Achurjya Borpatra – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Fri, 17 Sep 2021 11:14:00 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Achurjya Borpatra – Rupaliparda.com https://rupaliparda.com 32 32 163073109 প্ৰাপ্তি-অপ্ৰাপ্তিৰ কাহিনীৰে আচুৰ্য্য বৰপাত্ৰৰ ‘বৰষুণ’- https://rupaliparda.com/archives/28401 https://rupaliparda.com/archives/28401#respond Sat, 18 Sep 2021 05:30:00 +0000 https://rupaliparda.com/?p=28401 বৰষুণ জাকেও যে কিমান কথা কয় আমাক, ভাললগা তথা এজাক আৱেগপূৰ্ণ বৰষুণৰ সৈতে আমাৰ থাকে বহু আশা তথা প্ৰত্যাশা। বৰষুণ জাকৰ সৈতে মিলন ঘটে একাংশৰ, একাংশৰ আকৌ এই বৰষুণ জাকৰ সৈতেই সাম কাটে সম্পৰ্কৰ। মুঠতে, বহুতৰ জীৱনৰ বহু ঘটনা-পৰিঘটনাৰ সাক্ষী হৈছে এই বৰষুণজাক। ছিপ ছিপ কৈ অহা মায়াবী বৰষুণজাকক লৈ আৰম্ভ হোৱা বহু কাহিনীৰ মাজৰ এক কাহিনীক প্ৰতিফলিত কৰিছে আচুৰ্য্য বৰপাত্ৰই তেওঁৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত গীত ‘বৰষুণ’ ৰ মাজেৰে। সদ্যমুক্তিপ্ৰাপ্ত এই গীতটি বহুদিনীয়া পৰিকল্পনাৰ অন্তত মুক্তি লাভ কৰাত অপেক্ষাৰত বহুজন অনুৰাগী উৎসাহিত হৈ পৰাও পৰিলক্ষিত হৈছে। গীতটিত কণ্ঠদান কৰাৰ লগতে ইয়াত কথা আৰু সুৰৰ দায়িত্বত আছে আচুৰ্য্য বৰপাত্ৰ নিজেই। সংগীত প্ৰযোজনা প্ৰণয় দত্তৰ, শব্দ-সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে। আনহাতে, গীতটিৰ অডিঅ’টোৰ সৈতে ভিডিঅ’টোত উপস্থাপিত কাহিনীভাগ সমিল বাবেই গীতটিয়ে বহুল অংকৰ অনুৰাগীক চুবলৈ সক্ষম হৈছে। ভিডিঅ’ পৰিচালকৰ দায়িত্বত আছে সুব্ৰত কাকতি লগতে দৃশ্যগ্ৰহণ কৰিছে জ্ঞান গৌতমে। সহঃ দৃশ্যগ্ৰহণকাৰী উত্তম কলিতা। ৰূপসজ্জা বিজিয়েতা পাটগিৰিৰ।


গীতটিত আচুৰ্য্য বৰপাত্ৰৰ সৈতে অভিনয় কৰিছে অভিনয় ক্ষেত্ৰখনৰ জনপ্ৰিয় অভিনেত্ৰী সুনীতা কৌশিকে। যাৰ কন্ঠই হৃদয়খন খামোচ মাৰি ৰাখি সুৰবোৰ সিঁৰে সিঁৰে বিয়পাই দিব পাৰে তেওঁ হৈছে আচুৰ্য্য বৰপাত্ৰ। যিগৰাকীৰ কন্ঠই অনুৰাগীৰ মনলৈ এক প্ৰশান্তি আনি দিব পাৰে তেওঁৰ প্ৰতিটো গীতৰ বাবেই আচলতে ৰৈ যায় শ্ৰোতা-দৰ্শক। তাহানিৰ দিনৰ পৰা বৰ্তমানলৈ আচুৰ্য্য বৰপাত্ৰৰ কন্ঠত কি যাদু আছে বুলি সুধিলে তাৰ উত্তৰত এটাই কথা ক’ব পৰা যায় যে, তেওঁৰ কন্ঠত মৰম আছে, সৰু সৰু কথাৰে গুঁঠি লোৱা আৱেগ আছে আৰু শ্ৰোতাৰ হিয়া মন জুৰ পেলাব পৰাকৈ এসোপা মান আদৰ আছে। যিয়ে প্ৰেমক সুন্দৰৰ শাৰীৰ পৰা লৈ গৈ সৰ্বাংগ সুন্দৰ কৰি তোলে; তেওঁৰ কন্ঠৰে মুক্তি লাভ কৰা গীতসমূহৰ বাৰ্তা পালেই জনসাধাৰণ উৎসাহিত হোৱা এক বিশেষ কাৰণ হৈছে তেওঁৰ গীতৰ কথাবোৰ আনতকৈ কিছু সুকীয়া। কোনো এটা গীত সফল কৰি তুলিবলৈ ইয়াত থকা কন্ঠটোৰ বাহিৰেও ইয়াৰ “কথা” খিনিটো গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ পূৰ্বেও, বিভিন্ন জন শিল্পীক প্ৰশ্ন কৰা হৈছিল যে কোনো এটা গীতৰ কোনটো উপাদানৰ ওপৰত তেওঁলোকে অধিক গুৰুত্ব দিয়ে? এই প্ৰশ্নৰ উত্তৰত আটাইয়ে গীতটিৰ “কথা” ৰ বিষয়েই উল্লেখ কৰিছিল। মুঠতে, এক কথাত ক’বলৈ গ’লে সুৰ, সংগীত, কন্ঠ আদিৰ সমান্তৰালকৈ গীতটিৰ “কথা” ইও গীতটি সফল কৰি তোলাত সহায় কৰে।

প্ৰাপ্তি-অপ্ৰাপ্তিৰ কাহিনীৰে আচুৰ্য্য বৰপাত্ৰৰ 'বৰষুণ'- 1


আমি বিভিন্ন সময়ত দেখি আহিছো, এটা গীতত থকা কথাৰ বাবেই ই বিভিন্ন জন শ্ৰোতাৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে আনহাতে এনে কিছুমানো গীত আছে যাৰ “কথা” ৰ বাবে ইয়াক শ্ৰোতাই বাৰম্বাৰ শুনাৰো মন্তব্য কৰিছে। সদ্যমুক্তিপ্ৰাপ্ত গীত “বৰষুণ” য়ে এই কথাৰ বাবেই শ্ৰোতাৰ বহুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।

