Abhijit Sarma – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Thu, 25 Feb 2021 04:34:19 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Abhijit Sarma – Rupaliparda.com https://rupaliparda.com 32 32 163073109 এটি নতুন সুন্দৰ গীত “পাহৰাই দিয়া”- https://rupaliparda.com/archives/24431 https://rupaliparda.com/archives/24431#respond Fri, 26 Feb 2021 10:30:45 +0000 https://rupaliparda.com/?p=24431 সংগীত বুলিলেই এক অজান প্ৰশান্তি সকলোৰে মাজত দেখিবলৈ পোৱা যায়। সুৰীয়া কন্ঠ আৰু গ্ৰহণযোগ্য কথাৰ সংমিশ্ৰণেৰে নিৰ্মিত একোটা গীতত শ্ৰোতা-দৰ্শক নজনাকৈয়ে ঢাল খাই পৰে। মুঠতে, একোটা ভাল আৰু সুন্দৰ প্ৰকল্পৰ আদৰ অসমীয়া প্ৰত্যেকগৰাকী মনোৰঞ্জন প্ৰেমী জনসাধাৰণে কৰি আহিছে। শেহতীয়াকৈ ইটোৰ পিছত সিটোকৈ নতুন গীতৰ সৃষ্টি হৈছে; অৱশ্যে আমি দেখিবলৈ পোৱাত এয়াও সঠিক যে বৰ্তমান মুক্তিপ্ৰাপ্ত একাংশ গীতত নৱপ্ৰজন্মৰ প্ৰতিভাৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছে। আমি নজনাকৈয়ে একোটা সুন্দৰ গীতক লৈ নিজাকৈ আকৃষ্ট হওঁ, সেই গীতটি প্লে-লিষ্টত “ৰিপিট” ম’ডত বাৰ বাৰ চলিলেও আমাৰ আমনি নলগাৰ সমান্তৰালকৈ সেই গীতটিৰ প্ৰতি আৰু দুগুণ উৎসাহ আমাৰ বাঢ়ে। এনে উৎসাহবোৰ বৃদ্ধিৰ ক্ষেত্ৰত সম্প্ৰতি সময়ছোৱাত আগ-ভাগ লৈছে নৱপ্ৰজন্মই; বিজ্ঞানৰ পৰা আৰম্ভ কৰি সাহিত্য তথা মনোৰঞ্জন যিয়েই নহওঁক কিয়! এই আটাইবোৰতেই তেওঁলোকৰ অংশগ্ৰহণে প্ৰতিজন শ্ৰোতা-দৰ্শকক ইমানেই অধিক আপ্লুত কৰিবলৈ সক্ষম হৈছে যে তেওঁলোকৰ সৃষ্টিত জনপ্ৰিয়তাৰ মোহৰ লাগিবলৈ আৰম্ভ হৈছে। শেহতীয়াকৈ নৱপ্ৰজন্মৰ এটি দলে নিৰ্মাণ কৰি উলিয়াইছে এটা সুন্দৰ গীত “পাহৰাই দিয়া”।


গীতটিত কথা প্ৰণৱ কুমাৰ শৰ্মাৰ; আনহাতে ইয়াত কন্ঠদান কৰিছে সূৰ্য্য প্ৰকাশ মেধিয়ে। গীতটিত সুৰ কৰিছে বিজয় প্ৰকাশ মেধিয়ে; ইয়াত সংগীত প্ৰযোজনা/ ব্যৱস্থাপনাৰ দায়িত্বত আছে কন্ঠশিল্পী সূৰ্য্য প্ৰকাশ মেধিৰ নিজৰেই। গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে অভিজিৎ শৰ্মা, সুকন্যা বৰুৱা, অচিন্ত ৰাজ কাশ্যপ আৰু সত্যজিৎ নেওঁগে; ভিডিঅ’ পৰিচালনাৰ লগতে দৃশ্যগ্ৰহণ আৰু সম্পাদনা অপুৰাজ গগৈৰ। বিশ্বনয়ন বৰুৱাৰ সহঃ পৰিচালনাৰে সাজসজ্জা কৰিছে অৰ্চনা কলিতা আৰু অংকুৰিয়ে। গীতটিৰ অডিঅ’ৰ সৈতে সংগতি ৰাখিয়ে নিৰ্মাণ কৰা ইয়াৰ ভিডিঅ’টিতো ইতিমধ্যে জনসাধাৰণৰ বহুল আকৰ্ষণ দেখিবলৈ পোৱা গৈছে। এগৰাকী গীতিকাৰ, সুৰকাৰ অথবা এজন কন্ঠশিল্পী ৰূপে নিজক প্ৰতিষ্ঠা কৰিবলৈ নৱপ্ৰজন্মৰ দলসমূহে কৰা প্ৰচেষ্টা সমূহ ইমানেই অধিক গ্ৰহণযোগ্য যে তেওঁলোকৰ সৃষ্টিয়েই ক্ষন্তেকতে জনপ্ৰিয়তা লাভ কৰাৰ উপৰিও ভাইৰেল হৈ পৰে চচিয়েল মিডিয়াত। পাৰ্থিৱ সুখক কিছু সময়ৰ বাবে উফৰাই দৰ্শক-শ্ৰোতাক প্ৰদান কৰা আমোদনেৰে আত্মসন্তোষ্টি লাভ কৰা নৱপ্ৰজন্মৰ বৃহৎ সংখ্যাই সাংস্কৃতিক ক্ষেত্ৰখনত আহিবলগীয়া সময়ত নতুনৰ যোগানৰ ধৰিব।

