Abhiman – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sat, 24 Oct 2020 10:24:00 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Abhiman – Rupaliparda.com https://rupaliparda.com 32 32 163073109 আকৌ সংগীত জগতত জুবিন গাৰ্গ আৰু প্ৰিয়ংকা ভৰালীৰ যুঁটিঃ https://rupaliparda.com/archives/21444 https://rupaliparda.com/archives/21444#respond Sun, 25 Oct 2020 13:30:41 +0000 https://rupaliparda.com/?p=21444 প্ৰিয়ংকা ভৰালী আৰু জুবিন গাৰ্গৰ কন্ঠৰে এটি নতুন গীত “অভিমান” ৰ মুক্তি। কেইবাটাও সুন্দৰ গীতত একেলগে কন্ঠদান কৰা কন্ঠশিল্পী দুগৰাকীৰ যুঁটিটোৱে আকৌ এবাৰ উৎসাহিত কৰি তুলিছে তেওঁৰ অনুৰাগী সকলকো। ২৪ অক্টোবৰ তাৰিখে মুক্তি লাভ কৰা এই গীতটিৰ কথা আৰু পৰিচালনা লোহিত ৰোহিতৰ। গীতটিত সংগীত দিয়াৰ লগতে শব্দ-সংমিশ্ৰণ কৰিছে দীপকেশ বৰগোঁহাইয়ে। ১৯৮৮ চনৰ ১০ অক্টোবৰত জন্মগ্ৰহণ কৰা প্ৰিয়ংকা ভৰালীয়ে সৰুৰ পৰাই বিভিন্ন জন গুৰুৰ পৰা সংগীতৰ শিক্ষা লাভ কৰিছিল। এটা সাক্ষাৎকাৰত কন্ঠশিল্পী গৰাকীয়ে নিজেই ব্যক্ত কৰিছিল যে তেওঁলোকৰ ঘৰুৱা অৱস্থা অৰ্থনৈতিকভাৱে টনকিয়াল নোহোৱাত কন্ঠশিল্পী গৰাকীয়ে ঘৰতেই টিউচন কৰোৱাই সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল।


২০০৯ চনতে তেওঁ এই সংগীত ক্ষেত্ৰখনত প্ৰফেচনেলি সোমাই পৰিছিল; তেওঁৰ প্ৰথমটো গীত আছিল “জানমণি” ভিচিডিৰ “কাহিলী পুৱাতে জান ঐ”। ইয়াৰ পিছৰ পৰাই তেওঁ কেইবাটাও গীতত কন্ঠদান কৰি শ্ৰোতাক গুণমুগ্ধ কৰি তুলছিল। ইয়াৰ ভিতৰত আছিল “চেঁচা পৰি যাব নিদিবা”, “অকুৱা পকুৱা”, “হেভি হেণ্ডচাম”, টেক্সি গাড়ী” লৈ ইত্যাদি। মিলিয়নৰ অংকত ভিউৱাৰচ তেওঁৰ প্ৰতিটো গীতত। শেহতীয়াকৈ মুক্তি “অভিমান” শীৰ্ষক এই গীতটিৰ বাবে অপেক্ষাৰত হৈ আছিল প্ৰতিজন; জুবিন গাৰ্গে চলিত বৰ্ষত অনুৰাগীক উপহাৰ দিয়া একোটা গীতৰ ভিতৰত “অভিমানো” হৈছে এটা।

]]>
https://rupaliparda.com/archives/21444/feed 0 21444