]]>
https://rupaliparda.com/archives/28401/feed 0 28401
আৱেগসনা বৰষুণ জাকক লৈ ৯ চেপ্টেম্বৰত আচুৰ্য্য বৰপাত্ৰৰ “বৰষুণ”- https://rupaliparda.com/archives/28271 https://rupaliparda.com/archives/28271#respond Sat, 04 Sep 2021 08:30:00 +0000 https://rupaliparda.com/?p=28271 এটি নতুন লুকৰ সৈতে আৰু এটি নতুন গীতৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছে জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰ। বিগত বহু দিনৰ পৰা তেওঁৰ আহিবলগীয়া এই গীতটিক লৈ চৰ্চা চলা দেখিবলৈ পোৱা গৈছিল। তেওঁ নিজেও বিভিন্ন পোষ্ট যোগে গীতটিৰ বিষয়ে জনাইছিল অনুৰাগীক। “বৰষুণ” শীৰ্ষক আহিবলগীয়া এই গীতটিৰ ইতিমধ্যে মুক্তি লাভ কৰিছে ফাৰ্ষ্ট লুক পোষ্টাৰ তথা এটি চমু ট্ৰেইলাৰ। চলিত মাহৰ ৯ ছেপ্টেম্বৰ তাৰিখে ৰাইজৰ মাজত এই গীতটিক মুকলি কৰি দিব কণ্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰই। শেহতীয়াকৈ গীতটিৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পিছতেই ইয়াক আচুৰ্য্য বৰপাত্ৰৰ বিভিন্ন জন অনুৰাগীয়ে চচিয়েল মিডিয়াত শ্বেয়াৰ কৰা দেখিবলৈ পোৱা যায়। পূৰ্বতকৈ যেন কিছু অইন ৰূপত এইবাৰ শ্ৰোতা-দৰ্শকৰ মাজলৈ আহি আছে আচুৰ্য্য বৰপাত্ৰ। মুঠতে, দীৰ্ঘদিনৰ পৰা চৰ্চিত হৈ থকা আহিবলগীয়া এই গীতটোক লৈ বৰ্তমান অপেক্ষাৰত অনুৰাগী। “বৰষুণ” য়ে অনা মাদকতা আৰু অজান শিহৰণে প্ৰায়ে প্ৰত্যেককে শিঁহৰিত কৰি তোলে। এনে “বৰষুণ” ক লৈ হোৱা সৃষ্টিৰ প্ৰতি আকৰ্ষিতও হৈ পৰে আচলতে সকলো; প্ৰত্যেকৰে এই “বৰষুণজাক” ৰ সৈতে কোনো নহয় কোনো ধৰণৰ স্মৃতি জড়িত হৈয়ে থাকে।


সঁচাকৈ “বৰষুণ” জাক যেন প্ৰতিটো কাহিনীৰ বাবেই আলহী; ই কিছু স্মৃতি সিঁচি আকৌ এবাৰ উভতি গুচি যায়। আচুৰ্য্য বৰপাত্ৰৰ “বৰষুণ” ক লৈ সেইবাবেই উৎসাহী প্ৰতিজন সংগীতপ্ৰেমী শ্ৰোতা-দৰ্শক। এই গীতটিৰ কথা আৰু সুৰ আচুৰ্য্য বৰপাত্ৰৰ নিজৰেই; সংগীত প্ৰযোজনা প্ৰণয় দত্তৰ লগতে ইয়াত শব্দ-সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে। গীতটিৰ ভিডিঅ’ত আচুৰ্য্য বৰপাত্ৰৰ সৈতে অভিনয় কৰিছে সুনীতা কৌশিকে। লগতে, ইয়াত ভিডিঅ’ পৰিচালনা কৰিছে সুব্ৰত কাকতিয়ে আৰু দৃশ্যগ্ৰহণ কৰিছে জ্ঞান গৌতমে। সহযোগী দৃশ্যগ্ৰহণ উত্তম কলিতাৰ লগতে ৰূপসজ্জা বিজেয়েতা পাটগিৰীৰ। ৰোমান্টিক গীতৰ ক্ষেত্ৰত বিশেষ দখল থকা আচুৰ্য্য বৰপাত্ৰই প্ৰায় প্ৰতিটো গীতৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।.

আৱেগসনা বৰষুণ জাকক লৈ ৯ চেপ্টেম্বৰত আচুৰ্য্য বৰপাত্ৰৰ "বৰষুণ"- 2


গীতটিত আচুৰ্য্য বৰপাত্ৰৰ নতুন লুক আৰু তেওঁৰ ফালৰ পৰা মুক্তিপাবলগীয়া “বৰষুণ” ৰ বাবে অপেক্ষাৰত প্ৰত্যেকগৰাকী অনুৰাগী সকল। তেওঁৰ এই আহিবলগীয়া গীতটিক লৈ ৰূপালীপৰ্দাৰ ফালৰ পৰাও জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/28271/feed 0 28271
“অপ্ৰতিৰোধ্য লাভলিনা বৰগোঁহাই”; খেলুৱৈ গৰাকীলৈ শুভকামনাঃ https://rupaliparda.com/archives/27610 https://rupaliparda.com/archives/27610#respond Sun, 25 Jul 2021 08:30:00 +0000 https://rupaliparda.com/?p=27610 যোগাত্মক ইতিবাচক খবৰবোৰে প্ৰায়ে আমাক উৎসাহিত কৰে আৰু বৰ্তমানৰ আটাইতকৈ ধনাত্মক খবৰটোৰ আঁৰত আছে অসম গৌৰৱ বক্সাৰ লাভলিনা বৰগোঁহাই। ১৯৯৭ জন্মগ্ৰহণ কৰা লাভলিনা টিকেন বৰগোঁহাই আৰু মামণি বৰগোঁহাইৰ জীয়ৰী। ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ টকিঅ’ অনুষ্ঠিত হ’ব অলিম্পিক গেমছ। বিশ্ব শ্ৰেষ্ঠ ক্ৰীড়া মহাযুদ্ধ “অলিম্পিক গেমছ” ত ৬৯ কেজিৰ ৱেলটাৰ ৱেইট শাখাত দেশক প্ৰতিনিধিত্ব কৰিব লাভলিনাই। শেহতীয়াকৈ তেওঁলৈ প্ৰতিজন অসমীয়াই নিজ নিজ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে। শিৱ থাপাৰ পিছত অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰাৰ দিশত দ্বিতীয়গৰাকী অসম সন্তান লাভলিনা অৰ্জুন বঁটাৰে সন্মানিত অসমৰ ষষ্ঠ গৰাকী খেলুৱৈ। লাভলিনাৰ উৎসাহ বৃদ্ধি তথা স্বৰ্ণ পদক লাভ কৰাৰ বাবে কামনা কৰি অসম চৰকাৰেও কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰীত “Go for Glory’ চাইকেল ৰেলী” উলিয়ায়। খেলুৱৈ গৰাকীক লৈ বহু শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰাৰ মাজতেই তেওঁক লৈ নিৰ্মাণ কৰি উলিওৱা হৈছে এটি নতুন গীত “অপ্ৰতিৰোধ্য লাভলিনা বৰগোঁহাই”। এগৰাকী অসমীয়া খেলুৱৈয়ে অলিম্পিকলৈ যোৱাৰ পথ প্ৰশস্ত কৰি কেৱলমাত্ৰ অসমতেই নহয় ভাৰতবৰ্ষটো নিজ নাম উজ্বলাবলৈ সক্ষম হৈছে। তেওঁক লৈ সদ্যমুক্তিপ্ৰাপ্ত গীতটিয়েও অৱশ্যে দৰ্শক-শ্ৰোতাৰ সমুখত বহুল হাৰত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।


