তি লাভ কৰাৰ পৰাই, ‘জিয়া’ৰ বাস্তৱ জীৱনৰ সংগ্ৰামৰ আৱেগিক আৰু প্ৰামাণিক চিত্ৰণে সমালোচকসকলৰ লগতে সাধাৰণ দৰ্শকৰ প্ৰশংসা লাভ কৰি আহিছে। ছবিখনে এগৰাকী দৃঢ়, তৰুণী একক মাতৃৰ জীৱনৰ কাহিনী বৰ্ণনা কৰিছে। শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ অপূৰ্ব অভিনয়েৰে প্ৰতিফলিত জিয়াৰ যাত্ৰাই দৰ্শকৰ মাজত গভীৰ অনুৰণন ঘটাইছে। সমালোচকসকলে ইয়াৰ শক্তিশালী কাহিনী আৰু জীৱন্ত চৰিত্ৰৰ বাবে ছবিখনক কেৱল এক চলচ্চিত্ৰ নহয়, এটি গভীৰ আৱেগিক যাত্ৰা বুলি অভিহিত কৰিছে।

চলচ্চিত্ৰ সমালোচক অম্বৰ চেটাৰ্জীয়ে ‘জিয়া’ক “সংগ্ৰাম আৰু জয়ৰ এক গভীৰ ব্যক্তিগত আৰু মাৰ্মান্তিক আখ্যান, য’ত অভিনয় আৰু পৰিচালনা উভয়ে উৎকৃষ্ট” বুলি অভিহিত কৰিছে। চিনেমা সাংবাদিক কল্পজ্যোতি ভূঞাই ছবিখনৰ বাস্তৱিক চিত্ৰণ আৰু মেলোড্ৰামামুক্ত উপস্থাপনৰ প্ৰশংসা কৰি কয়, “জিয়া অত্যন্ত বাস্তৱভিত্তিক আৰু সৰলভাৱে জীৱনৰ কাহিনী দাঙি ধৰে, য’ত
অভিনেতা-অভিনেত্ৰীৰ আন্তৰংগ ভাৱ-বিনিময়ে ছবিখন অধিক বিশ্বাসযোগ্য কৰি তুলিছে।”

প্ৰাগ চিনে বঁটাত শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু সংলাপ (কেনি বসুমতাৰী আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তী), শ্ৰেষ্ঠ গায়ক পুৰুষ (অংগৰাগ পাপন মহন্ত), আৰু শ্ৰেষ্ঠ আৱহ সংগীত (অম্বৰ দাস)কে ধৰি একাধিক বঁটাৰ সৈতে সন্মানিত ছবিখনে অসমীয়া চিনেমাত এক দীঘলীয়া প্ৰভাৱ
পেলাইছে। ছবিখনৰ জনপ্রিয় গীতবোৰ যেনে ‘সপোন সপোন লগা’ আৰু ‘এই সাধু’, ছবিখনৰ সফলতাৰ অংশ হিচাপে গণ্য হৈছে।

]]>
https://rupaliparda.com/archives/31131/feed 0 31131