এটি নতুন সুন্দৰ গীত "পাহৰাই দিয়া"- 1


নতুনৰ মূলতেই হৈছে নৱপ্ৰজন্ম। তেওঁলোকে সৃষ্টি কৰা নতুন ধাৰা অথবা যিকোনো বিষয়েই হওঁক সেই আটাইবোৰেই জনসাধাৰণে হৃদয়ংগম কৰিবলৈ সক্ষম হৈছে।

]]>
https://rupaliparda.com/archives/24431/feed 0 24431
“মই দৰ্শকৰ মনে বিচৰা প্ৰতিটো চৰিত্ৰ ৰূপায়ন কৰিবলৈ বিচাৰো”- অভিজিৎ শৰ্মা https://rupaliparda.com/archives/19196 https://rupaliparda.com/archives/19196#respond Sat, 15 Aug 2020 09:40:00 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=19196 সংগীতৰ সমান্তৰালকৈ অভিনয় ক্ষেত্ৰখনতো পাৰ্যমানে চেষ্টা অব্যাহত ৰাখিছে নৱপ্ৰজন্মই। “লক-ডাউন” ৰ সময়ছোৱাত একাংশ এনে নৱপ্ৰজন্মৰ প্ৰতিভা জনসাধাৰণে দেখিছে যে তেওঁলোক প্ৰশংসাৰ অধিকাৰী হৈ পৰিছে; চুটি ছবিৰ পৰা আৰম্ভ কৰি একোটা হৃদয়স্পৰ্শী গীতত অভিনীত যুৱপ্ৰজন্মৰ প্ৰতিভাই আপ্লুত কৰিবলৈ সক্ষম হৈছে এতিয়া প্ৰত্যেককে । ৰূপালীপৰ্দাইও প্ৰতিটো সময়ত এনে প্ৰতিভাক আপোনালোকৰ মাজলৈ লৈ আনিবলৈ অহৰহ নিজ চেষ্টা অব্যাহত ৰাখিছো। “লক-ডাউন” ৰ সময়তে জনসাধাৰণৰ সমুখলৈ আহি জিলিকি থকা প্ৰতিভাৰ মাজত এজন হৈছে অভিজিৎ শৰ্মা; দ্বিতীয় শ্ৰেণীত থাকোতেই নাটকৰ প্ৰতি আকৰ্ষিত হোৱা এই ছাত্ৰ গৰাকীক মতাই নিয়া হৈছিল অসীম কৃষ্ণ বৰুৱাই নিজ নাটকৰ শ্ৰেণী কোঠালৈ। অসম জাতীয় বিদ্যালয়ত অধ্যয়নৰত হৈ থকা অৱস্থাতেই আৰম্ভ হোৱা অভিনয়ৰ যাত্ৰাক বৰ্তমানেও অব্যাহত ৰাখিছে অভিজিৎ শৰ্মাই। অভিনয়ৰ বিষয়ে সোধাত অভিজিতে কয় যে, “অসীম কৃষ্ণ ছাৰৰ পৰিচালনাতেই মই সৰৱজান, পোঁকে খোৱা গান্ধী” আদিকে ধৰি বিভিন্ন খন নাটত অভিনয় কৰিছিলো। তেওঁৰ তত্ত্বাৱধানতেই মই নাট পৰিচালনাও শিকিছিলো। ইয়াৰ পিছতেই মই নাটকৰ আন ভিন্ন কথাবোৰ শিকিছিলো গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ মানিক ৰয় ছাৰৰ পৰা। ছাৰৰ লগত থাকিয়ে মই বাহিৰলৈ অৰ্থাৎ প্ৰথমবাৰৰ বাবে আন্দামানত “বাপু আৰু গান্ধী” নামে এখন নাটক কৰিবলৈ যোৱাৰ সুবিধা লাভ কৰিছিলো।”