গীতটিত কণ্ঠদান কৰিছে অসমীয়া সংগীত ক্ষেত্ৰখনৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰই। গীতটিত কথা পাপলু চেতিয়াৰ। এই জীৱনমুখী গীতটিত সুৰ আৰু সংগীত কৰিছে আন এটি বহুলভাৱে সমাদৃত যুঁটি পল্লৱ তালুকদাৰ আৰু প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাই। সংগীত প্ৰযোজনা আৰু শব্দ সংমিশ্ৰণ পল্লৱ তালুকদাৰৰ। গীতাৰ ঋতুৰাজ গগৈৰ আৰু বেছ হিমাংশু দাসৰ। ড্ৰাম বজাইছে জয় দাসে।নৱপ্ৰজন্মৰ মাজত তেনেই জনপ্ৰিয় আচুৰ্য্য বৰপাত্ৰ; তাতেই আকৌ শেহতীয়াকৈ তেওঁ খুমটাই বিধানসভা সমষ্টিত গ্ৰাম্য পৰ্যটনৰ বেণ্ড এম্বেচাদৰ ৰূপে নিযুক্তি লাভ কৰিছিল। এম্বেচাদৰ ৰূপে নিযুক্তি লাভ কৰাৰ পিছতেই কণ্ঠশিল্পী গৰাকীয়ে সক্ৰিয়তাৰে অঞ্চলটোৰ উন্নয়নৰ দিশত কাম আৰম্ভ কৰিছে। আনহাতে, পাপলু চেতিয়াৰ কথাৰে নিৰ্মিত গীতসমূহ বৰ্তমান ইটোৰ পিছত সিটো মুক্তিয়ে আপোনালোকক স্পষ্ট কৰিব সংগীত ক্ষেত্ৰখনত তেওঁৰ সক্ৰিয়তা কোনটো পৰ্যায়ত! সমান্তৰালকৈ, পল্লৱ আৰু প্ৰণৱ প্ৰিয়াংকুশৰ যুঁটিটোৰো চৰ্চা চলিছে সচেতন মহলত।

"অপ্ৰতিৰোধ্য লাভলিনা বৰগোঁহাই"; খেলুৱৈ গৰাকীলৈ শুভকামনাঃ 3


এনে একাংশ গীতে আচলতে সমগ্ৰ অসমীয়াক উৎসাহিত কৰাৰ লগতে এই গীতটিয়ে ইতিবাচক কমেণ্টো লাভ কৰিছে। “অপ্ৰতিৰোধ্য লাভলিনা বৰগোঁহাই” ৰ সৈতে জড়িত প্ৰতিগৰাকী কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।

]]>
https://rupaliparda.com/archives/27610/feed 0 27610
নৱপ্ৰজন্মক দিছে সাহস; আচুৰ্য্য বৰপাত্ৰৰ নতুন গীত “দিনকণা”- https://rupaliparda.com/archives/27092 https://rupaliparda.com/archives/27092#respond Wed, 30 Jun 2021 08:30:00 +0000 https://rupaliparda.com/?p=27092 নৱপ্ৰজন্মই বহুত ভাল কাম কৰি আছে; আচলতে সম্প্ৰতি প্ৰত্যেকখন ক্ষেত্ৰতে নৱপ্ৰজন্মৰ প্ৰতিভা নুই কৰিব নোৱাৰি। কিন্তু এয়াও সত্য যে, একাংশ নৱপ্ৰজন্ম গুটখা জাতীয় বস্তুৰ সেৱন কৰি ইমানেই অধিক ধ্বংসৰ গৰাললৈ নামিছে যে তাৰ পৰা তেওঁলোকক উলিয়াই অনাটোও একপ্ৰকাৰ প্ৰশ্ন হৈ পৰিছে। আমি প্ৰায়ে সংবাদ মাধ্যমত দেখো অথবা সংবাদ পত্ৰযোগে পঢ়ো যে অনাগত দিনত অতিশীঘ্ৰেই দোকান সমূহৰ পৰা গুটখা, পান অথবা ভিন্ন নিচা জাতীয় পণ্যৰ বিক্ৰী বন্ধ হ’ব। কিন্তু পিছলৈ গৈ এই আটাইবোৰ হয় পৰে ফুটুকাৰ ফেন। নৱপ্ৰজন্মৰ এনে এক বিষয়ক লৈ শেহতীয়াকৈ মুক্তি লাভ কৰিছে এটি গীত “দিনকণা”।একোজন নৱপ্ৰজন্মৰ “নিচা”ৰ অভ্যাসে প্ৰতিটো মিনিটত তেওঁক ধ্বংস কৰাৰ লগতে তেওঁৰ পৰিয়াল তথা তেওঁৰ আহিবলগীয়া সময়কো ধবংসৰ কুঁৱালৈ ঠেলি পঠিয়ায়। উক্ত গীতটিত এটি সঁচা বিষয়ৰ উপস্থাপনে গীতটিক অধিক গ্ৰহণযোগ্য কৰি তুলিছে। আমি প্ৰায়ে নৱপ্ৰজন্ম বিপথে পৰিচালিত হোৱা এক অন্যতম কাৰণ ৰূপে দেখিবলৈ পাওঁ নিচাক আৰু এনেধৰণৰ খবৰে প্ৰায় প্ৰতিজন সচেতন নাগৰিককেই হতাশ কৰি তোলে। উক্ত গীতটিৰ জৰিয়তে এটি ধনাত্মক বাৰ্তা প্ৰেৰণৰ চেষ্টা কৰিছে গীতটিৰ সৈতে জড়িত কলা-কুশলীয়ে।


