A Critical Complex – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Tue, 24 Aug 2021 04:54:45 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 A Critical Complex – Rupaliparda.com https://rupaliparda.com 32 32 163073109 প্ৰকৃতি আৰু মানৱ সমাজৰ সম্পৰ্কক লৈ “A Critical Complex”- https://rupaliparda.com/archives/28126 https://rupaliparda.com/archives/28126#respond Wed, 25 Aug 2021 08:30:00 +0000 https://rupaliparda.com/?p=28126 “লক-ডাউন” আৰু চুটি ছবিৰ এক সুন্দৰ সম্পৰ্ক গঢ় লৈ উঠিছে। একোখনকৈ সুন্দৰ চুটি ছবিয়ে প্ৰশংসা লাভ কৰাৰ উপৰিও ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো লাভ কৰিছে বঁটা। বিগত বৰ্ষৰ পৰাই চুটি ছবিসমূহে এক অন্য দৃষ্টিভংগীৰ সৃষ্টি কৰিছে জনসাধাৰণ সমূহৰ মাজত। প্ৰেম, বিদ্ৰোহ, ৰাজনৈতিক, থ্ৰীলাৰ অথবা চাচপেন্স আদি ভিন্ন বিষয়বস্তুৰে নিৰ্মিত একোখন চুটি ছবি আপোনালোকে ইতিমধ্যে উপভোগ কৰিছে বিগত “লক-ডাউন” ৰ সময়ছোৱাৰ পৰা। চুটি ছবি সমূহক দৰ্শকে দিয়া সঁহাৰিত দুগুণে উৎসাহ লাভ কৰা একাংশ নৱপ্ৰজন্মৰ পৰিচালক, শিল্পী তথা কলা-কুশলীয়ে আৰম্ভ কৰিছে কেইবাখনো হৃদয়স্পৰ্শী বিষয়বস্তুৰে নিৰ্মিত চুটি ছবিৰ। একোগৰাকী নৱপ্ৰজন্মই বৰ্তমান নিজৰ ওপৰত বিশ্বাস ৰাখিয়েই একোটা নতুন প্ৰকল্পৰ সৃষ্টি কৰি উলিয়াইছে। আমি এনে বহু প্ৰকল্প উপভোগ কৰিছো; যি সমূহে আমাক কেতিয়াবা য’ত চিন্তাগ্ৰস্ত কৰি তোলে তাতেই আকৌ আন একাংশ প্ৰকল্পই আমাক উৎসাহিত কৰি তোলে। আপোনালোকক পূৰ্বতেও কৈছিলো যে, একোখন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবিতকৈ বৰ্তমান একোখন চুটি ছবিৰ গ্ৰহণযোগ্যতা আৰু উপভোগ্যতা বৃদ্ধি পাইছে। তিনিঘন্টাৰ সলনি নাই কমেও ১০-১৫ মিনিট দৈৰ্ঘ্যৰে দৰ্শকৰ ওচৰত উপস্থাপন কৰা এটা বিষয়বস্তুয়ে বেছিকৈ আপ্লুত কৰে জনসমাজক। বিগত বৰ্ষৰ “লক-ডাউন” ৰ সময়ছোৱাৰে পৰা আমি বহু এনে চুটি ছবি উপভোগ কৰিছো যাৰ কাহিনীয়ে হয়টো বৰ্তমানলৈ আমাৰ মন-মগজুত ক্ৰিয়া কৰি আছে। আচলতে, কেৱল “লক-ডাউন” বুলিয়েই নহয়; পূৰ্বৰে পৰা একাংশ চুটি ছবিয়ে জনসাধাৰণৰ পৰা বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

প্ৰকৃতি আৰু মানৱ সমাজৰ সম্পৰ্কক লৈ "A Critical Complex"- 1
প্ৰকৃতি আৰু মানৱ সমাজৰ সম্পৰ্কক লৈ "A Critical Complex"- 2


এনে পৰিপৰিপ্ৰেক্ষিততে, আপোনালোকক আন এখন চুটি ছবিৰ মুক্তিৰ খবৰ দিবলৈ বিচাৰিছোঁ। চুটি ছবিখনৰ নাম হৈছে “A Critical Complex”। চুটি ছবিখনৰ পৰিচালনা নৱদীপ দত্তৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড° ভূপেন হাজৰিকা পৰিৱেশ্য কলা কেন্দ্ৰৰ পৰা নাট্য অভিনয় বিভাগত শিক্ষা গ্ৰহণ কৰি অহা লগতে বিগত কিছু বছৰ ধৰি অসমৰ মঞ্চ নাটকৰ লগত জড়িত থকা অভিনেতা নৱদীপ দত্তৰ এইখনেই হৈছে প্ৰথমখন পৰিচালনা। প্ৰকৃতিৰ লগত মানৱ সমাজৰ এক নিবিড় সম্পৰ্ক, ইয়াক কোনো কাৰণতেই অথবা কোনো মূহুৰ্ততেই এৰাব পৰা নাযায়। কিন্তু বৰ্তমান বিজ্ঞান আৰু কৃষি উত্তৰণৰ ফলত শেহতীয়াকৈ ইয়াৰ নেতিবাচক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে প্ৰকৃতিৰ ওপৰত। গতিকে, এনে কিছুমান কথাক লৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছে “A Critical Complex” নামে এই চুটি ছবিখন। উল্লেখ্য যে, এই চুটি ছবিখনত অৰণ্য মানৱ হিচাবে পৰিচিত আমাৰ গৌৰৱ পদ্মশ্ৰী যাদৱ পায়েংকো দেখিবলৈ পোৱা যাব। আনহাতে, Kakz Creation ৰ নিবেদন তথা Arunima Media Works ৰ সহযোগত ইয়াত অভিনয় কৰিছে বেদান্ত গগৈ, দিব্যজ্যোতি দিব্ৰুৱাল, মুনমুনী পায়েং আৰু নৱদীপ দত্তই।

প্ৰকৃতি আৰু মানৱ সমাজৰ সম্পৰ্কক লৈ "A Critical Complex"- 3
প্ৰকৃতি আৰু মানৱ সমাজৰ সম্পৰ্কক লৈ "A Critical Complex"- 4


কাহিনী দিব্যজ্যোতি দিব্ৰুৱালৰ। চুটি ছবিখন বৰ্তমান ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অনুষ্ঠিত ছবি সমাৰোহ সমূহলৈ প্ৰেৰণৰ যো-জা কৰা হৈছে। ইয়াৰ সৈতে জড়িত প্ৰতিগৰাকীকে জনাইছোঁ অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/28126/feed 0 28126