Abishek Bacchan – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Fri, 02 Oct 2020 08:43:01 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Abishek Bacchan – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ট্ৰোলৰ সন্মুখীন অভিষেক বচ্চনঃ কিন্তু প্ৰতিউত্তৰো সুন্দৰ তেওঁৰ- https://rupaliparda.com/archives/20801 https://rupaliparda.com/archives/20801#respond Fri, 02 Oct 2020 16:30:14 +0000 https://rupaliparda.com/?p=20801 তাৰকাক ট্ৰোল কৰা কথাটো নতুন নহয়; প্ৰায়ে ট্ৰোল অথবা সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয় অধিকাংশ তাৰকা চিলেব্ৰেটী। কিন্তু এনে ট্ৰোলাৰ বোৰক চিলেব্ৰেটী সকলেও প্ৰায়ে নিজ উত্তৰেৰে থকা-সৰকা কৰা দেখিবলৈ পোৱা যায়। এনে ক্ষেত্ৰতেই এইবাৰ সমুখলৈ আহিছে অভিষেক বচ্চনৰ কথা; শেহতীয়াকৈ অভিষেক বচ্চনে দিয়া কেইটামান সমালোচনাৰ উত্তৰে এতিয়া অধিক চৰ্চা লাভ কৰিছে সচেতন মহলত। আচলতে, জানিব পৰা মতে আগন্তুক ১৫ তাৰিখৰ পৰা চিনেমাগৃহ সমূহ খোলাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰ চৰকাৰে আৰু এই প্ৰসংগটোক লৈ বৰ্তমান একাংশ শিল্পী উৎসাহিত হৈ পৰাৰ লগতে একোটা পোষ্ট কৰাও দেখিবলৈ পোৱা গৈছে। অভিষেক বচ্চনেও এটি পোষ্ট যোগে লিখে যে, “চলিত সপ্তাহৰ আটাইতকৈ সুখৰ খবৰ।” এই পোষ্টটোতেই এগৰাকীয়ে ৰিপ্লাই কৰি কয় যে, “আপুনিটো তথাপিও কৰ্মহীন হৈয়ে থাকিব।”

ট্ৰোলৰ সন্মুখীন অভিষেক বচ্চনঃ কিন্তু প্ৰতিউত্তৰো সুন্দৰ তেওঁৰ- 1


এই ৰিপ্লাইটোৰে উত্তৰত অভিষেক বচ্চনে কয় যে,”এয়া বৰ দুখ লগা কথা; এয়া আপোনালোকৰ হাতত আছে। যদি আপোনালোকৰ আমাৰ কাম ভাল লাগে তেতিয়াহ’লে আমি আৰু অধিক কাম পাম; যদিহে ভাল নালাগে আমি আৰু কাম নাপাম। এইবাবেই আমি নিষ্ঠাৰে কাম কৰিব বিচাৰো যাতে ইয়াৰ পৰিণাম শুভ হয়।” ইয়াৰ পূৰ্বেও অভিষেক এনে ট্ৰোলৰ সন্মুখীন হৈছে; কিন্তু ইয়াৰ প্ৰতিউত্তৰ কেনেদৰে দিয়া হয় তাৰ বাবেও প্ৰস্তুত অভিনেতা গৰাকী।

]]>
https://rupaliparda.com/archives/20801/feed 0 20801
চচিয়েল মিডিয়াত আকৌ ট্ৰোল অভিষেক বচ্চন ঃ https://rupaliparda.com/archives/11925 https://rupaliparda.com/archives/11925#respond Sun, 22 Mar 2020 17:34:37 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=11925 সমগ্ৰ বিশ্বতে বৰ্তমান ক’ৰ’ণা ভাইৰাছে সংহাৰী ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে। এইবোৰৰ মাজতে সমূহ জনসাধাৰণে নিজকে ঘৰত আবদ্ধ কৰি ৰাখিছে যাতে এই ভাইৰাছবিধে আৰু গম্ভীৰ ৰূপ ধাৰণ নকৰক। সাধাৰণজনৰ লগতে বলীউড তথা জলীউড চিলেব্ৰেটীয়ে লোক সকলক ভাইৰাছবিধক লৈ সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনায়। ইজনে আনজনৰ পৰা দূৰত থাকি পৰিস্থিতিটোক আৰু অধিক বেয়ালৈ যোৱাত বাধা প্ৰদান কৰাৰ চেষ্টা অব্যাহৰ ৰাখিছে । তেনেতে এজন লোকে চচিয়েল মিডিয়াত অমিতাভ বচ্চনৰ পুত্ৰ ও অভিনেতা অভিষেক বচ্চনক ট্ৰোল কৰাৰ চেষ্টা কৰে যদিও এই ট্ৰোলৰ সুন্দৰ প্ৰতি উত্তৰ দিয়ে অভিনেতা অভিষেকে।

চচিয়েল মিডিয়াত আকৌ ট্ৰোল অভিষেক বচ্চন ঃ 2


ট্ৰোল কৰি লোকজনে লিখিছিল যে, “মৰমৰ অভিষেক বচ্চন, এনে অশান্তৰ সময়ছোৱাত আপুনি লোকসকলক শিকোৱা প্ৰয়োজন যে ঘৰত কেনেদৰ থাকিব পাৰি! কাৰণ আপোনাৰ ওচৰত বহু দিনৰ অভিজ্ঞতা আছে।” ইয়াৰ লগতে ব্যক্তিগৰাকীয়ে লিখে যে, “কৃপা কৰি ইয়াক ধেমালি ৰূপে লওঁক, মই ব্যক্তিগতভাৱে আপোনাৰ অনুৰাগী।” এই ট্ৰোলটোকে আকৌ এবাৰ নিজ ধৰণে প্ৰতিউত্তৰ দিয়ে অভিষেকে; তেওঁ কয় যে, ” বহুত বহুত ধন্যবাদ ছাৰ, কিন্তু এতিয়া সময় নহয় কাৰোবাক লৈ ধেমালি কৰাৰ। নিজৰ লগতে নিজ পৰিয়ালৰ ধ্যান ৰাখক আৰু অইনৰ বাবে এটা ভাল উদাহৰণ হৈ ৰওঁক।”


উল্লেখ্য যে, বিভিন্ন সময়ত অভিষেক বচ্চনক তেওঁৰ অভিনয় তথা কামৰ বাবে ট্ৰোল কৰা দেখিবলৈ পোৱা যদিও এই ট্ৰোল সমূহৰ সুন্দৰ প্ৰতিউত্তৰ দিয়ে জুনিয়ৰ বচ্চনে।

]]>
https://rupaliparda.com/archives/11925/feed 0 11925