“মুক্তি বিচাৰি নেলাগে চাবলৈ বেছি দূৰলৈ জানা! গছপাত খিলা, তাকেই মন কৰা অথবা সৰু ধূলিকণা”; গীতটিৰ জৰিয়তে একাংশ নিচাসক্ত যুৱক-যুৱতীক যেন সাহস প্ৰদান কৰিছে তেনে অনুভৱ হৈছে। কণ্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰৰ কণ্ঠৰে মুক্তিপ্ৰাপ্ত গীতটিয়ে মুক্তিৰ পিছতেই জনসাধাৰণৰ বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। গীতটিত কথা সমুদ্ৰ কাজল শইকীয়া আৰু পাপলু চেতিয়াৰ; ইয়াত সংগীত আৰু সুৰ কৰিছে বিজয় শংকৰে। শব্দ-সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে; গীতাৰ বজাইছে কাইফি আহমেদে। ড্ৰামচ প্ৰগ্ৰেমিং কৰিছে হীৰক বৰাই আৰু লিৰিকেল ভিডিঅ’ ৰ দায়িত্বত আছে ধ্ৰুৱজ্যোতি বৰা। প’ষ্টাৰ ডিজাইন কৰিছে প্ৰাচুৰ্য প্ৰতিম শইকীয়াই। আমি মানৱ সমাজে কোনো এটা বিষয় মনোৰঞ্জনৰ মাজেৰেই যেতিয়া বুজিবলৈ পাওঁ তেতিয়া সেই কথাবোৰ গ্ৰহণযোগ্য হৈ পৰে; সেয়েহে একোগৰাকী “শিল্পী” য়ে কেতিয়াবা সমাজৰ গধুৰ বিষয়সমূহ তেওঁলোকৰ গীতৰ মাজেৰেই জনসাধাৰণলৈ উলিয়াই দিবলৈ বিচাৰে। নৱপ্ৰজন্মৰ মাজত তেনেই জনপ্ৰিয় আচুৰ্য্য বৰপাত্ৰ; তাতেই আকৌ শেহতীয়াকৈ তেওঁ খুমটাই বিধানসভা সমষ্টিত গ্ৰাম্য পৰ্যটনৰ বেণ্ড এম্বেচাদৰ ৰূপে নিযুক্তি লাভ কৰিছিল। এম্বেচাদৰ ৰূপে নিযুক্তি লাভ কৰাৰ পিছতেই কণ্ঠশিল্পী গৰাকীয়ে সক্ৰিয়তাৰে অঞ্চলটোৰ উন্নয়নৰ দিশত কাম আৰম্ভ কৰিছে।

নৱপ্ৰজন্মক দিছে সাহস; আচুৰ্য্য বৰপাত্ৰৰ নতুন গীত "দিনকণা"- 4

“দিনকণা” শীৰ্ষক গীতটি আচুৰ্য্য বৰপাত্ৰৰ ব্যক্তিগত ইউটিউব চেনেলত লাভ কৰিছিল মুক্তি। আৰু, গীতটিৰ সফলতা কামনা কৰি প্ৰতিজন কলা-কুশলীক জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/27092/feed 0 27092
খুমটাইৰ ব্ৰেণ্ড এম্বেচাদৰ আচুৰ্য্য বৰপাত্ৰৰ নতুন স্বৰূপঃ https://rupaliparda.com/archives/26967 https://rupaliparda.com/archives/26967#respond Thu, 24 Jun 2021 08:30:00 +0000 https://rupaliparda.com/?p=26967 এগৰাকী কণ্ঠশিল্পী এটা সংগীতৰ সৈতে জড়িত তথা সংগীত ক্ষেত্ৰখনত কৰা নতুনত্বৰ সৃষ্টিক লৈ জড়িত এগৰাকী বুলিয়েই আমি প্ৰায়ে চিনি পাওঁ। কিন্তু, ইয়াৰ উপৰিও এগৰাকী কণ্ঠশিল্পীয়ে যেতিয়া সমাজ তথা ৰাইজৰ স্বাৰ্থত ওলাই আহে তেতিয়া তেওঁ কণ্ঠশিল্পীৰ পৰা “শিল্পী” লৈ নিজ যাত্ৰা নিশ্চিত কৰে। সেই “শিল্পী” ৰ যাত্ৰাটোত বৰ্তমান খোজ পেলাইছে আচুৰ্য্য বৰপাত্ৰই; হাতত ঝাড়ু লৈ খুমটাই অঞ্চলৰ স্থানীয় ৰাইজৰ সৈতে লগ হৈ তেওঁ ঠাইসমূহৰ চাফ-চিকুণতাৰ প্ৰতি নিজ গুৰুত্ব আৰোপ কৰিছে। আচলতে, কিছুদিন পূৰ্বে খুমটাই বিধানসভা সমষ্টিত গ্রাম্য পৰ্যটনৰ বেণ্ড এম্বেচাদৰৰূপে নিযুক্তি লাভ কৰিছে এই কণ্ঠশিল্পী গৰাকীয়ে। সমষ্টিটোৰ বিধায়ক মৃণাল শইকীয়াই গ্রাম্য পৰ্যটনৰ দিশটোৰ অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কণ্ঠশিল্পীগৰাকীক নিযুক্তি প্ৰদান কৰিছে বেণ্ড এম্বেচাদৰ হিচাপে। আৰু, ব্ৰেণ্ড এম্বেচাদৰ ৰূপে নিযুক্তি লাভ কৰাৰ পিছতেই আচুৰ্য্য বৰপাত্ৰই নিজ দায়িত্ব সক্ৰিয়তাৰে পালন কৰা দেখিবলৈ পোৱা গৈছে। নিজ ঠাইখনক লৈ প্ৰতিদিনেই গৌৰৱ অনুভৱ কৰি থকা আচুৰ্য্যই যেতিয়া নিজৰ ঠাইখনৰেই প্ৰচাৰ আৰু প্ৰয়াসৰ দায়িত্ব লাভ কৰিছে তেনেক্ষেত্ৰত তেওঁ পিছ হুহুঁকি থকাৰ একো প্ৰশ্নই থাকিব নোৱাৰে! প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হোৱাৰ সমান্তৰালকৈ গ্রাম্য পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা সমষ্টিটোত ইতিমধ্যে তিনিখনকৈ গ্রাম্য উদ্যান যোগীবাৰী, মেলামৰা আৰু খুমটাইত নিৰ্মাণ কৰা লগতে বহুকেইটা প্ৰকল্পৰ কাম চলি আছে উক্ত অঞ্চলটোত।

খুমটাইৰ ব্ৰেণ্ড এম্বেচাদৰ আচুৰ্য্য বৰপাত্ৰৰ নতুন স্বৰূপঃ 5


গতিকে, পৰৱৰ্তী সময়ছোৱাত পৰ্যটক আহি তাত ভিৰ কৰিব বুলি শেহতীয়াকৈ আশা প্ৰকাশ কৰিছে বিধায়ক মৃণাল শইকীয়াই। নিজৰ গীত সমূহৰ দৰেই শেহতীয়াকৈ আচুৰ্য্য বৰপাত্ৰৰ এনে সামাজিক কৰ্মসমূহে তেওঁৰ অনুৰাগীকো আপ্লুত কৰি তুলিছে। চচিয়েল মিডিয়াত শ্বেয়াৰ হোৱা ফটোসমূহত কণ্ঠশিল্পী গৰাকীক ইতিমধ্যে অনুৰাগী বৃন্দই বহুল হাৰত শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে। এইখিনিতে, আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ বিচাৰিছো আন এক বিষয়ো। ৰাইজৰ হকে থিয় দিয়াৰ ক্ষেত্ৰত ব্যক্তিগত ভাৱে আগবাঢ়ি থকা আচুৰ্য্য বৰপাত্ৰই নিজ গীতসমূহ বিহুগীত অথবা ৰোমাণ্টিক তথা আধুনিক গীতৰ মাজতেই আৱদ্ধ কৰি নাৰাখি গীতসমূহেৰে সুন্দৰ বাৰ্তা প্ৰেৰণতো চেষ্টা কৰে। যেনে ধৰক বিগত বৰ্ষৰ পৰা বৰ্তমান সময়লৈ চৰ্চিত হৈ থকা তেওঁৰ “তোৰহে জিৰণি নাই” শীৰ্ষক গীতটিকেই ল’ব পাৰে। আনহাতে, যুৱপ্ৰজন্মক নিজৰ সৈতে সাঙুৰ খোৱাই চলিত বৰ্ষতেই তেওঁ “ফাগুন” কো উদ্দেশ্যি মুকলি কৰি দিছিল কেইবাটাও গীত। সময় সাপেক্ষে নিজ সৃষ্টি সমূহৰ দ্বাৰা শ্ৰোতা-দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা আচুৰ্য্য বৰপাত্ৰ ব্ৰেণ্ড এম্বেচাদৰ হোৱা বিষয়টোত সুখ প্ৰকাশ কৰিছে খুমটাই অঞ্চলৰ নিবাসীও।

