সত্য- দ্য ট্ৰুথ – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sun, 21 Jan 2024 02:52:49 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 সত্য- দ্য ট্ৰুথ – Rupaliparda.com https://rupaliparda.com 32 32 163073109 সত্য: চিত্ৰগৃহলৈ ২ ফেব্ৰুৱাৰীত –উৎপল মেনা https://rupaliparda.com/archives/29869 https://rupaliparda.com/archives/29869#respond Sun, 21 Jan 2024 02:52:04 +0000 https://rupaliparda.com/?p=29869 চৰ্চাত এখন অসমীয়া চিনেমা– ‘সত্য- দ্য ট্ৰুথ’। বিষয়বস্তু কেন্দ্ৰীক চিনচিন্তা। চৰ্চাৰ কাৰণ বিষয়বস্তু। পুৰুষৰ সৈতে পুৰুষৰ প্ৰেম কাহিনী। নহয়, কেৱল শৰীৰ প্ৰেম নহয়, প্ৰেমৰ মানসিক অনুভৱ। ‘পুৰুষ সত্য’ৰ আন এক পুৰুষৰ প্ৰতি প্ৰেমৰ যি আৱেগ সেয়া সত্য। ঘৰে, সমাজে মানি নললেও এগৰাকী পুৰুষে আন এগৰাকী পুৰুষৰ প্ৰতি অনুভৱ কৰা প্ৰেমৰ আৱেগ সত্য। ‘পুৰুষ সত্য’ই পুৰুষ প্ৰেমিকক এৰি থকাৰ বা আঁতৰি যোৱাৰ কথা ভাবিব নোৱাৰে। পৰিচালকে নৱাগত অভিনেতা ৰাকেশ বৰুৱাক লৈ সত্য আৰু সত্যৰ বিপৰীতে অমৰ বৰুৱা চৰিত্ৰটো নিৰ্মাণ কৰিছে, উৎপল দাসক লৈ।

সত্য: চিত্ৰগৃহলৈ ২ ফেব্ৰুৱাৰীত --উৎপল মেনা 3–‘নীল নির্জনে’, ‘আৰেকটি প্রমেৰ গল্প’, ‘চিত্রাঙ্গদা’ ‘ফায়াৰ’, ‘এক লড়কি কো দেখা তো এইছা লাগা’, ‘আলিগড়’, ‘চিত্রাঙ্গদা’কে ধৰি ভাৰতীয় ভাষাত সমকামিতা বিষয়ক (কেন্দ্ৰীক, চুই যোৱা) ভালেমান চিনেমা নিৰ্মাণ হৈছে। আৰু প্ৰতিবাৰে চৰ্চালৈ আহিছে। বক্স আ’ফিচ বৈতৰণী পাৰ হৈছে। দেশ-বিদেশৰ চলচ্চিত্ৰ মহোৎসৱতো চৰ্চালৈ আহিছে। ‘সত্য’ও চিকাগো ছাউথ এছিয়ান চলচ্চিত্ৰ মহোৎসৱ, জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচিত্র মহোৎসৱৰ লগতে কেইবাটাও চলচ্চিত্ৰ মহোৎসৱত চৰ্চাৰ বিষয় হৈছে। এতিয়া লক্ষনীয় বিষয়– এই চিনেমা খনে বক্স অ’ফিচ বৈতৰণী পাৰ হ’ব নে?
এই চিনেমা খনৰ পৰিকল্পনা চন্দন তালুকদাৰৰ, প্ৰযোজনা তিলোত্তমা তালুকদাৰ আৰু পৰিচালনা ৰূপজ্যোতি বৰঠাকুৰৰ। উৎপল দাস, উদয়ন দুৱৰা, ডৰথী ভৰদ্বাজ, মহেশ বৰা, সুমন দাস আদিয়ে অভিনয় কৰা চিনেমা খন চিত্ৰগৃহলৈ আহিব অহা ২ ফেব্ৰুৱাৰীত।

সত্য: চিত্ৰগৃহলৈ ২ ফেব্ৰুৱাৰীত --উৎপল মেনা 4চিনেমা খনৰ চিত্ৰগ্ৰহণ কৰিছে হিতেন ঠাকুৰীয়াই, সম্পাদনা কৰিছে সঞ্জীৱ বৰঠাকুৰে আৰু শব্দ সংযোজন আৰু সংমিশ্রণ কৰিছে অমৃত প্ৰীতমে। চিনেমা খনত গীতো ব্যৱহাৰ কৰিছে। সংগীত তৰালি শৰ্মা, দিগন্ত ভাৰতীৰ। আৱহ সংগীত তৰালি শৰ্মাৰ। গীতৰ কথা প্ৰশান্ত বৰদলৈ, তৰালী শৰ্মা আৰু ঝুনা কংকন ভূঞাৰ। গীত চিত্ৰায়ণ কৰিছে অভিজিৎ বৰাই। গীতকেইটাত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, অৰুন্ধতী ভানুপ্ৰিয়া আৰু অনুৰাগ বৰুৱাই।

]]>
https://rupaliparda.com/archives/29869/feed 0 29869