"মই দৰ্শকৰ মনে বিচৰা প্ৰতিটো চৰিত্ৰ ৰূপায়ন কৰিবলৈ বিচাৰো"- অভিজিৎ শৰ্মা 2


ইয়াৰ উপৰিও তেওঁ কয় যে, “অসীম ছাৰৰ তত্ত্বাৱধানত যেতিয়া মই মহেন্দ্ৰ বৰঠাকুৰ সোঁৱৰণত একাংকিকা নাট প্ৰতিযোগিতাত অভিনয় কৰিছিলো; সেইটো সময়ত মই সেই প্ৰতিযোগিতাত সদৌ অসম ভিত্তিত শ্ৰেষ্ঠ সহঃ অভিনেতাৰ বঁটা লাভ কৰিছিলো।” মঞ্চৰ পৰাই অভিনয় জীৱনৰ আৰম্ভণি হোৱা অভিজিতক ৰেঙণি চেনেল যোগে সম্প্ৰচাৰিত “বেহাৰবাৰী আউটপোষ্ট” তো দেখিবলৈ পোৱা গৈছিল।

"মই দৰ্শকৰ মনে বিচৰা প্ৰতিটো চৰিত্ৰ ৰূপায়ন কৰিবলৈ বিচাৰো"- অভিজিৎ শৰ্মা 3


অভিনয়ৰ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিব বিচৰাত অভিজিতে কয় যে, “আগন্তুক প্ৰকল্প বুলি ক’বলৈ গ’লে ঠিক তেনে একো কথা মই ক’ব নোৱাৰো। কিন্তু এয়া ঠিক যে, মই এগৰাকী বহুমুখী অভিনেতা হ’ব বিচাৰো যে যাক দৰ্শকে প্ৰতিটো চৰিত্ৰত দেখিবলৈ পায়। মই দৰ্শকৰ মনে বিচৰা প্ৰতিটো চৰিত্ৰ ৰূপায়ন কৰিবলৈ বিচাৰো। আচলতে, মোৰ বিশ্বাসো আছে যে মই এয়া পাৰিম। আনহাতে, দুখনকৈ পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ কথা চলি থকা হৈছে। শ্বুটিং আৰম্ভ হোৱা নাই।” কাৰ অভিনয় চাই উৎসাহ পোৱা বুলি ৰূপালীপৰ্দাই কৰা প্ৰশ্নৰ উত্তৰত অভিনেতা গৰাকীয়ে কয় যে, “এনে ক্ষেত্ৰত মই প্ৰথমে নাম ল’ম পৰেশ ৰাৱালৰ।”

"মই দৰ্শকৰ মনে বিচৰা প্ৰতিটো চৰিত্ৰ ৰূপায়ন কৰিবলৈ বিচাৰো"- অভিজিৎ শৰ্মা 4


তেওঁৰ দৰে প্ৰতিটো সংস্কৰণৰ চৰিত্ৰত যদি ফিট হ’ব পাৰো তেতিয়াহ’লে মই নথৈ আনন্দিত হ’ম। ইয়াৰ পিছতেই মই নাম ল’ম নৱাজুদ্দিন চিড্ডিকীৰ; তেখেতৰো এনে এটা গুণ আছে যিয়ে প্ৰতিটো চৰিত্ৰটে নিজক খাপ খুৱাই ৰাখিব পাৰে। এগৰাকী আৰক্ষী বিষয়াৰ লগতে খলনায়কৰ চৰিত্ৰত মই নিজকে চাব বিচাৰো; মোক এই দুটা চৰিত্ৰই খুব আকৰ্ষণ কৰে।”

]]>
https://rupaliparda.com/archives/19196/feed 0 19196