খুমটাইৰ ব্ৰেণ্ড এম্বেচাদৰ আচুৰ্য্য বৰপাত্ৰৰ নতুন স্বৰূপঃ 6


নতুন ব্ৰেণ্ড এম্বেচাদৰ ৰূপে নতুনকৈ দায়িত্বভাৰ লোৱা আচুৰ্য্য বৰপাত্ৰলৈ ৰূপালীপৰ্দা পেজটোৰ তৰফৰ পৰা জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/26967/feed 0 26967
“বিশ্ব পৰিৱেশ দিৱস” বিশেষ; আচুৰ্য্য বৰপাত্ৰৰ “তোৰহে জিৰণি নাই” ৰ এটা বৰ্ষঃ https://rupaliparda.com/archives/26601 https://rupaliparda.com/archives/26601#respond Sat, 05 Jun 2021 08:30:00 +0000 https://rupaliparda.com/?p=26601 আজি ৫ জুন অৰ্থাৎ “বিশ্ব পৰিৱেশ দিৱস”; সূস্থ পৰিৱেশ এটাৰ বাবে দায়বদ্ধ হৈ প্ৰতিজন সচেতন নাগৰিকে পালন কৰে বিশ্ব পৰিৱেশ দিৱস। এই লেখাটোৰ মাজতেই মই আপোনালোকৰ মাজত ব্যক্ত কৰিবলৈ বিচাৰিছো মোৰ এক ব্যক্তিগত কথা; সেয়া ২০০২-০৩ বৰ্ষৰ ঘটনা। মই পঢ়ি থকা স্কুলত বিশ্ব পৰিৱেশ দিৱসত আমাক প্ৰত্যেকবাৰেই ঘৰৰ পৰা একোটা গছপুলি লৈ যাবলৈ নিৰ্দ্দেশ দিয়া হৈছিল আৰু সেই গছপুলি ডাল ৫ জুন তাৰিখে নিজাববীয়াকৈ ৰুই দিয়াৰ লগতে স্কুলত পঢ়ি থকা পৰ্যন্ত সেই গছপুলিডালৰ চোৱা-চিতাৰ দায়িত্ব প্ৰত্যেকৰে নিজৰ নিজৰ আছিল। সেই সময়ছোৱাৰ পৰা আৰম্ভ কৰি আজিপৰ্যন্ত এই দিনটোক লৈ মই উৎসাহিত হৈ থাকো। আপোনালোকৰ লগতো এনে কিবা ঘটনা ঘটিছিল নেকি? যদিহে হৈছিল তেতিয়াহ’লে লেখাটোৰ মাজতেই কমেন্টত আপুনি আমাক জনাওঁকচোন। আকৌ এবাৰ আহো, এটি গীতৰ মাজলৈ। এই দিৱসটোক উদ্দেশ্যি বিগত বৰ্ষত মুক্তি লাভ কৰিছিল এটি সুন্দৰ গীত “তোৰহে জিৰণি নাই”। জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত এই গীতটিয়ে লাভ কৰিছিল বহুল সমাদৰ। আমি প্ৰত্যেকজন জনসাধাৰণে কোনো নহয় কোনো এটা মূহুূৰ্তত জিৰণি লওঁ; সেইবাবেই হয়টো ৬০ টা বছৰৰ পিছত একোজন ব্যক্তিক নিজ কৰ্মৰ পৰা অৱসৰ দিয়াই তেওঁক জিৰণি দিয়া হয়। কিন্তু, এই জিৰণি ল’বলৈ আহৰি পোৱা নাছিল প্ৰকৃতিৰ অন্যতম সৃষ্টি গছ-গছনিয়ে। অহৰহ তেওঁলোকৰ কৰ্মই কাৰোবাৰ মনলৈ প্ৰশান্তি অনাৰ উপৰিও ভাগৰুৱা জনক আৰাম দিছে এওঁলোকে। বিশ্ব পৰিৱেশ দিৱসক উদ্দেশ্যি মুক্তি লাভ কৰা কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰৰ গীত “তোৰহে জিৰণি নাই” গীতটিৰ ভিডিঅ’ মনোগ্ৰাহী হোৱাৰ উপৰিও ইয়াত পৰিৱেশ কৰ্মী যাদৱ পায়েঙকো দেখিবলৈ পোৱা গৈছিল।


যিগৰাকী ব্যক্তিক নতুন দিল্লীৰ জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়ে “ভাৰতৰ অৰণ্য মানৱ” উপাধি দিয়ে আৰু ২০১৫ চনত তেওঁক প্ৰদান কৰা হয় পদ্মশ্ৰী বঁটা। আনহাতে, গীতটিৰ ভিডিঅ’টোত আন এগৰাকী পৰিৱেশ কৰ্মী মনোজ গগৈকো দেখিবলৈ পোৱা গৈছিপ। সদ্যমুক্তিপ্ৰাপ্ত উক্ত আচুৰ্য্যৰ গীতটিত কথা পাপলু চেতিয়াৰ আৰু সংগীত অৰূপজ্যোতি বৰুৱাৰ। সংগীত পৰিচালকৰ দায়িত্বত আছিল অৰ্ণৱ বশিষ্ঠ লগতে ইয়াত শব্দ সংমিশ্ৰণ দিগন্ত বৰদলৈৰ। গীতটিৰ ভিডিঅ’ পৰিচালনা আৰু সম্পাদনা সুব্ৰত কাকতিৰ আৰু দৃশ্যগ্ৰহণ উত্তম কলিতাৰ। গীতটি মুক্তি লাভ কৰা পিছতেই দৰ্শকে ইয়াক সঁহাৰি জনোৱাৰ লগতে গীতটিক ভাইৰেলো কৰি তুলিছিল চচিয়েল মিডিয়াত। আনহাতে, গীতটিয়ে এটা বৰ্ষ অতিক্ৰম কৰিলেও বৰ্তমানলৈ গীতটিক লৈ চৰ্চা চলিছে সৰ্বত্ৰে। উল্লেখ্য যে, বিগত “ফাগুন” মাহটোকেই উদযাপন কৰাৰ প্ৰয়াস কৰিছিল আচুৰ্য্য বৰপাত্ৰই। #letscelebratefagun শীৰ্ষক হেছটেগৰ জৰিয়তে চচিয়েল মিডিয়াতো কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰই চলাইছিল প্ৰচাৰ। “দূৰণিবটীয়া চিঠি”, “ৰ’দে অঁকা বাটে” লগতে “আকৌ মৰম আহিবনে” ইত্যাদি গীতসমূহেৰে ফাগুনক উদযাপনৰ চেষ্টা কৰিছিল কন্ঠশিল্পী গৰাকীয়ে।

