সংগীতা শইকীয়া – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sat, 14 Feb 2026 14:39:43 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 সংগীতা শইকীয়া – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ড° ভূপেন হাজৰিকা, নৱকান্ত বৰুৱাৰ কৰ্মৰাজিক লৈ শান্তিনিকেতনত ‘মনকবিতা’–Prantik Deka https://rupaliparda.com/archives/32851 https://rupaliparda.com/archives/32851#respond Sat, 14 Feb 2026 09:19:57 +0000 https://rupaliparda.com/?p=32851 শান্তিনিকেতন, ফেব্ৰুৱাৰী ১৩: ড° ভূপেন হাজৰিকা আৰু নৱকান্ত বৰুৱাৰ সৃষ্টিৰাজি মূলতঃ অসমীয়াত হ’লেও ভাৰতীয় ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰতিজন অনুৰাগী তেওঁলোকৰ দ্বাৰা অনুপ্ৰাণিত আৰু সমৄদ্ধ হৈছে। এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ প্ৰতিষ্ঠাপিত বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়ৰ ভাষা ভৱনৰ অধ্যক্ষ, অধ্যপক মৃণাল কান্তি মণ্ডলে।ৰাউল কৌশিক নাথ ফাউনণ্ডেশ্বনৰ দ্বাৰা আয়োজিত মনকবিতা ২০২৬-ৰ অন্তৰ্গত আলোচনা চক্ৰ উদ্বোধন কৰি অধ্যাপক মণ্ডলে এই মন্তব্য কৰে। “A Commemorative Seminar on the Life, Literature and Cultural Contributions of Dr Bhupen Hazarika and Navakanta Barua” শীৰ্ষক এই আলোচনা চক্ৰ সঞ্চালনা কৰে বিশ্ব-ভাৰতীৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ অধ্যাপক ৰণজিৎ কুমাৰ দেৱ গোস্বামীয়ে।

আলোচনা চক্ৰত অংশগ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক বিভাস চৌধুৰী, বিশ্ব-ভাৰতীৰ বাংলা বিভাগৰ অধ্যাপিকা শ্ৰীলা বসু আৰু বিশিষ্ট সমালোচক আৰু নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক অৰিন্দম বৰকটকীয়ে ড° হাজৰিকা আৰু নৱকান্ত বৰুৱাৰ সাহিত্যকৃতি, জীৱন আৰু দৰ্শনৰ ওপৰত আলোকপাত কৰে।

ড° ভূপেন হাজৰিকা, নৱকান্ত বৰুৱাৰ কৰ্মৰাজিক লৈ শান্তিনিকেতনত 'মনকবিতা'--Prantik Deka 4

“ড৹ হাজৰিকাৰ গানসমূহৰ আধাৰ মানৱপ্ৰেম, প্ৰকৃতি আৰু সমাজবোধ তথা ভাতৃত্ববোধ। নৱকান্ত বৰুৱা অসমীয়া সাহিত্যৰ কেন্দ্ৰীয় ব্যক্তিত্ব আৰু তেখেতৰ সৃষ্টিৰাজি শান্তিনিকেতনৰ ছাত্ৰ হিচাপে লাভ কৰা কবিগুৰুৰ বিশ্বজনীন মানৱতাৰ আদৰ্শেৰে অনুপ্ৰাণিত।” অধ্যাপক মণ্ডলে তেখেতৰ ভাষণত এনেদৰে কয়।

অধ্যাপক চৌধুৰীয়ে তেখেতৰ ভাষণত নৱকান্ত বৰুৱাৰ কবিতাৰ সৈতে বিশ্বসাহিত্যৰ কেইবাগৰাকীও বৰেণ্য কবি, যেনে এলিয়ট, ৰিল্কে আৰু ৱাল্ট হুইটমেন আদিৰ কবিতাৰ তুলনাত্মক বিশ্লেষণ আগবঢ়ায়।

অধ্যাপক দেৱ গোস্বামীয়ে তেখেতৰ ভাষণত বাৰ্ট্ৰাণ্ড ৰাছেলৰ আত্মজীৱনীৰ উদ্ধৃতি দি কয় যে ড৹ হাজৰিকাৰ জীৱনো তিনিটা দৰ্শনৰ দ্বাৰা পৰিচালিত হৈছিল – প্ৰেমৰ আকুলতা, জ্ঞানৰ অন্বেষণ আৰু মানৱীয় দুখ-দুৰ্দশাৰ প্ৰতি সহমৰ্মিতা।

ড° ভূপেন হাজৰিকা, নৱকান্ত বৰুৱাৰ কৰ্মৰাজিক লৈ শান্তিনিকেতনত 'মনকবিতা'--Prantik Deka 5

আলোচনা চক্ৰখনৰ আদৰণি ভাষণ আগবঢ়ায় বিশ্ব-ভাৰতীৰ অসমীয়া বিভাগৰ অধ্যাপিকা সংগীতা শইকীয়াই আৰু ৰাউল কৌশিক নাথ ফাউণ্ডেশ্যনৰ হৈ শলাগৰ শৰাই আগবঢ়ায় বিপুলজ্যোতি শইকীয়াই। এইবাৰৰ মনকবিতা HDFC Bank আৰু নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ আংশিক আৰ্থিক সহযোগিতাত আয়োজিত হৈছে।

বিশ্ব-ভাৰতীৰ অসমীয়া বিভাগ আৰু ভাষা ভৱন তথা ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সহযোগিতাত ৰাউল কৌশিক নাথ ফাউণ্ডেশ্যনে এইবাৰৰ মনকবিতা শান্তিনিকেতনত অনুষ্ঠিত কৰে।

ড° ভূপেন হাজৰিকা, নৱকান্ত বৰুৱাৰ কৰ্মৰাজিক লৈ শান্তিনিকেতনত 'মনকবিতা'--Prantik Deka 6

মনকবিতাৰ অংশ হিচাপে সন্ধিয়ালৈ বিশ্ব-ভাৰতীৰ লিপিকা প্ৰেক্ষাগৃহত ড° হাজৰিকা আৰু নৱকান্ত বৰুৱাৰ গান আৰু কবিতাৰ এক মনোমোহা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে জয় বৰুৱা, কল্যাণ বৰুৱা, ৰূপম ভূঞা, অৰূপজ্যোতি বৰুৱা, অভিনেতা তপন দাস, সত্ৰীয়া শিল্পী অনিতা শৰ্মা আৰু উপাসনা মহন্ত গগৈ, বনশ্ৰী বাইলুং আৰু বংগৰ মনীষা মজুমদাৰ আৰু পূজা সিঙে। বিশ্ব-ভাৰতীৰ ছাত্ৰী প্ৰিয়ংকা দেবী মণ্ডল আৰু কৃষ্ণা তামূলীয়েও গীত আৰু নৃত্য পৰিৱেশন কৰে। আলোচনা চক্ৰ আৰু সাংস্কৃতিক অনুষ্ঠানৰ আঁত ধৰে সাত্যকি ডি’কম বৰা আৰু মিণ্টু বৰুৱাই।

ৰাউল কৌশিক নাথ ফাউনণ্ডেশ্বনৰ তৰফৰ পৰা এই অনুষ্ঠানত উপস্থিত থাকে কৌশিক নাথ, কৃষ্ণা বৰুৱা, উৎপল বৰপূজাৰী আৰু আন্না কৌশিক। উল্লেখযোগ্য যে মনকবিতা-ৰ উদ্যোক্তা হ’ল নয়ন প্ৰসাদ আৰু বিপুলজ্যোতি শইকীয়া।

]]>
https://rupaliparda.com/archives/32851/feed 0 32851