ৰূপম বৰুৱা – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sat, 17 Jun 2023 11:44:42 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 ৰূপম বৰুৱা – Rupaliparda.com https://rupaliparda.com 32 32 163073109 দ্যা শ্লেম বুক: ৩০ জুনত –উৎপল মেনা https://rupaliparda.com/archives/29491 https://rupaliparda.com/archives/29491#respond Sat, 17 Jun 2023 11:44:39 +0000 https://rupaliparda.com/?p=29491 এন. কে. প্ৰডাকচন –আমি জানিছিলোঁ, গীতৰ কেছেট নিৰ্মাতা। “সংগীতৰ বজাৰ”ৰ ভালদিনৰ সময়ত জুবিন গাৰ্গৰ গীত মানেই আছিল এন. কে. আৰু এন. কে. প্ৰডাকচনৰ গীত মানেই জুবিনৰ গীত। জুবিনৰ প্ৰথমটো শ্ৰব্য এলবাম “অনামিকা” (১৯৯২) ৰে আৰম্ভ হৈছিল সেই সেউজ সংগীত যাত্ৰা।

📌আৰু?
২৬০০ গীতৰ ৩৪০ টা শ্ৰব্য সংকলন প্ৰকাশ কৰা এন.কেৰ বেনাৰত দেৱ বৰকটকীয়ে নিৰ্মাণ কৰে ৮৪ খন ভিডিঅ’ চিনেমা। বিহু কেন্দ্ৰীক ভিডিঅ’ চিনেমাৰ জনপ্ৰিয় ধাৰা আৰম্ভ কৰিছিল, এক বিশেষ ইমেজ নিৰ্মাণ হৈছিল “জানমণি” নামেৰে। “জানমণি”ৰ লগতে জনপ্ৰিয় হৈছিল “অঞ্জনা” নামেৰে আন এটা চিৰিজ।

দ্যা শ্লেম বুক: ৩০ জুনত --উৎপল মেনা 1

📌আৰু?
সেই সময়ত জুবিন গাৰ্গৰ “গীত” কেন্দ্ৰীক চিন্তাৰে অসমীয়া চিনেমা নিৰ্মাণৰ কাম হাতত লৈছিল বহুজনে। উদ্দেশ্য –চিনেমাৰে নহয়, জুবিনৰ গীতেৰে ব্যৱসায় কৰা। সেই সময়ত শুনিছিলোঁ, কেৱল এন.কেৰ এলবামৰ বাবেহে গীত গায় জুবিনে! অৱশ্যে এন.কে.ৰ প্ৰযোজনাত নিৰ্মাণ নোহোৱা অসমীয়া চিনেমাৰ বাবে গীত গোৱাত আপত্তি বা বাধা নাই জুবিনৰ!

–এই যে “আপত্তি বা বাধা নাই”, সেই বাবেই জুবিনৰ “চিনেমাৰ গীতে”ৰে ব্যৱসায়ৰ অংক কৰিছিল একাংশ শ্ৰব্য সংকলন নিৰ্মাতাই! হয়তো এই একেটা “অংক”ৰেই এন.কেৰ বেনাৰত চিনেমাৰ কাম হাতত লৈছিল দেৱ বৰকটকীয়ে। চিনেমাৰ নাম: তুমি মোৰ মাথোঁ মোৰ (২৫ ফেব্ৰুৱাৰী ২০০০)। “মেগা প্ৰজেক্ট”। সংগীতৰ লগতে পৰিচালনাৰ দায়িত্ব দিলে জুবিন গাৰ্গক। স্থানীয় বজাৰত চিনেমা অসফল, চিনেমা খনৰ গীতৰ সংকলন বাণিজ্যিক দিশতো সফল।

📌আৰু তাৰ পাছত?
এন. কে. প্ৰডাকচনৰ বেনাৰত দেৱ বৰকটকীয়ে নিৰ্মাণ কৰিলে আৰু দুখন চিনেমা– পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাজেশ ভূঞাৰ পৰিচালনাৰে “মায়া” আৰু “ৰাজেশ ভূঞাৰ পৰিচালনাৰে “জানমণি”।

দ্যা শ্লেম বুক

📌আৰু শেহতীয়া প্ৰযোজন…
এন. কে. প্ৰডাকচনৰ শেহতীয়া প্ৰযোজনা– “দ্যা শ্লেম বুক” (The Slam Book)। কাহিনী, পৰিচালনা প্ৰাঞ্জল গৈয়াৰীৰ। চিত্ৰনাট্য-সংলাপ ৰচনা বিষ্ণুজ্যোতি সন্দিকৈৰ। অভিনয়ত: নিৰূপম শইকীয়া, বিভূতি ভূষণ হাজৰিকা, ৰূপম বৰুৱা, পুনম লহকৰ, শ্ৰেষ্ঠা চৌধুৰী, সিদ্ধাৰ্থ মূখাৰ্জী, কাকলি সন্দিকৈ, প্ৰিয়ংকা বৰুৱা, ৰাজ দত্ত আৰু চিন্ময় বৰগোঁহাই। চিত্ৰগ্ৰহণ জ্ঞান গৌতমৰ। গীত চিত্ৰায়ণ কৰিছে দীপক দে’ আৰু উদয় শংকৰে।
আৰু সংগীত ?

–স্বাভাৱিকতে জুবিন গাৰ্গ।
চিনেমা খনৰ নামটোত অনুভৱ কৰিব পাৰি, বিষয়বস্তু, কাহিনী এই প্ৰজন্ম কেন্দ্ৰীক। চিনেমা খন চিত্ৰগৃহলৈ আহিব অহা ৩০ জুনত।

]]>
https://rupaliparda.com/archives/29491/feed 0 29491