"বিশ্ব পৰিৱেশ দিৱস" বিশেষ; আচুৰ্য্য বৰপাত্ৰৰ "তোৰহে জিৰণি নাই" ৰ এটা বৰ্ষঃ 7


আজি বিশ্ব পৰিৱেশ দিৱসৰ বাবে আপোনালোকে কোনে কেনেদৰে কি পন্থা হাতত লৈছে; জনাওঁক আমাক। ইয়াৰ সমান্তৰালকৈ, আচুৰ্য্য বৰপাত্ৰৰ আহিবলগীয়া প্ৰকল্প সমূহক লৈ ৰূপালীপৰ্দাৰ জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/26601/feed 0 26601
প্ৰাগ নিউজক বয়’কট নীল আকাশ, আচুৰ্য্য বৰপাত্ৰকে ধৰি আন একাংশৰঃ https://rupaliparda.com/archives/25768 https://rupaliparda.com/archives/25768#respond Thu, 29 Apr 2021 10:30:00 +0000 https://rupaliparda.com/?p=25768 অসমীয়া কন্ঠশিল্পী সকলে বয়’কট কৰিলে ব্যক্তিগত সংবাদ মাধ্যম প্ৰাগ নিউজক। সুবাসনা দত্তকে ধৰি আচুৰ্য্য বৰপাত্ৰ, নীল আকাশ আদি প্ৰত্যেকেই প্ৰাগ নিউজক বয়’কট কৰি চেনেলটোৰ ঘোষক দেৱজিৎ ভূঞাক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী জনায়। আনহাতে, তেওঁলোকৰ গীত সমূহ যদি প্ৰাগ নিউজত বজোৱা হয় তেতিয়াহ’লে চেনেলটোক লৈ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ সমান্তৰালকৈ চেনেলটোৰ কোনো অনুষ্ঠানত উপস্থিত নথকাৰ সিদ্ধান্ত লয় শিল্পী সমাজে। বিগত দিনৰ এটি টক-শ্ব’ ত কন্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ সমুখত ঘোষকজনে শিল্পী সকলক “বেপাৰী” বুলি মন্তব্য কৰাৰ বাবেই শিল্পী সমাজে এই সিদ্ধান্ত গ্ৰহণ কৰে। বিগত দিনত কন্ঠশিল্পী তথা সংগীত শিল্পী সমূহে ক’ভিড প্ৰটক’ল গম পোৱাৰ পিছতো ফাংচন সমূহ কৰা আৰু বিগত দিনত মনোৰঞ্জন ক্ষেত্ৰলৈ অহা অতিকৈ বেয়া খবৰ ভিতালী দাসৰ মৃত্যুৰ দিনাও প্ৰিয়ংকা ভৰালী আৰু বিপিন চাউদাঙে কৰা অনুষ্ঠানক কেন্দ্ৰ কৰি উক্ত ব্যক্তিগত সংবাদ মাধ্যমে ঋণাত্মক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰু তাৰ বাবেই নিজ স্পষ্টীকৰণ ৰাইজৰ সমুখত দাঙি ধৰাৰ স্বাৰ্থত টক-শ্ব’ ত উপস্থিত হৈছিল কন্ঠশিল্পী প্ৰিয়ংকা ভৰালী। পৰৱৰ্তী সময়ত, প্ৰিয়ংকা ভৰালী আৰু দেৱজিৎ ভূঞাৰ মাজত বাকযুদ্ধ হয়। তলত শিল্পী সমাজৰ পোষ্ট চাওঁচোন আহকঃ

“শিল্পী কলা কুশলী সকলক অপমান কৰা সাংবাদিক দেৱজিৎ ভূঞা ডাঙৰীয়া , আপুনি জানেনে, অসমৰ একোগৰাকী কণ্ঠশিল্পী অথবা গায়কৰ লগত কিমান পৰিয়াল জড়িত হৈ আছে। একোগৰাকী গায়ক-গায়িকাৰ লগত ৪৫-৬০ জনকৈ বিভিন্ন কলা কুশলী প্ৰত্যক্ষভাৱে জড়িত হৈ থাকে । এইসকলে নিজস্ব প্ৰতিভাকে জীৱন নিৰ্বাহৰ অন্যতম উপায় হিচাপে গ্ৰহণ কৰি সন্মান সহকাৰে জীয়াই আছে । *এয়া এক কৰ্মহে, বেপাৰ নহয় ।* *বিহু অনুষ্ঠানক “বেপাৰ” আখ্যা দিয়া প্ৰাগ নিউজৰ সহযোগী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক দেৱজিৎ ভূঞা ডাঙৰীয়াই এগৰাকী কণ্ঠশিল্পীক কৰা অপমান কেতিয়াও সহ্য কৰা নহ’ব । ভূঞা ডাঙৰীয়াক এনে কাৰ্যৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খুজিবৰ বাবে দাবী জনালোঁ । আজিৰে পৰা প্ৰাগ নিউজৰ কোনো অনুষ্ঠানতে উপস্থিত থকাৰ পৰা মই বিৰত থাকিম । লগতে জনাওঁ যে , মোৰ কোনো গীত অথবা ভিডিঅ’ প্ৰাগ নিউজ আৰু সংলগ্ন এণ্টাৰটেইনমেণ্ট চেনেলত বিনা অনুমতিত সম্প্ৰচাৰ নকৰিব । অনুমতি বিহীন ভাৱে সম্প্ৰচাৰ কৰিলে আইনী ব্যৱস্থা লবলৈ বাধ্য হ’ম ।**আশা কৰিম, অনাগত দিনত অসমৰ সৰু-বৰ শিল্পী, কলা-কুশলীক সন্মান দিব নাজানিলেও যাতে অপমান নকৰে । আমাৰ স্বাভিমান ৰক্ষা কৰি এই আহ্বানৰ প্ৰতি সঁহাৰি জনাব বুলি আশা কৰিছোঁ। অসমৰ ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতা আমাৰ একান্তই কাম্য। ধন্যবাদ”

]]>
https://rupaliparda.com/archives/25768/feed 0 25768
কেকে আৰু আচুৰ্য্য বৰপাত্ৰৰ যুঁটিৰে হিট “হয়নে ক”- https://rupaliparda.com/archives/24640 https://rupaliparda.com/archives/24640#respond Wed, 10 Mar 2021 10:30:49 +0000 https://rupaliparda.com/?p=24640 আমি প্ৰায়ে একোটা গীতক লৈ ব্যস্ত হওঁ। গীতটিৰ অডিঅ’টোৰ পিছতেই গীতটিৰ ভিডিঅ’টোৰ মুক্তিক লৈ আমি অপেক্ষাৰত হওঁ। তাতেই আকৌ যদি গীতটিত কন্ঠ কোনো ভাললগা এগৰাকী কন্ঠশিল্পীৰ হয়; লগতে গীতটিৰ ভিডিঅ’টোতো দৰ্শকৰ যেতিয়া মনে বিচৰা অনুযায়ী একোজন অভিনেতাক দেখিবলৈ পাওঁ তেতিয়া অৱশ্যে গীতটিক লৈ আৰু অধিক আমি আকৰ্ষণ অনুভৱ কৰো। চলিত বৰ্ষত চচিয়েল মিডিয়াত খলকনি লগোৱা প্ৰথমটো গীত আছিল আচুৰ্য্য বৰপাত্ৰৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত গীত “হয়নে’ ক”। গীতটিৰ শেহতীয়াকৈ ভিডিঅ’ মুক্তি লাভ কৰিছে; য’ত দৰ্শকৰ বহুল সঁহাৰি পৰিলক্ষিত হৈছে। ব্যক্তিগত ইউটিউব চেনেলত গীতটো মুক্তি লাভ কৰাৰ পিছতেই অনুৰাগীৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে; “ফাগুন এজাক সুৰীয়া বতাহ” নামে এলবামটোত অন্তৰ্ভূক্ত কেইবাটাও গীতক মুকলি কৰি দিয়া পিছতেই কন্ঠশিল্পী গৰাকী “হয়নে ক” ৰ ভিডিঅ’ প্ৰস্তুটিত ব্যস্ত হৈ পৰিছিল। গীতটিত “কেকে” খ্যাত অভিনেতা সিদ্ধাৰ্থ শৰ্মাৰ উপস্থিতিয়ে গীতটিক দৰ্শকৰ মাজত আৰু অধিক উপভোগ্য কৰি তুলিছে। গীতটিৰ ভিডিঅ’য়ে ইতিমধ্যে লাখৰ ঘৰ পাৰ কৰিবলৈ সক্ষম হৈছে।


গীতটিত কন্ঠদান কৰাৰ সমান্তৰালকৈ ইয়াত সুৰ দিছে আচুৰ্য্য বৰপাত্ৰই নিজেই; আনহাতে ইয়াত কথা সুনিত গগৈৰ লগতে সংগীত প্ৰযোজনা বিজয় শংকৰৰ আৰু শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে। বাঁহী ৰূপম শৰ্মা আৰু ঋতুৰাজ গগৈৰ। গীতটিত সিদ্ধাৰ্থ শৰ্মা আৰু আচুৰ্য্য বৰপাত্ৰৰ সৈতে অভিনয় কৰিছে অভিনেত্ৰী পূবালী গগৈয়ে। আনহাতে, গীতটিৰ ভিডিঅ’ কৰিঅ’গ্ৰাফ কৰিছে শচীন বৰুৱাই লগতে ইয়াত দৃশ্যগ্ৰহণ বিতুল দাসৰ। সম্পাদনা মানস কাশ্যপৰ; শ্বুটিং সময়ছোৱাৰ পৰা গীতটিক লৈ জনসাধাৰণক আকৰ্ষিত কৰা ৰখা আচুৰ্য্য বৰপাত্ৰই ফেচবুক লাইভ হৈয়ে বিভিন্ন খবৰ দিয়া দেখিবলৈ পোৱা গৈছিল। আচুৰ্য্য বৰপাত্ৰ কেৱল মাত্ৰ সংগীত ক্ষেত্ৰখন বুলিয়ে নহয়; তেওঁ সক্ৰিয় সামাজিক ক্ষেত্ৰখনক লৈও। বিভীষিকাৰ সময়ছোৱাত তেওঁ প্ৰায়ে ৰাইজৰ কাষ চপা দেখিবলৈ পোৱা যায়।

কেকে আৰু আচুৰ্য্য বৰপাত্ৰৰ যুঁটিৰে হিট "হয়নে ক"- 8
কেকে আৰু আচুৰ্য্য বৰপাত্ৰৰ যুঁটিৰে হিট "হয়নে ক"- 9


“হয়নে ক” ৰ লগতে চলিত বৰ্ষত তেওঁৰ কন্ঠৰে আহিবলগীয়া প্ৰতিটো গীতৰ বাবে তেওঁক জনাইছো ৰূপালীপৰ্দাৰ তৰফৰ পৰা শুভকামনা।

]]>
https://rupaliparda.com/archives/24640/feed 0 24640
“হয়নে ক” গীতটিৰ ভিডিঅ’ প্ৰস্তুতিত ব্যস্ত আচুৰ্য্য বৰপাত্ৰঃ https://rupaliparda.com/archives/24490 https://rupaliparda.com/archives/24490#respond Mon, 01 Mar 2021 10:30:00 +0000 https://rupaliparda.com/?p=24490 ২০২১ ৰ আৰম্ভণিতেই আচুৰ্য্য বৰপাত্ৰৰ কন্ঠৰে মুক্তি লাভ কৰা তেওঁৰ নতুন গীত “হয়নে ক” ৰ কথা নিশ্চয় আপোনালোকৰ মনত আছে! বৰ্ষটোৰ আৰম্ভণিতেই মুক্তি লাভ কৰা উক্ত গীতটিৰ অডিঅ’টোতেই জনসাধাৰণৰ বহুল সঁহাৰি পৰিলক্ষিত হৈছিল। আকৌ এইখিনিতে, আচুৰ্য্য বৰপাত্ৰৰ অনুৰাগীৰ বাবে সুখবৰ; এই গীতটিৰে ভিডিঅ’ৰ বাবে এতিয়া শ্বুটিং আৰম্ভ কৰিছে কন্ঠশিল্পী গৰাকীয়ে। চচিয়েল মিডিয়া যোগে লাইভ আহি কন্ঠশিল্পী গৰাকীয়ে অনুৰাগীক দিছে এই খবৰ; গীতটিৰ ভিডিঅ’ত আচুৰ্য্য বৰপাত্ৰৰ সৈতে দেখিবলৈ পোৱা যাব অভিনেতা সিদ্ধাৰ্থ শৰ্মাকো। “বেহাৰবাৰী আউটপোষ্ট” ত আৰক্ষীৰ চৰিত্ৰ ৰূপায়িত সিদ্ধাৰ্থ শৰ্মাক আকৌ এবাৰ আৰক্ষী ৰূপতেই দেখিবলৈ পোৱা যাব “হয়নে ক” ৰ ভিডিঅ’ গীতটিত। গীতটিত কন্ঠদান কৰাৰ সমান্তৰালকৈ ইয়াত সুৰ দিছে আচুৰ্য্য বৰপাত্ৰই নিজেই; আনহাতে ইয়াত কথা সুনীত গগৈৰ লগতে সংগীত প্ৰযোজনা বিজয় শংকৰৰ আৰু শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে। বাঁহী ৰূপম শৰ্মা আৰু ঋতুৰাজ গগৈৰ।

"হয়নে ক" গীতটিৰ ভিডিঅ' প্ৰস্তুতিত ব্যস্ত আচুৰ্য্য বৰপাত্ৰঃ 10


বৰ্তমানলৈ অহা খবৰনুসৰি, “হয়নে ক” শীৰ্ষক এই গীতটিৰ ভিডিঅ’ পৰিচালনা কৰিছে শচীন বৰুৱাই লগতে ইয়াৰ দৃশ্যগ্ৰহণ কৰিছে বিতুল দাসে। “মিনি” ৰ পিছত আকৌ এবাৰ আচুৰ্য্য বৰপাত্ৰ লগতে শচীন বৰুৱাৰ যুঁটিক দেখিবলৈ পোৱা যাব স্ক্ৰীণত। কেৱল মাত্ৰ, “হয়নে ক’ বুলিয়ে নহয়; “ফাগুন” মাহটোত একোটা গীতৰ মুক্তিৰে শ্ৰোতা-দৰ্শকৰ কাষ চাপিছিল কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰ। “ফাগুন এজাক সুৰীয়া বতাহ” নামে এই এলবামটোত অন্তৰ্ভূক্ত আটাইকেইটা গীতেই চুবলৈ সক্ষম হৈছিল প্ৰতিজন শ্ৰোতা-দৰ্শকক। “হয়নে ক” শীৰ্ষক এই গীতটিৰ ভিডিঅ’ৰ মুক্তিৰ তাৰিখৰ বিষয়ে সৱিশেষ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও আচুৰ্য্য বৰপাত্ৰৰ আপডেট সমূহৰ বাবেই জনসাধাৰণো এই গীতটিক লৈ বহুল ভাৱে অপেক্ষাৰত হৈ পৰিছে।

"হয়নে ক" গীতটিৰ ভিডিঅ' প্ৰস্তুতিত ব্যস্ত আচুৰ্য্য বৰপাত্ৰঃ 11


আচুৰ্য্য বৰপাত্ৰৰ প্ৰতিটো পৰিকল্পনাৰ বাবে ৰূপালীপৰ্দাৰ ফালৰ পৰা তেওঁলৈ যাঁচিছো অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/24490/feed 0 24490
ফাগুনৰ উন্মাদনাৰ সৈতে আচুৰ্য্য বৰপাত্ৰৰ একোটা গীতৰ মুক্তিঃ https://rupaliparda.com/archives/24224 https://rupaliparda.com/archives/24224#respond Thu, 18 Feb 2021 10:30:21 +0000 https://rupaliparda.com/?p=24224 ফাগুনৰ আৰম্ভণিৰ সমান্তৰালকৈ আৰম্ভ হৈছে যেন এক উৎসৱ। প্ৰত্যেকদিনাই একোটাকৈ ফাগুনৰ গীতৰ সোঁৱাদ লৈছে শ্ৰোতা-দৰ্শকে। ফাগুন বুলি ক’লেই আচলতে দেখিবলৈ পোৱা যায় কবিৰ হৃদয়ৰ উন্মাদনা লগতে কন্ঠশিল্পী সমূহৰ সুললিত কন্ঠৰে নিগৰি অহা একোটা গীত। অৱশ্যে কেৱল এজন কন্ঠশিল্পী অথবা এগৰাকী কবিয়েই ফাগুনৰ প্ৰেমত নপৰে; শুকান হৃদয়ৰ তাঁৰত বজা গীতাৰে প্ৰত্যেককে উৎসাহিত কৰি তুলিবলৈ সক্ষম হয়। শেহতীয়াকৈ অসমীয়া সংগীত ক্ষেত্ৰখনৰ এগৰাকী জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰই ফাগুনক উদ্দেশ্যি মুকলি কৰি দিছে কেইবাটাও গীত। একোখনকৈ মুকলি অনুষ্ঠানৰ আয়োজন কৰি অনুৰাগীৰ সৈতে যোৱা ১২ ফেব্ৰুৱাৰী তাৰিখৰ পৰা তেওঁ প্ৰতিদিনাই একোটাকৈ ফাগুনৰ গীতৰ মুকলি কৰিছে। “ফাগুন এজাক সুৰীয়া বতাহ” এলবামটোৰ প্ৰতিটো গীতক তেওঁ কটন বিশ্ববিদ্যালয়, নেহৰু পাৰ্ক অথবা চান্দমাৰী U Turn ৰ ওচৰতেই বহি ৰাজহুৱাকৈ মুকলি কৰি দিছে। কন্ঠশিল্পী গৰাকীৰ এই প্ৰয়াসত তেওঁৰ সৈতে লগ দিছে তেওঁৰ অনুৰাগীৰ সৈতে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত আন কেইবাগৰাকীও শিল্পী, কলা-কুশলীয়ে।


গোটেই “ফাগুন” মাহটোকেই উদযাপন কৰাৰ প্ৰয়াস কৰিছে আচুৰ্য্য বৰপাত্ৰই। #letscelebratefagun শীৰ্ষক হেছটেগৰ জৰিয়তে চচিয়েল মিডিয়াতো কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰই চলাইছে প্ৰচাৰ; এগৰাকী ডাকোৱালক পঠিয়াই তেওঁ জনসাধাৰণক দিছিলে ফাগুনৰ বাৰ্তা। ফাগুন বুলি ক’লেই ৰঙা পলাশৰ ৰঙাবোৰ উলমি থাকে সকলোতে; তাতেই আকৌ আচুৰ্য্য বৰপাত্ৰৰ একোটা সুমধুৰ গীতৰ মুক্তি। এইবাৰৰ ফাগুন মাহটোক লৈ কন্ঠশিল্পী গৰাকীয়ে কৰা এই প্ৰয়াসক লৈ শেহতীয়াকৈ উৎসাহিত জনসাধাৰণো। প্ৰতিটো গীতৰ দৰে আচুৰ্য্য বৰপাত্ৰৰ ফাগুনক উদ্দেশ্যি নিৰ্মিত গীততো অংকুৰিত হৈছে সফলতা। “দূৰণিবটীয়া চিঠি”, “ৰ’দে অঁকা বাটে” লগতে “আকৌ মৰম আহিবনে” শীৰ্ষক তিনিটা গীতৰ মুক্তিৰ পিছত আৰু আন কেইটা গীতে কেনেদৰে জনসাধাৰণক টানিব সেয়া হৈছে লক্ষণীয়।

ফাগুনৰ উন্মাদনাৰ সৈতে আচুৰ্য্য বৰপাত্ৰৰ একোটা গীতৰ মুক্তিঃ 12


আচুৰ্য্য বৰপাত্ৰৰ “ফাগুন” উদযাপনৰ প্ৰয়াসে এইবাৰ সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈ পৰিছে।

]]>
https://rupaliparda.com/archives/24224/feed 0 24224